আধুনিক বিমানবন্দৰ আৰু উন্নত সংযোগৰ আন্তঃগাঁথনিয়ে যিকোনো ৰাজ্যৰ বাবে নতুন সম্ভাৱনা তথা নতুন সুযোগৰ দুৱাৰ হিচাপে কাম কৰে: প্ৰধানমন্ত্ৰী
আজি অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে ভাৰতৰ উন্নয়নৰ নতুন দুৱাৰমুখ হিচাপে আত্মপ্ৰকাশ কৰিছেঃ প্ৰধানমন্ত্ৰী
উত্তৰ-পূৰ্বাঞ্চলে ভাৰতৰ ভৱিষ্যতৰ বিকাশৰ নেতৃত্ব দিবঃ প্ৰধানমন্ত্ৰী

নমস্কাৰ। লুইতপৰীয়া ৰাইজলৈ মোৰ শ্ৰদ্ধা আৰু মৰম যাচিছো!

অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰত মোৰ সহযোগী,  প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাম মোহন নাইডু, মুৰলীধৰ মহল, পবিত্ৰ মাৰ্ঘেৰিটা, অসম চৰকাৰৰ মন্ত্ৰী, অন্যান্য বিশিষ্ট ব্যক্তি, ভাই-ভনীসকল।

মোৰ ভাষণ আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে এটা অনুৰোধ জনাইছো যে আজি এই বিজয়ৰ দিনটো এক অৰ্থত  উন্নয়নৰ উদযাপনৰ দিন,  কেৱল অসমেই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে । সেয়ে আপোনালোকক মোবাইল ফোন উলিয়াই, টৰ্চ জ্বলাই, উন্নয়নৰ এই উদযাপনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। সকলোৰে মোবাইল ফোন জ্বলিব লাগে আৰু সমগ্ৰ দেশে গুঞ্জৰিত হাতচাপৰিৰ মাজেৰে দেখিব যে অসমে উন্নয়নৰ উদযাপন কৰিছে। উন্নয়নৰ পোহৰ যেতিয়া সকলোৰে কাষত উপনীত হয় তেতিয়া জীৱনৰ প্ৰতিটো পথেই নতুন উচ্চতাত উপনীত হ’বলৈ আৰম্ভ কৰে। সকলোকে বহুত বহুত ধন্যবাদ।

 

বন্ধুসকল,

অসমৰ ভূমিৰ প্ৰতি মোৰ মোহ, ইয়াৰ জনসাধাৰণৰ মৰম আৰু আদৰ,  বিশেষকৈ অসম তথা উত্তৰ-পূর্বাঞ্চলৰ পৰা অহা মোৰ মাতৃ-ভগ্নীসকলৰ মৰম-চেনেহে মোক অহৰহ অনুপ্ৰাণিত কৰে আৰু উত্তৰ-পূর্বাঞ্চলৰ বিকাশৰ বাবে আমাৰ সংকল্পক শক্তিশালী  কৰি তোলে৷ মই দেখিছোঁ যে আজি আকৌ এবাৰ অসমৰ উন্নয়নত নতুন অধ্যায় সংযোজন কৰা হৈছে, এনে পৰিস্থিতিত ভাৰত ৰত্ন ভূপেন দাৰ গীতৰ কলিবোৰ অতি প্ৰাসংগিক  হৈ পৰিছে। লুইতৰ পাৰ জিলিকাই তুলিব লৈ , আমি প্রতিজ্ঞাবদ্ধ  ! আমি সংকল্পবদ্ধ ! অৰ্থাৎ লুইতৰ পাৰ উজ্জ্বল হ’ব, আন্ধাৰৰ প্ৰতিখন দেৱাল ভাঙি যাব আৰু  সেয়াই হ’ব। এয়া আমাৰ সংকল্প, এয়া আমাৰ প্ৰতিজ্ঞা।

