প্ৰধানমন্ত্ৰী - ২০৪৭ চনৰ ভিতৰত দেশৰ লক্ষ্য কি?

শিক্ষাৰ্থী -  আমি আমাৰ দেশখনক উন্নত কৰিব বিচাৰো।

প্ৰধানমন্ত্ৰী - তুমি নিশ্চিত নে?

শিক্ষাৰ্থী -  হয় ছাৰ।

প্ৰধানমন্ত্ৰী - ২০৪৭ চনটো কিয় গ্ৰহণ কৰা হৈছে?

শিক্ষাৰ্থী -  তেতিয়ালৈকে আমাৰ প্ৰজন্মটো সাজু হৈ উঠিব।

প্ৰধানমন্ত্ৰী - এয়া হৈছে এটা, দ্বিতীয়টো?

শিক্ষাৰ্থী - এয়া আমাৰ দেশৰ স্বাধীনতাৰ ১০০ বছৰ পূৰ্ণ হ’ব।

প্ৰধানমন্ত্ৰী - বঢ়িয়া!

প্ৰধানমন্ত্ৰী - তোমালোক সাধাৰণতে কেইবজাত ঘৰৰ পৰা ওলাই আহা?

শিক্ষাৰ্থী - পুৱা ৭ বজাত

প্ৰধানমন্ত্ৰী - তেন্তে, তোমালোকে ঘৰৰ পৰা আহোতে টিফিন বক্স লৈ আহা নে?

 

শিক্ষাৰ্থী -  নানো ছাৰ।

প্ৰধানমন্ত্ৰী - মই নাখাও দিয়া… সঁচা কথাটো কোৱাচোন।

শিক্ষাৰ্থী - বহুত কষ্ট কৰি মই ইয়ালৈ আহিছো।

প্ৰধানমন্ত্ৰী - তুমি ঘৰতে খানা খাই আহিছিলা নে ইয়ালৈ লৈ আহিছিলা? বাৰু, তুমি নিশ্চয় ভাবিছা যে প্ৰধানমন্ত্ৰীয়ে মোৰ খানাখিনি খাব।

শিক্ষাৰ্থী -  নহয় চাৰ, ভবা নাই।

প্ৰধানমন্ত্ৰী - বাৰু, আজিৰ দিনটো কি জানানে?

শিক্ষাৰ্থী - ছাৰ, আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন।

প্ৰধানমন্ত্ৰী - য়েছ..বঢ়িয়া।

প্ৰধানমন্ত্ৰী - তেওঁ ক’ত জন্মগ্ৰহণ কৰিছিল?

শিক্ষাৰ্থী -  ওড়িশা, ছাৰ।

প্ৰধানমন্ত্ৰী - ওড়িশাৰ ক’ত?

শিক্ষাৰ্থী -  কটকত।

প্ৰধানমন্ত্ৰী - সেইকাৰণে আজি কটকত এখন ডাঙৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

প্ৰধানমন্ত্ৰী - নেতাজীৰ কোনটো শ্লোগানে তোমালোকক অনুপ্ৰাণিত কৰে?

শিক্ষাৰ্থী -  মই তোমাক স্বাধীনতা দিম।

প্ৰধানমন্ত্ৰী - চোৱা, আমি স্বাধীনতা পাইছো, এতিয়া আমি যদি তেজ দিব নিবিচাৰো, তেন্তে আমি কি দিম?

শিক্ষাৰ্থী -  ছাৰ, তেওঁ কিমান শক্তিশালী নেতা আছিল সেই কথা আজিও প্ৰতীয়মান হৈ আছে আৰু তেওঁ কেনেকৈ নিজৰ দেশক নিজতকৈও অগ্ৰাধিকাৰ দিছিল সেয়াও প্ৰতীয়মান, গতিকে এনেবোৰ কথাই আমাক বহুত অনুপ্ৰাণিত কৰে।

প্ৰধানমন্ত্ৰী - আমি আৰু কোনবোৰ দিশৰ পৰা অনুপ্ৰাণিত হও?

শিক্ষাৰ্থী -  ছাৰ, আমাৰ এছডিজি পাঠ্যক্ৰমৰ জৰিয়তে আমি আমাৰ কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস কৰিব বিচাৰো।

প্ৰধানমন্ত্ৰী - বাৰু, ভাৰতত কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস কৰিবলৈ কোনবোৰ কাম কৰা হৈছে তোমালোকে জানানে?

শিক্ষাৰ্থী -  ছাৰ, ইতিমধ্যে বৈদ্যুতিক বাহনবোৰ আহি পাইছেই।

প্ৰধানমন্ত্ৰী - বৈদ্যুতিক বাহন! বঢ়িয়া কথা। আৰু?

