“This museum is a living reflection of the shared heritage of each government”
“This museum has come as a grand inspiration in the time of Azadi ka Amrit Mahotsav”
“Every government formed in independent India has contributed in taking the country to the height it is at today. I have repeated this thing many times from Red Fort also”
“It gives confidence to the youth of the country that even a person born in ordinary family can reach the highest position in the democratic system of India”
“Barring a couple of exceptions, India has a proud tradition of strengthening democracy in a democratic way”
“Today, when a new world order is emerging, the world is looking at India with a hope and confidence, then India will also have to increase its efforts to rise up to the occasion”

মোৰ কেন্দ্রীয় মন্ত্ৰীসভাৰ সদস্যবৃন্দ, সংসদৰ মোৰ জ্যেষ্ঠ সহযোগীসকল, বিভিন্ন ৰাজনৈতিক দলৰ সন্মানীয় বন্ধুসকল, অন্যান্য উপস্থিত ব্যক্তি, ভদ্র পুৰুষ-মহিলাসকল,

দেশৰ বিভিন্ন প্রান্তত বৰ্তমান অতি উৎসাহ-উদ্দীপনাৰে বিভিন্ন উৎসৱ আৰু পৰ্বৰ উদযাপন সমাৰোহ চলিছে। দেশৰ বিভিন্ন প্ৰান্তত ক’ৰবাত বৈশাখী, আকৌ ক’ৰবাত ব’হাগ বিহু পালন কৰা হৈছে! আজিৰ পৰাই ওড়িয়া নৱবর্ষও আৰম্ভ হৈছে, সেয়েহে ওড়িশাবাসীক মোৰ শুভেচ্ছা জনাইছো৷ আমাৰ তামিলনাডুৰ ভাই-ভনীসকলেও আজি নতুন বছৰক আদৰণি জনাইছে, মই তেওঁলোক সকলোকে ‘পুত্তাণ্ড’ৰ অজস্র শুভকামনা জনাইছো৷ তদুপৰি, দেশৰ বিভিন্ন অঞ্চলত নৱবর্ষ আৰম্ভ হৈছে, বিভিন্ন ধৰণৰ পৰ্ব উদযাপন কৰা হৈছে৷ মই সমগ্ৰ দেশবাসীক এই পৰ্ব, অনুষ্ঠান আৰু উৎসৱ উপলক্ষে বহুত বহুত শুভেচ্ছা জনাইছো, আপোনালোক সকলোকে ভগবান মহাবীৰ জয়ন্তী উপলক্ষে বহুত বহুত শুভকামনা জনাইছো৷

বন্ধুসকল,

আজিৰ এই অনুষ্ঠান বিভিন্ন কাৰণত বিশেষ হিচাপে চিহ্নিত হৈছে। আজি সমগ্ৰ দেশে শ্রদ্ধাৰ বাবাচাহেব ভীমৰাও আম্বেদকাৰজীক তেওঁৰ জয়ন্তী উপলক্ষে সাদৰ প্রণাম জনাইছে তথা শ্রদ্ধা সহকাৰে স্মৰণ কৰিছে৷ বাবাচাহেব ভীমৰাও আম্বেদকাৰে যি সংবিধানৰ মুখ্য শিল্পী আছিল, সেই সংবিধানে আমাৰ সংসদীয় প্রক্রিয়াক এক সুদৃঢ় আধাৰ স্থাপন কৰিছে। এই সংসদীয় প্রক্রিয়াত দেশৰ প্রধান দায়িত্ব দেশৰ প্রধানমন্ত্রীৰ পদক দিয়া হৈছে৷ এয়া মোৰ সৌভাগ্য যে আজি মই দেশৰ নৱনির্মিত প্রধানমন্ত্রী সংগ্রহালয়টো দেশবাসীক উচৰ্গা কৰাৰ সুযোগ পাইছো৷ এনে সময়ত এক অসাধাৰণ প্রেৰণাই মোক উজ্জীৱিত কৰিছে। বিগত ৭৫ বছৰত দেশে বহু গৌৰৱময় মুহূর্ত প্ৰত্যক্ষ কৰিছে। ইতিহাসৰ পাতত এই মুহূর্তসমূহৰ যি গুৰুত্ব আছে-সেয়া সঁচাকৈয়ে অতুলনীয়। এনে বহু মুহূর্তৰ ঝলক এই নৱনির্মিত প্রধানমন্ত্রী সংগ্রহালয়তো দেখিবলৈ পাব৷ আজি এই নৱনির্মিত প্রধানমন্ত্রী সংগ্রহালয় উদ্বোধন উপলক্ষে মই দেশবাসীক বহুত বহুত শুভেচ্ছা জনাইছো৷ কিছু সময়ৰ পূৰ্বে মোৰ এই প্রকল্পৰ সৈতে জড়িত সকলো বন্ধুবৰ্গৰ সৈতে সাক্ষাৎ আৰু চিনাকী হোৱাৰ সৌভাগ্য হৈছে৷ এওঁলোকে অত্যন্ত প্রশংসনীয় কাম কৰিছে৷ সেইবাবে এই সমগ্ৰ টীমক মই শুভেচ্ছা জনাইছো৷ মই আজি ইয়াত প্রাক্তন প্রধানমন্ত্রীসকলৰ পৰিয়ালৰ সদস্যসকলকো দেখিবলৈ পাইছো৷ আপোনালোক সকলোকে মোৰ আন্তৰিক অভিনন্দন জনাইছো, আদৰণি জনাইছো৷ নৱনির্মিত প্রধানমন্ত্রী সংগ্রহালয় উদ্বোধনৰ এই পবিত্ৰ ক্ষণত আপোনালোকৰ উপস্থিতিয়ে আৰু অধিক ধন্য কৰিছে। আপোনালোকৰ উপস্থিতিয়ে এই নৱনির্মিত প্রধানমন্ত্রী সংগ্রহালয়ৰ সার্থকতাই ইয়াৰ প্রাসংগিকতাক আৰু অধিক বৃদ্ধি কৰিছে।

