যোৱা দশকত পঞ্চায়তসমূহক সবলীকৰণৰ বাবে একাধিক ব্যৱস্থা গ্ৰহণ, প্ৰযুক্তিৰ জৰিয়তে পঞ্চায়তসমূহক সুদৃঢ় কৰা হৈছেঃ প্ৰধানমন্ত্ৰী
যোৱা দশকত গ্ৰাম্য অৰ্থনীতিয়ে নতুন গতি লাভ কৰিছেঃ প্ৰধানমন্ত্ৰী
বিগত দশকটো ভাৰতৰ আন্তঃগাঁথনিৰ দশক আছিলঃ প্ৰধানমন্ত্ৰী
মাখনা আজি দেশ আৰু বিশ্বৰ বাবে ছুপাৰফুড, কিন্তু মিথিলাত ই সংস্কৃতিৰ এক অংশ,সমৃদ্ধিৰ উৎসঃ প্ৰধানমন্ত্ৰী
১৪০ কোটি ভাৰতীয়ৰ ইচ্ছাশক্তিয়ে এতিয়া সন্ত্ৰাসবাদীৰ কঁকাল ভাঙিবঃ প্ৰধানমন্ত্ৰী
সন্ত্ৰাসবাদে শাস্তি নোপোৱাকৈ নাথাকে, ন্যায় নিশ্চিত কৰিবলৈ সকলো প্ৰচেষ্টা গ্ৰহণ কৰা হ'ব, সমগ্ৰ ৰাষ্ট্ৰ এই সংকল্পত অটল হৈ আছেঃ প্ৰধানমন্ত্ৰী

ভাষণ আৰম্ভ কৰাৰ আগতে মই আপোনালোক সকলোকে এটা অনুৰোধ জনাব বিচাৰিছোঁ; আপোনালোক য'তেই আছে তাতে, নিজৰ স্থানত বহি থাকিয়েই, থিয় হোৱাৰ প্ৰয়োজন নাই, বহি থাকিয়েই ২২ তাৰিখে যিসকল পৰিয়ালৰ সদস্যসক আমি হেৰুৱালোঁ, তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ, কিছু মুহূৰ্ত আমি নিজৰ ঠাইত বহি থাকিয়েই, মৌন ব্ৰত পালন কৰি নিজৰ নিজৰ আৰাধ্য দেৱতাক স্মৰণ কৰি, সেই সকলোকে শ্ৰদ্ধাঞ্জলি জনাম, তাৰ পিছত মই আজি মোৰ ভাষণ আৰম্ভ কৰিম।

ওম শান্তি-শান্তি-শান্তি।

বিহাৰৰ ৰাজ্যপাল আৰিফ মহম্মদ খান জী, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, মোৰ মিত্ৰ শ্ৰীযুত নীতিশ কুমাৰ জী, মঞ্চত উপস্থিত থকা আন সকলো জ্যেষ্ঠ বিশিষ্ট ব্যক্তি আৰু বিহাৰৰ মোৰ মৰমৰ ভাই-ভনীসকল।

আজি পঞ্চায়তীৰাজ দিৱস উপলক্ষে, সমগ্ৰ দেশ মিথিলাৰ সৈতে সংযুক্ত হৈ পৰিছে, বিহাৰৰ সৈতে সংযুক্ত হৈ পৰিছে। আজি ইয়াত দেশৰ, বিহাৰৰ উন্নয়নৰ লগত জড়িত হাজাৰ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস আৰু লোকাৰ্পণ হৈছে। বিদ্যুৎ, ৰে’ল, আন্তঃগাঁথনিৰ সৈতে জড়িত এই বিভিন্ন কামে বিহাৰত নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। আজি ৰাষ্ট্ৰ কবি ৰামধাৰি সিং দিনকৰ জীৰ মৃত্যু বাৰ্ষিকীও। মই তেখেতৰ প্ৰতি মোৰ বিনম্ৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ।

 

