“This is a day of renewing resolutions”
“In India weapons are not used for annexation but for defence”
“We know ‘maryada’ (boundaries) of Ram as well as also how to defend our borders”
“Temple being built on the birthplace of Lord Ram is a symbol of victory for the patience of us Indians after centuries of waiting”
“We have to create an India of Lord Ram's ideas”
“India is today emerging as the world's largest democracy as well as the most trusted democracy”
“We should take a pledge to end evils and discrimination in the society”

ছিয়া বৰ ৰামচন্দ্ৰ কী জয়,

ছিয়া বৰ ৰামচন্দ্ৰ কী জয়,

মই সমগ্ৰ দেশবাসীক শক্তি উপাসনাৰ উৎসৱ নবৰাত্ৰি আৰু বিজয় উৎসৱ বিজয়া দশমীৰ বহুত বহুত শুভকামনা জনাইছো৷ বিজয়া দশমীৰ এই উৎসৱ অন্যায়ৰ বিৰুদ্ধে ন্যায় বিজয়, অহংকাৰৰ বিপৰীতে বিনম্ৰতাৰ বিজয় আৰু ক্ৰোধৰ ওপৰত ধৈৰ্য্যৰ বিজয়ৰ উৎসৱ। এয়া অত্যাচাৰী ৰাৱণৰ বিৰুদ্ধে ভগৱান শ্ৰীৰামৰ জয়ৰ উৎসৱ। এই অনুভৱেৰে আমি প্ৰতি বছৰে ৰাৱণ দহন কাৰ্যসূচী ৰূপায়ণ কৰোঁ। কিন্তু কেৱল ইমানেই নহয়, এই উৎসৱ আমাৰ বাবে সংকল্পৰো উৎসৱ, আমাৰ সংকল্পৰ পুনৰাবৃত্তিৰো উৎসৱ।

 

মোৰ প্ৰিয় দেশবাসী,

এইবাৰ আমি এনে সময়ত বিজয়া দশমী উদযাপন কৰিছো, যিসময়ত আমাৰ চন্দ্ৰ জয়ৰ ২ মাহ সম্পূৰ্ণ হৈছে৷ বিজয়া দশমীৰ দিনা অস্ত্ৰ পূজাৰো পৰম্পৰা আছে। ভাৰত ভূমি পালন কৰা অস্ত্ৰ পূজা অন্য কোনো দেশত আধিপত্য বিস্তাৰ কৰিবলৈ নহয়, বৰঞ্চ আত্মৰক্ষাৰ বাবে অস্ত্ৰ-শস্ত্ৰৰ পূজা কৰা হয়। নৱৰাত্ৰিৰ শক্তি পূজাৰ সংকল্প আৰম্ভ কৰি থাকোঁতে আমি কওঁ-যা দেৱী সৰ্বভূতেশু, শক্তিৰূপেনা সংস্থিতা, নমস্তসৈ, নমস্তসৈ, নমস্তসৈ নমো নমঃ। পূজা সম্পূৰ্ণ হ’লে আমি কওঁ–দেহি সৌভাগ্য আৰোগ্যম, দেহি মে পৰম সুখম, ৰূপম দেহি, জয়ং দেহি, যশো দেহী, দ্বীষোজহি! আমাৰ শক্তি পূজা কেৱল আমাৰ বাবেই নহয়, সমগ্ৰ সৃষ্টিৰ সৌভাগ্য, স্বাস্থ্য, সুখ, বিজয় আৰু খ্যাতিৰ বাবে কৰা হয়। এয়াই ভাৰতৰ দৰ্শন আৰু চিন্তাধাৰা। গীতাৰ জ্ঞান আৰু আইএনএছ বিক্ৰান্ত আৰু তেজস নিৰ্মাণৰ বিষয়েও আমি জানো। আমি শ্ৰীৰামৰ মৰ্যাদাও জানো আৰু লগতে আমাৰ সীমা সুৰক্ষা কৰিব জানো। শক্তি পূজাৰ সংকল্পও আমি জানো আৰু লগতে ক’ৰোনাত ‘সৰ্বে সন্তু নিৰাময়’ মন্ত্ৰ মানি চলোঁ। এয়াই ভাৰত ভূমি। ভাৰতৰ বিজয়া দশমীও এই ধাৰণাৰে প্ৰতীক।

