কেন্দ্ৰটোৰ বাবে আগবঢ়োৱা সহযোগিতাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনালে ‘হু’ৰ সঞ্চালক প্ৰধানে
‘হু’ৰ ‘গ্লোবেল চেণ্টাৰ ফৰ ট্ৰেডিশ্যনেল মেডিচিন’ৰ বাবে ভাৰতক ধন্যবাদ জনালে বিশ্ব-নেতৃবৃন্দই
‘‘হু’ৰ গ্লোবেল চেণ্টাৰ ফৰ ট্ৰেডিশ্যনেল মেডিচিন’ হৈছে ক্ষেত্ৰটোলৈ ভাৰতে আগবঢ়োৱা অৱদান আৰু ই বহণ কৰা সম্ভাৱনীয়তাৰে স্বীকৃতি”
“ভাৰতে এই সহযোগিতাক সমগ্ৰ মানৱতাৰ সেৱাৰ বাবে থকা বিশাল দায়বদ্ধতা হিচাপেই গ্ৰহণ কৰিছে”
‘‘হু’ৰ ‘গ্লোবেল চেণ্টাৰ ফৰ ট্ৰেডিশ্যনেল মেডিচিন’-ৰ জৰিয়তে জন-কল্যাণৰ ক্ষেত্ৰত জামনগৰে আগবঢ়োৱা অৰিহণায়ো এক গোলকীয় স্বীকৃতি লাভ কৰিলে”
“ওৱান প্লেনেট আৱাৰ হেল্থ’-ৰ ধ্বনি প্ৰদানৰে ‘হু’-ৱে ভাৰতৰ ‘এক পৃথিৱী, এক স্বাস্থ্য’ৰ দৰ্শনকে প্ৰসাৰিত কৰিছে”
“ভাৰতৰ পাৰম্পৰিক চিকিত্সা পদ্ধতি কেৱল চিকিত্সাতে সীমাবদ্ধ নহয়, ই এক বিস্তৃত জীৱন-বিজ্ঞান”

নমস্কাৰ!!

মৰিচাছৰ প্ৰধানমন্ত্ৰী শ্ৰী প্ৰবীন্দ কুমাৰ যুগনাথজী, বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ডঃ টেড্ৰছ, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল, মোৰ কেবিনেট সহযোগী শ্ৰী সৰ্বানন্দ সোণোৱালজী, ডঃ মনসুখ মাণ্ডৱিয়াজী, শ্ৰী মুঞ্জপাৰা মহেন্দ্ৰভাই, আৰু এই অনুষ্ঠানত উপস্থিত থকা অন্যান্য গণ্যমান্য ব্যক্তিসকল, মহিলা আৰু ভদ্ৰলোকসকল!

 

আজি আমি সকলোৱে সমগ্ৰ বিশ্বৰ স্বাস্থ্য আৰু সুস্থতাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অনুষ্ঠান আয়োজন কৰিবলৈ পাইছোঁ। বিশ্ব স্বাস্থ্য সংস্থাৰ মহা প্ৰৱন্ধক ডঃ টেড্ৰছৰ ওচৰত মই  অত্যন্ত কৃতজ্ঞ। ডঃ টেড্ৰছে ভাৰতৰ যি প্ৰশংসা কৰিছে তাৰ বাবে মই প্ৰতিজন ভাৰতীয়ৰ হৈ তেখেতক যথেষ্ট ধন্যবাদ জনাইছোঁ। তেওঁ যিদৰে গুজৰাটী, হিন্দী আৰু ইংৰাজীৰ সংগম ঘটাই ভাষণ প্ৰদান কৰিছে আৰু প্ৰতিজন ভাৰতীয়ৰ হৃদয় স্পৰ্শ কৰিছে তাৰ বাবে মই তেওঁক বিশেষভাৱে অভিনন্দন জনাইছোঁ। ডঃ টেড্ৰছৰ সৈতে মোৰ সম্পৰ্ক যথেষ্ট পুৰণি আৰু যেতিয়াই আমি লগ পাওঁ তেতিয়াই তেওঁ সদায় ভাৰতৰ গুৰুসকলে তেওঁক যিধৰণে উদ্বুদ্ধ আৰু অনুপ্ৰাণিত কৰিছে সেই কথা আনন্দ আৰু গৌৰৱৰে উল্লেখ কৰে। তেওঁ সদায় অতি আনন্দেৰে নিজৰ অনুভূতি প্ৰকাশ কৰে। ভাৰতৰ প্ৰতি তেওঁৰ যি গভীৰ মৰম আছে সেয়া আজি পুনৰ এবাৰ আমাৰ সন্মুখত প্ৰতিফলিত হৈছে। তেওঁ মোক কৈছিল-"এইটো মোৰ সন্তান আৰু মই আপোনাক দিছোঁ; এতিয়া ইয়াক প্ৰতিপালন কৰাটো আপোনাৰ দায়িত্ব"। মই ডঃ টেড্ৰছক আশ্বাস দিছোঁ যে আপুনি যি বিশ্বাসেৰে ভাৰতক এই দায়িত্ব দিছে আৰু আমাৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ ভাই পেটেলে যি উৎসাহেৰে এই সমগ্ৰ দায়িত্ব তেওঁৰ কান্ধত লৈছে, মই নিশ্চিত যে আমি নিশ্চিতভাৱে আপোনাৰ প্ৰত্যাশা পূৰণ কৰিম।

