India and Bangladesh must progress together for the prosperity of the region: PM Modi
Under Bangabandhu Mujibur Rahman’s leadership, common people of Bangladesh across the social spectrum came together and became ‘Muktibahini’: PM Modi
I must have been 20-22 years old when my colleagues and I did Satyagraha for Bangladesh’s freedom: PM Modi

নমস্কাৰ,

মান্যবৰসকল,

বাংলাদেশৰ ৰাষ্ট্ৰপতি, আব্দুল হামিদ জী,

প্ৰধানমন্ত্ৰী, শ্বেইখ হাছিনা জী,

কৃষিমন্ত্ৰী, ড০ মহম্মদ আব্দুল ৰাজ্জাক জী,

মেডাম শ্বেইখ ৰেহানা জী,

অন্যান্য গণ্যমান্য ব্যক্তিসকল,

সোণৰ বাংলাদেশৰ প্ৰিয় বন্ধুসকল,

আপোনালোকৰ এই মৰম-স্নেহ মোৰ জীৱনৰ মধুৰ মুহূৰ্তবোৰৰ অন্যতম৷ মই আনন্দিত হৈছো যে বাংলাদেশৰ বিকাশ যাত্ৰাৰ এই উল্লেখযোগ্য অনুষ্ঠানৰ সৈতে মোক জড়িত কৰিলে৷ আজি বাংলাদেশৰ ৰাষ্ট্ৰীয় দিৱস আৰু স্বাধীনতাৰো ৫০সংখ্যক বৰ্ষপূৰ্তি৷ এই বছৰতে ভাৰত-বাংলাদেশৰ মাজৰ মৈত্ৰীৰো ৫০ বছৰ সম্পূৰ্ণ হৈছে৷ জাতিৰ পিতা বংগবন্ধু শ্বেইখ মজিবুৰ ৰহমানপ জন্ম বাৰ্ষিকীৰ এই বছৰে দুয়োখন দেশৰ সম্পৰ্কক আৰু অধিক শক্তিশালী কৰিছে৷

মান্যবৰসকল,

ৰাষ্ট্ৰপতি আব্দুল হামিদ জী, প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা জী আৰু বাংলাদেশৰ নাগৰিকসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো৷ আপোনালোকে এই গৌৰৱপূৰ্ণ ক্ষণত, এই উৎসৱত অংশীদাৰ হোৱাৰ বাবে ভাৰতক সস্নেহে নিমন্ত্ৰণ দিলে৷ মই সকলো ভাৰতীয়ৰ হৈ আপোনালোক সকলোকে, বাংলাদেশৰ সকলো নাগৰিককে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো৷ মই বংগবন্ধু শ্বেইখ মজিবুৰ ৰহমান জীক আদৰপূৰ্বক শ্ৰদ্ধাঞ্জলি জনাইছো, যিজনে বাংলাদেশ আৰু ইয়াৰ জনসাধাৰণৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছিল৷ ভাৰতবাসীৰ বাবে গৌৰৱৰ কথা যে আমি শ্বেইখ মজিবুৰ ৰহমান জীক গান্ধী শান্তি সন্মান দিয়াৰ সুযোগ পাইছো৷ মই এই কাৰ্যসূচীৰ সুন্দৰ আয়োজনৰ বাবে সকলো শিল্পীৰ প্ৰশংসা কৰিছো৷

বন্ধুসকল,

মই আজি বাংলাদেশৰ সেই লাখ লাখ সন্তানক মনত পেলাইছো, যিসকলে নিজক দেশ, নিজৰ ভাষা, নিজৰ সংস্কৃতিৰ বাবে সীমাহীন অত্যাচাৰ সহ্য কৰিলে, নিজৰ তেজ দিলে, নিজৰ জীৱন উচৰ্গা কৰিলে৷ মই আজি মনত পেলাইছো মু্ক্তিযুদ্ধ সেইসকলৰ বীৰ জোৱানক৷ মই আজি মনত পেলাইছো শ্বহীদ ধীৰেন্দ্ৰ নাথ দত্তক, শিক্ষাবিদ ৰফিকুদ্দিন আহমেদক, ভাষা শ্বহীদ ছালাম, ৰফিক, বৰকট, জব্বৰ আৰু ছফিউৰ জীক৷

