বিশ্ব চিন্তামগ্ন সময়তে ভাৰতে আশাৰ সঞ্চাৰ কৰিছেঃ প্ৰধানমন্ত্ৰী
আজি ভাৰতে প্ৰতিটো খণ্ডতে, প্ৰতিটো ক্ষেত্ৰতে অভূতপূৰ্ব গতিৰে কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী
ভাৰত আজি এখন উন্নয়নশীল দেশ আৰু উদীয়মান শক্তি উভয়েঃ প্ৰধানমন্ত্ৰী
উচ্চ শিখৰত আৰোহণৰ সম্ভাৱনা থকা বিশ্বৰ অন্যতম দেশ ভাৰতঃ প্ৰধানমন্ত্ৰী
ভাৰত এতিয়া আগন্তুক চিন্তাৰে আগবাঢ়িছেঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ ১৪০ কোটি জনসাধাৰণে বিকশিত ভাৰতৰ সংকল্প গ্ৰহণ কৰিছেঃ প্ৰধানমন্ত্ৰী
ভাৰতে প্ৰযুক্তিৰ গণতান্ত্ৰিকৰণেৰে বিশ্বক ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ নতুন পথ দেখুৱাইছেঃ প্ৰধানমন্ত্ৰী
ভাৰতে ডিজিটেল উদ্ভাৱন আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধৰ সহাৱস্থানক প্ৰদৰ্শন কৰিছেঃ প্ৰধানমন্ত্ৰী
তেখেতে ভিন্ন খণ্ডৰ বিশ্ব নেতাসকলৰ উপস্থিতিৰ কথাও উল্লেখ কৰে, যিয়ে নিজ-নিজ মতামত আগবঢ়াব।
তেখেতে আলোকপাত কৰে যে ভাৰত বিশ্বৰ পৰিস্থিতি আৰু ইয়াৰ সন্মুখত থকা প্ৰত্যাহ্বানসমূহৰদ্বাৰা প্ৰভাৱিত হ’লেও ইয়াত ইতিবাচকতাৰ ভাৱ এটা আছে, যাক অনুভৱ কৰিব পাৰি।

এনডিটিভি ৱৰ্ল্ড ছামিটত উপস্থিত থকা সকলো মহানুভৱক মই অভিনন্দন জনাইছোঁ। এই সন্মিলনত আপোনালোকে বহু বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছে… বেলেগ বেলেগ খণ্ডৰ সৈতে জড়িত গ্লোবেল নেতাসকলেও নিজৰ মতামত দাঙি ধৰিব।

বন্ধুসকল,

আমি যোৱা ৪-৫ বছৰৰ সময়ছোৱালৈ যদি  চাওঁ... তেন্তে বেছিভাগ আলোচনাতে এটা কথা সাধাৰণ হৈ আহিছে... আৰু সেয়া হ'ল... চিন্তা... ভৱিষ্যতক লৈ চিন্তা... কৰোণাৰ সময়ত চিন্তা আছিল যে বিশ্বজনীন মহামাৰীৰ সৈতে কেনেদৰে মোকাবিলা কৰিম... কোভিড বৃদ্ধিৰ লগে লগে বিশ্বৰ অৰ্থনীতিক লৈ চিন্তা হ’বলৈ ধৰিলে... কৰোণাই মুদ্ৰাস্ফীতিৰ ওপৰত চিন্তা বঢ়ালে... কৰ্ম সংস্থানহীনতাৰ ওপৰত চিন্তা বাঢ়ায়... জলবায়ু পৰিৱৰ্তনক লৈ চিন্তা আছিলেই... আকৌ যি যুদ্ধ আৰম্ভ হ’ল, তাৰ বাবে চিন্তা আৰু বাঢ়ি গ'ল… গোলকীয় যোগান শৃংখল থানবান হোৱাৰ চিন্তা… নিৰীহ লোকৰ জীৱন হেৰোৱাৰ চিন্তা… এই উত্তেজনা, এই দুশ্চিন্তা, এই সংঘাত, এই সকলোবোৰ গ্লোবেল ছামিট আৰু আলোচনা চক্ৰৰ বিষয় হৈ পৰিল। আৰু আজি যেতিয়া আলোচনাৰ কেন্দ্ৰ চিন্তাই, সেই সময়ত ভাৰতত কেনেধৰণৰ চিন্তা-চৰ্চা চলি আছে...? কি যে বৃহৎ বৈপৰীত্য। ইয়াত আলোচনা হৈ আছে 'দ্য ইণ্ডিয়ান চেঞ্চুৰী'... ভাৰতৰ শতিকা, বিশ্বত বিৰাজমান অস্থিৰতাৰ মাজত, ভাৰত আশাৰ এক ৰশ্মি হৈ পৰিছে... যেতিয়া বিশ্ব চিন্তাত ডুবি আছে, তেতিয়া ভাৰতে আশাৰ সঞ্চাৰ কৰি আছে। আৰু এনে নহয় যে বিশ্বৰ পৰিস্থিতিক লৈ আমি প্ৰভাৱিত নহয়… আমি প্ৰভাৱিত হৈছোঁ… প্ৰত্যাহ্বান ভাৰতৰ সন্মুখতো আছে… কিন্তু ইয়াত ইতিবাচকতাৰ এটা ভাব আছে, যিটো আমি সকলোৱে অনুভৱ কৰি আছোঁ। আৰু সেয়ে… দ্য ইণ্ডিয়ান চেঞ্চুৰীৰ কথা হৈ আছে।

বন্ধুসকল,

আজি ভাৰতে প্ৰতিটো খণ্ডত, প্ৰতিটো ক্ষেত্ৰতে যি গতিৰে কাম কৰি আছে, সেয়া অভূতপূৰ্ব। ভাৰতৰ গতি, ভাৰতৰ স্কেল, অভূতপূৰ্ব। অলপতে আমাৰ চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰায় এশ পঁচিশ দিন সম্পূৰ্ণ হৈছে। মই আপোনালোকৰ লগত এশ পঁচিশ দিনৰ অভিজ্ঞতা শ্বেয়াৰ কৰিম। এশ পঁচিশ দিনত দুখীয়াৰ বাবে ৩ কোটি নতুন পকা ঘৰৰ অনুমোদন লাভ কৰিছে। এশ পঁচিশ দিনত আমি ৯ লাখ কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্পৰ কাম আৰম্ভ কৰিছোঁ। এশ পঁচিশ দিনত আমি ১৫খন নতুন বন্দে ভাৰত ৰে'ল চলাইছোঁ, ৮টা নতুন বিমানবন্দৰৰ কাম শুভাৰম্ভ হৈছে। এই এশ পঁচিশ দিনত আমি যুৱক-যুৱতীসকলৰ বাবে ২ লাখ কোটি টকাৰ পেকেজ দিছোঁ... আমি কৃষকৰ বেংক একাউণ্টলৈ ২১ হাজাৰ কোটি টকা পোনপটীয়াকৈ ট্ৰেন্সফাৰ কৰিছোঁ... আমি ৭০ বছৰৰ অধিক বয়সৰ জ্যেষ্ঠ লোকৰ বাবে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰিছোঁ। আপোনালোকে ভাৰতত চলি থকা কামৰ পৰিসৰ চাওক... এশ পঁচিশ দিনত ৫ লাখ ঘৰত ছাদৰ ওপৰত ছ’লাৰ প্লাণ্ট স্থাপন কৰা হৈছে। এজোপা গছ মাৰ নামত অভিযানৰ অধীনত ৯০ কোটিৰো অধিক গছপুলি ৰোপণ কৰা হৈছে। কেৱল এয়াই নহয়… এশ পঁচিশ দিনত আমি ১২টা নতুন ঔদ্যোগিক ন’ড অনুমোদন দিছোঁ। এশ পঁচিশ দিনত আমাৰ ছেন্সেক্স আৰু নিফটিত ৬ৰ পৰা ৭ শতাংশ বৃদ্ধি হৈছে। আমাৰ ফৰেক্সে ৬৫০ বিলিয়ন ডলাৰৰ পৰা বাঢ়ি ৭০০ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে। ভাৰতৰ সাফল্যৰ এই তালিকাখন বহুত দীঘলীয়া। আৰু মই মাত্ৰ এশ পঁচিশ দিনৰ কথাহে কৈছোঁ। আপোনালোকে এইটোও মন কৰিব লাগিব যে এই এশ পঁচিশ দিনত বিশ্বই… ভাৰতলৈ কোনবোৰ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ আহিল? এশ পঁচিশ দিনত ভাৰতত কোনবোৰ গ্লোবেল ইভেণ্ট হ’ল? ভাৰতত টেলিকম আৰু ডিজিটেল ভৱিষ্যতৰ ওপৰত আলোচনা কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সভা হ’ল… ভাৰতত গ্লোবেল ফিনটেক উৎসৱ হ’ল… ভাৰতত গ্লোবেল অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰৰ ওপৰত আলোচনা হ’ল… নবীকৰণযোগ্য শক্তি আৰু অসামৰিক বিমান পৰিবহণৰ ভৱিষ্যতৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলন ভাৰতত অনুষ্ঠিত হ’ল৷

