মহামান্য, প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সন,



ভাৰত আৰু নিউজিলেণ্ডৰ ব্যৱসায়িক নেতাবৃন্দ


নমস্কাৰ



কিয়া অ’ৰা


আপোনালোক সকলোৰে সৈতে অকলেন্ডত উপস্থিত হৈ মই অতি আনন্দিত হৈছো। মই প্ৰধানমন্ত্ৰী লাক্সনৰ ইতিবাচক চিন্তা আৰু ভাৰতৰ প্ৰতি তেওঁৰ গভীৰ দায়বদ্ধতাৰ বাবে বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰিছো।

আপোনালোক সকলোৰে উপস্থিতি নিউজিলেণ্ডৰ উদ্ভাৱন, উদ্যোগ আৰু ভৱিষ্যতমুখী চিন্তাধাৰাৰ প্ৰতীক। ভাৰতৰ তৰফৰ পৰা মই ১৪০ কোটি লোকৰ আকাংক্ষা আৰু উচ্চাকাংক্ষাৰ বাৰ্তা লৈ আহিছো।

বন্ধুসকল,

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ সম্পৰ্ক এক সন্ধিক্ষণত উপনীত হোৱাৰ সময়তে এই বৈঠক অনুষ্ঠিত হৈছে। আজি আমি আমাৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বৰ সূত্ৰত বান্ধি ৰাখিছো। এয়া কেৱল কূটনৈতিক মাইলৰ খুঁটি নহয়। এয়া আমাৰ অংশীদাৰী ভৱিষ্যতৰ বাবে এক নতুন সংকল্প।

চলিত বৰ্ষত ন মাহৰ অভিলেখ সময়ৰ ভিতৰত দুয়োখন দেশৰ মাজত এখন মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত হৈছিল। ই আপোনালোক সকলোৰে বাবে বজাৰ প্ৰৱেশাধিকাৰ, বিনিয়োগ, সেৱা, প্ৰযুক্তি আৰু প্ৰতিভাৰ গতিশীলতাৰ বাবে নতুন সুযোগ আনিব। মই আত্মবিশ্বাসী যে নতুন উদ্যম আৰু উৎসাহেৰে কাম কৰি আমি ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰিম।

নিউজিলেণ্ডে অহা পোন্ধৰ বছৰত ভাৰতত ২০ বিলিয়ন ডলাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে। এয়া কেৱল বিনিয়োগৰ বাবেই নহয়, ভাৰতৰ উন্নয়ন যাত্ৰাৰ অংশীদাৰ হোৱাৰ বাবেও এক প্ৰতিশ্ৰুতি।

বন্ধুসকল,

আজি ভাৰত হৈছে বিশ্বৰ দ্ৰুততম বিকাশশীল মুখ্য অৰ্থনীতি। আমাৰ বৰ্ধিত মধ্যবিত্ত শ্ৰেণী, বৃহৎ পৰিমাণৰ ডিজিটেল গ্ৰহণ আৰু আন্তঃগাঁথনিৰ প্ৰচেষ্টাই ভাৰতক এক অনন্য বিকাশৰ কাহিনী হিচাপে গঢ়ি তুলিছে।

ভাৰতত আমি শাসনৰ আধাৰত সংস্কাৰ, সম্পাদন আৰু পৰিৱৰ্তন সাধন কৰিছো। আজি ভাৰতত নীতিগত স্থিৰতা, ৰাজনৈতিক স্থিৰতা আৰু বিকাশৰ ধাৰাবাহিকতা আছে।

সেয়েহে আজি বিশ্বৰ প্ৰতি আমাৰ বাৰ্তা হ’লঃ ভাৰত কেৱল এখন বজাৰ নহয়; ভাৰত হৈছে বিশ্বৰ বিকাশৰ বাবে এখন আৰাম্ভণিৰ মঞ্চ।

 