বন্ধুসকল,

ভূপেন দাৰ এই গীতৰ কলিবোৰ কেৱল  গীত নাছিল; সেয়া  আছিল অসমক ভালপোৱা প্ৰতিজন মহান আত্মাৰ সংকল্প, আৰু আজি এই সংকল্প আমাৰ সন্মুখত প্ৰমাণিত হৈছে। অসমত যেনেকৈ শক্তিশালী ব্ৰহ্মপুত্ৰৰ প্ৰবাহ কেতিয়াও বন্ধ নহয়, ঠিক তেনেদৰে বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ অধীনতো উন্নয়নৰ ধাৰাটো নিৰৱচ্ছিন্নভাৱে বৈ আছে। আজি জনপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধন এই সংকল্পৰে প্ৰমাণ। এই নতুন টাৰ্মিনেল ভৱনৰ বাবে সকলো অসমবাসীলৈ আৰু দেশবাসীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

ভগ্নী আৰু ভাতৃসকল,

অলপ আগতে গোপীনাথ বৰদলৈ জীৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ সৌভাগ্য হৈছিল। বৰদলৈ জী আছিল অসমৰ প্ৰথম মুখ্যমন্ত্ৰী, অসমৰ গৌৰৱ। অসমৰ পৰিচয়, অসমৰ ভৱিষ্যত, অসমৰ স্বাৰ্থৰ ক্ষেত্ৰত  তেওঁ কেতিয়াও আপোচ কৰা নাছিল। তেওঁৰ এই প্ৰতিমূৰ্তিয়ে আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব আৰু তেওঁলোকৰ মাজত অসমৰ প্ৰতি গৌৰৱৰ ভাৱ জগাই তুলিব।

বন্ধুসকল,

আধুনিক বিমানবন্দৰ আৰু আধুনিক সংযোগৰ আন্তঃগাঁথনিৰ দৰে সুবিধাসমূহ যিকোনো ৰাজ্যৰ বাবে নতুন সম্ভাৱনা আৰু সুযোগৰ দুৱাৰমুখ স্বৰূপ ,  এখন ৰাজ্যৰ ক্ৰমবৰ্ধমান আত্মবিশ্বাস আৰু মানুহৰ আস্থাৰ স্তম্ভ। অসমত ইমানবোৰ  ঘাইপথ আৰু বিমানবন্দৰ নিৰ্মাণ হোৱা দেখি আপুনিও কব , "অৱশেষত অসমক ন্যায় দিয়া হৈছে।"

 

বন্ধুসকল,

কংগ্ৰেছ চৰকাৰৰ দিনত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন তেওঁলোকৰ এজেণ্ডাত নাছিল। কংগ্ৰেছ চৰকাৰে, কৈছিল, "অসম আৰু উত্তৰ-পূবলৈ কোন যায়?" কংগ্ৰেছে আগতে কৈছিল, "অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত আধুনিক বিমানবন্দৰ, ঘাইপথ, আৰু উন্নত ৰে'লপথ  কিয় লাগে?" এই চিন্তাধাৰাৰ বাবেই কংগ্ৰেছে এই সমগ্ৰ অঞ্চলটোক দশক দশক ধৰি অৱহেলা কৰিছিল।

বন্ধুসকল,

৬-৭ দশক ধৰি কংগ্ৰেছে কৰা ভুলবোৰ এটা এটাকৈ শুধৰাই আছে মোদীয়ে। মোদীয়ে কয়, "কংগ্ৰেছৰ সদস্যই উত্তৰ-পূবলৈ যাওক বা নাযাওক, মই যেতিয়াই উত্তৰ-পূব আৰু অসম ভ্ৰমণ কৰো তেতিয়াই মই  আপোন মানুহৰ মাজত থকা যেন অনুভৱ হয়।" মোদীৰ বাবে অসমৰ উন্নয়ন এক প্রয়োজনীয়তা, এক দায়িত্ব আৰু এক জবাবদিহিতা ৷