বন্ধুসকল,

দেশ আজি যি উচ্চতাত উপনীত হৈছে, সেই স্থানত উপনীত কৰোৱাত ভাৰত স্বাধীন হোৱাৰ পাছত গঠন হোৱা প্রতিখন চৰকাৰৰ অৱদান আছে৷ মই লালকিল্লাৰ প্রাচীৰৰ পৰাও এইকথা বহুবাৰ কৈছো৷ আজি এই নৱনির্মিত প্রধানমন্ত্রী সংগ্রহালয়েও স্বাধীনোত্তৰ প্রতিখন চৰকাৰৰ মিলিত ঐতিহ্যৰ জীৱন্ত প্রতিচ্ছবি হৈ পৰিছে। দেশৰ প্রতিগৰাকী প্রধানমন্ত্রীয়ে তেওঁলোকৰ কাৰ্যকালত ভিন ভিন সমস্যা সমাধান কৰি, প্ৰত্যাহ্বানসমূহ অতিক্রম কৰি দেশক আগুৱাই নিয়াৰ চেষ্টা কৰিছে৷ সকলোৰে ব্যক্তিত্ব, কৃতিত্ব আৰু নেতৃত্বৰ ভিন ভিন মাত্রা আছিল। এই সকলোবোৰ আজি লোকস্মৃতিৰ বিষয়। দেশৰ জনগণে বিশেষকৈ নবীন প্রজন্ম, ভৱিষ্যৎ প্রজন্মই যদি সকলো প্রধানমন্ত্রীৰ সম্পর্কে ভালদৰে জানিব পাৰে, তেতিয়াহ’লে তেওঁলোকে প্রেৰণা পাব৷ ইতিহাস আৰু বর্তমানৰ পৰা ভৱিষ্যৎ নির্মাণৰ পথ গঢ়ি তোলাক লৈ কেতিয়াবা ৰাষ্ট্রকবি ৰামধাৰী সিং দিনকৰজীয়ে লিখিছিল–

“প্রিয়দর্শন ইতিহাস কন্ঠ মে, আজ ধ্বনিত হো কাব্য বনে।

বর্তমান কী চিত্রপটী পৰ, ভূতকাল সম্ভাব্য বনে।”

