Launches and lays foundation stone for projects related to the Broadcasting sector worth about Rs 250 crores
“It is a matter of great joy that Khelo India Youth Games are being held in the beautiful city of Chennai”
“Khelo India Games – A great way to start 2024”
“Tamil Nadu is a land that has produced champions”
“Organization of mega sporting events is crucial for making India a top sporting nation”
“Veera Mangai Velu Nachiyar is a symbol of women power. Today her personality is reflected in many decisions of the government”
“In the last 10 years, the government reformed, the athletes performed and the entire sports system transformed in India”
“Today, we are not waiting for youth to come to sports, we are taking sports to youth”
“Today, for our youth in schools and colleges who want to make their career in sports-related sectors, their better future too is Modi's guarantee”

বনাক্কম চেন্নাই!

তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ. এন. ৰবি জী, মুখ্যমন্ত্ৰী শ্ৰী এম. কে. ষ্টেলিন জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ অনুৰাগ ঠাকুৰ, এল. মুৰুগান আৰু তামিলনাডু চৰকাৰৰ মন্ত্ৰী উধয়ানিধি ষ্টেলিন আৰু ভাৰতৰ ভিন্ন প্ৰান্তৰপৰা ইয়ালৈ অহা মোৰ যুৱ বন্ধুসকল।

ত্ৰয়োদশ খেল’ ইণ্ডিয়া গেমছলৈ সকলোকে আদৰণি জনাইছোঁ। এয়া ভাৰতীয় ক্ৰীড়াৰ বাবে ২০২৪ৰ আৰম্ভণিতেই এটা ভাল কথা। ইয়াত গোট খোৱা মোৰ ডেকা বন্ধুসকলে এখনি ইয়ং ইণ্ডিয়া, এখনি নিউ ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰে। আপোনালোকৰ শক্তি আৰু উৎসাহে আমাৰ দেশক ক্ৰীড়াৰ জগতত নতুন উচ্চতালৈ লৈ গৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা চেন্নাইলৈ অহা সকলো খেলুৱৈ আৰু ক্ৰীড়াপ্ৰেমীলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। একেলগে আপোনালোকে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ প্ৰকৃত মনোভাৱ প্ৰদৰ্শন কৰিছে। তামিলনাডুৰ মৰমিয়াল লোক, সুন্দৰ তামিল ভাষা, সংস্কৃতি আৰু খাদ্যৰ দ্বাৰা নিশ্চয় আপোনাক ঘৰত থকাৰ দৰে অনুভৱ কৰাব। তেওঁলোকৰ আতিথ্যই আপোনালোকৰ হৃদয় জয় কৰিব বুলি মই নিশ্চিত। খেল’ ইণ্ডিয়া ইয়ুথ গেমছে নিশ্চিতভাৱে আপোনাক নিজৰ দক্ষতা প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰিব। ই আপোনাক নতুন বন্ধুত্ব গঢ়ি তোলাতো সহায় কৰিব যি আজীৱন স্থায়ী হ’ব।

 

বন্ধুসকল,

আজি ইয়াত দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ’ৰ কেইবাটাও প্ৰকল্পৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপন কৰা হৈছে। ১৯৭৫ ৰপৰা সম্প্ৰচাৰ আৰম্ভ হোৱা চেন্নাই দূৰদৰ্শন কেন্দ্ৰই আজিৰে পৰা এক নতুন যাত্ৰা আৰম্ভ কৰিছে। ডি ডি তামিল চেনেলটোকো নতুন ৰূপেৰে মুকলি কৰা হৈছে। ৮খন ৰাজ্যত ১২টা নতুন এফ এম আৰম্ভ হ’লে প্ৰায় ১.৫ কোটি লোক উপকৃত হ’ব। আজি ২৬টা নতুন এফ এম প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰা হৈছে। এই সাফল্যৰ বাবে তামিলনাডুবাসী তথা সমগ্ৰ দেশবাসীলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ।