 বন্ধুসকল,

বিগত ১১ বছৰত অসম তথা উত্তৰ-পূর্বাঞ্চলৰ বাবে লাখ লাখ কোটি টকাৰ উন্নয়নমূলক প্রকল্প আৰম্ভ হৈছে৷ আজি অসমে আগবাঢ়িছে আৰু নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ভাৰতীয় ন্যায় সংহিতা  ৰূপায়ণৰ ক্ষেত্ৰত অসম দেশৰ এক নম্বৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে বুলি জানি সুখী হৈছোঁ। অসমতো ৫০ লাখৰো অধিক স্মাৰ্ট প্ৰিপেইড মিটাৰ স্থাপন কৰি নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। কংগ্ৰেছৰ শাসনকালত  অসমত অনুগ্ৰহ অবিহনে বা কোনো খৰচ নোহোৱাকৈ চৰকাৰী চাকৰি পোৱাটো অসম্ভৱ আছিল। কিন্তু আজি ইয়াৰ হাজাৰ হাজাৰ যুৱকে কোনো অনুগ্ৰহ নোহোৱাকৈ আৰু কোনো খৰচ নোহোৱাকৈ চাকৰি লাভ কৰিছে। বিজেপি চৰকাৰৰ অধীনত প্ৰতিটো মঞ্চত অসমীয়া সংস্কৃতিৰ প্ৰচাৰ চলি আছে। মই পাহৰিব নোৱাৰো সেই কথা- যেতিয়া যোৱা বছৰৰ ১৩ এপ্ৰিলত গুৱাহাটীৰ ষ্টেডিয়ামত ১১ হাজাৰৰো অধিক শিল্পীয়ে একেলগে বিহু নৃত্য প্ৰদৰ্শন কৰিছিল। এই ঘটনা গিনীজ ৱৰ্ল্ড ৰেকৰ্ডত ৰেকৰ্ড কৰা হৈছিল। অসম দ্ৰুতগতিত আগবাঢ়িছে, এনেদৰে নতুন অভিলেখ গঢ়িছে।

বন্ধুসকল,

এই নতুন টাৰ্মিনেল ভৱনে গুৱাহাটী আৰু অসমৰ সামৰ্থ্য আৰু অধিক বৃদ্ধি কৰিব। এই টাৰ্মিনেলটোৱে বছৰি ১২৫ নিযুতকৈও অধিক যাত্ৰীক চম্ভালিব পাৰিব ! অৰ্থাৎ বৃহৎ সংখ্যক পৰ্যটকে অসমলৈ আহিব পাৰিব। মা কামাখ্যা দৰ্শন কৰাটোও ভক্তসকলৰ বাবেও  যাত্ৰা সহজ হৈ পৰিব। এই নতুন বিমানবন্দৰৰ টাৰ্মিনেলত ভৰি দিয়াৰ লগে লগে "উন্নয়ন আৰু ঐতিহ্য" মন্ত্ৰৰ অৰ্থ কি সেয়া স্পষ্ট হৈ পৰে। এই বিমানবন্দৰটো অসমৰ প্ৰকৃতি  আৰু সংস্কৃতিৰসৈতে ৰজিতা খুৱাই ডিজাইন কৰা হৈছে। টাৰ্মিনেলটো সেউজীয়াৰে পৰিপূৰ্ণ। যেন ঘৰৰ ভিতৰতে এখন অৰণ্য আছে।  এই ডিজাইনটো চাৰিওফালে আছে, প্ৰকৃতিক সন্নিৱিষ্ট কৰা হৈছে, এনে দৃশ্যই প্ৰতিজন যাত্ৰীয়ে শান্তি অনুভৱ কৰাটো নিশ্চিত কৰিছে। ইয়াৰ নিৰ্মাণত বাঁহৰ ব্যৱহাৰ বিশেষভাবে কৰা হৈছে। বাঁহ অসমীয়া জীৱনৰ এক অবিচ্ছেদ্য অংগ; ই শক্তি আৰু সৌন্দৰ্য্য উভয়কে প্ৰতিনিধিত্ব কৰে। দিল্লীৰ আগৰ চৰকাৰবোৰে বাঁহকো চিনি পোৱা নাছিল। আপোনালোকে  আচৰিত হ’ব: ২০১৪ চনত মোক অধিষ্ঠিত কৰাৰ  আগতে আমাৰ দেশত এনে এখন আইন আছিল য’ত লিখা আছিল যে আপুনি বাঁহ কাটিব নোৱাৰে। কিয় কোনোবাই বুজাব পাৰিবনে? কাৰণ তেওঁলোকে কৈছিল বাঁহ গছ, আৰু এবাৰ গছ বুলি ক’লেই  সকলো দুৱাৰ বন্ধ হৈ যায়। আনহাতে বিশ্বই বাঁহক উদ্ভিদ হিচাপে স্বীকৃতি দিয়ে, আৰু আমি আইনখন আঁতৰাই  বাঁহক ঘাঁহৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰিলোঁ, যিটো প্ৰকৃতাৰ্থত বাঁহৰ পৰিচয়। ইয়াৰ পিছতহে  বাঁহ ব্যৱহাৰ কৰি এনে ভৱিষ্যৎ ভৱন  নিৰ্মাণ কৰা হৈছে। ছ’চিয়েল মিডিয়ালৈ চালে ভাৰতৰ বিমানবন্দৰৰ এনে ডিজাইনৰ বিষয়ে বিশ্বজুৰি চৰ্চা হোৱা দেখিবলৈ পাব ।