মই আজি ভাৰতীয় সেনাৰ সেইসকল বীৰ জোৱানক প্ৰণাম জনাইছো, যিসকলে মুক্তিযুদ্ধত বাংলাদেশৰ ভাই-ভনীসকলৰ কাষত থিয় দিছিল৷ যিসকলে মুক্তিযুদ্ধত নিজৰ তেজ দিলে, নিজক বলিদান দিলে আৰু স্বাধীন বাংলাদেশৰ সপোন বাস্তৱ কৰাত বৃহৎ ভূমিকা পালন কৰিলে৷ ফিল্ড মাৰ্শ্বাল ছেম মানেকশো, জেনেৰেল অ’ৰোৰা, জেনেৰেল জেকৱ, লেন্স নায়ক এলবাৰ্চ এক্কা, গ্ৰুপ কেপ্টেইন চন্দন সিং, কেপ্টেইন মোহন নাৰায়ণ ৰাৱ সামন্তকে ধৰি এনে অগণন বীৰ আছে, যিসকলৰ নেতৃত্ব আৰু সাহসৰ কথাই আমাক প্ৰেৰণা যোগায়৷ বাংলাদেশ চৰকাৰৰ দ্বাৰা এই বীৰসকলৰ স্মৃতিৰ আশুগঞ্জত যুদ্ধ স্মাৰক উচৰ্গা কৰা হৈছে৷

মই ইয়াৰ বাবে আপোনালোকক কৃতজ্ঞতা জনাইছো৷ মই আনন্দিত হৈছো যে মুক্তিযুদ্ধত অংশ লোৱা কেইবাগৰাকী ভাৰতীয় সৈনিক আজি বিশেষকৈ এই কাৰ্যসূচীত মোৰ সৈতে উপস্থিত আছে৷ বাংলাদেশৰ মোৰ ভাই-ভনীসকল, ইয়াৰ নৱপ্ৰজন্মক এটা কথা লগতে মনত পেলাই দিব বিচাৰিছো৷ বাংলাদেশৰ স্বাধীনতাৰ বাবে সংঘৰ্ষত ভাগ লোৱাটো মোৰ জীৱনৰো প্ৰথম আন্দোলনৰ অন্যতম আছিল৷ মোৰ তেতিয়া বয়স ২০-২২ বছৰ আছিল, যেতিয়া মই আৰু মোৰ কেইগৰাকীমান সতীৰ্থই বাংলাদেশৰ লোকসকলৰ স্বাধীনতাৰ বাবে সত্যাগ্ৰহ কৰিছিলো৷

বাংলাদেশৰ স্বাধীনতাৰ সমর্থনত তেতিয়া মই গ্ৰেপ্তাৰ হোৱাৰ লগতে কাৰাবাসো খাটিছিলো৷ অর্থাৎ, বাংলাদেশৰ স্বাধীনতাৰ বাবে যিমান উদ্বিগ্ন আছিল, সিমানেই তাতো উদ্বিগ্ন আছিল। ইয়াত পাকিস্তানৰ সেনাবাহিনীয়ে যি জঘন্য অপৰাধ আৰু অত্যাচাৰ চলাইছিল, যিবোৰ ছবিবোৰে আমাকো বিচলিত কৰিছিল। বহুদিন ভালদৰে শুবও পৰা নাছিলো৷

গোৱিন্দ হালদাৰজীয়ে লিখিছিল,

“এখন সাগৰ তেজৰ বিনিময়ত,

বাংলাৰ স্বাধীনতা আনিলে যি,

আমি তোমালোকক পাহৰি নাযাও,

আমি তোমালোকক পাহৰি নাযাও”

অর্থাৎ, যিসকলে নিজৰ তেজৰ সাগৰ বোৱাই বাংলাদেশক স্বাধীনতা আনি দিছিল, আমি তেওঁলোকক পাহৰি নাযাও। বন্ধুসকল, এখন সংখ্যাগৰিষ্ঠ চৰকাৰে ইয়াৰ নাগৰিককে গণ-সংহাৰ কৰিছিল। তেওঁলোকৰ ভাষা, তেওঁলোকৰ কন্ঠস্বৰ, তেওঁলোকৰ পৰিচয় কচুকটা দিছিল। ‘অপাৰেশন ছার্চ লাইট’ৰ সেই ক্রুৰতা, দমন আৰু অত্যাচাৰ সম্পর্কে বিশ্বত ইমান সমালোচনা হোৱা নাছিল, যিমান হ’ব লাগিছিল।

