ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

নমস্কে ইউ. এছ! এতিয়া আনকি আমাৰ “নমস্তে”ও বহুজাতিক হৈ পৰিছে, স্থানীয়ৰ পৰা বিশ্বজুৰি পৰিৱৰ্তন হৈছে আৰু এই সকলোবোৰ আপোনালোকৰ বাবেই হৈছে। ভাৰতক হৃদয়ত ধৰি ৰখা প্ৰতিজন ভাৰতীয়ই এই কাম সম্ভৱ কৰি তুলিছে।

 

বন্ধুসকল,

আপোনালোক ইয়ালৈ দূৰ-দূৰণিৰ পৰা আহিছে৷ কিছুমান মুখ চিনাকি, আন কিছুমান নতুন। আপোনালোকৰ মৰম মোৰ বাবে এক বৃহৎ সন্মান। মই সেই দিনবোৰৰ কথা মনত পেলাওঁ যেতিয়া মই প্ৰধানমন্ত্ৰী নাছিলোঁ, মুখ্যমন্ত্ৰী নাছিলোঁ, একেবাৰেই নেতা নাছিলোঁ। তেতিয়া মই ইয়ালৈ আহিছিলোঁ এজন অনুসন্ধিৎসু ভ্ৰমণকাৰী হিচাপে, এই ভূমিখন চাবলৈ আৰু বুজিবলৈ আগ্ৰহী হৈছিলোঁ, মনত বহু প্ৰশ্ন কঢ়িয়াই লৈ ফুৰিছিলোঁ। আনকি যেতিয়া মই কোনো চৰকাৰী পদবীত নাছিলো, তেতিয়াও মই ইতিমধ্যে আমেৰিকাৰ প্ৰায় ২৯খন ৰাজ্য ভ্ৰমণ কৰিছিলোঁ। পিছলৈ যেতিয়া মই মুখ্যমন্ত্ৰী হৈছিলো তেতিয়া প্ৰযুক্তিৰ জৰিয়তে আপোনালোকৰ সৈতে সংযোগ স্থাপন কৰি আছিলোঁ। এগৰাকী প্ৰধানমন্ত্ৰী হিচাপেও আপোনালোকৰ পৰা অপৰিসীম মৰম-স্নেহ পাইছো৷ ২০১৪ চনত মেডিচন স্কোৱাৰ; ২০১৫ চনত ছেম জোশ; ২০১৯ চনত হিউষ্টন; ২০২৩ চনত ৱাশ্বিংটন; আৰু এতিয়া ২০২৪ চনত নিউয়ৰ্ক, আৰু প্ৰতিবাৰেই, আপোনালোকে বিগত সময়ৰ অভিলেখ ভংগ কৰিছে।

বন্ধুসকল,

প্ৰৱাসী ভাৰতীয়ৰ শক্তিক মই সদায় চিনি পাই আহিছো। আনকি কোনো চৰকাৰী পদত নথকা সময়তো বুজি পাইছিলোঁ, আজিও বুজি পাইছো। মোৰ বাবে আপোনালোক সদায় ভাৰতৰ আটাইতকৈ শক্তিশালী ব্ৰেণ্ড এম্বেছাদৰ হৈ আহিছে। সেইবাবেই মই আপোনালোকক ‘ৰাষ্ট্ৰদূত’ (দেশৰ দূত) বুলি কওঁ। আপোনালোকে আমেৰিকাক ভাৰতৰ সৈতে আৰু ভাৰতক আমেৰিকাৰ সৈতে সংযোগ কৰিছে৷ আপোনালোকৰ দক্ষতা, প্ৰতিভা, দায়বদ্ধতা অতুলনীয়। যদিও আপোনালোক সাত সাগৰ পাৰ হৈ আহিছে, তথাপিও কোনো সাগৰেই আপোনালোকৰ হৃদয়ত বাস কৰা ভাৰতৰ পৰা পৃথক কৰিব পৰা নাই। মা ভাৰতীয়ে আমাক যি শিকাইছে, আমি কেতিয়াও পাহৰিব নোৱাৰো। আমি য’তেই যাওঁ, সকলোকে আমি পৰিয়ালৰ দৰে ব্যৱহাৰ কৰো। বৈচিত্ৰ্যক আকোৱালি লোৱা, ইয়াক জীয়াই থকা আৰু ইয়াক আমাৰ জীৱনত একত্ৰিত কৰা—এইবোৰ আমাৰ মূল্যবোধ, আমাৰ সত্তাত নিহিত হৈ আছে। আমি শ শ ভাষা আৰু উপভাষা থকা দেশৰ, প্ৰতিটো ধৰ্ম আৰু পন্থাৰ ঘৰ। তথাপিও আমি এক আৰু ঐক্যবদ্ধ হৈ আগবাঢ়িছো। এই প্ৰেক্ষাগহতেই কোনোৱে তামিল, কোনোৱে তেলেগু, মালয়ালম, কানাড়া, পাঞ্জাবী, মাৰাঠী বা গুজৰাটী কয়। আমাৰ ভাষাৰ ভিন্নতা থাকিব পাৰে, কিন্তু আমাৰ আত্মা এক: “ভাৰত মাতা কী জয়” (ভাৰত মাতৃৰ বিজয়), ভাৰতীয়তাৰ আত্মা। বিশ্বৰ সৈতে সংযোগ স্থাপনৰ ক্ষেত্ৰত এইটোৱেই আমাৰ আটাইতকৈ ডাঙৰ শক্তি। এই মূল্যবোধবোৰে স্বাভাৱিকতে আমাক ‘বিশ্ব বন্ধু’ (গোলকীয় বন্ধু) কৰি তোলে। আমাৰ শাস্ত্ৰত কোৱাৰ দৰে, তেন তেক্তেন ভুঞ্জিথাঃ অৰ্থাৎ যিসকলে ত্যাগ কৰে তেওঁলোকেই সঁচাকৈয়ে উপভোগ কৰে। আমি আনৰ ভাল কাম কৰি আৰু ত্যাগ কৰি সুখ পাওঁ। আমি য’তেই নাথাকক কিয়, এই আত্মা অপৰিৱৰ্তিত হৈ থাকে। আমি বাস কৰা সমাজবোৰত আমি সৰ্বাধিক অৰিহণা যোগাওঁ। আমেৰিকাত, সেয়া চিকিৎসক, গৱেষক, টেক পেছাদাৰী, বিজ্ঞানী বা অন্য বৃত্তিতেই হওক, আপোনালোক উচ্চতালৈ উঠিছে আৰু বিশ্বই ইয়াৰ সাক্ষী হৈছে। মাত্ৰ অলপ আগতে ইয়াত টি-২০ ক্ৰিকেট বিশ্বকাপ অনুষ্ঠিত হৈছিল আৰু আমেৰিকাৰ দলটোৱে আচৰিত ধৰণে খেলিছিল আৰু সেই দলটোত ইয়াত বাস কৰা ভাৰতীয়সকলৰ অৱদানো বিশ্বই দেখিছে।

