ভূপালত একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীয়ে
লোকমাতা দেৱী অহিল্যবাই হোলকাৰৰ নামটোৱে আমাক শ্ৰদ্ধাৰে ভৰাই তোলে, তেওঁৰ মহান ব্যক্তিত্বৰ বিষয়ে ক’বলৈ শব্দৰ অভাৱঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ ঐতিহ্যৰ এগৰাকী মহান ৰক্ষক আছিল দেৱী অহিল্যাবাইঃ প্ৰধানমন্ত্ৰী
মাতা অহিল্যাবাই জাতি গঠনত আমাৰ নাৰী শক্তিৰ অমূল্য অৱদানৰ প্ৰতীকঃ প্ৰধানমন্ত্ৰী
আমাৰ চৰকাৰে মহিলা নেতৃত্বাধীন উন্নয়নৰ দৃষ্টিভংগীক উন্নয়নৰ আধাৰ হিচাপে গঢ়ি তুলিছেঃ প্ৰধানমন্ত্ৰী
অনুষ্ঠানটোক আশীৰ্বাদ দিবলৈ অহা ভগ্নী-কন্যাসকলৰ বৃহৎ সমাৱেশৰ বাবে তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁলোকৰ উপস্থিতিৰ বাবে তেওঁ সন্মানিত অনুভৱ কৰা বুলি উল্লেখ কৰে
তেওঁ লোকমাতা অহিল্যবাইয়ে বিস্তৃত উন্নয়নমূলক কাম হাতত লোৱা ঠিক নগৰ বাৰাণসীতে সেৱা আগবঢ়োৱাৰ সুযোগ পোৱাৰ সৌভাগ্য প্ৰকাশ কৰে
“মাতা অহিল্যাবাই ৰাষ্ট্ৰ নিৰ্মাণত নাৰীৰ অমূল্য অৱদানৰ প্ৰতীক হিচাপে থিয় দিছে”, শ্ৰী মোদীয়ে তেওঁক শ্ৰদ্ধাঞ্জলি জনাই মন্তব্য কৰে, সকলোৰে ওপৰত তেওঁৰ অবিৰত আশীৰ্বাদৰ বাবে প্ৰাৰ্থনা আগবঢ়ায়

মধ্য প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান মংগুভাই পেটেল, আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমান মোহন যাদৱ জী, প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে সংযুক্ত কেন্দ্ৰীয় মন্ত্ৰীসকল, ইন্দোৰৰ পৰা তোখন সাহু জী, দতিয়াৰ পৰা ৰাম মোহন নাইডু জী, সতনাৰ পৰা মুৰালীধৰ মোহল জী, ইয়াত মঞ্চত উপস্থিত ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী জগদীশ দেৱড়া জী, ৰাজেন্দ্ৰ শুক্লাজী, লোকসভাৰ মোৰ সহকৰ্মী ভি ডি শৰ্মা জী, অন্য মন্ত্ৰীসকল, জনপ্ৰতিনিধি আৰু ইয়াত বৃহৎ সংখ্যাত উপস্থিত থকা মোৰ প্ৰিয় ভাই-ভনীসকল।

প্ৰথমে ভাৰতৰ মাতৃ শক্তি মা ভাৰতীক প্ৰণাম জনাইছোঁ। আজি ইমান বৃহৎ সংখ্যক মাতৃ, ভগ্নী, কন্যাসন্তান আমাক আশীৰ্বাদ দিবলৈ ইয়ালৈ আহিছে। আপোনালোক সকলো ভগ্নীৰ দৰ্শন পাই মই ধন্য হৈছোঁ।

ভাই-ভনীসকল,

আজি ‘লোকমাতা’ দেৱী অহিল্যাবাঈ হোলকৰ জীৰ ৩০০ সংখ্যক জন্ম জয়ন্তী। এয়া হৈছে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে চলি থকা ‘ভাগীৰথ প্ৰয়াস’ত অৰিহণা যোগাবলৈ ১৪০ কোটি ভাৰতীয়ৰ বাবে প্ৰেৰণাৰ সুযোগ। দেৱী অহিল্যাবাঈয়ে কৈছিল যে শাসন ব্যৱস্থাৰ প্ৰকৃত অৰ্থ হ’ল জনসাধাৰণৰ সেৱা কৰা আৰু তেওঁলোকৰ জীৱন উন্নত কৰা। আজিৰ অনুষ্ঠানটোৱে তেওঁৰ চিন্তাধাৰাকে আগুৱাই লৈ গৈছে। আজি ‘ইন্দোৰ মেট্ৰ’ৰ শুভাৰম্ভ কৰা হৈছে। দতিয়া আৰু সতনাও এতিয়া বিমান সেৱাৰ সৈতে সংযুক্ত হৈছে। এই সকলোবোৰ প্ৰকল্পই মধ্যপ্ৰদেশত সুবিধা বৃদ্ধি কৰিব, উন্নয়ন ত্বৰান্বিত কৰিব আৰু নতুন কৰ্মসংস্থাপনৰ বহুতো সুযোগ সৃষ্টি কৰিব। আজি এই শুভ দিনটোত আপোনালোক সকলোকে আৰু সমগ্ৰ মধ্যপ্ৰদেশক এই সকলোবোৰ উন্নয়নমূলক কামৰ বাবে অভিনন্দন জনাইছোঁ।

 

