‘দবা অলিম্পিয়াড’ৰ অংশগ্ৰহণকাৰী– ছাৰ এই প্ৰথমবাৰৰ বাবে ভাৰতে দুয়োটা সোণৰ পদকেই জিকিবলৈ সক্ষম হৈছে, আৰু দলটোৱে যিধৰণে প্ৰদৰ্শন কৰিলে সেয়া বহুতেই উন্নত আছিল, অৰ্থাৎ, ল’ৰাহঁতে ২২ ৰ ভিতৰত ২১ পইণ্ট আৰু ছোৱালীহঁতে ২২ পইণ্টৰ ভিতৰত ১৯ পইণ্ট লাভ কৰিছিল, আমি ৪৪ৰ ভিতৰত মুঠ ৪০ পইণ্ট লাভ কৰিছিলোঁ। ইমান বৃহত্, সুন্দৰ প্ৰদৰ্শন আগতে কেতিয়াও সম্ভৱ হোৱা নাছিল।

প্ৰধানমন্ত্ৰীঃ তাৰ পৰিৱেশ কেনে আছিল?

দবা অংশগ্ৰহণকাৰী– প্ৰথমবাৰৰ বাবে আমি জিকিছিলোঁ, সকলোৱে আমাক লৈ আনন্দিত হৈছিল, কিয়নো আমি ইমানেই আনন্দিত হৈছিলোঁ যে সকলোৱে, দৰাচলতে প্ৰতিপক্ষৰ সকলো সদস্যইয়ো আগবাঢ়ি আহি আমাক অভিনন্দন জনাইছিলহি আৰু আমাৰ বাবে সঁচাকৈয়ে আনন্দিত হৈছিল। আনকি আমাৰ প্ৰতিদ্বন্দ্বীসকলেও।

দবা অংশগ্ৰহণকাৰী– ছাৰ, যোৱা কেইটামান বছৰত বহু দৰ্শকে খেলবিধক লৈ বিশেষ গুৰুত্ব দিয়া আমি দেখিবলৈ পাইছিলোঁ, তেওঁলোকে দূৰ-দূৰণিৰ পৰা কেৱল খেল চাবলৈকে আহিছিল, মোৰ মতে আগতে ইমানকৈ আগ্ৰহ দেখিবলৈ পোৱা নগৈছিল। গতিকে মই ভাবো দবাৰো যথেষ্ট জনপ্ৰিয়তা বৃদ্ধি পাইছে, এয়া দেখি আমাৰ খুব ভাল লাগিছিল।

দবা অংশগ্ৰহণকাৰী– এইবাৰ ১৮০ খন দেশে অংশগ্ৰহণ কৰিছিল, কিন্তু যেতিয়া চেন্নাইত ‘অলিম্পিয়াড’ অনুষ্ঠিত হৈছিল, আমি ভাৰতৰ দুয়োটা দলেই ব্ৰঞ্জ জিকিছিলোঁ, মহিলা দলৰ অন্তিমখন মেচ আমেৰিকা যুক্তৰাষ্ট্ৰৰে হৈছিল আৰু আমি সেইবাৰ হাৰিছিলোঁ আৰু আমি সোণ পদক হেৰুৱাইছিলোঁ, আমি এইবাৰ আকৌ তেওঁলোকৰ সৈতে খেলিছিলোঁ, এইবাৰ আমি অধিক ‘মটিভেটেড’ আছিলো যে এইবাৰ ভাৰতে সোণ আনিবই লাগিব, তেওঁলোকক পৰাজিত কৰিবই লাগিব। হয়।

প্ৰধানমন্ত্ৰীঃ তেওঁলোকক পৰাজিত কৰিবই লাগিব।

দবা অংশগ্ৰহণকাৰী– অৱশেষত, সেই খেলখন অতিকে ‘ক্লজ’ আছিল আৰু অমীমাংসিত ভাৱে সমাপ্ত হৈছিল, কিন্তু ছাৰ, আমি ‘গ’ল্ড’ জিকিবলৈ গৈছিলোঁ, আমি এইবাৰ আমাৰ দেশৰ বাবে জিকিহে উভতিম বুলি সংকল্প লৈছিলোঁ, আৰু ইয়াৰ অন্যথা ভবা নাছিলোঁ।