অর্থাৎ, প্রিয়দর্শন ইতিহাসত আজি সকলোৰে কন্ঠত ধ্বনিত হৈ কাব্য হৈ উঠক। বর্তমানৰ চিত্রপটত নিহিত অতীতে যেন ভৱিষ্যতক সম্ভৱ কৰি তোলে। এই পংক্তিৰ মাধ্যমেৰে তেওঁ বুজাব বিচাৰিছে, আমাৰ সাংস্কৃতিক চেতনাত যি গৌৰৱময় অতীত সমাহিত হৈ আছে, সেয়া যেন কাব্যলৈ ৰূপান্তৰিত হৈ গুঞ্জৰিত হয়। এই দেশৰ সম্পন্ন ইতিহাসে মই বর্তমানৰ পৰিপ্রেক্ষিতত যেন সম্ভৱ কৰি তুলিব পাৰো৷ অহা ২৫ বছৰ স্বাধীনতাৰ এই অমৃতকাল দেশৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ। মোৰ দৃঢ় বিশ্বাস এই যে এই নৱনির্মিত প্রধানমন্ত্রী সংগ্রহালয় ভৱিষ্যতৰ নির্মাণৰোও এক প্রাণশক্তিৰ কেন্দ্র হৈ পৰিব। বিভিন্ন সময়ত দেশৰ সর্বোচ্চ নেতৃত্বৰ সন্মুখত কি কি প্ৰত্যাহাৰ আছিল, কিদৰে তেওঁলোকে সেই প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিছে, তাক লৈও ভৱিষ্যৎ প্রজন্মৰ বাবে এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়ে এক ডাঙৰ প্রেৰণাৰ মাধ্যম হৈ উঠিব। ইয়াত প্রাক্তন প্রধানমন্ত্রীসকলৰ বিভিন্ন কাম আৰু পদক্ষেপৰ সংশ্লিষ্ট দুর্লভ ফটো, ভাষণ, সাক্ষাৎকাৰ, মূল ৰচনাৰ দৰে স্মৰণীয় সামগ্রী সংৰক্ষণ কৰা হৈছে৷

বন্ধুসকল,

ৰাজহুৱা জীৱনত যিসকলে উচ্চ পদত কাম কৰে, যেতিয়া আমি তেওঁলোকৰ জীৱনৰ দিশত ঘূৰি চাও তেতিয়া সেয়াও এক ধৰণৰ ইতিহাসৰে অৱলোকন কৰা হয়। তেওঁলোকৰ জীৱনৰ ঘটনাসমূহ, তেওঁলোকৰ সন্মুখত উঠি অহা বিভিন্ন সমস্যা, সেইবোৰৰ সমাধানত তেওঁলোকৰ বিভিন্ন সিদ্ধান্তই আমাক বহু কথা শিকায়। অর্থাৎ, সেইদৰে তেওঁলোকৰ জীৱন চলি থাকে আৰু ইয়াৰ সমান্তৰালভাৱে ইতিহাসো ৰচনা হৈ থাকে। এই জীৱনক পঢ়াটো, ইতিহাস অধ্যয়নৰ দৰেই সমান গুৰুত্বপূর্ণ। এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়লৈ আহিলে স্বাধীন ভাৰতৰ ইতিহাসক জানিব পাৰিব৷ আমি কেইবছৰমান পূৰ্বে ‘সংবিধান দিবস’ পালনৰ শুভাৰম্ভ কৰি দেশৰ লোকসকলৰ মনত জাতীয় চেতনা জগাই তোলাৰ লক্ষ্যৰে গুৰুত্বপূর্ণ পদক্ষেপ হাতত লৈছো৷ এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়ো সেই লক্ষ্যৰে আন এক অত্যন্ত গুৰুত্বপূর্ণ পদক্ষেপ।