বন্ধুসকল,

‘লোকমাতা’ দেৱী অহিল্যাবাঈ হোলকাৰ, এই নামটো শুনিলেই মনত এক শ্ৰদ্ধাৰ অনুভূতি জাগৃত হৈ উঠে। তেওঁৰ মহান ব্যক্তিত্বৰ বিষয়ে ক’বলৈ যাওঁতে শব্দৰ অভাৱ হয়। যেতিয়া ইচ্ছাশক্তি থাকে, দৃঢ় সংকল্প থাকে, তেতিয়া যিমানেই প্ৰতিকূল পৰিস্থিতি নহওক কিয়, ফলাফল লাভ কৰিব পৰা যায়েই- এই কথাৰ প্ৰতীক হৈছে দেৱী অহিল্যবাঈ। আঢ়ৈ-তিনিশ বছৰ আগতে যেতিয়া দেশ দাসত্বৰ শিকলিৰে বান্ধ খাই আছিল, তেতিয়া ইমান ডাঙৰ কাম কৰাটো, যাক লৈ পৰৱৰ্তী বহু প্ৰজন্মই তেওঁৰ কথা সোঁৱৰণ কৰি থাকিব, এনে কথা ক’বলৈতো সহজ, কিন্তু কৰাটো সহজ কথা নাছিল।

 

বন্ধুসকল,

 

‘লোকমাতা’ অহিল্যাবাঈয়ে কেতিয়াও ভগৱানৰ সেৱা আৰু জনসাধাৰণৰ সেৱাক বেলেগ বুলি গণ্য কৰা নাছিল। কোৱা হয় যে তেওঁ সদায় লগত এটি শিৱলিংগ লৈ ফুৰিছিল। সেই প্ৰত্যাহ্বানপূৰ্ণ সময়ছোৱাত ৰাজ্য এখনৰ নেতৃত্ব দিয়াটো কাঁইটৰ মুকুট পিন্ধাৰ দৰে কাম আছিল, কল্পনা কৰকচোন, কিন্তু ‘লোকমাতা’ অহিল্যাবাঈয়ে নিজৰ ৰাজ্যখনক সমৃদ্ধিৰ এক নতুন মাত্ৰা প্ৰদান কৰিছিল। দুখীয়াৰো দুখীয়াসকলক সামৰ্থ্যবান কৰি তুলিবলৈ তেওঁ কাম কৰিছিল। ভাৰতৰ ঐতিহ্যৰ মহান ৰক্ষক আছিল দেৱী অহিল্যাবাঈ। দেশৰ সংস্কৃতি, আমাৰ মন্দিৰ, আমাৰ তীৰ্থস্থানসমূহত যেতিয়া আক্ৰমণ চলিছিল, ‘লোকমাতা’ই সেইবোৰ ৰক্ষাৰ উদ্যোগ লৈছিল, কাশী বিশ্বনাথকে ধৰি সমগ্ৰ দেশৰ আমাৰ বহু মন্দিৰ, আমাৰ তীৰ্থস্থান পুনৰ নিৰ্মাণ কৰিছিল। আৰু মোৰ সৌভাগ্য যে যি কাশীত ‘লোকমাতা’ অহিল্যবাঈয়ে ইমান উন্নয়নৰ কাম কৰিছিল, সেই কাশীয়েও মোক সেৱা কৰাৰ সুযোগ দিছে। আজি কাশীত বিশ্বনাথ মহাদেৱৰ দৰ্শন কৰিবলৈ গ’লে তাতো দেৱী অহিল্যবাঈৰ প্ৰতিমূৰ্তি দেখিবলৈ পাব।

