Svanidhi Scheme launched to help the pandemic impacted street vendors restart their livelihood: PM
Scheme offers interest rebate up to 7 percent and further benefits if loan paid within a year : PM
Street Vendors to be given access to Online platform for business and digital transactions: PM

কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী শ্ৰী হৰদ্বীপ সিং পুৰী মহোদয়, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ভাই শিৱৰাজ মহোদয়, ৰাজ্য মন্ত্ৰীমণ্ডলৰ অন্যান্য সদস্য, প্ৰশাসনৰ সৈতে জড়িত লোক, প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ সকলো লাভাৰ্থী আৰু এই কাৰ্যসূচীৰ সৈতে জড়িত হোৱা মধ্য প্ৰদেশ তথা মধ্য প্ৰদেশৰ বাহিৰৰ সকলো মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল৷

সবাতোকৈ প্ৰথমে প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ লাভাৰ্থীসকললৈ অশেষ শুভকামনা যাচিলো৷ ক্ষন্তেক পূৰ্বে মই কিছু সংখ্যক সহযোগীৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ লাভ কৰিলো৷ তেওঁলোকৰ কথাসমূহত এটা বিশ্বাসো আছো আৰু আশাৰ কিৰণো পৰিলক্ষিত হয়৷ এই বিশ্বাস প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ বুলি মই ভাবো, এয়াই আটাইতকৈ ডাঙৰ সফলতা, সকলোতকৈ ডাঙৰ শক্তি৷ আপোনালোকৰ শ্ৰমৰ শক্তিৰ, আপোনালোকৰ আত্মসন্মান আৰু আত্মবলক মই আদৰেৰে নমস্কাৰ জনাইছো৷

দেশৰ যিমানবোৰ সহযোগী প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ সৈতে আগবাঢ়িছে, তেওঁলোককো মই শুভকামনা জনাইছো৷ বিশেষকৈ মধ্য প্ৰদেশ আৰু শিৱৰাজ মহোদয়ৰ দলক মই অশেষ অভিনন্দন জনাইছো৷ তেওঁলোকৰ প্ৰয়াসৰ ফলতেই কেৱল দুমাহতে মধ্য প্ৰদেশত ১ লক্ষাধিক পদপথৰ ব্যৱসায়ীয়ে স্বনিধি যোজনাৰ সুনিশ্চিত লাভ কৰিছে৷

ক’ৰোনাৰ পিছতো ইমান কম সময়ত চাৰে চাৰি লাখ পদপথৰ ব্যৱসায়ীয়ে পৰিচয় পত্ৰ লাভ কৰা, চাৰ্টিফিকেট অব্ ভেণ্ডিং প্ৰদান কৰা, মই ভাবো  এয়া এক বৃহৎ কাম৷ মোৰ বিশ্বাস যে অন্য ৰাজ্যও মধ্য প্ৰদেশৰ এই প্ৰয়াসৰ দ্বাৰা অনুপ্ৰেৰিত হৈ নিশ্চয়কৈ উৎসাহিত হ’ব আৰু ভাৰতৰ প্ৰতিখন চহৰত আমাৰ যিমান পদপথৰ ব্যৱসায়ী ভাই-ভনী আছে তেওঁলোকে যাতে বেংকৰ পৰা ধন লাভ কৰে, তাৰবাবে আপোনালোকে সক্ৰিয় প্ৰয়াস কৰিব৷