বন্ধুসকল,

ভাৰতৰ ক্ৰীড়াৰ বিকাশৰ ক্ষেত্ৰত তামিলনাডুৰ বিশেষ স্থান আছে। চেম্পিয়ন সৃষ্টি কৰা এখন ভূমি। এই ভূমিৰ পৰাই জন্ম হৈছিল অমৃতৰাজ ভ্ৰাতৃদ্বয়ৰ যিয়ে টেনিছত নাম উজলাইছিল। এই মাটিৰ পৰাই আহিছে হকী দলৰ অধিনায়ক ভাস্কৰণ, যাৰ নেতৃত্বত ভাৰতে অলিম্পিকত স্বৰ্ণ পদক লাভ কৰে। বিশ্বনাথন আনন্দ, প্ৰাগনানন্দা, পেৰালিম্পিক চেম্পিয়ন মৰিয়াপ্পানৰ দৰে দবা খেলুৱৈয়ো তামিলনাডুৰ উপহাৰ। এনে বহু খেলুৱৈ এই ভূমিৰ পৰা ওলাই আহিছে, প্ৰতিটো খেলতে পাৰদৰ্শিতা দেখুৱাইছে। মোৰ বিশ্বাস আপোনালোক সকলোয়ে তামিলনাডুৰ ভূমিৰ পৰা আৰু অধিক প্ৰেৰণা পাব।

বন্ধুসকল,

আমি সকলোয়ে ভাৰতক বিশ্বৰ শীৰ্ষ ক্ৰীড়া ৰাষ্ট্ৰৰ ভিতৰত চাব বিচাৰোঁ। ইয়াৰ বাবে দেশত ধাৰাবাহিকভাৱে বৃহৎ পৰিসৰৰ ক্ৰীড়া অনুষ্ঠান হোৱা, খেলুৱৈসকলৰ অভিজ্ঞতা বৃদ্ধি কৰা আৰু ডাঙৰ ইভেন্টত অংশগ্ৰহণ কৰিবলৈ তৃণমূল পৰ্যায়ৰ খেলুৱৈ নিৰ্বাচন কৰাটো অতি গুৰুত্বপূৰ্ণ। খেল’ ইণ্ডিয়া অভিযানে আজি এই ভূমিকাকে পালন কৰিছে। ২০১৮ চনৰ পৰা খেল’ ইণ্ডিয়া গেমছৰ ১২টা সংস্কৰণৰ আয়োজন কৰা হৈছে। ইণ্ডিয়া ইয়ুথ গেমছ, খেল’ ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ, খেল’ ইণ্ডিয়া শীতকালীন গেমছ আৰু খেল’ ইণ্ডিয়া পেৰা গেমছে খেলাৰ সুযোগ আৰু নতুন প্ৰতিভাক আগস্থানলৈ অনাৰ সুযোগ প্ৰদান কৰিছে। আকৌ এবাৰ খেল’ ইণ্ডিয়া ইয়ুথ গেমছৰ উদ্বোধনী অনুষ্ঠান। তামিলনাডুৰ চেন্নাই, ত্ৰিচি, মাদুৰাই, কম্বাটুৰ আদি চহৰসমূহে চেম্পিয়নসকলক আদৰিবলৈ সাজু হৈছে।

 

বন্ধুসকল,

আপুনি এজন খেলুৱৈয়েই হওঁক বা দৰ্শকেই হওঁক, চেন্নাইৰ সুন্দৰ উপকূলে সকলোকে আকৰ্ষণ কৰিব বুলি মোৰ বিশ্বাস। মাদুৰাইৰ অনন্য মন্দিৰৰ ঐশ্বৰিক আভা অনুভৱ কৰিব। ত্ৰিচিৰ মন্দিৰ আৰু তাত থকা শিল্প আৰু শিল্পকৰ্মই আপোনাৰ মনটোক মোহিত কৰিব। আৰু কম্বাটুৰৰ কঠোৰ পৰিশ্ৰমী উদ্যোগীসকলে আপোনাক মুকলি হৃদয়েৰে উষ্ম আদৰণি জনাব। তামিলনাডুৰ এই সকলোবোৰ চহৰতে আপুনি এনে এক ঐশ্বৰিক অনুভৱ অনুভৱ কৰিব যাক আপুনি কেতিয়াও পাহৰিব নিবিচাৰিব।