মই মোৰ মৰমৰ বন্ধু তথা মৰিচাছৰ প্ৰধানমন্ত্ৰী শ্ৰী জগনাথজীৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰায় তিনি দশক ধৰি তেওঁৰ পৰিয়ালৰ সৈতে মোৰ সম্পৰ্ক আছে। যেতিয়াই মই মৰিচাছলৈ গৈছোঁ, মই তেওঁৰ ঘৰলৈ যাও আৰু তেওঁৰ পিতৃক লগ কৰোঁ। তেওঁৰ পৰিয়ালৰ সৈতে মোৰ এক অতি ঘনিষ্ঠ সম্পৰ্ক আছে যিটো প্ৰায় তিনি দশক পুৰণি আৰু মই আনন্দিত যে আজি মোৰ নিমন্ত্ৰণত তেওঁ মোৰ গৃহ ৰাজ্য গুজৰাটলৈ আহিছে। গুজৰাট আৰু গুজৰাটী ভাষাৰ সৈতে সংযোগ স্থাপন কৰি তেওঁ আমাৰ সকলোৰে হৃদয় জয় কৰিছে। আমি সকলোৱে এইমাত্ৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী, ভূটানৰ প্ৰধানমন্ত্ৰী আৰু নেপালৰ প্ৰধানমন্ত্ৰীৰ কথা শুনিছোঁ। সকলোৱে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত চিকিৎসাৰ এই আন্তৰ্জাতিক কেন্দ্ৰলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। মই তেওঁলোক সকলোৰে প্ৰতি কৃতজ্ঞ।

 

বন্ধুসকল,

 

পৰম্পৰাগত চিকিৎসাৰ বাবে এই কেন্দ্ৰৰ জৰিয়তে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতৰ সৈতে এক নতুন অংশীদাৰিত্বত মনোনিৱেশ কৰিছে। ই হৈছে পৰম্পৰাগত চিকিৎসাৰ ক্ষেত্ৰত ভাৰতৰ অৱদান আৰু ভাৰতৰ সম্ভাৱনা দুয়োটাৰ স্বীকৃতি। ভাৰতে এই অংশীদাৰিত্বক সমগ্ৰ মানৱ জাতিৰ সেৱা কৰাৰ এক বৃহৎ দায়িত্ব হিচাপে লৈছে। এই কেন্দ্ৰই সমগ্ৰ বিশ্বতে বিয়পি থকা পৰম্পৰাগত চিকিৎসা প্ৰতিষ্ঠানসমূহৰ সহযোগত সমগ্ৰ বিশ্বৰ লোকসকলক উন্নত চিকিৎসা সেৱা প্ৰদান কৰাত সহায় কৰিব। জামনগৰৰ ভূমিত ডঃ টেড্ৰছ আৰু প্ৰবীন্দজীৰ উপস্থিতিত মই ক'ব বিচাৰো যে ই কেৱল এটা ভৱন বা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন অনুষ্ঠান নহয়। সমগ্ৰ বিশ্বৰ যিসকল লোকে প্ৰাকৃতিক চিকিৎসা আৰু পৰম্পৰাগত ঔষধত বিশ্বাস কৰে তেওঁলোকক আজি মই ক'ব বিচাৰো যে যিহেতু ভাৰতে 'আজাদী কা অমৃত মহোৎসৱ' উদযাপন কৰি আছে। এই সময়ছোৱাত স্থাপন কৰা এই আধাৰশিলাই আগন্তুক ২৫ বছৰৰ বাবে বিশ্বজুৰি এইধৰণৰ পৰম্পৰাগত চিকিৎসা কেন্দ্ৰৰ এক নতুন যুগৰ আৰম্ভ কৰিলে।