বন্ধুসকল, বিশ্বত যেতিয়াই কোনো এনে বৃহৎ সংকটৰ সৃষ্টি হয়, মহামাৰী আহে তেতিয়া তাৰ প্ৰভাৱ সবাতোকৈ প্ৰথমে আমাৰ দুখীয়া ভাই-ভনীসকলৰ ওপৰত পৰে৷ বৰষুণ অধিক হ’লে সমস্যা দুখীয়াসকলৰ হয়, অধিক শীত পৰিলে সমস্যা দুখীয়াসকলৰ হয়,  অধিক গৰম পৰিলেও সমস্যা দুখীয়াসকলৰ হয়৷ দুখীয়াসকলৰ ৰোজগাৰৰ সংকট হয়, তেওঁলোকৰ খোৱা-বোৱাৰ সমস্যা হয়, জমা ধন খৰচ হয়৷ মহামাৰীয়ে এই বিপদসমূহ চপাই আনে৷ আমাৰ যি দুখীয়া ভাই-ভনীসকল আছে, যিসকল শ্ৰমিক সহযোগী আছে, যি পদপথৰ ব্যৱসায়ী, এই সকলোৱে মহামাৰীৰ এই সংকটক সবাতোকৈ অধিক অনুভূত কৰিছে৷ এনেকুৱা এনে সহযোগী আছে যি অন্য চহৰত কাম কৰিছি কিন্তু মহামাৰীৰ বাবে নিজৰ গাঁৱলৈ উভতিবলগীয়া হ’ল৷ আৰু সেইবাবে ক’ৰোনা গোলকীয় মহামাৰীৰ সময়ৰ পূৰ্বে চৰকাৰৰ, দেশৰ এই প্ৰয়াসেই আছিল যে দুখীয়াৰ সমস্যা কম কৰাৰ বাবে সক্ৰিয় ৰূপত প্ৰয়াস কৰা হওক৷ দেশে এই সময়ছোৱাত আমাৰ দেশৰ এনে যি লোক সমস্যাত আছিল, তেওঁলোকৰ খোৱাৰ চিন্তা কৰিলে, ৰেচনৰ চিন্তা কৰিলে, বিনামূলীয়া চিলিণ্ডাৰ প্ৰদান কৰিলে৷

প্ৰধানমন্ত্ৰী গৰিব কল্যাণ ৰোজগাৰ অভিযান প্ৰৱৰ্তন কৰি লক্ষাধিক লোকে এই সময়ছোৱাত কৰ্ম সংস্থাপন লাভ কৰিলে৷ দুখীয়াৰ বাবে নিৰন্তৰে হৈ থকা এই কাৰ্যসমূহৰ মাজত এনে এক বৃহৎ শ্ৰেণী আছিল য’ত বিশেষৰূপত গুৰুত্ব প্ৰদান কৰাটো আৱশ্যক আছিল৷ এওঁলোক আছিল পদপথৰ ব্যৱসায়ী মোৰ ভাই-ভনীসকল৷ পদপথৰ ব্যৱসায়ী আমাৰ লক্ষাধিক বন্ধুৰ পৰিয়াল তেওঁলোকৰ দৈনিক পৰিশ্ৰমৰ পৰা চলে৷ ক’ৰোনাৰ বাবে বজাৰ বন্ধ হৈ পৰিল, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে লোকসকল ঘৰত অধিকাংশ সময় থাকিবলগীয়া হ’ল, ইয়াৰ এক বৃহৎ প্ৰভাৱ আমাৰ পদপথৰ ব্যৱসায়ীসকলৰ ওপৰত পৰিল, তেওঁলোকৰ ব্যৱসায়ৰ ওপৰতো পৰিল৷ তেওঁলোকক এই সমস্যাৰ পৰা মুক্ত কৰিবলৈ প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ শুভাৰম্ভ কৰা হ’ল৷

এই যোজনাৰ লক্ষ্য এয়াই যে জনসাধাৰণে যাতে নতুন শুভাৰম্ভ কৰিব পাৰে, নিজৰ কাম পুনৰ আৰম্ভ কৰিব পাৰে, ইয়াৰ বাবে যাতে তেওঁলোকে সহজে বিত্তৰ সুবিধা লাভ কৰিব পাৰে৷ তেওঁলোকে বাহিৰত যাতে অধিক সুত দি ঋণ ল’বলগীয়া নহয়৷ এয়াও প্ৰথমবাৰলৈ হৈছে যে পদপথৰ ব্যৱসায় কৰা লক্ষাধিক লোকৰ নেটৱৰ্ক প্ৰকৃতাৰ্থত সংযোজিত কৰা হৈছে তেওঁলোকে এক পৰিচয় লাভ কৰিছে৷  স্বনিধি যোজনা, স্বনিধিৰ জৰিয়তে স্বৰোজগাৰ, স্বৰোজগাৰৰ পৰা স্বাৱলম্বন, আৰু স্বাৱলম্বনৰ পৰা স্বাভিমানৰ এই যাত্ৰাৰ এক বৃহৎ পৰ্যায় আছে৷