বন্ধুসকল,

খেল’ ইণ্ডিয়া ইয়ুথ গেমছৰ সময়ত ৩৬খন ৰাজ্যৰ খেলুৱৈসকলে নিজৰ প্ৰতিভা আৰু নিষ্ঠা প্ৰদৰ্শন কৰিব। ৫ হাজাৰৰো অধিক যুৱ খেলুৱৈয়ে যেতিয়া নিজৰ আবেগ আৰু উৎসাহেৰে খেলপথাৰত ভৰি দিব সেই পৰিবেশ মই কল্পনা কৰিব পাৰোঁ। আমি ধনুৰ্বিদ, এথলেটিকছ, বেডমিন্টনৰ দৰে খেলৰ প্ৰতিযোগিতাসমূহৰ বাবে আগ্ৰহী যিয়ে আমাক আনন্দ দিব। খেল’ ইণ্ডিয়া ইয়ুথ গেমছত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হোৱা স্কোয়াছত আমি শক্তিৰ বাবে অপেক্ষা কৰি আছোঁ। আমি তামিলনাডুৰ প্ৰাচীন গৌৰৱ আৰু ঐতিহ্যক উন্নীত কৰিব পৰা খেল চিলাম্বামৰ শক্তিৰ আশা কৰিছোঁ। বিভিন্ন ৰাজ্য আৰু বিভিন্ন ক্ৰীড়াৰ খেলুৱৈসকলে এক উমৈহতীয়া সংকল্প, দায়বদ্ধতা আৰু মনোভাৱেৰে একত্ৰিত হ’ব। ক্ৰীড়াৰ প্ৰতি আপোনালোকৰ সমৰ্পণ, নিজৰ ওপৰত থকা আত্মবিশ্বাস, প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সাহস আৰু অসাধাৰণ প্ৰদৰ্শনৰ দৃঢ়তা সমগ্ৰ ৰাষ্ট্ৰখনে প্ৰত্যক্ষ কৰিব।

বন্ধুসকল,

তামিলনাডু মহাপুৰুষ তিৰুৱল্লুৱৰৰ পবিত্ৰ ভূমি। সন্ত তিৰুৱল্লুৱৰে যুৱক-যুৱতীসকলক এক নতুন দিশ প্ৰদান কৰি তেওঁৰ লেখাৰ জৰিয়তে তেওঁলোকক আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাইছিল। খেল’ ইণ্ডিয়া ইয়ুথ গেমছৰ ল’গ’তো আছে মহান তিৰুৱল্লুৱৰৰ ছবি। সন্ত তিৰুৱল্লুৱৰে লিখিছে, ‘আৰুমাই উদৈথথাথু এণ্ড্ৰু আছাৱমাই ভেণ্ডুম, পেৰুমাই মুয়াৰচি থাৰুম পাৰ্থথু’ অৰ্থাৎ প্ৰতিকূল পৰিস্থিতিতো আমি দুৰ্বল হ’ব নালাগে, অসুবিধাৰ পৰা পলাব নালাগে। আমি আমাৰ মনটোক শক্তিশালী কৰি লক্ষ্যত উপনীত হোৱা উচিত। এজন খেলুৱৈৰ বাবে এয়া এক ডাঙৰ প্ৰেৰণা। মই আনন্দিত যে এইবাৰ খেল’ ইণ্ডিয়া ইয়ুথ গেমছৰ শুভংকৰ বীৰাংগনা মংগাই ভেলু নাচিয়াৰ। বাস্তৱ জীৱনৰ ব্যক্তিত্বক শুভংকৰ হিচাপে বাছি লোৱাটো অভূতপূৰ্ব। বীৰাংগনা মংগাই ভেলু নাচিয়াৰ নাৰী শক্তিৰ প্ৰতীক। তেওঁৰ ব্যক্তিত্ব আজি বহু চৰকাৰী সিদ্ধান্তত প্ৰতিফলিত হৈছে। তেওঁৰ প্ৰেৰণাই চৰকাৰক ক্ৰীড়াত মহিলাক সবলীকৰণৰ দিশত নিৰন্তৰ কাম কৰিবলৈ বাধ্য কৰাইছে। খেল’ ইণ্ডিয়া অভিযানৰ অধীনত ২০ খন খেলত মহিলা লীগৰ আয়োজন কৰা হৈছে। এই পদক্ষেপত ৫০ হাজাৰৰো অধিক মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰে। ‘দুছ কা দম’ পদক্ষেপে ১ লাখৰো অধিক মহিলা খেলুৱৈকো নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰে।

