“Buddha's message is for the whole world, Buddha's Dhamma is for humanity”
“Buddha is universal because Buddha said to start from within. Buddha's Buddhatva is a sense of ultimate responsibility”
“Buddha, even today, is the inspiration of the Constitution of India, Buddha's Dhamma Chakra is sitting on the tricolour of India and giving us momentum.”
“Lord Buddha’s message ‘Appa Deepo Bhava’ is the motivation for India to become self-reliant”

নমো বুদ্ধায়!

এই পবিত্ৰ কাৰ্যক্ৰমত উপস্থিত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল জী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ জী, কেবিনেটত মোৰ সহযোগী শ্ৰী জি কিষাণ ৰেড্ডী জী, শ্ৰী কিৰেণ ৰিজিজু জী, শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া জী, শ্ৰীলংকাৰ পৰা কুশীনগৰত উপস্থিত হোৱা শ্ৰীলংকা চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰীমান নমল ৰাজপক্ষ জী, শ্ৰীলংকাৰ পৰা অহা অতি পূজনীয়, আমাৰ  অতিথিসকল, ম্যানমাৰ, ভিয়েটনাম, কম্বোদিয়া, থাইলেণ্ড, লাও পিডিআৰ,  ভূটান আৰু দক্ষিণ কোৰিয়াৰ ভাৰতস্থ মহামহিম ৰাষ্ট্ৰদূতসকল, শ্ৰীলংকা, মংগোলীয়া, জাপান, ছিংগাপুৰ, নেপাল আৰু অন্যান্য দেশসমূহৰ পৰা অহা জ্যেষ্ঠ ৰাজনীতিক, সন্মানীয় ভিক্ষুসকল, আৰু ভগবান বুদ্ধৰ অনুগামী বন্ধুসকল!

আহিনমাহৰ পূৰ্ণিমাৰ এই পবিত্ৰ দিৱসত কুশীনগৰৰ পবিত্ৰ ভূমিত আৰু নিজৰ দেহৰ অৱশেষৰ ৰূপত ভগবান বুদ্ধৰ সাক্ষাত উপস্থিতি! ভগবান বুদ্ধৰ কৃপাৰে আজিৰ দিনটোত বহুকেইটা অলৌকিক অনুষংগ, অলৌকিক সংযোগ একেলগে প্ৰকট হৈছে। ইয়ালৈ অহাৰ আগতে মই কুশীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ শুভাৰম্ভ কৰাৰ সৌভাগ্য লাভ কৰিছিলো। কুশীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ জৰিয়তে সমগ্ৰ পৃথিৱীৰ পৰা কোটি কোটি বুদ্ধ অনুগামীয়ে ইয়ালৈ অহাৰ সুযোগ লাভ কৰিব, তেওঁলোকৰ যাত্ৰা সহজ হৈ উঠিব। এই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত শ্ৰীলংকাৰ পৰা অহা প্ৰথমখন বিমানৰে অতি-পূজনীয় ‘মহাসংঘ’, সন্মানিত ভিক্ষুসকলে, আমাৰ বন্ধুসকলে কুশীনগৰত পদাৰ্পণ কৰিছেহি। আপোনালোকৰ উপস্থিতি ভাৰত আৰু শ্ৰীলংকাৰ হাজাৰ বছৰ পুৰণি আধ্যাত্মিক, ধৰ্মীয় আৰু সাংস্কৃতিক বৈভৱৰ প্ৰতীক।