প্ৰধানমন্ত্ৰীঃ নহয়, এনে ধৰণৰ সংকল্প গ্ৰহণ কৰিলেহে বিজয় সম্ভৱ হয়, কিন্তু যেতিয়া ইমান পয়ণ্ট আহিছিল, ২২ ৰ ভিতৰত ২১ আৰু ২২ ৰ ভিতৰত ১৯, তেতিয়া বাকী খেলুৱৈ বা এই প্ৰতিযোগিতাৰ আয়োজন কৰোঁতাসকলৰ প্ৰতিক্ৰিয়া কেনে আছিল?

দবা অংশগ্ৰহণকাৰী – ছাৰ, মই ভাবো গুকেশে ইয়াৰ উত্তৰ দিব বিচাৰিব, মাত্ৰ মই এটা কথা ক'ব বিচাৰো যে আমি বিশেষকৈ ‘অপেন’ দলত ইমান বিশ্বাসযোগ্যভাৱে জিকিছিলোঁ যে কোনেও কাষেই চাপিব নোৱাৰিব যেন লাগিছিল আৰু আমাৰ মহিলা দলেতো আমাৰ প্ৰথম সাতখন মেচেই জিকিছিল, মাজতে সৰু বিফলতা অকণমান আহিছিল, আমি স্থিতিস্থাপকতা প্ৰদৰ্শন কৰি ঘূৰি আহিছিলোঁ, কিন্তু আমাৰ ‘অপেন’ দলেটোৱেতো ছাৰ এনে কৰিছিল, মই আপোনাক কেনেকৈ বৰ্ণাও, মই ভাবো গুকেশে যিহেতু নিজেই প্ৰতিদ্বন্দ্বিতা আছিল উত্তৰটো তেওঁ বেছি ভালকৈ দিব পাৰিব, তেওঁ পিচে ইয়াক থপিয়াই লৈ গৈছিল।

 

দবা অংশগ্ৰহণকাৰী – এই অভিজ্ঞতা সঁচাকৈয়ে এক সুন্দৰ দলগত প্ৰচেষ্টা আছিল। আমাৰ প্ৰত্যেকেই উৎকৃষ্ট ‘ফৰ্ম’ত আছিলো, আমি সকলোৱেই অতিকে অনুপ্ৰেৰিত হৈ আছিলো কিয়নো ২০২২ৰ ‘অলিম্পিয়াড’ত আমি সোণৰ পদক জিকাৰ তেনেই কাষ চাপিছিলোগৈ, কিন্তু তেতিয়া এখন খেল আছিল, যিখন মই খেলিছিলোঁ আৰু সেইখন খেলত মই জিকিব পৰাহেঁতেন সেইখন প্ৰতিযোগিতাত আমি সোণৰ পদক লাভ কৰিব পাৰিলেহেঁতেন। দুৰ্ভাগ্যবশতঃ মই সেই খেলখন হেৰুৱাবলগীয়া হৈছিলোঁ, আৰু ই সকলোৰে বাবে হৃদয়বিদাৰক আছিল। গতিকে, এইবাৰ আমি সকলোৱে অতিকে অনুপ্ৰেৰিত হৈছিলোঁ আৰু আৰম্ভণিৰ পৰাই আমাৰ মনোভাৱ এনেকুৱা আছিল যে আমি এইবাৰ জিকিমেই, সঁচাকৈয়ে আমি আনন্দিত!

প্ৰধানমন্ত্ৰীঃ তোমালোকে কেতিয়াবা ভাবিছিলা নে যে ‘এআই’ ব্যৱহাৰ কৰি তোমালোকে তোমালোকৰ খেল সংশোধন কৰিব পাৰিবা বা আনৰ খেল বুজিব পাৰিবা?