 

সামগ্ৰিক স্বাস্থ্যসেৱাৰ প্ৰতি ক্ৰমবৰ্ধমান চাহিদাৰ বিষয়টো আমি আগন্তুক ২৫ কিধৰণৰ হব সেয়া আমি কল্পনা কৰিব পাৰিছোঁ। ভাৰতে যেতিয়া স্বাধীনতাৰ শতবাৰ্ষিকী উদযাপন কৰিব, তেতিয়া সমগ্ৰ বিশ্বজুৰি প্ৰতিটো পৰিয়ালৰ বাবে পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ ক্ষেত্ৰত এই কেন্দ্ৰটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিব। আৰু এই লক্ষ্যৰেই আজি ইয়াৰ আধাৰশিলা স্থাপন কৰা হৈছে। আয়ুৰ্বেদত, অমৃত কালৰ যথেষ্ট গুৰুত্ব আছে আৰু এই কাৰ্যসূচীটো অমৃত কালত আৰম্ভ হৈছে। গতিকে মই এক নতুন বিশ্বাসৰ সৈতে এক সুদূৰপ্ৰসাৰী প্ৰভাৱৰ পূৰ্বানুমান কৰিব পাৰোঁ। ব্যক্তিগতভাৱে, আমাৰ জামনগৰত এই আন্তৰ্জাতিক কেন্দ্ৰটো স্থাপন হোৱাৰ বাবে মই অত্যন্ত আনন্দিত অনুভৱ কৰিছোঁ। আয়ুৰ্বেদৰ সৈতে জামনগৰৰ এক বিশেষ সম্পৰ্ক আছে। পাঁচ দশকৰো অধিক আগতে, জামনগৰত বিশ্বৰ প্ৰথম আয়ুৰ্বেদ বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। ইয়াত আমাৰ এখন উন্নত আৰু আধুনিক আয়ুৰ্বেদ প্ৰতিষ্ঠান। ই হৈছে আয়ুৰ্বেদৰ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান। এতিয়া বিশ্ব স্বাস্থ্য সংস্থাৰ এই আন্তৰ্জাতিক কেন্দ্ৰই সমগ্ৰ বিশ্বৰ ৰোগী কল্যাণৰ ক্ষেত্ৰত জামনগৰক এক নতুন পৰিচয় প্ৰদান কৰিব। ৰোগ মুক্ত থকাটো জীৱন যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ অংশ হ'ব পাৰে, কিন্তু সুস্থতা আমাৰ চূড়ান্ত লক্ষ্য হোৱা উচিত।

 

বন্ধুসকল,

কোভিড মহামাৰীৰ সময়ত আমাৰ জীৱনত সুস্থতাৰ গুৰুত্ব উপলব্ধি কৰিছোঁ। সেইকাৰণে সমগ্ৰ বিশ্বই আজি স্বাস্থ্য সেৱা প্ৰদানৰ ক্ষেত্ৰত এক নতুন সমাধানৰ দিশ বিচাৰি আছে। মই আনন্দিত যে বিশ্ব স্বাস্থ্য সংস্থাই এই বছৰ "আমাৰ গ্ৰহ, আমাৰ স্বাস্থ্য" শীৰ্ষক বিষয়বস্তুক হিচাপে বাছনি কৰি ভাৰতৰ 'এক পৃথিৱী, এক স্বাস্থ্য'ৰ  দৃষ্টিভংগীক আগবঢ়াই লৈ যাব।


