ড০ স্বামীনাথনে খাদ্য উৎপাদনত ভাৰতক আত্মনিৰ্ভৰ কৰি তোলা অভিযানৰ নেতৃত্ব দিছিল : প্ৰধানমন্ত্ৰী
ড০ স্বামীনাথনে জৈৱ-বৈচিত্ৰ্যৰ ঊৰ্ধ্বলৈ গৈ জৈৱ-সুখৰ দূৰদৰ্শী ধাৰণা সৃষ্টি কৰিছিল : প্ৰধানমন্ত্ৰী
ভাৰতে কেতিয়াও কৃষক সমাজৰ স্বাৰ্থৰ সৈতে আপোচ নকৰে : প্ৰধানমন্ত্ৰী
আমাৰ চৰকাৰে কৃষকৰ শক্তিক দেশৰ প্ৰগতিৰ আধাৰ হিচাপে স্বীকৃতি দিছে : প্ৰধানমন্ত্ৰী
খাদ্য সুৰক্ষাৰ ঐতিহ্যৰ ওপৰত ভিত্তি কৰি আমাৰ কৃষি বিজ্ঞানীসকলৰ পৰৱৰ্তী লক্ষ্য হৈছে সকলোৰে বাবে পুষ্টি সুৰক্ষা সুনিশ্চিত কৰা : প্ৰধানমন্ত্ৰী

মোৰ কেবিনেট সতীৰ্থ শ্ৰী শিৱৰাজ সিং চৌহান; এম.এছ. স্বামীনাথন ৰিচাৰ্চ ফাউণ্ডেচনৰ অধ্যক্ষ ডঃ সৌম্য স্বামীনাথন; নিটি আয়োগৰ সদস্য ডঃ ৰমেশ চান্দ; মই স্বামীনাথনৰ পৰিয়ালৰ ভালে কেইজন সদস্যও ইয়াত উপস্থিত থকা দেখিবলৈ পাইছোঁ— মই তেওঁলোককো শ্ৰদ্ধাৰে শুভেচ্ছা জনাইছোঁ। সকলো বিজ্ঞানী, বিশিষ্ট অতিথি, ভদ্ৰলোক আৰু মহিলাক সম্ভাষণ জনালোঁ!

কিছুমান বিশেষ ব্যক্তিত্ব আছে, যিসকলৰ বৰঙণিৰাজি কোনো এটা নিৰ্দিষ্ট যুগ বা বিশেষ অঞ্চলৰ মাজতে সীমাবদ্ধ হৈ নাথাকে। অধ্যাপক এম.এছ. স্বামীনাথন আছিল তেনে এগৰাকী বিশিষ্ট বিজ্ঞানী, ভাৰত মাতাৰ এগৰাকী নিষ্ঠাবান সুপুত্ৰ। তেওঁ বিজ্ঞানক জনসেৱাৰ মাধ্যমলৈ ৰূপান্তৰিত কৰিছিল। তেওঁ নিজৰ ওৰেটো জীৱন ৰাষ্ট্ৰখনৰ খাদ্য সুৰক্ষা নিশ্চিতকৰণৰ বাবে উৎসৰ্গা কৰিছিল। তেওঁ এনে এক চেতনা জাগ্ৰত কৰিছিল, যিয়ে আগন্তুক শতিকাজুৰি ভাৰতৰ নীতি আৰু অগ্ৰাধিকাৰক মাৰ্গ-দৰ্শন কৰি থাকিব।

স্বামীনাথন শতবাৰ্ষিকী উদযাপন উপলক্ষে আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ।

 

বন্ধুসকল,

আজি ৭ আগষ্ট অৰ্থাৎ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস। যোৱা দহ বছৰত সমগ্ৰ দেশতে হস্ততাঁত খণ্ডই নতুন স্বীকৃতি আৰু শক্তি লাভ কৰিছে। এই ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত আপোনালোক সকলোকে আৰু হস্ততাঁত খণ্ডৰ সৈতে জড়িত লোকসকলক মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