বন্ধুসকল,

এই সকলোবোৰৰ ভিতৰত এই দেশৰ জনগণ আৰু ভাৰতবাসীৰ বাবে আশাৰ কিৰণ আছিল বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমান। বংগবন্ধুৰ সাহস, তেওঁৰ নেতৃত্বই এইটো ঠিক কৰিছিল যে কোনো শক্তিয়ে বাংলাদেশক গোলাম কৰি ৰাখিব নোৱাৰে৷

বংগবন্ধুয়ে ঘোষণা কৰিছিলঃ

“এইবাৰৰ সংগ্রাম আমাৰ মুক্তিৰ সংগ্রাম,

এইবাৰৰ সংগ্রাম স্বাধীনতাৰ সংগ্রাম।”

অর্থাৎ, এইবাৰ যুঁজ হ’ব মুক্তিৰ বাবে, এইবাৰ যুঁজ হ’ব স্বাধীনতাৰ বাবে। তেওঁৰ নেতৃত্বত এই দেশৰ সাধাৰণ মানুষ, পুৰুষ অথবা স্ত্রী, কৃষক, নৱ-যুৱক, শিক্ষক, শ্রমিক–সকলোৱে একেলগে মুক্তিবাহিনীতে যোগ দিছিল৷

সেইবাবে আজিৰ এই উপলক্ষে মুজিব বর্ষত বংগবন্ধুৰ দর্শন, তেওঁৰ আদর্শ আৰু তেওঁৰ সাহসক স্মৰণ কৰাৰ দিন। এয়া চিৰ বিদ্রোহীক, মুক্তিযুদ্ধৰ ভাৱনাক পুনৰবাৰ মনত পেলোৱাৰ সময়। বন্ধুসকল, বাংলাদেশৰ স্বাধীনতা সংগ্রামৰ প্রতি ভাৰতৰ চুকে কোনে, প্রতিটো ৰাজনৈতিক দল, সমাজৰ সকলো লোকে সমর্থন আছিল।

তদানিন্তন প্রধানমন্ত্রী শ্রীমতী ইন্দিৰা গান্ধীজীৰ এই প্রচেষ্টা আৰু তেওঁৰ গুৰুত্বপূর্ণ ভূমিকা সর্বজনবিদিত। সেয়া আছিল, ১৯৭১ চনৰ ৬ ডিচেম্বৰ, অটল বিহাৰী বাজেপেয়ীজীয়ে কৈছিল, “আমি কেৱল মুক্তি সংগ্রামত কেৱল আমাৰ জীৱন আহুতি দিয়া লোকসকলৰ সমান্তৰালভাৱে যুঁজ দিয়া নাছিলো, আমি ইতিহাসক এক নতুন দিশ দিয়াৰ প্রচেষ্টাও কৰিছিলো৷ আজি বাংলাদেশত স্বাধীনতাৰ বাবে সংগ্রাম কৰা মুক্তিযোদ্ধাসকলৰ লগতে ভাৰতীয় সৈনিকসকলৰ তেজো প্রবাহিত হৈছে। এই তেজে এনে সম্পর্ক গঢ়ি তুলিব, যি সকলো চাপ আঁতৰ কৰিব, যাতে কোনো কূটনীতিৰ চিকাৰ নহয়।”

আমাৰ প্রাক্তন ৰাষ্ট্রপতি প্রণৱ মুখার্জী, আমাৰ প্রিয় প্রণৱদা বংগবন্ধুক এগৰাকী ‘অক্লান্ত ৰাষ্ট্ৰনেতা’ বুলি কৈছিল৷ তেওঁ কৈছিল, “শ্বেইখ মুজিবুৰ ৰহমানৰ জীৱন ধৈর্য, দায়বদ্ধতা আৰু আত্মসংযমৰ প্রতীক।”

বন্ধুসকল,

এয়া অতি আনন্দদায়ক সংযোগ যে বাংলাদেশৰ স্বাধীনতাৰ ৫০তম বছৰ আৰু ভাৰতৰ স্বাধীনতাৰ ৭৫তম বছৰৰ পর্যায় প্রায় একে সময়তে পৰিছে৷ আমাৰ দুয়ো দেশৰ বাবে একবিংশ শতিকাৰ অহা ২৫ বছৰৰ যাত্রাপথ অতি গুৰুত্বপূর্ণ। আমাৰ ঐতিহ্যও এক, আমাৰ উন্নয়নো একে গতিত অগ্ৰসৰ হৈছে৷ আমাৰ লক্ষ্যও এক, আমাৰ সমস্যাসমূহো একেই। আমি মনত ৰাখিব লাগিব যে বাণিজ্য আৰু উদ্যোগ আমাৰ যেনে সমান সম্ভাৱনা আছে, সিমানেই সন্ত্রাসবাদৰ দৰে সমান বিপদো আছে। যি ভাৱনা আৰু শক্তিৱে এই ধৰণৰ অমানৱীয় ঘটনা সংঘটিত কৰিছে, সেইবোৰ এতিয়াও সক্রিয় হৈ আছে।

