আইআইটি ধাৰৱাড় দেশবাসীলৈ উৎসৰ্গা কৰে
শ্ৰী সিদ্ধৰুদ্ধা স্বামীজী হুব্বালি ষ্টেচনত বিশ্বৰ আটাইতকৈ দীঘল ৰে’লৱে প্লেটফৰ্ম উৎসৰ্গা কৰে
পুনৰ্বিকশিত হোচাপেট ষ্টেচন উৎসৰ্গা কৰে যাক হাম্পি স্মাৰকৰ দৰে ডিজাইন কৰা হৈছে
ধাৰৱাড় মাল্টি ভিলেজ পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰে
হুব্বালি-ধাৰৱাড় স্মাৰ্ট চিটীৰ বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে
"ডাবল ইঞ্জিন চৰকাৰে অতি সততাৰে ৰাজ্যখনৰ প্ৰতিখন জিলা, গাওঁ আৰু জনপদৰ সম্পূৰ্ণ বিকাশৰ বাবে চেষ্টা কৰি আছে"
"ধাৰৱাড় বিশেষ। ই ভাৰতৰ সাংস্কৃতিক জীৱন্ততাৰ প্ৰতিফলন"
"ধাৰৱাড়ত আইআইটিৰ নতুন চৌহদটোৱে মানদণ্ডৰ শিক্ষাৰ সুবিধা প্ৰদান কৰিব। ই যুৱ মনক এক উন্নত ভৱিষ্যতৰ বাবে প্ৰতিপালন কৰিব"
"আধাৰশিলা স্থাপনৰ পৰা প্ৰকল্প উদ্বোধন কৰালৈকে, দ্বৈত ইঞ্জিন চৰকাৰে নিৰন্তৰ গতিত কাম কৰে"
"সকলো ঠাইতে, সকলোৰে বাবে ভাল শিক্ষা পোৱা উচিত। অধিক সংখ্যক মানদণ্ডৰ প্ৰতিষ্ঠানে অধিক লোকৰ বাবে ভাল শিক্ষাৰ প্ৰসাৰ নিশ্চিত কৰিব"

ভাৰত মাতা কী জয়

ভাৰত মাতা কী জয়

 

জগতগুৰু বাসৱেশ্বৰ অৱৰিগে নন্না নমস্কাৰগলু।

কলে, সাহিত্য মত্তু সংস্কৃতিয়া ই নাডিগে,

কৰ্ণাটক দা এল্লা সহোদৰা সহোদৰীয়াৰিগে নন্না নমস্কাৰগলু।

 

বন্ধুসকল,

এই বছৰৰ আৰম্ভণিতো হুবলিলৈ অহাৰ সৌভাগ্য হৈছিল। হুবলিৰ মৰমৰ ভাই-ভনীসকলে যিদৰে ৰাজপথত থিয় হৈ মোক আশীৰ্বাদ দিছিল মই সেই মুহূৰ্তৰ কথা কেতিয়াও পাহৰিব নোৱাৰো, ইমান মৰম, ইমান আশীৰ্বাদ। অতীতত মই কৰ্ণাটকৰ বহুতো অঞ্চল ভ্ৰমণ কৰাৰ সুযোগ পাইছিলো। বাংগালুৰুৰ পৰা বেলাগাভিলৈকে, কালবুৰ্গীৰ পৰা শিমোগালৈ, মহীশূৰৰ পৰা তুমকুৰুলৈ, কান্নদিগাসকলে মোক যি ধৰণৰ মৰম দিছে, সেয়া যেন ইজনতকৈ সিজন চাৰ; আপোনালোকৰ এই মৰম, আপোনালোকৰ এই আশীৰ্বাদে মোক অভিভূত কৰিছে। এই মৰম মোৰ বাবে এক বৃহৎ ঋণ, আৰু মই কৰ্ণাটকৰ জনসাধাৰণলৈ নিৰন্তৰ সেৱা আগবঢ়াই এই ঋণ পৰিশোধ কৰিম। আমি এই দিশত একেলগে কাম কৰি আছো যাতে, কৰ্ণাটকৰ প্ৰতিগৰাকী ব্যক্তিয়ে সুখৰে জীৱন যাপন কৰিব পাৰে, ইয়াৰ যুৱক-যুৱতীসকলে নিযুক্তিৰ বাবে নতুন সুযোগ পাব লাগে, ইয়াৰ ভগ্নী আৰু কন্যাসকল অধিক সবল হ'ব লাগে। বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰে কৰ্ণাটকৰ প্ৰতিখন জিলা, প্ৰতিখন গাঁও, প্ৰতিখন চহৰৰ সৰ্বাংগীন উন্নয়নৰ বাবে আন্তৰিক প্ৰচেষ্টা চলাই আছে। আজি ধাৰৱাড়ৰ এই ভূমিত উন্নয়নৰ এক নতুন ধাৰাৰ সূচনা হৈছে। উন্নয়নৰ এই ধাৰাটোৱে হুবলি, ধাৰৱাড়ৰ লগতে সমগ্ৰ কৰ্ণাটকৰ ভৱিষ্যতক সঞ্চাৰিত কৰাৰ বাবে কাম কৰিব, ইয়াক প্ৰস্ফূটিত আৰু পল্লৱিত কৰিব।

