"পূজ্য শাস্ত্ৰীজী মহাৰাজৰ জীৱনীয়ে এক মহান ব্যক্তিত্বৰ নিস্বাৰ্থ জীৱনৰ বিষয়ে কয়, যি জ্ঞানৰ সন্ধান আৰু সমাজ সেৱাৰ প্ৰতি সদায়ে সমৰ্পিত"
"শাস্ত্ৰীজীয়ে সময়ৰ দাবী অনুসৰি প্ৰাচীন মেধাৰ প্ৰয়োগ আৰু জড়তা ত্যাগ কৰাৰ ওপৰত জোৰ দিছিল"
"সন্তসকল আৰু ভক্তি আন্দোলনে স্বাধীনতা আন্দোলনৰ আধাৰশিলা স্থাপনত প্ৰধান ভূমিকা পালন কৰিছিল"

জয় স্বামীনাৰায়ণ!

 

পূজ্য সন্তগণ!

 

সকলো সৎসংগ ভাতৃ আৰু ভগ্নীসকল,

 

আজি ভাৱবন্দনাৰ পৱিত্ৰ পৰ্ব মই দেখি আছো। গুৰুদেৱ শাস্ত্ৰীজী আৰু তেওঁৰ এক সাধনা আছিল, তপস্যা আছিল, সমাজৰ বাবে সমৰ্পণ আছিল, যাৰ সুন্দৰতাৰে ৰচনা কৰি শ্ৰী ধৰ্মজীৱন গাথা স্বৰূপে এখন প্ৰেৰণাদায়ক গ্ৰন্থ পূজ্য মাধৱপ্ৰিয় দাসজী মহাৰাজে দিলে।

 

মোৰ বাবে এটা আনন্দৰ বিষয় হ'ল হেঁতেন যদি আপোনালোক সকলোৰে মাজত থাকি এই কাৰ্যক্ৰমৰ আনন্দ ল'ব পাৰিলো হেঁতেন, কিন্তু সময় মৰ্যাদাৰ ফলত এই মোহো হেৰুৱাবলগা হৈছে। এনেয়েও পূজনীয় শাস্ত্ৰীজীয়ে কৰ্তব্য কৰিবলৈ শিকাইছে, সেয়ে ময়ো এয়া কৰিব লাগিব।

 

কিন্তু এই কাৰ্যৰ বাবে যিসকলে পৰিশ্ৰম কৰিলে, বিশেষকৈ পূজনীয় মাধৱপ্ৰিয় দাসজীয়ে ইয়াৰ বাবে পৰিশ্ৰম কৰিলে, ইয়াৰ বাবে মই তেওঁলোকক অভিনন্দন জনাইছো আৰু সকলো সৎসংগীৰ ফালৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছো।

 

