Stress on dignity of honest taxpayer is the biggest reform
Inaugurates Office-cum-Residential Complex of Cuttack Bench of Income Tax Appellate Tribunal

জয় জগন্নাথ!

ওড়িশাৰ মুখ্যমন্ত্ৰী তথা মোৰ জ্যেষ্ঠ সহযোগী শ্ৰীমান নবীন পাটনায়ক জী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী ৰবিশংকৰ প্ৰসাদ জী, ওড়িশাৰ সু-সন্তান তথা মোৰ মন্ত্ৰী পৰিষদৰ সহযোগী শ্ৰীমান ধৰ্মেন্দ্ৰ প্ৰধান জী, আয়কৰ আপীল ন্যায়াধীকৰণৰ অধ্যক্ষ সন্মানীয় ন্যায়াধীশ পি পি ভট্ট জী, ওড়িশাৰ সাংসদ, বিধায়কসকলৰ লগতে কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলো বিশিষ্ট ব্যক্তি আৰু বন্ধুসকল,

ভগৱান জগন্নাথৰ আশীৰ্বাদত আয়কৰ আপীল ন্যায়াধীকৰণ চমূকৈ আইটিএটিৰ কটক বেঞ্চে আজি নতুন আৰু অত্যাধুনিক চৌহদলৈ স্থানান্তৰ কৰা হৈছে৷ ইমান দিনে ভাৰাঘৰত কাম কৰাৰ পাছত নিজৰ ঘৰলৈ যোৱাৰ আনন্দ কিমান ইয়াৰ অনুমান আপোনালোকৰ আনন্দিত চেহেৰা দেখি মোৰ অনুভৱ হৈছে৷ আনন্দৰ এই মুহূৰ্তত আপোনালোকৰ সৈতে জড়িত হৈ মই আয়কৰ আপীল ন্যায়াধীকৰণৰ সকলো বিষয়া-কৰ্মচাৰীক বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো৷ কটকৰ এই বেঞ্চে এতিয়া ওড়িশাতে নহয়, বৰঞ্চ পূব আৰু উত্তৰ-পূবৰ লাখ লাখ কৰদাতাক আধুনিক সুবিধা প্ৰদান কৰিব৷ নতুন সুবিধাসমূহৰ পাছত এই বেঞ্চে কলকাতা জ’নৰ আনটো বেঞ্চকো অমীমাংসিত আপীল শীঘ্ৰে নিষ্পত্তি কৰাত সহায় কৰিব পাৰিব৷ সেইবাবে সেই সকলো কৰদাতাক বহুত বহুত শুভকামনা জনাইছো, যিসকলে এই নতুন পৰিসৰৰ পৰা নতুন সুবিধা লাভ কৰিব, তাৎক্ষণিকভাৱে ৰায়দানৰ পথ মুকলি হ’ব৷

বন্ধুসকল,

আজিৰ এই দিনটোতে এগৰাকী পূণ্যাত্মাকো স্মৰণ কৰিব লাগিব, যাৰ প্ৰচেষ্টাৱলীৰ অবিহনে আয়কৰ আপীল ন্যায়াধীকৰণৰ কটক বেঞ্চৰ এই স্বৰূপ সম্ভৱ হোৱা নহ’লহেতেন৷ ওড়িশাৰ বাবে, ওড়িশাৰ লোকসকলৰ সেৱাৰ বাবে সমৰ্পিত বিজু পাটনায়ক জী, বীজু বাবুকো মই শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো৷

বন্ধুসকল,

আয়কৰ আপীল ন্যায়াধীকৰণৰ এক গৌৰৱময় ইতিহাস আছে৷ মই ইয়াৰ টীমটোক অভিনন্দন জনাইছো, যি দেশজুৰি নিজৰ আধুনিক আন্তঃগাঁথনি গঢ় দিয়াত জড়িত হৈ আছে৷ মোক জনোৱা মতে কটকৰ পূৰ্বে বাংগালুৰু আৰু জয়পুৰত আপোনালোকৰ নিজা চৌহদ নিৰ্মাণ হৈছে৷ সেই দুখন চহৰতো নতুন চৌহদ নিৰ্মাণ কৰা বা পুৰণি কাৰ্যালয় উন্নীতকৰণ কৰাৰ কাম আপোনালোকে ক্ষিপ্ৰতাৰে সম্পন্ন কৰিছে৷