বন্ধুসকল,

বিহাৰ সেই ভূমি য'ৰ পৰা পূজনীয় বাপুৱে সত্যাগ্ৰহৰ মন্ত্ৰ প্ৰচাৰ কৰিছিল। পূজনীয় বাপুৰ দৃঢ় বিশ্বাস আছিল যে যেতিয়ালৈকে ভাৰতৰ গাঁওবোৰ শক্তিশালী নহ’ব, তেতিয়ালৈকে ভাৰতৰ দ্ৰুত বিকাশ হ’ব নোৱাৰিব। দেশত পঞ্চায়তীৰাজৰ পৰিকল্পনাৰ আঁৰতো এই ভাবনা আছে। বিগত দশকত পঞ্চায়তসমূহক সবলীকৰণ কৰিবলৈ ইটোৰ পিছত সিটো পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰযুক্তিৰ জৰিয়তেও পঞ্চায়তসমূহক শক্তিশালী কৰা হৈছে। যোৱা এটা দশকত ২ লাখৰো অধিক গ্ৰাম পঞ্চায়তক ইন্টাৰনেটৰ সৈতে সংযুক্ত কৰা হৈছে। গাঁৱে-ভূঞে ৫.৫ লাখৰো অধিক কমন ছাৰ্ভিচ চেণ্টাৰ নিৰ্মাণ কৰা হৈছে। পঞ্চায়তসমূহ ডিজিটেল হোৱাত আন এক লাভ হৈছে। জীৱন-মৃত্যুৰ প্ৰমাণ পত্ৰ, ভূমি ধাৰণৰ প্ৰমাণ পত্ৰ, এনে বহু নথি-পত্ৰ সহজে লাভ কৰিব পাৰি। স্বাধীনতাৰ কেইবাটাও দশকৰ পাছত দেশত নতুন সংসদ ভৱন পোৱাৰ সময়তে, দেশত ৩০ হাজাৰ নতুন পঞ্চায়ত ভৱনো নিৰ্মাণ হ’ল। পঞ্চায়তসমূহে পৰ্যাপ্ত ধন লাভ কৰাটোও চৰকাৰৰ অগ্ৰাধিকাৰ হৈ আহিছে। বিগত ১০ বছৰত পঞ্চায়তসমূহে লাভ কৰিছে দুই লাখ কোটি টকাৰো অধিক ধন। এই সকলোবোৰ টকা গাঁৱৰ উন্নয়নত বিনিয়োগ কৰা হৈছে।

বন্ধুসকল,

গ্ৰাম পঞ্চায়তৰ আন এটা ডাঙৰ সমস্যা, ভূমি বিবাদৰ সৈতে জড়িত হৈ আছে। কোনখিনি মাটিত বসতি আছে, কোনখিনি কৃষিভূমি, পঞ্চায়তৰ ভূমি কোনখিনি, চৰকাৰী ভূমি কোনখিনি, এই সকলোবোৰ বিষয়ত প্ৰায়ে বিবাদ হৈছিল। ইয়াৰ সমাধানৰ বাবে মাটিসমূহ ডিজিটেলাইজ কৰা হৈছে। ভূমিৰ ৰেকৰ্ডৰ ডিজিটেলাইজেশ্যনে অপ্ৰয়োজনীয় বিবাদ সমাধান কৰাত সহায় কৰিছে।