বন্ধুসকল,

মাতা অহিল্যাবাঈয়ে এনে এটা ভাল শাসন আৰ্হি গ্ৰহণ কৰিছিল য’ত দুখীয়া আৰু বঞ্চিতসকলক সৰ্বোচ্চ প্ৰথমিকতা দিয়া হৈছিল। কৰ্মসংস্থাপনৰ বাবে আৰু উদ্যোগ সম্প্ৰসাৰণৰ বাবে বহু আঁচনি আৰম্ভ কৰিছিল। কৃষি আৰু বনজ উৎপাদন ভিত্তিক কুটিৰ উদ্যোগ আৰু হস্তশিল্পক উৎসাহিত কৰিছিল। খেতিৰ প্ৰসাৰৰ বাবে তেওঁ সৰু সৰু খালৰ নেটৱৰ্ক স্থাপন কৰে, সেইসমূহক বিকশিত কৰিছিল, ৩০০ বছৰৰ আগৰ সেই যুগৰ কথা ভাবকচোন। জল সংৰক্ষণক উত্সাহিত কৰাৰ বাবে তেওঁ বহু পুখুৰী খন্দাইছিল, আৰু আজি আমিওতো অহৰহ কৈ আহিছো, ‘কেট্চ দা ৰেইন’, বৰষুণৰ প্ৰতিটোপাল পানী বচাওক। দেৱী অহিল্যা জীয়ে ২৫০-৩০০ বছৰ আগতেই আমাক এই কামৰ বিষয়ে জনাইছিল। কৃষকৰ উপাৰ্জন বৃদ্ধিৰ বাবে তেওঁ কপাহ আৰু মছলাৰ খেতি কৰাৰ বাবে উৎসাহিত কৰিছিল। আজি ২৫০-৩০০ বছৰৰ পাছতো আমি বাৰে বাৰে কৃষকসকলক ক’ব লগা হৈছে যে শস্যৰ বৈচিত্ৰ্যতা হৈছে অতিকে গুৰুত্বপূৰ্ণ। আমি কেৱল ধান বা কুঁহিয়াৰৰ খেতি কৰাতে আবদ্ধ হৈ থাকিব নোৱাৰো, দেশৰ প্ৰয়োজনীতাক অনুধাৱন কৰি আমি কৃষিখণ্ডক বৈচিত্ৰ্যময় কৰি সকলো বস্তুৰে উৎপাদন কৰা উচিত। তেওঁ জনজাতীয় সমাজ আৰু যাযাবৰী গোটসমূহৰ বাবে ছন পৰি থকা মাটিবোৰত খেতি কৰাৰ পৰিকল্পনা কৰিছিল। মোৰ সৌভাগ্য যে আজি ভাৰতৰ ৰাষ্ট্ৰপতি হৈ থকা এগৰাকী জনজাতীয় কন্যাৰ মাৰ্গদৰ্শনত মই জনজাতীয় ভাই-ভনীসকলৰ সেৱা কৰাৰ সুযোগ পাইছোঁ। বিশ্ববিখ্যাত ‘মাহেশ্বৰী শাৰী’খনৰ বাবে দেৱী অহিল্যাই নতুন উদ্যোগ স্থাপন কৰিছিল আৰু অতি কম সংখ্যক লোকেহে গম পাব যে দেৱী অহিল্যা এগৰাকী দক্ষতাৰ ৰসিক আছিল আৰু তেওঁ গুজৰাটৰ জুনাগড়ৰ পৰা কিছু পৰিয়ালক মহেশ্বৰলৈ আনিছিল আৰু তেওঁলোকক জড়িত কৰি ২৫০-৩০০ বছৰ আগতে ‘মাহেশ্বৰী শাৰী’ৰ কাম আগবঢ়াই লৈ গৈছিল, যিটো আজিও বহু পৰিয়ালৰ বাবে এক অলংকাৰ হৈ আহিছে আৰু যিটোৱে আমাৰ শিপিনীসকলক বহুত পৰমাণে লাভান্বিত কৰি আহিছে।

 

বন্ধুসকল,

বহু বৃহৎ সমাজ সংস্কাৰৰ বাবে দেৱী অহিল্যাবাঈ সদায় স্মৰণীয় হৈ থাকিব। যদি আমি আজি কন্যাসকলৰ বিবাহৰ বয়সৰ কথা কওঁ, তেন্তে আমাৰ দেশৰ কিছুমান মানুহে ধৰ্মনিৰপেক্ষতা বিপদত পৰা বুলি চিঞৰ-বাখৰ কৰে, তেওঁলোকে ভৱে যে এয়া আমাৰ ধৰ্মৰ বিৰোধী। এইগৰাকী দেৱী অহিল্য জীলৈ চাওক, মাতৃ শক্তিৰ গৌৰৱৰ বাবে সেই সময়তে তেওঁ কন্যাহঁতৰ বিবাহৰ বয়সৰ কথা ভাবিছিল। তেওঁৰ নিজৰে বিয়া কম বয়সত হৈছিল যদিও কন্যাহঁতৰ বিকাশৰ পথ কি হ’ব লাগে তেওঁ সকলো জানিছিল। এইগৰাকীয়েই আছিল দেৱী অহিল্য জী, যিয়ে নাৰীৰো যে সম্পত্তিৰ অধিকাৰ থাকিব লাগে, যিসকল মহিলাৰ স্বামীৰ অকাল মৃত্যু হৈছিল, তেওঁলোকে যে পুনৰ বিবাহ কৰিব পাৰে, সেই সময়ছোৱাত এইবোৰ কথা কোৱাটোৱেই বৰ কঠিন আছিল। কিন্তু দেৱী অহিল্যাবাঈয়ে এই সমাজ সংস্কাৰৰ প্ৰয়াসবোৰক সম্পূৰ্ণ সমৰ্থন দিছিল। মালৱাৰ সেনাবাহিনীত মহিলাৰ বিশেষ দল এটাও গঠন কৰিছিল। পশ্চিমীয়া বিশ্বৰ মানুহে এই কথা নাজানিছিলেই। আমাক গালি-গালাজ দি থাকে, আমাৰ মা-ভগ্নীৰ অধিকাৰৰ নামত আমাক অপমান কৰিবলৈ চেষ্টা কৰে। আঢ়ৈশ-তিনিশ বছৰৰ আগতে আমাৰ দেশত সেনাবাহিনীত মহিলাৰ অংশগ্ৰহণ, বন্ধুসকল, তেওঁ মহিলাৰ সুৰক্ষাৰ বাবে গাঁৱে-ভূঞে নাৰী সুৰক্ষা গোটো গঠন কৰিছিল। অৰ্থাৎ মাতা অহিল্যাবাঈ ৰাষ্ট্ৰ নিৰ্মাণত আমাৰ নাৰী শক্তিৰ অমূল্য অৱদানৰ প্ৰতীক আছিল। সমাজলৈ ইমান ডাঙৰ পৰিৱৰ্তনৰ সূচনা কৰা দেৱী অহিল্যা জীক আজি শ্ৰদ্ধাৰে প্ৰণিপাত জনাইছোঁ, তেওঁৰ চৰণত প্ৰণাম জনাইছোঁ আৰু তেওঁৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে আপুনি য'তেই নাথাকক কিয় আমাৰ সকলোৰে ওপৰত আশীৰ্বাদ বৰষী থাকিব।

