বিশ্ব চিন্তামগ্ন সময়তে ভাৰতে আশাৰ সঞ্চাৰ কৰিছেঃ প্ৰধানমন্ত্ৰী
আজি ভাৰতে প্ৰতিটো খণ্ডতে, প্ৰতিটো ক্ষেত্ৰতে অভূতপূৰ্ব গতিৰে কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী
ভাৰত আজি এখন উন্নয়নশীল দেশ আৰু উদীয়মান শক্তি উভয়েঃ প্ৰধানমন্ত্ৰী
উচ্চ শিখৰত আৰোহণৰ সম্ভাৱনা থকা বিশ্বৰ অন্যতম দেশ ভাৰতঃ প্ৰধানমন্ত্ৰী
ভাৰত এতিয়া আগন্তুক চিন্তাৰে আগবাঢ়িছেঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ ১৪০ কোটি জনসাধাৰণে বিকশিত ভাৰতৰ সংকল্প গ্ৰহণ কৰিছেঃ প্ৰধানমন্ত্ৰী
ভাৰতে প্ৰযুক্তিৰ গণতান্ত্ৰিকৰণেৰে বিশ্বক ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ নতুন পথ দেখুৱাইছেঃ প্ৰধানমন্ত্ৰী
ভাৰতে ডিজিটেল উদ্ভাৱন আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধৰ সহাৱস্থানক প্ৰদৰ্শন কৰিছেঃ প্ৰধানমন্ত্ৰী
তেখেতে ভিন্ন খণ্ডৰ বিশ্ব নেতাসকলৰ উপস্থিতিৰ কথাও উল্লেখ কৰে, যিয়ে নিজ-নিজ মতামত আগবঢ়াব।
তেখেতে আলোকপাত কৰে যে ভাৰত বিশ্বৰ পৰিস্থিতি আৰু ইয়াৰ সন্মুখত থকা প্ৰত্যাহ্বানসমূহৰদ্বাৰা প্ৰভাৱিত হ’লেও ইয়াত ইতিবাচকতাৰ ভাৱ এটা আছে, যাক অনুভৱ কৰিব পাৰি।

এনডিটিভি ৱৰ্ল্ড ছামিটত উপস্থিত থকা সকলো মহানুভৱক মই অভিনন্দন জনাইছোঁ। এই সন্মিলনত আপোনালোকে বহু বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছে… বেলেগ বেলেগ খণ্ডৰ সৈতে জড়িত গ্লোবেল নেতাসকলেও নিজৰ মতামত দাঙি ধৰিব।

বন্ধুসকল,

আমি যোৱা ৪-৫ বছৰৰ সময়ছোৱালৈ যদি  চাওঁ... তেন্তে বেছিভাগ আলোচনাতে এটা কথা সাধাৰণ হৈ আহিছে... আৰু সেয়া হ'ল... চিন্তা... ভৱিষ্যতক লৈ চিন্তা... কৰোণাৰ সময়ত চিন্তা আছিল যে বিশ্বজনীন মহামাৰীৰ সৈতে কেনেদৰে মোকাবিলা কৰিম... কোভিড বৃদ্ধিৰ লগে লগে বিশ্বৰ অৰ্থনীতিক লৈ চিন্তা হ’বলৈ ধৰিলে... কৰোণাই মুদ্ৰাস্ফীতিৰ ওপৰত চিন্তা বঢ়ালে... কৰ্ম সংস্থানহীনতাৰ ওপৰত চিন্তা বাঢ়ায়... জলবায়ু পৰিৱৰ্তনক লৈ চিন্তা আছিলেই... আকৌ যি যুদ্ধ আৰম্ভ হ’ল, তাৰ বাবে চিন্তা আৰু বাঢ়ি গ'ল… গোলকীয় যোগান শৃংখল থানবান হোৱাৰ চিন্তা… নিৰীহ লোকৰ জীৱন হেৰোৱাৰ চিন্তা… এই উত্তেজনা, এই দুশ্চিন্তা, এই সংঘাত, এই সকলোবোৰ গ্লোবেল ছামিট আৰু আলোচনা চক্ৰৰ বিষয় হৈ পৰিল। আৰু আজি যেতিয়া আলোচনাৰ কেন্দ্ৰ চিন্তাই, সেই সময়ত ভাৰতত কেনেধৰণৰ চিন্তা-চৰ্চা চলি আছে...? কি যে বৃহৎ বৈপৰীত্য। ইয়াত আলোচনা হৈ আছে 'দ্য ইণ্ডিয়ান চেঞ্চুৰী'... ভাৰতৰ শতিকা, বিশ্বত বিৰাজমান অস্থিৰতাৰ মাজত, ভাৰত আশাৰ এক ৰশ্মি হৈ পৰিছে... যেতিয়া বিশ্ব চিন্তাত ডুবি আছে, তেতিয়া ভাৰতে আশাৰ সঞ্চাৰ কৰি আছে। আৰু এনে নহয় যে বিশ্বৰ পৰিস্থিতিক লৈ আমি প্ৰভাৱিত নহয়… আমি প্ৰভাৱিত হৈছোঁ… প্ৰত্যাহ্বান ভাৰতৰ সন্মুখতো আছে… কিন্তু ইয়াত ইতিবাচকতাৰ এটা ভাব আছে, যিটো আমি সকলোৱে অনুভৱ কৰি আছোঁ। আৰু সেয়ে… দ্য ইণ্ডিয়ান চেঞ্চুৰীৰ কথা হৈ আছে।

বন্ধুসকল,

আজি ভাৰতে প্ৰতিটো খণ্ডত, প্ৰতিটো ক্ষেত্ৰতে যি গতিৰে কাম কৰি আছে, সেয়া অভূতপূৰ্ব। ভাৰতৰ গতি, ভাৰতৰ স্কেল, অভূতপূৰ্ব। অলপতে আমাৰ চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰায় এশ পঁচিশ দিন সম্পূৰ্ণ হৈছে। মই আপোনালোকৰ লগত এশ পঁচিশ দিনৰ অভিজ্ঞতা শ্বেয়াৰ কৰিম। এশ পঁচিশ দিনত দুখীয়াৰ বাবে ৩ কোটি নতুন পকা ঘৰৰ অনুমোদন লাভ কৰিছে। এশ পঁচিশ দিনত আমি ৯ লাখ কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্পৰ কাম আৰম্ভ কৰিছোঁ। এশ পঁচিশ দিনত আমি ১৫খন নতুন বন্দে ভাৰত ৰে'ল চলাইছোঁ, ৮টা নতুন বিমানবন্দৰৰ কাম শুভাৰম্ভ হৈছে। এই এশ পঁচিশ দিনত আমি যুৱক-যুৱতীসকলৰ বাবে ২ লাখ কোটি টকাৰ পেকেজ দিছোঁ... আমি কৃষকৰ বেংক একাউণ্টলৈ ২১ হাজাৰ কোটি টকা পোনপটীয়াকৈ ট্ৰেন্সফাৰ কৰিছোঁ... আমি ৭০ বছৰৰ অধিক বয়সৰ জ্যেষ্ঠ লোকৰ বাবে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰিছোঁ। আপোনালোকে ভাৰতত চলি থকা কামৰ পৰিসৰ চাওক... এশ পঁচিশ দিনত ৫ লাখ ঘৰত ছাদৰ ওপৰত ছ’লাৰ প্লাণ্ট স্থাপন কৰা হৈছে। এজোপা গছ মাৰ নামত অভিযানৰ অধীনত ৯০ কোটিৰো অধিক গছপুলি ৰোপণ কৰা হৈছে। কেৱল এয়াই নহয়… এশ পঁচিশ দিনত আমি ১২টা নতুন ঔদ্যোগিক ন’ড অনুমোদন দিছোঁ। এশ পঁচিশ দিনত আমাৰ ছেন্সেক্স আৰু নিফটিত ৬ৰ পৰা ৭ শতাংশ বৃদ্ধি হৈছে। আমাৰ ফৰেক্সে ৬৫০ বিলিয়ন ডলাৰৰ পৰা বাঢ়ি ৭০০ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে। ভাৰতৰ সাফল্যৰ এই তালিকাখন বহুত দীঘলীয়া। আৰু মই মাত্ৰ এশ পঁচিশ দিনৰ কথাহে কৈছোঁ। আপোনালোকে এইটোও মন কৰিব লাগিব যে এই এশ পঁচিশ দিনত বিশ্বই… ভাৰতলৈ কোনবোৰ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ আহিল? এশ পঁচিশ দিনত ভাৰতত কোনবোৰ গ্লোবেল ইভেণ্ট হ’ল? ভাৰতত টেলিকম আৰু ডিজিটেল ভৱিষ্যতৰ ওপৰত আলোচনা কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সভা হ’ল… ভাৰতত গ্লোবেল ফিনটেক উৎসৱ হ’ল… ভাৰতত গ্লোবেল অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰৰ ওপৰত আলোচনা হ’ল… নবীকৰণযোগ্য শক্তি আৰু অসামৰিক বিমান পৰিবহণৰ ভৱিষ্যতৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলন ভাৰতত অনুষ্ঠিত হ’ল৷