বন্ধুসকল,

আজি আমাৰে সৌভাগ্য যে ভগৱান ৰামৰ আটাইতকৈ ভব্য মন্দিৰ নিৰ্মাণ হোৱা দেখিবলৈ পাইছো। অযোধ্যাৰ পৰৱৰ্তী ৰামনৱমীত ৰামলালাৰ মন্দিৰত প্ৰতিধ্বনিত হোৱা প্ৰতিটো টোকাই সমগ্ৰ বিশ্বলৈ আনন্দৰ বাৰ্তা কঢ়িয়াই আনিব। যুগ যুগ ধৰি ইয়াত কোৱা সেই কণ্ঠ–ভায়া প্ৰগত কৃপালা, দীনদয়ালা...কৌশল্য হিতকাৰী। ভগৱান ৰামৰ জন্মস্থানত নিৰ্মাণ হৈ থকা মন্দিৰটো কেইবা শতিকাৰ অপেক্ষাৰ অন্তত আমাৰ ভাৰতীয়ৰ ধৈৰ্য্যৰ বিজয়ৰ প্ৰতীক। মাত্ৰ কেইমাহমান বাকী আছে ভগৱান ৰামক ৰাম মন্দিৰত বহুৱাবলৈ। ভগৱান শ্ৰীৰাম আহিবলৈ ওলাইছে। আৰু বন্ধুসকল, যেতিয়া শ শ বছৰৰ পিছত যেতিয়া ৰাম মন্দিৰত ভগৱান ৰামৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব, সেই আনন্দৰ কথা কল্পনা কৰক। বিজয়া দশমীৰ পৰাই আৰম্ভ হ’ল ৰামৰ আগমনৰ উদযাপন। তুলসী বাবাই ৰামচৰিত মানসত লিখিছিল-সগুন হোহিন সুন্দৰ মন প্ৰসন্ন সব কেৰ৷ প্ৰভূ আগৱন জনাব জনু নগৰ ৰম্য চাহু ফেৰ৷ অৰ্থাৎ ভগৱান ৰাম আহিবলৈ ওলোৱাৰ সময়ত গোটেই অযোধ্যাত শংকৰৰ আবিৰ্ভাৱ হ’বলৈ ধৰিলে। তেতিয়া সকলোৱে সুখ অনুভৱ কৰিবলৈ ধৰিলে, গোটেই চহৰখন ধুনীয়া হৈ পৰিল। আজিও একেধৰণৰে পৰিৱেশৰ সৃষ্টি হৈছে৷ আজি ভাৰতে চন্দ্ৰ জয় কৰিছে। আমি বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ’বলৈ ওলাইছো। আমি কেইসপ্তাহমানৰ আগতে নতুন সংসদ ভৱনত প্ৰৱেশ কৰিছিলো। নাৰী শক্তিক প্ৰতিনিধিত্ব কৰিবলৈ সংসদে নাৰী শক্তি বন্দন আইন গৃহীত কৰিছে।

ভাৰতে আজি বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ আৰু আটাইতকৈ বিশ্বাসযোগ্য গণতন্ত্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। আৰু বিশ্বই ইয়া গণতন্ত্ৰৰ মাতৃ হিচাপে গণ্য কৰিছে। এই সুখৰ মুহূৰ্তবোৰৰ মাজতে ভগৱান শ্ৰীৰাম অযোধ্যাৰ ৰাম মন্দিৰত বাস কৰিবলৈ ওলাইছে। এক প্ৰকাৰে স্বাধীনতাৰ ৭৫বছৰৰ পাছত এতিয়া ভাৰতৰ সৌভাগ্য বৃদ্ধি পাবলৈ গৈ আছে। কিন্তু এই সময়ত ভাৰতে অতি সাৱধান হ’ব লগাও হৈছে৷ আমি মনত ৰাখিব লাগিব যে আজি ৰাৱণৰ দহন কেৱল প্ৰতিমূৰ্তি দহন হ’ব নালাগে, ই হ’ব লাগে প্ৰতিটো অপশক্তিৰ দহন যাৰ ফলত সমাজৰ পাৰস্পৰিক সম্প্ৰীতিৰ অৱনতি ঘটে। এয়া জাতিবাদ আৰু আঞ্চলিকতাবাদৰ নামত ভাৰত মাতৃক বিভাজিত কৰিবলৈ চেষ্টা কৰা সেই শক্তিসমূহৰ দাহন হওক। এইটোৱেই হ’ব লাগে সেই ধাৰণাটোৰ দাহন, য’ত ভাৰতৰ উন্নয়ন নহয়, স্বাৰ্থপৰতাৰ সাফল্য নিহিত হৈ আছে। বিজয়া দশমীৰ উৎসৱ কেৱল ৰাৱণৰ বিৰুদ্ধে ৰামৰ বিজয়ৰ উৎসৱ নহয়, দেশৰ প্ৰতিটো অপশক্তিৰ বিৰুদ্ধে দেশপ্ৰেমৰ জয়ৰ উৎসৱ হ’ব লাগে। আমি সমাজৰ কু-অভ্যাস আৰু বৈষম্যৰ অন্ত পেলোৱাৰ প্ৰতিশ্ৰুতি লোৱা উচিত।