বন্ধুসকল,

আমি দেখিছোঁ যে পঞ্চায়তসমূহে কেনেদৰে সামাজিক অংশগ্ৰহণক শক্তিশালী কৰিছে। বিহাৰ, দেশৰ প্ৰথমখন ৰাজ্য, য'ত মহিলাসকলক ইয়াত ৫০ শতাংশ সংৰক্ষণৰ সুবিধা দিয়া হৈছে, আৰু সেয়েহে মই নীতিশ জীক অভিনন্দন জনাইছোঁ। আজি বিহাৰত অতি বৃহৎ সংখ্যক দৰিদ্ৰ, দলিত, মহাদলিত, পিছপৰা, অতি পিছপৰা সম্প্ৰদায়ৰ ভগ্নী-কন্যাই জনপ্ৰতিনিধি হিচাপে সেৱা আগবঢ়াইছে, আৰু এয়াই প্ৰকৃত সামাজিক ন্যায়, এয়াই প্ৰকৃত সামাজিক অংশগ্ৰহণ। গণতন্ত্ৰ, অধিক অংশগ্ৰহণৰ দ্বাৰাহে সমৃদ্ধিশালী হয়, শক্তিশালী হয়। এই চিন্তাৰে, লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে তেত্ৰিশ শতাংশ সংৰক্ষণৰ আইনো প্ৰণয়ন কৰা হৈছে। দেশৰ প্ৰতিখন ৰাজ্যৰ মহিলা ইয়াৰ দ্বাৰা উপকৃত হ’ব, আমাৰ ভগ্নী-কন্যাই অধিক প্ৰতিনিধিত্ব লাভ কৰিব।

 

বন্ধুসকল,

দেশত মহিলাসকলৰ আয় বৃদ্ধিৰ বাবে আৰু নতুন কৰ্মসংস্থাপন আৰু স্বনিয়োজনৰ সুযোগ সৃষ্টিৰ বাবে চৰকাৰে মিছন মোডত কাম কৰি আছে। বিহাৰত চলি থকা জীৱিকা দিদী অনুষ্ঠানে বহু ভগ্নীৰ জীৱন সলনি কৰি দিছে। আজিয়েই ইয়াত বিহাৰৰ ভগ্নীসকলৰ আত্মসহায়ক গোটসমূহক প্ৰায় ১০০০ কোটি টকাৰ সাহায্য প্ৰদান কৰা হৈছে। ইয়াৰ দ্বাৰা ভগ্নীসকলৰ অৰ্থনৈতিক সবলীকৰণ আৰু অধিক শক্তিশালী হ’ব। ইয়াৰ দ্বাৰা দেশত তিনি কোটি লাখপতি দিদী সৃষ্টিৰ লক্ষ্যত উপনীত হোৱাত আৰু অধিক সহায়ক হ’ব।