 

বন্ধুসকল,

বিশ্বৰ বাবে ‘AI’ মানে কৃত্ৰিম বুদ্ধিমত্তা, কিন্তু মোৰ বিশ্বাস ‘AI’ মানে আমেৰিকা-ভাৰত। এই আমেৰিকা-ভাৰত মনোভাৱেই হৈছে ভাৰত-আমেৰিকাৰ সম্পৰ্কক উন্নীত কৰা নতুন পৃথিৱীৰ এআই শক্তি। সকলো প্ৰৱাসী ভাৰতীয়ক প্ৰণাম জনাইছো।

বন্ধুসকল,

পৃথিৱীৰ য'তেই যাওঁ, প্ৰতিজন নেতাৰ পৰা প্ৰৱাসী ভাৰতীয়ৰ প্ৰশংসাৰ বাহিৰে একো শুনা নাই। মাত্ৰ কালি ৰাষ্ট্ৰপতি বাইডেনে মোক ডেলাৱেৰৰ নিজৰ ঘৰলৈ মাতিলে। তেওঁৰ উষ্ম আৰু আতিথ্য সঁচাকৈয়ে মৰ্মস্পৰ্শী আছিল। এই সন্মান ১৪০ কোটি ভাৰতীয়ৰ বাবে, আপোনালোকৰ কষ্টৰ বাবে, ইয়াত বসবাস কৰা লাখ লাখ ভাৰতীয়ৰ বাবে। ৰাষ্ট্ৰপতি বাইডেন আৰু আপোনালোক সকলোলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো।

বন্ধুসকল,

২০২৪ বৰ্ষটো বিশ্বৰ বাবে অতি গুৰুত্বপূৰ্ণ। এফালে আমি দেশসমূহৰ মাজত সংঘাত আৰু উত্তেজনা দেখিবলৈ পাওঁ, আনফালে কিছুমান দেশে গণতন্ত্ৰৰ উদযাপন কৰিছে। গণতন্ত্ৰৰ এই উদযাপনত ভাৰত আৰু আমেৰিকা একেলগে আছে। ইয়াত আমেৰিকাত নিৰ্বাচন আহি আছে, আনহাতে ভাৰতে ইতিমধ্যে নিৰ্বাচন অনুষ্ঠিত কৰিছে। ভাৰতৰ এই নিৰ্বাচন মানৱ ইতিহাসৰ আটাইতকৈ ডাঙৰ নিৰ্বাচন আছিল। আপোনালোক কল্পনা কৰিব পাৰে: আমেৰিকাৰ মুঠ জনসংখ্যাৰ তুলনাত ভোটাৰৰ সংখ্যা প্ৰায় দুগুণ, আৰু সমগ্ৰ ইউৰোপৰ জনসংখ্যাতকৈ ভোটাৰৰ সংখ্যা বেছি! গতিকে ভাৰতত বহু লোকে ভোটদান কৰিলে। ভাৰতৰ গণতন্ত্ৰৰ পৰিসৰ দেখিলে ই আমাক গৌৰৱেৰে ভৰাই তোলে। তিনিমাহজোৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া, ডেৰ কোটি ভোটগ্ৰহণ কৰ্মচাৰী, এক মিলিয়নতকৈও অধিক ভোটগ্ৰহণ কেন্দ্ৰ, ২৫০০ৰো অধিক ৰাজনৈতিক দল, ৮০০০ৰো অধিক প্ৰাৰ্থী, হাজাৰ হাজাৰ বিভিন্ন ভাষাৰ বাতৰি কাকত, শ শ ৰেডিঅ’ ষ্টেচন, টিভি নিউজ চেনেল, লাখ লাখ ছ’চিয়েল মিডিয়া একাউণ্ট, লাখ লাখ ছ’চিয়েল মিডিয়া চেনেল—এই সকলোবোৰে ভাৰতৰ গণতন্ত্ৰক সজীৱ কৰি তুলিছে। ই মত প্ৰকাশৰ স্বাধীনতা সম্প্ৰসাৰণৰ যুগ আৰু আমাৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো এই পৰ্যায়ত তদাৰক কৰা হয়।

 

আৰু বন্ধুসকল,

এই দীঘলীয়া নিৰ্বাচনী প্ৰক্ৰিয়াই এইবাৰ ভাৰতত অভূতপূৰ্ব কিবা এটাৰ সৃষ্টি কৰিছে। কি হ’ল? কি হ’ল? কি হ’ল? ‘অবকি বৰ – ’ (এইবাৰ আকৌ—), ‘অবকি বাৰ – ’ (এইবাৰ আকৌ—), ‘অবকি বাৰ – ’ (এইবাৰ আকৌ—)!

বন্ধুসকল,

তৃতীয়বাৰৰ বাবে পুনৰ নিৰ্বাচিত হৈছে আমাৰ চৰকাৰ। যোৱা ৬০ বছৰত ভাৰতত এনেকুৱা হোৱা নাছিল৷ ভাৰতৰ ৰাইজে আমাক যি আদেশ দিছে সেয়া বিশাল আৰু তাৎপৰ্যপূৰ্ণ। এই তৃতীয় কাৰ্যকালত আমাৰ হাতত আৰু অধিক লক্ষ্য আছে। আমি তিনিগুণ শক্তি আৰু তিনিগুণ গতিৰে আগবাঢ়িব লাগিব। এটা শব্দ মনত থাকিব: পুষ্প (PUSHP) (ফুল)। হয়, পদুম বুলি গণ্য কৰক, মোৰ কোনো আপত্তি নাই। PUSHP, আৰু মই এই PUSHP সংজ্ঞায়িত কৰিছো। প্ৰগতিশীল ভাৰতৰ বাবে পি, আনষ্টপেবল ভাৰতৰ বাবে ইউ, আধ্যাত্মিক ভাৰতৰ বাবে এছ, মানৱতা প্ৰথম ভাৰতৰ বাবে এইচ আৰু সমৃদ্ধিশালী ভাৰতৰ বাবে পি। PUSHP ৰ এই পাঁচটা পাহিয়ে একেলগে ‘বিকশিত ভাৰত’ (উন্নত ভাৰত) গঢ় দিব।

