বিমান পৰিবহণ, পৰিষ্কাৰ শক্তি, ছেমিকণ্ডাক্টৰ আৰু সংযোগৰ ক্ষেত্ৰত আজিৰ প্ৰকল্পসমূহে ৰাজ্যখনৰ উন্নয়নত অৰিহণা যোগাবঃ প্ৰধানমন্ত্ৰী
আল্লুৰী সীতাৰামা ৰাজুৱে জনজাতীয় সম্প্ৰদায়ৰ কল্যাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা ভূমিত আজি অন্ধ্ৰ প্ৰদেশৰ বাবে এটা নতুন বিমানবন্দৰ উদ্বোধন কৰা হৈছেঃ প্ৰধানমন্ত্ৰী
এই বিমানবন্দৰে অন্ধ্ৰ আৰু উত্তৰ অন্ধ্ৰৰ বিকাশৰ বাবে ৰানৱে হিচাপে কাম কৰিছে, ই অন্ধ্ৰৰ যুৱক-যুৱতীসকলৰ বাবে এক উজ্জ্বল ভৱিষ্যতৰ বাবে এক লঞ্চপেডঃ প্ৰধানমন্ত্ৰী
অন্ধ্ৰ প্ৰদেশ আৰু ৰাষ্ট্ৰই আমাৰ প্ৰতিভাৱান যুৱক-যুৱতীসকলৰ সামৰ্থ্যৰ পৰা সৰ্বাধিক সুবিধা লাভ কৰাটো জৰুৰী; ইয়াত উপনীত হ’বলৈ আমাৰ গুৰুত্ব বৰ্তমান ছেমিকণ্ডাক্টৰৰ দৰে ভৱিষ্যতমুখী প্ৰযুক্তি উদ্যোগৰ ওপৰত, বিশাখাপট্টনমত নতুন ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ আধাৰশিলা স্থাপনে এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ চিহ্নিত কৰিছেঃ প্ৰধানমন্ত্ৰী
আজি ৰাষ্ট্ৰই নিৰন্তৰভাৱে ইয়াৰ নীল অৰ্থনীতি শক্তিশালী কৰি আছে; আমাৰ দৃষ্টিভংগী হৈছে এই সমগ্ৰ অঞ্চলটো উপকূলীয় অৰ্থনৈতিক কৰিডৰ হিচাপে বিকশিত কৰা, এই উদ্দেশ্য মনত ৰাখি বিশাখাপট্টনমৰ পৰা কৃষ্ণপট্টনমলৈ আমাৰ পুৰণি বন্দৰসমূহৰ আধুনিকীকৰণ কৰা হৈছে; তদুপৰি, আমি মুলাপেটা আৰু ৰামায়াপট্টনমত নতুন বন্দৰ নিৰ্মাণ কৰি আছোঃ প্ৰধানমন্ত্ৰী

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল আব্দুল নাজিৰ জী; গোৱাৰ ৰাজ্যপাল তথা এই মাটিৰ এজন পুত্ৰ অশোক গজপতি ৰাজু জী; মুখ্যমন্ত্ৰী আৰু মোৰ বন্ধু চন্দ্ৰবাবু নাইডু জী; উপ-মুখ্যমন্ত্ৰী ভাতৃ পৱন কল্যাণ জী; উদ্যমেৰে ভৰা কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহকৰ্মীসকল—ভাই ৰামমোহন নাইডু জী, চন্দ্ৰশেখৰ পেম্মাছানি জী আৰু ভূপতি ৰাজু শ্ৰীনিবাস বৰ্মা জী; ৰাজ্য চৰকাৰৰ মন্ত্ৰী ভাতৃ নৰা লোকেশ জী; ইয়াত উপস্থিত থকা অন্যান্য জনপ্ৰতিনিধিসকল; গণ্য-মান্য ব্যক্তিসকল।

সকলোকে নমস্কাৰ জনাইছো!