বন্ধুসকল, স্বনিধি যোজনাৰ বিষয়ে আপোনালোকৰ সকলোকে কোৱা হৈছে৷ যিসকল বন্ধুৰ সৈতে মই অলপতে কথা পাতিলো তেওঁলোকে এই বিষয়ে ভালদৰেই জানে৷ কিন্তু এয়াও অতিশয় আৱশ্যক যে প্ৰতিজন অভাৱগ্ৰস্তক, প্ৰতিজন পদপথৰ ব্যৱসায়ীক এই যোজনাৰ বিষয়ে জনোৱাটো আৱশ্যক৷ তেতিয়াহে আমাৰ দুখীয়া ভাই-ভনীসকলে ইয়াৰ সুবিধা গ্ৰহণ কৰিব পাৰিব৷

এই যোজনাক ইমান সৰল কৰি তোলা হৈছে যে সাধাৰণতকৈও সাধাৰণ ব্যক্তি ইয়াৰ সৈতে জড়িত হ’ব পাৰে৷ এতিয়া যিদৰে আমাৰ ভনী অৰ্চনাই কৈছে যে তেওঁৰ কামবোৰ অতিশয় সৰলতাৰে হৈছে৷ তেওঁৰ কোনো সমস্যা নহ’ল৷  ইয়াত প্ৰযুক্তিৰ এনে ব্যৱস্থা সংযোজন কৰা হৈছে যে পদপথৰ ব্যৱসায়ী, ঠেলা চলোৱা বন্ধুসকলে কাগজ জমা কৰোৱাৰ বাবেও দীঘলীয়া শাৰী ধৰিবলগীয়া হোৱা নাই৷ আপোনালোকে কমন ছাৰ্ভিচ চেণ্টাৰত,  নগৰপালিকা কাৰ্যালয়ত, বেংকৰ শাখালৈ গৈ নিজৰ আবেদন আপলোড কৰিব পাৰে৷ এয়াই নহয়, বেংকৰ ব্যৱসায়িক কৰ্মচাৰী আৰু নগৰপালিকাৰ কৰ্মচাৰীসকলেও আপোনালোকৰ ওচৰলৈ আহি আপোনালোকৰ পৰা আবেদন গ্ৰহণ কৰিব পাৰে৷  আপোনালোকে যিদৰে বিচাৰে তেনেদৰে সুবিধা লাভ কৰিব পাৰে৷ এই ব্যৱস্থাবোৰ ইমান সৰল কৰি তোলাৰ প্ৰয়াস কৰা হৈছে৷

বন্ধুসকল,  এয়া এনে এক যোজনা, য’ত আপোনালোকে সুতৰ পৰা সম্পূৰ্ণ মুক্তি লাভ কৰিব পাৰে৷ এই যোজনাৰ অধীনত এনেও সুতত ৭ শতাংশৰ ৰেহাই প্ৰদান কৰা হৈছে৷ কিন্তু যদি আপোনালোকে কিছুমান সৰু সৰু কথাৰ প্ৰতি লক্ষ্য ৰাখে তেতিয়া এয়াও প্ৰদান কৰিবলগীয়া নহ’ব৷ এতিয়া যদি আপোনালোকে সময়মতে এবছৰৰ ভিতৰত বেংকৰ পৰা লোৱা টকা ঘূৰাই দিয়ে তেন্তে সুতৰ পৰা ৰেহাই লাভ কৰিব৷ কেৱল ইমানেই নহয়, যদি আপুনি ডিজিটেল লেনদেন কৰে, যদি ম’বাইলেৰে লেনদেন কৰে তেতিয়া চৰকাৰৰ তৰফৰ পৰা কেশ্ববেক হিচাপে পুৰস্কাৰ দিয়া হ’ব৷ অৰ্থাৎ চৰকাৰে আপোনালোকৰ একাউণ্টত পৃথকে টকা ভৰাই দিব৷ এইদৰে আপোনাৰ যি মুঠ সঞ্চয় হ’ব তাৰ পৰা সুত প্ৰদানতো সুবিধা লাভ কৰিব৷  

ইয়াৰোপৰি, যদি আপুনি দ্বিতীয়বাৰ ঋণ গ্ৰহণ কৰে, তেতিয়া ইয়াতকৈও অধিক ঋণৰ সুবিধা লাভ কৰিব পাৰিব৷ যদি এইবাৰ দহ হাজাৰ টকা লাভ কৰিছে আৰু আপোনালোকৰ কাম ভাল চলিছে আৰু আপোনাক যদি পোন্ধৰ হাজাৰ টকাৰ প্ৰয়োজন হয়, পুনৰ ভাল কাম কৰিলে বিশ হাজাৰ টকা, পঁচিশ হাজাৰ টকা, ত্ৰিশ হাজাৰ টকাৰ প্ৰয়োজন হ’লেও এয়া লাভ কৰিব পাৰে৷