বন্ধুসকল,

স্বাধীনতাৰ পিছত জন্ম লোৱা ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী মই। স্বাধীনতা সংগ্ৰামৰ সময়ত লাখ লাখ ভাৰতীয়ই স্বৰাজ (আত্মশাসন)ৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁলোকে নিজৰ ব্যক্তিগত আগ্ৰহ বা আৰামৰ জ’নৰ কথা ভবা নাছিল; তেওঁলোকে সকলো পাহৰি ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিছিল। কিছুমানক ফাঁচী দিয়া হৈছিল, কোনোবাই গুলীচালনা কৰিছিল, কোনোবাই অত্যাচাৰী কাৰাদণ্ড সহ্য কৰিছিল আৰু বহুতে জেলত কটাবলগীয়া হৈছিল যৌৱন।

বন্ধুসকল,

আমি আমাৰ দেশৰ বাবে মৰিব নোৱাৰিলোঁ, কিন্তু আমি নিশ্চয় ইয়াৰ বাবে জীয়াই থাকিব পাৰিম৷ মৃত্যু আমাৰ ভাগ্যত নাছিল, কিন্তু জীয়াই থকাটোৱেই আমাৰ ভাগ্য৷ প্ৰথম দিনাৰ পৰাই মোৰ মন আৰু মিছন স্পষ্ট হৈ পৰিছে। ‘স্বৰাজ’ (স্বাধীনতা)ৰ বাবে জীৱন দিব নোৱাৰিলোঁ, কিন্তু ‘সুৰাজ’ (সুশাসন) আৰু ‘সমৃদ্ধ’ (সমৃদ্ধিশালী) ভাৰতৰ বাবে মোৰ জীৱন উৎসৰ্গা কৰাৰ সিদ্ধান্ত ল’লোঁ৷ মোৰ জীৱনৰ এটা বৃহৎ অংশ বছৰ বছৰ ধৰি দেশজুৰি বিচৰণ কৰি পাৰ হৈছিল। য'তেই খাদ্য পালোঁ, তাতেই খালোঁ; য’তেই শুবলৈ ঠাই পাইছিলোঁ তাতেই শুইছিলোঁ। সাগৰৰ পাৰৰ পৰা পাহাৰলৈকে, মৰুভূমিৰ পৰা বৰফেৰে আবৃত শৃংগলৈকে প্ৰতিটো অঞ্চলৰ মানুহ লগ পাইছিলোঁ, চিনি পাইছিলোঁ আৰু বুজি পাইছিলোঁ। মোৰ দেশৰ জীৱন, ইয়াৰ সংস্কৃতি আৰু ইয়াৰ প্ৰত্যাহ্বানৰ প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰিলোঁ। যদিও মোৰ পথ বেলেগ আছিল, ভাগ্যই মোক ৰাজনীতিৰ মাজলৈ লৈ আহিছিল। মুখ্যমন্ত্ৰী হোৱাৰ কথা মই কেতিয়াও কল্পনা কৰা নাছিলো, কিন্তু ১৩ বছৰ ধৰি গুজৰাটৰ আটাইতকৈ দীৰ্ঘদিনীয়া মুখ্যমন্ত্ৰী হৈ পৰিলোঁ। মই ১৩ বছৰ গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকিলোঁ আৰু তাৰ পিছত মানুহে মোক প্ৰধানমন্ত্ৰী পদত পদোন্নতি দিলে। কিন্তু দেশ ভ্ৰমণ কৰি শিকি অহা শিক্ষাই মোৰ শাসন ব্যৱস্থাৰ আৰ্হি গঢ় দিছে, ৰাজ্যিক আৰু কেন্দ্ৰীয় দুয়োটা পৰ্যায়তে। যোৱা ১০ বছৰত এই শাসন আৰ্হিৰ সফলতা আপোনাৰ আৰু বিশ্বৰ বাবে স্পষ্ট হৈ পৰিছে। আৰু এতিয়া অতি আস্থাৰে ভাৰতৰ ৰাইজে মোক তৃতীয় কাৰ্যকাল দিছে। এই তৃতীয় কাৰ্যকালৰ কাষ চাপিছো তিনিগুণ দায়িত্ববোধেৰে।

 

বন্ধুসকল,

আজি ভাৰত বিশ্বৰ অন্যতম কনিষ্ঠ দেশ। শক্তি আৰু সপোনেৰে ভৰপূৰ ভাৰত। প্ৰতিদিনে নতুন নতুন অভিলেখ গঢ় লৈ উঠিছে। প্ৰতিদিনে নতুন খবৰ। মাত্ৰ আজি আমি এটা ডাঙৰ খবৰ পালোঁঃ ভাৰতে দবা অলিম্পিয়াডত পুৰুষ আৰু মহিলা উভয় শাখাত স্বৰ্ণ জয় কৰিলে। কিন্তু আৰু এটা কথা কওঁ, যাৰ বাবে আৰু অধিক হাতচাপৰিৰ প্ৰয়োজন হ’ব। প্ৰায় ১০০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে এনেকুৱা হৈছে! আমাৰ দবা খেলুৱৈক লৈ সমগ্ৰ দেশ আৰু প্ৰতিজন ভাৰতীয়ই গৌৰৱান্বিত। ভাৰতক চলাই থকা আন এটা এআই৷ আৰু সেইটো কি? ই আকাংক্ষিতৰ বাবে এ আৰু ভাৰতৰ বাবে আই: আকাংক্ষিত ভাৰত। এয়া আমাৰ নতুন শক্তি। লাখ লাখ ভাৰতীয়ৰ আকাংক্ষাই ভাৰতৰ বিকাশৰ সূচনা কৰিছে৷ প্ৰতিটো আকাংক্ষাই নতুন নতুন কৃতিত্বৰ জন্ম দিছে, আৰু প্ৰতিটো কৃতিত্বই নতুন আকাংক্ষাক ইন্ধন যোগাইছে। মাত্ৰ এটা দশকৰ ভিতৰতে ভাৰত দশম স্থানৰ পৰা ৫ম বৃহত্তম অৰ্থনীতিলৈ উন্নীত হৈছে। এতিয়া প্ৰতিজন ভাৰতীয়ই বিচাৰে ভাৰত শীঘ্ৰে তৃতীয় বৃহত্তম অৰ্থনীতিলৈ পৰিণত হওক। আজি ভাৰতৰ জনসংখ্যাৰ এক বৃহৎ অংশই নিজৰ মৌলিক প্ৰয়োজনীয়তা পূৰণ কৰা দেখিবলৈ পাইছে। যোৱা ১০ বছৰত কোটি কোটি লোকে বিশুদ্ধ ৰন্ধন গেছ, পাইপৰ পানী, বিদ্যুৎ, শৌচাগাৰ আদিৰ সুবিধা লাভ কৰিছে। এই কোটি কোটি লোকে এতিয়া উন্নত মানৰ জীৱনৰ আকাংক্ষা কৰিছে।

