Inaugurates and lays foundation stone of multiple airport projects worth over Rs 6,100 crore
Development initiatives of today will significantly benefit the citizens, especially our Yuva Shakti: PM
In the last 10 years, we have started a huge campaign to build infrastructure in the country: PM
Kashi is model city where development is taking place along with preservation of heritage:PM
Government has given new emphasis to women empowerment ,society develops when the women and youth of the society are empowered: PM

নমঃ পাৰ্বতী পাটায়ে...

হৰ হৰ মহাদেৱ!

মঞ্চত উপস্থিত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, প্ৰযুক্তিৰ জৰিয়তে এই অনুষ্ঠানত অংশ লোৱা আন ৰাজ্যৰ সন্মানীয় ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকল, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী শ্ৰীযুত নাইডু জী, উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু ব্ৰজেশ পাঠক জী, ৰাজ্য চৰকাৰৰ অন্যান্য মন্ত্ৰীসকল, সাংসদ, আৰু বিধায়ক, তথা বেনাৰসৰ মোৰ প্ৰিয় ভাই-ভনীসকল!

আজি মই আকৌ এবাৰ বেনাৰস ভ্ৰমণৰ সুযোগ পাইছো। আজি চেটগঞ্জত নক্কাটাইয়া মেলা চলি আছে। ধনতেৰাছ, দীপাৱলী, আৰু ছট পূজা ওচৰ চাপি আহিছে... আৰু আজি এই উৎসৱবোৰৰ আগত বেনাৰসে উন্নয়নৰ উদযাপনৰ সাক্ষী হৈ আছে। আপোনালোক সকলোলৈ আন্তৰিক অভিনন্দন।

বন্ধুসকল,

আজি বেনাৰসৰ বাবে এক শুভ দিন। মই এইমাত্ৰ এখন ডাঙৰ চকুৰ চিকিৎসালয় উদ্বোধন কৰিছো আৰু তাৰ পিছত ইয়ালৈ আহিছো, যাৰ বাবে মোৰ অলপ দেৰি হ’ল। শংকৰা চকু চিকিৎসালয়খনে বৃদ্ধ আৰু শিশুসকলক যথেষ্ট সহায় কৰিব। বাবা বিশ্বনাথৰ আশীৰ্বাদত হাজাৰ কোটি টকাৰ প্ৰকল্পৰ হয় উদ্বোধন কৰা হৈছে নহয় আধাৰশিলা স্থাপন কৰা হৈছে।

 

এই প্ৰকল্পসমূহে দেশ আৰু উত্তৰ-প্ৰদেশৰ উন্নয়নক নতুন উচ্চতালৈ লৈ যাব। আজি ইউ পি, বিহাৰ, পশ্চিমবংগ, মধ্যপ্ৰদেশ, আৰু ছত্তীশগড়ৰ বিমানবন্দৰসমূহ উদ্বোধন কৰা হৈছে। ইয়াৰ ভিতৰত কেৱল বাবাটপুৰ বিমানবন্দৰেই নহয়, আগ্ৰা আৰু চাহাৰনপুৰৰ সৰছাৱাৰ বিমানবন্দৰসমূহো অন্তৰ্ভুক্ত। মুঠতে শিক্ষা, দক্ষতা বিকাশ, ক্ৰীড়া, স্বাস্থ্য, আৰু পৰ্যটন খণ্ডৰ বিভিন্ন প্ৰকল্প বানাৰসবাসীক দিয়া হৈছে।

এই প্ৰকল্পসমূহে সুবিধা কঢ়িয়াই অনাই নহয় আমাৰ যুৱক-যুৱতীসকলৰ বাবে অসংখ্য কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি কৰিব। এই ভূমিত সাৰনাথৰ গৌৰৱ আছে য'ত ভগৱান বুদ্ধই তেওঁৰ শিক্ষা দিছিল। শেহতীয়াকৈ মই অভিধম্মা মহোৎসৱত অংশ লৈছিলো। আজি মই সাৰনাথৰ লগত জড়িত কোটি কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ সুযোগ পালোঁ, আৰু আপোনালোকে জনা মতে শেহতীয়াকৈ আমি পালি আৰু প্ৰাকৃতকে ধৰি কিছুমান ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিলোঁ।সাৰনাথ আৰু কাশীৰ লগত পালি আৰু প্ৰাকৃত দুয়োটাৰে বিশেষ সম্পৰ্ক আছে। ধ্ৰুপদী ভাষা হিচাপে তেওঁলোকৰ স্বীকৃতি আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয়। এই উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে কাশী আৰু দেশৰ নাগৰিকক অভিনন্দন জনাইছো।

