ভাৰত হৈছে বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতিঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ বিকাশৰ তথ্যপত্ৰখন হৈছে সংস্কাৰ-কাৰ্য্য-পৰিৱৰ্তন মন্ত্ৰৰ সফলতাৰ কাহিনী: প্ৰধানমন্ত্ৰী
বিশ্বজুৰি বৃহৎ অনিশ্চয়তাৰ সময়ত ভাৰতে উল্লেখযোগ্য নিশ্চয়তাৰে অগ্ৰসৰ হৈছে : প্ৰধানমন্ত্ৰী
আন্তঃগাঁথনিৰ সমান্তৰালকৈ উদ্যোগৰ প্ৰয়োজনীয়তাৰ বাবে সাজু কৰ্মশক্তি আজিৰ আটাইতকৈ ডাঙৰ প্ৰয়োজন : প্ৰধানমন্ত্ৰী
আজিৰ ভাৰত দ্ৰুতগতিত উন্নত ৰাষ্ট্ৰ হোৱাৰ দিশত আগবাঢ়িছে, আৰু এই লক্ষ্যত উপনীত হোৱাত ৰিফৰ্ম এক্সপ্ৰেছে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে : প্ৰধানমন্ত্ৰী

অভিনন্দন!

গুজৰাটৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰভাই পেটেল, উপ-মুখ্যমন্ত্ৰী হৰ্ষ সাংভী, গুজৰাট চৰকাৰৰ অন্যান্য মন্ত্ৰী, সাংসদ আৰু বিধায়ক, উদ্যোগসমূহৰ প্ৰতিনিধি, অন্যান্য বিশিষ্ট ব্যক্তি আৰু ভদ্ৰলোকসকল।

২০২৬ চনৰ আৰম্ভণিতে এয়া মোৰ প্ৰথমটো গুজৰাট ভ্ৰমণ। আৰু এয়া এক আনন্দৰ কথাও, কাৰণ সোমনাথ দাদাৰ চৰণত মূৰ দোৱাই এই বৰ্ষটোত মোৰ যাত্ৰা আৰম্ভ হৈছে। আৰু এতিয়া, ৰাজকোটৰ এই বিশাল অনুষ্ঠানত অংশ লৈছো। অৰ্থাৎ উন্নয়ন আৰু ঐতিহ্য, এই মন্ত্ৰ সকলোতে প্ৰতিধ্বনিত হৈ আছে। দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ অহা আপোনালোক সকলো বন্ধু-বান্ধৱীকে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলনলৈ আদৰণি জনাইছো আৰু অভিনন্দন জনাইছো।

বন্ধুসকল,

যেতিয়াই ভাইব্ৰেণ্ট গুজৰাট সন্মিলনৰ মঞ্চ স্থাপন কৰা হয়, তেতিয়াই মই কেৱল ইয়াক শীৰ্ষ সন্মিলনৰূপে নহয়; একবিংশ শতিকাৰ আধুনিক ভাৰতৰ যাত্ৰা হিচাপে দেখিছোঁ, যি এটা সপোনৰ পৰা আৰম্ভ হৈছিল আৰু এতিয়া অটল বিশ্বাসত উপনীত হৈছে। দুটা দশকৰ ভিতৰত ভাইব্ৰেণ্ট গুজৰাট বিশ্বৰ মাপকাঠীত পৰিণত হৈছে। এই সন্মিলনৰ দহটা সংস্কৰণ অনুষ্ঠিত হৈছে, আৰু প্ৰতিটো সংস্কৰণৰ লগে লগে শীৰ্ষ সন্মিলনৰ পৰিচয় আৰু ভূমিকা শক্তিশালী হৈছে।

 

বন্ধুসকল,

ভাইব্ৰেণ্ট গুজৰাট সন্মিলনৰ আৰম্ভণিৰে পৰাই মই ইয়াৰ দৃষ্টিভংগীৰ সৈতে জড়িত হৈ আছো। প্ৰথম অৱস্থাত আমাৰ লক্ষ্য আছিল বিশ্ববাসীক গুজৰাটৰ সম্ভাৱনাৰ সৈতে পৰিচয় কৰাই দিয়া, মানুহক ইয়ালৈ আহি বিনিয়োগ কৰিবলৈ আকৰ্ষণ কৰা আৰু বিশ্বজুৰি ভাৰত আৰু বিনিয়োগকাৰীক উপকৃত কৰা। কিন্তু আজি এই শীৰ্ষ সন্মিলন বিনিয়োগৰ সীমা অতিক্ৰমি গৈ বিশ্ব উন্নয়ন,  আন্তঃৰাষ্ট্ৰীয় নিগম, আৰু অংশীদাৰিত্বৰ বাবে এখন শক্তিশালী মঞ্চত পৰিণত হৈছে। বছৰ বছৰ ধৰি গোলকীয় অংশীদাৰৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে আৰু সময়ৰ লগে লগে শীৰ্ষ সন্মিলনখনো অন্তৰ্ভুক্তিৰ এক ডাঙৰ উদাহৰণ হৈ পৰিছে। ইয়াত কৰ্পোৰেট গোট, সমবায়, এম এছ এম ই, ষ্টাৰ্ট-আপ, বহুপক্ষীয় আৰু দ্বিপাক্ষিক সংস্থা, আৰু আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানৰ লগতে সকলোৱে একত্ৰিত হৈ গুজৰাটৰ উন্নয়নৰ সৈতে যোগাযোগ, আলোচনা আৰু কান্ধত কান্ধত মিলাই কাম কৰে।