শিক্ষাৰ্থী -  ছাৰ, এতিয়া বাছবোৰো বৈদ্যুতিক হৈ পৰিছে।

প্ৰধানমন্ত্ৰী - তেন্তে বৈদ্যুতিক বাছবোৰ আহি পালেহিয়েই নেকি?

শিক্ষাৰ্থী -  হয় ছাৰ, আৰু এতিয়া…

 

প্ৰধানমন্ত্ৰী - ভাৰত চৰকাৰে দিল্লীত কিমানখন ইলেক্ট্ৰিক বাছৰ ব্যৱস্থা কৰিছে তোমালোকে জানানে?

শিক্ষাৰ্থী -  ছাৰ, বহুত বাছ।

প্ৰধানমন্ত্ৰী - ১২০০ খন। আৰু বহু বাছ দিয়া হ’ব। সমগ্ৰ দেশতে, বিভিন্ন চহৰত প্ৰায় ১০ হাজাৰ বাছ প্ৰদান কৰা হ’ব।

প্ৰধানমন্ত্ৰী - বাৰু, কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস কৰিবলৈ যে ব্যৱহাৰ কৰা হৈছে পি এম সূৰ্য্য ঘৰ যোজনা, তাৰ বিষয়ে তোমালোকে জানানে? এই বিষয়ে সকলোকে ক’বা দেই…মই কও নে?

শিক্ষাৰ্থী - হয় ছাৰ, লাহে লাহে..

প্ৰধানমন্ত্ৰী - চোৱা, পি এম সূৰ্য্যঘৰ যোজনা হৈছে এনে এক উদ্যোগ, যাৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে প্ৰতিটো ঘৰতে সৌৰ পেনেলৰ ব্যৱস্থা কৰাটো নিশ্চিত কৰা হৈছে।

শিক্ষাৰ্থী -  হয় ছাৰ, হয় ছাৰ।

প্ৰধানমন্ত্ৰী - আৰু সূৰ্যৰ শক্তিৰ পৰা ঘৰত যি বিদ্যুত উৎপন্ন হয় তাৰ বাবে কি হ’ব? পৰিয়ালটোৰ বিদ্যুতৰ বিল শূন্য হ’ব। যদি চাৰ্জাৰ লগোৱা হয় তেন্তে বৈদ্যুতিক বাহনখনত সৌৰশক্তি ব্যৱহাৰ কৰি চাৰ্জ লোৱা হ’ব, অৰ্থাৎ পেট্ৰ’ল বা ডিজেলৰ দৰে ইন্ধনৰ বাবে কোনো খৰচ নহ’ব। ইয়াৰ উপৰিও ইয়াৰ দ্বাৰা প্ৰদূষণ হ্ৰাস কৰাত সহায়ক হ’ব, যাৰ ফলত পৰিষ্কাৰ পৰিৱেশৰ সৃষ্টি হ’ব।

শিক্ষাৰ্থী -  হয় ছাৰ, হয় ছাৰ।

প্ৰধানমন্ত্ৰী - আৰু ব্যৱহাৰৰ পিছতো যদি কিবা বিদ্যুৎ বাকী থাকে তেন্তে সেয়া চৰকাৰে ক্ৰয় কৰিব আৰু তাৰ বিনিময়ত উচিত মূল্য প্ৰদান কৰিব। অৰ্থাৎ ঘৰতে বিদ্যুৎ উৎপাদন কৰি ধন উপাৰ্জন কৰিব পৰা যাব। এতিয়া বুজি পালা নহয়! সকলোৱে মোৰ লগত ক’বা দেই..

 

প্ৰধানমন্ত্ৰী - জয় হিন্দ

শিক্ষাৰ্থী -  জয় হিন্দ

প্ৰধানমন্ত্ৰী - জয় হিন্দ

শিক্ষাৰ্থী -  জয় হিন্দ

প্ৰধানমন্ত্ৰী - জয় হিন্দ

শিক্ষাৰ্থী -  জয় হিন্দ

টোকা - শিক্ষাৰ্থীসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কৰা মত-বিনিময় হিন্দী ভাষাত কৰিছিল, আৰু এয়া সেই মত-বিনিময়ৰ অসমীয়া অনুবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
But where is India’s economic growth?

Media Coverage

But where is India’s economic growth?
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares moments from his metro journey to and from the SRCC programme
September 05, 2026

Prime Minister Shri Narendra Modi today shared glimpses of his metro journey while traveling to and from the SRCC programme.

In a post on X, the Prime Minister shared:

"Metro moments…

On the way to the SRCC programme and back."