বন্ধুসকল,

আপুনি যেতিয়া মোক একেৰাহে তৃতীয়বাৰৰ বাবে সেৱা আগবঢ়োৱাৰ দায়িত্ব অৰ্পণ কৰিছিল, তেতিয়া মই ট্ৰিপল স্পীডত কাম কৰাৰ প্ৰতিশ্ৰুতি দিছিলোঁ। চৰকাৰ গঠন হোৱাৰ ১২৫ দিনো হোৱা নাই, ইমান কম সময়ৰ ভিতৰতে সমগ্ৰ দেশতে ১৫ লাখ কোটিতকৈও অধিক টকাৰ প্ৰকল্প আৰম্ভ হৈছে। এই বাজেটৰ বেছিভাগেই দৰিদ্ৰ, কৃষক, যুৱক-যুৱতীসকলৰ বাবে আবণ্টন দিয়া হৈছে। এবাৰ ভাবি চাওকচোন, বাতৰি কাকতৰ হেডলাইনত দহ বছৰ আগতে লাখ লাখ কোটি টকাৰ কেলেংকাৰীৰ আধিপত্য আছিল। মানুহৰ কথা-বতৰাবোৰ সদায় লাখ লাখ কোটি টকাৰ দুৰ্নীতিৰ ওপৰত আবদ্ধ হৈ আছিল। আজি প্ৰতিটো ঘৰতে আলোচনা হৈছে ১২৫ দিনৰ ভিতৰত ১৫ লাখ কোটি টকাৰ প্ৰকল্প। এয়াই হৈছে দেশৰ আকাংক্ষিত পৰিৱৰ্তন।জনসাধাৰণৰ ধন জনসাধাৰণৰ বাবে, দেশৰ উন্নয়নৰ বাবে, আৰু সততাৰে ব্যয় কৰাটো আমাৰ অগ্ৰাধিকাৰ।

বন্ধুসকল,

আমি যোৱা ১০ বছৰত দেশত এক বৃহৎ আন্তঃগাঁথনি উন্নয়ন অভিযান আৰম্ভ কৰিছো।এই আন্তঃগাঁথনি অভিযানৰ দুটা ডাঙৰ লক্ষ্য আছে। প্ৰথমটো হ’ল বিনিয়োগৰ জৰিয়তে নাগৰিকৰ সুবিধা বৃদ্ধি কৰা, আৰু দ্বিতীয়টো হ’ল বিনিয়োগৰ জৰিয়তে যুৱক-যুৱতীসকলৰ বাবে চাকৰিৰ সৃষ্টি কৰা। আজি সমগ্ৰ দেশতে আধুনিক ঘাইপথ নিৰ্মাণ কৰা হৈছে, নতুন নতুন পথত নতুন ৰেলপথ নিৰ্মাণ কৰা হৈছে, নতুন বিমানবন্দৰ নিৰ্মাণ কৰা হৈছে। এইটো কেৱল ইটা, শিল, লোহা, লোহাৰ দণ্ডৰ কাম নহয়; ইয়াৰ লগতে মানুহৰ সুবিধা বৃদ্ধি পাইছে আৰু দেশৰ যুৱক-যুৱতীসকলক চাকৰিৰ ব্যৱস্থা দিয়া হৈছে।

 

বন্ধুসকল,

আমি নিৰ্মাণ কৰা বাবাটপুৰ বিমানবন্দৰ ঘাইপথ আৰু বিমানবন্দৰত সংযোজন কৰা আধুনিক সা-সুবিধাবোৰলৈ চাওকচোন। কেৱল বিমানবন্দৰলৈ অহা-যোৱা কৰাসকলেহে ইয়াৰ দ্বাৰা লাভৱান হৈছিল নেকি? নাই, ই বানাৰসৰ বহু লোকক চাকৰিৰ সুবিধা দিছিল। ই কৃষি, উদ্যোগ, আৰু পৰ্যটনক উন্নীত কৰিছিল। আজি বেনাৰসলৈ অহা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। কোনোবাই পৰ্যটনৰ বাবে আহে, আৰু কোনোবাই ব্যৱসায়ৰ বাবে আহে, আৰু আপুনি ইয়াৰ পৰা লাভৱান হৈছে। গতিকে এতিয়া বাবাটপুৰ বিমানবন্দৰৰ সম্প্ৰসাৰণৰ কাম চলি থকাৰ সময়ত আপোনালোক আৰু অধিক উপকৃত হ’ব। আজিৰ পৰা এই বিমানবন্দৰৰ কাম আৰম্ভ হৈছে। ইয়াৰ কাম সম্পূৰ্ণ হ’লে ইয়াত আৰু অধিক বিমান অৱতৰণ কৰিব পাৰিব।