বন্ধুসকল,

বিগত দুটা দশকত ভাইব্ৰেণ্ট গুজৰাট সন্মিলনে ধাৰাবাহিকভাৱে নতুন আৰু বিশেষ কিবা এটা পদক্ষেপ আগবঢ়াই আহিছে। এই ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলন ইয়াৰ নিদৰ্শন হৈ পৰিছে। ইয়াৰ গুৰুত্ব গুজৰাটৰ বিভিন্ন প্ৰান্তৰ অনাবৃত সম্ভাৱনাবোৰক কৰ্মক্ষমতালৈ ৰূপান্তৰিত কৰাত। উদাহৰণস্বৰূপে, কিছুমান অঞ্চলত উপকূলীয় শক্তিৰ সম্ভাৱনা আছে, আন কৰোবাত দীঘলীয়া জনজাতি বেল্ট, আনফালে আকৌ ঔদ্যোগিক থুপৰ বৃহৎ পৰিৱেশতন্ত্ৰ আৰু আন এফালে কৃষি আৰু পশুপালনৰ চহকী পৰম্পৰা আছে। এইদৰে গুজৰাটৰ বিভিন্ন অঞ্চলৰ নিজস্ব স্বকীয়তা আছে। গুজৰাটৰ এই আঞ্চলিক সম্ভাৱনাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলন আগবাঢ়িছে।

বন্ধুসকল,

একবিংশ শতিকাৰ এক চতুৰ্থাংশ পাৰ হৈ গ’ল। বিগত বছৰবোৰত ভাৰতে ব্যাপক অগ্ৰগতি লাভ কৰিছে। ইয়াত গুজৰাট, আৰু আপোনালোক সকলোৰে উল্লেখযোগ্য ভূমিকা আছে। ভাৰতবৰ্ষই বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। আৰু তথ্যই স্পষ্টকৈ দেখুৱাইছে যে ভাৰতৰ পৰা বিশ্বৰ আশা অহৰহ বৃদ্ধি পাইছে। ভাৰত বিশ্বৰ সৰ্বাধিক দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি, ইয়াৰ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত আছে, ভাৰতে কৃষি উৎপাদনত নতুন অভিলেখ গঢ়িছে, ভাৰত গাখীৰ উৎপাদনত এক নম্বৰত, জেনেৰিক ঔষধ উৎপাদনত এক নম্বৰত, আৰু বিশ্বৰ ভিতৰতে সৰ্বাধিক ভেকচিন উৎপাদন কৰা দেশো হল ভাৰত।

 

বন্ধুসকল,

ভাৰতৰ বিকাশৰ এই তথ্যপত্ৰখন হৈছে সংস্কাৰ, পৰিবেশন আৰু ৰূপান্তৰ মন্ত্ৰৰ সফলতাৰ কাহিনী। যোৱা ১১ বছৰত ভাৰত বিশ্বৰ সৰ্ববৃহৎ মোবাইল ডাটা গ্ৰাহকৰূপে স্বীকৃত হৈছে আৰু আমাৰ ইউ পি আই বিশ্বৰ এক নম্বৰ ৰিয়েল টাইম ডিজিটেল লেনদেন প্লেটফৰ্মত পৰিণত হৈছে। এসময়ত আমি দহটা মোবাইলৰ ভিতৰত নটা মোবাইল আমদানি কৰিছিলোঁ। আজি ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম মোবাইল নিৰ্মাতা। ভাৰতত বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰ আছে। সৌৰশক্তি উৎপাদনৰ ক্ষেত্ৰতো শীৰ্ষ তিনিখন দেশৰ ভিতৰত ভাৰত। তৃতীয় বৃহত্তম বিমান বজাৰ, আৰু মেট্ৰ’ নেটৱৰ্কৰ ক্ষেত্ৰতো আমি বিশ্বৰ শীৰ্ষ তিনিটাত যোগদান কৰিছো।