সধাৰণতে আমাৰ দেশত বহু কিবা সুন্দৰ হয়, কিন্তু সেয়া শব্দবদ্ধ নহয়। স্মৃতিত থাকে, প্ৰজন্মৰ মাজত সকলোকে কৈ থাকে। কিন্তু সেয়া সকলো শব্দবদ্ধ হওক আৰু সেয়া সাহিত্যৰ ৰূপত আমাৰ সন্মুখত থাকক, যেতিয়া নৱজীৱনে এক প্ৰকাৰে জন্ম লয়, সেয়ে ধাৰণা হয় যেন আমাৰ মাজতে, শাস্ত্ৰীজী মহাৰাজ আছে, আমি যেতিয়া পঢ়িম তেতিয়া লাগিব যেন চোৱা এয়া শাস্ত্ৰীজী মহাৰাজে আমাক কৈছিল, ব'লা এতিয়া আমি এনেকুৱা কৰিম। নহয় নহয় এয়া কৰিব নোৱাৰি, কিয়নো শাস্ত্ৰীজী মহাৰাজে মানা কৰিছে। কিয়নো ইয়াত এনেকুৱা সৰু সৰু অনেক কথা আছে। বিশেষকৈ সৎসংগৰ কথা। আৰু এক নিৰ্লোভ জীৱন, যি সমাজৰ বাবে নিৰন্তৰ চিন্তা কৰিবলৈ লয়, চিন্তন কৰিবলৈ লয় আৰু সমাজক প্ৰেৰণা দিয়ে আৰু য'ত তপস্যাৰ এক প্ৰাণশক্তিৰ অনুভৱ থাকে। য'ত জ্ঞানৰ এক অবিৰত প্ৰবাহৰ অনুভৱ আমি কৰিব পাৰো। তাৰ আনন্দ ল'ব পাৰো। এক প্ৰকাৰে এই জীৱন সাধনা এক শব্দ সাধনা আমাৰ সন্মুখত সাহিত্যৰ ৰূপত এক অমূল্য পুষ্পৰ ৰূপত আমাৰ হাতত দিয়া হৈছে। আমাৰ কাম হৈছে এইটো যে শাস্ত্ৰীজী মহাৰাজৰ জীৱনক আমাৰ সকলো প্ৰজন্ম, সমগ্ৰ পৰিয়ালে তেওঁক জানক, বুজক, আমি সকলোৱে জানো যে শাস্ত্ৰীজী মহাৰাজৰ উপদেশত দুটা কথা বাৰে বাৰে দেখিবলৈ পোৱা যায়। যাক আমি জীৱন মন্ত্ৰ বুলিব পাৰো। এটা কথা তেওঁ সদায় কৈছিল যে যিয়েই আমি কৰো, সেয়া সৰ্বজন হিতায় হোৱা উচিত।

 

আৰু আনটো কথা তেওঁ এইবুলি কৈছিল যে সদ্বিদ্যা প্ৰৱৰ্তনায়। ই সৰ্বজন হিতৰ কথা কয়, ইয়াৰ পৰাই তো মই কওঁ যে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস। শাস্ত্ৰীজীয়ে যি কৈছিল সেয়াই এই শব্দ। য'ত সৰ্বজন হিতায়, সৰ্বজন সুখায়'ৰ কল্পনা চৰিতাৰ্থ হয়। আৰু এয়াও বাস্তৱ যে আমাৰ ৰাষ্ট্ৰত কেইবা শতিকাজুৰি জ্ঞান, উপাসনা, বিদ্যা মহামূল মন্ত্ৰ হৈ আছে, আমাৰ সকলো ঋষিয়ে যি কোনো নহয় কোনো গুৰুকুল পৰম্পৰাৰে জড়িত আছিল, প্ৰতিজন ঋষিৰ গুৰু পৰম্পৰা এক প্ৰকাৰৰ পৰম্পৰাগত বিশ্ববিদ্যালয় আছিল।

 

য'ত সমাজৰ সকলো শ্ৰেণীৰ লোকে সৰ্বজন হিতায়, য'ত ৰজাৰ সন্তানো তাত থাকে, সাধাৰণ মানুহৰ পৰিজনো তাত থাকে আৰু সকলোৱে লগ লাগি সদ্বিদ্যা আহৰণ কৰিছিল। আমাৰ ইয়াত স্বামীনাৰায়ণ পৰম্পৰাত যি গুৰুকুল পৰম্পৰা আছে, এই গুৰুকুল পৰম্পৰাই আমাৰ ভব্য ভূতকাল আৰু উজ্জ্বল ভৱিষ্যতক সংযুক্ত কৰিব পৰা কৰিছিল। সমাজৰ সাধাৰণ লোকক ধাৰ্মিক প্ৰেৰণা, সাংস্কৃতিক প্ৰেৰণা, যি তেওঁলোকে গুৰুকুলত লাভ কৰিছিল। গুৰুকুলে এনেকুৱা ৰত্ন দিছে, সেয়া আজি পৃথিৱীত বিয়পি আছে। শাস্ত্ৰীজী মহাৰাজৰ এই দৃষ্টি, দিব্য দৃষ্টি যাৰ ফলত পৃথিৱীৰ যিকোনো দেশলৈ যাওক আৰু ভাৰতীয় সমুদায়ৰ সৈতে লগ হ'লে এজন দুজন তো এনেকুৱা মানুহ পাব যি এইবুলি ক'ব যে মই তো দুখীয়া পৰিয়ালৰ পৰা আহিছিলো। আৰু গুৰুকুলত ডাঙৰ হৈছিলো, গুৰুকুলে যি পঢ়ালে আৰু য'ত আছো তাত কাম কৰি আছো।