বন্ধুসকল,

আধুনিক আন্তঃগাঁথনি নিৰ্মাণৰ এই ‘মহা যজ্ঞ’ত আমাৰ বিমানবন্দৰ, ইয়াৰ ডাঙৰ ডাঙৰ অট্টালিকা, আৰু আটাইতকৈ উন্নত সুবিধাসমূহৰ কথা বিশ্বজুৰি চৰ্চা হৈছে। ২০১৪ চনত আমাৰ দেশত মাত্ৰ ৭০ টা বিমানবন্দৰ আছিল। আৰু নাইডু জীয়ে বিতংভাৱে বুজাই দিয়াৰ দৰে আজি আমাৰ হাতত ১৫০ টাতকৈও অধিক বিমানবন্দৰ আছে। আমি পুৰণি বিমানবন্দৰবোৰো সংস্কাৰ কৰি আছো। যোৱা বছৰ সমগ্ৰ দেশৰ এক ডজনৰো অধিক বিমানবন্দৰৰ ভিতৰত গড়ে প্ৰতিমাহে এটাকৈ বিমানবন্দৰত নতুন আন্তঃগাথনি গঠন কৰা হৈছিল। ইয়াৰ ভিতৰত আছে আলিগড়, মোৰাদাবাদ, শ্ৰৱস্তি, আৰু চিত্ৰকূটৰ বিমানবন্দৰসমূহো। অযোধ্যাত এতিয়া এটা ডাঙৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে আৰু ই প্ৰতিদিনে ৰামভক্তক আদৰণি জনায়। উত্তৰ প্ৰদেশক দুৰ্বল পথৰ বাবে ঠাট্টা-মস্কৰা কৰা সেই সময়ৰ কথা মনত পেলাওক। আজি উত্তৰ-প্ৰদেশক এক্সপ্ৰেছৱেৰ ৰাজ্য বুলি জনা যায়। আজি উত্তৰ-প্ৰদেশে সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ থকাৰ বাবে স্বীকৃতি লাভ কৰিছে। নয়ডাৰ জেৱাৰত আন এটা গ্ৰেণ্ড আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সম্পূৰ্ণ হোৱাৰ উপক্ৰম হৈছে। উত্তৰ-প্ৰদেশৰ এই অগ্ৰগতিৰ বাবে যোগী জী, কেশৱ প্ৰসাদ মৌৰ্য জী, ব্ৰজেশ পাঠক জী, আৰু তেওঁলোকৰ সমগ্ৰ দলটোক প্ৰশংসা কৰিছো।

 

বন্ধুসকল,

বেনাৰসৰ এজন সাংসদ হিচাপে ইয়াত উন্নয়ন দেখিলেই মই সুখ অনুভৱ কৰো। কাশীক নগৰ উন্নয়নৰ বাবে আদৰ্শ নগৰ হিচাপে গঢ়ি তোলাৰ আমাৰ সকলোৰে এক উমৈহতীয়া সপোন আছে। আজি কাশী মহান আৰু ঐশ্বৰিক কাশী বিশ্বনাথ ধাম, ৰুদ্ৰাক্ষ কনভেনচন চেণ্টাৰ, ৰিং ৰোড আৰু গঞ্জাৰী ষ্টেডিয়ামৰ দৰে আন্তঃগাঁথনি প্ৰকল্পৰ বাবে পৰিচিত। কাশীত আধুনিক ৰ’পৱে ব্যৱস্থাও নিৰ্মাণ কৰা হৈছে। এই বহল ৰাস্তা, আলিবাট, গংগাৰ ধুনীয়া ঘাট এই সকলোবোৰ মনোমোহা।

বন্ধুসকল,

আমি কাশী আৰু সমগ্ৰ পূৰ্বাঞ্চল অঞ্চলক এক বৃহৎ ব্যৱসায়িক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই আছো। মাত্ৰ কেইদিনমানৰ আগতে চৰকাৰে গংগাৰ ওপৰত নতুন ৰেল-পথ দলং নিৰ্মাণৰ বাবে অনুমোদন জনাইছিল।ৰাজঘাট দলঙৰ সমীপত নিৰ্মাণ হ’ব এখন বৃহৎ নতুন দলং। তলত ৰে’ল চলিব, আৰু ওপৰত ছয় লেনযুক্ত ঘাইপথ নিৰ্মাণ কৰা হ’ব। ইয়াৰ দ্বাৰা বেনাৰস আৰু চণ্ডাউলীৰ লাখ লাখ লোক উপকৃত হ’ব।