বন্ধুসকল,

আজি বিশ্বৰ প্ৰতিজন বিশেষজ্ঞ আৰু প্ৰতিষ্ঠানবোৰে ভাৰতক লৈ উত্সাহিত হৈ পৰিছে। আই এম এফে ভাৰতক বিশ্বৰ উন্নয়নৰ ইঞ্জিন বুলি অভিহিত কৰিছে। এছ এণ্ড পিয়ে আঠাইশ বছৰৰ পাছত ভাৰতৰ ৰেটিং উন্নীত কৰিছে। ফিচ ৰেটিঙে ভাৰতৰ সামূহিক স্থিতিশীলতা আৰু বিত্তীয় বিশ্বাসযোগ্যতাক প্ৰশংসা কৰিছে। ভাৰতৰ ওপৰত এই গোলকীয় আস্থাৰ কাৰণ হল বিশ্বৰ বৃহৎ অনিশ্চয়তাৰ মাজত ভাৰতত আমি এক অভূতপূৰ্ব নিশ্চয়তাভৰা সময়ৰ সাক্ষী হৈ আছো। আজি ভাৰতত ৰাজনৈতিক স্থিতিশীলতা আৰু নীতিগত ধাৰাবাহিকতা অব্যাহত আছে। নব্য মধ্যবিত্ত শ্ৰেণীৰ সম্প্ৰসাৰণ ঘটিছে, ক্ৰয় ক্ষমতা বাঢ়িছে, আৰু এইবোৰ কাৰকে ভাৰতক অপৰিসীম সম্ভাৱনাৰ দেশ কৰি তুলিছে। মই লালকিল্লাৰ পৰা কৈছিলোঁ: এইটোৱেই সময়, সঠিক সময়। এই সম্ভাৱনাসমূহৰ সুবিধা ল’বলৈ দেশ আৰু বিশ্বৰ প্ৰতিজন বিনিয়োগকাৰীৰ হাতত সময় আহি পৰিছে, সঠিক সময়। আৰু ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলনেও আপোনালোক সকলো বিনিয়োগকাৰীলৈ একেটা বাৰ্তা প্ৰেৰণ কৰিছে যে এইটোৱেই হৈছে সৌৰাষ্ট্ৰ-কুচ্ছত বিনিয়োগ কৰাৰ সময়, সঠিক সময়।

 

বন্ধুসকল,

আপোনালোক সকলোৱে জানে যে সৌৰাষ্ট্ৰ আৰু কুচ্ছ গুজৰাটৰ এনে অঞ্চল যি আমাক শিকাইছে যে যিমানেই ডাঙৰ প্ৰত্যাহ্বান নহওক কিয়, যদি কোনোবাই সততা আৰু কঠোৰ পৰিশ্ৰমেৰে অধ্যৱসায় কৰে তেন্তে সফলতা নিশ্চিত। এই শতিকাৰ আৰম্ভণিতে বিধ্বংসী ভূমিকম্পৰ সন্মুখীন হোৱা এইখনে সেই কুচ্ছ, আৰু এইখনেই সেই সৌৰাষ্ট্ৰ য’ত বছৰ বছৰ ধৰি খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছিল। খোৱাপানীৰ বাবে মাতৃ-ভগ্নীয়ে কেইবাকিলোমিটাৰ খোজ কাঢ়িব লগা হৈছিল। বিদ্যুতৰ অস্তিত্ব নাছিল আৰু সকলোতে মাথোঁ কষ্ট আছিল।

বন্ধুসকল,

আজি ২০-২৫ বছৰ বয়সৰ যুৱক-যুৱতীসকলে কেৱল সেই যুগৰ কাহিনীহে শুনিছে। সত্যটো আছিল যে সৌৰাষ্ট্ৰৰ কুচ্ছত দীৰ্ঘদিন ধৰি মানুহ থাকিবলৈ ইচ্ছুক নাছিল। সেই সময়ত এনে লাগিছিল যেন এই পৰিস্থিতি কেতিয়াও সলনি নহ’ব। কিন্তু ইতিহাসে সাক্ষ্য দিয়ে : সময় সলনি হয়, আৰু নিশ্চিতভাৱে হয়ো। সৌৰাষ্ট্ৰ আৰু কুচ্ছৰ জনসাধাৰণে আজি নিজৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে নিজৰ ভাগ্যৰ পৰিৱৰ্তন ঘটাইছে।

বন্ধুসকল,

আজি সৌৰাষ্ট্ৰ আৰু কুচ্ছ কেৱল সুযোগৰ অঞ্চল নহয়, ভাৰতৰ উন্নয়নৰ বাবে এটা গুৰুত্বপূৰ্ণ অঞ্চলত পৰিণত হৈছে। এই অঞ্চলে আত্মনিৰ্ভৰ ভাৰত অভিযানক ত্বৰান্বিত কৰি এক প্ৰধান কেন্দ্ৰত পৰিণত হৈছে। ভাৰতক গোলকীয় উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তোলাত সৌৰাষ্ট্ৰ আৰু কুচ্ছে উল্লেখযোগ্য ভূমিকা পালন কৰে আৰু এই ভূমিকা বজাৰ-চালিত। বিনিয়োগকাৰীৰ বাবে এইটোৱেই হৈছে বিশ্বাসৰ আটাইতকৈ ডাঙৰ উৎস। ঠিক ইয়াতেই ৰাজকোটত ২ লাখ ৫০ হাজাৰৰো অধিক এম এছ এম ই আছে। ইয়াত বিভিন্ন ঔদ্যোগিক ক্লাষ্টাৰে স্ক্ৰু ড্ৰাইভাৰৰ পৰা আৰম্ভ কৰি অটো পাৰ্টছ, মেচিন টুল, বিলাসী গাড়ীৰ লাইনাৰ, বিমান, যুঁজাৰু বিমান, আৰু ৰকেটৰ পাৰ্টছলৈকে সকলো উৎপাদন কৰে। অৰ্থাৎ এই অঞ্চলে কম খৰচী উৎপাদনৰ পৰা আৰম্ভ কৰি উচ্চ নিখুঁত, উচ্চ প্ৰযুক্তিৰ উৎপাদনলৈকে সমগ্ৰ মূল্য শৃংখলটোক সমৰ্থন কৰে। আৰু ইয়াৰ গহনা উদ্যোগ বিশ্ববিখ্যাত। এই খণ্ডই পৰিসৰ, দক্ষতা, আৰু গোলকীয় সংযোগৰ উদাহৰণ হৈ জিলিকি উঠিছে।