অংশগ্ৰহণকাৰী – হয় ছাৰ, ‘এআই’ৰ জৰিয়তে দবা বিকশিত হৈছে, নতুন প্ৰযুক্তি আহিছে আৰু কম্পিউটাৰবোৰ এতিয়া বহুত শক্তিশালী হৈছে, আৰু ই দবাত বহুতো নতুন অৱধাৰণাৰ প্ৰৱেশ ঘটাইছে আৰু আমি এতিয়াও ইয়াৰ পৰা শিকি আছোঁ, আৰু মই ভাবো ইয়াৰ পৰা বহুত শিকিবলগীয়া আছে।

দবা অংশগ্ৰহণকাৰী– ছাৰ মই ভাবো, এতিয়া কথাবোৰ এনেকুৱা হৈছে যে ‘এআই’ৰ উপকৰণবোৰ সকলোৰে বাবে উপলব্ধ হৈছে, কিয়নো সেইবোৰক গণতান্ত্ৰিক কৰি তোলা হৈছে আৰু ইয়াক এতিয়া আমি নিশ্চিতভাৱেই প্ৰস্তুতিৰ বাবে ব্যৱহাৰ কৰোঁ।

প্ৰধানমন্ত্ৰীঃ কওকচোন।

দবা অংশগ্ৰহণকাৰী – বিশেষ একো নহয় ছাৰ, অভিজ্ঞতা বহুত...।

প্ৰধানমন্ত্ৰীঃ একো নহয় মানে, এনেয়ে জিকি গ’লা নেকি, এনেয়ে আহি গ’ল নেকি... সোণৰ পদক।

দবা অংশগ্ৰহণকাৰী – নহয় ছাৰ, এনেয়ে অহা নাই, বহুত পৰিশ্ৰম কৰিছোঁ, মই ভাবো মোৰ সকলো সতীৰ্থই, আনকি পুৰুষসকলেও এই পৰ্যায়ত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিছে।

প্ৰধানমন্ত্ৰীঃ মই দেখিছোঁ যে তোমালোকৰ বহুতৰে পিতৃ, মাতৃসকল চিকিৎসক।

দবা অংশগ্ৰহণকাৰী– পিতৃ-মাতৃ দুয়োগৰাকীয়েই চিকিৎসক, আৰু মোৰ ভগ্নীও এগৰাকী চিকিৎসক, সেয়েহে যেতিয়া মই শৈশৱতে দেখিছিলো যে তেওঁলোকে ৰাতি ২ বজাতো ৰোগীৰ ফোন পাইছিল, যাবলগীয়া হৈছিল, মই ভাবিছিলো যে মই যি কেৰিয়াৰ গ্ৰহণ কৰিম সেয়া অলপ সুস্থিৰ ধৰণৰ হ’ব, পিচে ক্ৰীড়াতোযে ইমানকৈ দৌৰিব লাগিব তেতিয়া মই ভবাই নাছিলোঁ।

দবা অংশগ্ৰহণকাৰী– ছাৰ, মই সদায় দেখি আহিছো যে আপুনি প্ৰতিটো ক্ৰীড়া আৰু প্ৰতিগৰাকী ক্ৰীড়া ব্যক্তিত্বক ইমানকৈ উৎসাহিত কৰে, আৰু মোৰ এনে লাগে যে আপোনাৰ ক্ৰীড়াৰ প্ৰতি যথেষ্ট আসক্তি আছে। প্ৰতিটো খেলক লৈ, আৰু মই সেই কাহিনী জানিব বিচাৰোঁ।

 