বন্ধুসকল, বিগত ৩-৪ বছৰৰ সময়ছোৱাত দেশত ডিজিটেল লেনদেনৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ ক’ৰোনাৰ সময়ছোৱাত আমি সকলোৱে ইয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছো৷ এতিয়া গ্ৰাহকে নগদ টকা দিয়াৰ পৰা ৰক্ষা পৰিছে৷ প্ৰত্যক্ষভাৱে ম’বাইলৰ পৰাই লেনদেন কৰে৷ সেইবাবে, আমাৰ পদপথৰ ব্যৱসায়ীসকলে এই ডিজিটেল ব্যৱসায়ত যাতে পিছপৰি নৰয়৷ আমাৰ কুশৱাহা মহোদয়ৰ ঠেলা দেখিলো, তাতে তেওঁ কিউ আৰ কোড লগাই লৈছে৷ আমাৰ দুখীয়া ভাই-ভনীসকলে নতুন কথা শিকাৰ বাবে সদা প্ৰস্তুত৷ আৰু ইয়াৰ বাবে বেংক আৰু ডিজিটেল লেনদেনৰ সুবিধা প্ৰদান কৰাসকলৰ সৈতে নতুনকৈ শুভাৰম্ভ কৰা হৈছে৷

এতিয়া বেংক আৰু সংস্থাসমূহৰ প্ৰতিনিধিসকল আপোনালোকৰ ঠিকনালৈ আহিব, আপোনালোকৰ ব্যৱসায় আৰু ঠেলাত কিউ আৰ কোড প্ৰদান কৰিব৷ সেইসমূহৰ প্ৰয়োগ কেনেকৈ কৰিব এয়াও জনাব৷ মই আমাৰ পদপথৰ ব্যৱসায়ীসকলক আহ্বান জনাইছো যে তেওঁ অধিক সংখ্যাত ডিজিটেল লেনদেন কৰক আৰু বিশ্বৰ সন্মুখত নতুন উদাহৰণ প্ৰস্তুত কৰক৷

বন্ধুসকল, প্ৰযুক্তিৰ ব্যৱহাৰ কৰি আমাৰ যি খোৱা-বোৱাৰ ব্যৱসায়ী আছে, যাক আমি ষ্ট্ৰীট ফুড ভেণ্ডৰ বুলিও কয়, তেওঁলোকক অনলাইন প্লেটফ’ৰ্ম প্ৰদান কৰাৰ যোজনা প্ৰস্তুত কৰা হৈছে৷ অৰ্থাৎ ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টসমূহৰ দৰে পদপথৰ ব্যৱসায়ীসকলেও গ্ৰাহকসকলক যাতে অনলাইন ডেলিভাৰী কৰিব পাৰে এই প্ৰকাৰৰ সুবিধা প্ৰণয়ন কৰাৰ প্ৰয়াস চলি আছে৷ মোৰ বিশ্বাস যে এই ধৰণৰ প্ৰচেষ্টাৰ দ্বাৰা পদপথৰ ব্যৱসায়ীসকলক কাম-কাজ বৃদ্ধি হ’ব আৰু তেওঁলোকৰ উপাৰ্জন অধিক বৃদ্ধি হ’ব৷

বন্ধুসকল, ষ্ট্ৰীট ভেণ্ডৰৰ সৈতে জড়িত অন্য এক যোজনাৰ ওপৰতো কাম চলি আছে৷ প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ সৈতে জড়িতসকলৰ জীৱন সহজ হওক, তেওঁলোকে মূলভূত সুবিধাসমূহ লাভ কৰক এয়াও সুনিশ্চিত কৰা হ’ব৷ অৰ্থাৎ পদপথৰ ব্যৱসায়ী ভাই-ভনীসকলৰ ওচৰত উজ্বলা যোজনাৰ গেছ সংযোগ আছে নে নাই, তেওঁলোকৰ ঘৰ বিদ্যুতৰ সংযোগ আছে নে নাই, তেওঁলোকক আয়ুষ্মান যোজনাৰ সৈতে জড়িত কৰোৱা হৈছে নে নাই, তেওঁলোকে প্ৰতিজিনে ৯০ পইটা আৰু এক টকাৰ বীমা যোজনাৰ সুবিধা লাভ কৰিছে নে নাই, তেওঁলোকৰ পকী ঘৰ আছে নে নাই, এই আটাইবোৰ কথাৰ প্ৰতি ধ্যান ৰখা হ’ব৷  যাৰ ওচৰত এই সুবিধাবোৰ নাথাকিব তেওঁলোকৰ বাবে অগ্ৰাধিকাৰভিত্তিক কাম কৰা হ’ব৷