বন্ধুসকল,

আজি অন্ধ্ৰ প্ৰদেশৰ উন্নয়নৰ বাবে আৰু ‘স্বৰ্ণ অন্ধ্ৰ’ৰ দৃষ্টিভংগী বাস্তৱ কৰাৰ বাবে এক অতি উল্লেখযোগ্য দিন। উত্তৰ অন্ধ্ৰৰ এই পৱিত্ৰ ভূমি এনে এক শুভ অনুষ্ঠানত আৰু এটা শুভ মাহত ভ্ৰমণ কৰাৰ সৌভাগ্য লাভ কৰিছো। প্ৰথমে ভগৱান শ্ৰী বৰাহ লক্ষ্মী নৰসিংহ স্বামীৰ চৰণত প্ৰণাম জনাইছো। শ্ৰী কুৰ্মনাথ স্বামী আৰু দেৱী পৈদিঠল্লী আম্মাভাৰুক প্ৰণাম জনাইছো।

বন্ধুসকল,

আজি প্ৰায় আঠাইশ হাজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰা হৈছে, দেশৰ বাবে উৎসৰ্গিত কৰা হৈছে আৰু আধাৰশিলা স্থাপন কৰা হৈছে। বিমানবন্দৰৰ আন্তঃগাঁথনিৰ লগতে এই প্ৰকল্পসমূহ অন্ধ্ৰত পথ সংযোগৰ সৈতে জড়িত। ইয়াৰ উপৰি শক্তি সুৰক্ষাৰ সৈতে জড়িত প্ৰকল্পসমূহো অন্তৰ্ভুক্ত কৰা হৈছে। এই উন্নয়নমূলক কামবোৰে আজি অন্ধ্ৰই য়ে দ্ৰুত গতিৰে আগবাঢ়িছে তাৰেই প্ৰতীক। এই প্ৰকল্পসমূহৰ বাবে আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।

বন্ধুসকল,

আজিৰ অনুষ্ঠানতো নতুন ইতিহাস সৃষ্টি আৰু নতুন অভিলেখ গঢ়ি তোলাৰ এক অনুষ্ঠান। এফালে উন্নয়নৰ নতুন অভিলেখ গঢ়ি তোলাৰ সময়তে ধিমছা নৃত্যৰ সাংস্কৃতিক অভিলেখো প্ৰতিষ্ঠা হৈছে; চন্দ্ৰবাবুৰ এক অনন্য বৈশিষ্ট্য যে তেওঁ দুটা ভিন্ন দিগন্ত স্পৰ্শ কৰিছে। এফালে বিমানবন্দৰ নিৰ্মাণ—উচ্চ আকাশলৈকে যোৱাৰ সুবিধা—আৰু আনফালে ইয়াত আমাৰ জনজাতীয় ভগ্নীসকলে ধিমছা নৃত্যৰে বিশ্ব অভিলেখ গঢ়ি তোলা; বিশেষকৈ চন্দ্ৰবাবুৰ এই দৃষ্টিভংগীৰ শলাগ লৈছো।

তেৰ হাজাৰতকৈও অধিক জনজাতীয় ভগ্নী-কন্যাৰ প্ৰদৰ্শন —তেওঁলোকৰ উৎসাহ, অনুশাসন, জনজাতীয় সংস্কৃতিৰ গৌৰৱ—সঁচাকৈয়ে সেয়া আছিল এক সুন্দৰ দৃশ্য। ইয়াত দেশৰ বৈচিত্ৰ্যৰ লগতে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি সংৰক্ষিত জনজাতীয় ঐতিহ্যৰ আভাস পোৱা গৈছে। এই প্ৰদৰ্শনৰ বাবে আপোনালোক সকলোকে, বিশেষকৈ মোৰ জনজাতীয় ভগ্নী-কন্যালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