 

বন্ধুসকল,

আলং হৈছে বিশ্বৰ সৰ্ববৃহৎ জাহাজ নিৰ্মাণৰ চৌহদ, আৰু বিশ্বৰ এক তৃতীয়াংশ জাহাজ ইয়াত পুনঃব্যৱহাৰ কৰা হয়। চক্ৰীয় অৰ্থনীতিৰ ক্ষেত্ৰতো ই ভাৰতৰ নেতৃত্বৰ প্ৰমাণ। ভাৰত টাইলছ উৎপাদনকাৰী দেশসমূহৰ ভিতৰত অন্যতম, আৰু এইক্ষেত্ৰত মৰবি জিলায়ো উল্লেখযোগ্য ভূমিকা পালন কৰে। ইয়াত উৎপাদন ব্যয়-প্ৰতিযোগিতামূলক আৰু গোলকীয় মানদণ্ডৰ। মনত আছে— সৌৰাষ্ট্ৰৰ সংবাদ মাধ্যমৰ আপোনালোকৰ বহুতৰে হয়তো মনত আছে— ইয়াত এবাৰ এটা ভাষণত মই কৈছিলো যে মই এনে এটা সময় দেখা পাওঁ যেতিয়া মৰ্বি, জামনগৰ, ৰাজকোটৰ এই   ত্ৰিভুজে মিনি জাপান গঠন কৰিব। তেতিয়া মোক উপহাস কৰা হৈছিল, কিন্তু আজি চকুৰ সন্মুখত সেই দৃষ্টিভংগী বাস্তৱত পৰিণত হোৱা দেখিছোঁ। আমিও ঢোলেৰা বিশেষ বিনিয়োগ অঞ্চলক লৈ গৌৰৱান্বিত। আজি এই চহৰখন আধুনিক উৎপাদনৰ এক প্ৰধান কেন্দ্ৰত পৰিণত হৈছে। ভাৰতৰ প্ৰথমটো অৰ্ধপৰিবাহী নিৰ্মাণৰ সুবিধা ঢোলেৰাত নিৰ্মাণ কৰা হৈছে। এই অঞ্চলে ভাৰতক ভৱিষ্যতৰ প্ৰযুক্তিৰ ক্ষেত্ৰত আগতীয়াকৈ আগবাঢ়ি যোৱাৰ সুবিধা প্ৰদান কৰিছে। ইয়াত আপোনাৰ বিনিয়োগ বৃদ্ধিৰ বাবে আন্তঃগাঁথনি সাজু, ভৱিষ্যদ্বাণীযোগ্য নীতি, আৰু দীৰ্ঘম্যাদী দৃষ্টিভংগীৰে সম্পূৰ্ণৰূপে ভেটি প্ৰস্তুত কৰা হৈছে।

বন্ধুসকল,

ভাৰতৰ সেউজ বিকাশ, সেউজ গতিশীলতা, শক্তি সুৰক্ষাৰ বাবে সৌৰাষ্ট্ৰ আৰু কুচ্ছ এটা প্ৰধান কেন্দ্ৰ হৈ পৰিছে। কুচ্ছত ৩০ গিগাৱাটৰ নবীকৰণযোগ্য শক্তি উদ্যান নিৰ্মাণ কৰা হৈছে; ই হ’ব বিশ্বৰ সৰ্ববৃহৎ হাইব্ৰিড শক্তি উদ্যান। আপোনালোকে কল্পনা কৰিব পাৰে যে এই উদ্যানখন পেৰিছ চহৰতকৈ পাঁচগুণ ডাঙৰ। অৰ্থাৎ এই অঞ্চলত স্বচ্ছ শক্তি কেৱল প্ৰতিশ্ৰুতি নহয়, ব্যৱসায়িক পৰিসৰৰ বাস্তৱতাও। সেউজীয়া হাইড্ৰজেনৰ সম্ভাৱনাৰ সৈতে আপোনালোক সকলোৱে পৰিচিত; এইক্ষেত্ৰত ভাৰতত অভূতপূৰ্ব গতি আৰু পৰিসৰত কাম চলি আছে। কুচ্ছ আৰু জামনগৰ সেউজ হাইড্ৰজেন উৎপাদনৰ প্ৰধান কেন্দ্ৰ হৈ পৰিছে। কুচ্ছত এটা বৃহৎ বেটাৰী শক্তি সংৰক্ষণ ব্যৱস্থা (BESS)ও স্থাপন কৰা হৈছে। অৰ্থাৎ নবীকৰণযোগ্য শক্তিৰ লগতে গ্ৰীডৰ স্থিৰতা আৰু নিৰ্ভৰযোগ্যতা নিশ্চিত কৰা হৈছে।

 