বন্ধুসকল,

ডঃ স্বামীনাথনৰ সৈতে মোৰ সম্পৰ্ক বহু বছৰ পুৰণি। গুজৰাটৰ পূৰ্বৰ পৰিস্থিতি সম্পৰ্কে আপোনালোক জ্ঞাত— খৰাং আৰু ঘূৰ্ণীবতাহৰ বাবে তাত কৃষিকাৰ্য্যত প্ৰায়ে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল আৰু কচ্ছৰ মৰুভূমি ক্ৰমাগতভাৱে সম্প্ৰসাৰিত হৈছিল। মোৰ মুখ্যমন্ত্ৰিত্বৰ কাৰ্য্যকালত আমি ছইল হেল্থ কাৰ্ড আঁচনিৰ কাম আৰম্ভ কৰিছিলোঁ। মোৰ ভালকৈ মনত আছে যে অধ্যাপক স্বামীনাথনে এই পদক্ষেপৰ প্ৰতি অসীম আগ্ৰহ প্ৰকাশ কৰিছিল। তেওঁ উদাৰতাৰে নিজৰ পৰামৰ্শ আগবঢ়াই আমাক পথ-প্ৰদৰ্শন কৰিছিল। তেওঁৰ অৱদানসমূহে এই প্ৰচেষ্টাৰ সফলতাত বহুখিনি সহায় কৰিছিল। আজিৰ পৰা প্ৰায় বিশ বছৰ আগৰ কথা। মই তামিলনাডুস্থিত তেওঁৰ গৱেষণা ফাউণ্ডেচনৰ কেন্দ্ৰটোলৈ গৈছিলোঁ। ২০১৭-ত তেওঁৰ গ্ৰন্থ ‘দ্য কুৱেষ্ট ফৰ এ ৱৰ্ল্ড উইডাউট হাংগাৰ’ উন্মোচনৰ সুযোগ লাভ কৰিছিলোঁ। ২০১৮-ত বাৰাণসীত আন্তৰ্জাতিক চাউল গৱেষণা প্ৰতিষ্ঠানৰ আঞ্চলিক কেন্দ্ৰ উদ্বোধন কৰোঁতে আমি পুনৰবাৰ তেওঁৰ দিহা-পৰামৰ্শৰ দ্বাৰা উপকৃত হৈছিলোঁ। তেওঁৰ সৈতে হোৱা প্ৰতিটো সাক্ষাৎ মোৰ বাবে আছিল এক শিক্ষণ অভিজ্ঞতা। তেওঁ এবাৰ কৈছিল, “বিজ্ঞান কেৱল আৱিষ্কাৰৰ কথা নহয়, প্ৰদানৰ কথাও” আৰু তেওঁ নিজৰ কাৰ্য্যৰ জৰিয়তে এই কথা বাস্তৱত প্ৰতিফলিত কৰিছিল। তেওঁ নিজকে কেৱল গৱেষণাতে সীমাবদ্ধ নাৰাখিছিল; তেওঁ কৃষকসকলক নতুন কৃষি পদ্ধতিৰ অভিযোজনা কৰিবলৈয়ো অনুপ্ৰাণিত কৰিছিল। আজিও তেওঁৰ দৃষ্টিভংগী আৰু ধাৰণা সমগ্ৰ ভাৰতৰ কৃষি খণ্ডতে দেখা গৈছে। তেওঁ আছিল সঁচা অৰ্থত ভাৰত মাতাৰ নয়নৰ মণি। আমাৰ চৰকাৰে ডঃ স্বামীনাথনক ভাৰতৰত্ন প্ৰদানৰ সুযোগ লাভ কৰা কাৰ্য্যক মোৰ বাবে সন্তোষৰ কথা বুলি গণ্য কৰোঁ।

