দেশৰ বিমান পৰিবহণৰ মানচিত্ৰত এতিয়া স্থান লাভ কৰিলে পুৰ্ণিয়াইঃ প্ৰধানমন্ত্ৰী
মই বিহাৰৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে এখন ৰাষ্ট্ৰীয় মখানা ব’ৰ্ড গঠন কৰা হ’ব, কালি কেন্দ্ৰীয় চৰকাৰে ইয়াৰ প্ৰতিষ্ঠাৰ বাবে আনুষ্ঠানিক অধিসূচনা জাৰি কৰিলে: প্ৰধানমন্ত্ৰী
ভাৰতত ভাৰতৰ আইনহে বাহাল থাকিব—অনুপ্ৰৱেশকাৰীৰ আদেশ নহয় আৰু এয়াই মোদীৰ নিশ্চয়তা: অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু দেশখনে ইতিবাচক ফলাফলৰ সাক্ষী হ’ব: প্ৰধানমন্ত্ৰী

ভাৰত মাতা কি জয়।

 

ভাৰত মাতা কি জয়।

 

ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খান জী, আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ জী, মঞ্চত বহি থকা আন বিশিষ্ট ব্যক্তিসকল, মোৰ মৰমৰ ভাই-ভনীসকল!

সকলোকে প্ৰণাম জনাইছো। পুৰ্ণিয়া মা পূৰণ দেৱী,  ভক্ত প্ৰহ্লাদ, মহৰ্ষি মেহী বাবাৰ কৰ্মক্ষেত্ৰ, এই ভূমিত ফণীশ্বৰ নাথ ৰেণু আৰু সতীনাথ ভাদুৰীৰ দৰে ঔপন্যাসিকৰ জন্ম হৈছে। এইখনেই বিনোৱা ভাবেৰ দৰে কৰ্মযোগীসকলৰ কৰ্মক্ষেত্ৰ, মই এই ভূমিক  বাৰে বাৰে প্ৰণাম কৰোঁ।

 

প্ৰথমে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো, কলকাতাত মোৰ অনুষ্ঠানটোত অলপ বেছি সময় লাগিল আৰু তাৰ বাবেই মই ইয়াত উপস্থিত হোৱাত পলম হ’ল, তাৰ পিছতো আপোনালোকে ইমান বৃহৎ সংখ্যক লোকে আমাক আশীৰ্বাদ দিবলৈ আহিছে , আপোনালোকৰ প্ৰতি মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু এবাৰ পলমকৈ অহাৰ বাবে ৰাইজৰ চৰণত ক্ষমা বিচাৰিছো।

 

বন্ধুসকল,

 

আজি বিহাৰৰ উন্নয়নৰ বাবে প্ৰায় ৪০ হাজাৰ কোটি টকাৰ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হৈছে। ৰে'লৱে, বিমানবন্দৰ, বিদ্যুৎ, পানীৰ সৈতে জড়িত এই প্ৰকল্পসমূহ সীমাঞ্চলৰ সপোন পূৰণৰ মাধ্যমত পৰিণত হ’ব। আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৰ অধীনত ৪০ হাজাৰৰো অধিক হিতাধিকাৰীয়ে এটা স্থায়ী গৃহ লাভ কৰিছে। আজি এই ৪০ হাজাৰ পৰিয়ালৰ জীৱনত এক নতুন আৰম্ভণি হৈছে। ধনতেৰাছৰ আগত, দেৱালীৰ আগত আৰু ষঠ পূজাৰ আগেয়ে এটা স্থায়ী ঘৰত প্ৰৱেশ কৰাটো বৰ সৌভাগ্যৰ কথা। এই পৰিয়ালসমূহক অভিনন্দন জনাইছো আৰু শুভেচ্ছা জ্ঞাপন কৰিছো।

 

বন্ধুসকল,

 

