যোৱা ১০ বছৰত বাৰাণসীৰ বিকাশে এক নতুন গতি লাভ কৰিছেঃ প্ৰধানমন্ত্ৰী
মহাত্মা জ্যোতিবা ফুলে আৰু সাবিত্ৰীবাই ফুলে জীয়ে জীৱনজুৰি মহিলা সবলীকৰণ, তেওঁলোকৰ আত্মবিশ্বাস আৰু সমাজৰ কল্যাণৰ বাবে কাম কৰিছিলঃ প্ৰধানমন্ত্ৰী
বানাস দুগ্ধশালাই কাশীৰ হাজাৰ হাজাৰ পৰিয়ালৰ ভাবমূৰ্তি আৰু ভাগ্য দুয়োটাই সলনি কৰিছেঃ প্ৰধানমন্ত্ৰী
কাশী এতিয়া সুস্বাস্থ্যৰ ৰাজধানী হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী
আজি যিয়েই কাশীলৈ যায়, তেওঁ ইয়াৰ আন্তঃগাঁথনি আৰু সুবিধাসমূহৰ প্ৰশংসা কৰেঃ প্ৰধানমন্ত্ৰী
ভাৰতে আজি উন্নয়ন আৰু ঐতিহ্য দুয়োটাকে একেলগে আগুৱাই লৈ গৈছে, কাশী আমাৰ বাবে ইয়াৰ সৰ্বশ্ৰেষ্ঠ আদৰ্শ হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী
উত্তৰ প্ৰদেশ এতিয়া কেৱল সম্ভাৱনাৰ স্থানেই নহয়, বৰঞ্চ সক্ষমতা আৰু সাফল্যৰ স্থান!: প্রধানমন্ত্রী

নমঃ পাৰ্বতী পতয়ে, হৰ-হৰ মহাদেৱ!

মঞ্চত বিৰাজমান উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, ব্ৰজেশ পাঠক, উপস্থিত মন্ত্ৰীসকল, অন্যান্য জনপ্ৰতিনিধিসকল, বানাস দুগ্ধ বিভাগৰ অধ্যক্ষ শংকৰ ভাই চৌধুৰী আৰু ইমান বৃহৎ সংখ্যাত আশীৰ্বাদ দিবলৈ অহা মোৰ সকলো পৰিয়ালৰ সদস্য,

কাশী কে হমৰে পৰিৱাৰ কে লোগন কে হমাৰ প্ৰণাম। আপ সব লোগ য়হাঁ হমে আপন আশীৰ্বাদ দেলা। হম এ প্ৰেম ক কৰ্জদাৰ হই। কাশী হমাৰ হৌ, হম কাশী ক হই।

বন্ধুসকল,

কাইলৈ হনুমান জয়ন্তীৰ পৱিত্ৰ দিন আৰু আজি মই সংকট মোচন মহাৰাজৰ কাশীত আপোনালোকক দৰ্শনৰ সৌভাগ্য পাইছোঁ। হনুমান জন্মোৎসৱৰ পূৰ্বে, কাশীবাসীয়ে আজি উন্নয়নৰ উৎসৱ উদযাপন কৰিবলৈ ইয়াত সমবেত হৈছে।

 

বন্ধুসকল,

যোৱা ১০ বছৰত বেনাৰসৰ উন্নয়নে এক নতুন গতি লাভ কৰিছে। কাশীয়ে আধুনিক যুগক আকোৱালি লৈছে, ঐতিহ্য সংৰক্ষণ কৰিছে আৰু উজ্জ্বল কৰি তোলাৰ দিশত বলিষ্ঠ পদক্ষেপো গ্ৰহণ কৰিছে। আজি কাশী, কেৱল প্ৰাচীন নহয়, প্ৰগতিশীলো। কাশী এতিয়া পূৰ্বাঞ্চলৰ অৰ্থনৈতিক মানচিত্ৰৰ কেন্দ্ৰবিন্দু। যি কাশী স্বয়ং মহাদেৱে নিজে চলাইছিল... আজি সেই একেই কাশীয়ে পূৰ্বাঞ্চলৰ বিকাশৰ ৰথ টানিছে!