 

বন্ধুসকল,

এয়া কেৱল অনুষ্ঠানৰ তালিকা নহয়। এয়া ভাৰতৰ সৈতে জড়িত আশাৰো তালিকা। ইয়াৰ পৰাই ভাৰতৰ দিশ আৰু বিশ্বৰ আশা দুয়োটা বুজা যায়। এইবোৰ সেই বিষয়, যিয়ে আগন্তুক সময়ত বিশ্বৰ ভৱিষ্যৎ নিৰ্ণয় কৰিব… আৰু এই বিষয়বোৰৰ ওপৰত আলোচনা কৰিবলৈ… আজি বিশ্ব ভাৰতলৈ আহি আছে।

বন্ধুসকল,

আজি ভাৰতত ইমানবোৰ ঘটি আছে... আমাৰ তৃতীয় কাৰ্যকালত ভাৰতে যি গতি লাভ কৰিছে... সেয়া দেখি বহু ৰেটিং এজেন্সীয়ে ভাৰতৰ বৃদ্ধিৰ পূৰ্বাভাস আৰু বঢ়াই দিছে। ইয়াত যি ভাৰতক আটাইতকৈ বেছি ভালপায়, তেনে মিষ্টাৰ মাৰ্ক মবিয়াছৰ দৰে বিশেষজ্ঞ ইয়াত উপস্থিত আছে... তেওঁ যিদৰে ভাৰতত হ’বলগীয়া বিনিয়োগক লৈ উৎসাহী, সেয়া অতি গুৰুত্বপূৰ্ণ। যেতিয়া তেওঁ গ্লোবেল ফাণ্ডক কয় যে নিজৰ কমেও পঞ্চাশ শতাংশ ফাণ্ড, ভাৰতৰ শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰক... তেতিয়া ইয়াৰ এটা ডাঙৰ অৰ্থ আছে, এটা অতি ডাঙৰ বাৰ্তা।

বন্ধুসকল,

ভাৰত আজি এখন উন্নয়নশীল দেশো আৰু উদীয়মান শক্তিও। আমি দৰিদ্ৰতাৰ প্ৰত্যাহ্বানসমূহো বুজোঁ আৰু প্ৰগতিৰ বাট মুকলি কৰিবও জানো। আমাৰ চৰকাৰে দ্ৰুতগতিত নীতি নিৰ্ধাৰণ কৰি আছে, সিদ্ধান্ত লৈ আছে… নতুন সংস্কাৰ কৰি আছে। অৱশ্যে ৰাজহুৱা জীৱনত বহুবাৰ মই বিভিন্ন ধৰণৰ মানুহ লগ পাওঁ… কিছুমানে কয়, মোদী জীয়ে একেৰাহে তিনিবাৰ চৰকাৰ গঠন কৰিলে… ইমানবোৰ কাম কৰিলেই… তাৰ পিছতো ইমান লৰা-ঢাপৰা কিয় কৰি থাকে, কি প্ৰয়োজন? বিশ্বৰ ৫ম বৃহৎ অৰ্থনীতি হৈ পৰিল… ইমানবোৰ মাইলৰ খুঁটি আছে… ইমানবোৰ বাকী থকা সিদ্ধান্ত আপুনি লৈ ল’লে… ইমানবোৰ সংস্কাৰ কৰিলে… এতিয়া কি প্ৰয়োজন ইমান কঠোৰ পৰিশ্ৰমৰ? এনেকৈ কোৱা বহুত মানুহ মই লগ পাওঁ। কিন্তু যিবোৰ সপোন আমি দেখিছোঁ, যি সংকল্প লৈ আমি আগবাঢ়িছোঁ, তাত না বিৰাম আছে, না আৰাম আছে।

যোৱা ১০ বছৰত ২৫ কোটি মানুহ দৰিদ্ৰতাৰ পৰা ওলাই আহিছে… এয়াই যথেষ্ট নেকি… নহয় নেকি? যোৱা ১০ বছৰত প্ৰায় ১২ কোটি শৌচাগাৰ নিৰ্মাণ কৰা হৈছে… ১৬ কোটি লোকে গেছ সংযোগ লাভ কৰিছে… এয়াই যথেষ্ট নহয়নে। যোৱা ১০ বছৰত ভাৰতত ৩৫০খনতকৈও অধিক চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ হৈছে... ১৫খনতকৈও অধিক এইমছ নিৰ্মাণ কৰা হৈছে... এয়াই যথেষ্ট নহয়নে। বিগত ১০ বছৰত ভাৰতত ১.৫ লাখৰো অধিক নতুন ষ্টাৰ্ট-আপ গঠন হৈছে... ৮ কোটি যুৱকে মুদ্ৰা ঋণ লৈ প্ৰথমবাৰৰ বাবে নিজাকৈ কাম আৰম্ভ কৰিছে। আৰু প্ৰশ্ন হয়, ভোক আছে নেকি? সেয়া যথেষ্ট নহয় নেকি, মোৰ উত্তৰ হ’ল… নাই, যথেষ্ট নহয়। আজি ভাৰত বিশ্বৰ অন্যতম কম বয়সীয়া দেশ। এই যুৱ দেশৰ সম্ভাৱনাই… আমাক আকাশৰ উচ্চতালৈ লৈ যাব পাৰে। আৰু ইয়াৰ বাবে আমি এতিয়াও বহুত কৰিব লাগিব… অতি দ্ৰুতভাৱে কৰিব লাগিব।

 