 

বন্ধুসকল,

এয়া কেৱল অনুষ্ঠানৰ তালিকা নহয়। এয়া ভাৰতৰ সৈতে জড়িত আশাৰো তালিকা। ইয়াৰ পৰাই ভাৰতৰ দিশ আৰু বিশ্বৰ আশা দুয়োটা বুজা যায়। এইবোৰ সেই বিষয়, যিয়ে আগন্তুক সময়ত বিশ্বৰ ভৱিষ্যৎ নিৰ্ণয় কৰিব… আৰু এই বিষয়বোৰৰ ওপৰত আলোচনা কৰিবলৈ… আজি বিশ্ব ভাৰতলৈ আহি আছে।

বন্ধুসকল,

আজি ভাৰতত ইমানবোৰ ঘটি আছে... আমাৰ তৃতীয় কাৰ্যকালত ভাৰতে যি গতি লাভ কৰিছে... সেয়া দেখি বহু ৰেটিং এজেন্সীয়ে ভাৰতৰ বৃদ্ধিৰ পূৰ্বাভাস আৰু বঢ়াই দিছে। ইয়াত যি ভাৰতক আটাইতকৈ বেছি ভালপায়, তেনে মিষ্টাৰ মাৰ্ক মবিয়াছৰ দৰে বিশেষজ্ঞ ইয়াত উপস্থিত আছে... তেওঁ যিদৰে ভাৰতত হ’বলগীয়া বিনিয়োগক লৈ উৎসাহী, সেয়া অতি গুৰুত্বপূৰ্ণ। যেতিয়া তেওঁ গ্লোবেল ফাণ্ডক কয় যে নিজৰ কমেও পঞ্চাশ শতাংশ ফাণ্ড, ভাৰতৰ শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰক... তেতিয়া ইয়াৰ এটা ডাঙৰ অৰ্থ আছে, এটা অতি ডাঙৰ বাৰ্তা।

বন্ধুসকল,

ভাৰত আজি এখন উন্নয়নশীল দেশো আৰু উদীয়মান শক্তিও। আমি দৰিদ্ৰতাৰ প্ৰত্যাহ্বানসমূহো বুজোঁ আৰু প্ৰগতিৰ বাট মুকলি কৰিবও জানো। আমাৰ চৰকাৰে দ্ৰুতগতিত নীতি নিৰ্ধাৰণ কৰি আছে, সিদ্ধান্ত লৈ আছে… নতুন সংস্কাৰ কৰি আছে। অৱশ্যে ৰাজহুৱা জীৱনত বহুবাৰ মই বিভিন্ন ধৰণৰ মানুহ লগ পাওঁ… কিছুমানে কয়, মোদী জীয়ে একেৰাহে তিনিবাৰ চৰকাৰ গঠন কৰিলে… ইমানবোৰ কাম কৰিলেই… তাৰ পিছতো ইমান লৰা-ঢাপৰা কিয় কৰি থাকে, কি প্ৰয়োজন? বিশ্বৰ ৫ম বৃহৎ অৰ্থনীতি হৈ পৰিল… ইমানবোৰ মাইলৰ খুঁটি আছে… ইমানবোৰ বাকী থকা সিদ্ধান্ত আপুনি লৈ ল’লে… ইমানবোৰ সংস্কাৰ কৰিলে… এতিয়া কি প্ৰয়োজন ইমান কঠোৰ পৰিশ্ৰমৰ? এনেকৈ কোৱা বহুত মানুহ মই লগ পাওঁ। কিন্তু যিবোৰ সপোন আমি দেখিছোঁ, যি সংকল্প লৈ আমি আগবাঢ়িছোঁ, তাত না বিৰাম আছে, না আৰাম আছে।

যোৱা ১০ বছৰত ২৫ কোটি মানুহ দৰিদ্ৰতাৰ পৰা ওলাই আহিছে… এয়াই যথেষ্ট নেকি… নহয় নেকি? যোৱা ১০ বছৰত প্ৰায় ১২ কোটি শৌচাগাৰ নিৰ্মাণ কৰা হৈছে… ১৬ কোটি লোকে গেছ সংযোগ লাভ কৰিছে… এয়াই যথেষ্ট নহয়নে। যোৱা ১০ বছৰত ভাৰতত ৩৫০খনতকৈও অধিক চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ হৈছে... ১৫খনতকৈও অধিক এইমছ নিৰ্মাণ কৰা হৈছে... এয়াই যথেষ্ট নহয়নে। বিগত ১০ বছৰত ভাৰতত ১.৫ লাখৰো অধিক নতুন ষ্টাৰ্ট-আপ গঠন হৈছে... ৮ কোটি যুৱকে মুদ্ৰা ঋণ লৈ প্ৰথমবাৰৰ বাবে নিজাকৈ কাম আৰম্ভ কৰিছে। আৰু প্ৰশ্ন হয়, ভোক আছে নেকি? সেয়া যথেষ্ট নহয় নেকি, মোৰ উত্তৰ হ’ল… নাই, যথেষ্ট নহয়। আজি ভাৰত বিশ্বৰ অন্যতম কম বয়সীয়া দেশ। এই যুৱ দেশৰ সম্ভাৱনাই… আমাক আকাশৰ উচ্চতালৈ লৈ যাব পাৰে। আৰু ইয়াৰ বাবে আমি এতিয়াও বহুত কৰিব লাগিব… অতি দ্ৰুতভাৱে কৰিব লাগিব।

 

বন্ধুসকল,

আজি ভাৰতৰ চিন্তা-চৰ্চা আৰু দৃষ্টিভংগীত যি পৰিবৰ্তন হৈছে সেয়া আপোনালোকেও নিশ্চয় লক্ষ্য কৰি আছে। সাধাৰণতে ই এটা পৰম্পৰা হৈ আহিছে আৰু ই স্বাভাৱিক, মই ইয়াক ভুল বুলি নাভাবোঁ। প্ৰতিখন চৰকাৰে পূৰ্বৰ চৰকাৰৰ কাম-কাজৰ তুলনা কৰে। আৰু সেইটো এটা মাপকাঠী যে আগতে কি আছিল, এতিয়া কি হৈছে, আগতে কিমান আছিল, এতিয়া কিমান হৈছে। আৰু ইয়াৰ দ্বাৰা সন্তুষ্টিও পোৱা যায় যে আমি পূৰ্বৰ চৰকাৰতকৈ ভাল কাম কৰিছোঁ। সৰ্বাধিক যোৱা ১০-১৫ বছৰৰ লগত তুলনা কৰে… তেতিয়া আৰু এতিয়াৰ মাজত পাৰ্থক্য কি, আৰু এইটোক নিজৰ কৃতিত্ব বুলি গণ্য কৰে। আমিও এসময়ত এই বাটেৰে গৈছিলোঁ, ই অতি স্বাভাৱিক আছিল। কিন্তু এতিয়া আমি সেই পথটোও ভাল পোৱা নাই। এতিয়া আমি পাৰ হৈ যোৱা কালি আৰু আজিৰ তুলনা কৰি সান্ত্বনা লোৱা মানুহ নহয়। এতিয়া সফলতাৰ মাপকাঠী কেৱল এয়াই নহয় যে আমি কি পালোঁ... এতিয়া আমাৰ ভৱিষ্যতৰ লক্ষ্য হৈছে আমি ক’ত উপনীত হ’ব লাগিব। আমি সেই দিশলৈ চাই আছোঁ। এতিয়া কলৈকে আহিলোঁ, কিমান বাকী আছে, কেতিয়া তাত গৈ উপনীত হ’ম… অৰ্থাৎ এক নতুন পন্থা গ্ৰহণ কৰি মই সমগ্ৰ চৰকাৰী যন্ত্ৰৰ সৈতে কাম কৰি আছোঁ।

এতিয়া ভাৰত আগলৈ চোৱা চিন্তাৰে আগবাঢ়িছে। ২০৪৭ চনৰ ভিতৰত এখন বিকশিত ভাৰতৰ সংকল্পয়ো এই চিন্তাধাৰাকে প্ৰতিফলিত কৰিছে... এতিয়া আমি দেখোঁ যে বিকশিত ভাৰতৰ যি আমাৰ সংকল্প, তাৰ সিদ্ধিৰ বাবে আমি ইয়াত ক’ত আহি পাইছোঁ। আমি আৰু কিমান কৰিব লাগিব। আমি কিমান গতি আৰু পৰিসৰৰ কাম কৰিব লাগিব। আৰু এনে নহয় যে এয়া চৰকাৰে নিৰ্ধাৰণ কৰি দিলে আৰু লক্ষ্য নিৰূপণ হৈ গ’ল… বিকশিত ভাৰতৰ সংকল্পৰ সৈতে আজি ভাৰতৰ ১৪০ কোটি জনসাধাৰণ সংযুক্ত হৈ পৰিছে, তেওঁলোকে নিজেই ইয়াক চলাই আছে। এয়া কেৱল জনসাধাৰণৰ অংশগ্ৰহণৰ অভিযানেই নহয়, বৰং ভাৰতৰ আত্মবিশ্বাসৰ আন্দোলনত পৰিণত হৈছে। আপোনালোক আচৰিত হ’ব… যেতিয়া চৰকাৰে বিকশিত ভাৰতৰ ভিজন ডকুমেণ্টৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰিছিল তেতিয়া লাখ লাখ লোকে নিজৰ পৰামৰ্শ প্ৰেৰণ কৰিছিল। বিদ্যালয়-মহাবিদ্যালয়-বিশ্ববিদ্যালয়ত বিতৰ্ক হ’ল, আলোচনা হ’ল… চৰকাৰ আৰু সামাজিক সংগঠনে বিতৰ্ক কৰিলে। জনসাধাৰণৰ পৰা পোৱা পৰামৰ্শৰ ভিত্তিত ভাৰতে পৰৱৰ্তী ২৫ বছৰৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে। বিকশিত ভাৰতৰ ওপৰত আলোচনা আজি আমাৰ চেতনাৰ অংশ হৈ পৰিছে। মই ভাবোঁ যে এয়া জনশক্তিৰ জৰিয়তে ৰাষ্ট্ৰশক্তি গঢ়ি তোলাৰ আটাইতকৈ ডাঙৰ উদাহৰণ।