বন্ধুসকল,

কিছুদিন পূৰ্বে কাশী আৰু পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ সৈতে জড়িত কেইবাটাও প্ৰকল্প উদ্বোধন কৰি আধাৰশিলা স্থাপন কৰা হৈছিল। সংযোগ মজবুত কৰা কেইবাটাও আন্তঃগাঁথনি প্ৰকল্প, প্ৰতিখন গাঁও আৰু প্ৰতিটো ঘৰলৈ নলৰ পানী যোগান ধৰাৰ অভিযান, শিক্ষা, স্বাস্থ্য আৰু ক্ৰীড়াৰ সা-সুবিধা সম্প্ৰসাৰণ আৰু প্ৰতিটো অঞ্চল, প্ৰতিটো পৰিয়াল, প্ৰতিজন যুৱক-যুৱতীক উন্নত সা-সুবিধা প্ৰদানৰ সংকল্প, এই সকলোবোৰ কথা, এই সকলোবোৰ আঁচনি পূৰ্বাঞ্চলক এখন উন্নত পূৰ্বাঞ্চল হিচাপে গঢ়ি তোলাত এক মাইলৰ খুঁটি হ’বলৈ গৈ আছে। এই আঁচনিসমূহৰ দ্বাৰা কাশীৰ প্ৰতিজন বাসিন্দাই যথেষ্ট উপকৃত হ’ব। এই সকলোবোৰ উন্নয়নমূলক কামৰ বাবে বেনাৰস আৰু পূৰ্বাঞ্চলৰ ৰাইজক অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

আজি সামাজিক চেতনাৰ প্ৰতীক মহাত্মা জ্যোতিবা ফুলেৰ জন্ম বাৰ্ষিকীও। মহাত্মা জ্যোতিবা ফুলে আৰু সাবিত্ৰীবাই ফুলে গোটেই জীৱন নাৰী সৱলীকৰণৰ কল্যাণ, তেওঁলোকৰ আত্মবিশ্বাস আৰু সমাজ কল্যাণৰ বাবে কাম কৰিছিল। আজি আমি তেওঁৰ চিন্তাধাৰা, সংকল্প, নাৰী সবলীকৰণৰ আন্দোলন, তেওঁলোকক নতুন শক্তি প্ৰদান কৰি আগবঢ়াই লৈ গৈছোঁ।

 

বন্ধুসকল,

আজি মই আৰু এটা কথা ক'ব খুজিছোঁ। নিস্বাৰ্থ, তপস্বী মহাত্মা ফুলেৰ দৰে মহান ব্যক্তিৰ পৰা অনুপ্ৰাণিত হৈ আমাৰ দেশ সেৱাৰ মন্ত্ৰ হৈছে, ‘সবকা সাথ, সবকা বিকাশ’। 'সবকা সাথ, সবকা বিকাশ'ৰ মনোভাৱৰ প্ৰতি উৎসৰ্গিত দেশৰ বাবে আমি সেই ধাৰণাটো লৈ আগবাঢ়ি যাওঁ। যিসকলে দিনে নিশাই খেল খেলি থাকে কেৱল ক্ষমতা দখল কৰিবলৈ, ক্ষমতা লাভ কৰিবলৈ, তেওঁলোকৰ সিদ্ধান্ত হ’ল- পৰিৱাৰ কা সাথ, পৰিৱাৰ কা বিকাশ। আজি মই সবকা সাথ, সবকা বিকাশৰ এই মন্ত্ৰ সাকাৰ কৰাৰ দিশত পূৰ্বাঞ্চলৰ পশুপালক পৰিয়াল, বিশেষকৈ আমাৰ পৰিশ্ৰমী ভগ্নী সকলক বিশেষ অভিনন্দন জ্ঞাপন কৰিছোঁ। এই ভগ্নীসকলে দেখুৱাইছে যে যদি আস্থা ৰখা হয়, তেন্তে সেই আস্থাই নতুন ইতিহাসৰ সৃষ্টি কৰে। এই ভগ্নীসকল এতিয়া সমগ্ৰ পূৰ্বাঞ্চলৰ বাবে এক নতুন আদৰ্শ হৈ পৰিছে। কিছু সময়ৰ পূৰ্বে উত্তৰ প্ৰদেশৰ বানাস দুগ্ধ উদ্যোগৰ সৈতে জড়িত সকলো পশুপালক বন্ধুক বোনাছ বিতৰণ কৰা হৈছে। বেনাৰস আৰু বোনাছ, এয়া কোনো উপহাৰ নহয়, এয়া আপোনালোকৰ তপস্যাৰ পুৰস্কাৰ। ১০০ কোটিতকৈ অধিক টকাৰ এই বোনাছ, আপোনালোকৰ ঘাম আৰু পৰিশ্ৰমৰ উপহাৰ।