বন্ধুসকল,

হাজাৰ হাজাৰ বছৰ আগতে ৰচনা কৰা অথৰ্ব বেদত কোৱা হৈছে- জীবেম্ শৰদঃ শতম্। অৰ্থাৎ, ১০০ বছৰ জীয়াই থাকক! আমাৰ পৰম্পৰা অনুসৰি, এজন ব্যক্তিৰ ১০০ বছৰ জীয়াই থাকিবলৈ কামনা কৰাটো অতি সাধাৰণ বিষয়। কিয়নো সেই দিনবোৰত ১০০ বছৰ জীয়াই থকাটো কোনো ডাঙৰ কথা নাছিল। ভাৰতৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিয়ে ইয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ভাৰতৰ পৰম্পৰাগত চিকিৎসা কেৱল নিৰাময়তে সীমাবদ্ধ নহয়। প্ৰকৃততে ই জীৱনৰ এক সামগ্ৰিক বিজ্ঞান। আপোনালোকৰ বহুতেই জানে যে আয়ুৰ্বেদত আৰোগ্য আৰু চিকিৎসাৰ উপৰিও, সামাজিক স্বাস্থ্য, মানসিক স্বাস্থ্য, সুখ, পৰিৱেশৰ স্বাস্থ্য, কৰুণা, সহানুভূতি, সংবেদনশীলতা আৰু উৎপাদনশীলতাও এই 'অমৃত কলশ'ত অন্তৰ্ভুক্ত কৰা হৈছে। সেইকাৰণে আয়ুৰ্বেদক জীৱনৰ জ্ঞান হিচাপে গণ্য কৰা হয়। আয়ুৰ্বেদক পঞ্চম বেদ বুলিও জনা যায় আৰু চাৰিওখন বেদৰ দৰেই ইয়াৰ গুৰুত্ব একে।

 

বন্ধুসকল,

বৰ্তমান সময়ত, আধুনিক পৃথিৱীৰ জীৱনশৈলীৰ সৈতে সম্পৰ্কিত নতুন ৰোগবোৰ দূৰ কৰিবলৈ আমাৰ পৰম্পৰাগত জ্ঞান অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। উদাহৰণস্বৰূপে, সুস্বাস্থ্যৰ সৈতে সন্তুলিত আহাৰৰ পোনপটীয়া সম্পৰ্ক আছে। আমাৰ পূৰ্বপুৰুষসকলে বিশ্বাস কৰিছিল যে সন্তুলিত আহাৰে যিকোনো ৰোগৰ আধা নিৰাময় কৰিব পাৰে। আমাৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিত প্ৰতিটো ঋতুত কি খাব লাগে আৰু কি খাব নালাগে সেই বিষয়ে তথ্যৰে ভৰি আছে। আৰু এই তথ্যৰ আধাৰ হৈছে শ শ বছৰৰ অভিজ্ঞতাৰ সংকলন। উদাহৰণ স্বৰূপে, ভাৰতত এটা সময় আছিল যেতিয়া আমাৰ জ্যেষ্ঠসকলে বাজৰা বা মোটা শস্যৰ ব্যৱহাৰৰ ওপৰত যথেষ্ট গুৰুত্ব দিছিল। কিছু সময়ৰ বাগৰাৰ লগে লগে আমি ইয়াৰ ব্যৱহাৰ হ্ৰাস হোৱা দেখিছোঁ। অৱশ্যে, এতিয়া আকৌ এবাৰ বাজৰাৰ চাহিদা বৃদ্ধি হোৱা দেখিছোঁ। মই আনন্দিত যে বাজৰাৰ ব্যৱহাৰৰ প্ৰচাৰৰ বাবে ভাৰতৰ প্ৰস্তাৱ ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰিছে। ২০২৩ বৰ্ষক আন্তৰ্জাতিক বাজৰা বৰ্ষ হিচাপে ঘোষণা কৰাটো মানৱ জাতিৰ বাবে এক অতি লাভজনক পদক্ষেপ।

 