বন্ধুসকল,

আজি ভাৰতৰ আন এটা সুবিধা আছে, যিটো এই শতিকাক ভাৰতৰ শতিকা হিচাপে গঢ়ি তুলিবলৈ অতি গুৰুত্বপূৰ্ণ। আপোনালোক সকলোৱে জানে যে এয়া এআইৰ যুগ। বিশ্বৰ বৰ্তমান আৰু ভৱিষ্যৎ এআইৰ সৈতে সংযুক্ত। কিন্তু ভাৰতত ডাবল এআই শক্তিৰ সুবিধা আছে। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন হ'ব যে পৃথিৱীত মাত্ৰ এটা AI আছে, মোদীয়ে এই ডাবল AI কেনেকৈ পালে। পৃথিৱীৰ দৃষ্টিত এআই এটাই আছে, সেয়া হ’ল Artificial Intelligence, কিন্তু সেইটো আমাৰ হাতত ইতিমধ্যে আছেই, আনটো AI হ’ল Aspirational India। আকাংক্ষিত ভাৰত আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ শক্তি যেতিয়া একত্ৰিত হয়, তেতিয়া বিকাশৰ গতিও বৃদ্ধি হোৱাটো স্বাভাৱিক।

বন্ধুসকল,

আমাৰ বাবে এআই কেৱল প্ৰযুক্তি নহয়, ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে ই এক নতুন সুযোগৰ দুৱাৰ। এইবাৰ ভাৰতে আৰম্ভ কৰিছে ইণ্ডিয়া এআই মিছন। স্বাস্থ্যসেৱা হওক… শিক্ষা হওক… ষ্টাৰ্টআপ হওক… ভাৰতত প্ৰতিটো খণ্ডতে এআইৰ ব্যৱহাৰ বৃদ্ধি পাইছে। আমিও বিশ্ববাসীক উন্নত এআই সমাধান প্ৰদান কৰাত ব্যস্ত। ভাৰতে কোৱাড পৰ্যায়তো বহু উদ্যোগ লৈছে। দ্বিতীয় এআইৰ প্ৰতিও ভাৰত সমানেই গুৰুত্বপূৰ্ণ... অৰ্থাৎ আকাংক্ষিত ভাৰত। ভাৰতৰ মধ্যবিত্ত শ্ৰেণী… ভাৰতৰ সাধাৰণ মানুহ… তেওঁলোকৰ জীৱন-যাপনৰ সহজতা… তেওঁলোকৰ জীৱনৰ মানদণ্ড… ভাৰতৰ ক্ষুদ্ৰ উদ্যোগী… MSME's… ভাৰতৰ যুৱক-যুৱতী… ভাৰতৰ মহিলা… আমি সকলোৰে আকাংক্ষা বিবেচনা কৰি... নীতি প্ৰস্তুত কৰি আছোঁ… সিদ্ধান্ত গ্ৰহণ কৰি আছোঁ।

 

বন্ধুসকল,

আকাংক্ষিত ভাৰতৰ এটা উদাহৰণ… ভাৰতত কানেক্টিভিটিক লৈ চলি থকা চমকপ্ৰদ কাম। আমি ফাষ্ট ফিজিকেল কানেক্টিভিটি আৰু ইনক্লুছিভ কানেক্টিভিটিৰ ওপৰত বহুত গুৰুত্ব দিছোঁ। এয়া উন্নয়নৰ আকাংক্ষা থকা সমাজ এখনৰ বাবে অতি গুৰুত্বপূৰ্ণ। ভাৰতৰ বাবে তো এয়া আৰু অধিক গুৰুত্বপূৰ্ণ। ইমান বৃহৎ দেশ, ইমান বৈচিত্ৰময় ভূগোলৰ সৈতে ভাৰতৰ সম্ভাৱনাক সঁচা অৰ্থত উপলব্ধি কৰিবলৈ দ্ৰুতগতিত সংযোগ স্থাপন কৰাটো প্ৰয়োজনীয় আছিল। সেইবাবেই আমি বিমান যাত্ৰাতো বিশেষ গুৰুত্ব দিলোঁ। মোৰ মনত আছে যে যেতিয়া মই প্ৰথমবাৰৰ বাবে কৈছিলোঁ যে মই হাৱাই চপ্পল পিন্ধা মানুহক হাৱাই যাত্ৰা কৰাব বিচাৰোঁ... তেতিয়া এটা স্বাভাৱিক প্ৰতিক্ৰিয়া আছিল যে ভাৰতত এইটো কেনেকৈ সম্ভৱ। কিন্তু আমি আগবাঢ়িলোঁ আৰু উড়ান যোজনা আৰম্ভ কৰিলোঁ। আজি উড়ানৰ ৮ বছৰ সম্পূৰ্ণ হ'ল। উড়ানৰ অধীনত আমি দুটা স্তম্ভৰ কাম কৰিছিলোঁ। প্ৰথমতে, টিয়েৰ-২ আৰু টিয়েৰ-৩ চহৰত বিমানবন্দৰৰ নতুন নেটৱৰ্ক সৃষ্টি কৰিলোঁ। আৰু দ্বিতীয়তে, বিমান যাত্ৰা সুলভ আৰু সকলোৰে হাতৰ মুঠিত কৰিলোঁ। উড়ান যোজনাৰ অধীনত প্ৰায় ৩ লাখ বিমানে উৰণ সম্পন্ন কৰিছে... এইবোৰত ১.৫ কোটি সাধাৰণ নাগৰিকে যাত্ৰা কৰিছে। আজি ৬০০ৰো অধিক পথ উড়ানৰ অধীনত আৰু ইয়াৰে বেছিভাগেই সৰু চহৰসমূহক সংযোগ কৰে। ২০১৪ চনত দেশত ৭০টাৰ আশে-পাশে বিমানবন্দৰ আছিল। আজি দেশত বিমানবন্দৰৰ সংখ্যাই ১৫০ অতিক্ৰম কৰিলে। UDAN আঁচনিয়ে দেখুৱাইছে যে কেনেকৈ সমাজৰ আকাংক্ষাই বিকাশক গতি দিয়ে।

বন্ধুসকল,

মই আপোনালোকক যুৱক-যুৱতীৰ সৈতে জড়িত কিছু উদাহৰণ দিওঁ। আমি ভাৰতৰ যুৱক-যুৱতীক এনে এক শক্তি কৰি তোলাত লাগি আছোঁ যি সমগ্ৰ বিশ্বৰ বৃদ্ধিক চলাব পাৰে। আৰু সেয়ে, শিক্ষা, দক্ষতা বিকাশ, গৱেষণা… নিয়োগৰ ওপৰত আমাৰ অধিক গুৰুত্ব। যোৱা ১০ বছৰত আমি এই ক্ষেত্ৰসমূহত যি কাম কৰিছোঁ তাৰ ফল লাভ কৰিবলৈ আৰম্ভ হৈছে। মাত্ৰ কেইদিনমানৰ আগতে টাইমছৰ উচ্চ শিক্ষাৰ ৰেংকিং ওলাইছে... ভাৰত বিশ্বৰ সেইখন দেশ য’ত গৱেষণাৰ মানদণ্ডৰ ক্ষেত্ৰত সৰ্বাধিক উন্নতি হৈছে। যোৱা ৮-৯ বছৰত ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ অংশগ্ৰহণ ৩০ৰ পৰা বাঢ়ি ১০০ৰো অধিক হৈছে। QS বিশ্ব বিশ্ববিদ্যালয়ৰ ৰেংকিঙতো ভাৰতৰ উপস্থিতি ১০ বছৰত ৩০০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে। আজি পেটেণ্ট আৰু ট্ৰেডমাৰ্কৰ সংখ্যা সৰ্বকালৰ উচ্চতম স্তৰত উপনীত হৈছে। আজি ভাৰত বিশ্বৰ বাবে অনুসন্ধান আৰু বিকাশৰ এক ডাঙৰ কেন্দ্ৰ হৈ পৰিছে। বিশ্বৰ প্ৰায় আঢ়ৈ হাজাৰ কোম্পানীৰ গৱেষণা কেন্দ্ৰ ভাৰতত আছে। ভাৰতত ষ্টাৰ্টআপ ইক’ছিষ্টেমটোও অভূতপূৰ্বভাৱে সম্প্ৰসাৰিত হৈছে।