বন্ধুসকল,

কাশীৰ হাজাৰ হাজাৰ পৰিয়ালৰ ভাবমূর্তি আৰু ভাগ্য দুয়োটা সলনি কৰি দিছে বানাস ডেইৰীয়ে৷ এই ডেইৰীখনে আপোনালোকৰ কষ্টক পুৰস্কাৰলৈ ৰূপান্তৰিত কৰি আপোনালোকৰ সপোনক নতুন ডেউকা দিছে আৰু সুখৰ কথাটো হ’ল এই প্ৰচেষ্টাৰ বাবেই পূৰ্বাঞ্চলৰ বহু ভগ্নী এতিয়া লাখপতি দিদী হৈ পৰিছে। আগতে য’ত জীয়াই থকাৰ চিন্তা আছিল, এতিয়া সমৃদ্ধিৰ দিশত আগবাঢ়িছে পদক্ষেপ। আৰু এই অগ্ৰগতি বেনাৰস, ইউপিৰ লগতে সমগ্ৰ দেশতে দেখা গৈছে। আজি ভাৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক গাখীৰ উৎপাদনকাৰী দেশ। ১০ বছৰত গাখীৰৰ উৎপাদন প্ৰায় ৬৫ শতাংশ বৃদ্ধি পাইছে, যিটো দুগুণতকৈও অধিক। এই সফলতা দেশৰ আপোনালোকৰ দৰে কোটি কোটি কৃষকৰ, মোৰ পশুপালক ভাই-ভনীৰ। আৰু এই সফলতা এদিনতে পোৱা নাই, যোৱা ১০ বছৰ ধৰি আমি দেশৰ সমগ্ৰ দুগ্ধ খণ্ডক মিছন মোডত আগুৱাই লৈ গৈছোঁ।

আমি পশুপালকসকলক কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধাৰ সৈতে সংযোগ কৰিছোঁ, তেওঁলোকৰ ঋণৰ সীমা বৃদ্ধি কৰিছোঁ, ৰাজসাহায্যৰ ব্যৱস্থা কৰিছোঁ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হৈছে জীৱ-জন্তুৰ প্ৰতি দয়াৰ কাম। পশুধনক খুৰাফটা-মুখফটা, ফুট এণ্ড মাউথ ডিজিজৰ পৰা ৰক্ষা কৰিবলৈ বিনামূলীয়া ভেকচিন কাৰ্যসূচী চলোৱা হৈছে। কোভিডৰ বিনামূলীয়া ভেকচিনৰ কথা বাৰু সকলোৰে মনত আছে, কিন্তু এইখন এনে এখন চৰকাৰ, যাৰ ‘সবকা সাথ, সবকা বিকাশ’ত মোৰ জীৱ-জন্তুবোৰকো বিনামূলীয়াকৈ টীকাকৰণ হৈ আছে।