 

বন্ধুসকল,

এই আন্তঃগাঁথনিৰ উন্নয়নে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে, এয়া ভাৰতৰ উন্নয়ন যাত্ৰাৰ চিন  হৈ পৰিছে। ই উদ্যোগসমূহক উন্নীত কৰিব। বিনিয়োগকাৰীয়ে সংযোগৰ ওপৰত আস্থা লাভ কৰিব। ই স্থানীয় সামগ্ৰীসমূহৰ বাবে  বিশ্বজুৰি ৰপ্তানিৰ পথ মুকলি কৰিব।  ই যুৱক-যুৱতীসকলক আটাইতকৈ বেছি আত্মবিশ্বাসী কৰি তুলিব ,  যাৰ বাবে নতুন সুযোগৰ সৃষ্টি হৈছে বুলি কব পাৰি ।  সেইবাবেই আজি আমি অসমক এই সীমাহীন সম্ভাৱনাৰে আগবাঢ়ি যোৱা দেখিবলৈ পাইছো।

বন্ধুসকল,

আজি ভাৰতৰ প্ৰতি বিশ্বৰ দৃষ্টিভংগী সলনি হৈছে, ভাৰতৰ ভূমিকাও সলনি হৈছে। ভাৰত এতিয়া বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ’বলৈ সাজু হৈছে। ১১ বছৰৰ ভিতৰত এয়া কেনেকৈ সম্ভৱ  হ’ল?

বন্ধুসকল,

আধুনিক আন্তঃগাঁথনিৰ বিকাশে ইয়াত মুখ্য ভূমিকা পালন কৰিছে। ভাৰতে ২০৪৭ চনৰ বাবে প্ৰস্তুতি চলাইছে আৰু আমি এখন উন্নত ভাৰতৰ বাবে আমাৰ সংকল্প পূৰণৰ অৰ্থে আন্তঃগাঁথনিৰ বিষয়ত গুৰুত্ব দিছো।  আটাইতকৈ ডাঙৰ কথাটো হ’ল দেশৰ প্রতিখন ৰাজ্য আৰু প্রতিটো  অঞ্চলে এই মহান উন্নয়ন অভিযানত অংশগ্রহণ কৰিছে৷ আমি পিছপৰাসকলক অগ্ৰাধিকাৰ দিছো। আমাৰ চৰকাৰে যাতে প্ৰতিখন ৰাজ্যই একত্ৰিতভাৱে আগবাঢ়ি যায় আৰু উন্নত ভাৰতৰ অভিযানত অৰিহণা যোগাব পাৰে  সেই বিষয়ত  কাম কৰি আছে । মই সুখী যে আজি অসম আৰু উত্তৰ-পূৰ্বাঞ্চলে এই অভিযানৰ নেতৃত্ব দিছে। আমি এক্ট ইষ্ট পলিচিৰ জৰিয়তে উত্তৰ-পূর্বাঞ্চলক অগ্রাধিকাৰ দিছো আৰু আজি আমি দেখিবলৈ পাইছো যে অসম ভাৰতৰ পূবৰ দুৱাৰ হিচাপে উত্থান ঘটিছে৷ অসমে ভাৰতক আছিয়ান দেশৰ সৈতে সংযোগ কৰা এখন দলং হিচাপে কাম কৰি আছে। এই আৰম্ভণি আৰু  বহু দূৰ আগুৱাই যাব। অসম বহু ক্ষেত্ৰত উন্নত ভাৰতৰ ইঞ্জিন হৈ পৰিব।