বন্ধুসকল,

ডঃ স্বামীনাথনে ভাৰতক খাদ্য উৎপাদনৰ ক্ষেত্ৰত আত্ম-নিৰ্ভৰ কৰি তোলাৰ এক অভিযান আৰম্ভ কৰিছিল। তথাপিও তেওঁৰ পৰিচয় সেউজ বিপ্লৱৰ বাহিৰলৈকে বিস্তৃত আছিল। তেওঁ কৃষকসকলৰ মাজত কৃষিকাৰ্য্যত ৰাসায়নিক পদাৰ্থৰ বৰ্ধিত ব্যৱহাৰ আৰু ‘ম’ন’কালচাৰ’ কৃষিকাৰ্য্যৰ বিপদাশংকা সম্পৰ্কে নিৰন্তৰভাৱে সজাগতাৰ সৃষ্টি কৰিছিল। অৰ্থাৎ শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে কাম কৰাৰ সময়তে তেওঁ পৰিবেশ আৰু ধৰিত্ৰী মাতৃৰ প্ৰতিও সমানেই চিন্তিত আছিল। উভয়ৰে মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ আৰু এই প্ৰত্যাহ্বানসমূহেৰে মোকাবিলা কৰিবলৈ তেওঁ সেউজ বিপ্লৱৰ ধাৰণাটোৰ প্ৰৱৰ্তন কৰিছিল। তেওঁ ‘জৈৱিক-গাঁও’-ৰ ধাৰণাটোৰ প্ৰস্তাৱ জনাইছিল, ইয়াৰ জৰিয়তে গ্ৰাম্য সমাজ আৰু কৃষকসকলক সবলীকৰণৰ পোষকতা কৰিছিল। তেওঁ ‘সামূহিক বীজ বেংক’ আৰু ‘সুযোগ শস্য’-ৰ দৰে ধাৰণাৰ প্ৰচাৰ কৰিছিল।

 

বন্ধুসকল,

ডঃ স্বামীনাথনে বিশ্বাস কৰিছিল যে জলবায়ু পৰিৱৰ্তন আৰু পুষ্টিৰ দৰে প্ৰত্যাহ্বানৰ সমাধান আমি পাহৰি যোৱা শস্যসমূহৰ মাজতেই নিহিত হৈ আছে। খৰাং সহনশীলতা আৰু লোন সহনশীলতাত তেওঁ গুৰুত্ব আৰোপ কৰিছিল। তেওঁ শ্ৰী অন্ন বাজৰাৰ পোষকতা কৰিছিল— কিন্তু সেইসময়ত ইয়াক কোনেও বিশেষ গুৰুত্ব প্ৰদান নকৰিছিল। বহু বছৰ পূৰ্বে ডঃ স্বামীনাথনে মেংগ্ৰোভৰ জিনীয় বৈশিষ্ট্যসমূহ ধানলৈ স্থানান্তৰিতকৰণৰ পৰামৰ্শ প্ৰদান কৰিছিল, যাতে শস্যসমূহ জলবায়ুৰ প্ৰতি অধিক স্থিতিস্থাপক হয়। আজি আমি জলবায়ু অভিযোজনাৰ কথা কওঁতে আমি উপলব্ধি কৰিছোঁ যে তেওঁ চিন্তাধাৰাত কিমানখিনি আগবঢ়া আছিল।