বন্ধুসকল,

যোৱা দশকত গ্ৰাম্য অৰ্থনীতিয়ে নতুন গতি লাভ কৰিছে। গাঁৱে-ভূঞে দুখীয়াৰ বাবে ঘৰ হৈছে, ৰাস্তা-ঘাট নিৰ্মাণ কৰা হৈছে, পকী পথ নিৰ্মাণ কৰা হৈছে। গাঁওবোৰত গেছ সংযোগ পাইছে, পানীৰ সংযোগ পাইছে, শৌচাগাৰ নিৰ্মাণ কৰা হৈছে। এনে প্রতিটো কামৰ যোগেদি কোটি কোটি টকা গাঁৱলৈ গৈছে৷ নতুন কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি হৈছে। শ্ৰমিকৰ পৰা কৃষকলৈ আৰু চালকৰ পৰা দোকানীলৈকে সকলোৱে উপাৰ্জনৰ নতুন সুযোগ পাইছে। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি বঞ্চিত সমাজখনেই ইয়াৰ পৰা আটাইতকৈ বেছি লাভৱান হৈছে। মই আপোনালোকক পিএম আৱাস যোজনাৰ উদাহৰণ দিম। এই আঁচনিৰ উদ্দেশ্য দেশৰ কোনো দৰিদ্ৰ পৰিয়াল গৃহহীন হ’ব নালাগে, সকলোৰে মূৰৰ ওপৰত পকী চালি থাকিব লাগে। এতিয়া যেতিয়া মই এই মাতৃ-ভগ্নীসকলক মই ঘৰৰ চাবি দি আছিলোঁ, তেতিয়া তেওঁলোকৰ মুখত যি তৃপ্তি দেখা গৈছিল, তেওঁলোকৰ মাজত যি নতুন আত্মবিশ্বাস দেখা গৈছিল, সঁচাকৈয়ে এই দুখীয়া মানুহখিনিৰ বাবে কাম কৰাৰ প্ৰেৰণাৰ কাৰণ হৈ পৰে। আৰু এই লক্ষ্যৰেই যোৱা দশকত ৪ কোটিতকৈও অধিক পকী ঘৰ নিৰ্মাণ কৰা হৈছে। বিহাৰতো এতিয়ালৈকে ৫৭ লাখ দৰিদ্ৰ পৰিয়ালে উপযুক্ত বাসস্থান লাভ কৰিছে। এই ঘৰবোৰ দুখীয়া, দলিত, পিছপৰা অতি পিছপৰা, পাছমাণ্ডা পৰিয়াল আৰু সমাজৰ এনে বঞ্চিত পৰিয়ালক দিয়া হৈছে। অনাগত বছৰবোৰত আৰু ৩ কোটি পকী ঘৰ দুখীয়াৰ বাবে উপলব্ধ হ’বলৈ গৈ আছে। আজিয়েই, বিহাৰৰ প্ৰায় ডেৰ লাখ পৰিয়ালে নিজৰ নতুন পকা ঘৰত গৃহ প্ৰৱেশ কৰিছে। সমগ্ৰ দেশৰ ১৫ লাখ দৰিদ্ৰ পৰিয়ালকো নতুন ঘৰ নিৰ্মাণৰ অনুমোদন পত্ৰ প্ৰদান কৰা হৈছে। এই ক্ষেত্ৰতো সাড়ে তিনি লাখ হিতাধিকাৰী কেৱল বিহাৰৰে। আজিয়েই প্ৰায় ১০ লাখ দৰিদ্ৰ পৰিয়াললৈ তেওঁলোকৰ পকা ঘৰৰ বাবে আৰ্থিক সাহায্য প্ৰেৰণ কৰা হৈছে। ইয়াৰ ভিতৰত বিহাৰৰ ৮০ হাজাৰ গ্ৰাম্য পৰিয়াল আৰু এক লাখ নগৰীয়া পৰিয়াল অন্তৰ্ভুক্ত।

বন্ধুসকল,

বিগত দশকটো ভাৰতৰ বাবে আন্তঃগাঁথনিৰ দশক। এই আধুনিক আন্তঃগাঁথনিয়ে উন্নত ভাৰতৰ ভেটি সুদৃঢ় কৰি তুলিছে। প্ৰথমবাৰৰ বাবে দেশৰ ১২ কোটিৰো অধিক গ্ৰাম্য পৰিয়ালৰ ঘৰত প্ৰৱেশ কৰিলে নলৰ পানী। ২.৫ কোটিৰো অধিক ঘৰত বিদ্যুৎ সংযোগ হৈছে। যিসকলে কেতিয়াও গেছ ষ্ট’ভত ৰন্ধা-বঢ়া কৰাৰ কথা ভবা নাছিল, তেওঁলোকে গেছ চিলিণ্ডাৰ পাইছে। আপুনি হয়তো শেহতীয়াকৈ বাতৰিটো পঢ়িছে। লাডাখ আৰু চিয়াচেনত, য’লৈ আনকি সামান্য সা-সুবিধাও দিয়াটো কঠিন, তাত এতিয়া ৪জি আৰু ৫জি, মোবাইল সংযোগ উপনীত হৈছে। ইয়াৰ পৰাই বুজা যায় যে আজি দেশৰ অগ্ৰাধিকাৰ কি। আমাৰ সন্মুখত আৰোগ্যৰ দৰে খণ্ডৰ উদাহৰণো আছে। এটা সময় আছিল যেতিয়া এইমছৰ দৰে চিকিৎসালয় কেৱল দিল্লীৰ দৰে ডাঙৰ চহৰতহে আছিল। আজি ইয়াতেই, দৰভঙাতেই এইমছ নিৰ্মাণ কৰা হৈছে। যোৱা দহ বছৰত দেশত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা প্ৰায় দুগুণলৈ বৃদ্ধি পাইছে। ইয়াত ঝাংঝাৰপুৰতো এখন নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হৈছে।