প্ৰধানমন্ত্ৰীঃ মই তোমালোকক কওঁ, মই ইমানেই বুজি পাইছো যে যদি এখন দেশ বিকশিত হয়, ই কেৱল কোষাগাৰৰ শক্তিৰেই সম্ভৱ নহয়, দেশখনৰ কিমান টকা আছে, কিমান উদ্যোগ আছে, দেশখনৰ কিমান ‘জিডিপি’ আছে, এই কথাই এয়া নিশ্চিত নকৰে। প্ৰতিটো ক্ষেত্ৰতে পৃথিৱীত সাফল্য অৰ্জন কৰিব লাগিব। যদি কোনোবা চলচ্চিত্ৰ উদ্যোগত আছে তেন্তে সৰ্বাধিক ‘অস্কাৰ’ আমাৰ হাতলৈ কেনেকৈ আহিব, যদি বিজ্ঞানী বা আন কোনো ক্ষেত্ৰত আছে তেন্তে সৰ্বাধিক ‘নবেল’ আমাৰ হাতলৈ কেনেকৈ আহিব। একেদৰে, আমাৰ ল'ৰা-ছোৱালীয়ে ক্ৰীড়াতো কেনেকৈ সৰ্বাধিক সোণৰ পদক আনিব পাৰে। যেতিয়া ইমানবোৰ উলম্ব ক্ষেত্ৰত এনে হয়, তেতিয়া দেশখন মহান হৈ উঠে। যেতিয়া মই গুজৰাটত আছিলো, মই এক ‘ক্ৰীড়া মহাকুম্ভ’ চলাইছিলোঁ। লাখ লাখ শিশুৱে খেলিছিল, য'ত মই বৃদ্ধ লোকসকলক খেলিবলৈ অনুপ্ৰাণিত কৰিছিলোঁ। গতিকে ভাল ল'ৰা ছোৱালীবোৰ তেওঁলোকৰ মাজৰ পৰা আগবাঢ়ি আহিবলৈ আৰম্ভ কৰিলে,

মই বিশ্বাস কৰোঁ যে আমাৰ দেশৰ যুৱপ্ৰজন্মৰ সামৰ্থ্য আছে। দ্বিতীয়তে, মোৰ অভিমত যে দেশত সামাজিক জীৱনৰ এক ভাল পৰিৱেশ সৃষ্টি কৰিবলৈ, যাক ‘স্পৰ্টছ মেন স্পিৰিট’ বুলি কোৱা হয়, সেয়া কেৱল ক্ৰীড়াক্ষেত্ৰৰ খেলুৱৈসকলৰ বাবেই নহয়, সেয়া সংস্কৃতি হ'ব লাগিব, সামাজিক জীৱনৰ সংস্কৃতি হ’ব লাগিব।

দবা অংশগ্ৰহণকাৰীসকল– প্ৰতিদিনেই আপুনি ইমানবোৰ ডাঙৰ ডাঙৰ সিদ্ধান্ত লয়, তেন্তে এই ‘প্ৰেচাৰ ছিটুৱেশ্যন’ কেনেদৰে মোকাবিলা কৰিব লাগে, আপুনি আমাক কিবা পৰামৰ্শ দিবনে?

প্ৰধানমন্ত্ৰীঃ শাৰীৰিক সুস্থতা যথেষ্ট গুৰুত্বপূৰ্ণ। আমাৰ মাজৰ বহুতে শাৰীৰিক সুস্থতাত গুৰুত্ব দিছে। তোমালোকক প্ৰশিক্ষণ দিয়া হয় চাগৈ, তোমালোকৰ খোৱা-বোৱাৰ ক্ষেত্ৰত কোনবোৰ বস্তু খাব লাগে সেই বিষয়ে পৰামৰ্শ দিয়া হয় চাগৈ। খেলৰ আগতে ইমানখিনি খাবা, কিবা বস্তু নাখাবা, এই সকলোবোৰ তোমালোকক কোৱা হয়। মই ভাবো যদি আমি এই বস্তুবোৰৰ অভ্যাস বিকশিত কৰোঁ, তেন্তে সকলো সমস্যা হজম কৰিব পৰা যাব। চোৱা, সিদ্ধান্ত লোৱাৰ বাবে তোমালোকৰ ওচৰত যথেষ্ট তথ্য থকা উচিত,  ইতিবাচক, নেতিবাচক সকলো থাকিব লাগে। যদি তোমালোকে এইটো শুনিবলৈ ভাল পোৱা। মানুহৰ প্ৰকৃতিয়েই এনেকুৱা যে যিবোৰ শুনি ভাল পাই তেনেবোৰ কথাই শুনি থাকে। তেতিয়া সিদ্ধান্ত গ্ৰহণত ভুল হয়। কিন্তু যদি তোমালোকে সকলো ধৰণৰ কথা শনাৰ, সকলো ধৰণৰ কথা জানিবলৈ চেষ্টা কৰাৰ আৰু নিজকে বিশ্লেষণ কৰাৰ, আৰু যদি তুমি একো বুজি নোপোৱা, তেন্তে কোনো দ্বিধা নকৰাকৈ এজন জ্ঞানী ব্যক্তিক সুধিবা, তেনেহ'লে তুমি কম অসুবিধাৰ সন্মুখীন হ'বা, আৰু মই বিশ্বাস কৰোঁ যে অলপ-অচৰপতো অভিজ্ঞতাৰ পৰাই আহে আৰু মই যে কৈছো যোগ, ধ্যান আদিৰ সঁচাকৈয়ে শক্তি আছে।