 

কোৱাৰ অৰ্থ এইটোৱেই যে ইয়াত উপদেশ নাই, আদেশ নাই, শাস্ত্ৰীজীৰ জীৱনত এক অবিৰত সাধনা, তপস্যা আছে। তাৰেই পৰিণাম স্বৰূপে ইমান সময়ৰ পাছতো শাস্ত্ৰীজী মহাৰাজ আমাৰ মাজত উপস্থিত। শৰীৰেৰে উপস্থিত আছে, আত্মিক স্বৰূপেৰে উপস্থিত আছে, আৰু যেতিয়াই এই শব্দসমূহ আৰু সাহিত্যৰ মাজত আখৰেৰে থাকিব তেতিয়া আমাক শাস্ত্ৰীজী মহাৰাজৰ বচন আমাৰ মনত পৰিব।

 

কৰ্তব্যৰ প্ৰেৰণা দিব, মোৰ তো আপোনালোকৰ সৈতে বহুত ওচৰ সম্পৰ্ক। এছজিভিপিলৈ অহা-যোৱা হয়, এমএলএ আমাৰ যি পুৰণা আছিল তেতিয়া ইয়ালৈ তেওঁৰ অনুশীলন বৰ্গলৈও আহিছো, কিয়নো মই জানিছিলো যে এইখন এনেকুৱা পৱিত্ৰ ঠাই য'ত ভাইব্ৰেচনৰ অনুভৱ হয়। মই তো আধুনিকতাও পছন্দ কৰো, মই দেখিছো যে আমাৰ গুৰুকুললৈ বহুত আধুনিকতা আহিছে। মোৰ আনন্দ হয়, যেতিয়া এছজি ৰোডেৰে গৈ থাকো, লাইট জ্বলি থাকে, শিশুহঁতে ক্ৰিকেট, ভলীবল খেলে, সৎসংগ চলায়, মিটিং আৰু প্ৰবৃতিসমূহ চলে, আৰু এয়া সকলো মূল শাস্ত্ৰীজী মহাৰাজে প্ৰেৰণা দিছে, পৰম্পৰা দিছে, তাত প্ৰতিটো প্ৰজন্মই সময়ানুকূল পৰিৱৰ্তন কৰিছে, জড়তা নাই ৰখা, পৰিৱৰ্তনক প্ৰয়োগ কৰিছে, নহয় নহয় এয়া কৰিব নোৱাৰি, এনেকুৱা নহয়, স্বামীনাৰায়ণৰ বিশেষত্বই এয়া প্ৰতিটো কথাৰ প্ৰেক্টিকেল পথ উলিয়ায় ।

 