বন্ধুসকল, আমাৰ দেশত দৰিদ্ৰতাৰ বহু কথা কোৱা হৈছে কিন্তু দৰিদ্ৰৰ বাবে যিমান বিগত ছবছৰত কৰা হৈছে আৰু সম্পূৰ্ণ পৰিকল্পনাৰ সৈতে কৰা হৈছে, এই দিশত অনেক পদক্ষপ, অনেক নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু এয়া পূৰ্বতে কেতিয়াও হোৱা নাছিল৷ প্ৰতিটো ক্ষেত্ৰ য’ত দুখীয়া-পীড়িত-শোষিত-বঞ্চিত-দলিত-আদিবাসী অভাৱত আছিল, চৰকাৰৰ যোজনাসমূহ তেওঁলোকৰ বাবে সম্বল হিচাপে বিবেচিত হৈছে৷

আপোনালোকে স্মৰণ কৰক, আমাৰ দেশৰ দুখীয়াসকলে কাগজৰ ভয়ত বেংকলৈ নগৈছিল৷ প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ জৰিয়তে সমগ্ৰ দেশতে ৪০ কোটিতকৈও অধিক দুখীয়াৰ, নিম্ন মধ্যবিত্ত লোকৰ বেংকৰ একাউণ্ট খোলা হৈছে৷ এই জন ধন একাউণ্টৰ দ্বাৰা আমাৰ দৰিদ্ৰসকল বেংকৰ সৈতে জড়িত হৈছে আৰু তেওঁলোকে সহজে ঋণ লাভ কৰিছে, সুদখোৰ মহাজনৰ পৰা মুক্তি লাভ কৰিছে৷ এই বেংক একাউণ্টসমূহৰ ফলত দুখীয়াসকলে ঘোচ নিদিয়াকৈ গৃহৰ সুবিধা লাভ কৰিছে, তেওঁলোকৰ বেংক একাউণ্টত ধন লাভ কৰিছে৷

ক’ৰোনাৰ সময়ত সমগ্ৰ দেশৰ ২০ কোটিতকৈও অধিক ভগ্নীৰ জন ধন একাউণ্টত ৩১ হাজাৰ কোটি টকা জন ধন যোজনাৰ ফলতেই জমা হৈছে৷  সেইদৰে পিএম কিষাণ সন্মানি নিধিৰ অধীনত সমগ্ৰ দেশ ১০ কোটিতকৈও অধিক কৃষক পৰিয়ালৰ বেংক একাউণ্টত ৯৪ হাজাৰ কোটি টকাতকৈও অধিক টকা স্থানান্তৰ কৰা হৈছে৷

বন্ধুসকল, আমাৰ দুখীয়া লোকসকল এই বৰ্ষত যিদৰে জন ধন একাউণ্টৰ সৈতে, বেংকিং ব্যৱস্থাৰ সৈতে জড়িত হৈছে, তেওঁলোকে এক নতুন আৰম্ভণি কৰিছে৷ এতিয়া অতি শীঘ্ৰেই চহৰসমূহৰ দৰেই আমাৰ গাঁওবোৰো অনলাইন বজাৰৰ সৈতে জড়িত হৈ পৰিব, বিশ্বৰ বজাৰ আমাৰ গাঁৱলৈ আহিব৷ এইবাৰ ১৫ আগষ্টত আমাৰ দেশৰ সকলো গাঁৱক অপ্টিকেল ফাইবাৰেৰে জড়িত কৰোৱাৰ নতুন সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ সেইদৰে দেশে ডিজিটেল স্বাস্থ্য অভিযানৰো সূচনা কৰিছে৷ অৰ্থাৎ প্ৰতিজন দেশবাসীয়ে এক স্বাস্থ্য আইডি লাভ কৰিব৷ আপোনালোকৰ সকলো তথ্য সুৰক্ষিত উপায়েৰে ইয়াত থাকিব৷ এই আইডিৰ জৰিয়তে আপোনালোকে অনলাইনত চিকিৎসকৰ সাক্ষাৎকাৰ লাভ কৰিব, স্বাস্থ্যৰ প্ৰতিবেদনো অনলাইনত দেখুৱাব পাৰিব৷