ভাৰতত সৃষ্টি হোৱা এই সুযোগসমূহৰ সুবিধা ল'বলৈ মই আপোনালোকক কেইটামান উদাহৰণ দিব বিচাৰো। ভাৰতত উৎপাদনক উৎসাহিত কৰিবলৈ, আমি উৎপাদন সংযুক্ত উৎসাহ আঁচনি আৰম্ভ কৰিছো। ইয়াৰ অধীনত খাদ্য প্ৰক্ৰিয়াকৰণৰ পৰা আৰম্ভ কৰি বস্ত্ৰলৈকে ১৪ টা খণ্ডত প্ৰায় ২০ বিলিয়ন ডলাৰৰ সাহাৰ্য আগবঢ়োৱা হৈছে। মই আপোনালোক সকলোকে এই উৎপাদনৰ গতিৰ অংশ হ’বলৈ আমন্ত্ৰণ জনাইছো।

ভাৰতত বিমানবন্দৰ, আঞ্চলিক সংযোগ, বিমান কাৰ্গো আৰু পৰ্যটন দ্ৰুতগতিত বৃদ্ধি পাইছে। ভাৰত বৰ্তমান বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ঘৰুৱা বিমান পৰিবহণ বজাৰ। আমি একেলগে কাৰ্গো কৰিডৰ, বিমান সংযোগ আৰু যুটীয়া পৰ্যটন পেকেজ সৃষ্টি কৰিব পাৰো।

কিউি, আপেল, মৌ আৰু সাগৰীয় খাদ্যৰ বাবে পচনশীল কাৰ্গো সমাধান বিকশিত কৰিব পাৰি। নিউজিলেণ্ডৰ উদ্যানপালন, দুগ্ধ বিজ্ঞান আৰু বনবিদ্যাৰ ক্ষেত্ৰত বিশাল দক্ষতা আছে। ভাৰতত উপভোক্তা বজাৰ, খাদ্য উদ্যান আৰু কৃষি-প্ৰযুক্তিৰ প্ৰতিভাৰ শক্তি আছে। আমি একেলগে খেতিৰ পৰা বজাৰলৈ মূল্য শৃংখল আৰু বিশ্বব্যাপী ৰপ্তানি মঞ্চ সৃষ্টি কৰিব পাৰোঁ।

আজি ভাৰত ফিনটেকৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ। আজি, বিশ্বৰ প্ৰকৃত সময়ৰ ডিজিটেল পৰিশোধৰ ৫০শতাংশ ভাৰতত হয়। আমি ডিজিটেল পেমেণ্টৰ লগতে গ্ৰীণ বণ্ড আৰু মিশ্ৰিত বিত্তৰ সৈতে আগবাঢ়ি যাব পাৰো। আমি মহাকাশ খণ্ডক ব্যক্তিগত অংশগ্ৰহণৰ বাবে মুকলি কৰি দিছো।

আজি ভাৰতত ৪০০ ৰো অধিক মহাকাশ ষ্টাৰ্ট-আপ আছে আৰু ই এখন ইউনিকৰ্ণ হৈ পৰিছে। দুয়োখন দেশৰ কোম্পানীয়ে ভাৰতৰ মহাকাশ পৰিৱেশতন্ত্ৰৰ সৈতে সৰু উপগ্ৰহ, ৰিম’ট চেঞ্চিং আৰু মহাসাগৰ নিৰীক্ষণত কাম কৰিব পাৰে।

ভাৰতত স্মাৰ্ট চিটি মিছনৰ অধীনত ১০০ খন চহৰত ৮,০০০ ৰো অধিক প্ৰকল্পৰ ওপৰত কাম কৰি আছে। আমি নগৰীয়া গতিশীলতা, পানী ব্যৱস্থাপনা, আৱৰ্জনা ব্যৱস্থাপনাৰ দৰে ক্ষেত্ৰত একেলগে কাম কৰিব পাৰোঁ।