আমি পথ উলিয়ালো, আৰু তাত সুন্দৰ কাম হ'ল, সকলোৱে জানে যে ইমান সুন্দৰ কাম হওক, ইমান ডাঙৰ সৎসংগী পৰিয়াল হওক, আৰু যেতিয়া মই আপোনালোকৰ মাজলৈ আহিছিলো। সেয়ে আপোনালোকে জানে যে আহিছো যেতিয়া মই খালী হাতেৰে নাজাওঁ। আজিও এনেয়ে অহা নাই, মই কিবা তো খুজিম, মাধৱপ্ৰিয়দাসজী, বালস্বামীয়ে নিশ্চয় সমৰ্থন কৰিব, এতিয়া মই যদি কওঁ যে এনেয়ে আহিছো, তেন্তে জোৰেৰে ক'লো হেঁতেন, কিন্তু দূৰৰ পৰা লাহেকৈ ক'ম যে আমাৰ গুৰুকুলৰ পৰা যিমান মানুহ ওলাইছে, তেওঁলোকৰ সকলো পৰিয়াল, এতিয়াৰ বিদ্যাৰ্থীলৈকে সেই সকলোকে সামূহিক শক্তিৰে স্বাধীনতাৰ অমৃত মহোৎসৱ, স্বাধীনতাৰ ৭৫ বছৰ আমাৰ সন্তসকলেও স্বাধীনতাৰ সংগ্ৰামত পৰিৱেশ সৃষ্টি কৰিবলৈ যোগদান দিছিল। স্বয়ং ভগৱান স্বামীনাৰায়ণৰ উপদেশত সমাজ সেৱা আছিল, এয়া সকলো স্বাধীনতা সংগ্ৰামৰ প্ৰেৰণা আছিল। স্বাধীনতাৰ ৭৫ বছৰৰ পিছত আপোনালোকৰ সংস্থাৰ দ্বাৰা গুৰুকুল, সৎসংগী, তেওঁলোকৰ পৰিয়ালৰ দ্বাৰা এতিয়ালৈকে পঢ়া সকলো বিদ্যাৰ্থীক কিছুমান কথাৰ আহ্বান জনাইছো, আজি পৃথিৱীৰ স্থিতি লক্ষ্য কৰিলে এনেকুৱা নালাগে যে প্ৰত্যেকৰ বাবে নতুন নতুন সংকট, কৰোণাৰ কাৰণ, ইউক্ৰেইন-ৰাছিয়াৰ যি চলি আছে তাত আমাৰ এয়া অনুভৱ হৈছে যে আজিৰ পৃথিৱীত কেতিয়া বা কি হয়। তাৰ আমাৰ ওপৰত কি প্ৰভাব হ'ব, তাৰ অনুমান কৰা টান, আৰু পৃথিৱী আজি সৰু হৈ গৈছে যে প্ৰভাব নপৰাকৈ কোনো থাকিব নোৱাৰে।

 

তাৰ এটা উপায় হৈছে আত্মনিৰ্ভৰতা, আমি আমাৰ ভৰিৰ ওপৰত, আমাৰ আৱশ্যকতাৰ বাবে আমাৰ শক্তিৰ ওপৰত থিয় হৈ থাকিব লাগিব, তেতিয়াহে দেশ থিয় হৈ থাকিব। আত্মনিৰ্ভৰ ভাৰত অভিযানক শাস্ত্ৰীজী মহাৰাজৰ পৰা প্ৰেৰণা লৈ আগুৱাই নিব পাৰো। এটা কথা বাৰে বাৰে কওঁ যে ভোকেল ফৰ লোকেল, মোৰ এটা কাম কৰক, আমাৰ সকলো গুৰুকুলক, বিদ্যাৰ্থী, পৰিজনক ক'ব যে তেওঁলোকে কাগজ পেঞ্চিল লৈ বহক আৰু টেবুল, পুৱা ৬ৰ পৰা পিছদিনা ৬ বজালৈকে কিমান এনেকুৱা বিদেশী বস্তু আছে যি আমাৰ ঘৰত আছে, আমাৰ দেশত আছে, আৰু যি ভাৰতত পায় আৰু আমি গম নাপাওঁ যে যি ফণী বা যি চাকি আছে, সেয়া বিদেশী।

 