বন্ধুসকল,

কুচ্ছ আৰু সৌৰাষ্ট্ৰৰ আন এক বৃহৎ সম্ভাৱনা আছে। এই অঞ্চলটো ভাৰতৰ বিশ্বমানৰ বন্দৰেৰে সজ্জিত। ভাৰতৰ ৰপ্তানিৰ এক বৃহৎ অংশ ইয়াৰ মাজেৰেই পাৰ হৈ যায়। পিপাভাভ আৰু মুন্দ্ৰাৰ দৰে বন্দৰ ভাৰতৰ অটোমোবাইল ৰপ্তানিৰ প্ৰধান কেন্দ্ৰ হৈ পৰিছে। যোৱা বছৰ গুজৰাটৰ বন্দৰৰ পৰা প্ৰায় ১.৭৫ লাখ বাহন ৰপ্তানি কৰা হৈছিল। কেৱল লজিষ্টিকতে নহয়, বন্দৰ নেতৃত্বাধীন উন্নয়নৰ প্ৰতিটো দিশতে বিনিয়োগৰ অন্তহীন সুযোগ আছে। গুজৰাট চৰকাৰেও মীন খণ্ডক বিশেষ অগ্ৰাধিকাৰ দিছে। ইয়াত মীন পালনৰ আন্তঃগাঁথনিৰ ওপৰত বিস্তৃত কাম কৰা হৈছে। সাগৰীয় খাদ্য প্ৰক্ৰিয়াকৰণৰ সৈতে জড়িত বিনিয়োগকাৰীৰ বাবে এক শক্তিশালী পৰিৱেশতন্ত্ৰ সাজু হৈ উঠিছে।

বন্ধুসকল,

আন্তঃগাঁথনিৰ লগতে উদ্যোগৰ বাবে সাজু এটা কৰ্মশক্তি আজিৰ মূল প্ৰয়োজনীয়তা। আৰু গুজৰাটে বিনিয়োগকাৰীক এই দিশত সম্পূৰ্ণ নিশ্চয়তা প্ৰদান কৰে। শিক্ষা আৰু দক্ষতা বিকাশৰ বাবে এটা আন্তঃৰাষ্ট্ৰীয় পৰিৱেশতন্ত্ৰ ইয়াত বিদ্যমান। গুজৰাট চৰকাৰৰ কৌশল দক্ষতা বিশ্ববিদ্যালয়ে যুৱক-যুৱতীসকলক ভৱিষ্যতৰ বাবে সাজু দক্ষতাসম্পন্ন কৰি তুলিছে। ই অষ্ট্ৰেলিয়া আৰু ছিংগাপুৰৰ বিশ্ববিদ্যালয়ৰ সহযোগত কাম কৰে। ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয় ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিৰক্ষা বিশ্ববিদ্যালয়। গতি শক্তি বিশ্ববিদ্যালয়ে পথ, ৰেলপথ, বায়ুপথ, জলপথ, আৰু লজিষ্টিককে ধৰি প্ৰতিটো খণ্ডৰ বাবে দক্ষ জনশক্তি প্ৰস্তুত কৰি আছে। অৰ্থাৎ বিনিয়োগৰ লগতে ইয়াত প্ৰতিভাৰ বিকাশো নিশ্চিত কৰা হৈছে। আজি বহু বিদেশী বিশ্ববিদ্যালয়ে ভাৰতত নতুন সুযোগ বিচাৰিছে, আৰু গুজৰাট তেওঁলোকৰ বাবে পছন্দৰ গন্তব্যস্থান হৈ পৰিছে। ইতিমধ্যে অষ্ট্ৰেলিয়াৰ দুখন আগশাৰীৰ বিশ্ববিদ্যালয়ে গুজৰাটত কেম্পাছ স্থাপন কৰিছে। ভৱিষ্যতে এই সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

 

বন্ধুসকল,

গুজৰাটত প্ৰকৃতি, দুঃসাহসিক কৰ্ম, সংস্কৃতি, ঐতিহ্য আছে। আপোনালোকে যেনে পৰ্যটন অভিজ্ঞতা বিচাৰিব, সেয়া ইয়াতে পাব। লোথাল ভাৰতৰ ৪৫০০ বছৰ পুৰণি সামুদ্ৰিক ঐতিহ্যৰ প্ৰতীক। ইয়াত আৱিষ্কাৰ হৈছে বিশ্বৰ আটাইতকৈ পুৰণি মানৱসৃষ্ট ডকয়াৰ্ড। ইয়াত ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য চৌহদ গঢ়ি তোলা হৈছে। বৰ্তমান কুচ্ছত অনুষ্ঠিত হৈ আছে ৰণ উৎসৱ। টেণ্ট চিটিত থকাটো সঁচাকৈয়ে এক অনন্য অভিজ্ঞতা।