বন্ধুসকল,

আজি জৈৱ-বৈচিত্ৰ্য বৈশ্বিক চিন্তাৰ বিষয় হৈ পৰিছে আৰু ইয়াক সুৰক্ষিতকৰণৰ বাবে বিশ্বৰ চৰকাৰসমূহে একাধিক ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু ডঃ স্বামীনাথনে আৰু এখোজ আগবাঢ়ি গৈ আমাক ‘জৈৱসুখ’-ৰ (biohappiness) ধাৰণা প্ৰদান কৰিছিল। আজি আমি সেই ধাৰণাটোকেই উদযাপন কৰিবলৈ আহিছোঁ। ডঃ স্বামীনাথনে কৈছিল যে জৈৱ-বৈচিত্ৰ্যৰ শক্তিয়ে স্থানীয় সমাজসমূহৰ দৈনন্দিন জীৱন-যাত্ৰাত এক উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰিব পাৰে। যিয়ে স্থানীয় সম্পদৰ ব্যৱহাৰৰ জৰিয়তে জীৱিকাৰ নতুন উপায় সৃষ্টিৰ উপায় প্ৰদান কৰিব পাৰে। তেওঁ নিজৰ ধাৰণাসমূহ তৃণমূল পৰ্য্যায়ত কাৰ্য্যকৰীকৰণত উঠি-পৰি লাগিছিল। তেওঁ গৱেষণাৰ জৰিয়তে নতুন আৱিষ্কাৰৰ সুফল কৃষকৰ মাজলৈ নিবলৈ ধাৰাবাহিকভাৱে প্ৰচেষ্টা গ্ৰহণ কৰিছিল। আমাৰ ক্ষুদ্ৰ কৃষক, আমাৰ মাছমৰীয়াসকল, আমাৰ জনজাতীয় সমাজ— সকলোৱেই তেওঁৰ এই প্ৰচেষ্টাৰ জৰিয়তে ভালেখিনি উপকৃত হৈছে।

বন্ধুসকল,

আজি বিশেষভাৱে সন্তোষৰ কথা এয়ে যে অধ্যাপক স্বামীনাথনৰ উত্তৰাধিকাৰক সন্মান জনাই ‘খাদ্য আৰু শান্তিৰ বাবে এম. এছ. স্বামীনাথন বঁটা’ প্ৰৱৰ্তন কৰা হৈছে। খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা উন্নয়নশীল দেশসমূহৰ ব্যক্তিসকলক এই আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হ’ব। খাদ্য আৰু শান্তি— উভয়ৰে মাজৰ সম্পৰ্ক কেৱল দাৰ্শনিকেই নহয়, বৰঞ্চ গভীৰভাৱে ব্যৱহাৰিকো। আমাৰ উপনিষদত কোৱা হৈছে এইবুলিঃ अन्नम् न निन्द्यात्, तद् व्रतम्। प्राणो वा अन्नम्। शरीरम् अन्नादम्। प्राणे शरीरम् प्रतिष्ठितम्। অৰ্থাৎ খাদ্যক অসন্মান কৰিব নালাগে। খাদ্যই জীৱনক সহায় কৰে।

 

সেয়েহে বন্ধুসকল,

খাদ্যৰ সংকট হোৱা মাত্ৰেকে জীৱনলৈকে সংকট নামি আহে। আৰু তেতিয়া লক্ষ-লক্ষ লোকৰ জীৱন বিপদাপন্ন হোৱা মাত্ৰেকে স্বাভাৱিকতে বিশ্বজুৰি অশান্তিৰ সৃষ্টি হয়। এই কাৰণেই ‘খাদ্য আৰু শান্তিৰ বাবে এম. এছ. স্বামীনাথন বঁটা’ সৰ্বোচ্চ গুৰুত্বপূৰ্ণ। এই বঁটা লাভ কৰা প্ৰথমজন নাইজেৰিয়াৰ প্ৰতিভাৱান বিজ্ঞানী অধ্যাপক আডেমোলা এডেনেলক মই আন্তৰিক অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

আজি ভাৰতীয় কৃষি ব্যৱস্থাৰ বহুখিনি অগ্ৰগতি সাধন হৈছে আৰু মই নিশ্চিত যে ডঃ স্বামীনাথনৰ আত্মাই এই কাৰ্য্যত শান্তি লভিব। আজি গাখীৰ, দাইল, মৰাপাট উৎপাদনৰ ক্ষেত্ৰত ভাৰতে প্ৰথম স্থান লাভ কৰিছে। চাউল, ঘেঁহু, কপাহ, ফলমূল, আৰু শাক-পাচলি উৎপাদনৰ ক্ষেত্ৰত ভাৰত দ্বিতীয় স্থানত আছে। ইয়াৰ উপৰিও ভাৰত বিশ্বৰ দ্বিতীয় সৰ্বাধিক মাছ উৎপাদনকাৰী দেশ। যোৱা বছৰ ভাৰতে এতিয়ালৈকে সৰ্বাধিক খাদ্য শস্য উৎপাদন কৰিবলৈ সক্ষম হৈছে। তৈলবীজৰ ক্ষেত্ৰতো আমি নতুন অভিলেখ গঢ়িছোঁ। চয়াবিন, সৰিয়হ, মাটিমাহত উৎপাদন অভিলেখ ৰচনা হৈছে।