গাখীৰৰ সংগঠিত সংগ্ৰহ নিশ্চিত কৰিবলৈ দেশত ২০ হাজাৰৰো অধিক সমবায় সমিতি পুনৰ প্ৰতিষ্ঠা কৰা হৈছে। ইয়াত লাখ লাখ নতুন সদস্য সংযোজন কৰা হৈছে। দুগ্ধ খণ্ডৰ সৈতে জড়িত লোকসকলক একত্ৰিত কৰি আগবাঢ়ি যোৱাৰ প্ৰচেষ্টা। দেশত থলুৱা জাতৰ গৰুৰ উন্নয়ন আৰু ইয়াৰ গুণগত মান ভাল হ’ব লাগে। গৰুৰ প্ৰজনন বৈজ্ঞানিক পদ্ধতিৰে কৰিব লাগে। ইয়াৰ বাবে ৰাষ্ট্ৰীয় গোকুল মিছন চলি আছে। এই সকলোবোৰ কামৰ সাৰমৰ্ম হ’ল দেশৰ পশুপালন ভাই-ভনীসকলে উন্নয়নৰ নতুন পথত যোগদান কৰক। তেওঁলোকে ভাল বজাৰ আৰু ভাল সুযোগৰ সৈতে সংযোগ স্থাপনৰ সুযোগ পাব লাগে। আৰু আজি বানাস ডেইৰীৰ কাশী কমপ্লেক্সে এই প্ৰকল্প, এই চিন্তাধাৰাক আগুৱাই লৈ গৈছে সমগ্ৰ পূৰ্বাঞ্চলত। ইয়াত বানাস ডেইৰীয়েও গীৰ গৰু বিতৰণ কৰিছে আৰু মোক কোৱা হৈছে যে তেওঁলোকৰ সংখ্যা অহৰহ বৃদ্ধি পাইছে। ইয়াত বানাস ডেইৰীয়ে বেনৰাসত জীৱ-জন্তুৰ বাবে খাদ্যৰ ব্যৱস্থা কৰিবলৈও আৰম্ভ কৰিছে। আজি এই দুগ্ধ শাখাই পূৰ্বাঞ্চলৰ প্ৰায় এক লাখ কৃষকৰ গাখীৰ সংগ্ৰহ কৰি কৃষকসকলক সবল কৰি তুলিছে।

 

বন্ধুসকল,

মাত্ৰ অলপ আগতে আয়ুষ্মান ৱয় বন্দনা কাৰ্ড ইয়াত কেইবাজনো বৃদ্ধ বন্ধুক গতাই দিয়াৰ সুযোগ পাইছিলোঁ। মোৰ বাবে সেই সহকৰ্মীসকলৰ মুখত যি সন্তুষ্টিৰ অনুভূতি দেখিছিলোঁ সেয়াই এই আঁচনিৰ আটাইতকৈ ডাঙৰ সফলতা। চিকিৎসাৰ ক্ষেত্ৰত ঘৰৰ বয়োজ্যেষ্ঠসকলৰ যি চিন্তা আছে সেয়া আমি সকলোৱে জানো। ১০-১১ বছৰ আগতে এই অঞ্চলত, সমগ্ৰ পূৰ্বাঞ্চলত, চিকিৎসাৰ সন্দৰ্ভত যিবোৰ সমস্যা আছিল, সেইবোৰো আমি সকলোৱে জানো। আজি পৰিস্থিতি সম্পূৰ্ণ বেলেগ, মোৰ কাশীও এতিয়া স্বাস্থ্যৰ ৰাজধানী হৈ পৰিছে। দিল্লী আৰু মুম্বাইৰ ডাঙৰ ডাঙৰ চিকিৎসালয়বোৰ এতিয়া আপোনাৰ ঘৰৰ ওচৰলৈ আহিছে। এয়াই উন্নয়ন, য’ত ৰাইজৰ মাজলৈ সুবিধা আহে।

বন্ধুসকল,

যোৱা ১০ বছৰত আমি কেৱল চিকিৎসালয়ৰ সংখ্যা বৃদ্ধি কৰাই নহয়, ৰোগীৰ মৰ্যাদাও বৃদ্ধি কৰিছোঁ। আয়ুষ্মান ভাৰত যোজনা মোৰ দৰিদ্ৰ ভাই-ভনীসকলৰ বাবে বৰদানতকৈ কম নহয়। এই আঁচনিখনে কেৱল চিকিৎসা প্ৰদান কৰাই নহয়, চিকিৎসাৰ সমান্তৰালকৈ আত্মবিশ্বাসো প্ৰদান কৰে। উত্তৰ প্ৰদেশৰ লাখ লাখ লোক আৰু বাৰাণসীৰ হাজাৰ হাজাৰ লোক ইয়াৰ দ্বাৰা উপকৃত হৈছে। প্ৰতিটো চিকিৎসা, প্ৰতিটো অপাৰেচন, প্ৰতিটো সকাহ জীৱনৰ নতুন আৰম্ভণি হৈ পৰিছে। আয়ুষ্মান যোজনাৰ বাবে অকল ইউপিতে লাখ লাখ পৰিয়ালৰ কোটি কোটি টকা ৰাহি হৈছে, কাৰণ চৰকাৰে কৈছিল, এতিয়া আপোনাৰ চিকিৎসাৰ দায়িত্ব আমাৰ।