বন্ধুসকল,

দেশৰ প্রতিগৰাকী প্রধানমন্ত্রীয়ে সংবিধান সন্মত গণতন্ত্রৰ লক্ষ্যক সার্থকভাৱে পূৰণৰ ক্ষেত্রত অপ্রাণ চেষ্টা কৰিছে, তেওঁলোক প্রত্যেকেই নিজৰ নিজৰ অৱদান আগবঢ়াইছে৷ তেওঁলোকক স্মৰণ কৰা, তেওঁলোকৰ অৱদানৰ কথা জনা, স্বাধীন ভাৰতৰ অগ্রগতিৰ ইতিহাস জনাৰ প্রক্রিয়াক এক নতুন মাত্রা প্ৰদান কৰিব। ইয়ালৈ যিসকল আহিব, তেওঁলোকে দেশৰ প্রাক্তন প্রধানমন্ত্রীসকলৰ অৱদানৰ সৈতে পৰিচিত হ’ব৷। তেওঁলোকৰ সংঘর্ষ, তেওঁলোকৰ সৃষ্টিক জানিব৷ ভৱিষ্যৎ প্রজন্মইও ইয়াৰ পৰা এই শিক্ষাও পাব যি আমাৰ গণতান্ত্রিক দেশত কোনো কোনো প্ৰেক্ষাপটৰ পৰা আহি ভিন ভিন প্রধানমন্ত্রীয়ে তেওঁলোকৰ দায়িত্ব পালন কৰি গৈছে৷ এয়া আমাৰ সমগ্ৰ ভাৰতবাসীৰ বাবে অত্যন্ত গৌৰৱৰ বিষয় যে আমাৰ অধিকাংশ প্রধানমন্ত্রী অতি সাধাৰণ পৰিয়ালৰ পৰা উঠি আহিছে৷ দূৰ্গম গাঁৱৰ আহি, একেবাৰে দুখীয়া পৰিয়ালৰ পৰা আহি, কৃষক পৰিয়ালৰ পৰা আহিও প্রধানমন্ত্রী পদত অধিষ্ঠিত হৈছে ভাৰতীয় গণতন্ত্রৰ মহান পৰম্পৰাসমূহৰ প্রতি বিশ্বাস দৃঢ় কৰিছে৷ এই দেশক, এই দেশৰ যুৱ সম্প্রদায়ৰ মনতো বিশ্বাসৰ জন্ম দিয়ে যি ভাৰতৰ গণতান্ত্রিক ব্যৱস্থাত সাধাৰণ পৰিয়ালত জন্মগ্রহণকাৰী ব্যক্তিয়েও তেওঁলোকৰ কামৰ জৰিয়তে দেশৰ শীর্ষতম পদসমূহত অধিষ্ঠিত হ’ব, সেইবোৰ পদ অলংকৃত কৰিছে৷

বন্ধুসকল,

এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়ৰ যিমান অতীত আছে, সিমান ভৱিষ্যতো আছে৷ এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়ে দেশৰ জনগণৰ বিগত সময়ৰ যাত্রাপথৰ বিভিন্ন পর্যায়ত নতুন লক্ষ্যসমূহক আৰু লক্ষ্য পূৰণৰ ইতিহাসক সংৰক্ষিত কৰি, নতুন ৰূপত ভাৰতৰ উন্নয়ন যাত্রাক অব্যাহত ৰখাত সহায় কৰিব৷ এয়া এনে এক যাত্রাপথ, য’ত আপোনালোকে এক নতুন ভাৰতৰ সপোনসমূহে উন্নয়নৰ পথত আগুৱাই যোৱাৰ বিভিন্ন পর্যায়ক নিবিড়ভাবে দেখিবলৈ পাব। এই ভৱনত ৪০টাতকৈও অধিক গেলাৰী আছে আৰু প্রায় ৪ হাজাৰ লোকে একে সময়তে চোৱাৰ ব্যৱস্থা আছে৷ ভাৰ্চুৱেল ৰিয়েলিটী, ৰবটছ আৰু অন্যান্য অত্যাধুনিক প্রযুক্তিৰ জৰিয়তে দ্রুতগতিত পৰিৱর্তনশীল ভাৰতৰ চিত্রও এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়ৰ জৰিয়তে বিশ্ববাসীয়ে চাবলৈ পাৰিব। এই প্রযুক্তিৰ জৰিয়তে দর্শকসকলৰ মনত এনে অনুভূতি জগাই তুলিব, যেন আমি সচাকৈয়ৈ সেই সময়ত আছো, সেই প্রধানমন্ত্রীসকলৰ সৈতে ছেলফি লৈছো, তেওঁলোকৰ সৈতে কথা পাতিব পাৰিছো৷

