আজি কোটা, বুণ্ডী, বৰান আৰু ঝলাৱাৰকে প্ৰমুখ্য কৰি সমগ্ৰ হাডোটি অঞ্চলৰ বাবে নতুন আশা আৰু নতুন সাফল্যৰ দিনঃ প্ৰধানমন্ত্ৰী
প্ৰায় ডেৰ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই আধুনিক বিমানবন্দৰে আগন্তুক সময়ত সমগ্ৰ অঞ্চলটোৰ উন্নয়নক নতুন গতি প্ৰদান কৰিবঃ প্ৰধানমন্ত্ৰী
বিমানবন্দৰটো কাৰ্য্যক্ষম হৈ উঠাৰ লগে-লগে কোটাকে প্ৰমুখ্য কৰি সমগ্ৰ অঞ্চলটোত ভ্ৰমণ সুগম হ’ব আৰু বাণিজ্য দ্ৰুতগতিত বৃদ্ধি পাবঃ প্ৰধানমন্ত্ৰী
কোটা আজি সংযোগৰ ক্ষেত্ৰত দ্ৰুতগতিত আগবাঢ়িছেঃ প্ৰধানমন্ত্ৰী
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত কোটাৰ উভয় প্ৰধান ৰেল ষ্টেচনক আধুনিক সা-সুবিধাৰে সজ্জিত কৰা হৈছেঃ প্ৰধানমন্ত্ৰী
কোটা আৰু বুণ্ডীৰ মাজেৰে পাৰ হৈ যোৱা দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’য়ে সমগ্ৰ অঞ্চলটোৰ উন্নয়নৰ নতুন দুৱাৰ মুকলি কৰিছেঃ প্ৰধানমন্ত্ৰী

কোটা আৰু সমগ্ৰ হাডোটি অঞ্চলৰ মোৰ মৰমৰ ভ্ৰাতৃ-ভগ্নীসকলক আকৌ এবাৰ নমস্কাৰ জনাইছো।

মই যোৱা সপ্তাহত ৰাজস্থান ভ্ৰমণৰ সুযোগ পাইছিলো। আজমেৰৰ পবিত্ৰ ভূমিৰ পৰা আমি কেইবা হাজাৰ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰাজি উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিছিলো। সেই একেটা কাৰ্য্যসূচীতে ৰাজস্থানৰ ২১ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল। আৰু এতিয়া আজমেৰ ভ্ৰমণৰ মাত্ৰ কেইদিনমান পিছতে আজি কোটাৰ এই গুৰুত্বপূৰ্ণ বিমানবন্দৰ প্ৰকল্পটো আৰম্ভ কৰাৰ সৌভাগ্য লাভ কৰিছো। এসপ্তাহৰ ভিতৰতে ৰাজস্থানৰ এই দুই বৃহৎ উন্নয়ন কাৰ্য্যসূচীয়ে এক শক্তিশালী বাৰ্তা প্ৰদান কৰিছে। এইসমূহে আজি ৰাজস্থান দ্ৰুতগতিত আগবাঢ়ি যোৱাটোকে প্ৰদৰ্শিত কৰিছে। আন্তঃগাঁথনিয়েই হওক, যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগেই হওক, কৃষক-মহিলা সকলৰ বাবে আঁচনিয়েই হওক বা প্ৰতিটো খণ্ডৰ পদক্ষেপেই হওক- সমগ্ৰ ৰাজস্থানত কাম-কাজ অতি বেগেৰে সম্পন্ন হৈ আছে।

বন্ধুসকল,

আজি কোটা, বুণ্ডী, বৰান, ঝলাৱাৰ আৰু সমগ্ৰ হাডোটি অঞ্চলৰ বাবে এক নতুন আশা আৰু সাফল্যৰ দিন। প্ৰায় ১,৫০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই আধুনিক বিমানবন্দৰে আগন্তুক বছৰ সমূহত সমগ্ৰ অঞ্চলটোৰ উন্নয়নক ত্বৰান্বিত কৰিব। এই গুৰুত্বপূৰ্ণ বিমানবন্দৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন উপলক্ষে কোটা আৰু হাডোটিবাসীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো।