বন্ধুসকল,

দেৱী অহিল্যৰ এক প্ৰেৰণাদায়ক বক্তব্য, যিটো আমি কেতিয়াও পাহৰিব নোৱাৰো। আৰু যদি মই সেই কথা থুলমূলকৈ কওঁ তেন্তে ইয়াৰ ভাবাৰ্থ আছিল যে আমি যি পাইছো সেয়া হৈছে জনসাধাৰণে দিয়া ঋণ, যিটোক আমি পৰিশোধ কৰিব লাগিব। আজি আমাৰ চৰকাৰেও লোকমাতা অহিল্যাবাঈৰ এই প্ৰমূল্যবোধেৰেই কাম কৰি আছে। ‘নাগৰিক দেৱো ভৱ:’ - এইটোৱেই হৈছে আজিৰ শাসনৰ মূলমন্ত্ৰ। আমাৰ চৰকাৰে মহিলা নেতৃত্বাধীন উন্নয়নৰ দৃষ্টিভংগীক উন্নয়নৰ অক্ষ হিচাপে গ্ৰহণ কৰিছে। চৰকাৰৰ প্ৰতিখন ডাঙৰ আঁচনিৰ কেন্দ্ৰবিন্দু হৈছে মাতৃ-ভগ্নী-কন্যা। আপোনালোকেও জানে যে ৪ কোটি ঘৰ দুখীয়াৰ বাবে নিৰ্মাণ কৰা হৈছে আৰু এই ঘৰবোৰৰ বেছিভাগেই আমাৰ মা আৰু ভগ্নীহঁতৰ নামত, মালিকীস্বত্বৰ অধিকাৰ মোৰ মা আৰু ভগ্নীহঁতক দিয়া হৈছে। এই মহিলাসকলৰ অধিকাংশই এনেকুৱা যে যাৰ নামত প্ৰথমবাৰৰ বাবে কোনো সম্পত্তি পঞ্জীয়ন কৰা হৈছে। অৰ্থাৎ দেশৰ কোটি কোটি ভগ্নী প্ৰথমবাৰৰ বাবে ঘৰৰ গৰাকী হৈ উঠিছে।

বন্ধুসকল,

আজি চৰকাৰে প্ৰতিটো ঘৰলৈকে নলেৰে পানী যোগান ধৰিছে, যাতে আমাৰ মা-ভনীসকলে কোনো অসুবিধাৰ সন্মুখীন হ’ব লগা নহয় আৰু কন্যা সন্তানসকলে পঢ়া-শুনাত মনোনিৱেশ কৰিব পাৰে। ইয়াৰ পূৰ্বে কোটি কোটি ভগ্নীৰ ওচৰত বিদ্যুৎ, এল পি জি গেছ আৰু শৌচাগাৰৰ দৰে সুবিধা নাছিল। আমাৰ চৰকাৰে এই সা-সুবিধাবোৰো আগবঢ়াইছে। আৰু এইবোৰ কেৱল সা-সুবিধাই নহয়, এইবোৰ হৈছে আমাৰ ফালৰ পৰা মাতৃ-ভগ্নীসকলক সন্মান জনোৱাৰ এক বিনম্ৰ প্ৰয়াস। ইয়াৰ ফলত গাঁৱে-ভূঞে দৰিদ্ৰ পৰিয়ালৰ মাতৃ-ভগ্নীৰ জীৱনৰ পৰা বহু অসুবিধা কমিছে।

 

বন্ধুসকল,

ইয়াৰ পূৰ্বে মাতৃ-ভগ্নীয়ে নিজৰ অসুস্থতা লুকুৱাবলৈ বাধ্য হৈছিল। আগতে গৰ্ভাৱস্থাত চিকিৎসালয়লৈ যোৱাৰ পৰা বিৰত আছিল। তেওঁলোকে ভাবিছিল যে এইটো পৰিয়ালৰ ওপৰত বোজা হ’ব আৰু সেয়েহে তেওঁলোকে আগতে কষ্টকে সহ্য কৰিছিল, কিন্তু পৰিয়ালৰ কাকো কোৱা নাছিল। ‘আয়ুষ্মান ভাৰত যোজনা’ই তেওঁলোকৰ এই চিন্তাৰ অন্ত পেলাইছে। এতিয়া তেওঁলোকেও হস্পিতালত ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰিব পাৰিছে।

বন্ধুসকল,

শিক্ষা আৰু চিকিৎসা বিজ্ঞানৰ সমান্তৰালকৈ মহিলাৰ বাবে আন এক অতি গুৰুত্বপূৰ্ণ কথা হ’ল উপাৰ্জন। যেতিয়া এগৰাকী নাৰীৰ নিজৰ উপাৰ্জন থাকে তেতিয়া ঘৰত তেওঁৰ আত্মসন্মান বাঢ়ে, ঘৰৰ সিদ্ধান্তত তেওঁৰ অংশগ্ৰহণ বাঢ়ে। যোৱা ১১টা বছৰত আমাৰ চৰকাৰে দেশৰ মহিলাসকলক অৰ্থনৈতিকভাৱে সৱলীকৰণৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। আপোনালোকে কল্পনা কৰিব পাৰে, ২০১৪ চনৰ আগতে, আপোনালোকে মোক সেৱা কৰাৰ সুযোগ দিয়াৰ আগতে, ৩০ কোটিতকৈয়ো অধিক এনে ভগ্নী আছিল, যাৰ বেংক একাউণ্টেই নাছিল। আমাৰ চৰকাৰে সকলোৰে বাবে বেংকত ‘জন ধন একাউণ্ট’ খুলিছিল, এতিয়া চৰকাৰে বিভিন্ন আঁচনিৰ ধন পোনপটীয়াকৈ তেওঁলোকৰ একাউণ্টলৈ পঠিয়াইছে। এতিয়া গাঁৱতেই হওক বা চহৰতেই হওক, তেওঁলোকে নিজৰ কিবা এটা কাম কৰি আছে, টকা উপাৰ্জন কৰিছে, স্বনিয়োজনৰ দিহা কৰিছে। ‘মুদ্ৰা যোজনা’ৰ অধীনত গেৰাণ্টী নোহোৱাকৈয়ে ঋণ লাভ কৰিছে। মুদ্ৰা যোজনাৰ ৭৫ শতাংশতকৈয়ো অধিক হিতাধিকাৰী হৈছে আমাৰ মাতৃ-ভগ্নী-কন্যাসকল।