আজি মোৰ গৃহহীন ভাই-ভনীসকলকো আত্মবিশ্বাস প্ৰদানৰ এয়া এক অনুষ্ঠান। এদিন তেওঁলোকেও স্থায়ী ঘৰ পাব, এয়া মোদীৰ নিশ্চয়তা। আমাৰ চৰকাৰে বিগত ১১ বছৰত দৰিদ্ৰ লোকৰ বাবে ৪ কোটিৰো অধিক স্থায়ী গৃহ নিৰ্মাণ কৰিছে। এতিয়া আমি তিনি কোটি নতুন ঘৰ নিৰ্মাণৰ কাম কৰি আছো। প্ৰতিজন দুখীয়াই স্থায়ী ঘৰ নোপোৱালৈকে মোদীয়ে থমকি ৰ’ব নোৱাৰে। পিছপৰা শ্ৰেণীৰ লোকক  অগ্ৰাধিকাৰ, দুখীয়াৰ সেৱা, এয়াই মোদীৰ লক্ষ্য।

 

বন্ধুসকল,

 

আজি আমি ছাৰ এম বিশ্বেশ্বৰায় জীৰ স্মৃতিত অভিযন্তা দিৱস পালন কৰিছো। এখন উন্নত ভাৰত, এখন উন্নত বিহাৰ গঢ়ি তোলাত অভিযন্তাসকলৰ ভূমিকা অপৰিসীম । দেশৰ সকলো অভিযন্তাক আজিৰ দিনটোত অভিনন্দন জনাইছো আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। অভিযন্তাসকলৰ কঠোৰ পৰিশ্ৰম, তেওঁলোকৰ দক্ষতা আজিৰ কাৰ্যসূচীতো দেখা গৈছে। পুৰ্ণিয়া বিমানবন্দৰৰ টাৰ্মিনেল ভৱনটো পাঁচ মাহ নৌহওঁতেই নিৰ্মাণ কৰি অভিলেখ সৃষ্টি কৰা হৈছে। আজি এই টাৰ্মিনেলটো উদ্বোধন কৰা হৈছে, প্ৰথমখন বাণিজ্যিক বিমানো  ফ্লেগ অফ কৰা হৈছে।  আমাৰ বিমান পৰিবহন  মন্ত্ৰী শ্ৰীমান নাইডু জীও আমাৰ মাজত আছে, তেওঁৰ বাবেও হাত চাপৰি বজাব, তেওঁ ইয়াৰ পৰাই বিমান উৰুৱাইছে। নতুন বিমানবন্দৰৰ বাবেই এতিয়া দেশৰ বিমান মানচিত্ৰত স্থান লাভ কৰিছে পুৰ্ণিয়াই। এতিয়া দেশৰ বৃহৎ চহৰ আৰু বৃহৎ ব্যৱসায়িক কেন্দ্ৰৰ সৈতে পুৰ্ণিয়া আৰু সীমাঞ্চলৰ প্ৰত্যক্ষ সংযোগ হ’ব।

 

বন্ধুসকল,

 

এই সমগ্ৰ অঞ্চলটোক আধুনিক উচ্চ প্ৰযুক্তিৰ ৰে'ল সেৱাৰ সৈতেও এন ডি এ চৰকাৰে সংযোগ কৰি আছে। আজিও মই বন্দে ভাৰত, অমৃত ভাৰত, যাত্ৰীবাহী ৰে'লৰ ফ্লেগ অফ কৰিছো। আজি আৰাৰিয়া-গালগালিয়া নতুন ৰে'ল  লাইন উদ্বোধন কৰা হৈছে। বিক্ৰমশিলা-কটাৰীয়া নতুন ৰে'ল  লাইনৰ আধাৰশিলাও স্থাপন কৰা হৈছে।

 

বন্ধুসকল,

 

মাত্ৰ কেইদিনমানৰ আগতে ভাৰত চৰকাৰে লৈছে আন এক ডাঙৰ সিদ্ধান্ত। বক্সাৰ-ভাগলপুৰ তীব্ৰবেগী কৰিডৰৰ মকামা-মুংগেৰ অংশত অনুমোদন জনোৱা হৈছে। ইয়াৰ দ্বাৰা মুংগেৰ-জামালপুৰ-ভাগলপুৰৰ দৰে উদ্যোগিক কেন্দ্ৰসমূহে যথেষ্ট লাভাৱান্বিত  হ’ব। ভাগলপুৰ-ডুমকা-ৰামপুৰহাট ৰে’ল লাইন দুগুণ কৰাৰ বিষয়তো  চৰকাৰে অনুমোদন জনাইছে৷