বন্ধুসকল,

আজি আমি প্ৰযুক্তিৰ যি সময়ত উপনীত হৈছে, সেই সময়ত সমগ্ৰ ব্যৱস্থাৰ উন্নীতকৰণ কৰাটো অতি জৰুৰী৷ বিশেষকৈ আমাৰ ন্যায় ব্যৱস্থাৰ আধুনিকতা, প্ৰযুক্তিসমূহৰ মাত্ৰাধিক ব্যৱহাৰে দেশৰ নাগৰিকসকলক নতুন সুবিধা প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে৷  নিৰপেক্ষ সুলভ স্তৰ ন্যায়ৰ যিদৰে আদৰ্শ লৈ আপোনালোক আগবাঢ়ি গৈছে, সেই আধুনিক সুবিধা আৰু কৌশলী সমাধানৰ জৰিয়তে আৰু অধিক শক্তিশালী কৰিব৷ এয়া সন্তুষ্টিৰ বিষয় যে আয়কৰ আপীল ন্যায়াধীকৰণে দেশজুৰি নিজৰ বেঞ্চৰ ভাৰ্চুৱেল শুনানিৰ বাবেও উন্নীত কৰি আছে আৰু পি পি ভট্টই কোৱাৰ দৰে ইমান বিশাল হাৰত কাম ক’ৰোনাৰ সময়ছোৱাতে হৈছে, ভাৰ্চুৱেলী হৈছে আৰু ৰবিশংকৰ জীয়ে সমগ্ৰ দেশত ডাঙৰ উদাহৰণ দাঙি ধৰিছে৷

বন্ধুসকল,

পৰাধীনতাৰ সুদীৰ্ঘ সময়ছোৱাত কৰদাতা আৰু কৰ সংগ্ৰাহক, সকলোৰে সম্পৰ্ক শোষিত আৰু শোষণকাৰী হিচাপে বিকশিত হৈছিল৷ দুৰ্ভাগ্যজনকভাৱে স্বাধীনতাৰ পাছত আমাৰ যি কৰ ব্যৱস্থা আছিল, তাত এই ছবি সলনি কৰাৰ যি প্ৰচেষ্টা হ’ব লাগিছিল, সেয়া তেওঁলোকে নকৰিলে৷ ফলত ভাৰতত পুৰণি কালৰে পৰাই কৰৰ গুৰুত্ব আৰু লেনদেনক লৈ বিশেষ সুস্থ পৰম্পৰা আছিল৷

বন্ধুসকল,

গোস্বামী তুলসীদাসে কৈছে-

‘বৰছত হৰছত সৱ লখে, কছৰত লখে ন কোয় তুলসী প্ৰজা সুভাগ ছে ভূপ ভানু শো হোয়’

অৰ্থাৎ যেতিয়া বৰষুণ আহে, তেতিয়া তাৰ লাভ সকলোৱে দেখে৷ কিন্তু যেতিয়া ডাঁৱৰ হয়, সূৰ্য পানীক শুকুৱাই লয়, তেতিয়া তাৰ পৰা কাৰো অসুবিধা নহয়৷  সেইদৰে শাসন ব্যৱস্থাও হ’ব লাগে৷ যেতিয়া সাধাৰণ জনতাৰ পৰা সেই কৰ লয়, তেতিয়া কাৰো অসুবিধা নহয়, কিন্তু যেতিয়া দেশৰ সেই ধন নাগৰিকৰ ওচৰত পায়গৈ, তেতিয়া লোকসকলো সেইবোৰ ব্যৱহাৰ নিজৰ জীৱনত অনুভৱ কৰে৷ বিগত সময়ছোৱাত চৰকাৰে সেই লক্ষ্যৰে আগবাঢ়ি গৈছে৷