বন্ধুসকল,

ভাৰতত ঘটি থকা এই সৰ্বাংগীন পৰিৱৰ্তনসমূহ বিশ্বৰ বাবেও আত্মবিশ্বাসৰ ভিত্তি হৈ পৰিছে। আজি বহু বিষয়ত ভাৰতে বিশ্বৰ ভৱিষ্যতক দিশ দিয়াৰ ক্ষেত্ৰত আগভাগ লৈছে। বিশ্বই অনুভৱ কৰে যে ভাৰত সংকটৰ সময়ত অংশীদাৰ। আপোনালোকে কোভিডৰ সেই সময়ছোৱা মনত পেলাওক… অত্যাৱশ্যকীয় ঔষধ আৰু অত্যাৱশ্যকীয় ভেকচিনৰ বাবে আমাৰ যি ক্ষমতা আছিল তাৰ পৰা আমি কোটি কোটি টকা উপাৰ্জন কৰিব পাৰিলোহেঁতেন। তাৰ পৰা ভাৰতে লাভৱান হ’লহেঁতেন কিন্তু মানৱতাই হাৰ মানিলে হেঁতেন৷ এইবোৰ আমাৰ সংস্কাৰ নহয়। সংকটৰ সময়ত আমি বিশ্বৰ শ শ দেশলৈ ঔষধ আৰু জীৱন ৰক্ষাকাৰী ভেকচিন যোগান ধৰিলোঁ। মই আনন্দিত যে ভাৰতে কঠিন সময়ত বিশ্বক সহায় কৰিবলৈ সক্ষম হৈছিল।

 

বন্ধুসকল,

ভাৰতে টেকৈন ফৰ গ্ৰাণ্টেড সম্পৰ্ক গঢ়ি নোতোলে… আমাৰ সম্পৰ্কৰ ভেটি বিশ্বাস আৰু বিশ্বাসযোগ্যতাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে। আৰু এই কথা পৃথিৱীয়েও বুজি পাইছে। ভাৰত এনে এখন দেশ যাৰ প্ৰগতিয়ে বিশ্ববাসীৰ আনন্দৰ ভাব কঢ়িয়াই আনে। ভাৰত সফল হয়, পৃথিৱীৰ ভাল লাগে। এতিয়া চন্দ্ৰযানৰ ঘটনাটো চাওক, সমগ্ৰ বিশ্বই ইয়াক উৎসৱ হিচাপে পালন কৰিছিল। ভাৰত যেতিয়া আগবাঢ়ি যায় তেতিয়া ঈৰ্ষা আৰু পৰশ্ৰীকাতৰতাৰ অনুভূতিৰ সৃষ্টি নহয়। আমাৰ প্ৰগতিৰ বাবে পৃথিৱী সুখী। কাৰণ ভাৰতৰ প্ৰগতিৰ দ্বাৰা সমগ্ৰ বিশ্বই লাভৱান হ'ব। আমি সকলোৱে জানো যে পূৰ্বতে ভাৰত কেনেকৈ বিশ্বৰ বৃদ্ধিৰ বাবে এক ইতিবাচক শক্তি আছিল। ভাৰতৰ ধাৰণা, ভাৰতৰ উদ্ভাৱন, ভাৰতৰ সামগ্ৰীয়ে কেনেকৈ যুগ যুগ ধৰি বিশ্বত নিজৰ প্ৰভাৱ পেলাইছিল। কিন্তু সময় সলনি হ’ল, ভাৰতে দাসত্বৰ দীৰ্ঘ সময় দেখিলে আৰু আমি পিছপৰি থাকিবলৈ ধৰিলোঁ। ঔদ্যোগিক বিপ্লৱৰ সময়তো ভাৰত দাস আছিল। দাসত্বৰ বাবে আমি ঔদ্যোগিক বিপ্লৱৰ সুবিধা ল’ব পৰা নাছিলোঁ। ভাৰতৰ হাতৰ পৰা সেই সময় পাৰ হৈ গ'ল… কিন্তু এতিয়া আজি ভাৰতৰ সময়। এয়া Industry 4.Oৰ যুগ। ভাৰত এতিয়া দাস নহয়, আমি স্বাধীনতা পোৱাৰ ৭৫ বছৰ হ'ল। আৰু সেইবাবেই এতিয়া আমি কঁকালত টঙালি বান্ধি সাজু হৈছোঁ।

বন্ধুসকল,

ভাৰতে Industry 4.O ৰ বাবে প্ৰয়োজনীয় দক্ষতা আৰু আন্তঃগাঁথনিৰ ওপৰত অতি দ্ৰুত কাম কৰি আছে। যোৱা দশকত বহুতো গ্লোবেল প্লেটফৰ্মৰ সৈতে জড়িত হোৱাৰ সুযোগ পাইছোঁ। মই সমগ্ৰ বিশ্বতে জি-২০ আৰু জি-৭ সন্মিলনৰ অংশ হৈ আছোঁ। মাত্ৰ ১০ দিন আগতে মই আছিয়ান সন্মিলনৰ বাবে লাওছত আছিলোঁ... আপোনালোকে জানি ভাল পাব যে ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ বিষয়ে প্ৰায় প্ৰতিটো শীৰ্ষ সন্মিলনত বহুত আলোচনা হয়। আজি সমগ্ৰ বিশ্বৰ চকু ভাৰতৰ ডি পি আইৰ ওপৰত। ইয়াত বহি আছে আমাৰ বন্ধু, ভাৰতৰ এজন প্ৰশংসক মিষ্টাৰ পল ৰ’মাৰ। আগতেও তেওঁৰ সৈতে বহু ধাৰণা বিতংভাৱে আলোচনা কৰাৰ সুযোগ পাইছোঁ, মই তেওঁৰ সৈতে বহু আলোচনা কৰিছোঁ। মই আমেৰিকাতো তেওঁক লগ পাইছিলোঁ। আমাৰ আলোচনাৰ সময়ত পলে ভাৰতৰ ডিজিটেল আন্তঃগাঁথনি আৰু আধাৰ আৰু ডিজিলকাৰৰ দৰে উদ্ভাৱনক প্ৰশংসা কৰে। ঠিক তেনেদৰে ডাঙৰ ডাঙৰ শীৰ্ষ সন্মিলনত মানুহে প্ৰশ্ন কৰে যে ভাৰতে ইমান আচৰিত ডিপিআই কেনেকৈ গঢ়ি তুলিছে?

বন্ধুসকল,

ইণ্টাৰনেটৰ যুগত ভাৰতৰ ফাৰ্ষ্ট মুভাৰ এডভান্টেজ নাছিল। যিবোৰ দেশত তেওঁলোকৰ এই সুবিধা আছিল, সেইবোৰ দেশত ব্যক্তিগত মঞ্চ আৰু ব্যক্তিগত উদ্ভাৱনে ডিজিটেল স্থানৰ নেতৃত্ব দিছিল। ইয়াৰ দ্বাৰা নিশ্চিতভাৱে পৃথিৱীত এক নতুন বিপ্লৱৰ সৃষ্টি হ’ল। কিন্তু ইয়াৰ সুবিধাৰ পৰিসৰ সীমিত আছিল। আনহাতে ভাৰতে বিশ্বক নতুন মডেল দিছে। ভাৰতে প্ৰযুক্তিৰ গণতান্ত্ৰিক কৰি বিশ্বক ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ এক নতুন পথ দেখুৱাইছে। আজি ভাৰতত চৰকাৰে এটা মঞ্চ সৃষ্টি কৰে আৰু তাৰ ওপৰত লাখ লাখ নতুন উদ্ভাৱন ঘটে। আমাৰ জন ধন আধাৰ আৰু মোবাইলৰ জেম সংযোগ দ্ৰুত আৰু লিকেজ মুক্ত সেৱা প্ৰদানৰ বাবে এক উৎকৃষ্ট ব্যৱস্থাত পৰিণত হৈছে। আপোনালোকে আমাৰ UPI চাওক… এইটোৰ ওপৰত ভাৰতত fintech ৰ নতুন সম্প্ৰসাৰণ ঘটিছে। ইউপিআইৰ বাবেই আজি প্ৰতিদিনে ৫০ কোটিতকৈও অধিক ডিজিটেল লেনদেন হৈ আছে। আৰু এইটো কৰ্পৰেটসকলে নহয়, আমাৰ সৰু সৰু দোকানী আৰু ৰাজপথৰ বিক্ৰেতাসকলেহে চলাইছে। আমাৰ পিএম গতিশক্তি মঞ্চ আন এক উদাহৰণ। আন্তঃগাঁথনি প্ৰকল্প নিৰ্মাণত থকা চাইল’বোৰ আঁতৰাবলৈ আমি পিএম গতিশক্তি সৃষ্টি কৰিলোঁ। আজি ই আমাৰ লজিষ্টিক পৰিৱেশ তন্ত্ৰক ৰূপান্তৰিত কৰাত সহায় কৰিছে। আমাৰ অ’এনডিচি প্লেটফৰ্মটো এনেকুৱাই। এইটো এনে এক উদ্ভাৱন বুলি প্ৰমাণিত হৈছে যিয়ে অনলাইন খুচুৰা বিক্ৰীক অধিক গণতান্ত্ৰিক আৰু অধিক স্বচ্ছ কৰি তুলিব। ভাৰতে দেখুৱাইছে যে ডিজিটেল উদ্ভাৱন আৰু গণতান্ত্ৰিক মূল্যবোধৰ সহ-অস্তিত্ব থাকিব পাৰে। ভাৰতে দেখুৱাইছে যে প্ৰযুক্তি নিয়ন্ত্ৰণ আৰু বিভাজনৰ নহয়, অন্তৰ্ভুক্তি, স্বচ্ছতা আৰু সৱলীকৰণৰ আহিলা।