দবা অংশগ্ৰহণকাৰী – ছাৰ, আমি মাত্ৰ দুসপ্তাহহে খেলিছিলো, আমি কিন্তু সম্পূৰ্ণৰূপেই ভাগৰি পৰিছো, কিন্তু আপুনিতো বছৰ বছৰ ধৰি ইমানবোৰ কাম কৰি আহিছে, অৰ্থাৎ, আপুনিতো জিৰণিও নলয়, মই ক’ব খুজিছো যে আপোনাৰ এই শক্তিৰ ৰহস্য কি। আপুনি ইমান জানে আৰু আপুনি শিকিবলৈ সাজু থাকে, আপুনি পৃথিৱীৰ বাবেই মুক্ত হৈ থাকে, আৰু আপুনি সদায় প্ৰতিগৰাকী ক্ৰীড়াবিদক প্ৰদৰ্শন কৰিবলৈ ইমান উৎসাহেৰে ভৰাই তোলে, আৰু মই আপোনাক সুধিব বিচাৰো যে যদি আপুনি আমাৰ সকলোকে পৰামৰ্শ দিব বিচাৰে, আপুনি দবাখেল, চেছ খেলৰ স্থান ক’ত হোৱাটো বিচাৰে।

প্ৰধানমন্ত্ৰীঃ চোৱা, এয়া এনেকুৱা যে, জীৱনত কেতিয়াও সন্তুষ্টি নিবিচাৰিবা। একোতে সন্তুষ্টি পোৱা উচিত নহয়। অন্যথা, টোপনি অহাটো পুনৰ আৰম্ভ হৈ যাব।

দবা অংশগ্ৰহণকাৰী – সেয়েহে আপুনি তিনি ঘণ্টা শোৱে ছাৰ।

প্ৰধানমন্ত্ৰীঃ অৰ্থাত্, আমাৰ মনত এক ক্ষুধা থকা উচিত। কিবা নতুন কৰাৰ, কিবা অধিক কৰাৰ।

 