 

বন্ধুসকল,

আজি অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ উন্নয়নৰ নতুন দুৱাৰমুখ হৈ পৰিছে। বহু-মডাল সংযোগৰ প্ৰতি থকা দায়বদ্ধতাই অঞ্চলটোৰ উন্নয়নৰ দিশ আৰু অৱস্থা দুয়োটাকে ৰূপান্তৰিত কৰিছে। অসমত নতুন দলং নিৰ্মাণৰ গতি, নতুন মোবাইল টাৱাৰ স্থাপনৰ গতি, প্ৰতিটো উন্নয়ন প্ৰকল্পৰ গতিবেগে প্ৰতিটো সপোনক বাস্তৱত পৰিণত কৰিছে। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত দলঙে অসমৰ সংযোগক এক নতুন শক্তি আৰু আত্মবিশ্বাসপূৰ্ণ  নৱীকৃত ৰূপ প্ৰদান  কৰিছে। স্বাধীনতাৰ পিছৰ ছয়-সাত দশকত ইয়াত মাত্ৰ তিনিখন ডাঙৰ দলং নিৰ্মাণ কৰা হৈছিল। কিন্তু যোৱা দশকত চাৰিখন নতুন বিশাল  দলং নিৰ্মাণ সম্পূৰ্ণ হৈছে, আৰু কেইবাটাও উল্লেখনীয় প্ৰকল্প গঢ় লৈ উঠিছে। বগীবিল আৰু ধলা-শদিয়াৰ দৰে দীঘল দলঙে অসমৰ কৌশলগত স্থিতিক আৰু অধিক শক্তিশালী কৰি তুলিছে। ৰে’ল সংযোগৰ ক্ষেত্ৰতো এক বৈপ্লৱিক পৰিৱৰ্তন ঘটিছে। বগীবিল দলং মুকলি হোৱাৰ ফলত উজনি অসম আৰু দেশৰ বাকী অংশৰ মাজৰ দূৰত্ব হ্ৰাস পাইছে। গুৱাহাটীৰ পৰা নিউ জলপাইগুৰিলৈ চলি থকা বন্দে ভাৰত এক্সপ্ৰেছৰ যাতায়তে য়াত্ৰাৰ সময় হ্ৰাস  কৰিছে। দেশৰ জলপথৰ উন্নয়নৰ ফলত অসমেও লাভাৱান্বিত  হৈছে। মালবাহী জাহাজৰ যাতায়ত ১৪০ শতাংশ বৃদ্ধি পাইছে আৰু  ব্ৰহ্মপুত্ৰ যে কেৱল নদ নহয়, অৰ্থনৈতিক শক্তিৰো উৎস  সেয়া প্ৰমাণিত হৈছে। পাণ্ডুত প্ৰথম জাহাজ মেৰামতিৰ সুবিধা গঢ়ি তোলা হৈছে। বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ গংগা বিকাশ ক্ৰুজৰ জড়িয়তে উত্তৰ-পূবক বিশ্ব ক্ৰুজ পৰ্যটন মানচিত্ৰত স্থান দিয়া হৈছে ।