বন্ধুসকল,

আমি সকলোৱে জানো যে শ্ৰীলংকালৈ বৌদ্ধ ধৰ্মৰ বাৰ্তা সৰ্ব প্ৰথমে ভাৰতৰ পৰা সম্ৰাট অশোকৰ পুত্ৰ মহেন্দ্ৰ আৰু কন্যা সংঘমিত্ৰাই লৈ গৈছিল। আজিৰ দিনটোতে ‘অৰ্হত মহিন্দ’ই উভতি আহি শ্ৰীলংকাত বুদ্ধৰ বাণী কিমান উত্সাহৰে গ্ৰহণ কৰিছিল তাৰ বৃতান্ত পিতাকক কৈছিলহি বুলি জনশ্ৰুতি প্ৰচলিত হৈ আহিছে। এই বাৰ্তাই বুদ্ধৰ বাণী যে সমগ্ৰ বিশ্বৰ বাবেই ফলপ্ৰসু হয়, বুদ্ধৰ ধৰ্ম মানৱতাৰ বাবেই হয়, সেই প্ৰত্যয়কে প্ৰদান কৰিছিল। সেয়ে আজিৰ এই দিনটোক আমাৰ সকলো দেশৰ পুৰাতন সাংস্কৃতিক সম্বন্ধক নতুন শক্তিৰে উজ্জীৱিত কৰাৰ দিন হিচাপেও গণ্য কৰিব পাৰো। আজি আপোনালোক ভগবান বুদ্ধৰ মহানিৰ্বাণস্থলত তেখেতৰ সন্মুখত উপস্থিত হোৱাহি বাবে মই আপোনালোক আটাইকে অভিনন্দিত কৰিছো। মই শ্ৰীলংকা আৰু অন্য বহুকেইখন দেশৰ পৰা অহা অতিথিবৃন্দক আন্তৰিকতাৰে আদৰণি জনাইছো। অতি আদৰণীয় ‘মহাসংঘ’ই আমাক আশীৰ্বাদ দিয়াৰ বাবে ইয়াত আহি উপস্থিত হৈছেহি, মই তেখেতকো শ্ৰদ্ধা সহকাৰে আদৰণি জনাইছো। আপোনালোকে আমাক ভগৱান বুদ্ধৰ ‘অৱশেষ’ দৰ্শনৰ সৌভাগ্য প্ৰদান কৰিছে। কাশীনগৰৰ এই কাৰ্যক্ৰমৰ পিচত আপোনালোক মোৰ সংসদীয় ক্ষেত্ৰ বাৰানসীলৈকো যাব। আপোনালোকৰ পবিত্ৰ চৰণধূলি তাতো পৰিব, তালৈকো সৌভাগ্য কঢ়িয়াই নিব।

বন্ধুসকল,

মই আজি ‘ইণ্টাৰনেশ্যনেল বুদ্ধিষ্ট কনফেডাৰেশ্যন’ৰ সদস্যসকলকো অভিনন্দন জ্ঞাপন কৰিছো। আপোনালোকে যেনেদৰে আধুনিক বিশ্বত বুদ্ধৰ বাণীসমূহৰ প্ৰচাৰ কৰিছে, সেয়া নিতান্তই প্ৰশংসনীয়। আজি এই সুযোগতেমই মোৰ পুৰণি সহযোগী শ্ৰী শক্তি সিন্হা জীকো স্মৰণ কৰিছো। ‘ইণ্টাৰনেশ্যনেল বুদ্ধিষ্ট কনফেডাৰেশ্যন’ৰ ‘ডিজি’ হিচাপে কাৰ্যৰত শক্তি সিন্হা জী কেটামানদিনৰ আগতে মাত্ৰ স্বৰ্গগামী হয়। ভগবান বুদ্ধৰ প্ৰতি তেওঁৰ আস্থা, তেওঁৰ সমৰ্পণ আমাৰ সকলোৰে বাবে এক প্ৰেৰণা হৈ ৰ’ব।

বন্ধুসকল,

আপোনালোক সকলোৱেই জানে যে আজি ভগবান বুদ্ধই স্বৰ্গৰ পৰা পৃথিৱীলৈ উভতি অহাৰ দিন! সেয়ে আহিনৰ পূৰ্ণিমাত আজি আমাৰ ভিক্ষুসকলে তিনিমহীয়া ‘বৰ্ষাবাস’-ও সম্পূৰ্ণ কৰে। আজি ময়ো ‘বৰ্ষাবাস’ৰ অন্তত ‘সংঘ’ৰ ভিক্ষুসকলক ‘ছীৱাৰ’ দান কৰাৰ সৌভাগ্য লাভ কৰিলো। ভগবান বুদ্ধৰ এই চিন্তা কিমান অদ্ভুত আছিল, য’ৰ পৰাই এই পৰম্পৰাৰ জন্ম হৈছিল! বাৰিষাৰ বতৰত আমাৰ প্ৰকৃতি, আমাৰ আশে-পাশে থকা গছ-লতিকাই নতুন জীৱন লাভ কৰে। জীৱ মাত্ৰৰে প্ৰতি অহিংসাৰ সংকল্প আৰু গছ-বিৰিখতো পৰমাত্মা প্ৰত্যক্ষ কৰাৰ ভাৱ, বুদ্ধৰ এই বাৰ্তা ইমানেই জীৱন্ত যে আজিও আমাৰ ভিক্ষুসকলে তাক তেনেকৈয়ে মানি আহিছে। যিসকল সাধক সদায় সক্ৰিয় হৈ থাকে, সদায়ে গতিশীল হৈ থাকে, তেওঁলোক এই তিনিটা মাহত স্থবিৰ হৈ যায়, যাতে ক’ৰবাত যদি কিবা বীজ অংকুৰিত হৈছে, সেয়া যাতে গচকিব লগা নহয়, সেয়া যাতে অকালতে মৰহি নাযায়। উজ্জীৱিত হৈ উঠা প্ৰকৃতি যাতে অৱৰুদ্ধ হ’বলগীয়া নহয়! এই ‘বৰ্ষাবাস’ কেৱল বাহিৰৰ প্ৰকৃতিকে প্ৰস্ফূতিত কৰাৰ বাবে নহয়, বৰং ই আমাৰ অন্তৰৰ প্ৰকৃতিকো সংশোধিত কৰাৰ সুযোগ প্ৰদান কৰে।