বন্ধুসকল,

এইখন আল্লুৰী সীতাৰামা ৰাজুৰ ভূমি। আজি অন্ধ্ৰ প্ৰদেশৰ বাবে নতুন বিমানবন্দৰ উদ্বোধন কৰা হৈছে ঠিক সেই মাটিতে, য'ত আল্লুৰী সীতাৰামা ৰাজুৱে জনজাতীয় লোকৰ কল্যাণৰ কামত নিজৰ জীৱন উৎসৰ্গা কৰিছিল। এই বিমানবন্দৰটোৱে অন্ধ্ৰ আৰু উত্তৰ অন্ধ্ৰ বিকাশৰ বাবে ৰাণৱে হিচাপে কাম কৰিব; ই অন্ধ্ৰৰ যুৱক-যুৱতীসকলৰ উন্নত ভৱিষ্যতৰ বাবে এক লঞ্চপেড। অন্ধ্ৰ প্ৰদেশৰ জনসাধাৰণৰ লগতে সমগ্ৰ দেশলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

বন্ধুসকল,

আগতে বিমানবন্দৰবোৰৰ নাম প্ৰায়ে এটা পৰিয়ালৰ ব্যক্তিৰ নামেৰে ৰখা হৈছিল; আমি এই পৰম্পৰা সলনি কৰিলোঁ। আমি অযোধ্যাৰ বিমানবন্দৰটোৰ নাম বাল্মিকীৰ নামেৰে আৰু পঞ্জাৱৰ বিমানবন্দৰটোৰ নাম সন্ত ৰবিদাস জীৰ নামেৰে ৰাখিলোঁ।

বন্ধুসকল,

কেন্দ্ৰৰ এন ডি এ চৰকাৰে এই নতুন বিমানবন্দৰৰ নাম শ্ৰী আল্লুৰী সীতাৰামা ৰাজুৰ নামেৰে ৰখাৰ সিদ্ধান্ত লৈছে। অন্ধ্ৰপ্ৰদেশৰ যিকোনো নাগৰিকে—বা সঁচাকৈয়ে দেশৰ বা বিশ্বৰ যিকোনো ব্যক্তিয়ে—এই বিমানবন্দৰৰ মাজেৰে যাত্ৰা কৰিলে আল্লুৰী সীতাৰামা ৰাজুৰ জনসেৱা আৰু দেশ সেৱাৰ আদৰ্শৰ পৰা প্ৰেৰণা লাভ কৰিব।

বন্ধুসকল,

বিগত বাৰ বছৰত দেশৰ বিমান পৰিবহণ খণ্ডই অসাধাৰণ অগ্ৰগতি লাভ কৰিছে। ২০১৪ চনলৈকে দেশত মাত্ৰ চৌসত্তৰটা বিমানবন্দৰহে কাৰ্যক্ষম আছিল; আজি সেই সংখ্যা এশ ছয়ষষ্ঠি হৈছে। এটা সময় আছিল যেতিয়া বিমান যাত্ৰা কেৱল ডাঙৰ ডাঙৰ চহৰতে সীমাবদ্ধ আছিল; এন ডি এ চৰকাৰৰ দিনত সৰু চহৰৰ সাধাৰণ লোকেও এতিয়া বিমানেৰে যাত্ৰা কৰিছে। এই বাৰ বছৰত কেৱল বিমানবন্দৰৰ সংখ্যাই বৃদ্ধি হোৱা নাই; আমাৰ 'উড়ান' আঁচনিৰ সহায়ত দৰিদ্ৰ পৰিয়ালৰ লোকেও বিমান যাত্ৰা কৰাৰ সুযোগ পাইছে। এই আঁচনিখনে দুখীয়াতকৈয়ো দুখীয়া লোকৰো বিমান যাত্ৰাৰ সপোন বাস্তৱায়িত কৰাত সহায় কৰিছে। মাত্ৰ কেইদিনমানৰ আগতে চৰকাৰে ২৯ হাজাৰ কোটি টকা ব্যয়ৰে দ্বিতীয় পৰ্যায়ৰ উড়ান আঁচনি আৰম্ভ কৰিছিল।