 

বন্ধুসকল,

২০১৪ চনৰ পৰা হঠাতে আমাৰ খেলুৱৈসকলৰ প্ৰদৰ্শন ইমান উন্নত হৈছে তাক লৈ বহুতে আচৰিত হৈছে। আপুনি প্ৰত্যক্ষ কৰিছে যে ভাৰতে টকিঅ’ অলিম্পিক আৰু পেৰালিম্পিক গেমছত এতিয়ালৈকে সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াইছে। এছিয়ান গেমছ আৰু এছিয়ান পেৰা গেমছতো ইতিহাস সৃষ্টি কৰিছে ভাৰতে। ইউনিভাৰ্চিটি গেমছতো পদক লাভৰ নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে দেশে। এই ৰূপান্তৰ এৰাতিতে হোৱা নাছিল। খেলুৱৈসকলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠা সদায় আছিল। কিন্তু যোৱা ১০ বছৰত তেওঁলোকে নতুন আত্মবিশ্বাস লাভ কৰিছে আৰু প্ৰতিটো খোজতে চৰকাৰৰ সমৰ্থন ধাৰাবাহিক হৈ আছে। আগতে ক্ৰীড়াৰ অৱস্থা বেলেগ আছিল। যোৱা ১০ বছৰত চৰকাৰে সংস্কাৰৰ সূচনা কৰিলে, খেলুৱৈসকলে ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰিলে, সমগ্ৰ ক্ৰীড়া ব্যৱস্থাই ৰূপান্তৰিত হ’ল। আজি খেল’ ইণ্ডিয়া অভিযানৰ জৰিয়তে দেশৰ হাজাৰ-হাজাৰ খেলুৱৈয়ে প্ৰতিমাহে ৫০ হাজাৰতকৈ অধিক টকাৰ আৰ্থিক সাহায্য লাভ কৰে। ২০১৪ চনত আমি টপছ-TOPS (Target Olympic Podium Scheme) আৰম্ভ কৰিছিলো, যাৰ ফলত শীৰ্ষ খেলুৱৈসকলৰ প্ৰশিক্ষণ, আন্তঃৰাষ্ট্ৰীয় এক্সপ’জাৰ আৰু ডাঙৰ ক্ৰীড়া অনুষ্ঠানত অংশগ্ৰহণ নিশ্চিত কৰা হৈছিল। এতিয়া আমাৰ গুৰুত্ব ২০২৪ চনৰ পেৰিছ অলিম্পিক আৰু ২০২৮ চনত লছ এঞ্জেলছ অলিম্পিকৰ ওপৰত। টপছৰ অধীনত খেলুৱৈসকলক সকলো সম্ভাৱ্য সহায় আগবঢ়োৱা হৈছে।

 

বন্ধুসকল

আজি আমি যুৱক-যুৱতীসকল ক্ৰীড়ালৈ অহাৰ বাবে অপেক্ষা কৰা নাই; আমি ক্ৰীড়াক যুৱক-যুৱতীসকলৰ মাজলৈ লৈ গৈছোঁ!