বন্ধুসকল,

বহু শতাব্দী ধৰি মলেনাডু আৰু বায়ালু সীমান্তৰ মাজত আমাৰ ধাৰৱাড় ‘গে’টৱে’ টাউন’, অৰ্থাৎ প্ৰৱেশদ্বাৰ চহৰ হিচাপে পৰিচিত হৈ আহিছিল। এই চহৰখন বিভিন্ন অঞ্চলৰ ভ্ৰমণকাৰীসকলৰ বাবে এটা লক্ষ্যস্থান আছিল। ই সকলোকে দুবাহু মেলি আদৰণি জনাইছিল, আৰু লগতে সকলোৰে পৰা শিকি-বুজি নিজকে সমৃদ্ধ কৰিছিল। সেয়েহে ধাৰৱাড় কেৱল এখন প্ৰৱেশদ্বাৰেই নাছিল, বৰঞ্চ ই কৰ্ণাটক আৰু ভাৰতৰ জীৱন্ততাৰো প্ৰতিফলন হৈ উঠিছিল। ইয়াক কৰ্ণাটকৰ সাংস্কৃতিক ৰাজধানী বুলি জনা যায়। ধাৰৱাড়ৰ পৰিচিতি সাহিত্যৰ জৰিয়তেও সম্ভৱ হৈছে, যিয়ে ড. ডি. আৰ. বেন্দ্ৰেৰ দৰে লেখকক উপহাৰ দিছে। ধাৰৱাড় ইয়াৰ সমৃদ্ধ সংগীতৰ বাবেও জনাজাত; যিয়ে পণ্ডিত ভীমসেন যোশী, গঙ্গুভাই হাংগল আৰু বাসৱৰাজ ৰাজগুৰুৰ দৰে সংগীতজ্ঞক উপহাৰ দিছে। ধাৰৱাড়ৰ ভূমিয়ে পণ্ডিত কুমাৰ গন্ধৰ্ৱ, পণ্ডিত মল্লিকাৰ্জুন মনচুৰ আদিৰ দৰে মহান ৰত্ন প্ৰদান কৰিছে। আৰু ধাৰৱাড়ৰ পৰিচয় ইয়াৰ সোৱাদৰেও কৰা হৈছে। কোনোবাই এবাৰ যদি 'ধাৰৱাড় পেড়া'ৰ সোৱাদ লয়, তেওঁ ইয়াক পুনৰ খাবলৈ নিবিচৰাৰ কথাই নাই? কিন্তু আমাৰ সংগী প্ৰহ্লাদ যোশীয়ে মোৰ স্বাস্থ্যৰ খুবেই যত্ন লয়, সেয়েহে তেওঁ আজি মোক মোক পেড়াতো উপহাৰ দিছে, কিন্তু এটা বন্ধ বাকচতহে দিছে।

বন্ধুসকল,

আজি ধাৰৱাড়ক ‘আইআইটি’ৰ এই নতুন চৌহদটোৱে দুগুণে সুখী কৰিছে। ইয়াত হিন্দী বুজি পাই, এই ফালে। এই চৌহদটোৱে ধাৰৱাড়ৰ পৰিচয় অধিক সুদৃঢ় কৰাৰ কাম কৰিব।

