ডঃ সিঙৰ জীৱন পৰিক্ৰমাই ভৱিষ্যৎ প্ৰজন্মক কেনেদৰে প্ৰতিকূল পৰিস্থিতিক নেওচি শিখৰত আৰোহণ কৰিব পাৰি, সেয়া শিকাইছেঃ প্ৰধানমন্ত্ৰী
ডঃ সিঙক সদায় এগৰাকী দয়ালু ব্যক্তি, এগৰাকী বিদ্বান অৰ্থনীতিবিদ আৰু সংস্কাৰৰ প্ৰতি সমৰ্পিত এগৰাকী নেতা হিচাপে স্মৰণ কৰা হ'বঃ প্ৰধানমন্ত্ৰী
ডঃ সিঙৰ বৰ্ণাঢ্য সংসদীয় কেৰিয়াৰক তেওঁৰ নম্রতা, মৃদুতা আৰু বোধশক্তিয়ে পৰিচালিত কৰিছিলঃ প্ৰধানমন্ত্ৰী
ডঃ সিং সদায় দলীয় ৰাজনীতিৰ উৰ্ধত থাকিছিল, সকলো দলৰ ব্যক্তিৰ সৈতেই যোগাযোগ অক্ষুণ্ণ ৰাখিছিল আৰু সকলোৰে বাবে সহজে উপলব্ধ আছিলঃ প্ৰধানমন্ত্ৰী

প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং ডাঙৰীয়াৰ দেহাৱসানত শোকাহত হৈছোঁ। তেওঁৰ বিয়োগ আমাৰ ৰাষ্ট্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি। বিভাজনৰ সময়ত ভাৰতলৈ আহি ইমানখিনি হেৰুৱায়ো জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে উল্লেখযোগ্য সফলতা লাভ কৰাটো সাধাৰণ কথা নহয়। তেওঁৰ জীৱন পৰিক্ৰমাই ভৱিষ্যৎ প্ৰজন্মক কেনেদৰে প্ৰতিকূল পৰিস্থিতিক নেওচি শিখৰত আৰোহণ কৰিব পাৰি, সেয়া শিকাইছে।

তেওঁক সদায় এগৰাকী দয়ালু ব্যক্তি, এগৰাকী বিদ্বান অৰ্থনীতিবিদ আৰু সংস্কাৰৰ প্ৰতি সমৰ্পিত এগৰাকী নেতা হিচাপে স্মৰণ কৰা হ'ব। এগৰাকী অৰ্থনীতিবিদ হিচাপে তেওঁ ভাৰত চৰকাৰৰ ভিন্ন পদবীত সেৱা আগবঢ়াইছিল। এছোৱা প্ৰত্যাহ্বানমূলক সময়ত তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অধ্যক্ষৰ দায়িত্ব পালন কৰিছিল। প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু ভাৰত ৰত্ন পি.ভি. নৰসিংহ ৰাওৰ চৰকাৰৰ বিত্ত মন্ত্ৰী হিচাপে তেওঁ দেশক বিত্তীয় সংকটৰপৰা উদ্ধাৰেৰে এক নতুন অৰ্থনৈতিক পথৰ পথ-প্ৰদৰ্শন কৰিছিল। প্ৰধানমন্ত্ৰী হিচাপে ৰাষ্ট্ৰখনৰ উন্নয়ন আৰু প্ৰগতিৰ ক্ষেত্ৰত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব।

জনসাধাৰণ আৰু দেশৰ উন্নয়নৰ প্ৰতি তেওঁৰ দায়বদ্ধতাক সদায় উচ্চ সন্মান প্ৰদান কৰা হৈছে। তেওঁৰ জীৱনত তেওঁৰ সততা আৰু সৰলতাৰ প্ৰতিফলন ঘটিছিল। তেওঁ আছিল এগৰাকী অসামান্য সাংসদ। তেওঁৰ বৰ্ণাঢ্য সংসদীয় কেৰিয়াৰক তেওঁৰ নম্রতা, মৃদুতা আৰু বোধশক্তিয়ে পৰিচালিত কৰিছিল। চলিত বৰ্ষৰ আৰম্ভণিতে ৰাজ্যসভাত তেওঁৰ কাৰ্য্যকালৰ অন্ত পৰোতেও মই তেওঁৰ সমৰ্পণৰ মনোভাৱক সকলোৰে বাবে অনুপ্ৰেৰণামূলক বুলি উল্লেখেৰে প্ৰশংসা কৰিছিলোঁ। শাৰীৰিক প্ৰত্যাহ্বান নেওচি তেওঁ হুইলচেয়াৰত আহি গুৰুত্বপূৰ্ণ অধিৱেশনত অংশগ্ৰহণেৰে তেওঁৰ সংসদীয় দায়িত্ব পালন কৰিছিল।

প্ৰতিষ্ঠিত বিশ্ব শিক্ষানুষ্ঠানসমূহৰপৰা শিক্ষা লাভ আৰু চৰকাৰী শীৰ্ষ পদবীত অধিষ্ঠিত হৈয়ো তেওঁ তেওঁৰ নম্র পটভূমিৰ প্ৰমূল্যবোধৰাজিক কেতিয়াও পাহৰি যোৱা নাছিল। তেওঁ সদায় দলীয় ৰাজনীতিৰ উৰ্ধত থাকিছিল, সকলো দলৰ ব্যক্তিৰ সৈতেই যোগাযোগ অক্ষুণ্ণ ৰাখিছিল আৰু সকলোৰে বাবে সহজে উপলব্ধ আছিল। মুখ্যমন্ত্ৰী হিচাপে মোৰ কাৰ্য্যকালৰ সময়ছোৱাত ডঃ মনমোহন সিং ডাঙৰীয়াৰ সৈতে ভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত মুকলি আলোচনা হৈছিল। দিল্লীলৈ অহাৰ পাছতো তেওঁক সঘনাই লগ পাইছিলোঁ আৰু কথা-বতৰা পাতিছিলোঁ। দেশৰ বিষয়ে আমাৰ আলোচনা আৰু আমাৰ বৈঠকসমূহৰ কথা সদায় মনত থাকিব। শেহতীয়াকৈ তেওঁৰ জন্মদিনত তেওঁৰ সৈতে কথা পাতিছিলোঁ।

মই এই কঠিন মুহূৰ্তত তেওঁৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। দেশৰ সকলো নাগৰিকৰ হৈ ডঃ মনমোহন সিং ডাঙৰীয়ালৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'BRICS 2026 becomes major Bharat achievement for PM Narendra Modi'

Media Coverage

'BRICS 2026 becomes major Bharat achievement for PM Narendra Modi'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 ছেপ্টেম্বৰ 2026
September 15, 2026

A Mandate of Performance: Civic Wins, IPO Surge and Neighbourly Power Reflect Faith in PM Modi’s Leadership