 

বন্ধুসকল,

একবিংশ শতিকাৰ এই সময়খিনি মানৱ ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। এনে পৰিস্থিতিত আজিৰ যুগৰ অতি প্ৰয়োজন… স্থিৰতা, বহনক্ষমতা আৰু সমাধান… এইবোৰেই হৈছে মানৱতাৰ উন্নত ভৱিষ্যতৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ চৰ্ত। আৰু ভাৰতে আজি ইয়াকে প্ৰয়াস কৰি আছে। ইয়াত ভাৰতৰ জনসাধাৰণৰ একনিষ্ঠ সমৰ্থন আছে। ৬ দশকৰ পিছত প্ৰথমবাৰৰ বাবে দেশৰ জনসাধাৰণে একেৰাহে তৃতীয়বাৰৰ বাবে এখন চৰকাৰক নিজৰ জনাদেশ প্ৰদান কৰিছে। এই বাৰ্তাটো স্থিৰতাৰ। অলপতে হাৰিয়ানাত নিৰ্বাচন অনুষ্ঠিত হৈছে। এই নিৰ্বাচনসমূহতো ভাৰতৰ জনসাধাৰণে স্থিতিশীলতাৰ এই অনুভৱক আৰু অধিক শক্তিশালী কৰি তুলিছে।

বন্ধুসকল,

জলবায়ু পৰিৱৰ্তনৰ সংকট আজি সমগ্ৰ মানৱতাৰ সংকটত পৰিণত হৈছে। এই ক্ষেত্ৰতো ভাৰতে আগভাগ ল’বলৈ চেষ্টা কৰিছে। বিশ্ব জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত আমাৰ অৱদান নগণ্য। তথাপিও ভাৰতত আমি সেউজ পৰিৱৰ্তনক আমাৰ বৃদ্ধিৰ ইন্ধন হিচাপে গঢ়ি তুলিছোঁ। আজি আমাৰ উন্নয়ন পৰিকল্পনাৰ মূলতে বহনক্ষমতা। আপোনালোকে আমাৰ পিএম সূৰ্য ঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনিখন চাওক… পথাৰত সৌৰ পাম্প স্থাপনৰ আঁচনিখন চাওক… আমাৰ ইভি বিপ্লৱ হওক, বা ইথানল মিশ্ৰণ কাৰ্যসূচী হওক… ডাঙৰ ডাঙৰ বতাহ শক্তি পাম হওক, বা এলইডি লাইট মুভমেণ্ট হওক… সৌৰ চালিত বিমানবন্দৰ বা বায়'গেছ প্লাণ্টত গুৰুত্ব হওক… আপোনালোকে আমাৰ যিকোনো কাৰ্যক্ৰম বা যিকোনো আঁচনি চাওক… সকলোতে সেউজ ভৱিষ্যতক লৈ, সেউজ চাকৰিক লৈ এটা শক্তিশালী দায়বদ্ধতাই বিচাৰি পাব।

 

বন্ধুসকল,

স্থিৰতা আৰু বহনক্ষমতাৰ সমান্তৰালকৈ ভাৰতে আজি সমাধানৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। যোৱা দশকত ভাৰতে এনে বহু সমাধানৰ ওপৰত কাম কৰিছে, যিবোৰ বিশ্বজনীন প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰয়োজনীয়। আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা হওক… দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁট হওক… ভাৰত মধ্যপ্ৰাচ্য অৰ্থনৈতিক কৰিডৰ হওক… গ্লোবেল বায়'ফুৱেল মিত্ৰতা হওক… যোগ হওক… আয়ুৰ্বেদ হওক… মিছন লাইফ হওক, মিছন মিলেটছ হওক, ভাৰতৰ ফালৰ পৰা লোৱা সকলো পদক্ষেপ বিশ্বৰ প্ৰত্যাহ্বানসমূহৰ সমাধান দিব পৰা।

বন্ধুসকল,

মই সুখী যে ভাৰতৰ ক্ৰমবৰ্ধমান সামৰ্থ্যই বিশ্বৰ উন্নতি সুনিশ্চিত কৰিছে। ভাৰত যিমানেই আগবাঢ়িব সিমানেই বিশ্ব লাভৱান হ’ব। আমাৰ প্ৰয়াস হ’ব ভাৰতৰ শতিকাক কেৱল ভাৰতৰ বাবেই নহয়, বৰঞ্চ সমগ্ৰ মানৱ জাতিৰ বাবে বিজয়ৰ শতিকা হিচাপে গঢ়ি তোলা। এটা এনেকুৱা শতিকা যি সকলোৰে প্ৰতিভাৰে আগবাঢ়ি যাব, এটা এনেকুৱা শতিকা, যি সকলোৰে উদ্ভাৱনেৰে সমৃদ্ধ হওক, এটা এনেকুৱা শতিকা, য’ত দৰিদ্ৰতা নাথাকিব, এটা এনেকুৱা শতিকা, য’ত সকলোৰে আগবাঢ়ি যোৱাৰ সুযোগ থাকিব, এটা এনেকুৱা শতিকা, য'ত ভাৰতৰ প্ৰয়াসেৰে বিশ্বত স্থিৰতা আহিব আৰু বিশ্ব শান্তি বাঢ়িব। এই মনোভাবেৰে মোক ইয়ালৈ নিমন্ত্ৰণ কৰা বাবে সুযোগ দিয়াৰ বাবে মই এনডিটিভিৰ প্ৰতি পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই সন্মিলন সফল হোৱাৰ বাবে মোৰ ফালৰ পৰা আপোনালোকক বহুত শুভকামনা।

 

 বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Will walk shoulder to shoulder': PM Modi pushes 'Make in India, Partner with India' at Russia-India forum

Media Coverage

'Will walk shoulder to shoulder': PM Modi pushes 'Make in India, Partner with India' at Russia-India forum
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Today, India is becoming the key growth engine of the global economy: PM Modi
December 06, 2025
India is brimming with confidence: PM
In a world of slowdown, mistrust and fragmentation, India brings growth, trust and acts as a bridge-builder: PM
Today, India is becoming the key growth engine of the global economy: PM
India's Nari Shakti is doing wonders, Our daughters are excelling in every field today: PM
Our pace is constant, Our direction is consistent, Our intent is always Nation First: PM
Every sector today is shedding the old colonial mindset and aiming for new achievements with pride: PM

आप सभी को नमस्कार।

यहां हिंदुस्तान टाइम्स समिट में देश-विदेश से अनेक गणमान्य अतिथि उपस्थित हैं। मैं आयोजकों और जितने साथियों ने अपने विचार रखें, आप सभी का अभिनंदन करता हूं। अभी शोभना जी ने दो बातें बताई, जिसको मैंने नोटिस किया, एक तो उन्होंने कहा कि मोदी जी पिछली बार आए थे, तो ये सुझाव दिया था। इस देश में मीडिया हाउस को काम बताने की हिम्मत कोई नहीं कर सकता। लेकिन मैंने की थी, और मेरे लिए खुशी की बात है कि शोभना जी और उनकी टीम ने बड़े चाव से इस काम को किया। और देश को, जब मैं अभी प्रदर्शनी देखके आया, मैं सबसे आग्रह करूंगा कि इसको जरूर देखिए। इन फोटोग्राफर साथियों ने इस, पल को ऐसे पकड़ा है कि पल को अमर बना दिया है। दूसरी बात उन्होंने कही और वो भी जरा मैं शब्दों को जैसे मैं समझ रहा हूं, उन्होंने कहा कि आप आगे भी, एक तो ये कह सकती थी, कि आप आगे भी देश की सेवा करते रहिए, लेकिन हिंदुस्तान टाइम्स ये कहे, आप आगे भी ऐसे ही सेवा करते रहिए, मैं इसके लिए भी विशेष रूप से आभार व्यक्त करता हूं।