বন্ধুসকল,

ইয়ালৈ অহাৰ আগতে মই মণ্ড্যাত আছিলো। মণ্ড্যাত মই কৰ্ণাটক আৰু দেশৰ জনসাধাৰণৰ প্ৰতি ‘বেংগালুৰু-মহীশূৰ এক্সপ্ৰেছৱে’’ উৎসৰ্গা কৰাৰ সৌভাগ্য লাভ কৰিছিলো। এই ‘এক্সপ্ৰেছৱে’ই কৰ্ণাটকক বিশ্বৰ ‘ছফ্টৱে’ৰ আৰু প্ৰযুক্তিকেন্দ্ৰ’ হিচাপে আগুৱাই যোৱাৰ পথ প্ৰশস্ত কৰিব। মাত্ৰ কেইদিনমান আগতে, বেলাগাভিত এলানি উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছিল। শিমোগাত কুভেম্পু বিমানবন্দৰৰ উদ্বোধনো কৰা হৈছিল। আৰু, এতিয়া ধাৰৱাড়ৰ ‘আইআইটি’ৰ এই নতুন চৌহদটোৱে কৰ্ণাটকৰ উন্নয়নী যাত্ৰাৰ এক নতুন অধ্যায় লিপিবদ্ধ কৰিছে। ইয়াত থকা ‘হাই-টেক’ সুবিধাবোৰে ‘আইআইটি-ধাৰৱাড়’ক এক প্ৰতিষ্ঠান হিচাপে, বিশ্বৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিষ্ঠানসমূহৰ সমতুল্য হ'বলৈ অনুপ্ৰাণিত কৰিব।

বন্ধুসকল,

এই প্ৰতিষ্ঠানসমূহো বিজেপি চৰকাৰৰ সংকল্পৰ পৰা সিদ্ধিৰে এক উদাহৰণ। চাৰিবছৰ আগতে ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত মই এই আধুনিক প্ৰতিষ্ঠানটোৰ আধাৰশিলা স্থাপন কৰিছিলো। মাজত এটা কৰোনা কালো আছিল, কাম কৰাত বহুতো অসুবিধা হৈছিল। কিন্তু তথাপিও, মই সুখী যে ৪টা বছৰৰ ভিতৰতে ‘আইআইটি-ধাৰৱাড়’ আজি এক ভৱিষ্যতদৰ্শী প্ৰতিষ্ঠান হিচাপে সাজু হৈ উঠিছে। আধাৰশিলা স্থাপনৰ পৰা উৎসৰ্গালৈকে ‘দ্বৈত ইঞ্জিন’ চৰকাৰে একে গতিতে কাম কৰিছে, আৰু মোৰ এটা সংকল্পই হৈছে যে যিটো প্ৰকল্পৰ আধাৰশিলা আমি স্থাপন কৰিম সেইটো প্ৰকল্পৰ উদ্বোধনো আমিয়েই কৰিম। হয়, এটা সময় আছিল, আধাৰশিলা স্থাপন কৰা আৰু পাহৰি যোৱা, এৰা, এনেকুৱাই হৈছিল, কিন্তু, সেই সময় এতিয়া পাৰ হৈ গ’ল।