বন্ধুসকল,

খেল’ ইণ্ডিয়াৰ দৰে অভিযানে গ্ৰাম্য, জনজাতীয় আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ যুৱক-যুৱতীসকলৰ বাবে সপোনক বাস্তৱত পৰিণত কৰিছে। আজি আমি যেতিয়া ‘ভকেল ফৰ লোকেল’ৰ কথা কওঁ, তেতিয়া ইয়াত ক্ৰীড়া প্ৰতিভাকো অন্তৰ্ভুক্ত কৰা হৈছে। আজি আমি উন্নত সা-সুবিধা আগবঢ়াইছোঁ আৰু খেলুৱৈসকলৰ বাবে স্থানীয় পৰ্যায়ত ভাল প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। ইয়াৰ ফলত তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় এক্সপ’জাৰ লাভ কৰে। বিগত ১০ বছৰত আমি ভাৰতত প্ৰথমবাৰৰ বাবে অসংখ্য আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আয়োজন কৰিছোঁ। কল্পনা কৰকচোন, আমাৰ ইমান বিশাল উপকূল আছে। কিন্তু এতিয়া প্ৰথমবাৰৰ বাবে আমি দ্বীপবোৰত বিচ গেমৰ আয়োজন কৰিছোঁ। এই খেলসমূহত আন ৮টা খেলৰ লগতে মল্লখম্বৰ দৰে পৰম্পৰাগত ভাৰতীয় ক্ৰীড়াসমূহো অন্তৰ্ভুক্ত কৰা হৈছিল। এই খেলসমূহত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১৬০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। ইয়াৰ দ্বাৰা ভাৰতত বিচ খেল আৰু ক্ৰীড়া পৰ্যটনৰ বাবে এক নতুন অধ্যায় মুকলি হৈছে, যিয়ে আমাৰ উপকূলীয় চহৰসমূহলৈ বহু সুবিধা কঢ়িয়াই আনিছে।

বন্ধুসকল,

আমাৰ যুৱ খেলুৱৈসকলক আন্তঃৰাষ্ট্ৰীয় পৰিচয় প্ৰদান কৰাৰ লগতে ভাৰতক বিশ্ব ক্ৰীড়া বাতাবৰণৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। গতিকে ২০২৯ চনত যুৱ অলিম্পিক আৰু ২০৩৬ চনত ভাৰতত অলিম্পিক গেমছ আয়োজন কৰাৰ বাবে আমি নিৰলসভাৱে কাম কৰি আছোঁ। আপোনালোক সকলোয়ে জানে যে ক্ৰীড়া কেৱল খেলপথাৰতে সীমাবদ্ধ নহয়। ক্ৰীড়া এক উল্লেখযোগ্য অৰ্থনীতি, যিয়ে যুৱক-যুৱতীসকলৰ বাবে অসংখ্য কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰে। আগন্তুক ৫ বছৰত ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ নিশ্চয়তা দিছোঁ। এই নিশ্চয়তাৰ ভিতৰত অৰ্থনীতিত ক্ৰীড়াৰ অংশগ্ৰহণ বৃদ্ধিও অন্তৰ্ভুক্ত আৰু আমি তাৰ দিশত প্ৰচেষ্টা চলাইছোঁ। সেয়ে আমিও বিগত ১০ বছৰ ধৰি ক্ৰীড়াৰ লগত জড়িত খণ্ডবোৰো বিকশিত কৰি আহিছোঁ।