আৰু বন্ধুসকল,

আপোনালোকে যেতিয়া আমাক তৃতীয়বাৰৰ বাবে আশীৰ্বাদ দিছিল, তেতিয়া আমিও আপোনালোকৰ সেৱক হিচাপে নিজৰ কৰ্তব্য মৰমেৰে পালন কৰি কিবা এটা ঘূৰাই দিবলৈ বিনম্ৰ প্ৰচেষ্টা চলাইছোঁ। মোৰ নিশ্চয়তা আছিল যে বৃদ্ধসকলৰ চিকিৎসা বিনামূলীয়া হ’ব, আৰু এয়া আয়ুষ্মান ৱয় বন্দনা যোজনাৰ ফল! এই আঁচনি বৃদ্ধসকলৰ চিকিৎসাৰ লগতে তেওঁলোকৰ সন্মানৰ বাবেও। এতিয়া প্ৰতিটো পৰিয়ালৰ ৭০ বছৰৰ ওপৰৰ বৃদ্ধসকলে তেওঁলোকৰ আয় নিৰ্বিশেষে বিনামূলীয়া চিকিৎসাৰ অধিকাৰী। বাৰাণসীত প্ৰায় ৫০ হাজাৰ ৱয় বন্দনা কাৰ্ড ইয়াৰ বৃদ্ধসকলৰ ওচৰলৈ গৈছে। এইটো কোনো পৰিসংখ্যা নহয়, এইটো এজন সেৱকৰ, সেৱাৰ নম্ৰ প্ৰচেষ্টা। এতিয়া চিকিৎসাৰ বাবে মাটি বিক্ৰী কৰাৰ প্ৰয়োজন নাই! এতিয়া চিকিৎসাৰ বাবে ঋণ লোৱাৰ প্ৰয়োজন নাই! এতিয়া চিকিৎসাৰ বাবে ঘৰে ঘৰে ঘূৰি ফুৰাৰ অসহায়তা নাই! আপোনাৰ চিকিৎসাৰ পইচাৰ বাবে চিন্তা নকৰিব, এতিয়া চৰকাৰে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে আপোনাৰ চিকিৎসাৰ ধন দিব!

বন্ধুসকল,

আজি কাশীলৈ যিয়েই যায়, তাৰ আন্তঃগাঁথনি আৰু সা-সুবিধাৰ প্ৰশংসা কৰে। আজি প্ৰতিদিনে লাখ লাখ মানুহ বেনাৰসলৈ আহে। বাবা বিশ্বনাথৰ দৰ্শন কৰি মাতৃ গংগাত স্নান কৰে। প্ৰতিজন ভ্ৰমণকাৰীয়ে কয়, বেনাৰসত বহু পৰিৱৰ্তন হৈছে। কল্পনা কৰকচোন, কাশীৰ ৰাস্তা-ঘাট, ৰে’ল-বিমানবন্দৰৰ অৱস্থা যদি ১০ বছৰৰ আগৰ দৰেই থাকিলহেঁতেন তেন্তে কাশীৰ অৱস্থা কিমান বেয়া হ’লহেঁতেন৷ আগতে সৰু সৰু উৎসৱৰ সময়তো যান-জঁটৰ সৃষ্টি হৈছিল। যেনে, যদি কোনোবাই চুনাৰৰ পৰা আহিব লগা হয় আৰু শিৱপুৰলৈ যাব বিচাৰে। ইয়াৰ আগতে তেওঁ যান-জঁটত আবদ্ধ হৈ ধূলি-গৰমত দুৰ্ভোগ ভূগি বেনাৰসলৈকে গোটেই বাটটো যাত্ৰা কৰিবলগীয়া হৈছিল। এতিয়া ফুলৱাৰিয়াৰ উৰণীয়া সেতু নিৰ্মাণ কৰা হৈছে। এতিয়া যাত্ৰা চুটি, সময় বাচি যায় আৰু জীৱনটোও আৰামদায়ক! একেদৰে জৌনপুৰ আৰু গাজীপুৰৰ গ্ৰাম্য অঞ্চলৰ লোকে অহা-যোৱাৰ বাবে বাৰাণসী চহৰৰ মাজেৰে যাতায়ত কৰিবলগীয়া হোৱাৰ লগতে বলিয়া, মাউ আৰু গাজীপুৰ জিলাৰ লোকসকলে বাৰাণসী চহৰৰ মাজেৰে যাত্ৰা কৰি বিমানবন্দৰলৈ যাবলগীয়া হয়। ঘণ্টাৰ পিছত ঘণ্টা ধৰি যান-জঁটত আবদ্ধ হৈ আছিল মানুহ। এতিয়া ৰিং ৰোডৰ মাজেৰে মানুহ মাত্ৰ কেইমিনিটমানৰ ভিতৰতে ইফালৰ পৰা সিফাললৈ গৈ পায়।