বন্ধুসকল,

আজি দেশৰ ১০ কোটি ভগ্নী ‘আত্মসহায়ক গোট’ৰ সৈতে জড়িত, যিয়ে কিবা নহয় কিবা একোটা অৰ্থনৈতিক কাম-কাজ কৰে। চৰকাৰে এইসকল ভগ্নীক লাখ লাখ টকাৰে সহায় কৰিছে যাতে তেওঁলোকে উপাৰ্জনৰ নতুন উপায় সৃষ্টি কৰিব পাৰে। আমি ৩ কোটি এনে ভগ্নীক ‘লাখপতি দিদি’ কৰি তোলাৰ প্ৰতিশ্ৰুতি দিছোঁ। মই সন্তুষ্ট যে এতিয়ালৈকে ডেৰ কোটিতকৈয়ো অধিক ভগ্নী ‘লাখপতি দিদি’ হৈ উঠিছে। এতিয়া প্ৰতিখন গাঁৱতে ‘বেংক-সখী’য়ে মানুহক বেংকৰ সৈতে সংযুক্ত কৰি আছে। ‘বীমা-সখী’ কৰি তোলাৰ অভিযানো আৰম্ভ কৰিছে চৰকাৰে। আমাৰ ভগ্নী-কন্যাই এতিয়া দেশক বীমা সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত অতি ডাঙৰ ভূমিকা গ্ৰহণ কৰিছে।

বন্ধুসকল,

এটা সময় আছিল, যেতিয়া নতুন প্ৰযুক্তি আহিছিল নাৰীক তাৰ পৰা আঁতৰাই ৰখা হৈছিল। আজি আমাৰ দেশে সেই যুগটোক এৰি থৈ আহিছে। আজি চৰকাৰে চেষ্টা কৰিছে যে আমাৰ ভগ্নীসকল আৰু আমাৰ কন্যা সকলে আগবাঢ়ি আহি আধুনিক প্ৰযুক্তিৰ ক্ষেত্ৰতো নেতৃত্ব দিয়ক। এতিয়া ধৰক, আজি কৃষিক্ষেত্ৰত ‘ড্ৰোন বিপ্লৱ’ৰ সূচনা হৈছে। আমাৰ গাঁৱৰ ভগ্নীসকলেই ইয়াক নেতৃত্ব দিছে। ‘নমো ড্ৰোন দিদি’ অভিযান-য়ে গাঁৱৰ ভগ্নীসকলৰ মনোবল বৃদ্ধি কৰিছে, তেওঁলোকৰ উপাৰ্জন বাঢ়িছে আৰু গাঁৱত নতুন পৰিচয় লাভ কৰিছে।

 

বন্ধুসকল,

আজি আমাৰ ছোৱালীহঁতৰ বৃহৎ সংখ্যক বিজ্ঞানী হৈছে, ডাক্তৰ, অভিযন্তা আৰু পাইলট হৈছে। বিজ্ঞান আৰু গণিত অধ্যয়ন কৰা ছোৱালীৰ সংখ্যা অহৰহ বৃদ্ধি পাইছে। আজি আমাৰ সকলো ডাঙৰ মহাকাশ অভিযানত বৃহৎ সংখ্যক মাতৃ, ভগ্নী আৰু কন্যাই বিজ্ঞানী হিচাপে কাম কৰি আছে। ‘চন্দ্ৰযান-৩’ অভিযানক লৈ সমগ্ৰ দেশ গৌৰৱান্বিত। ‘চন্দ্ৰযান-৩’ অভিযানত ১০০ৰো অধিক মহিলা বিজ্ঞানী আৰু অভিযন্তা জড়িত আছিল। একেদৰে এয়া হৈছে ষ্টাৰ্টআপ-ৰ যুগ, আমাৰ ছোৱালীহঁতেও ষ্টাৰ্টআপ-ৰ ক্ষেত্ৰত আচৰিত কাম কৰি আছে। দেশৰ প্ৰায় পঞ্চল্লিশ শতাংশ ষ্টাৰ্টআপ-ত অন্ততঃ এগৰাকী পৰিচালক আমাৰ এগৰাকী ভগ্নী, এগৰাকী ছোৱালী, এগৰাকী মহিলা। আৰু এই সংখ্যা অহৰহ বৃদ্ধি পাই আছে।