বন্ধুসকল,

আজি ভাৰতৰ চিন্তা-চৰ্চা আৰু দৃষ্টিভংগীত যি পৰিবৰ্তন হৈছে সেয়া আপোনালোকেও নিশ্চয় লক্ষ্য কৰি আছে। সাধাৰণতে ই এটা পৰম্পৰা হৈ আহিছে আৰু ই স্বাভাৱিক, মই ইয়াক ভুল বুলি নাভাবোঁ। প্ৰতিখন চৰকাৰে পূৰ্বৰ চৰকাৰৰ কাম-কাজৰ তুলনা কৰে। আৰু সেইটো এটা মাপকাঠী যে আগতে কি আছিল, এতিয়া কি হৈছে, আগতে কিমান আছিল, এতিয়া কিমান হৈছে। আৰু ইয়াৰ দ্বাৰা সন্তুষ্টিও পোৱা যায় যে আমি পূৰ্বৰ চৰকাৰতকৈ ভাল কাম কৰিছোঁ। সৰ্বাধিক যোৱা ১০-১৫ বছৰৰ লগত তুলনা কৰে… তেতিয়া আৰু এতিয়াৰ মাজত পাৰ্থক্য কি, আৰু এইটোক নিজৰ কৃতিত্ব বুলি গণ্য কৰে। আমিও এসময়ত এই বাটেৰে গৈছিলোঁ, ই অতি স্বাভাৱিক আছিল। কিন্তু এতিয়া আমি সেই পথটোও ভাল পোৱা নাই। এতিয়া আমি পাৰ হৈ যোৱা কালি আৰু আজিৰ তুলনা কৰি সান্ত্বনা লোৱা মানুহ নহয়। এতিয়া সফলতাৰ মাপকাঠী কেৱল এয়াই নহয় যে আমি কি পালোঁ... এতিয়া আমাৰ ভৱিষ্যতৰ লক্ষ্য হৈছে আমি ক’ত উপনীত হ’ব লাগিব। আমি সেই দিশলৈ চাই আছোঁ। এতিয়া কলৈকে আহিলোঁ, কিমান বাকী আছে, কেতিয়া তাত গৈ উপনীত হ’ম… অৰ্থাৎ এক নতুন পন্থা গ্ৰহণ কৰি মই সমগ্ৰ চৰকাৰী যন্ত্ৰৰ সৈতে কাম কৰি আছোঁ।

এতিয়া ভাৰত আগলৈ চোৱা চিন্তাৰে আগবাঢ়িছে। ২০৪৭ চনৰ ভিতৰত এখন বিকশিত ভাৰতৰ সংকল্পয়ো এই চিন্তাধাৰাকে প্ৰতিফলিত কৰিছে... এতিয়া আমি দেখোঁ যে বিকশিত ভাৰতৰ যি আমাৰ সংকল্প, তাৰ সিদ্ধিৰ বাবে আমি ইয়াত ক’ত আহি পাইছোঁ। আমি আৰু কিমান কৰিব লাগিব। আমি কিমান গতি আৰু পৰিসৰৰ কাম কৰিব লাগিব। আৰু এনে নহয় যে এয়া চৰকাৰে নিৰ্ধাৰণ কৰি দিলে আৰু লক্ষ্য নিৰূপণ হৈ গ’ল… বিকশিত ভাৰতৰ সংকল্পৰ সৈতে আজি ভাৰতৰ ১৪০ কোটি জনসাধাৰণ সংযুক্ত হৈ পৰিছে, তেওঁলোকে নিজেই ইয়াক চলাই আছে। এয়া কেৱল জনসাধাৰণৰ অংশগ্ৰহণৰ অভিযানেই নহয়, বৰং ভাৰতৰ আত্মবিশ্বাসৰ আন্দোলনত পৰিণত হৈছে। আপোনালোক আচৰিত হ’ব… যেতিয়া চৰকাৰে বিকশিত ভাৰতৰ ভিজন ডকুমেণ্টৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰিছিল তেতিয়া লাখ লাখ লোকে নিজৰ পৰামৰ্শ প্ৰেৰণ কৰিছিল। বিদ্যালয়-মহাবিদ্যালয়-বিশ্ববিদ্যালয়ত বিতৰ্ক হ’ল, আলোচনা হ’ল… চৰকাৰ আৰু সামাজিক সংগঠনে বিতৰ্ক কৰিলে। জনসাধাৰণৰ পৰা পোৱা পৰামৰ্শৰ ভিত্তিত ভাৰতে পৰৱৰ্তী ২৫ বছৰৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে। বিকশিত ভাৰতৰ ওপৰত আলোচনা আজি আমাৰ চেতনাৰ অংশ হৈ পৰিছে। মই ভাবোঁ যে এয়া জনশক্তিৰ জৰিয়তে ৰাষ্ট্ৰশক্তি গঢ়ি তোলাৰ আটাইতকৈ ডাঙৰ উদাহৰণ।

বন্ধুসকল,

আজি ভাৰতৰ আন এটা সুবিধা আছে, যিটো এই শতিকাক ভাৰতৰ শতিকা হিচাপে গঢ়ি তুলিবলৈ অতি গুৰুত্বপূৰ্ণ। আপোনালোক সকলোৱে জানে যে এয়া এআইৰ যুগ। বিশ্বৰ বৰ্তমান আৰু ভৱিষ্যৎ এআইৰ সৈতে সংযুক্ত। কিন্তু ভাৰতত ডাবল এআই শক্তিৰ সুবিধা আছে। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন হ'ব যে পৃথিৱীত মাত্ৰ এটা AI আছে, মোদীয়ে এই ডাবল AI কেনেকৈ পালে। পৃথিৱীৰ দৃষ্টিত এআই এটাই আছে, সেয়া হ’ল Artificial Intelligence, কিন্তু সেইটো আমাৰ হাতত ইতিমধ্যে আছেই, আনটো AI হ’ল Aspirational India। আকাংক্ষিত ভাৰত আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ শক্তি যেতিয়া একত্ৰিত হয়, তেতিয়া বিকাশৰ গতিও বৃদ্ধি হোৱাটো স্বাভাৱিক।

বন্ধুসকল,

আমাৰ বাবে এআই কেৱল প্ৰযুক্তি নহয়, ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে ই এক নতুন সুযোগৰ দুৱাৰ। এইবাৰ ভাৰতে আৰম্ভ কৰিছে ইণ্ডিয়া এআই মিছন। স্বাস্থ্যসেৱা হওক… শিক্ষা হওক… ষ্টাৰ্টআপ হওক… ভাৰতত প্ৰতিটো খণ্ডতে এআইৰ ব্যৱহাৰ বৃদ্ধি পাইছে। আমিও বিশ্ববাসীক উন্নত এআই সমাধান প্ৰদান কৰাত ব্যস্ত। ভাৰতে কোৱাড পৰ্যায়তো বহু উদ্যোগ লৈছে। দ্বিতীয় এআইৰ প্ৰতিও ভাৰত সমানেই গুৰুত্বপূৰ্ণ... অৰ্থাৎ আকাংক্ষিত ভাৰত। ভাৰতৰ মধ্যবিত্ত শ্ৰেণী… ভাৰতৰ সাধাৰণ মানুহ… তেওঁলোকৰ জীৱন-যাপনৰ সহজতা… তেওঁলোকৰ জীৱনৰ মানদণ্ড… ভাৰতৰ ক্ষুদ্ৰ উদ্যোগী… MSME's… ভাৰতৰ যুৱক-যুৱতী… ভাৰতৰ মহিলা… আমি সকলোৰে আকাংক্ষা বিবেচনা কৰি... নীতি প্ৰস্তুত কৰি আছোঁ… সিদ্ধান্ত গ্ৰহণ কৰি আছোঁ।

 