বন্ধুসকল,

ধৰ্মই নিৰ্দেশ দিছে- যথাপি ৰুছিঁৰ পুপ্ফঁ, ৱণ্ণৱন্ত সুগন্ধক। এবং সুভাষিতা ৱাছা, সফলাহোতি কুব্বাতো।।

অৰ্থা্ত্, ভাল কথা আৰু ভাল চিন্তাক যদি সিমানেই নিষ্ঠাৰে আচৰণ কৰি সাৰোগত কৰা যায়, তেন্তে তাৰ পৰিণামো তেনে্কুৱাই পোৱা যায়- যেনেকৈ সুগন্ধৰ সৈতে ফুল! কাৰণ আচৰণ উচিত নহ’লে ভালৰো ভাল কথাও সুগন্ধ বিহীন ফুলৰ দৰেই হয়। পৃথিৱীৰ যিবোৰ প্ৰান্তত বুদ্ধৰ চিন্তাধাৰাক উচিত ভাবে হৃদয়ংগম কৰা হৈছে, সেইবোৰ প্ৰান্তত কঠিন পৰিস্থিতিতো প্ৰগতিৰ পথ নিৰ্মিত হৈয়েই আছে। বুদ্ধ এইবাবেই বৌদ্ধিক হয়, কিয়নো বুদ্ধই নিজৰ অভ্যন্তৰত আৰম্ভণি কৰাৰ শিকনি দিয়ে। ভগবান বুদ্ধৰ বুদ্ধত্ব হৈছে- ‘ছেনছ অব আল্টিমেট ৰেছপনচিবিলিটী’। অৰ্থাত্, আমাৰ আশে-পাশে, আমাৰ ব্ৰহ্মাণ্ডত যিয়েই নঘটক কিয়, আমি সেই সকলোকে নিজৰ সৈতে জড়িত কৰি লও, সেইবোৰৰ দায়িত্ব নিজে ল’ব বিচাৰো। যিবোৰ সংঘটিত হৈছে, তাৰ সৈতে যদি আমি আমাৰ ইতিবাচক প্ৰয়াস জড়িত কৰো, তেতিয়া আমি সৃজনক গতি প্ৰদান কৰিম। আজি যেতিয়া পৃথিৱীয়ে পৰ্যাবৰণ সংৰক্ষণৰ কথা চৰ্চা কৰে, জলবায়ু পৰিৱৰ্তনৰ চিন্তা কৰা বুলি জাহিৰ কৰিব বিচাৰে, তেতিয়া তাৰ সৈতে অনেক প্ৰশ্নৰো উদ্ভৱ হয়। কিন্তু, আমি যদি বুদ্ধৰ বাণী গ্ৰহণ কৰো তেন্তে, ‘কোনে কৰিব লাগিব’, এই প্ৰশ্নৰ ঠাইত ‘কি কৰিব লাগিব’, তাৰ পথ নিজে নিজেই উন্মোচিত হ’বলৈ ধৰিব।