साथियों,

इस बार समिट की थीम है- Transforming Tomorrow. मैं समझता हूं जिस हिंदुस्तान अखबार का 101 साल का इतिहास है, जिस अखबार पर महात्मा गांधी जी, मदन मोहन मालवीय जी, घनश्यामदास बिड़ला जी, ऐसे अनगिनत महापुरूषों का आशीर्वाद रहा, वो अखबार जब Transforming Tomorrow की चर्चा करता है, तो देश को ये भरोसा मिलता है कि भारत में हो रहा परिवर्तन केवल संभावनाओं की बात नहीं है, बल्कि ये बदलते हुए जीवन, बदलती हुई सोच और बदलती हुई दिशा की सच्ची गाथा है।

साथियों,

आज हमारे संविधान के मुख्य शिल्पी, डॉक्टर बाबा साहेब आंबेडकर जी का महापरिनिर्वाण दिवस भी है। मैं सभी भारतीयों की तरफ से उन्हें श्रद्धांजलि अर्पित करता हूं।

Friends,

आज हम उस मुकाम पर खड़े हैं, जब 21वीं सदी का एक चौथाई हिस्सा बीत चुका है। इन 25 सालों में दुनिया ने कई उतार-चढ़ाव देखे हैं। फाइनेंशियल क्राइसिस देखी हैं, ग्लोबल पेंडेमिक देखी हैं, टेक्नोलॉजी से जुड़े डिसरप्शन्स देखे हैं, हमने बिखरती हुई दुनिया भी देखी है, Wars भी देख रहे हैं। ये सारी स्थितियां किसी न किसी रूप में दुनिया को चैलेंज कर रही हैं। आज दुनिया अनिश्चितताओं से भरी हुई है। लेकिन अनिश्चितताओं से भरे इस दौर में हमारा भारत एक अलग ही लीग में दिख रहा है, भारत आत्मविश्वास से भरा हुआ है। जब दुनिया में slowdown की बात होती है, तब भारत growth की कहानी लिखता है। जब दुनिया में trust का crisis दिखता है, तब भारत trust का pillar बन रहा है। जब दुनिया fragmentation की तरफ जा रही है, तब भारत bridge-builder बन रहा है।

साथियों,

अभी कुछ दिन पहले भारत में Quarter-2 के जीडीपी फिगर्स आए हैं। Eight परसेंट से ज्यादा की ग्रोथ रेट हमारी प्रगति की नई गति का प्रतिबिंब है।

साथियों,

ये एक सिर्फ नंबर नहीं है, ये strong macro-economic signal है। ये संदेश है कि भारत आज ग्लोबल इकोनॉमी का ग्रोथ ड्राइवर बन रहा है। और हमारे ये आंकड़े तब हैं, जब ग्लोबल ग्रोथ 3 प्रतिशत के आसपास है। G-7 की इकोनमीज औसतन डेढ़ परसेंट के आसपास हैं, 1.5 परसेंट। इन परिस्थितियों में भारत high growth और low inflation का मॉडल बना हुआ है। एक समय था, जब हमारे देश में खास करके इकोनॉमिस्ट high Inflation को लेकर चिंता जताते थे। आज वही Inflation Low होने की बात करते हैं।

साथियों,

भारत की ये उपलब्धियां सामान्य बात नहीं है। ये सिर्फ आंकड़ों की बात नहीं है, ये एक फंडामेंटल चेंज है, जो बीते दशक में भारत लेकर आया है। ये फंडामेंटल चेंज रज़ीलियन्स का है, ये चेंज समस्याओं के समाधान की प्रवृत्ति का है, ये चेंज आशंकाओं के बादलों को हटाकर, आकांक्षाओं के विस्तार का है, और इसी वजह से आज का भारत खुद भी ट्रांसफॉर्म हो रहा है, और आने वाले कल को भी ट्रांसफॉर्म कर रहा है।

साथियों,

आज जब हम यहां transforming tomorrow की चर्चा कर रहे हैं, हमें ये भी समझना होगा कि ट्रांसफॉर्मेशन का जो विश्वास पैदा हुआ है, उसका आधार वर्तमान में हो रहे कार्यों की, आज हो रहे कार्यों की एक मजबूत नींव है। आज के Reform और आज की Performance, हमारे कल के Transformation का रास्ता बना रहे हैं। मैं आपको एक उदाहरण दूंगा कि हम किस सोच के साथ काम कर रहे हैं।

साथियों,

आप भी जानते हैं कि भारत के सामर्थ्य का एक बड़ा हिस्सा एक लंबे समय तक untapped रहा है। जब देश के इस untapped potential को ज्यादा से ज्यादा अवसर मिलेंगे, जब वो पूरी ऊर्जा के साथ, बिना किसी रुकावट के देश के विकास में भागीदार बनेंगे, तो देश का कायाकल्प होना तय है। आप सोचिए, हमारा पूर्वी भारत, हमारा नॉर्थ ईस्ट, हमारे गांव, हमारे टीयर टू और टीय़र थ्री सिटीज, हमारे देश की नारीशक्ति, भारत की इनोवेटिव यूथ पावर, भारत की सामुद्रिक शक्ति, ब्लू इकोनॉमी, भारत का स्पेस सेक्टर, कितना कुछ है, जिसके फुल पोटेंशियल का इस्तेमाल पहले के दशकों में हो ही नहीं पाया। अब आज भारत इन Untapped पोटेंशियल को Tap करने के विजन के साथ आगे बढ़ रहा है। आज पूर्वी भारत में आधुनिक इंफ्रास्ट्रक्चर, कनेक्टिविटी और इंडस्ट्री पर अभूतपूर्व निवेश हो रहा है। आज हमारे गांव, हमारे छोटे शहर भी आधुनिक सुविधाओं से लैस हो रहे हैं। हमारे छोटे शहर, Startups और MSMEs के नए केंद्र बन रहे हैं। हमारे गाँवों में किसान FPO बनाकर सीधे market से जुड़ें, और कुछ तो FPO’s ग्लोबल मार्केट से जुड़ रहे हैं।

साथियों,

भारत की नारीशक्ति तो आज कमाल कर रही हैं। हमारी बेटियां आज हर फील्ड में छा रही हैं। ये ट्रांसफॉर्मेशन अब सिर्फ महिला सशक्तिकरण तक सीमित नहीं है, ये समाज की सोच और सामर्थ्य, दोनों को transform कर रहा है।

साथियों,

जब नए अवसर बनते हैं, जब रुकावटें हटती हैं, तो आसमान में उड़ने के लिए नए पंख भी लग जाते हैं। इसका एक उदाहरण भारत का स्पेस सेक्टर भी है। पहले स्पेस सेक्टर सरकारी नियंत्रण में ही था। लेकिन हमने स्पेस सेक्टर में रिफॉर्म किया, उसे प्राइवेट सेक्टर के लिए Open किया, और इसके नतीजे आज देश देख रहा है। अभी 10-11 दिन पहले मैंने हैदराबाद में Skyroot के Infinity Campus का उद्घाटन किया है। Skyroot भारत की प्राइवेट स्पेस कंपनी है। ये कंपनी हर महीने एक रॉकेट बनाने की क्षमता पर काम कर रही है। ये कंपनी, flight-ready विक्रम-वन बना रही है। सरकार ने प्लेटफॉर्म दिया, और भारत का नौजवान उस पर नया भविष्य बना रहा है, और यही तो असली ट्रांसफॉर्मेशन है।

साथियों,

भारत में आए एक और बदलाव की चर्चा मैं यहां करना ज़रूरी समझता हूं। एक समय था, जब भारत में रिफॉर्म्स, रिएक्शनरी होते थे। यानि बड़े निर्णयों के पीछे या तो कोई राजनीतिक स्वार्थ होता था या फिर किसी क्राइसिस को मैनेज करना होता था। लेकिन आज नेशनल गोल्स को देखते हुए रिफॉर्म्स होते हैं, टारगेट तय है। आप देखिए, देश के हर सेक्टर में कुछ ना कुछ बेहतर हो रहा है, हमारी गति Constant है, हमारी Direction Consistent है, और हमारा intent, Nation First का है। 2025 का तो ये पूरा साल ऐसे ही रिफॉर्म्स का साल रहा है। सबसे बड़ा रिफॉर्म नेक्स्ट जेनरेशन जीएसटी का था। और इन रिफॉर्म्स का असर क्या हुआ, वो सारे देश ने देखा है। इसी साल डायरेक्ट टैक्स सिस्टम में भी बहुत बड़ा रिफॉर्म हुआ है। 12 लाख रुपए तक की इनकम पर ज़ीरो टैक्स, ये एक ऐसा कदम रहा, जिसके बारे में एक दशक पहले तक सोचना भी असंभव था।

साथियों,

Reform के इसी सिलसिले को आगे बढ़ाते हुए, अभी तीन-चार दिन पहले ही Small Company की डेफिनीशन में बदलाव किया गया है। इससे हजारों कंपनियाँ अब आसान नियमों, तेज़ प्रक्रियाओं और बेहतर सुविधाओं के दायरे में आ गई हैं। हमने करीब 200 प्रोडक्ट कैटगरीज़ को mandatory क्वालिटी कंट्रोल ऑर्डर से बाहर भी कर दिया गया है।

