আহাৰ পূর্ণিমা-ধর্ম চক্র দিৱস উপলক্ষে প্রধানমন্ত্রীৰ বার্তা
ক’ৰোনা মহামাৰীৰ সময় ভগৱান বুদ্ধ অধিক প্রাসংগিক হৈ পৰিছেঃ প্রধানমন্ত্রী
ভগৱান বুদ্ধই দেখুওৱা পথ অনুসৰণ কৰি কিদৰে কঠিনতম প্ৰত্যাহ্বানৰ মুখামুখি হৈছে সেয়া ভাৰতে দেখুৱাইছেঃ প্রধানমন্ত্রী
দুৰ্যোগৰ সময়ত সমগ্র বিশ্ব ভগৱান বুদ্ধৰ বাণীৰ অন্তর্নিহিত বার্তা উপলব্ধি কৰিছেঃ প্রধানমন্ত্রী

নমো বুদ্ধ!

নমো গুৰুভ্য!

মাননীয় ৰাষ্ট্ৰপতি ডাঙৰীয়া, অতিথিসকল, আইসকল আৰু সজ্জনবৃন্দ!

আপোনালোক সকলোকে ধম্ম চক্ৰ দিৱস আৰু আষাঢ় পূৰ্ণিমাৰ শুভেচ্ছা জ্ঞাপন কৰিলো! আজি আমি তদুপৰি গুৰু পূৰ্ণিমা পালন কৰিছো। এই দিনটোতে, ভগৱান বুদ্ধই দিব্যজ্ঞান লাভৰ পাছত বিশ্বখনক তেওঁৰ প্ৰথম বাণী প্ৰদান কৰিছিল। আমাৰ দেশত কোৱা হয় যে য’তেই জ্ঞান থাকে, ত’তেই পৰিপূৰ্ণতা থাকে। আৰু যেতিয়া বুদ্ধ নিজেই প্ৰচাৰক হয়, তেতিয়া এই দৰ্শন বিশ্বখনৰ কল্যাণৰ সৈতে সমাৰ্থক হৈ পৰাটো স্বাভাৱিক। ত্যাগ আৰু সহনশীলতাৰ প্ৰতীক বুদ্ধই যেতিয়া উপদেশ আগবঢ়াই, তেতিয়া সেয়া মাথো শব্দৰ উচ্চাৰণেই হৈ নাথাকে, বৰঞ্চ ধম্মৰ সমগ্ৰ চক্ৰ আৰম্ভ হয়। তেতিয়া তেওঁ মাথো পাঁচজন অনুগামীক উপদেশ প্ৰদান কৰিছিল, কিন্তু আজি বুদ্ধত বিশ্বাসী সমগ্ৰ বিশ্বখনতে এই দৰ্শনৰ অনুগামী আছে।

বন্ধুসকল,

ভগৱান বুদ্ধই আমাক সাৰনাথত সমগ্ৰ জীৱন আৰু পৰম জ্ঞানৰ সূত্ৰ প্ৰদান কৰিছে। তেওঁ কষ্টৰ কাৰণ আৰু ইয়াৰপৰা পৰিত্ৰাণৰ উপায়ৰ ব্যাখ্যা আগবঢ়াইছে। ভগৱান বুদ্ধই জীৱনৰ বাবে আমাক অষ্টাঙ্গিক মার্গ (পথ) বা আঠটা মন্ত্ৰ প্ৰদান কৰিছে। এয়া হৈছে ‘সম্মাদিতি’ (সঠিকভাৱে বুজা), ‘সম্মাসঙ্কাপ্পা’ (সঠিক সংকল্প), ‘সম্মাবাচা’ (সঠিক ভাষা), ‘সম্মক্মন্ত” (সঠিক চৰিত্ৰ), ‘সম্মা অজিভা’ (সঠিক জীৱিকা), ‘সম্মবায়াম’ (সঠিক প্ৰচেষ্টা), ‘সম্মা সতী’ (সঠিক মননশীলতা) আৰু ‘সম্মা সমাধি’ (সঠিক চিন্তাশীল অভিনিবেশ বা ঐক্য)। যেতিয়া আমাৰ মন, ভাষা আৰু সংকল্পৰ মাজত তথা আমাৰ কাম আৰু প্ৰচেষ্টাৰ মাজত ঐক্য থাকে, তেতিয়া বেদনাৰ মাজৰপৰা ওলাই আহি সুখ লভিব পাৰো। ই ভাল সময়বোৰত সাধাৰণ কল্যাণৰ অৰ্থে কাম কৰিবলৈ আমাক অনুপ্ৰেৰণা যোগাই আৰু জটিল সময়ৰে মুখামুখি হ’বলৈ আমাক শক্তি যোগায়।

বন্ধুসকল,

আজি ক’ৰোনা মহামাৰীৰ সময়ত ভগৱান বুদ্ধ অধিক প্ৰাসংগিক হৈ পৰিছে। বুদ্ধই দেখুৱাই থৈ যোৱা পথৰ অনুসৰণেৰে আমি কিদৰে অতিশয় জটিল প্ৰত্যাহ্বানসমূহৰে মোকাবিলা কৰিব পাৰো, সেয়া ভাৰতে দেখুৱাইছে। আজি বুদ্ধৰ শিক্ষা অনুসৰণেৰে সকলো দেশেই সংহতিৰে অগ্ৰসৰ হৈছে আৰু পৰস্পৰে-পৰস্পৰৰ শক্তি হৈ উঠিছে। এই ক্ষেত্ৰত, আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ কনফেডাৰেশ্যনৰ ‘কেয়াৰ উইথ প্ৰেয়াৰ’ পদক্ষেপ অতিশয় প্ৰশংসনীয়।

বন্ধুসকল,

ধম্মপদত কৈছেঃ

ন হী বেৰেন বেৰানি,

সম্মন্তীধ কুদাচনম্।

অবেৰেন চ সম্মন্তী,

এস ধম্মো সনন্ততো।।

ইয়াৰ অৰ্থ হৈছে, শত্ৰুতাই শত্ৰুতাক প্ৰশমন নকৰে। বৰঞ্চ প্ৰেম আৰু পবিত্ৰ অন্তৰেৰে শত্ৰুক শান্ত কৰিব লাগে। দুখৰ সময়ত, বিশ্বখনে এই প্ৰেম আৰু ঐক্যৰ শক্তিৰ অভিজ্ঞতা লাভ কৰে। বুদ্ধৰপৰা লাভ কৰা এই জ্ঞান তথা মানৱতাৰ অভিজ্ঞতাক সমৃদ্ধ কৰি তুলিলে, বিশ্বখনে সফলতা আৰু সমৃদ্ধিৰ নতুন শিখৰত আৰোহণ কৰিব।

এই কামনাৰেই, আপোনালোক আটাইকে পুনৰ এবাৰ বহু-বহু অভিনন্দন জনালো! সুস্থ হৈ থাকক আৰু মানৱ সেৱাত মনোনিৱেশ কৰি যাওঁক!

ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Paltano Dorkar!’ PM Modi Predicts TMC Rout In Bengal, Says ‘Goons Won’t Find Space To Hide After May 4’

Media Coverage

‘Paltano Dorkar!’ PM Modi Predicts TMC Rout In Bengal, Says ‘Goons Won’t Find Space To Hide After May 4’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 এপ্ৰিল 2026
April 25, 2026

From Boat Rides on the Ganga to Global AI & Bio-Economy Leadership: PM Modi’s India 2.0