বন্ধুসকল,

আমাৰ কাশীও ক্ৰীড়াৰ এক প্ৰধান কেন্দ্ৰ হৈ পৰিছে। ছিগ্ৰা ষ্টেডিয়ামখন সংস্কাৰ কৰি এতিয়া নতুন ৰূপত আপোনালোকৰ সন্মুখত আছে। নতুন ষ্টেডিয়ামখন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে আৰু অলিম্পিকৰ বাবেও সজ্জিত কৰা হৈছে। ইয়াত আধুনিক ক্ৰীড়াৰ সুবিধা নিৰ্মাণ কৰা হৈছে। সংসদ খেল প্ৰতিযোগীতাৰ সময়ত আমি কাশীৰ যুৱ খেলুৱৈসকলৰ সম্ভাৱনাৰ সাক্ষী হৈছিলো। এতিয়া আমাৰ পূৰ্বাঞ্চলৰ পুত্ৰ-কন্যাই ডাঙৰ ডাঙৰ ক্ৰীড়া ইভেণ্টলৈ প্ৰস্তুতিৰ বাবে ইয়াত উৎকৃষ্ট সুবিধা লাভ কৰিছে।

 

বন্ধুসকল,

আমাৰ কাশী এখন সজীৱ সাংস্কৃতিক চহৰ। ইয়াত ভগৱান শিৱৰ পবিত্ৰ জ্যোতিৰ্লিংগ, মোক্ষৰ পবিত্ৰ স্থান মণিকৰ্ণিকা আৰু জ্ঞানৰ স্থান সাৰ্নাথ আছে। ইমান দশকৰ পাছত একেলগে ইমানবোৰ উন্নয়নমূলক কাম চলি আছে বেনাৰসত। পূৰ্বে কাশীক পৰিত্যক্ত স্থানৰ দৰে অৱহেলা কৰা হৈছিল। গতিকে আজি কাশীৰ প্ৰতিজন বাসিন্দাৰ আগত এটা প্ৰশ্ন উত্থাপন কৰিছো যে কাশীক উন্নয়নৰ পৰা বঞ্চিত কৰি ৰখা মানসিকতা কিধৰণৰ আছিল? ১০ বছৰৰ আগৰ পৰিস্থিতিৰ কথা ভাবি চাওকচোন, যেতিয়া বেনাৰসে উন্নয়নৰ মুখ দেখা নাছিল। দীৰ্ঘদিন উত্তৰ-প্ৰদেশ শাসন কৰা দলবোৰে, আৰু দশক দশক ধৰি দিল্লীত ক্ষমতা ভোগ কৰা দলবোৰে কেতিয়াও বেনাৰসৰ কথা চিন্তা কৰা নাছিল। তেওঁলোকে কেৱল তুষ্টিকৰণৰ ৰাজনীতিত নিহিত হৈ আছে। কংগ্ৰেছ হওক বা সমাজবাদী পাৰ্টি হওক, এনে দলৰ বাবে বেনাৰসৰ উন্নয়ন কেতিয়াও অগ্ৰাধিকাৰ নাছিল, ভৱিষ্যতেও কেতিয়াও নহ’ব। আনকি এই দলসমূহে উন্নয়নৰ ক্ষেত্ৰত বৈষম্যও কৰিছিল। কিন্তু আমাৰ চৰকাৰে ‘সবকা সাথ, সবকা বিকাশ’ মন্ত্ৰৰে কাম কৰে। আমাৰ চৰকাৰে কোনো পৰিকল্পনাত বৈষম্য নকৰে। আমি যি কওঁ, আমি জোৰেৰে আৰু স্পষ্টকৈ কৰো। অযোধ্যাত নিৰ্মাণ কৰা হৈছে এটা সুবৃহৎ ৰাম মন্দিৰ। এতিয়া প্ৰতিদিনে লাখ লাখ লোকে ৰাম লাল্লা ভ্ৰমণ কৰে। বছৰ বছৰ ধৰি বিধানসভা আৰু সংসদত মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা স্থবিৰ হৈ আছিল। এই ঐতিহাসিক কাম আমাৰ চৰকাৰেই সাধন কৰিছে। তিনি তালাকৰ কু-সংস্কাৰৰ বাবে বহু পৰিয়াল ক্ষতিগ্ৰস্ত হৈছিল। আমাৰ চৰকাৰে ইয়াৰ পৰা মুছলমান কন্যাক মুক্ত কৰিবলৈ কাম কৰিছিল। বিজেপি চৰকাৰেই অ’বিচি আয়োগক সাংবিধানিক মৰ্যাদা দিছিল, আৰু এনডিএ চৰকাৰেই কাৰো অধিকাৰ কাঢ়ি নিদিয়াকৈ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীক ১০% সংৰক্ষণ দিছিল।