साथियों,

आज के भारत की ये यात्रा, सिर्फ विकास की नहीं है। ये सोच में बदलाव की भी यात्रा है, ये मनोवैज्ञानिक पुनर्जागरण, साइकोलॉजिकल रेनसां की भी यात्रा है। आप भी जानते हैं, कोई भी देश बिना आत्मविश्वास के आगे नहीं बढ़ सकता। दुर्भाग्य से लंबी गुलामी ने भारत के इसी आत्मविश्वास को हिला दिया था। और इसकी वजह थी, गुलामी की मानसिकता। गुलामी की ये मानसिकता, विकसित भारत के लक्ष्य की प्राप्ति में एक बहुत बड़ी रुकावट है। और इसलिए, आज का भारत गुलामी की मानसिकता से मुक्ति पाने के लिए काम कर रहा है।

साथियों,

अंग्रेज़ों को अच्छी तरह से पता था कि भारत पर लंबे समय तक राज करना है, तो उन्हें भारतीयों से उनके आत्मविश्वास को छीनना होगा, भारतीयों में हीन भावना का संचार करना होगा। और उस दौर में अंग्रेजों ने यही किया भी। इसलिए, भारतीय पारिवारिक संरचना को दकियानूसी बताया गया, भारतीय पोशाक को Unprofessional करार दिया गया, भारतीय त्योहार-संस्कृति को Irrational कहा गया, योग-आयुर्वेद को Unscientific बता दिया गया, भारतीय अविष्कारों का उपहास उड़ाया गया और ये बातें कई-कई दशकों तक लगातार दोहराई गई, पीढ़ी दर पीढ़ी ये चलता गया, वही पढ़ा, वही पढ़ाया गया। और ऐसे ही भारतीयों का आत्मविश्वास चकनाचूर हो गया।

साथियों,

गुलामी की इस मानसिकता का कितना व्यापक असर हुआ है, मैं इसके कुछ उदाहरण आपको देना चाहता हूं। आज भारत, दुनिया की सबसे तेज़ी से ग्रो करने वाली मेजर इकॉनॉमी है, कोई भारत को ग्लोबल ग्रोथ इंजन बताता है, कोई, Global powerhouse कहता है, एक से बढ़कर एक बातें आज हो रही हैं।

लेकिन साथियों,

आज भारत की जो तेज़ ग्रोथ हो रही है, क्या कहीं पर आपने पढ़ा? क्या कहीं पर आपने सुना? इसको कोई, हिंदू रेट ऑफ ग्रोथ कहता है क्या? दुनिया की तेज इकॉनमी, तेज ग्रोथ, कोई कहता है क्या? हिंदू रेट ऑफ ग्रोथ कब कहा गया? जब भारत, दो-तीन परसेंट की ग्रोथ के लिए तरस गया था। आपको क्या लगता है, किसी देश की इकोनॉमिक ग्रोथ को उसमें रहने वाले लोगों की आस्था से जोड़ना, उनकी पहचान से जोड़ना, क्या ये अनायास ही हुआ होगा क्या? जी नहीं, ये गुलामी की मानसिकता का प्रतिबिंब था। एक पूरे समाज, एक पूरी परंपरा को, अन-प्रोडक्टिविटी का, गरीबी का पर्याय बना दिया गया। यानी ये सिद्ध करने का प्रयास किया गया कि, भारत की धीमी विकास दर का कारण, हमारी हिंदू सभ्यता और हिंदू संस्कृति है। और हद देखिए, आज जो तथाकथित बुद्धिजीवी हर चीज में, हर बात में सांप्रदायिकता खोजते रहते हैं, उनको हिंदू रेट ऑफ ग्रोथ में सांप्रदायिकता नज़र नहीं आई। ये टर्म, उनके दौर में किताबों का, रिसर्च पेपर्स का हिस्सा बना दिया गया।

साथियों,

गुलामी की मानसिकता ने भारत में मैन्युफेक्चरिंग इकोसिस्टम को कैसे तबाह कर दिया, और हम इसको कैसे रिवाइव कर रहे हैं, मैं इसके भी कुछ उदाहरण दूंगा। भारत गुलामी के कालखंड में भी अस्त्र-शस्त्र का एक बड़ा निर्माता था। हमारे यहां ऑर्डिनेंस फैक्ट्रीज़ का एक सशक्त नेटवर्क था। भारत से हथियार निर्यात होते थे। विश्व युद्धों में भी भारत में बने हथियारों का बोल-बाला था। लेकिन आज़ादी के बाद, हमारा डिफेंस मैन्युफेक्चरिंग इकोसिस्टम तबाह कर दिया गया। गुलामी की मानसिकता ऐसी हावी हुई कि सरकार में बैठे लोग भारत में बने हथियारों को कमजोर आंकने लगे, और इस मानसिकता ने भारत को दुनिया के सबसे बड़े डिफेंस importers के रूप में से एक बना दिया।

साथियों,

गुलामी की मानसिकता ने शिप बिल्डिंग इंडस्ट्री के साथ भी यही किया। भारत सदियों तक शिप बिल्डिंग का एक बड़ा सेंटर था। यहां तक कि 5-6 दशक पहले तक, यानी 50-60 साल पहले, भारत का फोर्टी परसेंट ट्रेड, भारतीय जहाजों पर होता था। लेकिन गुलामी की मानसिकता ने विदेशी जहाज़ों को प्राथमिकता देनी शुरु की। नतीजा सबके सामने है, जो देश कभी समुद्री ताकत था, वो अपने Ninety five परसेंट व्यापार के लिए विदेशी जहाज़ों पर निर्भर हो गया है। और इस वजह से आज भारत हर साल करीब 75 बिलियन डॉलर, यानी लगभग 6 लाख करोड़ रुपए विदेशी शिपिंग कंपनियों को दे रहा है।

साथियों,

शिप बिल्डिंग हो, डिफेंस मैन्यूफैक्चरिंग हो, आज हर सेक्टर में गुलामी की मानसिकता को पीछे छोड़कर नए गौरव को हासिल करने का प्रयास किया जा रहा है।

साथियों,

गुलामी की मानसिकता ने एक बहुत बड़ा नुकसान, भारत में गवर्नेंस की अप्रोच को भी किया है। लंबे समय तक सरकारी सिस्टम का अपने नागरिकों पर अविश्वास रहा। आपको याद होगा, पहले अपने ही डॉक्यूमेंट्स को किसी सरकारी अधिकारी से अटेस्ट कराना पड़ता था। जब तक वो ठप्पा नहीं मारता है, सब झूठ माना जाता था। आपका परिश्रम किया हुआ सर्टिफिकेट। हमने ये अविश्वास का भाव तोड़ा और सेल्फ एटेस्टेशन को ही पर्याप्त माना। मेरे देश का नागरिक कहता है कि भई ये मैं कह रहा हूं, मैं उस पर भरोसा करता हूं।

साथियों,

हमारे देश में ऐसे-ऐसे प्रावधान चल रहे थे, जहां ज़रा-जरा सी गलतियों को भी गंभीर अपराध माना जाता था। हम जन-विश्वास कानून लेकर आए, और ऐसे सैकड़ों प्रावधानों को डी-क्रिमिनलाइज किया है।

साथियों,

पहले बैंक से हजार रुपए का भी लोन लेना होता था, तो बैंक गारंटी मांगता था, क्योंकि अविश्वास बहुत अधिक था। हमने मुद्रा योजना से अविश्वास के इस कुचक्र को तोड़ा। इसके तहत अभी तक 37 lakh crore, 37 लाख करोड़ रुपए की गारंटी फ्री लोन हम दे चुके हैं देशवासियों को। इस पैसे से, उन परिवारों के नौजवानों को भी आंत्रप्रन्योर बनने का विश्वास मिला है। आज रेहड़ी-पटरी वालों को भी, ठेले वाले को भी बिना गारंटी बैंक से पैसा दिया जा रहा है।

साथियों,

हमारे देश में हमेशा से ये माना गया कि सरकार को अगर कुछ दे दिया, तो फिर वहां तो वन वे ट्रैफिक है, एक बार दिया तो दिया, फिर वापस नहीं आता है, गया, गया, यही सबका अनुभव है। लेकिन जब सरकार और जनता के बीच विश्वास मजबूत होता है, तो काम कैसे होता है? अगर कल अच्छी करनी है ना, तो मन आज अच्छा करना पड़ता है। अगर मन अच्छा है तो कल भी अच्छा होता है। और इसलिए हम एक और अभियान लेकर आए, आपको सुनकर के ताज्जुब होगा और अभी अखबारों में उसकी, अखबारों वालों की नजर नहीं गई है उस पर, मुझे पता नहीं जाएगी की नहीं जाएगी, आज के बाद हो सकता है चली जाए।