বন্ধুসকল,

স্বাধীনতাৰ পিছত বহু দশক ধৰি, আমাৰ চিন্তা আছিল যে যদি ভাল শিক্ষানুষ্ঠানবিলাক সম্প্ৰসাৰিত হয়, তেন্তে তেওঁলোকৰ ব্ৰেণ্ড প্ৰভাৱিত হ'ব। এই চিন্তাই দেশৰ যুৱপ্ৰজন্মৰ যথেষ্ট ক্ষতি কৰিছে। কিন্তু এতিয়া নতুন ভাৰত, যুৱ ভাৰতে এই পুৰণি চিন্তাধাৰাক এৰি আগবাঢ়িলৈ লৈছে। ভাল শিক্ষা সকলো ঠাইতে উপলব্ধ হ'ব লাগে, সকলোৱে এনে শিক্ষা আহৰণৰ সুযোগ লাভ কৰিব লাগে। যিমানেই ভাল প্ৰতিষ্ঠান থাকিব, সিমানেই মানুহে ভাল শিক্ষা লাভ কৰিব। এইকাৰণেই যোৱা ৯টা বছৰত ভাৰতত ভাল শিক্ষা প্ৰতিষ্ঠানৰ সংখ্যা নিৰন্তৰ বৃদ্ধি হ’বলৈ ধৰিছে। আমি ‘এইমছ’ৰ সংখ্যা তিনিগুণ বৃদ্ধি কৰিছো। স্বাধীনতাৰ পিছৰ ৭টা দশকত দেশত মাত্ৰ ৩৮০ খন চিকিৎসা মহাবিদ্যালয় আছিল, যোৱা ৯টা বছৰত আৰু ২৫০ খন চিকিৎসা মহাবিদ্যালয় খোলা হৈছে। এই ৯টা বছৰত দেশত বহুতো নতুন ‘আইআইএম’ আৰু ‘আইআইটি’ মুকলি কৰা হৈছে। আজিৰ কাৰ্যসূচীটোও হৈছে বিজেপি চৰকাৰৰ এই প্ৰতিশ্ৰুতিৰে প্ৰতীক।

বন্ধুসকল,

একবিংশ শতিকাৰ ভাৰতে ইয়াৰ চহৰসমূহৰ আধুনিকীকৰণৰে আগবাঢ়িব খুজিছে। বিজেপি চৰকাৰে হুবলি-ধাৰৱাড়ক স্মাৰ্ট চিটী আঁচনিত অন্তৰ্ভুক্ত কৰিছিল। আজি ইয়াত বহুতো স্মাৰ্ট প্ৰকল্প আৰম্ভ কৰা হৈছে। ইয়াৰ উপৰিও, এটা ক্ৰীড়া চৌহদৰ আধাৰশিলা স্থাপন কৰা হৈছে। প্ৰযুক্তি, আন্তঃগাঁথনি আৰু স্মাৰ্ট প্ৰশাসনৰ ফলত অনাগত দিনত হুবলি ধাৰৱাড়ৰ এই ক্ষেত্ৰখনে উন্নয়নৰ নতুন শিখৰত উপনীত হ'বগৈ।

বন্ধুসকল,

‘শ্ৰী জয়দেৱ হস্পিটেল অব কাৰ্ডিঅ’ভাস্কুলাৰ ছায়েন্সেছ এণ্ড ৰিছাৰ্চ ইনষ্টিটিউট’কো সমগ্ৰ কৰ্ণাটকত যথেষ্ট আস্থাত লোৱা হয়। ইয়াৰ সেৱাসমূহ বেংগালুৰু, মহীশূৰ আৰু কালাবুৰ্গীতো উপলব্ধ হয়। আজি ইয়াৰ নতুন শাখাটোৰ আধাৰশিলা হুবলিত স্থাপন কৰা হৈছে। ইয়াৰ নিৰ্মাণৰ পিছত এই অঞ্চলৰ লোকসকলে যথেষ্ট সুবিধা লাভ কৰিব। এই অঞ্চলটো ইতিমধ্যেই এটা স্বাস্থ্য সেৱা কেন্দ্ৰ হিচাপে পৰিগণিত হৈ আহিছে। এতিয়া নতুন চিকিৎসালয়ৰ দ্বাৰা ইয়াত অধিক লোক উপকৃত হ'ব পাৰিব।

বন্ধুসকল,

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰেও ধাৰৱাড় আৰু ইয়াৰ চৌপাশৰ অঞ্চলসমূহত বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে একেলগে কাম কৰি আছে। ‘জল জীৱন মিছন’ৰ অধীনত ইয়াত এক হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। ইয়াৰ জৰিয়তে ১.২৫ লাখতকৈও অধিক পৰিয়ালক নলৰ জৰিয়তে ‘ৰেণুকা সাগৰ জলাধাৰ’ আৰু ‘মালাপ্ৰভা নদী’ৰ পানীৰ যোগান ধৰা হ'ব। যেতিয়া ধাৰৱাড়ত নতুন পানী শোধন প্ৰকল্প সাজু হৈ উঠিব, ই সমগ্ৰ জিলাখনৰে লোকসকলক উপকৃত কৰিব। আজি ‘তুপ্ৰীহাল্লা বান-ক্ষতি নিয়ন্ত্ৰণ প্ৰকল্প’ৰ আধাৰশিলাও স্থাপন কৰা হৈছে। এই প্ৰকল্পৰ জৰিয়তে বানপানীৰ ফলত হোৱা ক্ষতি হ্ৰাস কৰিব পৰা যাব।