মহামান্য ব্যক্তিসকল, আমাৰ প্ৰাচীন আৰু পৰম্পৰাগত শিক্ষাক 'ৰাষ্ট্ৰীয় পুষ্টি অভিযান'ত গুৰুত্ব দিয়া হৈছে। আমি কোভিড-১৯ মহামাৰীৰ সময়তো আয়ুষ চিকিৎসা পদ্ধতিত ব্যাপকভাৱে ব্যৱহাৰ কৰিছিলোঁ। আয়ুৰ্বেদ ভিত্তিক পাচন, যি "আয়ুষ ক্কাথ" নামেৰে অতি জনপ্ৰিয় হৈ পৰিছিল। আয়ুৰ্বেদ, সিদ্ধ, ইউনানি চিকিৎসা পদ্ধতিৰ বিশ্বব্যাপী যথেষ্ট চাহিদা আছে। আজি পৃথিৱীৰ বহুতো দেশে মহামাৰী প্ৰতিৰোধৰ বাবে পৰম্পৰাগত ভেষজ প্ৰণালীৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

বন্ধুসকল,

ভাৰতে আয়ুৰ্বেদ আৰু পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ ক্ষেত্ৰত ইয়াৰ অভিজ্ঞতা বিশ্বৰ সৈতে ভাগ বতৰা কৰাটো ইয়াৰ দায়িত্ব বুলি বিবেচনা কৰে। ভাৰতৰ যোগ পৰম্পৰাই ডায়েবেটিচ, মেদবহুলতা আৰু হতাশাৰ দৰে বহুতো ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত বিশ্বক যথেষ্ট সহায় কৰিছে। আন্তৰ্জাতিক যোগ দিৱসৰ জৰিয়তে যোগ জনপ্ৰিয় হৈ উঠিছে, আৰু সমগ্ৰ বিশ্বৰ লোকসকলক চাপ হ্ৰাস কৰাত আৰু মন-শৰীৰ-চেতনাৰ ভাৰসাম্য সৃষ্টি কৰাত সহায় কৰিছে। যোগৰ পৰিসৰ সম্প্ৰসাৰিত কৰাত এই নতুন প্ৰতিষ্ঠানটোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন গ্ৰহণ কৰিব পাৰে।


মহামান্য ব্যক্তিসকল,

আজি এই আধাৰশিলা স্থাপন উপলক্ষে মই আন্তৰ্জাতিক স্তৰৰ এই কেন্দ্ৰটোৰ বাবে পাঁচটা লক্ষ্য নিৰ্ধাৰণ কৰিব বিচাৰোঁ। প্ৰথম লক্ষ্যটো হ'ল ডাটাবেচ বা তথ্যভাণ্ডাৰ সৃষ্টি কৰিবলৈ প্ৰযুক্তি ব্যৱহাৰ কৰি পৰম্পৰাগত জ্ঞান সংগ্ৰহ কৰা। পৰম্পৰাগত ঔষধৰ বিভিন্ন দেশত বিভিন্ন পৰম্পৰা আছে। এই পৰম্পৰাবোৰ সংকলন কৰি এই কেন্দ্ৰত এটা গোলকীয় ভঁৰাল সৃষ্টি কৰিব লাগে। এই কেন্দ্ৰই এই পৰম্পৰাবোৰৰ উৎসবোৰ অধ্যয়ন কৰাৰ পিছত আৰু মূল অনুশীলনকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ পিছত এটা সংকলনো কৰিব পাৰে। এইটো কৰাটো অত্যাৱশ্যকীয় যাতে বিভিন্ন দেশৰ পৰম্পৰাগত ঔষধৰ গুৰুত্বপূৰ্ণ জ্ঞানে অনাগত প্ৰজন্মক লাভান্বিত কৰি থাকিব পাৰে।

 

বন্ধুসকল,

 