বন্ধুসকল,

আকাংক্ষিত ভাৰতৰ এটা উদাহৰণ… ভাৰতত কানেক্টিভিটিক লৈ চলি থকা চমকপ্ৰদ কাম। আমি ফাষ্ট ফিজিকেল কানেক্টিভিটি আৰু ইনক্লুছিভ কানেক্টিভিটিৰ ওপৰত বহুত গুৰুত্ব দিছোঁ। এয়া উন্নয়নৰ আকাংক্ষা থকা সমাজ এখনৰ বাবে অতি গুৰুত্বপূৰ্ণ। ভাৰতৰ বাবে তো এয়া আৰু অধিক গুৰুত্বপূৰ্ণ। ইমান বৃহৎ দেশ, ইমান বৈচিত্ৰময় ভূগোলৰ সৈতে ভাৰতৰ সম্ভাৱনাক সঁচা অৰ্থত উপলব্ধি কৰিবলৈ দ্ৰুতগতিত সংযোগ স্থাপন কৰাটো প্ৰয়োজনীয় আছিল। সেইবাবেই আমি বিমান যাত্ৰাতো বিশেষ গুৰুত্ব দিলোঁ। মোৰ মনত আছে যে যেতিয়া মই প্ৰথমবাৰৰ বাবে কৈছিলোঁ যে মই হাৱাই চপ্পল পিন্ধা মানুহক হাৱাই যাত্ৰা কৰাব বিচাৰোঁ... তেতিয়া এটা স্বাভাৱিক প্ৰতিক্ৰিয়া আছিল যে ভাৰতত এইটো কেনেকৈ সম্ভৱ। কিন্তু আমি আগবাঢ়িলোঁ আৰু উড়ান যোজনা আৰম্ভ কৰিলোঁ। আজি উড়ানৰ ৮ বছৰ সম্পূৰ্ণ হ'ল। উড়ানৰ অধীনত আমি দুটা স্তম্ভৰ কাম কৰিছিলোঁ। প্ৰথমতে, টিয়েৰ-২ আৰু টিয়েৰ-৩ চহৰত বিমানবন্দৰৰ নতুন নেটৱৰ্ক সৃষ্টি কৰিলোঁ। আৰু দ্বিতীয়তে, বিমান যাত্ৰা সুলভ আৰু সকলোৰে হাতৰ মুঠিত কৰিলোঁ। উড়ান যোজনাৰ অধীনত প্ৰায় ৩ লাখ বিমানে উৰণ সম্পন্ন কৰিছে... এইবোৰত ১.৫ কোটি সাধাৰণ নাগৰিকে যাত্ৰা কৰিছে। আজি ৬০০ৰো অধিক পথ উড়ানৰ অধীনত আৰু ইয়াৰে বেছিভাগেই সৰু চহৰসমূহক সংযোগ কৰে। ২০১৪ চনত দেশত ৭০টাৰ আশে-পাশে বিমানবন্দৰ আছিল। আজি দেশত বিমানবন্দৰৰ সংখ্যাই ১৫০ অতিক্ৰম কৰিলে। UDAN আঁচনিয়ে দেখুৱাইছে যে কেনেকৈ সমাজৰ আকাংক্ষাই বিকাশক গতি দিয়ে।

বন্ধুসকল,

মই আপোনালোকক যুৱক-যুৱতীৰ সৈতে জড়িত কিছু উদাহৰণ দিওঁ। আমি ভাৰতৰ যুৱক-যুৱতীক এনে এক শক্তি কৰি তোলাত লাগি আছোঁ যি সমগ্ৰ বিশ্বৰ বৃদ্ধিক চলাব পাৰে। আৰু সেয়ে, শিক্ষা, দক্ষতা বিকাশ, গৱেষণা… নিয়োগৰ ওপৰত আমাৰ অধিক গুৰুত্ব। যোৱা ১০ বছৰত আমি এই ক্ষেত্ৰসমূহত যি কাম কৰিছোঁ তাৰ ফল লাভ কৰিবলৈ আৰম্ভ হৈছে। মাত্ৰ কেইদিনমানৰ আগতে টাইমছৰ উচ্চ শিক্ষাৰ ৰেংকিং ওলাইছে... ভাৰত বিশ্বৰ সেইখন দেশ য’ত গৱেষণাৰ মানদণ্ডৰ ক্ষেত্ৰত সৰ্বাধিক উন্নতি হৈছে। যোৱা ৮-৯ বছৰত ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ অংশগ্ৰহণ ৩০ৰ পৰা বাঢ়ি ১০০ৰো অধিক হৈছে। QS বিশ্ব বিশ্ববিদ্যালয়ৰ ৰেংকিঙতো ভাৰতৰ উপস্থিতি ১০ বছৰত ৩০০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে। আজি পেটেণ্ট আৰু ট্ৰেডমাৰ্কৰ সংখ্যা সৰ্বকালৰ উচ্চতম স্তৰত উপনীত হৈছে। আজি ভাৰত বিশ্বৰ বাবে অনুসন্ধান আৰু বিকাশৰ এক ডাঙৰ কেন্দ্ৰ হৈ পৰিছে। বিশ্বৰ প্ৰায় আঢ়ৈ হাজাৰ কোম্পানীৰ গৱেষণা কেন্দ্ৰ ভাৰতত আছে। ভাৰতত ষ্টাৰ্টআপ ইক’ছিষ্টেমটোও অভূতপূৰ্বভাৱে সম্প্ৰসাৰিত হৈছে।

বন্ধুসকল,

ভাৰতত ঘটি থকা এই সৰ্বাংগীন পৰিৱৰ্তনসমূহ বিশ্বৰ বাবেও আত্মবিশ্বাসৰ ভিত্তি হৈ পৰিছে। আজি বহু বিষয়ত ভাৰতে বিশ্বৰ ভৱিষ্যতক দিশ দিয়াৰ ক্ষেত্ৰত আগভাগ লৈছে। বিশ্বই অনুভৱ কৰে যে ভাৰত সংকটৰ সময়ত অংশীদাৰ। আপোনালোকে কোভিডৰ সেই সময়ছোৱা মনত পেলাওক… অত্যাৱশ্যকীয় ঔষধ আৰু অত্যাৱশ্যকীয় ভেকচিনৰ বাবে আমাৰ যি ক্ষমতা আছিল তাৰ পৰা আমি কোটি কোটি টকা উপাৰ্জন কৰিব পাৰিলোহেঁতেন। তাৰ পৰা ভাৰতে লাভৱান হ’লহেঁতেন কিন্তু মানৱতাই হাৰ মানিলে হেঁতেন৷ এইবোৰ আমাৰ সংস্কাৰ নহয়। সংকটৰ সময়ত আমি বিশ্বৰ শ শ দেশলৈ ঔষধ আৰু জীৱন ৰক্ষাকাৰী ভেকচিন যোগান ধৰিলোঁ। মই আনন্দিত যে ভাৰতে কঠিন সময়ত বিশ্বক সহায় কৰিবলৈ সক্ষম হৈছিল।

 

বন্ধুসকল,

ভাৰতে টেকৈন ফৰ গ্ৰাণ্টেড সম্পৰ্ক গঢ়ি নোতোলে… আমাৰ সম্পৰ্কৰ ভেটি বিশ্বাস আৰু বিশ্বাসযোগ্যতাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে। আৰু এই কথা পৃথিৱীয়েও বুজি পাইছে। ভাৰত এনে এখন দেশ যাৰ প্ৰগতিয়ে বিশ্ববাসীৰ আনন্দৰ ভাব কঢ়িয়াই আনে। ভাৰত সফল হয়, পৃথিৱীৰ ভাল লাগে। এতিয়া চন্দ্ৰযানৰ ঘটনাটো চাওক, সমগ্ৰ বিশ্বই ইয়াক উৎসৱ হিচাপে পালন কৰিছিল। ভাৰত যেতিয়া আগবাঢ়ি যায় তেতিয়া ঈৰ্ষা আৰু পৰশ্ৰীকাতৰতাৰ অনুভূতিৰ সৃষ্টি নহয়। আমাৰ প্ৰগতিৰ বাবে পৃথিৱী সুখী। কাৰণ ভাৰতৰ প্ৰগতিৰ দ্বাৰা সমগ্ৰ বিশ্বই লাভৱান হ'ব। আমি সকলোৱে জানো যে পূৰ্বতে ভাৰত কেনেকৈ বিশ্বৰ বৃদ্ধিৰ বাবে এক ইতিবাচক শক্তি আছিল। ভাৰতৰ ধাৰণা, ভাৰতৰ উদ্ভাৱন, ভাৰতৰ সামগ্ৰীয়ে কেনেকৈ যুগ যুগ ধৰি বিশ্বত নিজৰ প্ৰভাৱ পেলাইছিল। কিন্তু সময় সলনি হ’ল, ভাৰতে দাসত্বৰ দীৰ্ঘ সময় দেখিলে আৰু আমি পিছপৰি থাকিবলৈ ধৰিলোঁ। ঔদ্যোগিক বিপ্লৱৰ সময়তো ভাৰত দাস আছিল। দাসত্বৰ বাবে আমি ঔদ্যোগিক বিপ্লৱৰ সুবিধা ল’ব পৰা নাছিলোঁ। ভাৰতৰ হাতৰ পৰা সেই সময় পাৰ হৈ গ'ল… কিন্তু এতিয়া আজি ভাৰতৰ সময়। এয়া Industry 4.Oৰ যুগ। ভাৰত এতিয়া দাস নহয়, আমি স্বাধীনতা পোৱাৰ ৭৫ বছৰ হ'ল। আৰু সেইবাবেই এতিয়া আমি কঁকালত টঙালি বান্ধি সাজু হৈছোঁ।