বন্ধুসকল,

এতিয়া ভাৰতৰ ৰাইজে কেৱল ৰাস্তা নিবিচাৰে; তেওঁলোকে বিচাৰে বৃহৎ এক্সপ্ৰেছৱে। এতিয়া ভাৰতৰ ৰাইজে কেৱল ৰে’ল সংযোগ বিচৰা নাই; তেওঁলোকে দ্ৰুতবেগী ৰে’ল বিচাৰে। ভাৰতৰ প্ৰতিখন চহৰে মেট্ৰ’ সেৱা লাভ কৰাৰ আকাংক্ষা কৰে আৰু প্ৰতিখন চহৰে নিজাকৈ বিমানবন্দৰ বিচাৰে। গাঁৱৰেই হওক বা চহৰৰেই হওক প্ৰতিজন নাগৰিকে বিশ্বমানৰ সা-সুবিধা বিচাৰে আৰু আমি এই আকাংক্ষাৰ ফল দেখিবলৈ পাইছো। ২০১৪ চনত ভাৰতৰ মাত্ৰ ৫খন চহৰতে মেট্ৰ’ সেৱা আছিল; আজি ২৩খন চহৰত মেট্ৰ’ আছে। ভাৰতত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম মেট্ৰ’ নেটৱৰ্ক আছে, আৰু ই প্ৰতিদিনে সম্প্ৰসাৰিত হৈ আছে।

বন্ধুসকল,

২০১৪ চনত ভাৰতৰ মাত্ৰ ৭০খন চহৰতে বিমানবন্দৰ আছিল; আজি ১৪০ খনতকৈও অধিক চহৰত বিমানবন্দৰ আছে। ২০১৪ চনত ১০০ খনতকৈও কম গ্ৰাম পঞ্চায়তত ব্ৰডবেণ্ড সংযোগ আছিল; আজি ২ লাখৰো অধিক পঞ্চায়তত আছে। ২০১৪ চনত ভাৰতৰ প্ৰায় ১৪ কোটি এল পি জি গ্ৰাহক আছিল; আজি এই সংখ্যা ৩১ কোটিৰো অধিক হৈছে। আগতে যিটো কাম সম্পন্ন কৰিবলৈ বছৰ বছৰ সময় লাগিছিল, এতিয়া মাহৰ ভিতৰতে সম্পূৰ্ণ হৈছে। ভাৰতৰ মানুহৰ ওপৰত নতুন আস্থা, লক্ষ্যত উপনীত হোৱাৰ সংকল্প। ভাৰতৰ উন্নয়ন জন আন্দোলনলৈ পৰিণত হৈছে, আৰু প্ৰতিজন ভাৰতীয়ই এই উন্নয়নৰ আন্দোলনত সমান অংশীদাৰ হৈ পৰিছে। তেওঁলোকে ভাৰতৰ সফলতা আৰু ইয়াৰ কৃতিত্বত বিশ্বাস কৰে।

 

বন্ধুসকল,

আজি ভাৰত এখন সুযোগৰ ভূমি। ভাৰতে আৰু সুযোগৰ বাবে অপেক্ষা নকৰে; ভাৰতে সুযোগ সৃষ্টি কৰে। বিগত ১০ বছৰত ভাৰতে প্ৰতিটো খণ্ডৰ সুযোগৰ বাবে এক নতুন লঞ্চিং পেড প্ৰস্তুত কৰিছে। এইটো চাওক – মাত্ৰ যোৱা এটা দশকত, আৰু ই আপোনাক গৌৰৱান্বিত কৰিব, ২৫ কোটি মানুহক দৰিদ্ৰতাৰ পৰা উলিয়াই আনিছে। এইটো কেনেকৈ হ’ল? পুৰণি মানসিকতা আৰু দৃষ্টিভংগী সলনি কৰাৰ বাবেই এনেকুৱা হ’ল। আমি দুখীয়াক সৱলীকৰণৰ ওপৰত গুৰুত্ব দিলোঁ। আমি ৫০ কোটিতকৈ অধিক লোকক বেংকিং ব্যৱস্থাৰ সৈতে সংযোগ কৰিলোঁ, ৫৫ ​​কোটিতকৈ অধিক লোকক ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰিলোঁ, ৪ কোটিৰো অধিক পৰিয়ালক উপযুক্ত বাসস্থান দিলোঁ, আৰু জামিনবিহীন ঋণৰ জৰিয়তে লাখ লাখ লোক সহজে উপকৃত হ’ব। এনে বহু পদক্ষেপে মানুহক দৰিদ্ৰতাৰ পৰা উলিয়াই আনিবলৈ সহায় কৰিছিল আৰু যিসকলে আজি দৰিদ্ৰতাৰ পৰা ওলাই আহিছে, তেওঁলোকে নব্য মধ্যবিত্ত শ্ৰেণী গঠন কৰে, যিয়ে ভাৰতৰ বিকাশক দ্ৰুত গতিত আগুৱাই লৈ গৈছে।

 

 