বন্ধুসকল,

আজি মই আৰু এটা কথাৰ বাবে খুবেই সুখী। সংযোগৰ ক্ষেত্ৰত কৰ্ণাটকে আজি আন এটা মাইলৰ খুঁটি স্পৰ্শ কৰিছে। আৰু হুবলিয়ে কৰ্ণাটকক এই গৌৰৱ দিয়াৰ সৌভাগ্য লাভ কৰিছে। এতিয়া ‘সিদ্ধৰুদ্ধা স্বামীজী ষ্টেশ্যন’ত পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্লেটফৰ্ম নিৰ্মিত হৈছে। পিচে, এয়া কেৱল এক অভিলেখেই নহয়, ই কেৱল এখন প্লেটফৰ্মৰ সম্প্ৰসাৰণেই নহয়, এয়া চিন্তাধাৰাৰ এক সম্প্ৰসাৰণ য'ত আমি আন্তঃগাঁথনিক প্ৰাথমিকতা প্ৰাদন কৰিছো। ‘হোচপেট-হুবলি-টিনাইঘাট শাখা’ৰ বৈদ্যুতিকীকৰণ আৰু ‘হোচপেট ষ্টেশ্যন’ৰ উন্নীতকৰণে আমাৰ দৃষ্টিভংগীক শক্তি প্ৰদান কৰিছে। এই পথটোৰে বৃহৎ সংখ্যক উদ্যোগলৈ কয়লা পৰিবহন কৰে। এই লাইনৰ বৈদ্যুতিকীকৰণৰ পিছত, ডিজেলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা হ'ব আৰু পৰিৱেশ সুৰক্ষিত কৰা হ'ব। এই সকলোবোৰ প্ৰচেষ্টাই অঞ্চলটোৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিব আৰু পৰ্যটন সম্ভাৱনা বৃদ্ধি কৰিব।

ভাই-ভনীসকল,

ভাল আন্তঃগাঁথনি, আধুনিক আন্তঃগাঁথনি কেৱল চকুৰে ভাল দেখিবলৈকে নহয়, ই জীৱন সহজসাধ্যও কৰি তুলিব। ই সপোনবোৰ সঁচা হোৱাৰ পথ প্ৰশস্ত কৰিব। যেতিয়া আমাৰ ভাল ৰাস্তা নাছিল, ভাল চিকিৎসালয় নাছিল, প্ৰতিটো শ্ৰেণীৰ লোকেই, প্ৰতিটো বয়সৰ লোকেই কিমানযে কষ্ট ভুগিবলগীয়া হৈছিল। কিন্তু আজি যেতিয়া নতুন ভাৰতত আধুনিক আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে, সকলোৱে ইয়াৰে লাভান্বিত হৈছে। ভাল ৰাস্তাৰ সুবাদত বিদ্যালয় আৰু মহাবিদ্যালয়লৈ যোৱা যুৱক-যুৱতীসকলৰ যাত্ৰা সহজ কৰি তোলে। আধুনিক ঘাইপথবোৰে কৃষক, শ্ৰমিক, ব্যৱসায়ী, কাৰ্যালয়লৈ যোৱা লোক, মধ্যবিত্ত, সকলোকে লাভান্বিত কৰে। সেয়েহে সকলোৱে ভাল-আধুনিক আন্তঃগাঁথনি বিচাৰে। আৰু মই সুখী যে যোৱা ৯টা বছৰে দেশখনে ইয়াৰ আন্তঃগাঁথনিৰ আধুনিকীকৰণৰ বাবে নিৰন্তৰ কাম কৰি আছে। যোৱা ৯টা বছৰত, পিএম পথ যোজনাৰ জৰিয়তে দেশৰ গাঁওবোৰত পথৰ নেটৱৰ্ক দুগুণতকৈয়ো অধিক হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্ক ৫৫% তকৈয়ো অধিক হাৰত বৃদ্ধি পাইছে।