বন্ধুসকল,

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক উন্নয়নৰ পৰা আঁতৰাই ৰখাৰ ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰে কৰা পাপৰ ফলত দেশৰ নিৰাপত্তা, ঐক্য, অখণ্ডতাৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিছে। কংগ্ৰেছ চৰকাৰৰ দিনত দশক দশক ধৰি হিংসাই বিৰাজ কৰিছিল। কিন্তু আমি মাত্ৰ ১০-১১ বছৰৰ ভিতৰতে ইয়াৰ অন্ত পেলোৱাৰ দিশত আগবাঢ়িছো। উত্তৰ-পূর্বাঞ্চলত এসময়ত হিংসা আৰু ৰক্তপাতেৰে জুৰুলা হোৱা অঞ্চলসমূহে এতিয়া ৪জি আৰু ৫জি প্রযুক্তিৰ জৰিয়তে ডিজিটেল সংযোগ লাভ কৰিছে। এসময়ত হিংসাপ্ৰৱণ বুলি গণ্য কৰা জিলাসমূহ এতিয়া আকাংক্ষিত জিলালৈ ৰূপান্তৰিত হৈছে । ভৱিষ্যতে এই অঞ্চলসমূহো ঔদ্যোগিক কৰিড’ৰলৈ পৰিণত হ’ব। সেইবাবেই আজি উত্তৰ-পূৰ্বাঞ্চল সন্দৰ্ভত এক নতুন আত্মবিশ্বাসৰ সৃষ্টি হৈছে। আমি ইয়াক আৰু অধিক শক্তিশালী কৰিব লাগিব।

 

বন্ধুসকল,

আমি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত সফলতা অৰ্জন কৰিছো । কাৰণ আমি এই অঞ্চলৰ পৰিচয় আৰু সংস্কৃতি ৰক্ষা কৰি আছো। কংগ্ৰেছ দলে আন এটা পাপ কৰিছিল: এই অঞ্চলৰ পৰিচয় মচি পেলোৱাৰ ষড়যন্ত্ৰ কৰিছিল। এই ষড়যন্ত্ৰ কেৱল কেইবছৰমানৰ কথা নহয়! কংগ্ৰেছৰ এই পাপৰ শিপা স্বাধীনতাৰ আগৰ পৰাই আৰম্ভ হৈছিল , যেতিয়া মুছলিম লীগ আৰু ব্ৰিটিছ চৰকাৰে মিলি ভাৰত বিভাজনৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল।

 

আজি বিশ্বই আশাৰে ভাৰতৰ ফালে চাই আছে। উত্তৰ-পূর্বাঞ্চলৰ পৰাই ভাৰতৰ ভৱিষ্যতৰ নতুন প্রভাত উদয় হ’ব৷ ইয়াৰ বাবে আমি একত্ৰিত হৈ আমাৰ সপোন পূৰণ কৰিব লাগিব। আমি অসমৰ উন্নয়নক অগ্ৰাধিকাৰ দিব লাগিব। আমাৰ সামূহিক প্ৰচেষ্টাই অসমক নতুন উচ্চতালৈ লৈ যাব বুলি মোৰ বিশ্বাস। আমি এখন উন্নত ভাৰতৰ সপোন পূৰণ কৰিম।  এখন উন্নত অসমে এখন উন্নত ভাৰতৰ বাট মুকলি কৰিব। এই আশাৰে আকৌ এবাৰ আপোনালোকক নতুন টাৰ্মিনেলৰ বাবে অভিনন্দন জনাইছো। সকলোকে বহুত বহুত ধন্যবাদ। মোৰ লগত কওক:

বন্দে মাতৰম।

বন্দে মাতৰম।

বন্দে মাতৰম।

বন্দে মাতৰম।

বন্দে মাতৰম।

বন্দে মাতৰম।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Government expands access to affordable generic medicines through 18,646 Jan Aushadhi Kendras: Anupriya Patel

Media Coverage

Government expands access to affordable generic medicines through 18,646 Jan Aushadhi Kendras: Anupriya Patel
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister reflects on Navratri’s journey of unwavering faith
March 21, 2026

Prime Minister Shri Narendra Modi shared his reflections today on the spiritual significance of the holy festival of Navratri, highlighting the transformative power of faith in the Mother Goddess.Shri Modi shared a devotional hymn dedicated to the Goddess on this occasion.

The Prime Minister wrote on X:

"जगतजननी माता पर अटूट विश्वास उनके भक्तों में नई चेतना और स्फूर्ति का संचार करने वाला है।"