আমি সেইবোৰৰ পৰা সাৱধান হৈ থাকিব লাগিব আৰু তেওঁলোকৰ সৈতে মোকাবিলাৰ বাবে সংগঠিতও হ’ব লাগিব৷ আমাৰ দুয়ো দেশৰ গণতন্ত্রৰ শক্তি আছে, আগুৱাই যোৱাৰ স্পষ্ট দৃষ্টিভংগী আছে। ভাৰত আৰু বাংলাদেশে একেলগ হৈ আগুৱাই যাব এয়াই এই সমগ্ৰ অঞ্চলৰ উন্নয়নৰ বাবে অতি প্রয়োজনীয়।

সেইবাবে আজি ভাৰত আৰু বাংলাদেশ দুয়ো দেশৰ চৰকাৰে এই সংবেদনশীলতাক বুজে, এই লক্ষ্যৰে সার্থক প্রচেষ্টা চলাই আহিছো৷ আমি দেখুৱাই দিছো যে পাৰস্পৰিক বিশ্বাস আৰু সহযোগিতাৰ জৰিয়তে প্রতিটো সমস্যাৰ সমাধান সম্ভৱ৷ আমাৰ স্থলসীমা চুক্তি ইয়াৰ জলন্ত সাক্ষী। ক’ৰোনাৰ এই কঠিন সময়তো দুয়ো দেশৰ মাজত সম্পর্কৰ উন্নতি হৈছে।

আমি মিলিতভাবে ‘ছার্ক ক’ভিড পুঁজি’ আৰম্ভ কৰিছো৷ আমাৰ মানৱসম্পদক প্রশিক্ষণৰ ক্ষেত্রত সহযোগিতা কৰিছো৷ ভাৰত অতিশয় আনন্দিত যে ভাৰতত প্ৰস্তুত কৰা টিকাই আমাৰ বাংলাদেশৰ ভাই-ভনীসকলৰ কামত লাগিছে। মোৰ মনত আছে এই বছৰৰ ২৬ জানুৱাৰীত যি দৃশ্য দেখিছিলো, ভাৰতৰ গণতন্ত্র দিৱসত বাংলাদেশৰ সশস্ত্র সেনাৰ তিনিটা বাহিনীৰ সৈনিকে ‘শুনা এবাৰ মুজিবুৰৰ পৰা’ গানৰ তালে তালে দিল্লীৰ ৰাজপথত পেৰেড কৰিছিল।

 

ভাৰত আৰু বাংলাদেশৰ ভৱিষ্যৎ সদ্ভাৱপূর্ণ, পাৰস্পৰিক বিশ্বাসপূর্ণ এনেই অসংখ্য মুহূর্তৰ বাবে অপেক্ষা কৰিছে। বন্ধুসকল, ভাৰত-বাংলাদেশৰ সম্পর্কক শক্তিশালী কৰাৰ বাবে দুয়ো দেশৰ নবীন প্রজন্মৰ মাজত উন্নত মানৰ যোগাযোগ গঢ়ি উঠা অতি প্রয়োজন। ভাৰত-বাংলাদেশৰ সম্পর্কৰ ৫০ বছৰ উপলক্ষে মই বাংলাদেশৰ ৫০জন নবীন উদ্যোগীক ভাৰতলৈ আমন্ত্রণ জনাব বিচাৰিছো৷

তেওঁলোক ভাৰতলৈ আহিব, আমাৰ ষ্টার্ট-আপ আৰু উদ্ভাৱন ব্যৱস্থাৰ সৈতে জড়িত হ’ব, ভেন্সাৰ কেপিটেলিষ্টসকলৰ সৈতে দেখা-সাক্ষাৎ কৰিব। আমিও তেওঁলোকৰ পৰা শিকিম, তেওঁলোকেও শিকাৰ সুযোগ পাব৷ মই ইয়াৰ সমান্তৰালভাৱে বাংলাদেশৰ নতুন প্রজন্মৰ বাবে স্বৰ্ণ জয়ন্তী ছাত্র বৃত্তিও ঘোষণা কৰিছো৷