বনাঞ্চল আৰু বন্যপ্ৰাণী ভালপোৱাসকলৰ বাবে গিৰ বনাঞ্চলত এছিয়াটিক সিংহক দেখাতকৈ উত্তম অভিজ্ঞতা আৰু কি হ’ব পাৰে? প্ৰতি বছৰে ৯ লাখৰো অধিক পৰ্যটক এই অঞ্চললৈ আহে। সাগৰৰ সংগ উপভোগ কৰাসকলৰ বাবে শিৱৰাজপুৰ বিচ্চ আছে, যিটো ব্লু ফ্লেগ প্ৰমাণিত। মাণ্ডৱী, সোমনাথ, আৰু দ্বাৰকাই বিচ্চ পৰ্যটনৰ বাবে অসংখ্য সুযোগ প্ৰদান কৰে। ডিউও ওচৰতে, আৰু ই জল ক্ৰীড়া আৰু বিচ্চ খেলৰ বাবে এক উত্তম গন্তব্যস্থান হৈ পৰিছে। অৰ্থাৎ এই সমগ্ৰ অঞ্চলটো আপোনালোক বিনিয়োগকাৰীসকলৰ বাবে শক্তি আৰু সম্ভাৱনাৰে ভৰি আছে। ইয়াৰ সম্পূৰ্ণ সুবিধা আপুনি ল’ব লাগিব। আৰু মই বহুদিনৰ পৰা এই কথা কৈ আহিছোঁ : পলম কৰিলে মোক দোষ নিদিব। সৌৰাষ্ট্ৰ-কুচ্ছত আপুনি কৰা প্ৰতিটো বিনিয়োগে গুজৰাটৰ উন্নয়ন আৰু দেশৰ উন্নয়ন ত্বৰান্বিত কৰিব।

সৌৰাষ্ট্ৰৰ শক্তি বিদেশতো প্ৰতিফলিত হৈছে। ৰুৱাণ্ডাৰ উচ্চায়ুক্তই মোক কৈছে যে মই যেতিয়া ৰুৱাণ্ডালৈ গৈছিলোঁ তেতিয়া মই তাত ২০০ টা গীৰগাই উপহাৰ দিছিলো। কিন্তু তাত এটা বিশেষ বৈশিষ্ট্য আছে : গৰুটো পাব, কিন্তু প্ৰথম পোৱালিটো ঘূৰাই দিব লাগিব, আৰু আমি সেইটো আন এটা পৰিয়ালক দিওঁ। গতিকে, ২০০টা গৰুৰ পৰা আৰম্ভ কৰি, হাজাৰ হাজাৰ পৰিয়ালত এতিয়া গৰু আছে। ৰুৱাণ্ডাৰ গ্ৰাম্য অৰ্থনীতিত ই এক বৃহৎ সহায় আগবঢ়াইছে, আৰু প্ৰতিটো পৰিয়ালতে আজি গীৰ গাই দেখা গৈছে। এয়াই সৌৰাষ্ট্ৰৰ ভাবনা।

বন্ধুসকল,

আজিৰ ভাৰত দ্ৰুতগতিত উন্নয়নৰ দিশত আগবাঢ়িছে। আৰু এই লক্ষ্যত উপনীত হোৱাত ৰিফৰ্ম এক্সপ্ৰেছে উল্লেখযোগ্য ভূমিকা পালন কৰে। ৰিফৰ্ম এক্সপ্ৰেছৰ অৰ্থ হ’ল প্ৰতিটো খণ্ডতে পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ সাধন। শেহতীয়াকৈ দেশত নেক্সট জেনেৰেচন জি এছ টি সংস্কাৰ ৰূপায়ণ কৰা হৈছে। ইয়াৰ ইতিবাচক প্ৰভাৱ প্ৰতিটো খণ্ডতে অনুভৱ কৰা হৈছে, বিশেষকৈ আমাৰ এম এছ এম ইসমূহ ইয়াৰ জৰিয়তে উপকৃত হৈছে। ৰিফৰ্ম এক্সপ্ৰেছত উঠি ভাৰতে বীমা খণ্ডত এক বৃহৎ সংস্কাৰ সাধন কৰিছে। ই বীমা খণ্ডত ১০০% প্ৰত্যক্ষ বিদেশী বিনিয়োগত অনুমোদন দিছে। ইয়াৰ ফলত নাগৰিকসকলক ১০০% বীমা কভাৰেজ প্ৰদানৰ অভিযান ত্বৰান্বিত হ’ব। একেদৰে প্ৰায় ছয় দশকৰ পাছত আয়কৰ আইনখন আধুনিকীকৰণ কৰা হৈছে। ইয়াৰ দ্বাৰা লাখ লাখ কৰদাতা উপকৃত হ’ব। ভাৰতেও ঐতিহাসিক শ্ৰমিক সংস্কাৰ ৰূপায়ণ কৰিছে। ইয়াৰ ফলত মজুৰি, সামাজিক সুৰক্ষা, উদ্যোগৰ বাবে এক ঐক্যবদ্ধ কাঠামোৰ সৃষ্টি হৈছে। অর্থাৎ শ্রমিকেই হওক বা উদ্যোগেই হওক, সকলোৱে ইয়াৰ দ্বাৰা উপকৃত হয়৷

 

ভাৰত আজি তথ্য-চালিত উদ্ভাৱন, এআই গৱেষণা, আৰু অৰ্ধপৰিবাহী নিৰ্মাণৰ এক গোলকীয় কেন্দ্ৰত পৰিণত হৈছে। অৰ্থাৎ ভাৰতৰ শক্তিৰ চাহিদা অহৰহ বাঢ়ি গৈ আছে। ভাৰতত নিশ্চিত শক্তিৰ অতি প্ৰয়োজন, আৰু পাৰমাণৱিক শক্তি ইয়াৰ এক প্ৰধান উৎস। এই কথা মনত ৰাখি আমি পাৰমাণৱিক শক্তি খণ্ডতো পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ ৰূপায়ণ কৰিছো। যোৱা সংসদীয় অধিৱেশনত ভাৰতে শান্তি আইনৰ জৰিয়তে ব্যক্তিগত অংশীদাৰিত্বৰ বাবে অসামৰিক পাৰমাণৱিক শক্তি মুকলি কৰিছিল। বিনিয়োগকাৰীৰ বাবে এয়া এক বৃহৎ সুযোগ।