আমি এই কথা গম নাপাওঁ যে যি ফটকা জ্বলাই আছো, সেয়াও বিদেশী। গমেই নাপাওঁ, এবাৰ লিষ্ট বনালে আচৰিত হৈ যাম। মই কি ইমানো আশা কৰিব নোৱাৰো নেকি যে আমাৰ গুৰুকুলৰ সৈতে জড়িত যিকোনো সৎসংগীৰ ঘৰত এনেকুৱা সামগ্ৰী থাকক য'ত ভাৰতৰ মাটিৰ সুগন্ধ থাকিব। এনেকুৱা সামগ্ৰী য'ত ভাৰতৰ কোনো লোকৰ ঘাম থাকিব, যি হিন্দুস্তানৰ ভূমিত নিৰ্মাণ হৈছে, এনেকুৱা সামগ্ৰী আমি কিয় ব্যৱহাৰ নকৰো? ভোকেল ফৰ লোকেলৰ অৰ্থ এইটো নহয় যে দীপাৱলিত চাকি ইয়াৰ পৰা ল'ম, আমাৰ প্ৰয়োজনৰ সকলো সামগ্ৰী আমাৰ ইয়াৰ পৰা ল'ম, তেতিয়া কিমান মানুহে সংস্থাপন পাব, আত্মনিৰ্ভৰ হোৱাৰ গতি কিমান ক্ষিপ্ৰ হ'ব?

 

দেশ কিমান শক্তিশালী হ'ব, এই কামৰ বাবে আপোনাৰ সহায়ৰ প্ৰয়োজন আছে, আনটো হৈছে ছিংগল ইউজ প্লাষ্টিক। স্বচ্ছতা অভিযান, আমাৰ গুৰুকুলত কেৱল আমাৰ কেম্পাছ স্বচ্ছ ৰাখিম, মন্দিৰ স্বচ্ছ ৰাখিম এনেকুৱা নহয়, আমি সপ্তাহত এবাৰ বা মাহত এবাৰ সমূহীয়াকৈ ওলাব লাগে আৰু নিশ্চিত কৰিব লাগে যে কোনো এলেকাৰ কোনো গাঁৱলৈ গৈ দুঘণ্টা চাফাই কৰি আহিম। আপোনালোকৰ ওচৰত কোনো বস্তুৰ অভাৱ নাই, বাহন আছে সকলো আছে, কেতিয়াবা ষ্টেচু অফ ইউনিটীলৈ যোৱাৰ সিদ্ধান্ত লওক, আৰু কিয় তালৈ যাব? ফুৰিবলৈ নহয়, তালৈ গৈ চাফাই কৰিবৰ বাবে। ব'লক সিদ্ধান্ত লওঁ যে এইবাৰ অম্বাজীলৈ যাম। অম্বাজীলৈ গৈ চাফাই কৰো। আমাৰ চহৰৰ ভিতৰত বহুত ষ্টেচু আছে। বাবা আম্বেদকাৰ, লাল বাহাদুৰ শাস্ত্ৰী, ভগত সিঙৰ ষ্টেচু থাকিব, তেতিয়া আমাৰ এনেকুৱা যাতে নহয় যেন ইয়াৰ চাফাই কৰাৰ দায়িত্ব আমাৰ থাকিব। স্বচ্ছতাৰ অনেক ৰূপ থাকে। কিয় আমাৰ প্ৰসাদো প্লাষ্টিকৰ মোনাত দিব, আমাৰ ঘৰত প্লাষ্টিক কিয় থাকে, সৎসংগী পৰিয়াল হ'লে তো প্লাষ্টিক থাকিবই নালাগে।

 

এয়া এটা এনেকুৱা কথা, কিয়নো গুৰুকুলত প্ৰায় সকলো শিশু কৃষক পৰিয়ালৰ গ্ৰামীণ বেকগ্ৰাউণ্ডৰ পৰা অহা, মাধৱপ্ৰিয়দাসজী হওক বা অন্য সন্ত হওক তেওঁলোকৰ পূৰ্বাশ্ৰম কৃষক পৰিয়ালৰ সৈতে জড়িত। আমাৰ গুজৰাটৰ গৱৰ্ণৰ আচাৰ্য দেৱব্ৰতে প্ৰাকৃতিক কৃষিৰ বাবে অভিযান চলাইছিল। পৃথিৱী আমাৰ মাতৃ, সেই মাতৃৰ সেৱাৰ বাবে আমাৰ দায়িত্ব আছে নে নাই? শাস্ত্ৰীজী মহাৰাজে এইবোৰ কৈছেই, তেন্তে ধৰিত্ৰী মাক বিহ দি দি তেওঁক কিমান দিনলৈ আমি প্ৰতাড়িত কৰি থাকিম?