বন্ধুসকল,

বিমান পৰিবহণ খণ্ডত দেশে আন এক বৃহৎ মাইলৰ খুঁটি অৰ্জন কৰিছে। মাত্ৰ কেইদিনমান পূৰ্বে কাশীত মুকলি কৰা ‘স্প’ক এয়াৰপ’ৰ্ট’ মডেল এতিয়া পাঞ্জাৱৰ অমৃতসৰলৈ সম্প্ৰসাৰিত হৈছে। ইয়াৰ দ্বাৰা অমৃতসৰক পঁচিশটাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় গন্তব্যস্থানৰ সৈতে সংযোগ কৰা হ’ব। এই কৃতিত্বৰ বাবে পঞ্জাৱবাসীলৈও অভিনন্দন জ্ঞাপন কৰিছো, অন্ধ্ৰৰ এই মাটিৰ পৰাই ।

বন্ধুসকল,

উন্নত ভাৰতৰ বাবে বিকাশৰ ইঞ্জিন হোৱাৰ সম্ভাৱনা অন্ধ্ৰ প্ৰদেশে সদায় বহন কৰিছে। ৰাজ্যখনৰ উন্নয়নৰ বাবে আমাৰ প্ৰচেষ্টা যাতে ‘ডাবল ইঞ্জিন’ৰ গতিৰে আগবাঢ়ি যায়, তাৰ বাবে মই ‘ডাবল ইঞ্জিন চৰকাৰ’ৰ বাবে জনসাধাৰণৰ আদেশ বিচাৰিছিলোঁ; আজি চন্দ্ৰবাবু নাইডু জী আৰু পৱন কল্যাণ জীৰ নেতৃত্বত সমগ্ৰ এন ডি এৰ দলটোৱে অন্ধ্ৰপ্ৰদেশৰ বাবে দুগুণ গতিৰে কাম কৰি আছে।

বন্ধুসকল,

দেশৰ নীলা অৰ্থনীতি আজি নিৰন্তৰভাবে শক্তিশালী হৈ পৰিছে। আমাৰ দৃষ্টিভংগী হৈছে এই সমগ্ৰ অঞ্চলটোক উপকূলীয় অৰ্থনৈতিক কৰিডৰলৈ উন্নীত কৰা; এই লক্ষ্যৰ প্ৰতি গুৰুত্ব আৰোপ কৰি আমাৰ বৰ্তমানৰ বন্দৰসমূহৰ—বিশাখাপট্টনমৰ পৰা কৃষ্ণপট্টনমলৈকে—আধুনিকীকৰণ কৰা হৈছে। ইয়াৰ উপৰি আমি মুলাপেটা আৰু ৰামায়পট্টনমত নতুন বন্দৰ নিৰ্মাণ কৰি আছো।

বন্ধুসকল,

বন্দৰ উন্নয়নৰ সমান্তৰালকৈ সমগ্ৰ অন্ধ্ৰপ্ৰদেশত ঘাইপথ আৰু এক্সপ্ৰেছৱেৰ নেটৱৰ্ক গঢ়ি তোলা হৈছে। বিশাখাপট্টনম-ৰাইপুৰ এক্সপ্ৰেছৱেৰ দৰে প্ৰকল্পই এই সমগ্ৰ অঞ্চলটোৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰিছে।

বন্ধুসকল,

এই অঞ্চলটো দেশৰ প্ৰধান ঔদ্যোগিক কেন্দ্ৰসমূহৰ সৈতে নিৰৱচ্ছিন্নভাৱে সংযুক্ত হোৱাটো নিশ্চিত কৰিবলৈ অন্ধ্ৰপ্ৰদেশত বৰ্তমান প্ৰায় এক লাখ কোটি টকাৰ ৰে’ল প্ৰকল্প চলি আছে। ৰাজ্যখনৰ সমগ্ৰ ৰেল নেটৱৰ্কত বিদ্যুৎ সংযোগ কৰা হৈছে আৰু ইয়াৰ সত্তৰটাতকৈও অধিক ৰে’ল ষ্টেচনৰ আধুনিকীকৰণ কৰা হৈছে।