ভাৰতৰ বাবে ক্ষমতা আৰু সামৰ্থ্যক "জ্ঞানায়ন চৰাই" বুলি প্ৰতীকিত কৰা হৈছে, অৰ্থাৎ জ্ঞান ভাগ-বতৰা কৰাৰ বাবে, ধন-সম্পত্তিৰ বাবে যত্ন লোৱাৰ বাবে, আৰু ক্ষমতা হৈছে সুৰক্ষাৰ বাবে। গতিকে ভাৰতৰ প্ৰাধান্য নিজৰ আধিপত্য জাপি দিয়া নহয় বৰঞ্চ ইয়াৰ প্ৰভাৱ বৃদ্ধি কৰাহে। আমি জ্বলি থকা জুইৰ দৰে নহয়; আমি পোহৰ প্ৰদান কৰা সূৰ্য্যৰ ৰশ্মিৰ দৰে। আমি পৃথিৱীখনক আধিপত্য বিস্তাৰ কৰিব বিচৰা নাই বৰঞ্চ ইয়াৰ সমৃদ্ধিত অৰিহণা যোগাবলৈহে বিচাৰো। যোগাসনৰ প্ৰসাৰ হওক, ছুপাৰফুড বাজৰাৰ পোষকতা হওক, বা মিছন লাইফ দৃষ্টিভংগী (পৰিৱেশৰ বাবে জীৱনশৈলী)ৰ চেম্পিয়ন হওক, ভাৰতে জিডিপিকেন্দ্ৰিক বৃদ্ধিৰ সমান্তৰালভাৱে মানৱকেন্দ্ৰিক বৃদ্ধিৰ অগ্ৰাধিকাৰ দিছে। আপোনালোক সকলোকে ইয়াত মিছন লাইফেক যিমান পাৰি প্ৰচাৰ কৰিবলৈ আহ্বান জনাইছো। আমাৰ জীৱনশৈলীৰ সৰু সৰু পৰিৱৰ্তনে পৰিৱেশৰ ওপৰত যথেষ্ট ইতিবাচক প্ৰভাৱ পেলাব পাৰে।

ভাৰতত গতি লাভ কৰা আন্দোলন এটাত আপোনালোক হয়তো শুনিছে, আৰু হয়তো আপোনালোকৰ মাজৰ কিছুমানে ইতিমধ্যে অংশগ্ৰহণ কৰিছে। সমগ্ৰ দেশতে মানুহে নিজৰ মাতৃৰ সন্মানত এজোপা গছপুলি ৰোপণ কৰিছে (এক পেড মা কে নাম)। যদি মাক জীয়াই আছে তেন্তে তাইৰ লগতে এজোপা গছ ৰোপণ কৰক। যদি তাই আৰু আমাৰ লগত নাথাকে তেন্তে তাইৰ স্মৃতিত এজোপা গছ ৰোপণ কৰক - লগত তাইৰ এখন ছবি কঢ়িয়াই লৈ গৈ এজোপা গছ ৰোপণ কৰক। এই আন্দোলন ভাৰতৰ চুক-কোণে চলি আছে, আৰু আপোনালোক সকলোকে ইয়াতো একেধৰণৰ অভিযান আৰম্ভ কৰিবলৈ উৎসাহিত কৰিছো। ইয়াৰ দ্বাৰা কেৱল আমাক জীৱন দিয়া মাতৃসকলক সন্মান কৰাই নহয়, আমাৰ পৃথিৱী মাতৃকো সন্মান জনোৱা হ’ব।

বন্ধুসকল,

 

ভাৰতে আজি ডাঙৰ সপোন দেখে আৰু সেই সপোনবোৰ দৃঢ়তাৰে অনুসৰণ কৰে। মাত্ৰ কেইদিনমানৰ আগতে পেৰিছ অলিম্পিক সমাপ্ত হৈছিল, আৰু পৰৱৰ্তী আয়োজক হ’ব আমেৰিকা। অতি সোনকালে ভাৰতত অনুষ্ঠিত হৈ থকা অলিম্পিকৰ সাক্ষীও আপোনালোকে। ২০৩৬ চনৰ অলিম্পিক আয়োজন কৰিবলৈ আমি যৎপৰোনাস্তি চেষ্টা কৰিছো। ক্ৰীড়া, ব্যৱসায়, মনোৰঞ্জনৰ ক্ষেত্ৰতেই হওক, ভাৰত বিশ্বৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আজি আই পি এলৰ দৰে ভাৰতীয় লীগ বিশ্বৰ শীৰ্ষ লীগৰ ভিতৰত স্থান লাভ কৰিছে, আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় ছবিয়ে ঢৌ তুলিছে। বিশ্ব পৰ্যটনতো আকাশলংঘী হৈছে ভাৰত। বিভিন্ন দেশত ভাৰতীয় উৎসৱ উদযাপনৰ প্ৰতি আগ্ৰহ বাঢ়িছে। মই লক্ষ্য কৰিছোঁ যে সকলো ঠাইৰ চহৰৰ মানুহে এতিয়া নৱৰাত্ৰিৰ বাবে গৰ্বা শিকিছে—এইটোৱে ভাৰতৰ প্ৰতি তেওঁলোকৰ প্ৰেমৰ প্ৰতিফলন ঘটায়।

 

বন্ধুসকল,

 

আজি প্ৰতিখন দেশে ভাৰতৰ বিষয়ে অধিক জানিবলৈ বিচাৰে। মোৰ আৰু কিবা এটা আছে যিয়ে আপোনাক আনন্দ কঢ়িয়াই আনিব। মাত্ৰ কালি আমেৰিকাই ভাৰতলৈ ঘূৰাই দিলে ৩০০টা প্ৰাচীন শিলালিপি আৰু মূৰ্তি, কিছুমান ১৫০০ৰ পৰা ২০০০ বছৰ পুৰণি, যিবোৰ ভাৰতৰ পৰা চুৰি হৈছিল এতিয়ালৈকে আমেৰিকাই ভাৰতলৈ প্ৰায় ৫০০টা এনে শিলালিপি ঘূৰাই দিছে। এইটো কেৱল কেইটামান বস্তু ঘূৰাই দিয়াৰ কথা নহয়; হাজাৰ হাজাৰ বছৰ ধৰি চলি থকা আমাৰ চহকী ঐতিহ্যৰ প্ৰতি ই এক শ্ৰদ্ধাঞ্জলি। ভাৰতৰ বাবে আৰু আপোনালোক সকলোৰে বাবে গৌৰৱৰ বিষয়। এই ইংগিতৰ বাবে মই আমেৰিকা চৰকাৰৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।

 

বন্ধুসকল,

 