 

বন্ধুসকল,

ইয়াত উপস্থিত সকলো বিনিয়োগকাৰীক মই আশ্বস্ত কৰিছো যে আমাৰ ৰিফৰ্ম এক্সপ্ৰেছ ৰুদ্ধ নহয়। ভাৰতৰ সংস্কাৰ যাত্ৰা প্ৰতিষ্ঠানিক ৰূপান্তৰৰ দিশে অগ্ৰসৰ হৈছে।

 

আপোনালোকে ইয়ালৈ কেৱল বুজাবুজিৰ চুক্তি লৈ অহা নাই; আপোনালোক ইয়ালৈ আহিছে সৌৰাষ্ট্ৰ-কুচ্ছৰ উন্নয়ন আৰু ঐতিহ্যৰ সৈতে সংযোগ স্থাপন কৰিবলৈ। মই আপোনালোকক আশ্বস্ত কৰিছোঁ যে আপোনাৰ বিনিয়োগৰ প্ৰতিটো পইচাই উৎকৃষ্ট লাভ দিব। আকৌ এবাৰ আপোনালোক সকলোলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গুজৰাট চৰকাৰ আৰু গুজৰাটৰ দলটোক তেওঁলোকৰ এই প্ৰচেষ্টাৰ বাবে প্ৰশংসা কৰিছোঁ আৰু অভিনন্দন জনাইছোঁ। ২০২৭ চনৰ ভাইব্ৰেণ্ট ছামিট অনুষ্ঠিত হোৱাৰ পূৰ্বে এই আঞ্চলিক সন্মিলনখন একপ্ৰকাৰৰ পৰীক্ষা। মই আনন্দিত যে প্ৰথমবাৰৰ বাবে আৰম্ভ কৰাৰ সময়ত  কাম কৰাৰ যি সুযোগ পাইছিলো, এতিয়া মোৰ সহকৰ্মীসকলে সেয়া সম্প্ৰসাৰণ কৰি নতুন শক্তি লাভ কৰিছে। ই মোৰ আনন্দ বহুগুণে বৃদ্ধি কৰিছে। আপোনালোক সকলোকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Auckland's Sky Tower lights up in India's tricolour as PM Modi begins historic New Zealand visit

Media Coverage

Auckland's Sky Tower lights up in India's tricolour as PM Modi begins historic New Zealand visit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
India-New Zealand friendship has gained new momentum and a new direction: PM Modi during the Gala Lunch
July 11, 2026

Your Excellency, Prime Minister क्रिस्टोफर लक्सन,

दोनों देशों के delegates,

नमस्कार!

किया ओरा!

मेरे और मेरे delegation के ऊष्मा भरे स्वागत और आतिथ्य के लिए मैं मेरे मित्र प्रधानमंत्री लक्सन का हार्दिक आभार व्यक्त करता हूँ। उन्होंने स्वागत में इतनी गर्मजोशी दिखाई है, कि ऑकलैंड की सर्दी भी आज कुछ कम लग रही है। इस यात्रा के दौरान न्यूजीलैंड के लोगों से जो स्नेह और अपनापन मिला है, वह हमारे हृदय में हमेशा रहेगा।

पिछले वर्ष प्रधानमंत्री लक्सन की भारत यात्रा से हमारे संबंधों के हर क्षेत्र में नई ऊर्जा आई है। उनके नेतृत्व, स्पष्ट विजन, और मजबूत प्रतिबद्धता से, भारत और New Zealand की मित्रता को नयी गति और नयी दिशा मिली है। आज चालीस वर्षों के बाद भारतीय प्रधानमंत्री की यात्रा हो रही है। और मैं हमेशा कहता हूँ, कि बहुत सारे अच्छे काम है, जो मेरे पहले वाले लोग मेरे लिए छोड़ के गए हैं, जो मैं पूरा कर रहा हूँ। साथियों, यह हमारे संबंधों के एक नए अध्याय का शुभारंभ है।

Friends,

भारत और न्यूजीलैंड का लोकतान्त्रिक मूल्यों में दृढ़ विश्वास हमें मिलकर आगे बढ़ने के लिए natural comfort प्रदान करता है। पिछले कुछ वर्षों में हमने हमारे सबंधों को अभूतपूर्व गति प्रदान की है।

आज आज की बैठक में हमने हमारे सहयोग को नई गहराई और व्यापकता देने पर विस्तार से चर्चा की। हमने भारत-न्यूजीलैंड संबंधों को Strategic Partnership के स्तर पर ले जाने का ऐतिहासिक निर्णय लिया है। इसके अंतर्गत हम हर क्षेत्र में स्पष्ट लक्ष्यों और ठोस परिणामों के साथ आगे बढ़ेंगे।

इस वर्ष हमने रिकॉर्ड समय में Free Trade Agreement किया। इस उपलब्धि से दोनों देशों के उद्योगों, किसानों और युवाओं के लिए नए द्वार खुलेंगे। हम trade के साथ साथ trust, technology और talent का blue print तैयार कर रहे हैं।