বন্ধুসকল,

আমাৰ বাবে আমাৰেই কৃষকসকলৰ কল্যাণ সাধন সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয়। ভাৰতে কেতিয়াও ইয়াৰ কৃষক ৰাইজ, পশুপালক আৰু মাছমৰীয়াসকলৰ স্বাৰ্থত আপোচ নকৰে। মই জানো যে ইয়াৰ বাবে ব্যক্তিগতভাৱে অহোপুৰুষাৰ্থ কৰিব লাগিব। কিন্তু ইয়াৰ বাবে মই সাজু। ভাৰত আজি ৰাষ্ট্ৰখনৰ প্ৰতিগৰাকী মাছমৰীয়া, পশুপালক আৰু কৃষকৰ কাষত আগ্ৰহেৰে থিয় হৈছে। আমি কৃষক ৰাইজৰ আয় বৃদ্ধি, কৃষিকাৰ্য্যৰ ব্যয় হ্ৰাস, উপাৰ্জনৰ নতুন উৎস সৃষ্টিৰ অৰ্থে ধাৰাবাহিকভাৱে কাম কৰি আহিছোঁ।

 

বন্ধুসকল,

আমাৰ চৰকাৰে কৃষকসকলৰ শক্তিক ৰাষ্ট্ৰখনৰ প্ৰগতিৰ ভেটি হিচাপে বিবেচনা কৰিছে। সেইবাবেই শেহতীয়া বছৰ কেইটাত ৰূপায়ণ কৰা নীতিসমূহ কেৱল সহায়ৰ বিষয়তে সীমাবদ্ধ নাছিল, বৰঞ্চ ইয়াৰ লক্ষ্য আছিল কৃষক ৰাইজৰ মাজত আত্মবিশ্বাসৰ মনোভাৱ গঢ়ি তোলা। প্ৰধানমন্ত্ৰী-কিষাণ সন্মান নিধিৰ জৰিয়তে প্ৰদান কৰা প্ৰত্যক্ষ আৰ্থিক সাহায্যই ক্ষুদ্ৰ কৃষকসকলক আত্মবিশ্বাসেৰে সবল কৰি তুলিছে। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাই তেওঁলোকক বিপদাশংকাৰ পৰা সুৰক্ষা প্ৰদান কৰিছে। জলসিঞ্চনৰ সৈতে জড়িত বিষয়সমূহ পিএম কৃষি সিঁচাই যোজনাৰ জৰিয়তে সমাধান কৰা হৈছে। ১০ হাজাৰ এফপিঅ’ স্থাপনৰ ফলশ্ৰুতিত ক্ষুদ্ৰ কৃষকৰ সামূহিক শক্তি বৃদ্ধি পাইছে। সমবায় আৰু আত্ম-সহায়ক গোটসমূহক আৰ্থিক সাহায্য আগবঢ়োৱা কাৰ্য্যই গ্ৰাম্য অৰ্থনীতিক এক নতুন গতি প্ৰদান কৰিছে। ই-নাম (e-NAM) ৰ সহায়ত কৃষকসকলে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰাটো সহজ হৈ পৰিছে। প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনাই নতুন খাদ্য সংসাধন ইউনিট আৰু মজুতকৰণ আন্তঃগাঁথনি স্থাপনৰ কাম ত্বৰান্বিত কৰিছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী ধন ধান্য যোজনাতো অনুমোদন জনোৱা হৈছে। এই আঁচনিৰ অধীনত কৃষি ক্ষেত্ৰত পিছপৰা ১০০ খন জিলাক বাছনি কৰা হৈছে। এই জিলাসমূহৰ কৃষকসকলক আন্তঃগাঁথনি আৰু আৰ্থিক সাহায্য প্ৰদানেৰে কৃষিকাৰ্য্যৰ ক্ষেত্ৰত এক নতুন আত্মবিশ্বাসৰ মনোভাৱ জগাই তোলা হৈছে।