আজি ক্ৰীড়া সম্পৰ্কীয় ক্ষেত্ৰত পেছাদাৰীসকলক প্ৰশিক্ষণ দিবলৈ দক্ষতা বিকাশৰ ওপৰত প্ৰবল গুৰুত্ব দিয়া হৈছে। আনহাতে, আমি ক্ৰীড়া সঁজুলি নিৰ্মাণ আৰু সেৱাৰ সৈতে জড়িত এক বাতাবৰণ গঢ়ি তুলিছোঁ। আমি ক্ৰীড়া বিজ্ঞান, উদ্ভাৱন, উৎপাদন, ক্ৰীড়া প্ৰশিক্ষণ, ক্ৰীড়া মনোবিজ্ঞান আৰু ক্ৰীড়া পুষ্টিৰ সৈতে জড়িত পেছাদাৰীসকলক এক মঞ্চ প্ৰদান কৰিছোঁ। ইমান দিনৰ আগতে দেশে প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় লাভ কৰিছিল। খেল’ ইণ্ডিয়া অভিযানৰ জৰিয়তে এতিয়া আমাৰ দেশজুৰি ৩০০ৰো অধিক প্ৰতিষ্ঠিত একাডেমী, হাজাৰৰো অধিক খেল’ ইণ্ডিয়া চেন্টাৰ আৰু ৩০টাতকৈও অধিক চেন্টাৰ অৱ এক্সেলেন্স আছে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত ক্ৰীড়াক মূল পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ফলত শৈশৱৰ পৰাই ক্ৰীড়াক কেৰিয়াৰ হিচাপে বাছনি কৰাৰ সজাগতা সৃষ্টি কৰা হৈছে।

বন্ধুসকল,

হিচাপ অনুসৰি অহা কেইবছৰমানৰ ভিতৰত ভাৰতৰ ক্ৰীড়া উদ্যোগ এক লাখ কোটি টকাৰ ওচৰ চাপিব। ইয়াৰ দ্বাৰা পোনপটীয়াকৈ আমাৰ দেশবাসী, যুৱক-যুৱতীসকল উপকৃত হ’ব। শেহতীয়া বছৰবোৰত ক্ৰীড়াৰ প্ৰতি সজাগতা বৃদ্ধিৰ ফলত সম্প্ৰচাৰ, ক্ৰীড়া সামগ্ৰী, ক্ৰীড়া পৰ্যটন, ক্ৰীড়া পোছাক আদি ব্যৱসায়ৰ দ্ৰুত বৃদ্ধি হৈছে। আমাৰ প্ৰচেষ্টা ভাৰতক ক্ৰীড়া সঁজুলি নিৰ্মাণৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ কৰি তোলা। বৰ্তমান আমি ৩০০ ধৰণৰ ক্ৰীড়া সঁজুলি নিৰ্মাণ কৰি আছোঁ। আমি দেশৰ বিভিন্ন প্ৰান্তত এই উদ্যোগৰ সৈতে জড়িত উৎপাদন ক্লাষ্টাৰ সৃষ্টি কৰাৰ লক্ষ্য ৰাখিছোঁ।

 

বন্ধুসকল,

খেল’ ইণ্ডিয়া অভিযানৰ অধীনত সমগ্ৰ দেশতে গঢ়ি তোলা ক্ৰীড়া আন্তঃগাঁথনি সংস্থাপনৰ এক উল্লেখযোগ্য উৎস হৈ পৰিছে। বিভিন্ন ক্ৰীড়াৰ সৈতে জড়িত বিভিন্ন ক্ৰীড়া লীগসমূহো দ্ৰুতগতিত বৃদ্ধি পাইছে, যাৰ ফলত শ শ নতুন চাকৰিৰ সুযোগৰ সৃষ্টি হৈছে। অৰ্থাৎ ক্ৰীড়া সম্পৰ্কীয় খণ্ডত কেৰিয়াৰ গঢ়াৰ আকাংক্ষা থকা বিদ্যালয়-মহাবিদ্যালয়ৰ আজিৰ যুৱক-যুৱতীসকলৰ উন্নত ভৱিষ্যত নিশ্চিত। এয়াও মোদীৰ নিশ্চয়তা।

 