বন্ধুসকল,

আমাৰ দেশৰ নৱ প্ৰজন্ম, ছাত্র-ছাত্রীসকলে এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়লৈ অহাৰ বাবে অধিক উৎসাহিত কৰিব লাগিব৷ এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়ে তেওঁলোকৰ অভিজ্ঞতাক আৰু অধিক সম্প্রসাৰিত কৰিব৷ আমাৰ নৱ প্রজন্ম অতি সক্ষম আৰু তেওঁলোকৰ মাজত দেশক নতুন উচ্চতালৈ নিয়াৰ ক্ষমতা আছে৷ তেওঁলোকে নিজৰ দেশ সম্পর্কে, স্বাধীন ভাৰতৰ গুৰুত্বপূর্ণ মুহূর্তবোৰ সম্পর্কে, ঘটনাসমূহৰ সম্পর্কে যিমান অধিক জানিব, যিমান অধিক বুজিব, সিমানেই তেওঁলোকে ভৱিষ্যতত সঠিক সিদ্ধান্ত ল’ব পৰা হ’ব, সক্ষম হৈ উঠিব৷ এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়ে ভৱিষ্যৎ প্রজন্মৰ বাবে জ্ঞানৰ, ভাৱনাৰ, অভিজ্ঞতাৰ, অনুভৱৰ এটা এনে অনুপম দুৱাৰ খোলাৰ কাম কৰিব৷ ইয়ালৈ আহি তেওঁৱোকে যিমান বোৰ জানিব পাৰিব, যিবোৰ তথ্যৰ সৈতে তেওঁলোক পৰিচিত হ’ব, সেইবোৰে তেওঁলোকক ভৱিষ্যতত সিদ্ধান্ত লোৱাত সহায় কৰিব৷ ইতিহাসৰ ছাত্র-ছাত্রীসকল যেতিয়া গবেষণা কৰিব বিচাৰে, তেওঁলোকো ইয়ালৈ আহি বহুত লাভান্বিত হ’ব৷

বন্ধুসকল,

ভাৰত গণতন্ত্রৰ জননী৷ ভাৰতৰ গণতন্ত্রৰ এইটোৱে আটাইতকৈ ডাঙৰ বৈশিষ্ট্য এই যে সময়ৰ সৈতে এই গণতন্ত্রত ক্রমাগত পৰিৱর্তন আহিছে৷ প্রতিটো যুগত, প্রতিটো প্রজন্মত গণতন্ত্রক আৰু অধিক আধুনিক আৰু অধিক শক্তিশালী কৰি তোলাৰ নিৰন্তৰ প্রয়াস কৰা হৈছে৷ সময়ৰ সৈতে যিদৰে বহুবাৰ সমাজৰ কেতবোৰ ত্রুটি-বিচ্যুতি, কু-সংস্কাৰত পৰিণত হয়, সিমানেই গণতন্ত্রৰ সন্মুখতো বিভিন্ন সময়ত বহুত সমস্যা আহিছে, বহু প্ৰত্যাহ্বান আহিছে। এই প্ৰত্যাহ্বানসমূহ, এই ত্রুটিসমূহ দূৰ কৰা, নিজকে পৰিষ্কাৰ কৰা, এয়াই ভাৰতীয় গণতন্ত্রৰ প্রধান বৈশিষ্ট্য। এয়াই ভাৰতীয় গণতন্ত্রৰ প্ৰকৃত সৌন্দর্য আৰু এইক্ষেত্রত প্রতিগৰাকী নেতাই তেওঁলোকৰ অৱদান আগবঢ়াইছে৷ দুই এটা ব্যক্তিক্রম বাদ দিলে, আমাৰ দেশত গণতন্ত্রক গণতান্ত্রিক পদ্ধতিৰে শক্তিশালী কৰাৰ গৌৰৱময় পৰম্পৰা পৰিলক্ষিত হৈছে৷ সেইবাবে আমাৰো দায়িত্ব এই যে নিজৰ প্রচেষ্টাৰ জৰিয়তে আমাৰ গণতন্ত্ৰক যেন আৰু অধিক শক্তিশালী কৰি থাকিব পাৰো৷ আজি যিবোৰ সমস্যা আমাৰ গণতন্ত্রৰ সন্মুখত আছে, সময়ৰ সৈতে যিবোৰ ত্রুটিয়ে ইয়াত আমাক বিড়ম্বনাত পেলাইছে, সেইবোৰ দূৰ কৰি যেন আমি আগুৱাই যাব পাৰো, এয়াই আমাৰ পৰা এই দেশৰ গণতন্ত্রই আশা কৰে৷ দেশবাসীয়েও আমাৰ সকলোৰে পৰা এয়াই প্রত্যাশা কৰে৷ আজিৰ এই ঐতিহাসিক মুহূর্ত গণতন্ত্রক শক্তিশালী আৰু সমৃদ্ধ কৰাৰ সংকল্পকো পুনৰুচ্ছাৰণ কৰাৰো এক শুভ মুহূর্ত। আমাৰ ভাৰতত যুগে যুগে বিভিন্ন ভাৱধাৰা, বিভিন্ন মত, পথ আৰু পৰম্পৰাৰ সমাবেশ হৈছে। আমাৰ গণতন্ত্রই আমাৰ এই কথা নিশিকায় যে কোনো এক নির্দিষ্ট দর্শন, নির্দিষ্ট ভাৱনাই সর্বোত্তম আৰ অন্যবোৰ নহয়। আমিতো সেই সভ্যতাৰ কোলাত লালিত-পালিত হৈছো, য’ত এইকথা কোৱা হৈছে যে–