বন্ধুসকল,

সহস্ৰ বছৰ আগতে যেতিয়া  ভগবান বুদ্ধ এইখন পৃথিৱীত আছিল, তেতিয়া আজিৰ দৰে ব্যৱস্থা নাছিল, কিন্তু তথাপি বুদ্ধ বিশ্বৰ কোটি কোটি লোকৰ কাষলৈ যাবগৈ পাৰিছিল, তেওঁলোকৰ অন্তৰ্মনৰে বিজড়িত হৈ পৰিব পাৰিছিল। মই বেলেগ বেলেগ দেশত, বৌদ্ধমঠ, বিহাৰসমূহত এই কথা সাক্ষাত্ অনুভৱ কৰিছো। কেণ্ডীৰ পৰা কিয়োটো পৰ্যন্ত, হানয়ৰ পৰা হবনটোটা পৰ্যন্ত, ভগবান বুদ্ধই নিজৰ বিচাৰধাৰৰ জৰিয়তে, মঠ, অৱশেষ আৰু সংস্কৃতিৰ জৰিয়তে সকলো ঠাইতে নিজৰ উপস্থিতি নিশ্চিত কৰিব পাৰিছে। মোৰেই সৌভাগ্য যে মই কেণ্ডীত ‘শ্ৰী ডলডা মৌলাগোৱা’ দৰ্শন কৰাৰ বাবে গৈছিলো, ছিংগাপুৰত তেওঁৰ দাঁতৰ অৱশেষ মই প্ৰত্যক্ষ কৰিছিলো, আৰু কিয়োটোত মই কিংকা-কুজীলৈ যোৱাৰো সুযোগ পাইছিলো। সেইদৰে দক্ষিণ-পূৱৰ দেশসমূহৰ ভিক্ষুসকলৰ আশীৰ্বাদো মই পাই আহিছো। বেলেগ বেলেগ দেশ, বেলেগ বেলেগ পৰিৱেশ, কিন্তু মানৱতাৰ আত্মাত উপৱিষ্ট বুদ্ধই সকলোকে সংযোজিত কৰি ৰাখিছে। ভাৰতে ভগবান বুদ্ধৰ এই শিকনিকে নিজৰ বিকাশ যাত্ৰাৰ অংগ কৰি লৈছে, তাক অংগীকাৰ হিচাপে গ্ৰহণ কৰিছে। আমি জ্ঞানক, মহান বাণীসমূহক, মহান আত্মাৰ বিচাৰধাৰাক বান্ধি ৰাখিবলৈ কেতিয়াও বিচৰা নাই। সেইসমূহক বান্ধি ৰখাৰ দৰে চিন্তা আমাৰ কেতিয়াও নাছিল, আমি আমাৰ যিখিনি আছিল, সেই সকলোখিনিকে মানৱতাৰ বাবে ‘সমভাৱ’ৰে অৰ্পিত কৰিছো। সেয়ে, অহিংসা, দয়া, কৰুণাৰ দৰে মানৱীয় প্ৰমূল্য আজিও সিমানেই সহজ আৰু সৰলতাৰে ভাৰতৰ অন্তৰ্মনত লালিত-পালিত হৈ আহিছে। সেয়ে, বুদ্ধ আজিও ভাৰতৰ সংবিধানৰ প্ৰেৰণা হৈ আছে, বুদ্ধৰ ‘ধৰ্ম-চক্ৰ’ ভাৰতৰ ত্ৰিৰংগ পতাকাত বিৰাজমান হৈ থাকি আমাক গতি প্ৰদান কৰি আহিছে। আজিও ভাৰতৰ সংসদলৈ যদি কোনোবা যায় এশাৰী মন্ত্ৰ দেখিবই- ধৰ্ম চক্ৰ প্ৰৱৰ্তনায়।

বন্ধুসকল,

ভাৰতত বৌদ্ধ ধৰ্মৰ প্ৰভাৱ মুখ্য ৰূপত পূৱ প্ৰান্ততেই অধিক বুলিয়েই সাধাৰণতে ধাৰণা কৰা হয়। কিন্তু ইতিহাসৰ পাত ভালকৈ বিশ্লেষণ কৰিলে আমি এটা কথাত নিশ্চিত হ’ব পাৰো যে বুদ্ধই যিমানে পূৱক প্ৰভাৱিত কৰিছে, সিমানেই পশ্চিম আৰু দক্ষিণকো কৰিছে। গুজৰাটৰ বড়নগৰ, যিখন মোৰ জন্মভূমিও হয়, সেইখন অতীতত বৌদ্ধ ধৰ্মৰে জড়িত এক গুৰুত্বপূৰ্ণ ঠাই আছিল। ইমান দিনে আমি হিউৱেন চাঙৰ উদ্ধৃতিৰ পৰাই ইয়াৰ ইতিহাস অৱগত হৈ আহিছিলো, পিচে, এতিয়াতো বড়নগৰত হোৱা খননত পুৰাতাত্বিক মঠ আৰু স্তুপৰ নিদৰ্শন উপলব্ধ হৈছে। গুজৰাটৰ এই অতীতে এই কথাকো প্ৰমাণিত কৰে যে বুদ্ধ দিশ আৰু সীমাৰ মাজত আৱদ্ধ নাছিল। গুজৰাটৰ মাটিত জন্ম লভা মহাত্মা গান্ধীতো বুদ্ধৰ সত্য আৰু অহিংসাৰ বাণীৰ আধুনিক সংবাহক আছিল।