বন্ধুসকল,

আমি আমাৰ কাম কৰিছো। আমি সু-উদ্দেশ্যৰে নীতি ৰূপায়ণ কৰিলোঁ আৰু দেশৰ প্ৰতিটো পৰিয়ালৰ জীৱনক ৰূপান্তৰিত কৰিবলৈ সততাৰে কাম কৰিলোঁ। সেইবাবেই দেশবাসীয়ে আমাক আশীৰ্বাদ দি আছে। আমি দেখিলোঁ যে কেনেকৈ হাৰিয়ানাত একেৰাহে তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ পুনৰ নিৰ্বাচিত হ’ল। জম্মু-কাশ্মীৰতো বিজেপিয়ে অভিলেখ সংখ্যক ভোট লাভ কৰিছে।

বন্ধুসকল,

আজি পৰিয়াল ভিত্তিক ৰাজনীতিৰ পৰা ভাৰতে এক উল্লেখযোগ্য ভাবুকিৰ সন্মুখীন হৈছে। এই বংশবাদী ৰাজনীতিবিদসকলে দেশৰ যুৱক-যুৱতীসকলৰ বাবে আটাইতকৈ বেছি ক্ষতি কৰে। যুৱক-যুৱতীক সুযোগ দিয়াত তেওঁলোকে কেতিয়াও বিশ্বাস নকৰে। সেইবাবেই, মই লালকিল্লাৰ পৰা দেশবাসীক আহ্বান জনাইছিলো যে ৰাজনীতিৰ লগত কোনো পাৰিবাৰিক সম্পৰ্ক নথকা এক লাখ যুৱ ব্যক্তিক আমি ৰাজনীতিলৈ আনিম।এই অভিযানে ভাৰতীয় ৰাজনীতিৰ দিশ সলনি কৰিব। দুৰ্নীতি আৰু বংশবাদী মানসিকতাক নিৰ্মূল কৰিবলৈ এয়া এক অভিযান।

 

কাশী আৰু উত্তৰ প্ৰদেশৰ যুৱক-যুৱতীসকলক মুকলিকৈ এই নতুন ৰাজনৈতিক আন্দোলনৰ স্তম্ভ হ’বলৈ আহ্বান জনাইছো।কাশীৰ সাংসদ হিচাপে মই এই অঞ্চলৰ যুৱক-যুৱতীসকলক যিমান পাৰি আগুৱাই নিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

বন্ধুসকল,

আকৌ এবাৰ কাশী হৈ পৰিছে সমগ্ৰ দেশতে উন্নয়নৰ নতুন মানদণ্ডৰ আৰম্ভণিৰ ক্ষেত্ৰ। কাশী আকৌ এবাৰ দেশবাসীৰ বাবে নতুন উত্থানৰ সাক্ষী হৈছে। আজিৰ উন্নয়ন কাৰ্যসূচীৰ সৈতে জড়িত সকলো ৰাজ্য, মাননীয় ৰাজ্যপাল, মুখ্যমন্ত্ৰী, কাশীবাসী, আৰু দেশৰ নাগৰিকলৈ মোৰ অভিনন্দন জ্ঞাপন কৰিলোঁ।

সকলোৱে একেলগে কওকঃ

নমঃ পাৰ্বতী পাটায়ে...হৰ হৰ মহাদেৱ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's engineering goods exports rise 21 pc in June, Oman shipments jump five‑fold

Media Coverage

India's engineering goods exports rise 21 pc in June, Oman shipments jump five‑fold
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Weightlifter, Bindyarani Devi Sorokhaibam on winning Bronze at Commonwealth Games 2026
July 28, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Weightlifter, Bindyarani Devi Sorokhaibam on winning the Bronze medal in the women’s 58 kg weightlifting event at the Commonwealth Games 2026.

The Prime Minister said that her success is the result of her hard work and determination.

Shri Modi extended his best wishes to her for her future endeavours.

The Prime Minister wrote on X;

“Yet another medal for India in Weightlifting! Proud of Bindyarani Devi Sorokhaibam for winning a Bronze in the Women's 58kg event at the Glasgow Commonwealth Games. Her success is due to her hard work and determination. Wishing her the very best for the endeavours ahead.

#CWG2026”