“আ নো ভদ্রাঃ

ক্রতভো য়ন্তু বিশ্বতঃ”

অর্থাৎ, আমাৰ বাবে যেন সকলো দিশৰ পৰা সদ বিচাৰ, শুদ্ধ ভাৱনা আহে৷ আমাৰ গণতন্ত্রই সদায় নতুনক স্বীকাৰ কৰি লোৱাৰ, নতুন চিন্তা-ভাৱনাক মানি লোৱাৰ, নতুন চিন্তা-ভাৱনাক গ্রহণ কৰাৰ আমাৰ প্রেৰণা দিয়ে৷ নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়লৈ যিসকল দর্শক হিচাপে আহিব, তেওঁলোকে গণতন্ত্রৰ এই শক্তিকো দেখিবলৈ পাব, অনুভৱ কৰিব৷ ভাৱনা, দর্শনক লৈ সহমত নহ’ব পাৰে, বিভিন্ন ৰাজনৈতিক ধাৰা থাকিব পাৰে, কিন্তু গণতন্ত্রত সকলোৰে উদ্দেশ্য, সকলোৰে লক্ষ্য এটাই, সেয়া হৈছে– দেশৰ উন্নয়ন। সেইবাবে এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়ে কেৱল দেশৰ প্রধানমন্ত্রীসকলৰ সাফল্য, তেওঁলোকৰ অৱদানসমূহক সংৰক্ষণতে সীমাবদ্ধ থকা নাই, এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়ে প্রত্যেক বিপৰীত পৰিস্থিতিত, বিভিন্ন কঠিন সময়ত আমাৰ দেশত গণতন্ত্রৰ শিকলি কিদৰে আৰু অধিক গভীৰতাত উপনীত কৰিব আৰু কিমান দৃঢ় হৈছে–সেয়া অনুধাৱন কৰাব। এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়ে আমাৰ সংস্কৃতিত হাজাৰ হাজাৰ বছৰ ধৰেৰি পুষ্পিত গণতান্ত্রিক সংস্কাৰসমূহৰ দৃঢ়তা আৰু সংবিধানৰ প্রতি শক্তিশালী হোৱাত আস্থাৰ প্রতীক হৈ উঠিছে।

 