বন্ধুসকল,

মোৰ মনত পৰিছে, ২০২৩-ৰ নৱেম্বৰত মই কোটালৈ আহোতে মই কোটাৰ জনসাধাৰণৰ আগত এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলো। মই কৈছিলো যে বিমানবন্দৰ কেৱল সপোন হৈ নাথাকিব, বৰঞ্চ বাস্তৱলৈ পৰিণত হ’ব। আজি মই সুখী যে সেই মুহূৰ্ত আহি পৰিছে। কোটা বিমানবন্দৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। এতিয়ালৈকে কোটাৰ জনসাধাৰণে বিমান ধৰিবলৈ জয়পুৰ বা যোধপুৰলৈ যাবলগীয়া হৈছিল। ইয়াৰ বাবে বহু সময় খৰচ হৈছিল আৰু অসুবিধাৰ সৃষ্টি হৈছিল। সেই পৰিস্থিতি এতিয়া সলনি হ’ব। বিমানবন্দৰটো কাৰ্য্যক্ষম হ’লেই ভ্ৰমণ সুগম হৈ পৰিব আৰু কোটা তথা ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত ব্যৱসায় দ্ৰুতগতিত বৃদ্ধি পাব।

বন্ধুসকল,

কোটা কেৱল শিক্ষাৰেই কেন্দ্ৰ নহয়, বৰঞ্চ শক্তিৰো এক প্ৰধান কেন্দ্ৰ। এয়া এক অনন্য অঞ্চল য’ত প্ৰায় সকলো উৎসৰ পৰা বিদ্যুৎ উৎপাদন কৰা হয়-পাৰমাণৱিক, কয়লা-ভিত্তিক, গেছ আৰু জল। ঐতিহ্যৰ বাবেও হাডোটিৰ ভূমি সমানেই বিখ্যাত। কোটা কচুৰীৰ সোৱাদ, কোটা ডৰিয়া শাৰীৰ আড়ম্বৰ, কোটা ষ্ট’ন আৰু আন-আন শিলৰ জিলিকনিয়ে বিশ্বজুৰি স্বীকৃতি অৰ্জন কৰিছে। ইয়াৰ ধনীয়া, বুণ্ডীৰ বাছমতী চাউল- ইয়াৰ সুগন্ধিয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিছে। এই অঞ্চলটো কঠোৰ পৰিশ্ৰম, উৎপাদন আৰু অপৰিসীম সম্ভাৱনাৰ বাবে জনাজাত। এতিয়া কোটাৰ এই নতুন বিমানবন্দৰে এই সম্ভাৱনাক বহুগুণে বৃদ্ধি কৰিব।

বন্ধুসকল,

কোটা আৰু হাডোটিৰ ভূমি উদ্যোগ আৰু বিশ্বাসৰ এক বৃহৎ কেন্দ্ৰ। যুগ-যুগ ধৰি পবিত্ৰ মথুৰাধীশ জী পীঠ, কেশৱ ৰায় পাতন তীৰ্থযাত্ৰা, খাদে গণেশ জী মহাৰাজ আৰু গোদাৱৰী বালাজী ধাম দৰ্শন কৰিবলৈ দেশৰ ভিন্ন প্ৰান্তৰ পৰা ভক্তসকল ইয়ালৈ আহে। গৰাদিয়া মহাদেৱৰ পৰা চাম্বালৰ দৃশ্যই সকলোকে মন্ত্ৰমুগ্ধ কৰে। মুকুন্দ্ৰ পাহাৰ আৰু ৰামগড় বিষধাৰীৰ দৰে বন্যপ্ৰাণী অভয়াৰণ্যই অঞ্চলটোক বন্যপ্ৰাণী পৰ্যটনৰ এক প্ৰধান কেন্দ্ৰ কৰি তুলিছে। বিমান সংযোগ বৃদ্ধিৰ লগে-লগে সমগ্ৰ দেশ আৰু বিশ্বৰ পৰা পৰ্যটক ইয়ালৈ আহিব, ইয়াৰ ফলত যুৱক-যুৱতী, ব্যৱসায়ী আৰু স্থানীয় অৰ্থনীতি প্ৰত্যক্ষভাৱে লাভান্বিত হ’ব।