বন্ধুসকল,

একবিংশ শতিকাৰ ভাৰতে এখনি উন্নত ৰাষ্ট্ৰ হ’বলৈ সম্পূৰ্ণ নিষ্ঠা সহকাৰে কাম কৰি আছে। আৰু প্ৰতিটো শ্ৰেণী, প্ৰতিটো বৃত্তিৰ লোকসকলৰ অৱদানৰ জৰিয়তেহে এই লক্ষ্যত উপনীত হ’ব পাৰি। ডঃ স্বামীনাথনৰ দৃষ্টিৰপৰা প্ৰেৰণা গ্ৰহণেৰে আমাৰ বিজ্ঞানীসকলে এতিয়া ইতিহাস সৃষ্টিৰ আন এক সুযোগ লাভ কৰিছে। পূৰ্বৰ-প্ৰজন্মৰ বিজ্ঞানীসকলে খাদ্য সুৰক্ষা নিশ্চিত কৰিছিল— এতিয়া পুষ্টি সুৰক্ষাত গুৰুত্ব আৰোপৰ প্ৰয়োজনীয়তা আহি পৰিছে। জনসাধাৰণৰ স্বাস্থ্যৰ অগ্ৰগতি সাধনৰ বাবে আমি জৈৱ-শোধিত আৰু পুষ্টি-সমৃদ্ধ শস্যক বৃহৎ পৰিসৰত প্ৰচাৰ কৰিব লাগিব। ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ হ্ৰাস কৰা আৰু প্ৰাকৃতিক কৃষিকাৰ্য্যৰ প্ৰসাৰত অধিক গুৰুত্ব আৰোপ কৰিব লাগিব।

বন্ধুসকল,

জলবায়ু পৰিৱৰ্তনেৰে জড়িত প্ৰত্যাহ্বানৰাজি সম্পৰ্কে আপোনাসৱ ভালদৰেই জ্ঞাত। আমি যিমান পাৰোঁ জলবায়ু স্থিতিস্থাপক শস্য বিকশিত কৰিব লাগিব। খৰাং সহনশীল, তাপ প্ৰতিৰোধী, বানপানীৰ লগত খাপ খোৱা শস্যত গুৰুত্ব প্ৰদান কৰিব লাগিব। শস্য আৱৰ্তনৰ ওপৰত আৰু কোনবিধ শস্য কোনবোৰ মাটিৰ প্ৰকাৰৰ বাবে সৰ্বোত্তম, সেয়া চিনাক্তকৰণত অধিক গৱেষণাৰ প্ৰয়োজন। ইয়াৰ সমান্তৰালকৈ আমি সুলভ মূল্যৰ মাটি পৰীক্ষণ সঁজুলি আৰু পুষ্টিকৰ পদাৰ্থ ব্যৱস্থাপনাৰ ফলপ্ৰসূ পদ্ধতিও গঢ়ি তুলিব লাগিব।

 