पिछले तीन वर्षों में हमारे व्यापार में 50 पर्सेन्ट से अधिक की बढ़ोतरी हुई है। हमें विश्वास है कि FTA अगले पाँच वर्षों में हमारे व्यापार को दोगुना करने का मजबूत आधार बनेगा।

न्यूजीलैंड द्वारा भारत में बीस बिलियन डॉलर के investment commitment का भी हम विशेष स्वागत करते हैं। यह न्यूज़ीलैंड की companies को भारत की growth story में long-term partner बनने का अवसर देगा।

Friends,

हमारी Strategic Partnership को सार्थक बनाने के लिए हम दोनों देशों की strengths को practical cooperation में बदल रहे हैं। Fin Tech के क्षेत्र में हम भारत के UPI और न्यूजीलैंड के payment systems को जोड़ने पर आगे बढ़ रहे हैं।

Agriculture, dairy और food processing में हमने सहयोग का एक मजबूत खाका बनाया है। इसका लाभ हमारे किसानों और पशु-पालकों को मिलेगा।

Traditional medicine में न्यूज़ीलैंड और भारत दोनों की समृद्ध और जीवंत परंपराएं हैं। आज हमने हमारे स्वास्थ्य सहयोग में traditional medicines की भूमिका बढ़ाने पर सहमति व्यक्त की।

रक्षा और सुरक्षा में हमारा बढ़ता सहयोग हमारे गहरे strategic trust का प्रतीक है। पिछले वर्ष किए गए Defence Cooperation Agreement से हमारे सहयोग का मजबूत ढांचा तैयार हुआ है। आज हमने इंडो-पैसिफिक में maritime cooperation के लिए एक फ्रैम्वर्क पर सहमति बनाई है। Bilateral naval exercises, Logistics support और hydrography में सहयोग से हमारा आपसी तालमेल बढ़ेगा।

Friends,

हमारे संबंधों की सबसे मजबूत ताकत हमारे people-to-people ties हैं। भारतीय समुदाय के लोगों ने अपने परिश्रम और talent से न्यूजीलैंड में विशेष स्थान बनाया है। उनकी देखरेख के लिए मैं प्रधानमंत्री लक्सन और न्यूजीलैंड सरकार और न्यूजीलैंड के लोगों का आभार व्यक्त करता हूँ।

आज हुआ Cultural Cooperation MOU दोनों देशों के art, culture, heritage तथा creative industries में exchanges को गति देगा। न्यूजीलैंड भारतीय students के लिए एक महत्वपूर्ण destination रहा है। हम न्यूजीलैंड की universities को भारत में campus खोलने के लिए आमंत्रित करते हैं।

इस वर्ष हम दोनों देशों के बीच खेल संबंधों की सौवीं वर्षगांठ मना रहे हैं। सौ साल पहले मेजर ध्यानचंद के नेतृत्व में हॉकी टीम ने यहाँ आकर जो इतिहास रचा था, वह हमारी खेल साझेदारी को आज भी प्रेरित कर रहा है। इस उपलक्ष्य पर हम दोनों देशों में कई स्पोर्ट्स इवेंट्स आयोजित कर रहे हैं। क्रिकेट के साथ-साथ अन्य खेलों में भी सहयोग बढ़ाने के लिए हम Sports Joint Action Plan बनाया है। हाल ही में भुवनेश्वर में न्यूजीलैंड रग्बी और रग्बी इंडिया के कोचिंग प्रोग्राम से अच्छी शुरुवात हुवी है।

Friends,

वैश्विक मंच पर भी भारत और न्यूज़ीलैंड भरोसेमंद साझेदार और करीबी मित्र हैं। हमारा मानना है कि वर्तमान समय की चुनौतियों का सामना करने के लिए UN सहित अन्य वैश्विक संस्थानों में reform आवश्यक है।

आतंकवाद के विषय पर कंधे से कंधा मिलाकर आगे बढ़ाने के लिए आज हमने Joint Working Group का गठन किया है। भारत और न्यूजीलैंड के बीच सहयोग इंडो-पेसिफिक में शांति, स्थिरता और सुरक्षा के लिए अत्यंत महत्वपूर्ण है।

Friends, मैं आप सभी को माओरी नव वर्ष “मातरिकी” की हार्दिक शुभकामनाएँ देता हूँ। जिस तारा-समूह को यहाँ “मातरिकी” नाम दिया गया है, जैसे आपने भी बताया, उसे भारत में प्राचीन काल से “कृत्तिका नक्षत्र” के रूप में जाना जाता है। मुझे विश्वास है कि “मातरिकी” का यह पर्व, हमारे संबंधों को इन्हीं सितारों की तरह जगमगाने की प्रेरणा देगा।

Prime Minister लक्सन,

आपकी मित्रता, आपकी प्रतिबद्धता और मेरी न्यूज़ीलैंड यात्रा को यादगार बनाने के लिए मैं आपका आभार व्यक्त करता हूँ। जैसे रग्बी में टीमवर्क और भरोसा ज़रूरी होता है, वैसे ही हम भी आपसी विश्वास के साथ आगे बढ़ेंगे। हम एक ही टीम में है, इसलिए टैकल केवल चुनौतियों को करेंगे।

बहुत-बहुत धन्यवाद।