বন্ধুসকল,

নীতি নিৰ্ধাৰণত কন্যাসকলৰ অংশগ্ৰহণ অহৰহ বৃদ্ধি কৰাটোৱেই হৈছে আমাৰ প্ৰচেষ্টা। যোৱাটো দশকত ইয়াৰ বাবে ইটোৰ পিছত সিটোকৈ বহু পদক্ষেপ গ্ৰহণ কৰা হৈছে। আমাৰ চৰকাৰত প্ৰথমবাৰৰ বাবে এগৰাকী পূৰ্ণকালীন মহিলা প্ৰতিৰক্ষা মন্ত্ৰী হৈছিল। প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা দেশৰ বিত্তমন্ত্ৰী হৈছে। পঞ্চায়তৰ পৰা সংসদলৈ মহিলা প্ৰতিনিধিৰ সংখ্যা অহৰহ বৃদ্ধি পাইছে। এইবাৰ ৭৫ গৰাকী সাংসদ মহিলা আছে। কিন্তু আমাৰ প্ৰচেষ্টা হৈছে এই অংশগ্ৰহণক আৰু অধিক বৃদ্ধি কৰাৰ। ‘নাৰী শক্তি বন্দন’ আইনখনৰ আঁৰতো আছে একেই আৱেগ। বহু বছৰ ধৰি এই আইনখনক বাধা দি অহা হৈছিল, কিন্তু আমাৰ চৰকাৰে ইয়াক গৃহীত কৰি দেখুৱাইছিল। এতিয়া সংসদ আৰু বিধানসভাত মহিলাসকলৰ সংৰক্ষণ নিশ্চিত হৈছে। মই ক’ব বিচৰা কথাটো হ’ল বিজেপি চৰকাৰে প্ৰতিটো স্তৰতে, প্ৰতিটো ক্ষেত্ৰতে ভগ্নী-কন্যাসকলক সবল কৰি তুলিছে।

বন্ধুসকল

ভাৰতবৰ্ষ হৈছে সংস্কৃতি আৰু পৰম্পৰাৰ দেশ। আৰু সিন্দূৰ হৈছে আমাৰ পৰম্পৰাত নাৰীশক্তিৰ প্ৰতীক। ৰাম ভক্তিত নিমগ্ন হনুমান জীয়েও সিন্দূৰকে ধাৰণ কৰিছিল। শক্তিপূজাত আমি সিন্দূৰ অৰ্পণ কৰোঁ। আৰু এই সিন্দূৰেই এতিয়া ভাৰতৰ বীৰত্বৰ প্ৰতীক হৈ উঠিছে।

বন্ধুসকল,

পহলগামত সন্ত্ৰাসবাদীয়ে কেৱল ভাৰতীয়ৰ তেজকে বোওৱা নাছিল, সিহঁতে আমাৰ সংস্কৃতিকো প্ৰহাৰ কৰিছিল। সিহঁতে আমাৰ সমাজখনক বিভাজিত কৰিবলৈকো অপচেষ্টা কৰিছিল। আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল সন্ত্ৰাসবাদীয়ে ভাৰতৰ নাৰীশক্তিক প্ৰত্যাহ্বান জনাইছিল। এই প্ৰত্যাহ্বান সন্ত্ৰাসবাদী আৰু সিহঁতৰ মালিকবোৰৰ বাবে কাল হৈ উঠিছে, কাল। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ আৰু সফল অভিযানটো হৈছে ‘অপাৰেশ্যন সিন্দূৰ’। য’ত পাকিস্তানী সেনাই ভবাই নাছিল, তাত আমাৰ বাহিনীয়ে সন্ত্ৰাসবাদীৰ আত্মগোপনৰ ঘাটিবোৰ ধূলিস্যাত কৰি পেলাইছিল। শ শ কিলোমিটাৰ ভিতৰলৈ সোমাই গৈ মষিমূৰ কৰি পেলাইছিল। ‘অপাৰেশ্যন সিন্দূৰ’-য়ে স্পষ্ট কৰি দিছে যে সন্ত্ৰাসবাদীৰ জৰিয়তে চলোৱা ছদ্মযুদ্ধ, ‘প্ৰক্সি ৱাৰ’-য়ে চলি থাকিবলৈ দিয়া নহ’ব। এতিয়া ঘৰলৈকে গৈতো মাৰিমেই আৰু যিবোৰে সন্ত্ৰাসবাদীক সহায় কৰিব সিহঁতেও ইয়াৰ বাবে বৃহত্ মূল্য আদায় দিব লাগিব। এতিয়া ভাৰতৰ প্ৰতিগৰাকী নাগৰিকে কৈছে, ১৪০ কোটি দেশবাসীয়ে উদাত্ত কণ্ঠেৰে কৈছে - যদি, যদি তহঁতে গুলীয়াৱ, তেন্তে ঠিক জানিবি যে গুলীৰ উত্তৰ গোলাৰে দিয়া হ'ব।

 

বন্ধুসকল,

‘অপাৰেশ্যন সিন্দূৰ’ আমাৰ নাৰীশক্তিৰ সামৰ্থ্যৰো প্ৰতীক হৈ উঠিছে। এই অভিযানত ‘বি এছ এফ’-য়ে কিমান ডাঙৰ ভূমিকা লৈছে আমি সকলোৱে সেই কথা জানো। জম্মুৰ পৰা পঞ্জাৱ, ৰাজস্থান আৰু গুজৰাট সীমান্তলৈকে আমাৰ ‘বি এছ এফ’-ৰ বহু সংখ্যক কন্যা সন্মুখ-সমৰত আছিল, তেওঁলোকে ‘ফ্ৰণ্ট লাইন’ চম্ভালিছিল। তেওঁলোকে সীমান্তৰ সিপাৰৰ পৰা হোৱা গুলীচালনাৰ উপযুক্ত প্ৰত্যুত্তৰ দিছিল। ‘কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ’-ৰ পৰা আৰম্ভ কৰি শত্ৰুৰ চকী ধ্বংস কৰালৈকে ‘বি এছ এফ’-ৰ বীৰাংগণা কন্যাহঁতে আশ্চৰ্যকৰ সাহসৰ নিদৰ্শন দাঙি ধৰিছিল।