জিচিটিএমে পৰম্পৰাগত ঔষধৰ পৰীক্ষা আৰু প্ৰমাণপত্ৰৰ বাবে আন্তৰ্জাতিক মানদণ্ড সৃষ্টি কৰিব লাগে। এইটো আপোনালোকৰ সংগঠনৰ আন এটা লক্ষ্য হ'ব পাৰে। ইয়াৰ ফলত এই ঔষধবোৰৰ প্ৰতি প্ৰতিখন দেশৰ মানুহৰ বিশ্বাস বৃদ্ধি পাব। আমি দেখিছোঁ যে ভাৰতৰ কেইবাটাও পৰম্পৰাগত ঔষধ বিদেশৰ লোকসকলেও যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰে। কিন্তু গোলকীয় মানদণ্ডৰ অভাৱৰ বাবে, ইয়াৰ নিয়মীয়া ব্যৱসায় সীমিত হৈ আছে। সেয়েহে এই ঔষধবোৰৰ উপলব্ধতাও কম। মই ভাবো যে আন বহুতো দেশেও একে ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এই আন্তৰ্জাতিক কেন্দ্ৰটোৱেও ইয়াৰ সমাধানৰ দিশত কাম কৰা উচিত। বিশ্ব স্বাস্থ্য সংস্থাই শেহতীয়াকৈ আয়ুৰ্বেদ, পঞ্চকৰ্ম আৰু ইউনানীৰ বাবে বেঞ্চমাৰ্ক ডকুমেণ্টো প্ৰস্তুত কৰিছে। ইয়াক সম্প্ৰসাৰিত কৰিব লাগিব।


বন্ধুসকল,

 

জিচিটিএমে এনে এখন মঞ্চও সৃষ্টি কৰিব লাগে য'ত পৃথিৱীৰ পৰম্পৰাগত চিকিৎসা প্ৰণালীৰ বিশেষজ্ঞসকল একত্ৰিত হ'ব পাৰে আৰু তেওঁলোকৰ অভিজ্ঞতা ভাগ বতৰা কৰিব পাৰে। এই আন্তৰ্জাতিক কেন্দ্ৰই ইয়াক ইয়াৰ তৃতীয় লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰিব পাৰে। এই প্ৰতিষ্ঠানটোৱে বাৰ্ষিক অনুষ্ঠান বা বাৰ্ষিক পৰম্পৰাগত চিকিৎসা উৎসৱ অনুষ্ঠিত কৰিব পাৰিবনে য'ত বিশ্বৰ সৰ্বাধিক সংখ্যক দেশৰ বিশেষজ্ঞসকলে তেওঁলোকৰ চিন্তা, আৰু পদ্ধতিবোৰ ভাগ বতৰা কৰিব পাৰিব?

 

বন্ধুসকল,

মই ভাবো, এই কেন্দ্ৰৰ চতুৰ্থ লক্ষ্য গৱেষণাত বিনিয়োগ হোৱা উচিত। জিচিটিএমে পৰম্পৰাগত ঔষধৰ গৱেষণাৰ বাবে পুঁজি সংগ্ৰহ কৰা উচিত। আমি দেখিছোঁ যে আধুনিক ফাৰ্মা কোম্পানীবোৰৰ বাবে গৱেষণা ক্ষেত্ৰত বিলিয়ন ডলাৰ ব্যৱহাৰ কৰা হয়। আমি পৰম্পৰাগত ঔষধৰ গৱেষণাৰ বাবে একেধৰণৰ সম্পদ সংগ্ৰহ কৰা উচিত। পঞ্চম লক্ষ্যটো চিকিৎসা প্ৰটোকলৰ সৈতে সম্পৰ্কিত। জিচিটিএমে কিছুমান নিৰ্দিষ্ট ৰোগৰ বাবে সামগ্ৰিক চিকিৎসা প্ৰটোকল বিকশিত কৰিব পাৰিবনে য'ত ৰোগীয়ে আধুনিক আৰু পৰম্পৰাগত দুয়োটা ঔষধৰ পৰা লাভান্বিত হব? আমাৰ স্বাস্থ্যসেৱা প্ৰণালীত এই প্ৰাচীন ৰীতি-নীতিসমূহৰ কাৰ্যকৰী একত্ৰীকৰণে কেইবাটাও ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব পাৰে।