 

বন্ধুসকল,

গাঁৱতো ভাল চিকিৎসালয় নিৰ্মাণ কৰিবলৈ সমগ্ৰ দেশতে ১.৫ লাখতকৈ অধিক আয়ুষ্মান আৰোগ্য মন্দিৰ নিৰ্মাণ কৰা হৈছে। বিহাৰত ১০ হাজাৰৰো অধিক এনে আয়ুষ্মান আৰোগ্য মন্দিৰ নিৰ্মাণ কৰা হৈছে। একেদৰে জন ঔষধি কেন্দ্ৰসমূহ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে এক বৃহৎ সকাহ হৈ পৰিছে। ইয়াত আপুনি ৮০% ৰেহাইত সস্তা ঔষধ পাব পাৰে। বিহাৰত ৮০০ৰো অধিক জন ঔষধি কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে। ইয়াৰ ফলত বিহাৰৰ ৰাইজে ঔষধৰ বাবে ব্যয় কৰা ২ হাজাৰ কোটি টকা ৰাহি হৈছে। আনকি আয়ুষ্মান ভাৰত আঁচনিৰ অধীনতো বিহাৰৰ লাখ লাখ পৰিয়ালে বিনামূলীয়া চিকিৎসা লাভ কৰিছে। ইয়াৰ ফলত এই পৰিয়ালসমূহৰ বাবে হাজাৰ হাজাৰ কোটি টকা ৰাহি হৈছে।

বন্ধুসকল,

আজি ভাৰতেও অতি দ্ৰুত গতিত ৰে’লৱে, পথ, বিমানবন্দৰৰ দৰে আন্তঃগাঁথনিৰ সৈতেও সংযোগ স্থাপন কৰিছে। মেট্ৰ’ৰ কাম চলি আছে পাটনাত, দেশৰ দুডজনৰো অধিক চহৰ মেট্ৰ’ৰ সুবিধাৰে সংযুক্ত। আজি পাটনা আৰু জয়নগৰৰ মাজত নমো ভাৰত ৰেপিড ৰে’লো আৰম্ভ কৰা হৈছে। ইয়াৰ লগে লগে অতি কম সময়তে পাটনা আৰু জয়নগৰৰ মাজৰ যাত্ৰা সম্পূৰ্ণ হ’ব। সমস্তীপুৰ, দৰভংগা, মধুবনী আৰু বেগুছৰাইৰ লাখ লাখ লোকক সহায় কৰিব নমো ভাৰত ৰেপিড ৰে’লে।

বন্ধুসকল,

আজি ইয়াত বহুতো নতুন ৰে’লপথ উদ্বোধন আৰু লোকাৰ্পণ কৰা হৈছে। সহৰছাৰ পৰা মুম্বাইলৈ আধুনিক অমৃত ভাৰত ৰে'ল আৰম্ভ হোৱাৰ লগে লগে আমাৰ কৰ্মৰত পৰিয়ালসমূহে যথেষ্ট সুবিধা লাভ কৰিব। আমাৰ চৰকাৰে মধুবনী, ঝাংঝাৰপুৰকে ধৰি বিহাৰৰ এনে কেইবা ডজনো ৰে'ল ষ্টেচনকো আধুনিকীকৰণ কৰি আছে। দৰভংগা বিমানবন্দৰৰ জৰিয়তে মিথিলা আৰু বিহাৰৰ বিমান সংযোগ উন্নত হৈছে। পাটনা বিমানবন্দৰকো সম্প্ৰসাৰণ কৰা হৈছে। এই উন্নয়নমূলক কামবোৰৰ বাবেই বিহাৰত নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে।

 