ভাৰত আৰু আমেৰিকাৰ অংশীদাৰিত্ব দিনক দিনে শক্তিশালী হৈ আহিছে। আমাৰ সহযোগিতা বিশ্বৰ লাভৰ বাবে। আমি সকলো খণ্ডতে সহযোগিতা বৃদ্ধি কৰিছো, আৰু আপোনাৰ সুবিধাকো লক্ষ্য কৰা হৈছে। যোৱা বছৰ মই ঘোষণা কৰিছিলো যে আমাৰ চৰকাৰে ছিয়াটলত নতুন কনছুলেট মুকলি কৰিব, যিটো এতিয়া কাৰ্যক্ষম হৈ পৰিছে। মই আৰু দুটা কনছুলেট মুকলিৰ বাবেও আপোনাৰ পৰামৰ্শ বিচাৰিছিলোঁ, আৰু আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছো যে আপোনালোকৰ মতামতৰ ভিত্তিত ভাৰতে বষ্টন আৰু লছ এঞ্জেলছত দুটা নতুন কনছুলেট মুকলি কৰাৰ সিদ্ধান্ত লৈছে।

 

হিউষ্টন বিশ্ববিদ্যালয়ত তামিল অধ্যয়নৰ বাবে তিৰুভাল্লুভাৰ চেয়াৰ স্থাপনৰ কথাও ঘোষণা কৰি আনন্দিত হৈছো। ইয়াৰ দ্বাৰা মহান তামিল সাধু তিৰুৱল্লুৱৰৰ দৰ্শন বিশ্ববাসীলৈ প্ৰচাৰ কৰাত আৰু অধিক সহায়ক হ’ব। বন্ধুসকল,

আমি মহিলা কল্যাণৰ সমান্তৰালভাৱে মহিলা নেতৃত্বাধীন উন্নয়নক অগ্ৰাধিকাৰ দিছো। চৰকাৰে নিৰ্মাণ কৰা কোটি কোটি ঘৰ মহিলাৰ নামত পঞ্জীয়ন কৰা হৈছে। নতুনকৈ খোলা কোটি কোটি বেংক একাউণ্টৰ ভিতৰত আধাতকৈ অধিক আছিল মহিলাৰ নামত। বিগত দশকত ১০ কোটি ভাৰতীয় মহিলাই ক্ষুদ্ৰ উদ্যোগীকৰণ আঁচনিত যোগদান কৰিছে। আন এটা উদাহৰণ দিওঁ। ভাৰতত কৃষিক প্ৰযুক্তিৰ সৈতে একত্ৰিত কৰাৰ বাবে আমি উল্লেখযোগ্য প্ৰচেষ্টা চলাইছো, আৰু আজি খেতিৰ ক্ষেত্ৰত ড্ৰ’নৰ ব্যাপক ব্যৱহাৰ কৰা হৈছে। ড্ৰ’ন আপোনাৰ বাবে নতুন নহ’বও পাৰে, কিন্তু আপোনাক আচৰিত কৰিব পৰা কথাটো হ’ল এইটো: আপোনালোক জানেনে ইয়াৰ দায়িত্ব কোনে লৈছে? ইায়ৰ দিয়িত্ব লৈছে গ্ৰাম্য মহিলা৷ আমি হাজাৰ হাজাৰ মহিলাক ড্ৰ’ন পাইলট হ’বলৈ প্ৰশিক্ষণ দিছো আৰু কৃষিৰ এই উল্লেখযোগ্য প্ৰযুক্তিগত বিপ্লৱ গ্ৰাম্য মহিলাসকলে পৰিচালিত কৰিছে।

 

বন্ধুসকল,

এসময়ত অৱহেলিত অঞ্চলসমূহ এতিয়া ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ বিষয়ত পৰিণত হৈছে। ভাৰতৰ আজি পূৰ্বতকৈ অধিক সংযুক্ত। ভাৰতৰ ৫জি বজাৰৰ বৰ্তমানৰ আকাৰ জানি আপোনালোক হয়তো আচৰিত হ’ব। মই ক’লে আপোনালোকৰ আপত্তি হ’বনে? আজি ভাৰতৰ ৫জি বজাৰ আমেৰিকাৰ তুলনাত বৃহৎ আৰু এই কৃতিত্ব মাত্ৰ দুবছৰৰ ভিতৰতে লাভ কৰা হৈছে। এতিয়া ভাৰতে মেড-ইন-ইণ্ডিয়া ৬জিৰ কাম কৰি আছে। এইটো কেনেকৈ হ’ল? এই খণ্ডটোক আগুৱাই নিয়াৰ বাবে আমি নীতি ৰচনা কৰাৰ বাবেই এনেকুৱা হ’ল৷ আমি মেড-ইন-ইণ্ডিয়া প্ৰযুক্তি, সুলভ মূল্যৰ ডাটা আৰু মোবাইল ফোন নিৰ্মাণত বিনিয়োগ কৰিলোঁ। আজি বিশ্বৰ প্ৰায় প্ৰতিটো প্ৰধান মোবাইল ব্ৰেণ্ড মেড ইন ইণ্ডিয়া। ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম মোবাইল নিৰ্মাতা কোম্পানী। এটা সময় আছিল, মোৰ কাৰ্যকালৰ আগতে, যেতিয়া আমি মোবাইল ফোন আমদানি কৰি আছিলো; আজি আমি সেইবোৰ ৰপ্তানি কৰিছো।

 

বন্ধুসকল, ভাৰত আৰু পিছ পৰি নাথাকে। এতিয়া ভাৰতে নতুন ব্যৱস্থা সৃষ্টি কৰি আগুৱাই লৈ যায়। ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ (ডিপিআই)ৰ নতুন ধাৰণাৰে বিশ্ববাসীক পৰিচয় কৰাই দিছে ভাৰতে। ডিপিআইয়ে সমতাক প্ৰসাৰিত কৰি দুৰ্নীতি হ্ৰাস কৰাৰ ক্ষেত্ৰত এক শক্তিশালী আহিলা হিচাপে পৰিগণিত হৈছে। ভাৰতৰ ইউ পি আইয়ে এতিয়া বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। আপোনাৰ পকেটত মানিবেগ থাকিব পাৰে যদিও ভাৰতত মানুহৰ ফোনত ভৌতিক মানিবেগ আৰু ই-ৱালেট দুয়োটা থাকে। বহু ভাৰতীয়ই এতিয়া ভৌতিক নথি-পত্ৰ লৈ নাযায়, কিয়নো তেওঁলোকে এতিয়া ডিজিলকাৰ ব্যৱহাৰ কৰে। বিমানবন্দৰলৈ যাওঁতে তেওঁলোকে নিৰৱচ্ছিন্নভাৱে ডিজিযাত্ৰা ব্যৱহাৰ কৰে। এইটো ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, উদ্ভাৱন, চাকৰি সৃষ্টি, আৰু আনুষংগিক প্ৰতিটো প্ৰযুক্তিৰ বাবে লঞ্চিং পেড হৈ পৰিছে।