বন্ধুসকল,

আজি প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ আঁচনিখনেও অঞ্চলটোৰ উন্নয়নত উল্লেখযোগ্য ভূমিকা পালন কৰিছে। পি এম গতি শক্তিৰ জৰিয়তে সমগ্ৰ অঞ্চলটোৰ ৰে’ল , বন্দৰ, আৰু বিমানবন্দৰৰ আন্তঃগাঁথনি একত্ৰিত কৰা হৈছে। এই আধুনিক লজিষ্টিক নেটৱৰ্ক সম্পূৰ্ণ হ’লে উদ্যোগসমূহে উন্নত সংযোগ লাভ কৰিব, কৃষকসকল লাভাৱান্বিত হ’ব আৰু ‘ব্যৱসায়ৰ সহজতা’ উন্নত হ’ব।

বন্ধুসকল,

অন্ধ্ৰ প্ৰদেশ সদায় এখন আগবঢ়া ৰাজ্য। অন্ধ্ৰৰ যুৱক-যুৱতীসকলে চফট্ ৱেৰ, আই টি, আৰু প্ৰযুক্তি খণ্ডত বিশ্বজুৰি নিজৰ নাম উজলাই তুলিছে। সেইবাবেই চৰকাৰে এই স্থানীয় প্ৰতিভাৰে অন্ধ্ৰপ্ৰদেশৰ উন্নয়নক আগুৱাই নিয়াৰ লক্ষ্য লৈছে। আমাৰ প্ৰতিভাৱান যুৱক-যুৱতীসকলৰ সামৰ্থ্যৰ পৰা ৰাজ্যখন আৰু দেশ দুয়োটাই সৰ্বাধিক লাভাৱান্বিত হোৱাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে আমি ভৱিষ্যতৰ প্ৰযুক্তি উদ্যোগ, যেনে অৰ্ধপৰিবাহীৰ বিষয়ত গুৰুত্ব দিছো। বিশাখাপট্টনমত নতুন অৰ্ধপৰিবাহী উদ্যোগৰ আধাৰশিলা স্থাপন এই দিশত এক ডাঙৰ পদক্ষেপ। চন্দ্ৰবাবুৰ নেতৃত্বত অন্ধ্ৰ এতিয়া চফট্ ৱেৰৰ সমান্তৰালভাৱে উৎপাদনৰ কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব। ইয়াৰ দ্বাৰা ভৱিষ্যতে চাকৰিৰ সৃষ্টি হ’ব আৰু ৰাজ্যৰ প্ৰযুক্তি উদ্যোগসমূহৰ বাবে এক নতুন পৰিৱেশ ৰচনা হ’ব।

বন্ধুসকল,

বিশ্ব অৰ্থনীতিৰ যিকোনো বৃদ্ধিৰ কেন্দ্ৰ কেৱল একোটা কাৰখানাৰ চাৰিওফালে নিৰ্মাণ কৰিব নোৱাৰি; ইয়াৰ বাবে এক ব্যাপক পৰিৱেশ তন্ত্ৰৰ প্ৰয়োজন। আজি আমি অন্ধ্ৰ প্ৰদেশত ঠিক তেনে এক বৃদ্ধিৰ পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিছো। চন্দ্ৰবাবু নাইডু জীয়ে অক্লান্তভাৱে, দিন-ৰাতিয়ে , ব্যক্তিগত পৰ্যায়ত তেনে কাম কৰিছে। ফলত বিশ্বৰ বহু বৃহৎ কোম্পানীয়ে ইয়াত বিনিয়োগ কৰিবলৈ আগ্ৰহী হৈছে।