বন্ধুসকল,

ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাত ভাৰতৰ কন্যাহঁতৰ শক্তি আজি বিশ্বই দেখিছে। ইয়াৰ বাবেও যোৱাটো দশকত চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছিল। স্কুলৰ পৰা যুদ্ধক্ষেত্ৰলৈকে আজি দেশে কন্যাহঁতৰ বীৰত্বত অভূতপূৰ্ব আস্থা প্ৰকট কৰিছে। প্ৰথমবাৰৰ বাবে আমাৰ সেনাবাহিনীই কন্যাসন্তানসকলৰ বাবে সৈনিক বিদ্যালয়ৰ দুৱাৰ মুকলি কৰি দিছে। ২০১৪ চনৰ আগতে ‘এন চি চি কেডেট’ৰ মাত্ৰ ২৫ শতাংশহে ছোৱালী আছিল, আজি তেওঁলোকৰ সংখ্যা ৫০ শতাংশৰ দিশে আগবাঢ়িছে। কালি দেশত গঢ় লৈ উঠিল আন এক নতুন ইতিহাস। আজি বাতৰি কাকতত আপোনালোকে নিশ্চয় দেখিছে যে ‘নেশ্যনেল ডিফেন্স একাডেমী’ (এন ডি এ)ৰ পৰা প্ৰথমটো খেপৰ মহিলা কেডেট উত্তীৰ্ণ হৈছে। আজি সেনা, নৌসেনা আৰু বায়ুসেনাত সন্মুখৰ শাৰীত ছোৱালীহঁতক নিয়োগ কৰা হৈছে। আজি যুঁজাৰু বিমানৰ পৰা আৰম্ভ কৰি ‘আই এন এছ বিক্ৰান্ত’ যুদ্ধজাহাজলৈকে মহিলা বিষয়াসকলে সাহসৰ নিদৰ্শন দাঙি ধৰিছে।

বন্ধুসকল,

আমাৰ নৌসেনাৰ সাহসী কন্যাহঁতৰ সাহসৰ সতেজ নিদৰ্শনো দেশৰ সন্মুখত আছে। আপোনালোকক মই ‘নৱিকা’ সাগৰ পৰিক্ৰমাৰ কথা ক'ব খুজিছোঁ। নৌসেনাৰ দুগৰাকী সাহসী কন্যাই প্ৰায় ২৫০ দিনৰ সাগৰীয় যাত্ৰা সম্পূৰ্ণ কৰিছে, পৃথিৱী প্ৰদক্ষিণ কৰিছে। হাজাৰ হাজাৰ কিলোমিটাৰৰ এই যাত্ৰা তেওঁলোকে মটৰেৰে নহয়, বতাহৰ ধালক সাৰথি কৰি চলা পালতৰা নাও এখনত কৰিছে। কল্পনা কৰকচোন, ২৫০ দিন সাগৰৰ মাজত, ইমান দিন সাগৰত থাকি, বহু সপ্তাহ ধৰি হয়তো মাটি দেখাই নাছিল আৰু ততোধিক সাগৰত কিমানযে প্ৰবল ধুমুহা চলি থাকে, আমি জানো, বেয়া বতৰ, ভয়ংকৰ ধুমুহা, তেওঁলোকে প্ৰতিটো অসুবিধাকে পৰাস্ত কৰি আহিছে। ইয়াৰ পৰা দেখা যায় যে প্ৰত্যাহ্বান যিমানেই ডাঙৰ নহওক কিয়, ভাৰতৰ কন্যাই এই প্ৰতিটো প্ৰত্যাহ্বানকে অতিক্ৰম কৰিব পাৰে।

 

বন্ধুসকল,

নক্সালবাদীৰ বিৰুদ্ধে অভিযানেই হওক বা সীমা পাৰৰ সন্ত্ৰাসবাদেই হওক, আজি আমাৰ ছোৱালীহঁত ভাৰতৰ নিৰাপত্তাৰ ঢাল হৈ উঠিছে। মই আজি দেৱী অহিল্যাৰ এই পবিত্ৰ ভূমিৰ পৰা দেশৰ নাৰীশক্তিক পুনৰবাৰ প্ৰণাম জনাইছোঁ।