বন্ধুসকল,

ইতিমধ্যে সংযোগৰ ক্ষেত্ৰত কোটা দ্ৰুতগতিত আগবাঢ়িছে। অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত কোটাৰ দুয়োটা প্ৰধান ৰেল ষ্টেচনক আধুনিক সা-সুবিধাৰে সজ্জিত কৰা হৈছে। কোটা আৰু বুণ্ডীৰ মাজেৰে পাৰ হৈ যোৱা দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’য়ে সমগ্ৰ অঞ্চলটোৰ বাবে উন্নয়নৰ নতুন দুৱাৰ মুকলি কৰিছে। এতিয়া দিল্লী, বড়োদৰা, মুম্বাইৰ দৰে বৃহৎ চহৰ সমূহত মাত্ৰ কেইঘন্টামানৰ ভিতৰতে উপনীত হ’ব পাৰি। উন্নত পথ আৰু ৰেল সংযোগৰ ফলত ইয়াত নতুন উদ্যোগ স্থাপিত হৈছে। বিশেষকৈ কৃষি-ভিত্তিক উদ্যোগসমূহৰ বাবে অঞ্চলটো এক প্ৰধান কেন্দ্ৰত পৰিণত হ’ব। ৰেল আৰু পথৰ পিছত বিমান সংযোগৰ এই নতুন অধ্যায়ে কোটাৰ উন্নয়নক অধিক ত্বৰান্বিত কৰিব। কোটা বিমানবন্দৰে সমগ্ৰ হাডোটি অঞ্চলৰ লগতে নিকটৱৰ্তী জিলাসমূহৰ বাবে প্ৰগতিৰ নতুন সুযোগৰ উন্মেষ ঘটাব।

বন্ধুসকল,

মই এই গুৰুত্বপূৰ্ণ প্ৰকল্পৰ বাবে কোটাৰ সাংসদ শ্ৰী ওম বিৰলা জীৰ অবিৰত প্ৰচেষ্টা গ্ৰহণ কাৰ্য্যৰো শলাগ ল’ব বিচাৰিছো। তেওঁ কোটাৰ জনসাধাৰণৰ জীৱনযাত্ৰাৰ অগ্ৰগতি সাধন আৰু তেওঁলোকক নতুন সুযোগ প্ৰদানৰ বাবে অহৰহ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে। বিমানবন্দৰেই হওক, আইআইআইটি-ৰ নতুন কেম্পাছেই হওক বা পথ সম্প্ৰসাৰণেই হওক, তেওঁ কোটাৰ উন্নয়নৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে। তেওঁৰ এই প্ৰচেষ্টাৰ বাবেই কোটা আৰু সমগ্ৰ অঞ্চলটোত বিকাশৰ নতুন গতি প্ৰত্যক্ষ হৈছে।

বন্ধুসকল,

ওম বিৰলা জী কেৱল এগৰাকী সুদক্ষ সাংসদেই নহয়, বৰঞ্চ তেওঁ লোকসভাৰ এগৰাকী উল্লেখযোগ্য অধ্যক্ষও। তেওঁ সংবিধানৰ প্ৰতি সম্পূৰ্ণ সমৰ্পিত আৰু সংসদীয় পৰম্পৰাৰ প্ৰতি গভীৰভাৱে দায়বদ্ধ। আজি তেওঁ নিৰপেক্ষতাক মূৰ্ত কৰি দল আৰু বিৰোধীৰ উৰ্ধত থিয় দিছে। সদনত তেওঁক দেখিলে প্ৰায়ে অনুভৱ কৰো যে হয়তো শৈক্ষিক চহৰৰ পৰা যোৱাৰ বাবেই তেওঁৰ অধ্যক্ষ হিচাপে ভূমিকাত ইয়াৰ প্ৰভাৱ পৰিছে- তেওঁ পৰিয়ালৰ এজন ভাল মুৰব্বীৰ দৰে নেতৃত্ব প্ৰদান কৰে, সকলোকে লগত লৈ যায়। তেওঁ সকলো সাংসদৰে অনুভূতি আৰু অনুৰোধক সন্মান কৰে। তেওঁ এনে এজন অধ্যক্ষ যিয়ে স্বাভাৱিকতে সাংসদসকলক আটাইতকৈ বেছি সন্মান কৰে। কোনো-কোনো অহংকাৰী ব্যক্তিয়ে মাজে-মাজে অশান্তিৰ সৃষ্টি কৰিলেও তেওঁ সকলো মৰ্য্যাদাৰে পৰিচালনা কৰে, কেতিয়াও কাকো অপমান নকৰে, ধৈৰ্য্যৰে কঠোৰ শব্দ সহ্য কৰে, সদায় হাঁহি থাকে। হয়তো সেয়াই তেওঁ সদনত সাৰ্বজনীনভাৱে প্ৰশংসিত হোৱাৰ এটা কাৰণ।