বন্ধুসকল,

সৌৰশক্তিচালিত ক্ষুদ্ৰ জলসিঞ্চনৰ ক্ষেত্ৰত আমি আৰু বহুখিনি কাম কৰিব লাগিব। আমি ড্ৰিপ ব্যৱস্থা আৰু নিখুঁত জলসিঞ্চনক অধিক ব্যাপক আৰু ফলপ্ৰসূ কৰি তুলিব লাগিব। আমি উপগ্ৰহৰ তথ্য, এআই আৰু মেচিন লাৰ্নিঙক একত্ৰিত কৰি তুলিব পাৰো নে? শস্যৰ উৎপাদনৰ পূৰ্বাভাস প্ৰদান কৰিব পৰা, কীট-পতংগ নিৰীক্ষণ কৰিব পৰা, বীজ সিঁচাৰ ক্ষেত্ৰত পথ-প্ৰদৰ্শন কৰিব পৰা ব্যৱস্থা আমি গঢ়ি তুলিব পাৰো নে? এনে বাস্তৱ-সময়ৰ সিদ্ধান্ত সমৰ্থন ব্যৱস্থা প্ৰতিখন জিলাতে উপলব্ধ কৰিব পৰা যাব নে? আপোনালোক সকলোৱে এগ্ৰি-টেক ষ্টাৰ্টআপক গাইড কৰিব লাগিব। আজি ভালে সংখ্যক উদ্ভাৱনী মনৰ যুৱক-যুৱতীয়ে কৃষিক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহ সমাধানৰ বাবে কাম কৰি আছে। সেয়েহে আপোনালোকে আপোনাসৱৰ অভিজ্ঞতাৰে তেওঁলোকক মেন্টৰ কৰি থকা মাত্ৰেকে তেওঁলোকে বিকশিত কৰা সামগ্ৰীসমূহ অধিক প্ৰভাৱশালী আৰু ব্যৱহাৰকাৰী-অনুকূল হ’ব।

বন্ধুসকল,

আমাৰ কৃষক আৰু কৃষক সমাজৰ মাজত পৰম্পৰাগত অভিজ্ঞতাৰ ভাণ্ডাৰ লুকাই আছে। পৰম্পৰাগত ভাৰতীয় কৃষি পদ্ধতিক আধুনিক বিজ্ঞানৰ সৈতে একত্ৰিতকৰণেৰে এক সামগ্ৰিক জ্ঞানৰ ভিত্তি গঢ়ি তুলিব পাৰি। শস্যৰ বৈচিত্ৰ্যতা আজি ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ বিষয়। আমি আমাৰ কৃষকসকলক ইয়াৰ তাৎপৰ্য্য সম্পৰ্কে বুজাব লাগিব। আমি ক’ব লাগিব যে ইয়াৰ সুবিধা কি আৰু লগতে ইয়াক গ্ৰহণ নকৰাৰ পৰিণতি কি হ’ব পাৰে। আৰু এই কামত আপোনাসৱে প্ৰকৃত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সৰ্বোত্তম স্থানত আছে।

 

বন্ধুসকল,

যোৱা বৰ্ষৰ ১১ আগষ্টত পুছা কেম্পাছলৈ যোৱাৰ সময়ত কৃষি প্ৰযুক্তিক ‘লেবৰ পৰা লেণ্ডলৈ’ নিয়াৰ প্ৰচেষ্টাক ত্বৰান্বিত কৰিবলৈ আহ্বান জনাইছিলোঁ। মে’–জুন ৰ ভিতৰত বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ হোৱাত মই আনন্দিত হৈছোঁ। পোন-প্ৰথমবাৰৰ বাবে বিজ্ঞানীৰ দলসমূহে—সংখ্যাত প্ৰায় ২,২০০—দেশৰ ৭০০ ৰো অধিক জিলাত অংশগ্ৰহণ কৰে। ৬০,০০০ ৰো অধিক কাৰ্য্যসূচীৰ আয়োজন কৰা হৈছিল আৰু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ইয়াৰ জৰিয়তে প্ৰায় ১.২৫ কোটি সচেতন কৃষকৰ সৈতে প্ৰত্যক্ষ সংযোগ স্থাপন কৰা হৈছিল। আমাৰ বিজ্ঞানীসকলে অধিক সংখ্যক কৃষকৰ কাষ চাপিবলৈ কৰা এই প্ৰচেষ্টা সঁচাকৈয়ে প্ৰশংসনীয়।