বন্ধুসকল,

আমাৰ কৃষকসকল গ্ৰাম্য অৰ্থনীতিৰ মেৰুদণ্ড। এই মেৰুদণ্ড যিমানেই শক্তিশালী হ’ব সিমানেই গাঁওবোৰ শক্তিশালী হ’ব আৰু দেশখন সিমানেই শক্তিশালী হ’ব। আমি সকলোৱে জানো যে মিথিলা, কোচিৰ এই অঞ্চলটো বানপানীয়ে অতিশয় অশান্তি দিছে। বিহাৰৰ বানপানীৰ প্ৰভাৱ কমোৱাৰ বাবে চৰকাৰে এঘাৰ হাজাৰ কোটি টকা খৰচ কৰিবলৈ ওলাইছে। ইয়াৰ লগে লগে বাগমতী, ধাৰ, বুঢ়ী গণ্ডক আৰু কোছিত মথাউৰি নিৰ্মাণ কৰা হ’ব। ইয়াৰ ফলত খাল নিৰ্মাণ হ’ব, আৰু নদীৰ পানী ব্যৱহাৰ কৰি জলসিঞ্চনৰ ব্যৱস্থা কৰা হ’ব। আৰু প্ৰতিজন কৃষকৰ পথাৰত পানী যোগানৰ ব্যৱস্থাও কৰা হ’ব। অৰ্থাৎ বানপানীৰ সমস্যা কমি যাব আৰু পথাৰত পৰ্যাপ্ত পানীও পাব।

বন্ধুসকল,

মখানা আজি দেশ আৰু বিশ্বৰ বাবে ছুপাৰফুড, কিন্তু মিথিলাত ই সংস্কৃতিৰ এক অংশ। আমি ইয়াত এই সংস্কৃতিক সমৃদ্ধিৰ উৎস হিচাপে গঢ়ি তুলিছোঁ। আমি মখানাক জিআই টেগ দিছোঁ। অৰ্থাৎ মখানা এই ভূমিৰ উৎপাদন, আৰু এতিয়া আনুষ্ঠানিকভাৱে নিশ্চিত কৰা হৈছে। মখানা গৱেষণা কেন্দ্ৰকো ৰাষ্ট্ৰীয় মৰ্যাদা প্ৰদান কৰা হৈছে। বাজেটত ঘোষণা কৰা মাখানা ব’ৰ্ড, ইয়াৰ গঠনে মখানা কৃষকৰ ভাগ্য সলনি কৰিবলৈ গৈ আছে। বিহাৰৰ মখানাই ছুপাৰফুড হিচাপে বিশ্বৰ বজাৰত প্ৰৱেশ কৰিব। বিহাৰত নিৰ্মাণ হ’বলৈ গৈ আছে নেশ্যনেল ইনষ্টিটিউট অৱ ফুড টেকন’লজি এণ্ড মেনেজমেণ্ট। ইয়াৰ দ্বাৰা ইয়াৰ যুৱক-যুৱতীসকলক খাদ্য প্ৰক্ৰিয়াকৰণৰ সৈতে জড়িত ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰাত আৰু অধিক সহায়ক হ’ব।

 

বন্ধুসকল,

কৃষিৰ সমান্তৰালকৈ বিহাৰে মাছ উৎপাদনতো অহৰহ অগ্ৰগতি লাভ কৰিছে। আমাৰ মাছমৰীয়া বন্ধুসকলে এতিয়া কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। মাছ ধৰাৰ লগত জড়িত বহু পৰিয়াল ইয়াৰ দ্বাৰা উপকৃত হৈছে। প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত বিহাৰত শ শ কোটি টকাৰ কাম কৰা হৈছে।

বন্ধুসকল,

যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীয়ে নিৰীহ নাগৰিকক যি বৰ্বৰতাৰে হত্যা কৰিছিল, তাত সমগ্ৰ দেশ ব্যথিত, কোটি কোটি দেশবাসী দুখী। সমগ্ৰ দেশ সকলো ক্ষতিগ্ৰস্ত পৰিয়ালৰ সৈতে তেওঁলোকৰ শোকত থিয় দিছে। বৰ্তমান চিকিৎসাধীন হৈ থকা পৰিয়ালৰ সদস্যসকল যাতে সোনকালে সুস্থ হৈ উঠে তাৰ বাবে চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলাইছে।