বন্ধুসকল,

বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমানজীয়ে কৈছিল, “বাংলাদেশৰ ইতিহাসত, স্বাধীন ৰাষ্ট্র হিচাপে টিকি থাকিব। বাংলাক দমন কৰি ৰাখিব পৰা এনে কোনো শক্তি নাই। বাংলাদেশে অৱশ্যে স্বাধীন হ’ব।”

অর্থাৎ, কাৰো ইমান শক্তি নাই যে বাংলাদেশক দমন কৰিব ৰাখিব পাৰে। বংগবন্ধুৰ এই ঘোষণাত আছিল বাংলাদেশৰ অস্তিত্বৰ বিৰোধীসকলৰ বাবে সতর্কবাণী আৰু বাংলাদেশৰ সামর্থ্য সম্পর্কে বিশ্বাস। মই অতি আনন্দিত যে আজি শ্বেইখ হাছিনাজীৰ নেতৃত্বত বাংলাদেশে বিশ্বত নিজৰ পৰাক্রম দেখুৱাইছে৷ বাংলাদেশ গঠনৰ ক্ষেত্রত যাৰ আপত্তি আছিল, বাংলাদেশৰ অস্তিত্বক লৈ যিসকলৰ আশংকা আছিল, তেওঁলোক সকলোকে আজি বাংলাদেশ ভুল প্রমাণিত কৰিছে।

বন্ধুসকল,

আমাৰ বাবে কাজি নজৰুল ইছলাম আৰু গুৰুদেৱ ৰবীন্দ্রনাথ ঠাকুৰ, দুয়োজনৰে সমান ঐতিহ্যশালী প্রেৰণা আছে।

গুৰুদেৱে কৈছিল-

“সময় নাই,

আমাৰ হাতে;

সোনকাল কৰা সেয়ে,

সকলোৱে মিলি;

দেৰি কৰিলে নহ’ব,

কেতিয়াও৷

অর্থাৎ, নষ্ট কৰাৰ বাবে আমাৰ কোনো সময় নাই। আমি পৰিৱর্তনৰ বাবে আগুৱাই যাব লাগিব৷ এতিয়া আমি আৰু দেৰি কৰিব নোৱাৰিম৷ এই কথাই ভাৰত আৰু বাংলাদেশ–দুয়োৰে বাবে সমানেই প্রযোজ্য।

আমাৰ কোটি কোটি জনগণৰ বাবে, তেওঁলোকক ভৱিষ্যতৰ বাবে, দাৰিদ্ৰতাৰ বিৰুদ্ধে আমাৰ যুঁজৰ বাবে, সন্ত্রাসৰ বিৰুদ্ধে যুঁজৰ বাবে, আমাৰ লক্ষ্য এক। সেইবাবে আমাৰ প্রচেষ্টাও এইদৰেই একেলগ হোৱাৰ। আমাৰ দৃঢ় বিশ্বাস, ভাৰত-বাংলাদেশে একেলগ হৈ দ্রুতগতিত উন্নতি দিশত আগুৱাই যাব৷

মই পুনৰবাৰ এই পবিত্র উৎসৱ উপলক্ষে বাংলাদেশৰ সকলো নাগৰিকক বহুত বহুত শুভকামনা জনাইছো আৰু হৃদয়ৰ পৰা আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছো৷

ভাৰত-বাংলাদেশ মৈত্রী দীৰ্ঘজীৱি হওক।

এই শুভকামনাৰে মই মোৰ বক্তব্য সামৰণি মাৰিছো৷

জয় বাংলা!

জয় হিন্দ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India among Asia's fastest-growing green economies with $110 billion revenue in 2025: LSEG

Media Coverage

India among Asia's fastest-growing green economies with $110 billion revenue in 2025: LSEG
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Abelardo de la Espriella on his victory in the Colombian presidential elections
June 26, 2026

Prime Minister Shri Narendra Modi congratulated Abelardo de la Espriella on his victory in the Colombian presidential elections.

The Prime Minister noted that India deeply values its close friendship with Colombia which continues to grow in all areas. “I convey my best wishes for a successful tenure and look forward to working together to further deepen our bilateral relations in the years ahead”, Shri Modi added.

Shri Modi posted on X;

Heartiest congratulations, Abelardo de la Espriella, on your victory in the Colombian presidential elections.

India values its close friendship with Colombia which continues to grow in all areas. I convey my best wishes for a successful tenure and look forward to working together to further deepen our bilateral relations in the years ahead.

@ABDELAESPRIELLA