বন্ধুসকল,

নিজৰ ঐতিহ্যক সংৰক্ষণ কৰা, সেইবোৰ ভৱিষ্যৎ প্রজন্মক জনোৱাটো প্রতিখন ৰাষ্ট্রৰ দায়িত্ব। আমাৰ দেশত স্বাধীনতা আন্দোলন, আমাৰ সাংস্কৃতিক বৈভৱৰ যাবতীয় প্রেৰণাদায়ী প্ৰসংগ আৰু প্রেৰণাদায়ী ব্যক্তিত্বৰ কৃতিত্বক তুলি ধৰা, জনসাধাৰণক সকলো আন্দোলনক তুলি ধৰাৰ বাবে আমাৰ চৰকাৰে নিৰন্তৰ কাম কৰি আহিছে। দেশৰ পৰা চুৰি হোৱা মূর্তিসমূহ আৰু বিভিন্ন গুৰুত্বপূর্ণ কলাকৃতী ঘূৰাই অনাৰ পৰা আৰম্ভ কৰি পুৰণি সংগ্রহালয়সমূহৰ পুনৰ নিৰ্মাণ, নতুন নতুন সংগ্রহালয় নির্মাণৰ এক বৃহৎ অভিযান বিগত ৭-৮ বছৰ ধৰি চলি আছে আৰু এই প্রচেষ্টাসমূহৰ অন্তৰালত এটা বহুত ডাঙৰ উদ্দেশ্য আছে৷ যেতিয়া আমাৰ নৱ প্রজন্মই এই জীৱন্ত প্রতীকসমূহ দেখিব, তেতিয়া তেওঁলোকৰ মনত তথ্য সম্পর্কে জ্ঞান যিমানে জাগি উঠিব, সিমানেই সত্য সম্পর্কেও নিজা জ্ঞান অংকুৰিত হ’ব৷ যেতিয়া কোনোৱে জালিয়ানৱালা বাগ স্মাৰকক চাব তেতিয়া তেওঁ সেই স্বাধীনতাৰ গুৰুত্ব অনুধাৱন কৰিব পাৰে, যি স্বাধীনতাৰ আনন্দ আজি তেওঁ উপভোগ কৰিছে৷ যেতিয়া কোনো লোকে স্বাধীনতা সংগ্রামীসকলৰ সংগ্রহালয় চাব, তেতিয়া তেওঁলোকে জানিব পাৰে যে স্বাধীনতা সংগ্রামত দূৰ দুৰণিৰ অৰণ্যত বসবাস কৰা আমাৰ দেশৰ প্রতিটো এলেকাৰ জনজাতি ভাই-ভনীসকলেও কিদৰে অৱদান ৰাখিছে, প্রত্যেক শ্রেণীৰ লোকসকলে কিদৰে তেওঁলোকৰ সর্বস্ব উৎসর্গ কৰিছে৷ যেতিয়া কোনোৱে স্বাধীনতা সংগ্রামীসকলক লৈ নিৰ্মাণ কৰা সংগ্রহালয় চাব, তেতিয়া তেওঁলোকে অনুভৱ কৰিব যে দেশৰ বাবে আত্মবলিদান মানে কি হয়। এয়া আমাৰ চৰকাৰৰে সৌভাগ্য যে দিল্লীৰ আলিপুৰ ৰোডত আমি বাবাচাহেব ভীমৰাও আম্বেদকাৰৰ ‘মহাপৰিনির্বাণ স্থলী’ত বাবাচাহেবৰ স্মৃতিসৌধ নির্মাণ কৰিব পাৰিছো৷ বাবাচাহেব ভীমৰাও আম্বেদকাৰক লৈ যি ‘পঞ্চতীর্থ’ নিৰ্মাণ কৰা হৈছে, সেইবোৰে ইতিমধ্যে বৰ্তমানৰ নৱ প্রজন্ম আৰু ভৱিষ্যৎ প্রজন্মৰ বাবে সামাজিক ন্যায় আৰু অটুট ৰাষ্ট্র নিষ্ঠা, প্রেৰণাৰ কেন্দ্র হৈ পৰিছে।

বন্ধুসকল,

এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়েও জনগণৰ দ্বাৰা নির্বাচিত প্রধানমন্ত্রীসকলৰ ঐতিহ্যক প্রদর্শিত কৰি আমাৰ ‘সবকা প্রয়াস’ৰ ভাৱনাৰ উৎসৱ উদযাপন কৰিছে৷ ইয়াৰ যি ল’গ’, সেইটো যেতিয়া আপোনালোকে চাব, ভালকৈ লক্ষ্য কৰিব, তেতিয়া বুজিব পাৰিব, এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়ৰ ল’গ’ত দেকিবলৈ পাব যে কোটি কোটি ভাৰতীয়ৰ হাতে চক্রটোক দাঙি ধৰিছে। এই চক্রই ২৪ ঘণ্টা নিৰন্তৰতাৰ প্রতীক। সমৃদ্ধিৰ সংকল্পৰ বাবে এই চক্র পৰিশ্রমৰ প্রতীক। এয়াই সেই পণ, এয়াই সেই শপত, এয়াই সেই চেতনা, এয়াই সেই শক্তি, যি অহা ২৫ বছৰত ভাৰতৰ উন্নয়নক সংজ্ঞায়িত কৰি থাকিব৷