 

বন্ধুসকল,

 

দেশৰ উন্নয়নৰ বাবে বিহাৰৰ উন্নয়ন প্ৰয়োজনীয়।  বিহাৰৰ উন্নয়নৰ বাবে পুৰ্ণিয়া আৰু সীমাঞ্চলৰ উন্নয়ন প্ৰয়োজনীয়। আৰজেডি আৰু কংগ্ৰেছ চৰকাৰৰ অপশাসনৰ বাবে এই অঞ্চলটোৱে বৃহৎ লোকচানৰ সন্মুখীন হৈছে। কিন্তু এতিয়া এন ডি এ চৰকাৰে পৰিস্থিতি সলনি কৰিছে। এতিয়া এই ক্ষেত্ৰখন উন্নয়নৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

 

বন্ধুসকল,

 

বিদ্যুতৰ ক্ষেত্ৰত বিহাৰক স্বাৱলম্বী কৰি তোলাৰ কাম চলি আছে। ইয়াতে ভাগলপুৰৰ পীৰপাইন্তিত ২৪০০ মেগাৱাটৰ তাপ শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে।

 

বন্ধুসকল,

 

বিহাৰৰ ডাবল ইঞ্জিন চৰকাৰে ইয়াৰ কৃষক আৰু পশুপালকৰ আয় বৃদ্ধিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। আজি কোচি-মেচি আন্তঃৰাজ্যিক নদী সংযোগ প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ আধাৰশিলাও স্থাপন কৰা হৈছে। ইয়াৰ দ্বাৰা পূব কোচিৰ মূল খাল সম্প্ৰসাৰিত হ’ব। ইয়াৰ ফলত লাখ লাখ হেক্টৰ মাটিত জলসিঞ্চনৰ সুবিধা হ’ব, লগতে বানপানীৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাটোও সহজ হ’ব।

বন্ধুসকল,

 

মাখনাৰ খেতি বিহাৰৰ কৃষকৰ বাবে উপাৰ্জনৰ উৎস হৈ আহিছে। কিন্তু, পূৰ্বৰ চৰকাৰসমূহে মাখানাৰ লগতে মাখানাৰ কৃষকসকলকো অৱহেলা কৰিছিল। মই নিশ্চিতভাৱে দাবী কৰো যে আজিকালি ইয়ালৈ অহা সকলে, মই অহাৰ আগতে মাখানাৰ নামটোও শুনা নাছিল। এয়া হৈছে  আমাৰ চৰকাৰ, যিয়ে মাখানাক অগ্ৰাধিকাৰ দিছে।

 

বন্ধুসকল,

 

মই বিহাৰৰ ৰাইজক ৰাষ্ট্ৰীয় মাখানা ব’ৰ্ড গঠন কৰাৰ প্ৰতিশ্ৰুতি দিছিলোঁ।  কালি কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় মাখানা ব’ৰ্ড স্থাপনৰ বাবে এক অধিসূচনা জাৰি কৰিছে। মাখানা খেতিয়কে মাখানাৰ ভাল দাম পাব লাগে, প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি পাব, ইয়াৰ বাবে ৰাষ্ট্ৰীয় মাখানা ব’ৰ্ডে অবিৰতভাৱে কাম কৰিব। আমাৰ চৰকাৰে মাখানা খণ্ডৰ উন্নয়নৰ বাবে প্ৰায় ৪৭৫ কোটি টকাৰ আঁচনিত অনুমোদন জনাইছে।

 

বন্ধুসকল,

 

বিহাৰৰ এই উন্নয়নৰ গতি, বিহাৰৰ এই প্ৰগতি একাংশ লোকে ভাল পোৱা নাই। যিসকলে দশক দশক ধৰি বিহাৰক শোষণ কৰিছিল, এই ভূমিক বিশ্বাসঘাতকতা কৰিছিল, আজি তেওঁলোক মানি ল’বলৈ সাজু নহয় যে বিহাৰেও নতুন অভিলেখ সৃষ্টি কৰিব পাৰে।  বিহাৰৰ প্ৰতিটো অঞ্চলতে হাজাৰ হাজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ কাম চলি আছে। বিহাৰৰ ৰাজগীৰত হকী এছিয়া কাপৰ দৰে এটা ডাঙৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে, বিহাৰত আউন্থা-চিমাৰিয়া দলঙৰ দৰে ঐতিহাসিক নিৰ্মাণৰ কাম কৰা হৈছে, মেড ইন বিহাৰ ৰে'লৱেৰ ইঞ্জিন আফ্ৰিকালৈ ৰপ্তানি কৰা হৈছে, কিন্তু এই সকলোবোৰ কংগ্ৰেছ আৰু আৰজেডিৰ মানুহে হজম কৰিব পৰা  নাই। যেতিয়াই বিহাৰ আগবাঢ়ি যায় এইসকল লোকে বিহাৰক অপমান কৰিবলৈ আৰম্ভ কৰে। আপুোনালোকে নিশ্চয় এতিয়া দেখিছে আৰজেডিৰ  মিত্ৰ কংগ্ৰেছ দলে বিহাৰক ছচিয়েল মিডিয়াত বিড়িৰ লগত তুলনা কৰিছে । এইসকল লোকে বিহাৰক ইমানেই ঘৃণা কৰে যে কেলেংকাৰী আৰু দুৰ্নীতি কৰি বিহাৰৰ সুনামৰ বহু ক্ষতি কৰিছে। এতিয়া বিহাৰৰ বিকাশ হোৱা দেখি কংগ্ৰেছ-আৰজেডিয়ে পুনৰ বিহাৰক বদনাম কৰা আৰম্ভ কৰিছে।

 

ভাই-ভনীসকল,

এনে মানসিকতাৰ মানুহে কেতিয়াও বিহাৰৰ হিত সাধন কাম কৰিব নোৱাৰে। যিসকলে নিজৰ তহবিল ভৰোৱাৰ চিন্তাত আছে , তেওঁলোকে কিয় দুখীয়াৰ বাবে চিন্তা কৰিব? কংগ্ৰেছৰ এজন প্ৰধানমন্ত্ৰীয়ে স্বীকাৰ কৰিছিল যে কংগ্ৰেছ চৰকাৰে যেতিয়া ১০০ পইচা পঠিয়ায়, তেতিয়া ৮৫ পইচা লুটি নিয়া  হয়। আপোনালোকেই  কওকচোন, কংগ্ৰেছ-আৰজেডি চৰকাৰৰ দিনত সেই ধন পোনে পোনে দুখীয়াৰ একাউণ্টত সোমাইছিল নে? বন্তি এগচি  জ্বলাই সেই টকাৰ তেওঁলোকে ৮৫ পইচাই পকেটত ভৰাই থৈছিল। এতিয়া কৰ'ণাৰ পিছৰে পৰা প্ৰতিজন দুখীয়াই বিনামূলীয়া ৰেচন পাই আছে। কংগ্ৰেছ-আৰজেডি চৰকাৰৰ দিনত আপোনালোকে   বিনামূলীয়াকৈ খাদ্য শস্য লাভ কৰিবলৈ সক্ষম হৈছিল নে? আজি আয়ুষ্মান যোজনাৰ বাবে প্ৰতিজন দৰিদ্ৰ ব্যক্তিয়ে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিছে। যিসকলে আপোনালোকৰ বাবে চিকিৎসালয়ও নিৰ্মাণ কৰা নাছিল, তেওঁলোকে আপোনালোকক বিনামূলীয়া চিকিৎসা প্ৰদান কৰিছে নে, মই আপোনালোকক সুধিব বিচাৰিছো।  তেওঁলোকে বিনামূলীয়া চিকিৎসা প্ৰদান কৰিব পাৰিলেহেঁতেননে? তেওঁলোকে আপোনালোকৰ বাবে চিন্তা কৰিব পাৰিছিল নে?

 

বন্ধুসকল,

কেৱল কংগ্ৰেছ আৰু আৰজেডিৰ বাবে  বিহাৰৰ সন্মানেই বিপদত পৰিছে তেনে নহয়, বিহাৰৰ পৰিচয়ো বিপদত পৰিছে। আজি সীমাঞ্চল আৰু পূব ভাৰতত অনুপ্ৰৱেশকাৰীৰ বাবে এক বৃহৎ জনগাঁথনিগত সংকটৰ সৃষ্টি হৈছে। বিহাৰ, বংগ, অসমৰ দৰে বহু ৰাজ্যৰ মানুহে ভগ্নী-কন্যাৰ সুৰক্ষাক লৈ চিন্তিত হৈছে। সেইবাবেই মই লালকিল্লাৰ পৰা ডেম’গ্ৰাফী মিছনৰ কথা ঘোষণা কৰিছো। কিন্তু ভোট বেংকৰ স্বাৰ্থত  কংগ্ৰেছ-আৰজেডি আৰু ইয়াৰ পৰিৱেশ তন্ত্ৰৰ সৈতে জড়িতসকলে  অনুপ্ৰৱেশকাৰীৰ পোষকতা কৰিছিল, তেওঁলোকক বচাবলৈ চেষ্টা কৰিছিল আৰু নিৰ্লজ্জভাৱে অনুপ্ৰৱেশকাৰীক বচাবলৈ সমদল উলিওৱাত ব্যস্ত হৈছিল । এইসকল লোকে বিহাৰ আৰু দেশৰ সম্পদ তথা নিৰাপত্তা উভয়কে বিপদত পেলাব বিচাৰে। কিন্তু আজি এই পুৰ্ণিয়া ভূমিৰ পৰা  সেইসকল লোকক  এটা কথা স্পষ্টকৈ বুজাব বিচাৰিছো,  আৰজেড-কংগ্ৰেছ গোষ্ঠীটোৱে মোৰ কথা ভালদৰে শুনক, যি  অনুপ্ৰৱেশকাৰী, তেওঁ ওলাই যাব লাগিব। অনুপ্ৰৱেশ বন্ধ কৰাটো এন ডি এৰ দৃঢ় দায়িত্ব। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত বিধি পথালি দিয়া, অনুপ্ৰৱেশকাৰীক বচাবলৈ ওলাই অহা নেতাসকলক প্ৰত্যাহ্বান জনাইছো। অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিবলৈ সেইসকলে যিমানেই চেষ্টা নকৰক কিয়, আমি তেওঁলোকক আঁতৰোৱাৰ সংকল্পৰে  কাম কৰি যাম। অনুপ্ৰৱেশকাৰীৰ ঢাল হোৱা সকলে শুনা উচিত, ভাৰতত ভাৰতীয় আইন বৰ্তি থাকিব, অনুপ্ৰৱেশকাৰীয়ে নিজৰ ইচ্ছামতে সেয়া কৰিব নোৱাৰিব। এয়া মোদীৰ নিশ্চয়তা - অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু দেশেও ইয়াৰ ভাল ফল দেখিব। কংগ্ৰেছ-আৰজেডিয়ে অনুপ্ৰৱেশৰ সমৰ্থনত উত্থাপন কৰা বিষয়সমূহৰ উপযুক্ত উত্তৰ দিবলৈ ওলাইছে বিহাৰৰ লগতে দেশবাসীয়ে।


বন্ধুসকল,

 

বিগত দুটা দশক ধৰি বিহাৰত কংগ্ৰেছ আৰু আৰজেডি ক্ষমতাৰ পৰা আঁতৰি আছে।  নিঃসন্দেহে ইয়াত আটাইতকৈ ডাঙৰ ভূমিকা মোৰ বিহাৰৰ মাতৃ আৰু ভগ্নী সকলৰ, আজি বিহাৰৰ মাতৃ আৰু ভগ্নী সকলক বিশেষ শ্ৰদ্ধা জনাইছো। আৰজেডিৰ যুগত মুক্ত হত্যা, ধৰ্ষণ আৰু অপহৰণৰ  দৰে অপৰাধৰ আটাইতকৈ ডাঙৰ বলি হৈছিল মোৰ বিহাৰৰ মাতৃ আৰু ভগ্নীসকল, এই ঠাইৰ মহিলাসকল। ডাবল ইঞ্জিন চৰকাৰত একেই মহিলাসকলে  লাখপতি দিদি আৰু ড্ৰোন দিদি হৈ পৰিছে, আজি আমি ড্ৰোন দিদি গঢ়াৰ কাম কৰি আছো। আত্মসহায়ক গোটৰ জৰিয়তে মহিলাসকলে ডাঙৰ বিপ্লৱ কৰিছে। বিশেষকৈ নীতিশ জীৰ নেতৃত্বত ইয়াত জীৱিকা দিদি অভিযানৰ সফলতা অভূতপূৰ্ব, বিহাৰ সমগ্ৰ দেশৰ বাবে প্ৰেৰণা হিচাবে পৰিগণিত হৈছে ।

 

বন্ধুসকল,

 

আজি আমাৰ এই ভগ্নীসকলৰ বাবে প্ৰায় ৫০০ কোটি টকাৰ সামূহিক বিনিয়োগ পুঁজি মুকলি কৰা হৈছে, ৫০০ কোটি টকা। এই ধনৰাশি ক্লাষ্টাৰ পৰ্যায়ৰ ফেডাৰেচনসমূহলৈ যাব, য’ৰ পৰা প্ৰতিখন গাঁৱৰ আত্মসহায়ক গোটসমূহে শক্তি লাভ কৰিব। ইয়াৰ দ্বাৰা মহিলাসকলে শক্তি বৃদ্ধিৰ সুযোগ লাভ কৰিব।

 

বন্ধুসকল,

 

আৰজেডি আৰু কংগ্ৰেছৰ বাবে আটাইতকৈ ডাঙৰ কথাটো হ’ল নিজৰ পৰিয়ালৰ বাবে  চিন্তা। এই মানুহবোৰে কেতিয়াও আপোনাৰ পৰিয়ালকলৈ চিন্তা নকৰিলে। কিন্তু মোদীৰ বাবে আপোনালোক সকলো মোদীৰ পৰিয়াল। সেইবাবেই মোদীয়ে কৈছে- 'সবকা সাথ, সবকা বিকাশ'।  সেইসকল লোকে  কি কৰিলে , নিজৰ পৰিয়ালক কি কৰিলে , কেৱল  নিজৰ পৰিয়ালৰ উন্নয়ন সাধন কৰিলে।

 

ভাই-ভনীসকল,

 

মোদীয়ে আপোনালোকৰ খৰচৰ চিন্তা, আপোনালোকৰ সঞ্চয়ৰ চিন্তা কৰিছে। অনাগত দিনত বহু  উৎসৱ আহি আছে। এইবাৰ দীপাৱলী আৰু ষঠ পূজাৰ আগেয়ে আমাৰ চৰকাৰে দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীক ডাঙৰ উপহাৰ দিছে। আজি ১৫ ছেপ্টেম্বৰ, ঠিক এসপ্তাহৰ পিছত নৱৰাত্ৰিৰ প্ৰথম দিনটো আহিব আৰু সেইদিনা,  ২২ ছেপ্টেম্বৰৰ পৰা দেশত জি এছ টি লক্ষ্যণীয়ভাবে  হ্ৰাস পাব। দেশত আপোনালোকৰ দৈনন্দিন প্ৰয়োজনীয় বেছিভাগ বস্তুতে জি এছ টি  হ্ৰাস কৰা হৈছে। বিশেষকৈ ইয়ালৈ অহা মোৰ মা-ভনীসকলক ক’ব বিচাৰিছো, যে জি এছ টি কমাৰ  বাবে মাতৃ-ভগ্নীৰ পাকঘৰৰ খৰছ বহুত কমিবলৈ গৈ আছে। টুথপেষ্ট, চাবোন, চেম্পুৰ পৰা আৰম্ভ কৰি ঘি আৰু আন বহু খাদ্য সামগ্ৰী সস্তা হৈ পৰিব। শিশুসকলৰ পঢ়া-শুনাৰ বাবে ব্যৱহাৰ কৰা ষ্টেচনাৰীৰ মূল্য হ্ৰাস পাব। এইবাৰ উৎসৱৰ সময়ত শিশুসকলে নতুন কাপোৰ আৰু জোতা কিনিবলৈ সহজ হ’ব, কাৰণ এইবোৰো সস্তা হ’বলৈ গৈ আছে। দুখীয়াৰ যত্ন লোৱা চৰকাৰ হ’লে দুখীয়াৰ মংগলৰ বাবেই কাম কৰে।

 

বন্ধুসকল,

 

স্বাধীনতা সংগ্ৰামত পুৰ্ণিয়াৰ সন্তানে ইংৰাজৰ আগত ভাৰতৰ শক্তি দেখুৱাইছিল, আজি আকৌ এবাৰ অপাৰেচন সিন্দূৰত আমি শত্ৰুৰ সন্মুখত  দেশৰ একে শক্তিয়েই দেখুৱাইছো। আৰু পুৰ্ণিয়াৰ সাহসী পুত্ৰয়ো  ইয়াত কৌশলত ডাঙৰ ভূমিকা লৈছে। দেশৰ প্ৰতিৰক্ষাই হওক বা দেশৰ উন্নয়নেই হওক, প্ৰগতিৰ ক্ষেত্ৰত বিহাৰৰ ভূমিকা অতি ডাঙৰ। আমি এইদৰে বিহাৰৰ উন্নয়ন অভিযানক গতি দিব লাগিব। বিহাৰৰ ভাই-ভনীসকলক সকলো উন্নয়নমূলক প্ৰকল্পৰ বাবে পুনৰবাৰ অভিনন্দন জনাইছো। নীতিশ জীৰ নেতৃত্বক অভিনন্দন জনাইছো, সকলোকে বহুত বহুত ধন্যবাদ। মোৰ লগত সম্পূৰ্ণ শক্তিৰে কওঁক  - ভাৰত মাতা কি জয়। ভাৰত মাতা কি জয়। ভাৰত মাতা কি জয়।

 

আপোনালোকক অশেষ ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Big boost for Atmanirbhar Bharat! After Skyroot's success, another private firm announces breakthrough in indigenous fighter jet engine technology

Media Coverage

Big boost for Atmanirbhar Bharat! After Skyroot's success, another private firm announces breakthrough in indigenous fighter jet engine technology
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Mr. Andy Burnham on assuming office as Prime Minister of the United Kingdom
July 21, 2026

Prime Minister Shri Narendra Modi today extended congratulations to Mr. Andy Burnham on assuming office as Prime Minister of the United Kingdom.

Shri Modi noted that India and the UK are bound by shared democratic values and enjoy wide-ranging cooperation across trade, investment, technology, defence, and people-to-people relations. With CETA entering into force this month, the Prime Minister pointed out that the bilateral partnership is poised to grow even stronger.

The Prime Minister stated that he looks forward to working closely with him to further deepen the India-UK Comprehensive Strategic Partnership and advance their shared Vision 2035.

In a post on X, the Prime Minister shared:

"Warmest congratulations to Mr. Andy Burnham on assuming office as Prime Minister of the United Kingdom.

India and the UK are bound by shared democratic values and enjoy wide-ranging cooperation across trade, investment, technology, defence and people-to-people relations. With CETA entering into force this month, our bilateral partnership is poised to grow even stronger.

I look forward to working closely with you to further deepen the India-UK Comprehensive Strategic Partnership and advance our shared Vision 2035.

@andyburnham"