বন্ধুসকল,

মই মাওৰি ব্যৱসায়িক নেতাসকলক বিশেষ শুভেচ্ছা জনাইছো। ভাৰতৰ সভ্যতা আৰু মাওৰী পৰম্পৰা দুয়োটাতে প্ৰকৃতি, সম্প্ৰদায় আৰু বহনক্ষমতাৰ প্ৰতি গভীৰ সন্মান আছে। আমাৰ এফ টি এ-ত মাওৰি ব্যৱসায়ৰ বাবে থকা সুযোগবোৰো গুৰুত্বপূৰ্ণভাৱে দেখা যায়। এই অংশীদাৰী মূল্যবোৰ একত্ৰিত কৰি, আমি অন্তৰ্ভুক্তিমূলক আৰু বহনক্ষম বাণিজ্যৰ এক নতুন আৰ্হি সৃষ্টি কৰিব পাৰোঁ।

বন্ধুসকল,

মই পৰামৰ্শ দিওঁ যে আমি একেলগে এক অতি উচ্চাকাংক্ষী ব্যৱসায়িক নীতি তৈয়াৰ কৰো। আহক আমি কমেও পাঁচটা ধ্বজাবাহী প্ৰকল্প চিনাক্ত কৰো, আমাৰ শক্তি বৃদ্ধি কৰো আৰু সেইবোৰ সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে এক পৰ্যালোচনা ব্যৱস্থা সৃষ্টি কৰো। তেতিয়াহে আমি আমাৰ সম্পৰ্কৰ সম্পূৰ্ণ সম্ভাৱনা উপলব্ধি কৰিব পাৰিম আৰু দুয়োখন দেশৰ জনসাধাৰণৰ আকাংক্ষা তথা আশা পূৰণ কৰিব পাৰিম।

মই আপোনালোক সকলোকে এই যাত্ৰাত কান্ধত কান্ধ মিলাই খোজ কাঢ়িবলৈ আমন্ত্ৰণ জনাইছো।

আহক আমি আমাৰ অংশীদাৰিত্বক সমৃদ্ধিৰ বাবে এখন মঞ্চ, উদ্ভাৱনৰ বাবে এক সেতু আৰু বিশ্বৰ ভালৰ বাবে এক শক্তি হিচাপে গঢ়ি তোলো।

মই বিচাৰো যে ভাৰত আৰু নিউজিলেণ্ড একেলগে এক নতুন শক্তি হিচাপে আত্মপ্ৰকাশ কৰক।

আৰু মোৰ আন এটা অনুৰোধ আছে। আপোনালোকে এইমাত্ৰ উল্লেখ কৰাৰ দৰে, আমাৰ ক্ৰীড়া সম্পৰ্কৰ এশ বছৰ পাৰ হৈছে। এইটো এটা অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান।

আমি এইটো উদযাপন কৰিম। কিন্তু আমি ৩৫ বছৰৰ তলৰ ব্যৱসায়ীৰ ইমান ডাঙৰ প্ৰতিনিধি দল ভাৰতলৈ অহাৰ কথা ভাবিব পাৰোঁনে, আৰু ভাৰতৰ পৰা ৩৫ বছৰৰ তলৰ ব্যৱসায়িক প্ৰতিনিধি দলো নিউজিলেণ্ডলৈ অহাৰ কথা ভাবিব পাৰোঁনে? যাতে আমি নতুন প্ৰজন্মক প্ৰস্তুত কৰিব পাৰোঁ? এই এটা ইচ্ছাৰে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UPI completes 10 years, clocks nearly 13,000-fold rise in transaction volume

Media Coverage

UPI completes 10 years, clocks nearly 13,000-fold rise in transaction volume
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister invites citizens to share their UPI experiences as UPI completes a decade
August 25, 2026

The Prime Minister, Shri Narendra Modi recalled the transformative journey of the Unified Payments Interface (UPI), which was rolled out a decade ago and marked a major turning point in India’s digital payments journey.

Highlighting the scale and reach achieved by UPI over the past ten years, Shri Modi said that its remarkable journey is something every Indian can be proud of. The Prime Minister invited citizens to share their experiences of using UPI and how it has impacted their daily lives.

The Prime Minister posted on X:

A decade ago, UPI was rolled out, marking a major turning point in India’s digital payments journey.

The sheer scale and reach of UPI are something every Indian must be proud of.

Tell me about your UPI experience and how it impacted your life...

#10YearsOfUPI