आपको ये जानकर हैरानी होगी कि आज देश के बैंकों में, हमारे ही देश के नागरिकों का 78 thousand crore रुपया, 78 हजार करोड़ रुपए Unclaimed पड़ा है बैंको में, पता नहीं कौन है, किसका है, कहां है। इस पैसे को कोई पूछने वाला नहीं है। इसी तरह इन्श्योरेंश कंपनियों के पास करीब 14 हजार करोड़ रुपए पड़े हैं। म्यूचुअल फंड कंपनियों के पास करीब 3 हजार करोड़ रुपए पड़े हैं। 9 हजार करोड़ रुपए डिविडेंड का पड़ा है। और ये सब Unclaimed पड़ा हुआ है, कोई मालिक नहीं उसका। ये पैसा, गरीब और मध्यम वर्गीय परिवारों का है, और इसलिए, जिसके हैं वो तो भूल चुका है। हमारी सरकार अब उनको ढूंढ रही है देशभर में, अरे भई बताओ, तुम्हारा तो पैसा नहीं था, तुम्हारे मां बाप का तो नहीं था, कोई छोड़कर तो नहीं चला गया, हम जा रहे हैं। हमारी सरकार उसके हकदार तक पहुंचने में जुटी है। और इसके लिए सरकार ने स्पेशल कैंप लगाना शुरू किया है, लोगों को समझा रहे हैं, कि भई देखिए कोई है तो अता पता। आपके पैसे कहीं हैं क्या, गए हैं क्या? अब तक करीब 500 districts में हम ऐसे कैंप लगाकर हजारों करोड़ रुपए असली हकदारों को दे चुके हैं जी। पैसे पड़े थे, कोई पूछने वाला नहीं था, लेकिन ये मोदी है, ढूंढ रहा है, अरे यार तेरा है ले जा।

साथियों,

ये सिर्फ asset की वापसी का मामला नहीं है, ये विश्वास का मामला है। ये जनता के विश्वास को निरंतर हासिल करने की प्रतिबद्धता है और जनता का विश्वास, यही हमारी सबसे बड़ी पूंजी है। अगर गुलामी की मानसिकता होती तो सरकारी मानसी साहबी होता और ऐसे अभियान कभी नहीं चलते हैं।

साथियों,

हमें अपने देश को पूरी तरह से, हर क्षेत्र में गुलामी की मानसिकता से पूर्ण रूप से मुक्त करना है। अभी कुछ दिन पहले मैंने देश से एक अपील की है। मैं आने वाले 10 साल का एक टाइम-फ्रेम लेकर, देशवासियों को मेरे साथ, मेरी बातों को ये कुछ करने के लिए प्यार से आग्रह कर रहा हूं, हाथ जोड़कर विनती कर रहा हूं। 140 करोड़ देशवसियों की मदद के बिना ये मैं कर नहीं पाऊंगा, और इसलिए मैं देशवासियों से बार-बार हाथ जोड़कर कह रहा हूं, और 10 साल के इस टाइम फ्रैम में मैं क्या मांग रहा हूं? मैकाले की जिस नीति ने भारत में मानसिक गुलामी के बीज बोए थे, उसको 2035 में 200 साल पूरे हो रहे हैं, Two hundred year हो रहे हैं। यानी 10 साल बाकी हैं। और इसलिए, इन्हीं दस वर्षों में हम सभी को मिलकर के, अपने देश को गुलामी की मानसिकता से मुक्त करके रहना चाहिए।

साथियों,

मैं अक्सर कहता हूं, हम लीक पकड़कर चलने वाले लोग नहीं हैं। बेहतर कल के लिए, हमें अपनी लकीर बड़ी करनी ही होगी। हमें देश की भविष्य की आवश्यकताओं को समझते हुए, वर्तमान में उसके हल तलाशने होंगे। आजकल आप देखते हैं कि मैं मेक इन इंडिया और आत्मनिर्भर भारत अभियान पर लगातार चर्चा करता हूं। शोभना जी ने भी अपने भाषण में उसका उल्लेख किया। अगर ऐसे अभियान 4-5 दशक पहले शुरू हो गए होते, तो आज भारत की तस्वीर कुछ और होती। लेकिन तब जो सरकारें थीं उनकी प्राथमिकताएं कुछ और थीं। आपको वो सेमीकंडक्टर वाला किस्सा भी पता ही है, करीब 50-60 साल पहले, 5-6 दशक पहले एक कंपनी, भारत में सेमीकंडक्टर प्लांट लगाने के लिए आई थी, लेकिन यहां उसको तवज्जो नहीं दी गई, और देश सेमीकंडक्टर मैन्युफैक्चरिंग में इतना पिछड़ गया।

साथियों,

यही हाल एनर्जी सेक्टर की भी है। आज भारत हर साल करीब-करीब 125 लाख करोड़ रुपए के पेट्रोल-डीजल-गैस का इंपोर्ट करता है, 125 लाख करोड़ रुपया। हमारे देश में सूर्य भगवान की इतनी बड़ी कृपा है, लेकिन फिर भी 2014 तक भारत में सोलर एनर्जी जनरेशन कपैसिटी सिर्फ 3 गीगावॉट थी, 3 गीगावॉट थी। 2014 तक की मैं बात कर रहा हूं, जब तक की आपने मुझे यहां लाकर के बिठाया नहीं। 3 गीगावॉट, पिछले 10 वर्षों में अब ये बढ़कर 130 गीगावॉट के आसपास पहुंच चुकी है। और इसमें भी भारत ने twenty two गीगावॉट कैपेसिटी, सिर्फ और सिर्फ rooftop solar से ही जोड़ी है। 22 गीगावाट एनर्जी रूफटॉप सोलर से।

साथियों,

पीएम सूर्य घर मुफ्त बिजली योजना ने, एनर्जी सिक्योरिटी के इस अभियान में देश के लोगों को सीधी भागीदारी करने का मौका दे दिया है। मैं काशी का सांसद हूं, प्रधानमंत्री के नाते जो काम है, लेकिन सांसद के नाते भी कुछ काम करने होते हैं। मैं जरा काशी के सांसद के नाते आपको कुछ बताना चाहता हूं। और आपके हिंदी अखबार की तो ताकत है, तो उसको तो जरूर काम आएगा। काशी में 26 हजार से ज्यादा घरों में पीएम सूर्य घर मुफ्त बिजली योजना के सोलर प्लांट लगे हैं। इससे हर रोज, डेली तीन लाख यूनिट से अधिक बिजली पैदा हो रही है, और लोगों के करीब पांच करोड़ रुपए हर महीने बच रहे हैं। यानी साल भर के साठ करोड़ रुपये।

साथियों,

इतनी सोलर पावर बनने से, हर साल करीब नब्बे हज़ार, ninety thousand मीट्रिक टन कार्बन एमिशन कम हो रहा है। इतने कार्बन एमिशन को खपाने के लिए, हमें चालीस लाख से ज्यादा पेड़ लगाने पड़ते। और मैं फिर कहूंगा, ये जो मैंने आंकडे दिए हैं ना, ये सिर्फ काशी के हैं, बनारस के हैं, मैं देश की बात नहीं बता रहा हूं आपको। आप कल्पना कर सकते हैं कि, पीएम सूर्य घर मुफ्त बिजली योजना, ये देश को कितना बड़ा फायदा हो रहा है। आज की एक योजना, भविष्य को Transform करने की कितनी ताकत रखती है, ये उसका Example है।

वैसे साथियों,

अभी आपने मोबाइल मैन्यूफैक्चरिंग के भी आंकड़े देखे होंगे। 2014 से पहले तक हम अपनी ज़रूरत के 75 परसेंट मोबाइल फोन इंपोर्ट करते थे, 75 परसेंट। और अब, भारत का मोबाइल फोन इंपोर्ट लगभग ज़ीरो हो गया है। अब हम बहुत बड़े मोबाइल फोन एक्सपोर्टर बन रहे हैं। 2014 के बाद हमने एक reform किया, देश ने Perform किया और उसके Transformative नतीजे आज दुनिया देख रही है।

साथियों,

Transforming tomorrow की ये यात्रा, ऐसी ही अनेक योजनाओं, अनेक नीतियों, अनेक निर्णयों, जनआकांक्षाओं और जनभागीदारी की यात्रा है। ये निरंतरता की यात्रा है। ये सिर्फ एक समिट की चर्चा तक सीमित नहीं है, भारत के लिए तो ये राष्ट्रीय संकल्प है। इस संकल्प में सबका साथ जरूरी है, सबका प्रयास जरूरी है। सामूहिक प्रयास हमें परिवर्तन की इस ऊंचाई को छूने के लिए अवसर देंगे ही देंगे।

साथियों,

एक बार फिर, मैं शोभना जी का, हिन्दुस्तान टाइम्स का बहुत आभारी हूं, कि आपने मुझे अवसर दिया आपके बीच आने का और जो बातें कभी-कभी बताई उसको आपने किया और मैं तो मानता हूं शायद देश के फोटोग्राफरों के लिए एक नई ताकत बनेगा ये। इसी प्रकार से अनेक नए कार्यक्रम भी आप आगे के लिए सोच सकते हैं। मेरी मदद लगे तो जरूर मुझे बताना, आईडिया देने का मैं कोई रॉयल्टी नहीं लेता हूं। मुफ्त का कारोबार है और मारवाड़ी परिवार है, तो मौका छोड़ेगा ही नहीं। बहुत-बहुत धन्यवाद आप सबका, नमस्कार।