 

বন্ধুসকল,

আগন্তুক ২৫ বছৰ ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ। আজি সমগ্ৰ বিশ্বই ভাৰতৰ ফালে চাই আমাৰ সম্ভাৱনা দেখিছে। আমি থমকি ৰোৱা অনুচিত৷ ৰামচৰিত মানসতো লিখা আছে–ৰাম কাজ কিহেন বিনু, মোহিন কহান বিশ্ৰাম। আমি ভগৱান ৰামৰ চিন্তাধাৰাৰ ভাৰত গঢ় দিব লাগিব। এখন উন্নত ভাৰত, যি আত্মনিৰ্ভৰশীল, এখন উন্নত ভাৰত, যি বিশ্ব শান্তিৰ বাৰ্তা প্ৰদান কৰে, এখন উন্নত ভাৰত, য’ত সকলোৰে সপোন পূৰণৰ সম অধিকাৰ আছে, এখন উন্নত ভাৰত, য’ত মানুহে এক সমৃদ্ধি আৰু সন্তুষ্টিৰ অনুভূতি অনুভৱ কৰে। ৰাম ৰাজ্যৰ ধাৰণা এইটোৱেই, ৰাম ৰাজ বাইথে ত্ৰৈলোকা, হৰ্ষিত ভায়ে গায় সব সোকা, অৰ্থাৎ যেতিয়া ৰাম নিজৰ সিংহাসনত বহিব, তেতিয়া সমগ্ৰ বিশ্বতে আনন্দ থাকিব আৰু সকলোৰে দুখ-কষ্টৰ অন্ত পৰিব। কিন্তু, এইটো কেনেকৈ সম্ভৱ? সেয়ে আজি বিজয়া দশমীৰ দিনা প্ৰতিজন দেশবাসীক ১০টা সংকল্প ল'বলৈ আহ্বান জনালোঁ।

 

প্ৰথম সংকল্প- আগন্তুক প্ৰজন্মৰ কথা মনত ৰাখি আমি যিমান পাৰো পানী ৰাহি কৰিম।

দ্বিতীয় সংকল্প- আমি আৰু অধিক লোকক ডিজিটেল লেনদেনৰ বাবে প্ৰেৰণা যোগাম।

 

তৃতীয় সংকল্প – স্বচ্ছতাৰ ক্ষেত্ৰত আমি আমাৰ গাওঁ-নগৰক আগস্থান দিম।

চতুৰ্থ সংকল্প– আমি ভোকেল ফৰ লোকেলৰ মন্ত্ৰ যিমান পাৰো অনুসৰণ কৰিম আৰু মেড ইন ইণ্ডিয়াৰ সামগ্ৰী ব্যৱহাৰ কৰিম।

পঞ্চম সংকল্প- আমি মানসম্পন্ন কাম কৰিম আৰু মানসম্পন্ন সামগ্ৰী তৈয়াৰ কৰিম, নিম্নমানৰ বাবে দেশৰ সন্মান লাঘৱ হ’বলৈ নিদিওঁ।