বন্ধুসকল,

 

ভাৰত এতিয়া ৰৈ নাথাকিব, লেহেমীয়াও নহ’ব। ভাৰতে এনে ভৱিষ্যতৰ কল্পনা কৰিছে য’ত যিমান পাৰি সিমান গ্ল’বেল ডিভাইচ মেড-ইন-ইণ্ডিয়া চিপত কাম কৰিব। আমি অৰ্ধপৰিবাহী খণ্ডক ভাৰতৰ ত্বৰান্বিত বৃদ্ধিৰ ভেটি হিচাপে গঢ়ি তুলিছো। যোৱা বছৰৰ জুন মাহত ভাৰতে অৰ্ধপৰিবাহী উদ্যোগৰ বাবে প্ৰৰোচনাৰ কথা ঘোষণা কৰিছিল আৰু মাত্ৰ কেইমাহমানৰ পিছতে মাইক্ৰনৰ প্ৰথমটো অৰ্ধপৰিবাহী ইউনিটৰ আধাৰশিলা স্থাপন কৰা হৈছিল। আজিলৈকে ভাৰতত এনে পাঁচটা ইউনিটৰ অনুমোদন পোৱা গৈছে। ইয়াত আমেৰিকাতো মেড-ইন-ইণ্ডিয়া চিপছ দেখাৰ দিনটো বেছি দূৰত নহয়। এই সৰু চিপে ভাৰতৰ উন্নয়নৰ দিশত অভূতপূৰ্ব উচ্চতালৈ উন্নীত কৰিব, আৰু সেয়াই মোডীৰ প্ৰতিশ্ৰুতি।

 

বন্ধুসকল,

 

আজি ভাৰতত সংস্কাৰৰ প্ৰতি যি সংকল্প আৰু দায়বদ্ধতা অভূতপূৰ্ব। আমাৰ সেউজ শক্তি পৰিৱৰ্তন কাৰ্যসূচী ইয়াৰ এক উদাহৰণ। বিশ্বৰ জনসংখ্যাৰ ১৭ শতাংশ হোৱাৰ পাছতো বিশ্বৰ কাৰ্বন নিৰ্গমনৰ ক্ষেত্ৰত ভাৰতৰ অৱদান মাত্ৰ ৪ শতাংশ। গ্ৰহটোৰ ক্ষতি কৰাত আমি কোনো ভূমিকা লোৱা নাছিলো। আচলতে বিশ্বৰ বাকী অংশৰ তুলনাত আমাৰ প্ৰভাৱ প্ৰায় নগণ্য। আমিও কাৰ্বন নিৰ্গমনৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ বৃদ্ধিত ইন্ধন যোগাব পাৰিলোহেঁতেন, কিন্তু প্ৰকৃতিৰ প্ৰতি আমাৰ গভীৰ শিপাই থকা সন্মানৰ দ্বাৰা পৰিচালিত হৈ আমি সেউজ পৰিৱৰ্তনৰ পথ বাছি লৈছিলো। ফলত আমি সৌৰ, বতাহ, হাইড্ৰ’, সেউজ হাইড্ৰ’জেন, আৰু পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত যথেষ্ট বিনিয়োগ কৰিছো। পেৰিছৰ জলবায়ুৰ লক্ষ্যত উপনীত হোৱা জি-২০ৰ প্ৰথমখন দেশ আছিল ভাৰত। ২০১৪ চনৰ পৰা আমাৰ সৌৰশক্তিৰ ক্ষমতা ৩০ গুণতকৈও অধিক বৃদ্ধি পাইছে। আমি দেশৰ প্ৰতিটো ঘৰক সৌৰশক্তিচালিত ঘৰ হিচাপে গঢ়ি তুলিবলৈ কাম কৰি আছো। ইয়াৰ বাবে আমি ছাদৰ ওপৰত এক বিস্তৃত সৌৰ অভিযান আৰম্ভ কৰিছো। আজি আমাৰ ৰেল ষ্টেচন আৰু বিমানবন্দৰ সৌৰশক্তিৰ দিশত পৰিৱৰ্তন হৈছে। ঘৰৰ পৰা ৰাজপথলৈকে ভাৰতে শক্তি-দক্ষ পোহৰৰ দিশত যাত্ৰা আৰম্ভ কৰিছে। এই প্ৰচেষ্টাসমূহে ভাৰতত বৃহৎ সংখ্যক সেউজ চাকৰিৰ সৃষ্টি কৰিছে।

বন্ধুসকল,

 

একবিংশ শতিকাৰ ভাৰত শিক্ষা, দক্ষতা, গৱেষণা, আৰু উদ্ভাৱনৰ জৰিয়তে আগবাঢ়িছে। আপোনালোক সকলোৱে নালন্দা বিশ্ববিদ্যালয় নামটোৰ সৈতে পৰিচিত। বহুদিন নৌহওঁতেই ভাৰতৰ প্ৰাচীন নলন্দা বিশ্ববিদ্যালয়খন আধুনিক ৰূপত পুনৰুজ্জীৱিত হৈছিল। আজি কেৱল বিশ্ববিদ্যালয়খনেই নহয় নালন্দাৰ আত্মাইও পুনৰ জন্ম লৈছে৷ আমি এনে এক আধুনিক শৈক্ষিক পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰিছো যিয়ে সমগ্ৰ বিশ্বৰ ছাত্ৰ-ছাত্ৰীসকলক ভাৰতলৈ আহি অধ্যয়ন কৰিবলৈ আকৰ্ষণ কৰে। বিগত ১০ বছৰত ভাৰতত কিবা এটা উল্লেখযোগ্য ঘটনা ঘটিছে। এই সময়ছোৱাত ভাৰতত প্ৰতি সপ্তাহত এখন নতুন বিশ্ববিদ্যালয় নিৰ্মাণ কৰা হৈছে, প্ৰতিদিনে দুখন নতুন মহাবিদ্যালয় স্থাপন কৰা হৈছে, প্ৰতিদিনে এখন নতুন আই টি আই মুকলি কৰা হৈছে। এটা দশকত আই আই আই টিৰ সংখ্যা ৯ৰ পৰা ২৫লৈ, আই আই এমৰ সংখ্যা ১৩ৰ পৰা ২১লৈ, আৰু এইমছৰ সংখ্যা তিনিগুণ বৃদ্ধি পাই ২২লৈ বৃদ্ধি পাইছে।একে সময়ছোৱাত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা প্ৰায় দুগুণ বৃদ্ধি পাইছে। আজি ভাৰতলৈ আহি আছে বিশ্বৰ শীৰ্ষ বিশ্ববিদ্যালয়সমূহো। ভাৰত এতিয়া খ্যাতি লাভ কৰিছে। ভাৰতীয় ডিজাইনাৰসকলৰ শক্তিক বিশ্বই বহুদিনৰ পৰা প্ৰত্যক্ষ কৰি আহিছে; এতিয়া ই ‘ডিজাইন ইন ইণ্ডিয়া’ৰ উজ্জ্বলতাৰ সাক্ষী হ’ব।