দবা অংশগ্ৰহণকাৰী –সকলোবোৰে আমি তেতিয়া টুৰ্ণামেণ্ট জিকিছিলোঁ আৰু আমি বাছেৰে আহি আছিলোঁ, আৰু আমি, আপোনাৰ ভাষণ আমি লাইভ চাই আছিলোঁ, আৰু আপুনি বিশ্বৰ আগত ঘোষণা কৰি দিছিল যে ভাৰতে এই দুটা ঐতিহাসিক সোণালী পদক জিকিছে, আৰু আমি সেই সময়ত একেলগে বাছত আছিলোঁ। আমি ইমান আনন্দিত হৈছিলোঁ, আপুনি যে সমগ্ৰ বিশ্বৰ সন্মুখত আপোনাৰ ভাষণত ঘোষণা কৰি দিছিল। ১৯৯৮ চনত মই প্ৰথমবাৰ ‘অলিম্পিয়াড’ খেলিছিলোঁ আৰু সেই সময়ত গেৰী কাস্পাৰোভ আৰু কাৰ্পভ আদিয়ে খেলিছিল আৰু আমি তেওঁলোকৰ ‘অটোগ্ৰাফ’ ল’বলৈ দৌৰা-দৌৰি লগাইছিলোঁ। ভাৰতৰ ‘ৰেংকিং’ তেতিয়া নিচেই কম আছিল আৰু এই সময়ত যেতিয়া মই প্ৰশিক্ষক হিচাপে গৈছিলো আৰু মই দেখিছিলো যে গুকেশ আহি আছে, ব্ৰহ্মানন্দ আহি আছে, অৰ্জুন আহি আছে, দিব্যাব আহি আছে, হৰিকা আহি আছে, আৰু মানুহে এতিয়া তেওঁলোকৰ স্বাক্ষৰ পাবলৈ দৌৰাদৌৰি লগাইছে। গতিকে এই পৰিৱৰ্তন আৰু ফিল্ডত নতুন ল’ৰা-ছোৱালীহঁতৰ মাজলৈ অহা এই যি আত্মবিশ্বাস। মই ভাবো যে এয়া আপোনাৰ যি দৃষ্টিভংগী যে ভাৰত এক নম্বৰ হ'ব লাগে। মই ভাবো এই পৰিৱৰ্তন আহি আছে ছাৰ।

দবা অংশগ্ৰহণকাৰী –আপোনাক বহুত ধন্যবাদ, ইমান কম সময়ৰ জাননীত, আপুনি আমেৰিকাত আছিল, আপুনি আমাক লগ কৰিবলৈ ইমান মূল্যৱান সময় উলিয়াই লৈছিল, আমি অতিকে অনুপ্ৰাণিত হৈছো।

প্ৰধানমন্ত্ৰীঃ মোৰ বাবেতো মূল্যবান তোমালোকেই।

মই ভাবো এয়া কেৱল আমিয়েই নহয়, এয়া ইমান গুৰুত্বপূৰ্ণ, এতিয়া যিসকলে দবা খেলে তেওঁলোকৰ বাবে ই এক ডাঙৰ অনুপ্ৰেৰণা হ'ব, তেওঁলোকে যাতে ভালকৈ খেলে, আৰু আপোনাক আহি সাক্ষাত্ কৰে, তেন্তে তেওঁলোকেও যথেষ্ট অনুপ্ৰেৰণা পাব।

প্ৰধানমন্ত্ৰীঃ নহয়, এইটো কথা সঁচা কেতিয়াবা কেতিয়াবা এয়া দেখিলে গম পোৱা যায় যে মানুহে যদি কৰিব পাৰে তেন্তে আমিও কৰিব পাৰিম। মই মুখ্যমন্ত্ৰী হৈ থাকোতে গুজৰাটত এবাৰ দবাৰ এক বিশাল অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ।

দবা অংশগ্ৰহণকাৰী – বিশ হাজাৰ মানুহে তাত একেলগে দবা খেলিছিল আৰু ছাৰ এই লোকসকলৰ বহুতেই সেই সময়ত দবা খেলা নাছিল।

প্ৰধানমন্ত্ৰী–  নহয়, তেওঁলোকৰ বহুতৰ জন্মই হোৱা নাছিল চাগৈ...। তেতিয়া মানুহে নিশ্চয় ভাবিছিল যে মোদীয়ে এইবোৰ কি কৰি আছে। বাৰু ২০,০০০ক বহুৱাৰ বাবেতো ঠায়ো লাগিব, সেয়ে মই এখন ডাঙৰ পেণ্ডেল নিৰ্মাণ কৰিছিলো। তেতিয়া আমাৰ বিষয়াসকলেও কৈছিল যে ছাৰ, ইয়াৰ বাবে ইমানবোৰ টকা কিয় খৰচ কৰিছে। মই কৈছিলো মই ইয়াৰ বাবে খৰচ কৰিমেই।