বন্ধুসকল,

ডঃ এম. এছ. স্বামীনাথনে আমাক শিকাইছিল যে কৃষি কেৱল শস্যৰ মাজতে সীমাবদ্ধ নহয়— বৰঞ্চ কৃষিয়েই হৈছে জীৱন। পথাৰখনৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিৰ মৰ্য্যাদা, প্ৰতিটো কৃষক সমাজৰ মংগল সাধন, প্ৰকৃতিৰ সুৰক্ষা—এয়াই আমাৰ চৰকাৰৰ কৃষি নীতিৰ মূল অংশ। আমি বিজ্ঞান আৰু সমাজক একত্ৰিত কৰিব লাগিব, ক্ষুদ্ৰ কৃষকসকলৰ স্বাৰ্থৰাজিক আমাৰ প্ৰচেষ্টাৰ মূল স্থানত ৰাখিব লাগিব, পথাৰত কাম কৰা মহিলাসকলক শক্তিশালী কৰিব লাগিব। আহকচোন আমি এই লক্ষ্যক হৃদয়ংগমেৰে তথা আমাক সকলোকে পথ-প্ৰদৰ্শন কৰা ডঃ স্বামীনাথনৰ প্ৰেৰণাৰে আগবাঢ়ি যাওঁ।

পুনৰবাৰ এই বিশেষ অনুষ্ঠানত ভাগ লোৱা আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

আপোনাসৱক অশেষ ধন্যবাদ জনালোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s electronic hardware exports rise 30% to $38.5 billion in FY 2024-25

Media Coverage

India’s electronic hardware exports rise 30% to $38.5 billion in FY 2024-25
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets everyone on occasion of Navratri
March 19, 2026
PM shares a Sanskrit Subhashitam and a Hymn on this occasion

Prime Minister Shri Narendra Modi has extended his warmest greetings to everyone on the auspicious occasion of Navratri, praying for prosperity, health, and the fulfillment of the resolve for a Viksit Bharat.

The Prime Minister shared a Sanskrit Subhashitam on this occasion, highlighting the divine and benevolent grace of Goddess Shailaputri as the holy festival of Navratri commences. PM Modi also shared a devotional hymn dedicated to the Goddess on this occasion, noting that through the boundless mercy of the Goddess, the welfare of all citizens would be ensured, providing a powerful impetus to the collective goal of a developed India.

In a series of posts, the Prime Minister wrote on X:

"देशभर के मेरे परिवारजनों को नवरात्रि की हार्दिक मंगलकामनाएं। शक्ति की आराधना का यह दिव्य अवसर आप सभी के लिए सुख, सौभाग्य, समृद्धि और उत्तम स्वास्थ्य लेकर आए। शक्तिस्वरूपा मां दुर्गा की असीम कृपा से सबका कल्याण हो, जिससे विकसित भारत के हमारे संकल्प को भी नई ऊर्जा मिले। जय अंबे जगदंबे मां!"

"नवरात्रि के पहले दिन मां दुर्गा के प्रथम स्वरूप देवी शैलपुत्री की पूजा का विधान है। उनके आशीर्वाद से हर किसी के जीवन में संयम, शांति और सकारात्मक ऊर्जा का संचार हो, यही कामना है।

वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम्।
वृषारूढां शूलधरां शैलपुत्रीं यशस्विनीम्॥"

I bow to Goddess Shailaputri, who fulfills all the wishes of her devotees, who is adorned with a crescent moon on her forehead, who rides a bull and who holds a trident in her hand. She is a glorious and revered goddess.

"जगतजननी मां दुर्गा के चरणों में कोटि-कोटि देशवासियों की ओर से मेरा नमन और वंदन! नवरात्रि के पावन पर्व पर देवी मां से विनती है कि वे हर किसी को अपने स्नेह और अनुकंपा का आशीर्वाद प्रदान करें। जय माता दी!"