বন্ধুসকল,

দেৱী অহিল্যাই তেওঁৰ শাসনকালত উন্নয়নমূলক কামৰ লগতে ঐতিহ্য সংৰক্ষণৰো দিহা কৰিছিল। আজিৰ ভাৰতেও উন্নয়ন আৰু ঐতিহ্য দুয়োটাকে একেলগে লৈ আগবাঢ়িছে। আধুনিক আন্তঃগাঁথনি নিৰ্মাণক দেশে কেনেদৰে ক্ষিপ্ৰতাৰে গতি প্ৰদান কৰিছে তাৰ উদাহৰণ হৈছে আজিৰ এই কাৰ্যসূচী। আজি মধ্যপ্ৰদেশে প্ৰথম মেট্ৰ’ৰ সুবিধা লাভ কৰিছে। ইন্দোৰে ইতিমধ্যে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে বিশ্বত নিজৰ নাম উজলাই তুলিছে। এতিয়া ইন্দোৰ ‘মেট্ৰ’ৰ বাবেও পৰিচিত হ’বলৈ গৈ আছে। ইয়াত ভূপালতো ‘মেট্ৰ’ৰ কাম দ্ৰুত গতিত চলি আছে। মধ্যপ্ৰদেশত ৰে’লৰ ক্ষেত্ৰত ব্যাপক কাম চলি আছে। মাত্ৰ কেইদিনমান পূৰ্বে কেন্দ্ৰীয় চৰকাৰে ‘ৰাটলাম-নগদা পথ’ চাৰিটা লাইনলৈ ৰূপান্তৰিত কৰিবলৈ অনুমোদন জনাইছে। ইয়াৰ ফলত এই অঞ্চলত অধিক ৰে’ল চলাচল কৰিব পৰা যাব, আৰু যানজঁট হ্ৰাস পাব। ‘ইন্দোৰ-মানমাড় ৰে’ল প্ৰকল্প’লৈকো অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে।

বন্ধুসকল,

আজি মধ্যপ্ৰদেশৰ দতিয়া আৰু সতনাকো বিমান পৰিবহণ নেটৱৰ্কৰ সৈতে সংযুক্ত কৰা হৈছে। এই দুটা বিমানবন্দৰৰ সৈতে বুণ্ডেলখণ্ড আৰু বিন্ধ্য অঞ্চলৰ বিমান সংযোগ উন্নত হ’ব। এতিয়া মাঁ পিতাম্বৰা, মাঁ সাৰদা দেৱী আৰু পবিত্ৰ চিত্ৰকূট ধাম দৰ্শন কৰাটো সহজসাধ্য হ’ব।

 

বন্ধুসকল,

আজি ভাৰত ইতিহাসৰ সেইটো মোৰত উপনীত হৈছে য’ত আমি আমাৰ নিৰাপত্তা, আমাৰ শক্তি আৰু আমাৰ সংস্কৃতি, প্ৰতিটো স্তৰতে কাম কৰিব লাগিব। আমি আমাৰ পৰিশ্ৰম কঠোৰ কৰিব লাগিব। ইয়াত আমাৰ মাতৃশক্তি, আমাৰ মাতৃ-ভগ্নী-কন্যাসকলৰ ভূমিকা অতিকে বৃহত্ হ’ব। আমাৰ সন্মুখত আছে ‘লোকমাতা’ দেৱী অহিল্যাবাঈ জীৰ প্ৰেৰণা। ৰাণী লক্ষ্মীবাঈ, ৰাণী দুৰ্গাৱতী, ৰাণী কমলাপতি, অৱন্তিবাঈ লোধি, কিত্তুৰৰ ৰাণী চেন্নম্মা, ৰাণী গৈদিনলিউ, ভেলু নাচিয়াৰ, সাবিত্ৰীবাঈ ফুলে, এনে প্ৰতিটো নামেই আমাক গৌৰৱেৰে ভৰাই তোলে। ‘লোকমাতা’ অহিল্যাবাঈৰ এই ৩০০ সংখ্যক জন্ম জয়ন্তীয়ে আমাক অনুপ্ৰাণিত কৰি ৰাখক, আগন্তুক শতিকাবোৰলৈ আমি এখন শক্তিশালী ভাৰতৰ যাতে ভেটি সুদৃঢ় কৰিব পাৰো, এই কামনাৰেই আপোনালোক সকলোকে পুনৰবাৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ হাতে হাতে থকা ত্ৰিৰংগ পতাকাবোৰ ওপৰলৈ তুলি মোৰ লগত কওক –

 

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

বন্দে মাতৰম!

বন্দে মাতৰম!

বন্দে মাতৰম!

বন্দে মাতৰম!

বন্দে মাতৰম!

বন্দে মাতৰম!

বন্দে মাতৰম!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways clears ₹755-crore project to build third line between Champa and Korba

Media Coverage

Indian Railways clears ₹755-crore project to build third line between Champa and Korba
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister hails India-UK Comprehensive Economic and Trade Agreement as a historic milestone for bilateral relations
June 17, 2026

The Prime Minister, Shri Narendra Modi, has expressed delight that the India-UK Comprehensive Economic and Trade Agreement will enter into force on 15 July 2026.

The Prime Minister said that the agreement will significantly boost bilateral trade and investment.

Shri Modi stated that the agreement will unlock numerous opportunities for Indian farmers, workers, MSMEs, startups and innovators and contribute meaningfully to the realisation of Viksit Bharat 2047.

The Prime Minister noted that both he and UK Prime Minister Keir Starmer, who are in Evian for the G7 Summit, are very happy with the significant momentum being added to India-UK economic ties.

The Prime Minister wrote on X;

“A historic milestone for India-UK relations.

Delighted to note that the India-UK Comprehensive Economic and Trade Agreement will enter into force on 15th July 2026.

This agreement will significantly boost our bilateral trade and investment.

It will also unlock numerous opportunities for Indian farmers, workers, MSMEs, startups and innovators and contribute meaningfully to the realisation of Viksit Bharat 2047.

Both PM Starmer and I, who are in Evian for the G7 Summit, are naturally very happy with the significant momentum being added to our economic ties.

@Keir_Starmer”