বন্ধুসকল,

২০১৪ চনৰ আগতে ভাৰতৰ ডিজিটেল শক্তি, দেশত ইণ্টাৰনেটৰ বিষয়ে খুব কম আলোচনাহে কৰা হৈছিল। কিন্তু আজি ভাৰত হৈছে বিশ্বৰ অন্যতম শক্তিশালী ডিজিটেল অৰ্থনীতি। এয়া সম্ভৱ হৈছে কাৰণ আমি সুলভ ইণ্টাৰনেট উপলব্ধ কৰাইছো, গাঁৱৰ পৰা গাঁৱলৈ ইণ্টাৰনেট প্ৰদান কৰিছিলো। যোৱা ৯টা বছৰত, প্ৰতিদিনে গড়ে ২.৫ লাখ ব্ৰডবেণ্ড সংযোগ দিয়া হৈছে, প্ৰতিদিনে ২,৫ লাখ সংযোগ।

এই গতি আন্তঃগাঁথনিৰ বিকাশৰে সম্ভৱ হৈছে, কাৰণ আজি দেশ আৰু দেশবাসীৰ প্ৰয়োজনীয়তা অনুসৰি আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে। ইয়াৰ আগতে, ৰাজনৈতিক লাভ আৰু লোকচান দেখাৰ পিছতহে ৰে'ল আৰু পথৰ দৰে প্ৰকল্পসমূহ ঘোষণা কৰা হৈছিল। আমি প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন সমগ্ৰ দেশৰ বাবে আনিছো, যাতে দেশত য'তেই প্ৰয়োজন হয়, আন্তঃগাঁথনি দ্ৰুত গতিত নিৰ্মাণ কৰিব পৰা যায়।

বন্ধুসকল,

আজি দেশৰ সামাজিক আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰতো অভূতপূৰ্ব কাম কৰা হৈছে। ২০১৪ চনলৈকে দেশৰ এক বৃহৎ জনসংখ্যাৰ এটা পকী ঘৰ নাছিল। শৌচালয়ৰ অভাৱৰ বাবে আমাৰ ভগ্নীসকলে কিমান যে কষ্ট ভোগ কৰিব লগা হৈছিল। ভগ্নীসকলে তেওঁলোকৰ সকলো সময় খৰি আৰু পানীৰ ব্যৱস্থা কৰাতে অতিবাহিত কৰিছিল। দৰিদ্ৰ সকলৰ বাবে চিকিৎসালয়ৰ অভাৱ আছিল। চিকিৎসালয়ত চিকিৎসা ব্যয়বহুল আছিল। আমি এই সমস্যাবোৰ এটা এটাকৈ সমাধান কৰিছো। দৰিদ্ৰসকলে তেওঁলোকৰ পকী ঘৰ, বিদ্যুৎ আৰু গেছ সংযোগ, শৌচালয় পাইছে। এতিয়া প্ৰতিটো ঘৰে নলৰ জৰিয়তে পানীৰ সুবিধা লাভ কৰিছে। ঘৰ আৰু গাঁৱৰ ওচৰত ভাল চিকিৎসালয় নিৰ্মাণ কৰা হৈছে, ভাল মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় নিৰ্মাণ কৰা হৈছে। অৰ্থাৎ আজি আমি আমাৰ যুৱক-যুৱতীসকলক এনে সকলো উপায় প্ৰদান কৰিছো যিয়ে তেওঁলোকক অহা ২৫ বছৰৰ সংকল্প পূৰণ কৰাত সহায় কৰিব।