দবা অংশগ্ৰহণকাৰী–  ছাৰ, যেতিয়া আপুনি মোক উত্সাহিত কৰিছিল, মই ইমানেই সুখী হৈছিলোঁ যে মই মোৰ গোটেই জীৱনটোৱেই দবাৰ নামত উচৰ্গা কৰিব খুজিছিলো। এতিয়াতো মই সকলো সময়তে ভাৰতৰ হৈ পদক জিকিব বিচাৰিছোঁ আৰু তেতিয়া মই বহুত আনন্দিত হৈছিলোঁ।

 

প্ৰধানমন্ত্ৰীঃ তুমি তাত আছিলা নেকি।

অংশগ্ৰহণকাৰী– হয়। তেতিয়া আপুনি অনুষ্ঠিত কৰিছিল। বহুতো ছোৱালীয়ে তেতিয়া খেলিছিল।

প্ৰধানমন্ত্ৰীঃ বাঃ। তেন্তে সেই সময়ত তোমাক তালৈ কেনেকৈ লৈ গৈছিল।

দবা অংশগ্ৰহণকাৰী– সেই সময়ত মই ‘এছিয়ান অনুৰ্ধ্ব-৯’ জিকিছিলোঁ, তাৰ পিছত কোনোবাই মোৰ মাক কৈছিল যে গুজৰাটত, গান্ধী নগৰত এটা ডাঙৰ অনুষ্ঠান হৈ আছে, তাৰ পিছত মোক আমন্ত্ৰণ জনোৱা হৈছিল।

প্ৰধানমন্ত্ৰীঃ তেন্তে মই এইটো ৰাখিব পাৰোঁ, নহয়নে বাৰু।

দবা অংশগ্ৰহণকাৰী – হয় ছাৰ। ইয়াক ফ্ৰেম কৰাই দিব লাগিছিল। ফ্ৰেমত বন্ধাই আপোনাক দিব লাগিছিল ছাৰ।

প্ৰধানমন্ত্ৰীঃ নাই নাই বেটা, একো চিন্তা নকৰিবা, এইটো মোৰ বাবে ভাল লগা স্মৃতি হ’ব। তেন্তে তুমি এই শ্বলখন ভালকৈ ৰাখিছানে নাই।

দবা অংশগ্ৰহণকাৰী – হয় ছাৰ।

প্ৰধানমন্ত্ৰীঃ আচ্ছা, মোৰ বৰ ভাল লাগিল। তোমালোকলৈ মোৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। তোমালোক আগবাঢ়ি যোৱা।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Chandrababu Naidu writes: 12 years on, leadership that endured, India that emerged

Media Coverage

Chandrababu Naidu writes: 12 years on, leadership that endured, India that emerged
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister highlights 12 years of the government dedicated to trust, development, and public welfare
June 09, 2026

Prime Minister Shri Narendra Modi today stated that the past 12 years of the government have been dedicated to trust, development, and public welfare. The Prime Minister noted that with the blessings of 140 crore countrymen and the spirit of Nation First, no stone has been left unturned in empowering the youth, women, and farmer brothers and sisters.

Shri Modi observed that it is the result of relentless efforts that today the country has gained a new identity across the world, from infrastructure to the digital revolution. To realize the resolution of a Viksit Bharat, the Prime Minister affirmed that the government will continue to move forward on this path of service, good governance, and prosperity.

The Prime Minister posted on X:

"हमारी सरकार के बीते 12 वर्ष विश्वास, विकास और जनकल्याण को समर्पित रहे हैं। 140 करोड़ देशवासियों के आशीर्वाद और राष्ट्र प्रथम की भावना से हमने युवाओं, महिलाओं और अपने किसान भाई-बहनों को सशक्त बनाने में कोई कोर-कसर नहीं छोड़ी है। यह हमारे अथक प्रयासों का ही परिणाम है कि इंफ्रास्ट्रक्चर से लेकर डिजिटल क्रांति तक आज देश को दुनियाभर में एक नई पहचान मिली है। विकसित भारत के संकल्प को साकार करने के लिए हम सेवा, सुशासन और समृद्धि के इसी पथ पर निरंतर आगे बढ़ते रहेंगे।

#12YearsOfSeva"