 

ধৰিত্ৰী আইক এই সকলো কেমিকেলৰ বোজাৰ পৰা মুক্তি দিয়ক, আপোনালোকৰ ইয়াত তো গীৰ গায়ৰ গোশালাও আছে। আৰু প্ৰাকৃতিক খেতিৰ যি পদ্ধতি আছে, সেয়া সকলো গুৰুকুলত শিকোৱা হয়। গুৰুকুলৰ পৰা সপ্তাহত গাঁৱলৈ যাওক, গাঁৱে গাঁৱে গৈ এই অভিযান প্ৰত্যেক কৃষকক শিকাওক, ফাৰ্টিলাইজাৰ, কেমিকেল, ঔষধৰ প্ৰয়োজন নাই। প্ৰাকৃতিক খেতি, মই মানিছো যে গুজৰাট আৰু দেশৰ ডাঙৰ সেৱা হ'ব, আৰু শাস্ত্ৰীজী মহাৰাজৰ প্ৰতি সঠিক শ্ৰদ্ধাঞ্জলি হ'ব, এই গ্ৰন্থই গজালি উলিয়াব। আজি যেতিয়া মই আপোনালোকৰ মাজলৈ আহিছো সেয়ে স্বাভাৱিক ৰূপতেই মই মনেৰে আহ্বান জনাইছো, আৰু মাধৱপ্ৰিয়দাসজী মহাৰাজক তো মই অধিকাৰেৰে কওঁ, এনেকুৱা মোৰ অভ্যাসেই হৈ গৈছে যে এনেকৈ কোৱাটো ভুল নহয়। অভ্যাস অনুসৰি আজিও অধিকাৰসহ বিচাৰিছো আমাৰ গুৰুকুল, সৎসংগী, পৰিয়ালৰ লোকে স্বাধীনতাৰ অমৃত মহোৎসৱক নতুন ৰীতিৰে নতুন পদ্ধতিৰে পালন কৰক।

 

আৰু সৰ্বজন হিতায় সৰ্বজন সুখায়, যি আজি শাস্ত্ৰীজী মহাৰাজৰ সংকল্প সেয়া কৰক আৰু আকৌ এবাৰ মই যিহেতু এনেয়ে আহিব পৰা নাই, তাৰ বাবে মই ক্ষমা বিচাৰিছো আৰু সকলোকে ভাৱবন্দনা পৰ্বৰ শুভকামনা, সকলোকে ধন্যবাদ।

 

জয় শ্ৰী স্বামীনাৰায়ণ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Trust of Global South in BRICS has grown’: PM Narendra Modi

Media Coverage

‘Trust of Global South in BRICS has grown’: PM Narendra Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Indian Women’s Cricket Team on winning Asia Cup
September 14, 2026

The Prime Minister, Shri Narendra Modi, has congratulated the Indian Women’s Cricket Team on winning the Asia Cup.

The Prime Minister said that the team’s confidence, consistency and remarkable spirit were on full display throughout the tournament.

Shri Modi expressed hope that this triumph would inspire millions of youngsters across the country to play more and shine.

In a post on X, Shri Modi said;

“A proud moment for Indian cricket!

Congratulations to the Women’s team on winning the Asia Cup. Their confidence, consistency and remarkable spirit were on full display throughout the tournament.

May this triumph inspire millions of youngsters across the country to play more and shine.”