বন্ধুসকল,

ভাৰতে Industry 4.O ৰ বাবে প্ৰয়োজনীয় দক্ষতা আৰু আন্তঃগাঁথনিৰ ওপৰত অতি দ্ৰুত কাম কৰি আছে। যোৱা দশকত বহুতো গ্লোবেল প্লেটফৰ্মৰ সৈতে জড়িত হোৱাৰ সুযোগ পাইছোঁ। মই সমগ্ৰ বিশ্বতে জি-২০ আৰু জি-৭ সন্মিলনৰ অংশ হৈ আছোঁ। মাত্ৰ ১০ দিন আগতে মই আছিয়ান সন্মিলনৰ বাবে লাওছত আছিলোঁ... আপোনালোকে জানি ভাল পাব যে ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ বিষয়ে প্ৰায় প্ৰতিটো শীৰ্ষ সন্মিলনত বহুত আলোচনা হয়। আজি সমগ্ৰ বিশ্বৰ চকু ভাৰতৰ ডি পি আইৰ ওপৰত। ইয়াত বহি আছে আমাৰ বন্ধু, ভাৰতৰ এজন প্ৰশংসক মিষ্টাৰ পল ৰ’মাৰ। আগতেও তেওঁৰ সৈতে বহু ধাৰণা বিতংভাৱে আলোচনা কৰাৰ সুযোগ পাইছোঁ, মই তেওঁৰ সৈতে বহু আলোচনা কৰিছোঁ। মই আমেৰিকাতো তেওঁক লগ পাইছিলোঁ। আমাৰ আলোচনাৰ সময়ত পলে ভাৰতৰ ডিজিটেল আন্তঃগাঁথনি আৰু আধাৰ আৰু ডিজিলকাৰৰ দৰে উদ্ভাৱনক প্ৰশংসা কৰে। ঠিক তেনেদৰে ডাঙৰ ডাঙৰ শীৰ্ষ সন্মিলনত মানুহে প্ৰশ্ন কৰে যে ভাৰতে ইমান আচৰিত ডিপিআই কেনেকৈ গঢ়ি তুলিছে?

বন্ধুসকল,

ইণ্টাৰনেটৰ যুগত ভাৰতৰ ফাৰ্ষ্ট মুভাৰ এডভান্টেজ নাছিল। যিবোৰ দেশত তেওঁলোকৰ এই সুবিধা আছিল, সেইবোৰ দেশত ব্যক্তিগত মঞ্চ আৰু ব্যক্তিগত উদ্ভাৱনে ডিজিটেল স্থানৰ নেতৃত্ব দিছিল। ইয়াৰ দ্বাৰা নিশ্চিতভাৱে পৃথিৱীত এক নতুন বিপ্লৱৰ সৃষ্টি হ’ল। কিন্তু ইয়াৰ সুবিধাৰ পৰিসৰ সীমিত আছিল। আনহাতে ভাৰতে বিশ্বক নতুন মডেল দিছে। ভাৰতে প্ৰযুক্তিৰ গণতান্ত্ৰিক কৰি বিশ্বক ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ এক নতুন পথ দেখুৱাইছে। আজি ভাৰতত চৰকাৰে এটা মঞ্চ সৃষ্টি কৰে আৰু তাৰ ওপৰত লাখ লাখ নতুন উদ্ভাৱন ঘটে। আমাৰ জন ধন আধাৰ আৰু মোবাইলৰ জেম সংযোগ দ্ৰুত আৰু লিকেজ মুক্ত সেৱা প্ৰদানৰ বাবে এক উৎকৃষ্ট ব্যৱস্থাত পৰিণত হৈছে। আপোনালোকে আমাৰ UPI চাওক… এইটোৰ ওপৰত ভাৰতত fintech ৰ নতুন সম্প্ৰসাৰণ ঘটিছে। ইউপিআইৰ বাবেই আজি প্ৰতিদিনে ৫০ কোটিতকৈও অধিক ডিজিটেল লেনদেন হৈ আছে। আৰু এইটো কৰ্পৰেটসকলে নহয়, আমাৰ সৰু সৰু দোকানী আৰু ৰাজপথৰ বিক্ৰেতাসকলেহে চলাইছে। আমাৰ পিএম গতিশক্তি মঞ্চ আন এক উদাহৰণ। আন্তঃগাঁথনি প্ৰকল্প নিৰ্মাণত থকা চাইল’বোৰ আঁতৰাবলৈ আমি পিএম গতিশক্তি সৃষ্টি কৰিলোঁ। আজি ই আমাৰ লজিষ্টিক পৰিৱেশ তন্ত্ৰক ৰূপান্তৰিত কৰাত সহায় কৰিছে। আমাৰ অ’এনডিচি প্লেটফৰ্মটো এনেকুৱাই। এইটো এনে এক উদ্ভাৱন বুলি প্ৰমাণিত হৈছে যিয়ে অনলাইন খুচুৰা বিক্ৰীক অধিক গণতান্ত্ৰিক আৰু অধিক স্বচ্ছ কৰি তুলিব। ভাৰতে দেখুৱাইছে যে ডিজিটেল উদ্ভাৱন আৰু গণতান্ত্ৰিক মূল্যবোধৰ সহ-অস্তিত্ব থাকিব পাৰে। ভাৰতে দেখুৱাইছে যে প্ৰযুক্তি নিয়ন্ত্ৰণ আৰু বিভাজনৰ নহয়, অন্তৰ্ভুক্তি, স্বচ্ছতা আৰু সৱলীকৰণৰ আহিলা।

 

বন্ধুসকল,

একবিংশ শতিকাৰ এই সময়খিনি মানৱ ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। এনে পৰিস্থিতিত আজিৰ যুগৰ অতি প্ৰয়োজন… স্থিৰতা, বহনক্ষমতা আৰু সমাধান… এইবোৰেই হৈছে মানৱতাৰ উন্নত ভৱিষ্যতৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ চৰ্ত। আৰু ভাৰতে আজি ইয়াকে প্ৰয়াস কৰি আছে। ইয়াত ভাৰতৰ জনসাধাৰণৰ একনিষ্ঠ সমৰ্থন আছে। ৬ দশকৰ পিছত প্ৰথমবাৰৰ বাবে দেশৰ জনসাধাৰণে একেৰাহে তৃতীয়বাৰৰ বাবে এখন চৰকাৰক নিজৰ জনাদেশ প্ৰদান কৰিছে। এই বাৰ্তাটো স্থিৰতাৰ। অলপতে হাৰিয়ানাত নিৰ্বাচন অনুষ্ঠিত হৈছে। এই নিৰ্বাচনসমূহতো ভাৰতৰ জনসাধাৰণে স্থিতিশীলতাৰ এই অনুভৱক আৰু অধিক শক্তিশালী কৰি তুলিছে।