বন্ধুসকল,

ইয়াত অৰ্ধপৰিবাহীৰ সমান্তৰালভাৱে এআই আন্তঃগাঁথনি আৰু ডাটা চেণ্টাৰৰ কাম চলি আছে। গুগলে ইয়াত ১৫ বিলিয়ন ডলাৰৰ এআই আৰু ক্লাউড ইনফ্ৰাষ্ট্ৰাকচাৰ কেম্পাছৰ কথাও ঘোষণা কৰিছে। বিশ্বৰ আন বহু কোম্পানীয়েও ইয়াত নতুন সুযোগ দেখিবলৈ পাইছে। ইয়াৰ ফলত অন্ধ্ৰ প্ৰদেশৰ যুৱক-যুৱতীসকলৰ লগতে সমগ্ৰ দেশ অপৰিসীমভাবে উপকৃত হৈছে।

বন্ধুসকল,

অন্ধ্ৰৰ ঔদ্যোগিক বৃদ্ধিৰ কাহিনী কেৱল ডিজিটেল প্ৰযুক্তিৰ মাজতে সীমাবদ্ধ নহয়। কেন্দ্ৰীয় চৰকাৰে নক্কাপল্লীত এখন ডাঙৰ ফাৰ্মা পাৰ্কৰ বাবেও সমৰ্থন আগবঢ়াইছে। ইয়াৰ দ্বাৰা অন্ধ্ৰপ্ৰদেশ দেশৰ বাবে এক প্ৰধান ঔষধৰ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিব পাৰিব। সেউজ শক্তি খণ্ডত কেৱল ৰায়ালাছিমা অঞ্চলত পাঁচ লাখ কোটি টকাতকৈ অধিক বিনিয়োগ কৰা হৈছে। আজি মই অন্ধ্ৰপ্ৰদেশৰ সকলো ৰাইজক আশ্বাস দিছো যে আমাৰ চৰকাৰে—এই ‘ডাবল ইঞ্জিনৰ চৰকাৰে’— এনে প্ৰতিটো সম্ভাৱনাক বাস্তৱায়িত কৰিবলৈ দিনে নিশাই কাম কৰি যাব।

বন্ধুসকল,

অন্ধ্ৰ প্ৰদেশৰ প্ৰতিটো খণ্ডতে কামৰ গতি কিমান দ্ৰুতভাবে আগবাঢ়িছে আপোনালোকে এই কথাটোৰ দ্বাৰা জুখিব পাৰে যে- মোৰ মাত্ৰ যোৱা তিনিটা ভ্ৰমণতে মই ইয়াত দুইলাখ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰিছো। মই সুখী যে অন্ধ্ৰ উন্নয়নৰ এই যাত্ৰাত ‘উত্তৰ অন্ধ্ৰ’য়ো শক্তি লাভ কৰিছে। আমি বিশাখাপট্টনম অৰ্থনৈতিক অঞ্চল (VER)ক দেশৰ বাবে এক প্ৰধান ঔদ্যোগিক কেন্দ্ৰ হিচাপে গঢ়ি তুলিছো। আমাৰ লক্ষ্য হৈছে ভি আৰ এছিয়াৰ এক প্ৰধান অৰ্থনৈতিক কেন্দ্ৰ হিচাপে পৰিগণিত হোৱা। বিমানবন্দৰৰ পৰা আৰম্ভ কৰি অৰ্ধপৰিবাহী ইউনিটলৈকে সকলো এই অভিযানৰ অংশ।