বন্ধুসকল, দেশ প্ৰয়াস এয়াই যে প্ৰতিজন দেশবাসীৰ জীৱন সৰল হওক, প্ৰতিজন দেশবাসী সামৰ্থৱান হওক, সশক্ত হওক আৰু সকলোতকৈ ডাঙৰ কথা আত্মনিৰ্ভৰশীল হওক৷ অলপতে চৰকাৰে এক দেশ, এক ৰেচন যোজনাৰ শুভাৰম্ভ কৰিছে৷ আপোনালোকে দেশৰ য’তেই যাওক তাতেই এই সুবিধা লাভ কৰিব৷

বন্ধুসকল, এতিয়া যেতিয়া আপোনালোকে নতুন ধৰণে ব্যৱসায় আৰম্ভ কৰিছে, আপোনালোকে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব৷ যেতিয়ালৈ ক’ৰোনাৰ প্ৰতিষেধক উপলব্ধ নহয় তেতিয়ালৈ ইয়াৰ বিপদ থাকিব৷ আপোনালোকে নিজৰ ধ্যান ৰখাৰ লগতে গ্ৰাহকৰ সুৰক্ষাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব৷ মাস্ক, পৰিস্কাৰ হাত, দুই গজৰ দূৰত্ব, এবাৰ ব্যৱহৃত প্লাষ্টিকৰ ব্যৱহাৰ আদিৰ পৰা নিলগত থাকিব লাগিব৷

আপোনালোকে ক’ৰোনাৰ পৰা ৰক্ষা পৰাৰ যিমান ব্যৱস্থা গ্ৰহণ কৰিব সিমানেই জনতাৰ বিশ্বাসো আপোনালোকৰ ওপৰত বৃদ্ধি হ’ব৷ আপোনালোকে নিজেও এই নিয়ম পালন কৰিব লাগিব আৰু সন্মুখৰ ব্যক্তিজনকো এই নিয়ম পালন কৰিবলৈ আহ্বান জনাব লাগিব৷ পুনৰবাৰ নতুন আৰম্ভণিৰ বাবে আপোনালোকক অশেষ অভিনন্দন জনাইছো৷ শুভকামনা জনাইছো৷ আপোনালোক সুস্থ হৈ থাকক, আপোনালোকৰ পৰিয়াল সুস্থ হৈ থাকক, ব্যৱসায় বৃদ্ধি হওক, এই আশাৰে মোৰ তৰফৰ পৰা অশেষ শুভকামনা থাকিল৷

অশেষ ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Net direct tax collections rise 14.6% to ₹5.21 trn till June 17 in FY27

Media Coverage

Net direct tax collections rise 14.6% to ₹5.21 trn till June 17 in FY27
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the importance of knowledge, wisdom and foresight
June 19, 2026

The Prime Minister, Shri Narendra Modi has said that virtues such as knowledge, wisdom and foresight are the foundation of success in life. He noted that a person enriched with these qualities is able to overcome even the most difficult challenges and emerge victorious.

The Prime Minister shared a Sanskrit Subhashitam-

“शास्त्रे प्रतिष्ठा सहजश्च बोधः प्रागल्भ्यमभ्यस्तगुणा च वाणी ।

कालानुरोधः प्रतिभानवत्त्वमेते गुणाः कामदुघाः क्रियासु ॥”

The Subhashitam conveys that authentic knowledge of the subject, natural prudence, fearless self-confidence, powerful speech refined through practice, foresight to recognize the demands of the time and ever-new wisdom, these six qualities prove to be like 'kamadhenu' in every endeavor of a human being, which helps in achieving every goal.

The Prime Minister wrote on X;

“ज्ञान, विवेक और दूरदर्शिता जैसे सद्गुण जीवन में सफलता का प्रमुख आधार हैं। इनसे समृद्ध व्यक्ति कठिन से कठिन चुनौतियों में भी विजयी होता है।

शास्त्रे प्रतिष्ठा सहजश्च बोधः प्रागल्भ्यमभ्यस्तगुणा च वाणी ।

कालानुरोधः प्रतिभानवत्त्वमेते गुणाः कामदुघाः क्रियासु ॥”