 

বন্ধুসকল,

যদি কোনোবাই গাজীপুৰলৈ যাব বিচাৰে তেন্তে আগতে কেইবা ঘণ্টা লাগিছিল। এতিয়া গাজীপুৰ, জৌনপুৰ, মিৰ্জাপুৰ, আজমগড়ৰ দৰে প্ৰতিখন চহৰলৈ যোৱাৰ পথটো বহল হৈ পৰিছে। আগতে য'ত যান-জঁট আছিল, আজি উন্নয়নৰ গতি! যোৱা এটা দশকত বাৰাণসী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ সংযোগৰ বাবে প্ৰায় ৪৫ হাজাৰ কোটি টকা ব্যয় হৈছে। এই ধন কেৱল কংক্ৰিটলৈ ৰূপান্তৰিত হোৱা নাই, ইয়াক আস্থালৈ ৰূপান্তৰিত কৰা হৈছে। আজি সমগ্ৰ কাশী আৰু ইয়াৰ আশে-পাশে থকা জিলাসমূহে এই বিনিয়োগৰ সুবিধা লাভ কৰিছে।

বন্ধুসকল,

কাশীৰ আন্তঃগাঁথনিৰ ওপৰত এই বিনিয়োগ আজিও সম্প্ৰসাৰিত হৈছে। আজি হাজাৰ হাজাৰ কোটিৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। আমাৰ লাল বাহাদুৰ শাস্ত্ৰী বিমানবন্দৰৰ সম্প্ৰসাৰণৰ কাম দ্ৰুত গতিত চলি আছে। বিমানবন্দৰটো সম্প্ৰসাৰণ হোৱাৰ লগে লগে ইয়াক সংযোগ কৰা সুবিধাসমূহ সম্প্ৰসাৰণ কৰাটো প্ৰয়োজনীয় হৈ পৰিল। সেয়ে এতিয়া বিমানবন্দৰৰ সমীপত ৬ লেনযুক্ত মাটিৰ তলৰ সুৰংগ নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। আজি ভাদোহী, গাজীপুৰ আৰু জৌনপুৰৰ পথৰ সৈতে জড়িত প্ৰকল্পৰ কামো আৰম্ভ হৈছে। দীৰ্ঘদিন ধৰি ভিখাৰিপুৰ আৰু মাণ্ডুৱাদিহত উৰণীয়া সেতুৰ দাবী দীৰ্ঘ সময় ধৰি হৈ আছিল। এই দাবী পূৰণ হোৱাত আমি সুখী। বেনাৰস চহৰ আৰু সাৰনাথ সংযোগৰ বাবে এখন নতুন দলঙো নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। ইয়াৰ বাবে বিমানবন্দৰ আৰু অন্যান্য জিলাৰ পৰা সাৰনাথলৈ যাবলৈ চহৰৰ ভিতৰলৈ যোৱাৰ প্ৰয়োজন নাথাকিব।

বন্ধুসকল,

আগন্তুক কেইমাহমানৰ ভিতৰত যেতিয়া এই সকলো কাম সম্পূর্ণ হ’ব, তেতিয়া বেনাৰসত অহা-যোৱা আৰু সহজ হৈ পৰিব৷ গতিও বৃদ্ধি পাব আৰু ব্যৱসায়ো বৃদ্ধি পাব। ইয়াৰ লগতে উপাৰ্জন আৰু চিকিৎসাৰ বাবে বেনাৰসলৈ অহাসকলেও যথেষ্ট সুবিধা লাভ কৰিব। আৰু এতিয়া কাশীতো চহৰৰ ৰ’পৱেৰ ট্ৰাইল আৰম্ভ হৈছে, বেনাৰস এতিয়া পৃথিৱীৰ কেইখনমান চহৰৰ ভিতৰত হ’ব য’ত এনে সুবিধা উপলব্ধ হ’ব।