বন্ধুসকল,

আজি ভাৰতে স্বাধীনতাৰ ‘অমৃত মহোত্সৱ’ উদযাপন কৰি আছে। এই অমৃত মহোত্সৱত আমি নিজৰ ভৱিষ্যতৰ বাবে, মানৱতাৰ ভৱিষ্যতৰ বাবে সংকল্প গ্ৰহণ কৰিছো। আমাৰ এই অমৃত সংকল্পৰ কেন্দ্ৰত ভগবান বুদ্ধৰ সেই বাণীকে সাৰোগত কৰা হৈছে। সেয় হৈছে-

অপ্পমাদো অমতপদ,

পমাদো মচ্চুনো পদ।

অপ্পমত্তা ন মীয়ন্তি,

য়ে পমত্তা যথা মতা।

অৰ্থাত্, প্ৰমাদ নকৰাটোৱেই অমৃত পদ তুল্য, আৰু প্ৰমাদেই মৃ্ত্যু। সেয়ে, আজি ভাৰতে নতুন উচাহৰে আগবাঢ়িছে, সমগ্ৰ বিশ্বক লগত লৈ আগবাঢ়িছে। ভগবান বুদ্ধই কৈছিল-

অপ্প দীপো ভৱ।

অৰ্থাত্, নিজৰ প্ৰদীপ নিজেই হোৱা। যেতিয়া মানুহ নিজেই দীপ্তমান হয়, তেতিয়াই তেওঁ সমগ্ৰ সংসাৰকে পোহৰাব পাৰে। এয়াই ভাৰতৰ বাবে আত্মনিৰ্ভৰ হোৱাৰ প্ৰেৰণাও। এয়াই সেই প্ৰেৰণা যিয়ে আমাক পৃথিৱীৰ প্ৰতিখন দেশৰ প্ৰগতিত সহভাগী হোৱাৰ শক্তি প্ৰদান কৰে। এই বিচাৰকে আজি ভাৰতে সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস আৰু সকলোৰে প্ৰয়াসৰ মন্ত্ৰৰ সৈতে আগবঢ়াই নিব খুজিছে। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে ভগবান বুদ্ধৰ এই বিচাৰধাৰাৰে আগবাঢ়ি আমি সকলোৱে একেলগে মানৱতাৰ কল্যাণৰ পথ প্ৰশস্ত কৰিব পাৰিম।

এই কামনাকে কৰি আপোনালোক সকলোলৈকে বহুত বহুত ধন্যবাদ জনালো!

ভৱতু সৰ্ব মংগল।

নমো বুদ্ধায়।।   

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit

Media Coverage

PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends birthday greetings to Vice President Thiru CP Radhakrishnan Ji
May 04, 2026

Prime Minister Shri Narendra Modi today extended warm birthday greetings to Vice President Thiru CP Radhakrishnan Ji.

The Prime Minister noted that the Vice President is making numerous efforts to strengthen the collective dream of building a Viksit Bharat. Shri Modi highlighted that his consistent efforts to enhance the productivity and effectiveness of Parliamentary proceedings reflect his deep commitment to democratic values.

The Prime Minister further stated that the Vice President's unwavering passion for all-round development, with a concern for the poor and marginalised, is equally inspiring. Emphasising that his public life continues to be guided by dedication, discipline, and a clear sense of purpose, Shri Modi prayed for his good health, happiness, and a long life in the service of the nation.

The Prime Minister posted on X:

"Warm birthday greetings to Vice President Thiru CP Radhakrishnan Ji. He is making numerous efforts to strengthen our collective dream of building a Viksit Bharat. His consistent efforts to enhance the productivity and effectiveness of our Parliamentary proceedings reflect his deep commitment to democratic values. Equally inspiring is his unwavering passion for all-round development, with a concern for the poor and marginalised. His public life continues to be guided by dedication, discipline and a clear sense of purpose. I pray for his good health, happiness and a long life in the service of the nation."