ষষ্ঠ সংকল্প-আমি প্ৰথমে আমাৰ সমগ্ৰ দেশ ভ্ৰমণ কৰিম আৰু সমগ্ৰ দেশ ভ্ৰমণ কৰাৰ পিছত সময় পালে  বিদেশলৈ যোৱাৰ কথা ভাবিম।

সপ্তম সংকল্প – আমি কৃষকসকলক প্ৰাকৃতিক কৃষিৰ বিষয়ে অধিক সজাগ কৰিম।

অষ্টম সংকল্প– আমি আমাৰ জীৱনত ছুপাৰফুড বাজৰাক অন্তৰ্ভুক্ত কৰিম। ইয়াৰ দ্বাৰা আমাৰ ক্ষুদ্ৰ কৃষকসকলৰ লগতে আমাৰ নিজৰ স্বাস্থ্যৰ যথেষ্ট উপকাৰ হ’ব।

নৱম সংকল্প - আমি সকলোৱে আমাৰ জীৱনত যোগাসনেই হওক, ক্ৰীড়াই হওক বা ফিটনেছ সম্পৰ্কীয় যিকোনো কামেই হওক ব্যক্তিগত স্বাস্থ্যক অগ্ৰাধিকাৰ দিম।

আৰু দশম সংকল্প – আমি সেইসকল লোকৰ ঘৰৰ সদস্য হ’ম, যাতে অতি কমেও এটা দুখীয়া পৰিয়ালৰ সামাজিক মৰ্যাদা উন্নত কৰিব পাৰিম।

 

যেতিয়ালৈকে দেশত এজন দুখীয়া মানুহো থাকিব, যাৰ মৌলিক সা-সুবিধা নাই, ঘৰ-দুৱাৰ, বিদ্যুৎ, গেছ, পানী, কোনো পৰিশোধনৰ ব্যৱস্থা নাই, তেতিয়ালৈকে আমি শান্তিৰে বহি নাথাকো। আমি প্ৰতিজন হিতাধিকাৰীৰ কাষ চাপিব লাগিব আৰু তেওঁলোকক সহায় কৰিব লাগিব। তেতিয়াহে দেশৰ পৰা দৰিদ্ৰতা দূৰ হ’ব আৰু সকলোৰে বিকাশ হ’ব। তেতিয়াহে ভাৰত উন্নত হ’ব। ভগৱান ৰামৰ নাম লৈ আমি এই সংকল্পসমূহ পূৰণ কৰিম। বিজয়া দশমীৰ এই পৱিত্ৰ উৎসৱত দেশবাসীক বহু শুভেচ্ছা জনালো। ৰাম চৰিত মানসত কোৱা হৈছে - বিচি নগৰ কি জয় সব কাজা, হৃদয় ৰাখী কোশলপুৰ ৰজা অৰ্থাৎ আমি ভগৱান শ্ৰীৰামৰ নাম মনত ৰাখি যি সংকল্প পূৰণ কৰিব বিচাৰো, তাত আমি নিশ্চিতভাৱে সফলতা লাভ কৰিম। আহক আমি সকলোৱে ভাৰতৰ সংকল্প লৈ প্ৰগতিৰ পথত আগবাঢ়ি যাওঁ, আহক আমি সকলোৱে ভাৰতক এখন উন্নত ভাৰতৰ লক্ষ্যলৈ লৈ যাওঁ। এই কামনাৰে আপোনালোক সকলোকে এই পৱিত্ৰ বিজয়া দশমী উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

ছিয়া বৰ ৰামচন্দ্ৰ কী জয়,

ছিয়া বৰ ৰামচন্দ্ৰ কী জয়৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'More strict actions to come against paper leaks': PM Modi announces new Bill push in video message

Media Coverage

'More strict actions to come against paper leaks': PM Modi announces new Bill push in video message
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights the importance of fostering beneficial thoughts, words, and actions
July 24, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting how continuous practice in thought, word, and action shapes one's character and direction in life.

The Prime Minister wrote on X;

"कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते।

तदेवापहरत्येनं तस्मात् कल्याणमाचरेत्॥"

Whatever a person continuously practices through their actions, thoughts, and words ultimately shapes their personality and draws them in that very direction; therefore, one should always give space only to beneficial subjects in one's thoughts and conversations.