বন্ধুসকল,

জলবায়ু পৰিৱৰ্তনৰ সংকট আজি সমগ্ৰ মানৱতাৰ সংকটত পৰিণত হৈছে। এই ক্ষেত্ৰতো ভাৰতে আগভাগ ল’বলৈ চেষ্টা কৰিছে। বিশ্ব জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত আমাৰ অৱদান নগণ্য। তথাপিও ভাৰতত আমি সেউজ পৰিৱৰ্তনক আমাৰ বৃদ্ধিৰ ইন্ধন হিচাপে গঢ়ি তুলিছোঁ। আজি আমাৰ উন্নয়ন পৰিকল্পনাৰ মূলতে বহনক্ষমতা। আপোনালোকে আমাৰ পিএম সূৰ্য ঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনিখন চাওক… পথাৰত সৌৰ পাম্প স্থাপনৰ আঁচনিখন চাওক… আমাৰ ইভি বিপ্লৱ হওক, বা ইথানল মিশ্ৰণ কাৰ্যসূচী হওক… ডাঙৰ ডাঙৰ বতাহ শক্তি পাম হওক, বা এলইডি লাইট মুভমেণ্ট হওক… সৌৰ চালিত বিমানবন্দৰ বা বায়'গেছ প্লাণ্টত গুৰুত্ব হওক… আপোনালোকে আমাৰ যিকোনো কাৰ্যক্ৰম বা যিকোনো আঁচনি চাওক… সকলোতে সেউজ ভৱিষ্যতক লৈ, সেউজ চাকৰিক লৈ এটা শক্তিশালী দায়বদ্ধতাই বিচাৰি পাব।

 

বন্ধুসকল,

স্থিৰতা আৰু বহনক্ষমতাৰ সমান্তৰালকৈ ভাৰতে আজি সমাধানৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। যোৱা দশকত ভাৰতে এনে বহু সমাধানৰ ওপৰত কাম কৰিছে, যিবোৰ বিশ্বজনীন প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰয়োজনীয়। আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা হওক… দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁট হওক… ভাৰত মধ্যপ্ৰাচ্য অৰ্থনৈতিক কৰিডৰ হওক… গ্লোবেল বায়'ফুৱেল মিত্ৰতা হওক… যোগ হওক… আয়ুৰ্বেদ হওক… মিছন লাইফ হওক, মিছন মিলেটছ হওক, ভাৰতৰ ফালৰ পৰা লোৱা সকলো পদক্ষেপ বিশ্বৰ প্ৰত্যাহ্বানসমূহৰ সমাধান দিব পৰা।

বন্ধুসকল,

মই সুখী যে ভাৰতৰ ক্ৰমবৰ্ধমান সামৰ্থ্যই বিশ্বৰ উন্নতি সুনিশ্চিত কৰিছে। ভাৰত যিমানেই আগবাঢ়িব সিমানেই বিশ্ব লাভৱান হ’ব। আমাৰ প্ৰয়াস হ’ব ভাৰতৰ শতিকাক কেৱল ভাৰতৰ বাবেই নহয়, বৰঞ্চ সমগ্ৰ মানৱ জাতিৰ বাবে বিজয়ৰ শতিকা হিচাপে গঢ়ি তোলা। এটা এনেকুৱা শতিকা যি সকলোৰে প্ৰতিভাৰে আগবাঢ়ি যাব, এটা এনেকুৱা শতিকা, যি সকলোৰে উদ্ভাৱনেৰে সমৃদ্ধ হওক, এটা এনেকুৱা শতিকা, য’ত দৰিদ্ৰতা নাথাকিব, এটা এনেকুৱা শতিকা, য’ত সকলোৰে আগবাঢ়ি যোৱাৰ সুযোগ থাকিব, এটা এনেকুৱা শতিকা, য'ত ভাৰতৰ প্ৰয়াসেৰে বিশ্বত স্থিৰতা আহিব আৰু বিশ্ব শান্তি বাঢ়িব। এই মনোভাবেৰে মোক ইয়ালৈ নিমন্ত্ৰণ কৰা বাবে সুযোগ দিয়াৰ বাবে মই এনডিটিভিৰ প্ৰতি পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই সন্মিলন সফল হোৱাৰ বাবে মোৰ ফালৰ পৰা আপোনালোকক বহুত শুভকামনা।

 

 বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IIT Delhi tops India in QS Rankings 2027; 52 Indian institutions feature

Media Coverage

IIT Delhi tops India in QS Rankings 2027; 52 Indian institutions feature
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of Prime Minister addresses the Indian Community in Paris
June 18, 2026

नमस्ते!

बों जू!

ऐसा लग रहा है, आप सब छुट्टी के मूड में हैं।

साथियों,

ये पेरिस शहर, Lights का शहर है, रंगों का शहर है, यहां Art है, Ideas हैं, और innovation की प्रेरणा भी है। इस शहर को भारत के अलग-अलग राज्यों से आए आप सभी लोग और भी खूबसूरत बना देते हैं। नए नए रंगों से भर देते हैं।

कोई तमिल है, कोई पंजाबी है, कोई गुजराती है, तो कोई मराठी है, और कोई बंगाली है। भारत के हर कोने का प्रतिनिधित्व यहां दिखाई देता है।

साथियों,

मैं जब 14 जून को नीस पहुंचा था तो सबसे पहले भारत इनोवेट्स कार्यक्रम में शामिल हुआ था। आज जब मैं फ्रांस से वापसी की तैयारी में हूं तो लग रहा है जैसे भारत कनेक्ट्स कार्यक्रम में आ गया हूं।

फ्रांस में रहने वाले आप लोगों ने 21वीं सदी के भारत-फ्रांस रिश्तों को जिस तरह कनेक्ट किया है, वो हमारी Strategic Partnership की बहुत बड़ी ताकत बन रही है। मैं आप सभी के लिए भारत से 140 करोड़ देशवासियों की शुभकामनाएं लेकर आया हूं। इस आत्मीय स्वागत के लिए, मैं आप सभी का हृदय से आभार व्यक्त करता हूं।

साथियों,

आज मैं ऐसे समय में फ्रांस आया हूं जब कुछ ही दिन पहले हमारी सरकार के 12 वर्ष पूरे हुए हैं। चुने हुए प्रधानमंत्री के रूप निरंतर 12 साल तक देश की सेवा करना मेरे जीवन का बहुत बड़ा सौभाग्य रहा है। यह भारत के लोकतंत्र की शक्ति है जिसने एक चायवाले को यहां तक पहुंचा दिया।

साथियों,

बीते 12 वर्ष, 140 करोड़ भारतीयों के अद्भुत सामर्थ्य के रहे हैं। 12 साल के इस कालखंड में भारत का GDP दोगुना हुआ है। Airports की संख्या दोगुनी हुई है। Universities की संख्या भी दोगुनी हो गई है। Highway Construction की स्पीड तीन गुना बढ़ गई। और Metro Network, चार गुणा बड़ा हो गया है।

मैं आपको कुछ और फैक्ट्स दूंगा, उससे आप अंदाजा लगा पाएंगे कि भारत किस स्पीड और कितने बड़े स्केल पर काम कर रहा है। पिछले 12 वर्षों में भारत का Defence Export 35 गुणा यानि Thirty Five Times बढ़ गया है।

औऱ एक फैक्ट सुनिए भारत में मोबाइल मैन्यूफैक्टरिंग यूनिट्स में, 100 गुणा की बढ़ोतरी हुई है। 100 times. भारत अब दुनिया का दूसरा सबसे बड़ा mobile phone manufacturer है। इसी गति, इसी प्रगति का नतीजा है कि आज भारत दुनिया की Fastest Growing Major Economy है।

साथियों,

आज भारत की कहानी सिर्फ Economic Progress की कहानी नहीं है। सिर्फ यहाँ अटक नहीं जाती है। ये Social Transformation की भी कहानी है।

पिछले 12 साल में देश में 25 करोड़ लोग गरीबी से बाहर निकले हैं। यानि एक ऐसी प्रगति जिसका लाभ समाज के अंतिम व्यक्ति तक पहुंच रहा है। फ्रांस में जितने घर हैं, उससे भी अधिक पक्के घर बीते 12 वर्ष में हमने जरूरतमंदों के लिए बनाए हैं।