বন্ধুসকল,

ভাৰতৰ ইতিহাসৰ মহানতাৰ সৈতে, ভাৰতৰ সমৃদ্ধিকালৰ সৈতে আমি সকলোৱে ইয়ালৈ আহি চিনাকী হ’ব পাৰিম৷ সেইবাবে আমি সকলো সময়তে গৌৰৱ কৰিব পাৰিম৷ ভাৰতৰ ঐতিহ্যৰ সৈতে আৰু ভাৰতৰ বর্তমানৰ সৈতে আজি বিশ্ববাসীয়ে যাতে সঠিকভাবে পৰিচিত হৈ উঠে সেয়া সুনিশ্চিত কৰিবলৈ এই ধৰণৰ সংগ্রহালয় অত্যন্ত প্রয়োজনীয়। আজি যি সময়ত এক নতুন ৱর্ল্ড অর্ডাৰ গঢ় লৈ উঠিছে, বিশ্বই ভাৰতৰ দিশে এক আশা আৰু বিশ্বাসপূর্ণ দৃষ্টিৰে চাইছে, সেই সময়ত ভাৰতকো প্রতি মুহূর্তত নতুন উচ্চতালৈ নিয়াৰ বাবে নিজৰ প্রচেষ্টা কৰি যাব লাগিব৷ এনে সময়ত স্বাধীনোত্তৰ এই ৭৫ বছৰ অত্যন্ত গুৰুত্বপূর্ণ। এই ৭৫ বছৰত ভাৰতৰ প্রধানমন্ত্রীসকলৰ কার্যকাল সম্পর্কে বিস্তাৰিতভাৱে জানিবলৈ এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়ে আমাক সহায় কৰিব, আমাক সদায় প্রেৰণা যোগাব। এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়ে আমাৰ মনৰ মাজত ভাৰতৰ বাবে ডাঙৰ সংকল্পৰ বীজ ৰোপণৰ সামর্থ্য গঢ়ি তুলিব। এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়ে ভাৰতৰ ভৱিষ্যতক যিসকলে গঢ়ি তুলিব, সেই যুৱ সম্প্রদায়ৰ মনত কিবা এটা কৰি দেখুওৱাৰ ভাৱনা অংকুৰিত কৰিব৷ অনাগত সময়ত ইয়াত যিসকলৰ নাম অন্তৰ্ভূক্ত হ’ব তেওঁলোকৰ কামো অন্তৰ্ভূক্ত হ’ব৷ তাৰ পৰাই আমি সকলোৱে এক ‘বিকশিত ভাৰত’ৰ সপোনক, এক উন্নত ভাৰতৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ শান্তি বিচাৰি পাম৷ ইয়াৰ বাবে বৰ্তমান পৰিশ্রম কৰিব লাগিব৷ এই সময়, স্বাধীনতাৰ এই অমৃতকাল, ঐক্যবদ্ধতা, একনিষ্ঠতা আৰ বিভিন্ন প্রচেষ্টাৰ বাস্তবায়িত কৰাৰ সময়। সমগ্র দেশবাসীৰ প্রতি মোৰ অনুৰোধ, আপোনালোক নিজে এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়টো চাবলৈ আহক, আৰু আপোনালোকৰ সন্তান-সন্ততিকো এই সংগ্রহালয় দর্শন কৰোৱাৰ বাবে নিশ্চিতভাৱে লৈ আহক৷ আপোনালোকক আমন্ত্রণ জনাই পুনৰবাৰ এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়ৰ বাবে সমগ্র দেশবাসীক বহুত বহুত শুভেচ্ছা জনাইছো৷ ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Semiconductor Mission 2.0 to boost domestic chip manufacturing

Media Coverage

India Semiconductor Mission 2.0 to boost domestic chip manufacturing
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi receives a telephone call from the Prime Minister of Mauritius
February 09, 2026
The two leaders review progress in bilateral cooperation since their last meeting in Varanasi in September 2025.
They reaffirm their shared commitment to further advancing the India-Mauritius Enhanced Strategic Partnership.
PM Modi reiterates India’s continued support for Mauritius’ development priorities.
Both leaders agree to work closely towards peace and stability in the Indian Ocean Region.
PM Modi conveys that he looks forward to welcoming him in Delhi for the AI Impact Summit next week.

Prime Minister Shri Narendra Modi received a telephone call today from the Prime Minister of the Republic of Mauritius, H.E. Dr. Navinchandra Ramgoolam..

The two leaders reviewed progress in the wide-ranging bilateral cooperation since their last meeting in Varanasi in September 2025 with an emphasis on development partnership, capacity building and people-to-people exchanges.

They reaffirmed their shared commitment to further advancing the Enhanced Strategic Partnership between India and Mauritius for the benefit of the two peoples.

Prime Minister Modi reiterated India’s continued support for Mauritius’ development priorities in line with Vision MAHASAGAR, India’s Neighbourhood First policy and shared commitment to the Global South.

Both leaders agreed to continue working closely to achieve the shared objectives of peace and stability in the Indian Ocean Region.

Prime Minister Modi conveyed that he looked forward to welcoming him in Delhi for the AI Impact Summit next week.