বন্ধুসকল,

এই সন্ত্ৰাসবাদী আক্ৰমণত কোনোবাই পুত্ৰক হেৰুৱালে, কোনোবাই ককায়েকক হেৰুৱালে, কোনোবাই জীৱন সংগীক হেৰুৱালে। তেওঁলোকৰ কোনোবাই বাংলা কৈছিল, কোনোবাই কানাড়া কৈছিল, কোনোবা মাৰাঠী আছিল, কোনোবা ওড়িয়া আছিল, কোনোবা গুজৰাটী আছিল, কোনোবা ইয়াৰ বিহাৰৰ সন্তান আছিল। আজি সেই সকলোৰে মৃত্যুত কাৰ্গিলৰ পৰা কন্যাকুমাৰীলৈকে আমাৰ দুখ একেই, আমাৰ আক্ৰোশ একেই। এই আক্ৰমণ কেৱল নিৰস্ত্ৰ পৰ্যটকৰ ওপৰত হোৱা নাই; দেশৰ শত্ৰুৱে ভাৰতৰ আত্মাক আক্ৰমণ কৰিবলৈ সাহস কৰিছে। মই অতি স্পষ্টভাৱে ক’ব বিচাৰোঁ যে যিসকলে এই আক্ৰমণ সংঘটিত কৰিলে, সেই সন্ত্ৰাসবাদী আৰু এই আক্ৰমণৰ ষড়যন্ত্ৰ কৰোঁতাসকলে, তেওঁলোকে কল্পনা কৰিব পৰাতকৈও ডাঙৰ শাস্তি পাব, শাস্তি পাবই। এতিয়া সন্ত্ৰাসবাদীৰ বাকী থকা মাটিও ধ্বংস কৰাৰ সময় আহি পৰিছে। ১৪০ কোটি ভাৰতীয়ৰ ইচ্ছাশক্তিয়ে এতিয়া সন্ত্ৰাসৰ মালিকৰ কঁকাল ভাঙিবই।

 

Friends,

Today, from the soil of Bihar, I say to the whole world: India will identify, track, and punish every terrorist, and their backers. We will pursue them to the ends of the earth. India’s spirit will never be broken by terrorism. Terrorism will not go unpunished. Every effort will be made to ensure that justice is done. The entire nation is firm in this resolve. Everyone who believes in humanity is with us. I thank the people of various countries and their leaders, who have stood with us in these times.

বন্ধুসকল,

আজি বিহাৰৰ মাটিৰ পৰা সমগ্ৰ বিশ্বক কওঁ: ভাৰতে প্ৰতিজন সন্ত্ৰাসবাদীক আৰু তেওঁলোকৰ সমৰ্থকক চিনাক্ত কৰিব, বিচাৰি উলিয়াব, আৰু শাস্তি দিব। পৃথিৱীৰ শেষ প্ৰান্তলৈকে আমি তেওঁলোকক বিচাৰি উলিয়াম। ভাৰতৰ আত্মা কেতিয়াও সন্ত্ৰাসবাদে ভাঙিব নোৱাৰে। সন্ত্ৰাসবাদে শাস্তি নোপোৱাকৈ সাৰি যাব নোৱাৰে। যাতে ন্যায় হয় তাৰ বাবে সকলো প্ৰয়াস কৰা হ’ব। এই সংকল্পত সমগ্ৰ দেশ দৃঢ়। মানৱতাক বিশ্বাস কৰা প্ৰতিজন ব্যক্তি আমাৰ লগত আছে। বিভিন্ন দেশৰ জনসাধাৰণ আৰু তেওঁলোকৰ নেতাসকলক ধন্যবাদ জনাইছোঁ, যিসকলে এই সময়ত আমাৰ লগত থিয় দিছে।