বন্ধুসকল,

 

আজি বিশ্বজুৰি ভাৰতৰ অংশীদাৰিত্ব সম্প্ৰসাৰিত হৈছে। পূৰ্বে ভাৰতে সম দূৰত্বৰ নীতি মানি চলিছিল যদিও এতিয়া ই সম সান্নিধ্যৰ নীতি আকোৱালি লৈছে। আমিও গ্ল’বেল চাউথৰ বাবেও এক শক্তিশালী কণ্ঠস্বৰ হৈ পৰিছো। আপোনালোক হয়তো লক্ষ্য কৰিছে যে, ভাৰতৰ পদক্ষেপৰ বাবেই আফ্ৰিকান ইউনিয়নক জি-২০ শীৰ্ষ সন্মিলনত স্থায়ী সদস্যপদ প্ৰদান কৰা হৈছিল। আজি যেতিয়া ভাৰতে বিশ্ব মঞ্চত কথা কয়, তেতিয়া বিশ্বই শুনি থাকে। বহুদিনৰ আগতে যেতিয়া মই কৈছিলো, "এয়া যুদ্ধৰ যুগ নহয়" তেতিয়া বক্তব্যৰ মাধ্যাকৰ্ষণতা বিশ্বজুৰি বুজা হৈছিল।

 

বন্ধুসকল,

পৃথিৱীৰ যিকোনো ঠাইতে যেতিয়াই সংকটৰ সৃষ্টি হয়, তেতিয়াই ভাৰতে প্ৰথম সঁহাৰি দিয়া সকলৰ ভিতৰত অন্যতম। কোভিড-১৯ মহামাৰীৰ সময়ত আমি ১৫০ খনতকৈও অধিক দেশলৈ ভেকচিন আৰু ঔষধ প্ৰেৰণ কৰিছিলোঁ। ভূমিকম্প হওক, ঘূৰ্ণীবতাহেই হওক বা গৃহযুদ্ধই হওক, আমি প্ৰথমে সহায় আগবঢ়োৱাসকলৰ ভিতৰত আছিলো। এয়া আমাৰ পূৰ্বপুৰুষৰ দ্বাৰা প্ৰচাৰিত মূল্যবোধ আৰু শিক্ষাৰ প্ৰতিফলন।

 

বন্ধুসকল,

 

ভাৰতে বিশ্বৰ মঞ্চত এক নতুন অনুঘটক হিচাপে আত্মপ্ৰকাশ কৰিছে, আৰু ইয়াৰ প্ৰভাৱ সকলো খণ্ডতে অনুভৱ কৰা হ’ব। বিশ্বৰ বৃদ্ধি ত্বৰান্বিত কৰা, বিশ্ব শান্তিৰ প্ৰসাৰ, জলবায়ুৰ কাৰ্য্যক আগুৱাই নিয়া, বিশ্ব দক্ষতাৰ ব্যৱধান বন্ধ কৰা, উদ্ভাৱনক আগুৱাই নিয়া, আৰু বিশ্ব যোগান শৃংখল সুস্থিৰ কৰাত ভাৰতৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হ’ব।

 

বন্ধুসকল,

আপোনাৰ এই অনুষ্ঠানটো সঁচাকৈয়ে উল্লেখযোগ্য। ইয়াত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানটো আছিল কল্পনাতীত। মোক জনোৱা হৈছে যে হাজাৰ হাজাৰ লোকে এই অনুষ্ঠানত উপস্থিত থাকিব বিচাৰিছিল যদিও স্থানটো অতি সৰু বুলি প্ৰমাণিত হ’ল। আজি যিসকলক লগ কৰিব নোৱাৰিলোঁ তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছো। অহাবাৰ, আন এটা দিনত আন এটা স্থানত আপোনালোক সকলোকে লগ পাবলৈ আগ্ৰহী হৈ ৰৈছো। অৱশ্যে মই জানো উৎসাহ একেই থাকিব আৰু আবেগও অকমাব নোৱাৰাকৈয়ে থাকিব। আপোনালোক সকলোৱে সুস্থ আৰু সমৃদ্ধিশালী হৈ থাকক আৰু ভাৰত-আমেৰিকাৰ বন্ধুত্বক সুদৃঢ় কৰি যাওক। এই শুভেচ্ছাৰে আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো!

 

মোৰ লগত সকলোৱে কওঁক:

ভাৰত মাতা কি জয়!

ভাৰত মাতা কি জয়!

ভাৰত মাতা কি জয়!

সকলোকে বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
French Space companies announce key agreements with Indian firms at Paris Space Summit

Media Coverage

French Space companies announce key agreements with Indian firms at Paris Space Summit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over loss of lives in mishap in Nanded
September 11, 2026
Prime Minister announces ex-gratia from PMNRF

The Prime Minister, Shri Narendra Modi has expressed grief over the loss of lives due to a mishap in Nanded, Maharashtra.

The Prime Minister conveyed his thoughts to the bereaved families in this hour of grief and prayed for the speedy recovery of the injured.

Shri Modi announced that an ex-gratia of Rs. 2 lakh from the Prime Minister’s National Relief Fund (PMNRF) would be given to the next of kin of each deceased. The injured would be given Rs. 50,000.

In a post on X, the Prime Minister’s Office said;

“Saddened by the loss of lives due to a mishap in Nanded, Maharashtra. My thoughts are with the bereaved families in this hour of grief. Praying for the speedy recovery of the injured.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi”