In the coming years, Bihar will be among those states of the country, where every house will have piped water supply: PM Modi
Urbanization has become a reality today: PM Modi
Cities should be such that everyone, especially our youth, get new and limitless possibilities to move forward: PM Modi

বিহাৰৰ ৰাজ্যপাল শ্ৰী ফাগু চৌহান মহোদয়, বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ মহোদয়, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী শ্ৰী হৰদ্বীপ সিং পুৰী মহোদয়, শ্ৰী ৰবিশংক প্ৰসাদ মহোদয়, কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰীমণ্ডলৰ অন্য সদস্য, সাংসদগণ, বিধায়কসকল আৰু মোৰ প্ৰিয় সহযোগীসকল৷

বন্ধুসকল,

আজি যি চাৰিটা যোজনাৰ উদঘাটন হৈছে তাত পাটনা চহৰৰ বেওৰ আৰু কৰম-লিচকত নৰ্দমা ব্যৱস্থাপনা প্লাণ্টৰ উপৰিও অমৃত যোজনাৰ অধীনত ছিৱান আৰু চাপ্ৰাত পানীৰ সৈতে জড়িত প্ৰকল্পও আছে৷ ইয়াৰোপৰি মুংগেৰ আৰু জমালপুৰত পানীৰ অভাৱ হ্ৰাস কৰিবলৈ জলাপুৰ্তি পৰিযোজনা আৰু মুজফৰপুৰত নমামি গংগেৰ অধীনত নদীৰ তীৰ উন্নয়ন আঁচনিৰো আজি আধাৰশিলা স্থাপন কৰা হৈছে৷ নগৰৰ দৰিদ্ৰ, নগৰত বাস কৰা মধ্যবিত্ত লোকসকলক জীৱন সহজ কৰি তুলিবলৈ এই নতুন সুবিধাসমূহৰ বাবে আপোনালোকক অভিনন্দন জনাইছো৷

বন্ধুসকল, আজিৰ এই কাৰ্যসূচী এটা বিশেষ দিনত উদযাপন কৰা হৈছে৷ আজি আমি অভিযন্তা দিৱসো পালন কৰিছো৷ এই দিনটো দেশৰ মহান অভিযন্তা এম বিশ্বেশ্বৰাৰ জন্ম-জয়ন্তী হিচাপে পালন কৰা হয়৷ আমাৰ ভাৰতীয় অভিযন্তাসকলে আমাৰ দেশৰ নিৰ্মাণ আৰু বিশ্বৰ নিৰ্মাণতো অতুলনীয় অৱদান আগবঢ়াইছে৷ সেয়া লাগিলে সমৰ্পণেই হওক, অথবা তেওঁলোকৰ তীক্ষ্ণ নজৰেই হওক, ভাৰতীয় অভিযন্তাসকলে বিশ্বত এক পৃথক পৰিচয় স্থাপন কৰিবলৈ সমৰ্থ হৈছে৷  এয়া সত্য  আৰু আমি গৌৰৱান্বিত যে আমাৰ অভিযন্তাসকলে দেশৰ বিকাশত অগ্ৰগতি প্ৰদান কৰিছে৷ মই এই উপলক্ষে সকলো অভিযন্তাক, তেওঁলোকৰ নিৰ্মাণ শক্তিক নমস্কাৰ জনাইছো৷ ৰাষ্ট্ৰ নিৰ্মাণৰ এই কামত বিহাৰেও যথেষ্ট বৰঙণি আগবঢ়াইছে৷ বিহাৰে দেশক বিকাশৰ নতুন উচ্চতা প্ৰদান কৰা লক্ষাধিক অভিযন্তা প্ৰদান কৰিছে৷ বিহাৰৰ ভূমি আৱিষ্কাৰ আৰু উদ্ভাৱনৰ ভূমি৷ বিহাৰৰ কিমান সন্তানে প্ৰতি বছৰে দেশৰ সবাতোকৈ বৃহৎ অভিযান্ত্ৰিক প্ৰতিষ্ঠানলৈ যায়, নিজৰ প্ৰতিভা প্ৰদৰ্শিত কৰে৷ আজি যি প্ৰকল্প সম্পূৰ্ণ হৈছে, য’ত নতুনকৈ কাম আৰম্ভ হৈছে সেইসমূহ সম্পূৰ্ণ কৰাতো বিহাৰৰ অভিযন্তাসকলৰ ভূমিকা আছে৷ মই বিহাৰৰ সকলো অভিযন্তাকো অভিযন্তা দিৱসৰ অভিনন্দন জনাইছো৷

বন্ধুসকল, বিহাৰৰ ঐতিহাসিক নগৰৰ ভূমি৷ ইয়াত সহস্ৰ বৰ্ষজুৰি নগৰসমূহৰ এক সমৃদ্ধ ঐতিহ্য আছে৷ প্ৰাচীন ভাৰতত গংগা নদীৰ পাৰত আৰ্থিক, সাংস্কৃতিক আৰু ৰাজনৈতিক ৰূপত সমৃদ্ধ আৰু সম্পন্ন নগৰসমূহ বিকশিত হৈছে৷ কিন্তু দাসত্বৰ দীৰ্ঘ সময়ছোৱাত ই বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল৷ স্বাধীনতাৰ পিছত কিছু দশক পৰ্যন্ত বিহাৰে মহান আৰু দূৰদৰ্শী নেতাৰ নেতৃত্ব লাভ কৰিছিল, তেওঁলোকে দাসত্বৰ সময়ছোৱাত হোৱা বিকৃত পৰিঘটনাসমূহ দূৰ কৰাৰ ভৰপক প্ৰয়াস কৰিছিল৷ কিন্তু ইয়াৰ পিছতো এনে এক সময় আহিল যেতিয়া বিহাৰত মূল সুবিধাসমূহৰ নিৰ্মাণৰ পৰিৱৰ্তে, ৰাজ্যৰ লোকসকলক আধুনিক সুবিধা প্ৰদান কৰাৰ পৰিৱৰ্তে, প্ৰাথমিকতা আৰু দায়িত্ববোধ সলনি হৈ পৰিল৷ ফলত ৰাজ্যৰ শাসন ব্যৱস্থা বিকৃত হৈ পৰিল৷ ইয়াৰ পৰিণাম এয়াই আছিল যে বিহাৰৰ গাঁওবোৰ অধিক পিছুৱাই হ’ল আৰু যি চহৰ এসময়ৰ সমৃদ্ধিৰ প্ৰতীক আছিল, তাৰো আন্তঃগাঁথনি বৰ্ধিত আবাদী আৰু পৰিৱৰ্তিত সময়ৰ হিচাপত উন্নীতকৰণ নহ’ল৷ পথেই হওক, গলিয়েই হওক, খোৱা পানীয়েই হওক, নৰ্দমাই হওক, এনে অনেক প্ৰাথমিক সমস্যাসমূহক আওকাণ কৰা হ’ল৷ দুৰ্নীতিয়ে পোখা মেলিলে৷

বন্ধুসকল, যেতিয়া শাসনত স্বাৰ্থনীতিয়ে পোখা মেলে, ভোটবেংকৰ তন্ত্ৰই ছিষ্টেমৰ ওপৰত চাপ দিয়ে তেতিয়া সবাতোকৈ অধিক চাপ সমাজৰ সেই শ্ৰেণীসমূহৰ ওপৰত পৰে যি প্ৰতাৰিত, বঞ্চিত আৰু শোষিত হয়৷ বিহাৰৰ লোকসকলে এই দুখ দশকজুৰি সহিছে৷ যেতিয়া পানী আৰু নৰ্দমাৰ দৰে প্ৰাথমিক সমস্যাসমূহ পূৰণ কৰা নহয় তেতিয়া সমস্যা আমাৰ মাতৃ-ভগ্নীসকলৰ হয়, দুখীয়াসকলৰ হয়, দলিতসকলৰ হয়, পিছপৰা শ্ৰেণীসকলৰ হয়৷ অপৰিষ্কাৰ হৈ থাকি, বাধ্য হৈ লেতেৰা পানী খোৱাৰ ফলত জনসাধাৰণৰ মাজতে বেমাৰে দেখা দিয়ে৷ এনে অৱস্থাত তেওঁলোকৰ উপাৰ্জনৰ এক বৃহৎ অংশ চিকিৎসাৰ নামতে ব্যয় হয়৷ বহুবাৰ পৰিয়াল এটাই অনেক বৰ্ষজুৰি ধাৰত পোত খায়৷ এই পৰিস্থিতিত বিহাৰৰ এক বুজন পৰিমাণৰ পৰিয়ালে ঋণ, ৰোগ, নিৰক্ষৰতা আদিক নিজৰ ভাগ্য বুলি মানি লৈছিল৷ এক প্ৰকাৰে চৰকাৰৰ ভুল প্ৰাথমিকতাসমূহৰ ফলত সমাজৰ বৃহৎ অংশৰ আত্মবিশ্বাস ভাগি পৰিছিল৷ দৰিদ্ৰসকলৰ বাবে ইয়াতকৈ ডাঙৰ অন্যায় আৰু কি হ’ব পাৰে?

বন্ধুসকল, বিগত ডেৰ দশকৰ পৰা নীতিশ মহোদয়, সুশীল মহোদয় আৰু তেওঁৰ দলে সবাতোকৈ দুৰ্বল শ্ৰেণীৰ আত্মবিশ্বাস উভতাই অনাৰ দিশত অগ্ৰসৰ হৈছে৷ বিশেষকৈ যিদৰে কন্যা সন্তানসকল পঢ়া-লিখা, পঞ্চায়তী ৰাজসহিতে স্থানীয় পৰ্যায়ত বঞ্চিত, শোষিত সমাজৰ অংশগ্ৰহণক প্ৰাথমিকতা প্ৰদান কৰা হৈছে, তাৰ দ্বাৰা তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি হৈছে৷  ২০১৪ চনৰ পিছৰে পৰা এক প্ৰকাৰে বুনিয়াদী সুবিধাসমূহৰ সৈতে জড়িত অনেক যোজনাৰ প্ৰায় সম্পূৰ্ণ নিয়ন্ত্ৰণ গাঁও পঞ্চায়ত অথবা স্থানীয় প্ৰশাসনক দিয়া হৈছে৷ এতিয়া যোজনাসমূহৰ পৰিকল্পনাৰ পৰা আৰম্ভ কৰি প্ৰণয়নলৈ আৰু সেইসমূহ চোৱা-চিতাৰ দায়িত্ব এতিয়া স্থানীয় প্ৰশাসন, স্থানীয় প্ৰয়োজনীয়তাৰ হিচাপত কৰা হৈছে৷ এই কাৰণতেই এতিয়া কেন্দ্ৰ আৰু বিহাৰৰ চৰকাৰৰ সহযোগিতামূলক প্ৰয়াসৰ ফলত বিহাৰৰ চহৰসমূহত খোৱা পানী আৰু নৰ্দমাৰ দৰে মূল সুবিধাসমূহৰ আন্তঃগাঁথনিত নিৰন্তৰ সংস্কাৰ হ’বলৈ ধৰিছে৷ মিছন অমৃত আৰু ৰাজ্য চৰকাৰৰ যোজনাসমূহৰ অধীনত বিগত ৪-৫টা বৰ্ষত বিহাৰৰ নগৰীয়া ক্ষেত্ৰত লক্ষাধিক পৰিয়ালক পানীৰ সুবিধাৰ সৈতে জড়িত কৰোৱা হৈছে৷ আগন্তুক বৰ্ষসমূহত বিহাৰ দেশৰ সেই ৰাজ্যসমূহৰ মাজৰ এখন ৰাজ্য হৈ পৰিব য’ত প্ৰতিখন ঘৰলৈ পাইপেৰে পানী যাব৷ এয়া বিহাৰৰ বাবে এক বৃহৎ উপলব্ধি হ’ব, বিহাৰৰ বাবে গৌৰৱৰ কথা হ’ব৷

এই বৃহৎ লক্ষ্য প্ৰাপ্তিৰ বাবে ক’ৰোনাৰ এই সংকটৰ সময়ছোৱাতো বিহাৰৰ লোকসকলে নিৰন্তৰে কাম কৰিছে৷ বিগত কিছু মাহত বিহাৰৰ গ্ৰামীণ ক্ষেত্ৰত ৫৭ লক্ষাধিক পৰিয়ালক পানীৰ সংযোগৰ সৈতে জড়িত কৰোৱা হৈছে৷ ইয়াত এক বৃহৎ ভূমিকা প্ৰধানমন্ত্ৰী গৰিব কল্যাণ ৰোজগাৰ অভিযানে পালন কৰিছে৷ আমাৰ সহস্ৰাধিক শ্ৰমিক সহযোগী যি ক’ৰোনাৰ বাবে আন ৰাজ্যৰ পৰা বিহাৰলৈ উভতি আহিছে, তেওঁলোকে এই কাম কৰি দেখুৱাইছে৷ জল জীৱন অভিযানৰ এই ক্ষীপ্ৰতা, বিহাৰৰ মোৰ এই পৰিশ্ৰমী বন্ধুসকলৰ প্ৰতি সমৰ্পিত কৰিছো৷ বিগত ১ টা বৰ্ষত জল জীৱন অভিযানৰ অধীনত সমদ্ৰ দেশতে ২ কোটিতকৈও অধিক পানীৰ সংযোগ প্ৰদান কৰা হৈছে৷ আজি দেশত প্ৰতি দিনে ১ লক্ষাধিক ঘৰত পানীৰ পাইপৰ সংযোগ প্ৰদান কৰা হৈছে৷ স্বচ্ছ পানীয়ে মধ্যবিত্ত, দৰিদ্ৰসকলৰ জীৱন উন্নত কৰাই নহয় বৰঞ্চ তেওঁলোকক গম্ভীৰ ৰোগৰ পৰাও মুক্তি দিয়ে৷  

বন্ধুসকল, নগৰাঞ্চলতো বিহাৰৰ লক্ষাধিক লোকক বিশুদ্ধ পানীৰ সংযোগেৰে জড়িত কৰোৱাৰ কাম দ্ৰুত গতিত সম্পন্ন হ’বলৈ ধৰিছে৷ সমগ্ৰ বিহাৰত অমৃত যোজনাৰ অধীনত প্ৰায় ১২ লাখ পৰিয়ালক বিশুদ্ধ পানীৰ সংযোগেৰে সংযোজিত কৰোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ ইয়াৰে প্ৰায় ৬ লাখ পৰিয়ালে এই সুবিধা ইতিমধ্যেই লাভ কৰিছে৷ বাকী পৰিয়ালসমূহেও এই সুবিধা অনতিপলমে লাভ কৰিব৷ আজি যি প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰা হৈছে সেয়া এই সংকল্পৰেই  অংশ৷

বন্ধুসকল, নগৰীকৰণ আজিৰ এক সত্য পৰিঘটনা৷ আজি সমগ্ৰ বিশ্বতে নগৰৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ ভাৰতো এই পৰিৱৰ্তনৰ দৌৰত আছে৷ কিন্তু বহু দশকলৈ আমাৰ এনে ধাৰণা হৈছিল, আমি মানি লৈছিলো যে নগৰীকৰণ স্বয়ং এক সমস্যা, এক বাধা৷ কিন্তু মই ভাবো, এনে নহয়৷ এনেকুৱা মুঠেও নহয়৷ বাবা চাহেব আম্বেদকাৰে সেই সময়তেই এই সত্য অনুধাৱন কৰিছিল আৰু তেওঁ নগৰীকৰণৰ এক বৃহৎ সমৰ্থক আছিল৷ তেওঁ নগৰীকৰণক সমস্যা বুলি ভবা নাছিল, তেওঁ এনে এক চহৰৰ কল্পনা কৰিছিল য’ত দৰিদ্ৰতম ব্যক্তিয়েও যাতে সুবিধা লাভ কৰে, জীৱনক উন্নত কৰাৰ পথ মুকলি হয়৷ আমাৰ চহৰসমূহত সম্ভাৱনাৰ দুৱাৰ মুকলি হওক, সুৰক্ষিত হওক, সশক্ত সমাজ হওক আৰু আধুনিক সুবিধাৰে ভৰা হওক, এয়াই হ’ল আজিৰ আৱশ্যকতা৷  অৰ্থাৎ চহৰসমূহ এনেকুৱা হওক য’ত সকলোৱে, বিশেষকৈ যুৱ সমাজে আগ বঢ়াৰ বাবে নতুন আৰু অসীম সম্ভাৱনা লাভ কৰে৷ চহৰসমূহ এনে হওক যে যতি প্ৰতিটো পৰিয়ালে সুখ-সমৃদ্ধিৰে জীৱন নিৰ্বাহ কৰিব পাৰে৷ চহৰসমূহ এনে হওক য’ত প্ৰতিজন দুখীয়াই, দলিতে, মহিলাসকলে সন্মানপূৰ্বক জীৱন লাভ কৰে৷ এয়াই হ’ল দেশৰ সপোন, এই দিশতে দেশ আগবাঢ়িছে৷

আৰু বন্ধুসকল, আজি আমি দেশত নতুন নগৰীকৰণ দেখিবলৈ পাইছো৷ যি নগৰ পূৰ্বতে দেশৰ নক্সাত অহা নাছিল, সেইসমূহে আজি নিজৰ উপস্থিতি জাহিৰ কৰিছে৷  এই চহৰসমূহৰ আমাৰ যুৱচাম, যি ডাঙৰ ডাঙৰ ব্যক্তিগতখণ্ডৰ বিদ্যালয়ত অধ্যয়ন কৰা নাছিল, মহাবিদ্যালয়ত অধ্যয়ন কৰা নাছিল, ধনী পৰিয়ালৰ নাছিল, তেওঁলোকে আজি সুন্দৰ ফলাফল প্ৰদৰ্শন কৰিছে, সফলতাৰ নতুন ভেঁটি গঢ়িছে৷

বন্ধুসকল, আন্তনিৰ্ভৰ বিহাৰ, আত্মনিৰ্ভৰ ভাৰত অভিযানক গতি প্ৰদান কৰাৰ বাবে বিশেষকৈ দেশৰ সৰু সৰু নগৰক বৰ্তমানৰ নহয় বৰঞ্চ ভৱিষ্যতৰ প্ৰয়োজন অনুসৰি প্ৰস্তুত কৰাটো আৱশ্যক৷ এই চিন্তাৰ সৈতে অমৃত অভিযানৰ অধীনত বিহাৰৰ অনেক নগৰত প্ৰয়োজনীয় সুবিধাৰ বিকাশৰ সৈতে ইজ অব্ লিঙিং আৰু ইজ অব্ ডুয়িং বিজনেছৰ বাবে উন্নত পৰিবেশৰ সৃষ্টি কৰাত গুৰুত্ব প্ৰদান কৰা হৈছে৷ অমৃত অভিযানৰ অধীনত এই চহৰসমূহত পানী আৰু নৰ্দমাৰ সৈতে গ্ৰীণ জ’ন, এলইডি ষ্ট্ৰীট লাইটৰ দৰে ব্যৱস্থাসমূহৰ নিৰ্মাণ কৰা হৈছে৷ এই অভিযানৰ অধীনত বিহাৰৰ নগৰাঞ্চলত লক্ষাধিক লোকক উন্নত নৰ্দমা ব্যৱস্থাৰ সৈতে জড়িত কৰোৱা হৈছে৷ ইয়াতো অধিকতম সুবিধা এনে বস্তিত বিকশিত কৰা হৈছে য’ত দৰিদ্ৰতম লোকে বাস কৰে৷ বিহাৰৰ ১০০তকৈও অধিক নগৰ নিগমত চাৰে চাৰি লাখ এলইডি ষ্ট্ৰীট লাইটৰ সুবিধা প্ৰদান কৰা হৈছে৷

বন্ধুসকল, বিহাৰৰ জনতাৰ, বিহাৰৰ চহৰসমূহৰ গংগাৰ সৈতে সম্পৰ্ক গভীৰ৷ ৰাজ্যৰ ২০খন ডাঙৰ আৰু গুৰুত্বপূৰ্ণ চহৰ গংগা নদীৰ পাৰত অৱস্থিত৷ গংগা নদীৰ স্বচ্ছতা, গংগা জলৰ স্বচ্ছতাৰ প্ৰত্যক্ষ প্ৰভাৱ এই চহৰসমূহৰ বাসিন্দাসকলৰ ওপৰত পৰে গংগা নদীৰ স্বচ্ছতাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি বিহাৰত ৬ হাজাৰ কোটিতকৈও অধিক টকা ৫০ত কৈও অধিক যোজনাত ব্যয় কৰা হৈছে৷  চৰকাৰৰ প্ৰয়াস এয়াই যে গংগাৰ পাৰত অৱস্থিত যিমানবোৰ চহৰ আছে, তাৰে পৰা ডাঙৰ ডাঙৰ নলাৰ পানী গংগাত পোনে পোনে পৰাত বাধা প্ৰদান কৰা৷ ইয়াৰ বাবে অনেক পানী ব্যৱস্থাকৰণ প্লাণ্ট লগোৱা হৈছে৷ আজি পাটনাত বেওৰ আৰু কৰম-লীচকৰ যি যোজনাৰ উদঘাটন কৰা হৈছে তাৰ জৰিয়তে এই স্থানৰ লক্ষাধিক লোক উপকৃত হ’ব৷ তাৰোপৰি গংগা নদীৰ পাৰত অৱস্থিত যিসমূহ গাঁও আছে, সেইসমূহকো ‘গংগা গ্ৰাম’ৰ ৰূপত বিকশিত কৰা হ’ব৷ এই গাঁওসমূহত শৌচালয়ৰ নিৰ্মাণৰ পিছত এতিয়া আৱৰ্জনা ব্যৱস্থাপনা আৰু জৈৱিক খেতিৰ দৰে কামক উৎসাহিত কৰা হৈছে৷

বন্ধুসকল, গংগা নদীৰ পাৰত অৱস্থিত গাঁও আৰু চহৰসমূহত আস্থা আৰু আধ্যাত্মিকতাৰ সৈতে জড়িত পৰ্যটনৰ মুখ্য কেন্দ্ৰ হিচাপে বিবেচিত হৈছে৷ গংগা নদীক নিৰ্মল আৰু অবিৰল কৰি তোলাৰ অভিযান যিদৰে আগবঢ়াই নিয়া হৈছে ঠিক সেইদৰে এই পৰ্যটনক আধুনিক গাঁথনিৰ সৈতেও জড়িত কৰোৱা হৈছে৷ নমামি গংগে অভিযানৰ অধীনত বিহাৰসহিতে সমগ্ৰ দেশৰ ১৮০ত কৈও অধিক ঘাটৰ নিৰ্মাণৰ কাম চলি আছে৷ ইয়াৰে ১৩০টা ঘাটৰ কাম সম্পূৰ্ণ হৈছে৷ পাটনাত ৰিভাৰফ্ৰণ্ট প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈছে আৰু মুজফৰপুৰতো এনে প্ৰকল্প নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হৈছে৷

বন্ধুসকল, আপোনালোকে হয়তো শুনিছে, অলপতে চৰকাৰে ডলফিন প্ৰকল্প শীৰ্ষক এক প্ৰকল্পৰ কথা ঘোষণা কৰিছে৷ এই অভিযানৰ এক বৃহৎ লাভ গংগাৰ ডলফিনবোৰে পাব৷ গংগা নদীৰ সংৰক্ষণৰ বাবে, গাংগেয় ডলফিনৰ সংৰক্ষণ অতিশয় জৰুৰী৷ পাটনাৰ পৰা ভাগলপুৰলৈ গংগা নদীত অসংখ্য ডলফিন আছে৷ সেয়ে ‘প্ৰজেক্ট ডলফিন’ৰ দ্বাৰা বিহাৰ উপকৃত হোৱাৰ লগতে গংগাৰ জৈৱ বৈচিত্ৰতা আৰু পৰ্যটনো বিকশিত হ’ব৷

বন্ধুসকল, ক’ৰোনা সংক্ৰমণৰ প্ৰত্যাহ্বানৰ মাজতে বিহাৰৰ বিকাশ, বিহাৰৰ সুশাসনৰ এই অভিযান নিৰন্তৰে চলিব৷ আমি পূৰ্ণ সামৰ্থ, পূৰ্ণ শক্তিৰে আগবাঢ়িব লাগিব৷ কিন্তু ইয়াৰ সৈতে প্ৰতিজন বিহাৰবাসীক, প্ৰতিজন দেশবাসীক সংক্ৰমণৰ পৰা ৰক্ষা কৰা সংকল্পও পাহৰিব নালাগিব৷  আৰু সেইবাবে মই বাৰে বাৰে কও- যেতিয়ালৈ ঔষধ নাই, তেতিয়ালৈ সাৱধানে থাকক৷ সেইবাবে দুই গজৰ দূৰত্ব, চাবুনেৰে নিয়মিত হাত ধোৱা, থু পেলোৱা মানা আৰু মুখত মাস্ক লগোৱা আদিবোৰ আমি পালন কৰিব লাগিব৷

এই আহ্বানৰ সৈতে পুনৰবাৰ আপোনালোক সকলোকে এই উন্নয়নমূলক প্ৰকল্পৰ বাবে অশেষ অভিনন্দন জনাইছো৷

ধন্যবাদ!!!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's commercial vehicle sales surge, manufacturers double growth projections to 10-15% this fiscal

Media Coverage

India's commercial vehicle sales surge, manufacturers double growth projections to 10-15% this fiscal
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister remembers victims of 9/11 attacks, reiterates unwavering resolve to combat terrorism
September 11, 2026

The Prime Minister, Shri Narendra Modi has remembered and honoured the victims of the horrific 9/11 attacks on the 25th anniversary and expressed solidarity with the families whose lives were forever changed.

Shri Modi said that terrorism has claimed countless lives around the world and noted that, as a victim of cross-border terrorism, India has been at the forefront of the fight against terrorism for several decades.

He further added that while the threat of terrorism continues to evolve, India’s resolve and opposition to terrorism in all its forms and manifestations remain unwavering. He expressed solidarity with all efforts to combat this scourge.

The Prime Minister also shared glimpses from his visit to the 9/11 Memorial & Museum in 2014.

In a post on X, Shri Modi said;

“25 years on from the horrific 9/11 attacks, we remember and honour the victims and stand in solidarity with the families whose lives were forever changed.

Terrorism has claimed countless lives around the world. As a victim of cross-border terrorism, India has been at the forefront of this fight for several decades.

While the threat keeps evolving, our resolve and opposition to terrorism in all its forms and manifestations remain unwavering. We stand in solidarity with all efforts to combat this scourge.

Here are glimpses from my visit to the 9/11 Memorial & Museum in 2014.”