 

বন্ধুসকল,

যদি বাৰাণসীত কোনো উন্নয়ন বা আন্তঃগাঁথনিৰ কাম কৰা হয়, তেন্তে সমগ্ৰ পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলে ইয়াৰ দ্বাৰা উপকৃত হয়। আমাৰ চৰকাৰে কাশীৰ যুৱক-যুৱতীসকলে ক্ৰীড়াৰ ক্ষেত্ৰত অগ্ৰগতিৰ নিৰন্তৰ সুযোগ লাভ কৰিব লাগে বুলিও অতি গুৰুত্ব আৰোপ কৰে। আৰু এতিয়া আমি ২০৩৬ চনত ভাৰতত অলিম্পিক অনুষ্ঠিত কৰাৰ দিশত কাম কৰি আছোঁ। কিন্তু মোৰ কাশীৰ যুৱকসকল, অলিম্পিকত পদক লাভ কৰিবলৈ এতিয়াৰে পৰা কাম আৰম্ভ কৰিব লাগিব। আৰু সেইবাবেই আজি বেনাৰসত নতুন ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে, ডেকা বন্ধুসকলৰ বাবে ভাল সা-সুবিধা নিৰ্মাণ কৰা হৈছে। মুকলি হৈছে নতুন ক্ৰীড়া কমপ্লেক্স। বাৰাণসীৰ শ শ খেলুৱৈয়ে তাত প্ৰশিক্ষণ লৈছে। সাংসদ ক্ৰীড়া প্ৰতিযোগিতাৰ অংশগ্ৰহণকাৰীসকলেও এই ক্ৰীড়া ক্ষেত্ৰখনত নিজৰ শক্তি প্ৰদৰ্শনৰ সুযোগ লাভ কৰিছে।

বন্ধুসকল,

আজি ভাৰতে উন্নয়ন আৰু ঐতিহ্য দুয়োটাকে একেলগে আগুৱাই লৈ গৈছে। আমাৰ কাশী তাৰ শ্ৰেষ্ঠ মডেল হৈ পৰিছে। ইয়াত গংগাৰ প্ৰবাহ আৰু লগতে ভাৰতৰ চেতনাৰ প্ৰবাহ। ভাৰতৰ আত্মা ইয়াৰ বৈচিত্ৰ্যত নিহিত হৈ আছে আৰু কাশী ইয়াৰ আটাইতকৈ সুন্দৰ ছবি। কাশীৰ প্ৰতিটো স্থানীয় অঞ্চলত এক বেলেগ সংস্কৃতি দেখা যায়, প্ৰতিটো গলিতে ভাৰতৰ এক বেলেগ ৰং দেখা যায়। মই সুখী যে কাশী-তামিল সংগমমৰ দৰে অনুষ্ঠানৰ লগে লগে এই ঐক্যৰ সূতাবোৰ অহৰহ শক্তিশালী হৈ আহিছে। এতিয়া ইয়াত একতা মলো নিৰ্মাণ কৰিবলৈ গৈ আছে। ভাৰতৰ বৈচিত্ৰ্য এই একতা মলত দেখা যাব। ভাৰতৰ বিভিন্ন জিলাৰ সামগ্ৰী ইয়াত এখন চালিৰ তলত উপলব্ধ হ’ব।

বন্ধুসকল,

বছৰ বছৰ ধৰি উত্তৰ প্ৰদেশৰ অৰ্থনৈতিক মানচিত্ৰ সলনি হৈছে আৰু ইয়াৰ দৃষ্টিভংগীও সলনি হৈছে। উত্তৰ প্ৰদেশ এতিয়া কেৱল সম্ভাৱনাৰ ভূমি নহয়, এতিয়া ই সামৰ্থ্য আৰু সিদ্ধিৰ সংকল্প ভূমি হৈ আছে! এতিয়া যেনেকৈ আজিকালি ‘মেড ইন ইণ্ডিয়া’ৰ প্ৰতিধ্বনি সকলোতে শুনা যায়। ভাৰতত নিৰ্মিত বস্তুবোৰ এতিয়া গ্ল’বেল ব্ৰেণ্ডলৈ পৰিণত হৈছে। আজি ইয়াৰ বহু সামগ্ৰীক জিআই টেগ দিয়া হৈছে। জিআই টেগ কেৱল টেগ নহয়, ই কোনো মাটিৰ পৰিচয়ৰ প্ৰমাণ পত্ৰ। ইয়াৰ পৰা জানিব পাৰি যে এই মাটিৰ পৰাই এই বস্তুটো উৎপন্ন হয়। জিআই টেগ য’ত উপনীত হয়, ই বজাৰত উচ্চতাৰ পথ মুকলি কৰে।