বন্ধুসকল,

আমি ভাৰতীয়সকল এনে লোক যি 'বসুধৈৱ কুটুম্বকম' আৰু 'সৰ্বে সন্তু নিৰাময়ঃ'ত বিশ্বাস কৰোঁ। সমগ্ৰ বিশ্বই এটা পৰিয়াল আৰু এই পৰিয়ালটো সদায়ে সুস্থ-সবল হৈ থাকক-এয়া আমাৰ দৰ্শন। বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত চিকিৎসাৰ আন্তৰ্জাতিক কেন্দ্ৰটো স্থাপনৰ দ্বাৰা ভাৰতৰ এই পৰম্পৰা আজি সমৃদ্ধ হৈ উঠিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ এই কেন্দ্ৰই সমগ্ৰ বিশ্বৰ জনগণৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব-এই কামনাৰে মই মোৰ ভাষণৰ সামৰণি মাৰিছোঁ। এতিয়া মই দুয়োজন অতিথিক তেওঁলোকৰ সময় দিয়াৰ বাবে আৰু অনুষ্ঠানটো অধিক প্ৰাসংগিক কৰাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আকৌ এবাৰ আপোনালোক সকলোকে বহুত ধন্যবাদ। নমস্কাৰ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Samsung to manufacture AI data center HVAC products in India, expanding to Asia-Pacific

Media Coverage

Samsung to manufacture AI data center HVAC products in India, expanding to Asia-Pacific
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister recalls the courage of those impacted by Partition on Partition Horrors Remembrance Day
August 14, 2026
PM shares Sanskrit Subhashitam highlighting the power of hard work and human endeavor

Prime Minister Shri Narendra Modi today stated that as we mark Partition Horrors Remembrance Day, we recall the courage of all those who were impacted by Partition. He noted that it was a moment in history that tore apart several lives, where families were uprooted, loved ones were lost, and immense suffering was endured.

The Prime Minister highlighted that at the same time, overcoming this, people rebuilt their lives from nothing, turned adversity into achievement, and contributed immensely to our nation’s progress. He observed that their life journeys remind us of the strength of the human spirit. Shri Modi expressed hope that this day may deepen our resolve to preserve harmony and brotherhood in our nation and collectively work towards building a Viksit Bharat.

The Prime Minister offered his heartfelt tributes to all those countrymen who, emerging from that horrific period, made invaluable contributions to the progress of the country. He stated that through their courage and capability, they showed how resolutions are accomplished even in adverse circumstances. Shri Modi called upon everyone to further strengthen the national spirit of goodwill and solidarity.

Sharing a Subhashitam, the Prime Minister emphasized that it is through hard work, enterprise, and dedicated effort that diverse arts, science, technological skills, craftsmanship, and innovations flourish, paving the way for success. He added that therefore, one should not remain dependent on fate; rather, one should move steadily towards one's goals with courage, diligence, and persistent effort, for it is human endeavor that shapes destiny.

In a series of posts on X, the Prime Minister wrote:

"Today we mark #PartitionHorrorsRemembranceDay. We recall the courage of all those who were impacted by Partition. It was a moment in history that tore apart several lives…families were uprooted, loved ones were lost and immense suffering was endured.

At the same time, overcoming this, people rebuilt their lives from nothing, turned adversity into achievement and contributed immensely to our nation’s progress. Their life journeys remind us of the strength of the human spirit.

May this day deepen our resolve to preserve harmony and brotherhood in our nation and collectively work towards building a Viksit Bharat."

"विभाजन विभीषिका स्मृति दिवस पर उन सभी देशवासियों का हृदय से नमन, जिन्होंने उस वीभत्स दौर से निकलकर देश की प्रगति में अमूल्य योगदान दिया। उन्होंने अपने साहस और सामर्थ्य से दिखाया कि कैसे विपरीत परिस्थितियों में भी संकल्पों को सिद्ध किया जाता है। आइए, सद्भावना और एकजुटता की राष्ट्रीय भावना को और सशक्त करें।

उद्यमस्य प्रसादेन दृश्यन्ते विविधाः कलाः।
कातरा एव जल्पन्ति यद् भाव्यं तद् भविष्यति॥”

It is through hard work, enterprise and dedicated effort that diverse arts, science, technological skills, craftsmanship and innovations flourish, paving the way for success. Therefore, one should not remain dependent on fate; rather, one should move steadily towards one's goals with courage, diligence and persistent effort, for it is human endeavor that shapes destiny.