বন্ধুসকল,

আমাৰ চৰকাৰৰ মন্ত্ৰ হৈছে ‘বিনিয়োগ কৰ্ম সংস্থাপন সৃষ্টি কৰে ’; সেয়েহে চৰকাৰে নিজৰ বিনিয়োগ বৃদ্ধি কৰিছে, আৰু আমি ব্যক্তিগত খণ্ডকো বিনিয়োগ কৰিবলৈ উৎসাহিত কৰিছো। আপোনালোকে জানে যে যেতিয়া বিনিয়োগ বৃদ্ধি পায়, তেতিয়া উৎপাদন বৃদ্ধি পায়; যেতিয়া উৎপাদন বৃদ্ধি পায়, তেতিয়া ৰপ্তানি বৃদ্ধি পায়; যেতিয়া ৰপ্তানি বৃদ্ধি পায়, তেতিয়া নতুন নিয়োগৰ সুযোগ সৃষ্টি হয়; আৰু যেতিয়া কৰ্মসংস্থাপন বৃদ্ধি পায়, তেতিয়া মানুহৰ আয় বৃদ্ধি পায় আৰু পৰিয়ালৰ জীৱন উন্নত হয়—আৰু অন্ধ্ৰপ্ৰদেশত আমি ঠিক সেয়াই প্ৰত্যক্ষ কৰি আছো।

বন্ধুসকল,

মোৰ সম্পূৰ্ণ বিশ্বাস যে আজি যিবোৰ প্ৰকল্পৰ শুভাৰম্ভ কৰা হৈছে আৰু যিবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হ’ল, সেইবোৰে ‘স্বৰ্ণ অন্ধ্ৰ’ আৰু ‘বিকশিত ভাৰত’ৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাত যথেষ্ট অৰিহণা যোগাব। চন্দ্ৰবাবু জীৰ নেতৃত্বত অন্ধ্ৰপ্ৰদেশ উন্নত ভাৰতৰ সপোন পূৰণৰ ক্ষেত্ৰত শক্তি আৰু গতিৰ প্ৰধান উৎস হিচাপে আত্মপ্ৰকাশ কৰিছে। এই সকলোবোৰ প্ৰকল্পৰ বাবে আকৌ এবাৰ অন্ধ্ৰ প্ৰদেশৰ ৰাইজলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

আপোনালোকক অশেষ ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'BRICS 2026 becomes major Bharat achievement for PM Narendra Modi'

Media Coverage

'BRICS 2026 becomes major Bharat achievement for PM Narendra Modi'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tribute to Saratchandra Chattopadhyay on his 150th birth anniversary
September 15, 2026

The Prime Minister, Shri Narendra Modi has paid homage to renowned Bengali writer Saratchandra Chattopadhyay on his 150th birth anniversary. Remembering the eminent writer, Shri Modi highlighted the enduring significance of his literary works, which have been translated into every Indian language and several foreign languages. He noted that Saratchandra Chattopadhyay’s writings provide an accurate and sensitive portrayal of 19th-century India, particularly Bengali society in rural areas.

The Prime Minister posted on X:

Homage to noted Bengali writer, the versatile Saratchandra Chattopadhyay on his 150th birth anniversary.

His works, translated into every Indian language and several foreign languages, are remembered for their accurate depiction of 19th century India, especially Bengali society in rural areas. Equally noteworthy was his commitment to social reform, women’s rights and nationalism.

I call upon more youngsters to read his writings in the times to come.

প্রখ্যাত বাঙালি লেখক, বহুমুখী প্রতিভার অধিকারী শরৎচন্দ্র চট্টোপাধ্যায়ের ১৫০তম জন্মবার্ষিকীতে জানাই বিনম্র শ্রদ্ধাঞ্জলি।

ভারতের সমস্ত ভাষায় এবং একাধিক আন্তর্জাতিক ভাষায় অনূদিত তাঁর সাহিত্যকর্মগুলি উনিশ শতকের ভারত, বিশেষ করে গ্রামীণ অঞ্চলের বাঙালি সমাজকে সঠিকভাবে চিত্রিত করার জন্য স্মরণীয় হয়ে রয়েছে। সামাজিক সংস্কার, নারী অধিকার এবং জাতীয়তাবাদের প্রতি তাঁর দায়বদ্ধতাও সমানভাবে স্মরণীয়।

আগামী দিনের তরুণ-তরুণীকে আমি আরও বেশি করে তাঁর রচনা পড়ার জন্য আহ্বান জানাচ্ছি।