বন্ধুসকল,

দ্ৰুত বিকাশৰ বাবে শান্তি আৰু নিৰাপত্তা আটাইতকৈ প্ৰয়োজনীয় চৰ্ত। উন্নত ভাৰতৰ বাবে উন্নত বিহাৰ প্ৰয়োজনীয়। বিহাৰত বিকাশ হওক আৰু বিকাশৰ লাভ ইয়াৰ প্ৰতিটো শ্ৰেণী, প্ৰতিটো ক্ষেত্ৰত গৈ পাওক, এয়া আমাৰ সকলোৰে প্ৰয়াস। পঞ্চায়তী ৰাজ দিৱসত এই কাৰ্যসূচীত যোগদান কৰাৰ বাবে মই পুনৰবাৰ আপোনালোক সকলোৰে কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।

বহুত বহুত ধন্যবাদ। মোৰ লগত কওক-

ভাৰত মাতা কী জয়।

ভাৰত মাতা কী জয়।

ভাৰত মাতা কী জয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry

Media Coverage

How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi Chairs Second High-Level Meeting with Secretaries of Government of India
July 28, 2026
Sectors discussed: Finance and Economy, Commerce and Industry, and Technology
PM emphasises the need to break both horizontal and vertical silos within the Government
PM emphasises the importance of technological self-reliance and building domestic capabilities in critical sectors
PM encourages greater participation of young innovators and entrepreneurs in cybersecurity ecosystem
PM Stresses Proactive Outreach on Strategic Sectors to Counter Misinformation
PM says Govt must always remain youthful, dynamic and forward-looking, continuously adapting to new challenges and opportunities with agility and innovation
Secretaries share experiences and perspectives on key initiatives, emerging opportunities and implementation challenges

Prime Minister Shri Narendra Modi chaired the second high-level meeting with Secretaries to the Government of India at his residence at 7, Lok Kalyan Marg earlier today. He reviewed the future action agenda of Ministries and Departments dealing with Finance and Economy, Commerce and Industry, and Technology sectors. The meeting focused on accelerating progress towards the goals of Viksit Bharat.

Prime Minister called for a strong focus on team building across Ministries and Departments, urging officers to work with a shared sense of purpose. He emphasised the need to break both horizontal and vertical silos within the Government so that departments function in close coordination and deliver integrated outcomes.

Highlighting the importance of citizen-centric governance, Prime Minister said that the people of India must remain at the centre of governance. He reminded that every decision and policy should be guided by the interests and aspirations of the common citizen.

Prime Minister stressed that while India is making significant investments in infrastructure, equal priority must be given to developing indigenous technologies. He underscored the importance of technological self-reliance and building domestic capabilities in critical sectors.

Prime Minister underlined that energy security is closely linked with national security, economic stability and citizens’ welfare. Prime Minister said India must achieve self-reliance in the energy sector through innovation, diversification and accelerated capacity creation.

Emphasising that reforms are not merely a fashionable term but a continuous necessity for effective governance, Prime Minister stressed the need to reform processes, improve work culture and strengthen institutional efficiency.

Prime Minister said that growing use of technology must be accompanied by a strong focus on cybersecurity to safeguard digital systems and infrastructure. He stressed the need for constant vigilance against emerging cyber threats. He called for encouraging greater participation of young innovators and entrepreneurs in the cybersecurity ecosystem and emphasised that it should evolve into a nationwide movement.

Prime Minister also emphasised the importance of proactive communication on strategic sectors where the country is undertaking major initiatives, to counter misinformation and unfounded fears surrounding such efforts.

Prime Minister says that new academic courses should be planned in partnership with industry to equip the workforce with skills required by emerging and future industries. He also observed that a government must always remain youthful, dynamic and forward-looking, continuously adapting to new challenges and opportunities with agility and innovation.

The meeting featured detailed discussions by Secretaries on the progress, priorities and implementation issues across their respective domains. The meeting was attended by the Cabinet Secretary, Secretaries of key Ministries and Departments, and senior officials from the Prime Minister’s Office.