अब हर परिवार के पास, गरीब से गरीब क्यों न हो, Bank Account है। Financial Inclusion एक सरकारी कार्यक्रम नहीं, बल्कि सामाजिक परिवर्तन का अभियान बना है।

साथियों,

इन 12 वर्षों की उपलब्धियों में, एक उपलब्धि ऐसी भी है जिसे किसी आंकड़े से, या अंकों से, नहीं मापा जा सकता। वह है 140 करोड़ भारतीयों का आत्मविश्वास।

आज का भारत और आज के भारत का युवा बहुत बड़े सपने देख रहा है। भारत का किसान नई संभावनाओं के साथ आगे बढ़ रहा है। भारत की महिलाएं नए नेतृत्व का परिचय दे रही हैं। इसलिए ये सिर्फ Achievements के 12 साल नहीं हैं, ये भारत की एस्पिरेशन्स को नई बुलंदी देने का कालखंड रहा है।

साथियों,

एक समय था जब दूर-दराज के गांवों तक आधुनिक सुविधाएं पहुंचाना वाकई बहुत मुश्किल भरा था। आज उन्हीं गांवों में बिजली भी है, इंटरनेट भी है, और डिजिटल सेवाओं की पूरी दुनिया भी है। आज एक क्लिक पर, कभी भी, कहीं भी बैंकिंग सेवाएं उपलब्ध हैं।

आज मोबाइल फोन, भारत के नागरिकों को अनेक सुविधाओं से कनेक्ट कर रहा है। हमारे किसान, हमारे मछुआरे, हमारे dairy farmers, हमारी महिलाएं, हमारे स्टूडेंट्स, सभी टेक्नोलॉजी के माध्यम से सशक्त हो रहे हैं, और अपने लिए नए अवसर बना रहे हैं।

साथियों,

आपने 125 करोड़ से अधिक Aadhaar IDs के बारे में सुना है। लेकिन आज भारत सिर्फ पहचान को डिजिटल नहीं बना रहा। आज करीब 90 करोड़ भारतीयों की Unique Digital Health IDs बनाई जा चुकी हैं। जिससे मेडिकल रिकॉर्ड सुरक्षित और accessible बन गए हैं। इससे हेल्थकेयर डिलीवरी और अधिक आसान और efficient हो रही है।

साथियों,

इन उपलब्धियों की सबसे बड़ी विशेषता यह है कि इनमें से अधिकांश चीजें कुछ वर्ष पहले तक कल्पना जैसी लगती थीं। कौन सोच सकता था कि गांव-गांव तक हाई-स्पीड इंटरनेट पहुंचेगा ? कौन सोच सकता था कि दूर-सुदूर के गांवों में भी QR code जीवन का हिस्सा बन जायेगा ? गांव में कोई बहन, ड्रोन से खेती करने में मदद करेगी, ये भी असंभव लगता था।

लेकिन आज यह सब, भारत के करोड़ों लोगों के जीवन का सामान्य हिस्सा बनता जा रहा है। और आपको गर्व होगा साथियों, यही नए भारत की पहचान है।

जो कभी सपना था, वह आज सच्चाई है। जो कभी नामुमकिन लगता था, वो आज मुमकिन हुआ है, औऱ ये करने के पीछे सबसे बड़ी ताकत क्या है? किसकी वजह से ये सब संभव हुआ है? यह मोदी के कारण नहीं, वो ताकत है- भारत का लोकतंत्र, भारत की डेमोक्रेसी। इस डेमोक्रेसी में सबका साथ है, सबका विकास है।

साथियों,

आज से 50 या 100 साल बाद जब भारत के इस कालखंड की समीक्षा होगी, तो ये बात उभरकर सामने आएगी कि इस कालखंड को भारत की Aspirations ने ड्राइव किया। यह भारत के एस्पिरेशन्स का नया युग है।

जहां बिजली पहुंची है, वहां लोग सिर्फ बिजली नहीं चाहते, वे Smart Living चाहते हैं। जहां ट्रेन पहुंची है, वहां लोग High-Speed Connectivity चाहते हैं। जहां हाईवे बने हैं, वहां लोग World-Class Expressways चाहते हैं। जहां इंटरनेट पहुंचा है, वहां लोग AI और Digital Innovation में नेतृत्व चाहते हैं।

यानि आज भारत के लोग अपने जीवन को भी Next Level पर ले जाना चाहते हैं, और भारत को भी Next Level पर ले जाना उनका मकसद है, उनका संकल्प है, उनके सपने है।

और साथियों,

यही Aspirations आज भारत की विकास यात्रा की सबसे बड़ी शक्ति हैं। मैं आपको भारत की Space Journey का उदाहरण दूंगा।

भारत ने चंद्रयान को चंद्रमा के South Pole पर उतारा। दुनिया ने इसे एक बहुत बड़ी उपलब्धि माना। लेकिन भारत इसे अपनी मंजिल मानकर रुका नहीं। आज देश गगनयान की तैयारी कर रहा है। भारत अंतरिक्ष में अपना Space Station बनाने की दिशा में आगे बढ़ रहा है।

हमारे Space Startups Global Space Economy में अपनी जगह बनाने के लिए पुरजोश काम कर रहे हैं, आगे बढ़ रहे हैं।

साथियों,

Green Energy के क्षेत्र में भी भारत की यही एस्पिरेशंस दिखाई देती है। Solar Power में भारत की उपलब्धियों की दुनिया भर में लगातार चर्चा हो रही हैं। लेकिन भारत अगली छलांग की तैयारी कर रहा है।

Green Hydrogen में बड़े निवेश हो रहे हैं। Advanced Nuclear Energy पर तेजी से काम हो रहा है। आपने भारत के Fast Breeder nuclear Reactor से जुड़ी प्रोग्रेस के बारे में भी सुना ज़रूर होगा। ये भारत के न्यूक्लियर एनर्जी लैंडस्केप में क्रांतिकारी परिवर्तन करने का बहुत बड़ा अचीवमेंट हमारे सीसेन्टिस्टों ने किया है।

साथियों,

आज का भारत भविष्य का पूरा Ecosystem बना रहा है। भारत एक साथ हर उस क्षेत्र में निवेश कर रहा है, जो आने वाले दशकों की दिशा तय करेगा।

अभी आपने कुछ दिन पहले ही देखा है नीस में भारत इनोवेट्स का एक आयोजन किया। ये इवेंट भारत के डीप टेक सामर्थ्य को दुनिया तक पहुंचाने का एक और माध्यम था। इसमें भारत के 120 Deep-Tech Startups उपस्थित थे। Bharat Innovates में करीब एक हजार चार सौ B2B Meetings हुईं है। कई Startups के लिए Investment Commitments आगे बढ़ीं, Commercial Orders के लिए रास्ते खुले। French और European Universities तथा Incubators के साथ Engagements बढ़ रही हैं।

Student Exchanges, Joint Research, और Innovation Support के नए रास्ते बने। इसलिए Bharat Innovates सिर्फ एक Summit नहीं रहा। यह Innovation Diplomacy का एक नया मॉडल बना है।

और आज ही पेरिस में VivaTech इवेंट के जरिए, इस यात्रा को हमने और आगे बढ़ाया। नीस में हमने Ideas को Capital से जोड़ा और पेरिस में Indian Innovation को Global Scale से जोड़ा। आज दुनिया देख रही है भारत केवल भविष्य के लिए तैयार नहीं हो रहा है। भारत भविष्य को आकार दे रहा है।

साथियों,

एक समय था, जब देशों के बीच रिश्ते केवल व्यापार से तय होते थे। आज व्यापार के साथ-साथ Trust यानि भरोसा भी उतना ही महत्वपूर्ण हो गया है।

हर देश Reliable Supply Chains चाहता है। हर देश Stable Partnerships चाहता है। हर देश ऐसे साथियों की तलाश में है, जिन पर लंबे समय तक भरोसा किया जा सके। और ऐसे समय में, भारत विश्व में एक Trusted Partner के रूप में उभर रहा है।