বন্ধুসকল,

আজি যেতিয়া মই ভগৱান বাসৱেশ্বৰৰ দেশলৈ আহিছোঁ, মই নিজকে অধিক ধন্য অনুভৱ কৰিছো। ভগৱান বাসৱেশ্বৰৰ বহুতো অৱদানৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে অনুভৱ মণ্ডপম স্থাপন। এই গণতান্ত্ৰিক ব্যৱস্থাটোৰ বিষয়ে সমগ্ৰ বিশ্বতে অধ্যয়ন কৰা হয়। আৰু এনে বহুতো কথা আছে যাৰ বাবে আমি দাবী কৰোঁ যে ভাৰত কেৱল সৰ্ববৃহৎ গণতন্ত্ৰই নহয়, ভাৰত গণতন্ত্ৰৰ মাতৃও। এয়া মোৰ সৌভাগ্য আছিল যে মই কেইবছৰমান আগতে লণ্ডনত ভগৱান বাসৱেশ্বৰৰ প্ৰতিমূৰ্তি উদ্বোধন কৰাৰ সুযোগ পাইছিলো। লণ্ডনত ভগৱান বাসৱেশ্বৰ, গণতন্ত্ৰৰ শক্তিশালী ভেটিৰ প্ৰতীক অনুভৱ মণ্ডপমৰ অভিজ্ঞতা। লণ্ডনৰ ভূমিত ভগৱান বাসৱেশ্বৰৰ প্ৰতিমূৰ্তি, কিন্তু এয়া দুৰ্ভাগ্যজনক যে ভাৰতৰ গণতন্ত্ৰৰ প্ৰতি প্ৰশ্ন উথ্থাপনৰ কাম লণ্ডনতে কৰা হৈছিল। ভাৰতৰ গণতন্ত্ৰৰ মূল আমাৰ শতিকাজোৰা ইতিহাসৰ পৰা পোৱা যায়। পৃথিৱীৰ কোনো শক্তিয়ে ভাৰতৰ গণতান্ত্ৰিক পৰম্পৰাৰ ক্ষতি সাধন কৰিব নোৱাৰে।  তত্ স্বত্ত্বেও, কিছুমান লোকে নিৰন্তৰ ভাৱে ভাৰতৰ গণতন্ত্ৰক কাঠগড়াত থিয় কৰাই আহিছে। এইসকল লোকে ভগৱান বাসৱেশ্বৰক অপমান কৰিছে। এইসকল লোকে ভাৰতৰ মহান পৰম্পৰা, কৰ্ণাটকৰ জনসাধাৰণক অপমান কৰিছে, অপমান কৰিছে ভাৰতৰ ১৩০ কোটি সচেতন নাগৰিকক। কৰ্ণাটকৰ মানুহেও এনে লোকৰ প্ৰতি সতৰ্ক হ'ব লাগিব।

 

বন্ধুসকল,

কৰ্ণাটকে বিগত বছৰবোৰত ভাৰতক যিদৰে এক প্ৰযুক্তি-ভৱিষ্যতৰ ৰূপত পৰিচিতি প্ৰদান কৰিছে, আজি তাক আগুৱাই নিয়াৰ সময় সমাগত হৈছে। কৰ্ণাটক হৈছে ‘হাইটেক ইণ্ডিয়া’ৰ ‘ইঞ্জিন’। এই ইঞ্জিনৰ বাবে ‘ডাবল ইঞ্জিন’ৰ চৰকাৰে শক্তি আহৰণ কৰাটো অতিকে গুৰুত্বপূৰ্ণ।

বন্ধুসকল,

আকৌ এবাৰ, উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে হুবলি-ধাৰৱাড়ৰ জনসাধাৰণক বহুত অভিনন্দন জনাইছো। মোৰ সৈতে একেলগে কওঁক –ভাৰত মাতা কী জয়। দুয়োখন হাত দাঙি সম্পূৰ্ণ শক্তিৰে কওঁক – ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়।

বহুত ধন্যবাদ।     

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India completes 2,843-km Dedicated Freight Corridor; how shifting goods trains to separate tracks could change rail travel

Media Coverage

India completes 2,843-km Dedicated Freight Corridor; how shifting goods trains to separate tracks could change rail travel
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on Samvatsari
September 15, 2026

The Prime Minister, Shri Narendra Modi, has extended his greetings to the people on the sacred occasion of Samvatsari. Shri Modi said that Samvatsari reminds us that forgiveness and compassion strengthen every bond. He called upon everyone to embrace humility and let kindness and goodwill guide their actions.

The Prime Minister posted on X:

Samvatsari reminds us that forgiveness and compassion strengthen every bond.

On this sacred occasion, may humility guide us and may kindness and goodwill shape our every action.

Michhami Dukkadam!