বন্ধুসকল,

আজি ভাৰতে কেৱল ক্ৰীড়াতে নহয় প্ৰতিটো খণ্ডতে পাৰদৰ্শিতা দেখুৱাইছে। নতুন ভাৰতে পুৰণি অভিলেখ ভাঙি নতুন কৃতিত্ব অৰ্জন কৰিছে, নতুন মাইলৰ খুঁটি সৃষ্টি কৰিছে। আমাৰ যুৱক-যুৱতীসকলৰ শক্তিত, তেওঁলোকৰ জয়ৰ আগ্ৰহত বিশ্বাস কৰোঁ। আপোনালোকৰ অদম্য দৃঢ়তা আৰু মানসিক শক্তিৰ ওপৰত মোৰ বিশ্বাস আছে। অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰি সেই লক্ষ্যত উপনীত হোৱাৰ সামৰ্থ্য আজিৰ ভাৰতত আছে। কোনো অভিলেখ আমাৰ বাবে ভংগ কৰিবলৈ বৰ ডাঙৰ নহয়। এইবাৰ আমি নতুন অভিলেখ সৃষ্টি কৰিম, নিজৰ বাবে নতুন কাহিনী লিখিম আৰু বিশ্বত এক অমলিন চিন ৰাখিম। আপোনাসৱ আগবাঢ়িব লাগিব, কিয়নো আপোনালোকৰ লগত ভাৰতো আগবাঢ়িব। হাত মিলাওঁক, নিজৰ বাবে জয়ী হওঁক, আৰু দেশৰ বাবে জয়ী হওঁক। আকৌ এবাৰ সকলো খেলুৱৈলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

ধন্যবাদ।

মই খেল’ ইণ্ডিয়া ইয়ুথ গেমছ, ২০২৩ উদ্বোধন হোৱা বুলি ঘোষণা কৰিছোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Pyaaz Khaate Hai, Dimaag Nahi': PM Modi's Jhalmuri Video Breaks The Internet With 100M+ Views

Media Coverage

Pyaaz Khaate Hai, Dimaag Nahi': PM Modi's Jhalmuri Video Breaks The Internet With 100M+ Views
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives in a mishap at a cracker factory in Thrissur, Keralam
April 21, 2026
PM announces ex-gratia from PMNRF

The Prime Minister, Shri Narendra Modi has condoled the loss of lives due to a mishap at a cracker factory in Thrissur, Keralam. Shri Modi also wished speedy recovery for those injured in the mishap.

The Prime Minister announced an ex-gratia from PMNRF of Rs. 2 lakh to the next of kin of each deceased and Rs. 50,000 for those injured.

The Prime Minister posted on X:

“Saddened to hear about the loss of lives due to the mishap at a cracker factory in Thrissur, Keralam. My deepest condolences to those who have lost their loved ones. May the injured recover at the earliest: PM @narendramodi"

"The Prime Minister has announced that an ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000." 

"തൃശൂരിലെ പടക്ക നിർമാണശാലയിലുണ്ടായ അപകടത്തിൽ നിരവധി ജീവനുകൾ പൊലിഞ്ഞ വാർത്തയറിഞ്ഞതിൽ ദുഃഖമുണ്ട്. പ്രിയപ്പെട്ടവരെ നഷ്ടപ്പെട്ടവരുടെ വേദനയിൽ പങ്കുചേരുന്നു. പരിക്കേറ്റവർ എത്രയും വേഗം സുഖം പ്രാപിക്കട്ടെ: പ്രധാനമന്ത്രി

@narendramodi."

"മരിച്ച ഓരോ വ്യക്തിയുടെയും കുടുംബത്തിന് പ്രധാനമന്ത്രിയുടെ ദേശീയ ദുരിതാശ്വാസ നിധിയിൽ (PMNRF) നിന്ന് 2 ലക്ഷം രൂപ ധനസഹായം നൽകുമെന്ന് പ്രധാനമന്ത്രി അറിയിച്ചു. പരിക്കേറ്റവർക്ക് 50,000 രൂപ വീതം നൽകും."