एवियां में G7 बैठक के दौरान मैंने trust based partnerships बनाने पर ज़ोर दिया। ग्लोबल साउथ के देशों के साथ equal पार्टनर्स के रूप में आगे बढ़ने का आह्वान किया। भारत का G7 समिट में संदेश था Global Governance तभी प्रभावी होगी जब वह Inclusive होगी। Global Growth तभी Sustainable होगी जब वह शेयर्ड होगी। और Global Technology तभी मानवता के लिए उपयोगी होगी जब वह Trusted होगी।

साथियों,

भारत और दुनिया के बीच व्यापारिक रिश्तों में नई ऊर्जा नज़र आ रही है। फ्रांस के साथ भारत का ट्रेड लगतार बढ़ रहा है। पिछले कुछ वर्षों में भारत ने दुनिया के अनेक देशों के साथ Free Trade Agreements किए हैं। यूरोपियन यूनियन हो, यूनाइटेड किंगडम हो दुनिया के हर देश, हर रीजन के साथ भारत समझौते कर रहा है।

अगले महीने से भारत और UK के बीच ट्रेड एग्रीमेंट भी लागू हो जाएगा। यह एग्रीमेंट भारत के farmers, workers और innovators को अनेक नए अवसर प्रदान करेगा।

साथियों,

आज दुनिया Uncertainty और Disruption के दौर से गुजर रही है। ऐसे समय में भारत और फ्रांस की साझेदारी विश्वास, स्थिरता और सहयोग का एक मजबूत स्तंभ बन रहा है।

इस वर्ष हमने भारत और फ्रांस के संबंधों को Special Global Strategic Partnership का दर्जा दिया था। नीस में मेरे मित्र President Macron और मैंने हमारे संबंधों को force for global good बनाने पर चर्चा की। Defence से लेकर space और नुक्लियर तक AI और क्रिटीकल मिनरल्स से लेकर high speed railway तक, हर क्षेत्र में हम मिलकर आगे बढ़ेंगे।

साथियों,

Solar energy हो, या AI के क्षेत्र में सहयोग हो, भारत और फ्रांस मिलकर ऐसे समाधान विकसित कर रहे हैं जो पूरी मानवता के हित में हैं। पिछले वर्ष पेरिस में और इस वर्ष दिल्ली में हमने AI Summit को Co-chair किया।

अब हम साथ मिलकर अगले वर्ष “तृष्णा” satellite को लॉन्च करने जा रहें हैं। यह “तृष्णा” satellite जो विश्व में फूड और वाटर सिक्युरिटी सुनिश्चित करने में योगदान देगा।

और साथियों,

यह सभी गवर्नमेंट टू गवर्नमेंट पहलो में आप सभी का योगदान बहुत महत्वपूर्ण है। ये आप हैं जो भारत और यूरोप के बीच सबसे मजबूत सेतु हैं। आप दोनों समाजों को समझते हैं। दोनों बाजारों को समझते हैं। आने वाले समय में Talent, Trade, Technology, Tourism और Investment के नए अवसरों को आगे बढ़ाने में आपकी भूमिका लगातार बढ़ने वाली हैं।

साथियों,

भारत और फ्रांस के रिश्तों को साझा इतिहास, साझा मूल्यों और साझा विश्वास ने आगे बढ़ाया है। विश्व युद्धों के दौरान फ्रांस की धरती पर बलिदान देने वाले भारतीय सैनिकों की स्मृतियां आज भी हमें जोड़ती हैं।

मुझे पहले नव शापेल में श्रद्धांजलि देने का अवसर मिला, पिछले वर्ष प्रेसिडेंट मैक्रों के साथ मार्सेय के वॉर मेमोरियल जाने का अवसर भी मिला। ये हमारी साझा विरासत है।

फ्रांस, भारतीयों के योगदान को संजोता भी है और सराहता भी है। भारतीय मूल की नूर इनायत खान हों, जिन्होंने फ्रांस की Resistance के लिए अपना जीवन बलिदान किया, या महाराजा रणजीत सिंह के साथ काम करने वाले जनरल जां फ्रांस्वा अलार हों ये सभी भारत और फ्रांस की साझा विरासत के प्रतीक हैं।

भारत के राज्य पुडुचेरी में भी फ्रेंच विरासत की झलक दिखाई देती है। वहां का Architecture, वहां की कला-संस्कृति और खान-पान सभी में हमारे संबंधों की महेक है।

साथियों,

इस समय फ्रांस समेत पूरी दुनिया में International Yoga Day की तैयारी भी चल रही है। इस अवसर पर मैं, फ्रांस में योग को आगे बढ़ाने वाले श्रीमान महेश घाट्राड्याल जी को भी आदरपूर्वक श्रद्धांजलि देता हूं। मैं पद्म पुरस्कार से सम्मानित, शार्लोत शोपां जी को भी प्रणाम करता हूं। जिन्होंने सौ वर्ष की आयु में भी, योग के माध्यम से फ़्रांस को भारत की विरासत से जोड़ा है। उनका जीवन यह सिद्ध करता है: Yoga does not add years to life, it adds life to years.

साथियों,

मैं फ्रेद नेग्री जी को भी आदरपूर्वक श्रद्धापूर्वक याद करता हूं। भारतीय विरासत को संरक्षित करने में उनका योगदान अतुल्य रहा है।

साथियों,

भारत और फ्रांस को कनेक्ट करने वाली एक और चीज है, और वो है फुटबॉल। इस वक्त यहां फुटबॉल फीवर पूरे जोर पर है। फ्रांस में इसकी दीवानगी, चप्पे-चप्पे पर दिखती है। लेकिन भारत में भी फुटबॉल का क्रेज़ सिर चढ़कर बोलता है।

खासतौर पर फ्रांस की टीम के फैन्स भारत में बहुत अधिक हैं। फ़्रांस ने इस वर्ल्ड कप की शुरुआत एक जोरदार जीत से शुरू की है। मैं फ्रांस की टीम को बहुत-बहुत शुभकामनाएं देता हूं।

साथियों,

जाने से पहले, आप सभी के लिए कुछ और अच्छी खबरें भी लेकर के आया हूँ। वो आपके लिए हैं। पिछले वर्ष, मार्सेय में कॉन्सुलेट खोला गया, इससे काफी अधिक सुविधा मिल रही है। कुछ हफ्ते पहले, Indian Nationals के लिए French Airports पर Visa-free Transit की व्यवस्था शुरू हो गई है।

Students और Professionals की Mobility बढ़ाना हो, या Educational Qualifications की Mutual Recognition की बात हो, या फिर French Universities के भारत में Campus खोलना हो, इन सभी पर हम मिलकर आगे बढ़ रहें हैं।

अब फ्रांस में UPI के उपयोग का दायरा भी और बढ़ने जा रहा है। यानि भारत-फ्रांस कनेक्ट भी Instant और आपसी Payment भी Instant!

साथियों,

इन सभी पहलों से, हम भारत और फ़्रांस को और करीब ला रहें हैं। और मैं फिर कहूंगा इस साझेदारी की नींव, इस रिश्ते की असली ताकत आप सभी हैं। आप सब मेरे देशवासी हैं।

आज जब भारत तेज़ी से विकसित भारत के लक्ष्य की ओर बढ़ रहा है, तो मैं आप सभी से भारत के साथ और गहराई से जुडने का आग्रह करूंगा। इससे भारत की विकास यात्रा को नई शक्ति मिलेगी, और आपको अपनी पुरखों की धरती की सेवा करने का अवसर भी मिलेगा।

इन्हीं शब्दों के साथ आप सभी के प्रेम आपके उत्साह और इस आत्मीय स्वागत के लिए मैं एक बार फिर आप सभी का आभार व्यक्त करता हूं।

भारत माता की जय!

बहुत बहुत धन्यवाद।