বন্ধুসকল,

সংযোগ বৃদ্ধি হ’লে উন্নয়নৰ গতিও বৃদ্ধি পায়। বিগত ১১ বছৰত দেশৰ ভিন্ন প্ৰান্তত নিৰ্মাণ কৰা নতুন বিমানবন্দৰে বিকাশক সতেজ গতি প্ৰদান কৰিছে। ২০১৪-ৰ আগতে দেশত প্ৰায় ৭০ টা বিমানবন্দৰ আছিল। আজি সেই সংখ্যা ১৬০ ৰো অধিক হৈছে। এই নতুন বিমানবন্দৰসমূহে বিমান যাত্ৰাক সুগম কৰি তুলিছে, পৰ্যটনৰ বৰ্ধন ঘটাইছে, যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে আৰু আঞ্চলিক উন্নয়নক ত্বৰান্বিত কৰিছে। আনকি দিল্লীৰ আশে-পাশে কেইবাটাও নতুন বিমানবন্দৰ ওপৰলৈ আহিছে-হিছাৰ, হিন্দন, জেৱাৰ। যেতিয়া নতুন বিমানবন্দৰ আৰু টাৰ্মিনেল নিৰ্মাণ কৰা হয়, তেতিয়া নতুন উদ্যোগ আৰু কোম্পানী সৰু চহৰ সমূহতো উপস্থিত হয়। মোৰ বিশ্বাস যে কোটাৰ নতুন বিমানবন্দৰেও একেদৰেই অনাগত সময়ত এই অঞ্চলৰ উন্নয়নক নতুন গতি প্ৰদান কৰিব।

বন্ধুসকল,

ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে একেলগে কাম কৰা মাত্ৰেকে, উদ্দেশ্য স্পষ্ট আৰু দৃঢ়তা শক্তিশালী হোৱা মাত্ৰেকে উন্নয়নৰ গতি বহুগুণে বৃদ্ধি পায়। আজি ৰাজস্থানত ঠিক তেনেকুৱাই হৈছে। উন্নত ৰাজস্থানৰ এই শক্তিশালী ভেটিয়ে উন্নত ভাৰতৰ সংকল্পক অধিক শক্তি প্ৰদান কৰিছে। মোৰ সম্পূৰ্ণ বিশ্বাস যে আমি সকলোৱে মিলি এখন সমৃদ্ধিশালী, শক্তিশালী আৰু সুযোগেৰে ভৰা ৰাজস্থান গঢ়ি তোলাত সফল হম। এই বিশ্বাসেৰে এই আধাৰশিলা স্থাপনৰ উপলক্ষত আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জনাইছো। আপোনাসৱক অশেষ ধন্যবাদ জনালো। বন্দে মাতৰম।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt

Media Coverage

Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister inaugurates Namo Hospital at Daman
June 05, 2026

Prime Minister Shri Narendra Modi today inaugurated the Namo Hospital at Daman. He stated that this is in line with the ongoing efforts towards providing quality health treatment to the people, noting that the hospital features modern facilities and will go a long way in addressing the healthcare needs of the Union Territory and surrounding areas.

The Prime Minister posted on X:

"In line with our efforts towards providing quality health treatment to the people, the Namo Hospital at Daman was inaugurated. It has modern facilities and will go a long way in addressing the healthcare needs of the Union Territory and surrounding areas."