 

বন্ধুসকল,

আজি উত্তৰ প্ৰদেশ সমগ্ৰ দেশতে জিআই টেগিঙৰ ক্ষেত্ৰত এক নম্বৰ! অৰ্থাৎ আমাৰ শিল্প, আমাৰ বস্তু, আমাৰ দক্ষতাই এতিয়া দ্ৰুতগতিত আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। এতিয়ালৈকে বাৰাণসী আৰু ইয়াৰ আশে-পাশে থকা জিলাসমূহৰ ৩০টাতকৈও অধিক সামগ্ৰীয়ে জিআই টেগ লাভ কৰিছে। বাৰাণসীৰ তবলা, শ্বেহনাই, ৱাল পেইন্টিং, থাণ্ডাই, ৰঙা ষ্টাফড জলকীয়া, ৰঙা পেড়া, ত্ৰিৰংগ বৰফী, প্ৰতিটো বস্তুৱেই হৈছে পৰিচয়ৰ নতুন পাছপ’ৰ্ট, জিআই টেগ। আজিয়েই বহু চহৰৰ উৎপাদিত সামগ্ৰী যেনে জৌনপুৰৰ ইমাৰ্টী, মথুৰাৰ সাঞ্জি আৰ্ট, বুণ্ডেলখণ্ডৰ কঠিয়া ঘেঁহু, পিলিভীটৰ বাঁহী, প্ৰয়াগৰাজৰ মুঞ্জ আৰ্ট, বাৰেলীৰ জাৰদোজী, চিত্ৰকূটৰ কাঠ কলা, লখিমপুৰ খেৰীৰ থাৰু জৰ্দোজী আদিত জিআই টেগ বিতৰণ কৰা হৈছে। অৰ্থাৎ উত্তৰ প্ৰদেশৰ মাটিত যি সুগন্ধি আছে, এতিয়া সেয়া কেৱল বতাহতে বিয়পিব এনে নহয়, সীমান্তৰ সিপাৰলৈও বিয়পি পৰিব।

 

বন্ধুসকল,

যিয়ে কাশীক ৰক্ষা কৰে, তেওঁ ভাৰতৰ আত্মাক ৰক্ষা কৰে। আমি কাশীক নিৰন্তৰ সবল কৰি থাকিব লাগিব। আমি কাশীক, ধুনীয়া আৰু স্বপ্নময় কৰি ৰাখিব লাগিব। কাশীৰ প্ৰাচীন আত্মাক আধুনিক শৰীৰৰ সৈতে সংযুক্ত কৰি ৰাখিব লাগিব। এই সংকল্প লৈ, মোৰ সৈতে আকৌ এবাৰ, হাত দাঙি কওক। নমঃ পাৰ্বতী পতয়ে, হৰ হৰ মহাদেৱ। বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM announces exam reform task force, Infosys co-founder Nandan Nilekani to lead

Media Coverage

PM announces exam reform task force, Infosys co-founder Nandan Nilekani to lead
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights noble character as the foundation of respect, trust, and effective leadership
July 27, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting how a person of noble character earns respect in society and is regarded as worthy of every responsibility.

The Prime Minister wrote on X;

"शीलवान् पूजितो लोके शीलवान् साधुसम्मतः।

शीलवान् सर्वकर्मार्हः शीलवान् प्रियदर्शनः॥"

A person of noble character earns respect in society and the esteem of the virtuous. Through integrity, humility and disciplined conduct, such an individual is regarded as worthy of every responsibility. Their personality is admirable, inspiring and worthy of emulation. In truth, noble character is the true foundation of lasting success, effective leadership, and enduring trust.