বন্ধুসকল,

আজিৰ কৰদাতাসকল সম্পূৰ্ণ কৰ ব্যৱস্থাৰ বহু সালসলনি আৰু পাৰদৰ্শিতাৰ সাক্ষী হৈছে৷ যেতিয়া তেওঁলোকে ৰিফাণ্ডৰ বাবে মাহ মাহ ধৰি ৰ’বলগীয়া নহয়, কেইটামান সপ্তাহতে তেওঁলোকে ধন ঘূৰাই পায়, তেতিয়া তেওঁলোকে পাৰদৰ্শিতাৰ অনুভৱ কৰে৷  যেতিয়া তেওঁলোকে দেখে যে বিভাগে নিজে আগবাঢ়ি আহি পুৰণি বিবাদ নিষ্পত্তি কৰে, তেওঁলোকক বিবাদৰ পৰা মুক্তি দিয়ে, তেতিয়া তেওঁলোকে পাৰদৰ্শিতাৰ অনুভৱ কৰে৷ যেতিয়া তেওঁলোকে অজ্ঞাত আপীলৰ সুবিধা লাভ কৰে, তেতিয়া তেওঁলোকে  স্বচ্ছ কৰ ব্যৱস্থা অধিক অনুভৱ কৰে৷  যেতিয়া তেওঁলোকে এইটো দেখে যে আয়কৰ একেৰাহে কম হৈছে, তেতিয়া তেওঁলোকে স্বচ্ছ কৰ ব্যৱস্থা অধিক অনুভৱ কৰে৷ পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত অভিযোগ উত্থাপন হৈছিল যে কৰ সন্ত্ৰাস, চাৰিওফালে এই শব্দকে শুনিবলৈ পোৱা গৈছিল৷ এতিয়া দেশৰ পৰা সেইবোৰ আঁতৰ কৰি স্বচ্ছ কৰ ব্যৱস্থাৰ দিশে অগ্ৰসৰ হৈছে৷ কৰ সন্ত্ৰাসৰ পৰা স্বচ্ছ কৰ ব্যৱস্থালৈ হোৱা এই পৰিৱৰ্তন এইবাবে আহিছে৷ আমি নিময় আৰু পদ্ধতিৰ সংস্কাৰ সাধন কৰিছো আৰু ইয়াৰ প্ৰযুক্তিৰ সম্পূৰ্ণ সুবিধা লোৱা হৈছে৷  আমি সুস্পষ্ট লক্ষ্য, স্পষ্ট আগ্ৰহেৰে পাৰদৰ্শিতা আগবঢ়াইছো আৰু ইয়াৰ সমান্তৰালভাৱে আমি কৰ প্ৰশাসনৰ মনোভাৱৰ পৰিৱৰ্তন সাধন কৰিছো৷

বন্ধুসকল,

আজি দেশত ৫লাখ টকালৈকে আয়কৰ ৰেহাই দিয়া হৈছে৷ ইয়াৰ প্ৰচুৰ লাভ নিম্ন মধ্যবিত্ত শ্ৰেণীৰ নৱ প্ৰজন্মই এতিয়া পাবলৈ সক্ষম হৈছে৷ এই বছৰ বাজেটত আয়কৰৰ যি নতুন বিকল্প দিয়া হৈছে, সেয়াও সৰল আৰু কৰদাতাৰ অনাৱশ্যক চিন্তা আৰু ব্যয় ৰাহি কৰিছে৷ সেইদৰে বিকাশৰ গতি ক্ষিপ্ৰ কৰাৰ বাবে ভাৰতক আৰু অধিক বিনিয়োগ অনুকূল কৰাৰ বাবে কৰ্প’ৰেট কৰত ঐতিহাসিক কৰ্তন কৰা হৈছে৷ দেশত লাখ লাখ যুৱক-যুৱতীক সংস্থাপন দিয়া কোম্পানীসমূহৰ বাবে কৰ্প’ৰেট কৰ হ্ৰাস কৰা হৈছে৷ দেশৰ নিৰ্মাণ খণ্ডক আত্ননিৰ্ভৰ কৰাৰ বাবে নতুন দেশীয় নিৰ্মাণ কোম্পানীসমূহৰ বাবে কৰ হাৰ ১৫ শতাংশ কৰা হৈছে৷ ভাৰতৰ ইকুইটি মাৰ্কেটৰ বিনিয়োগ বৃদ্ধিৰ বাবে ডিভিডেণ্ড ডিষ্ট্ৰিবিউশ্যন টেক্সো নিৰ্মূল কৰা হৈছে৷ জিএছটিৰ পৰা কেইবা ডৰ্জন কৰৰ যি নেটৱৰ্ক আছিল, সেয়া কম কৰা হৈছে আৰু অধিক সংখ্যক সামগ্ৰী আৰু সেৱাক কৰৰ হাৰো বহুপৰিমাণে কম কৰা হৈছে৷

বন্ধুসকল,

আজিৰ পৰা ৫-৬ বছৰৰ পূৰ্বে এনে অৱস্থা আছি যে যদি আয়কৰ আয়ুক্তই কৰদাতাসকলক ৩লাখ টকালৈকে ৰেহাই দিয়ে, তেতিয়া তেওঁক আইটিএটিত চেলেঞ্জ কৰা হৈছিল৷ সেই সীমা আমাৰ চৰকাৰে বৃদ্ধি কৰি এতিয়া ৩লাখৰ পৰা ৫০লাখলৈ বৃদ্ধি কৰা হৈছে৷ সেইদৰে উচ্চতম ন্যায়ালয়লৈ সেইটো গোচৰহে যায়, য’ত অতি কমেও ২ কোটি টকাৰ কৰ আপীলৰ বিষয় জড়িত হৈ থাকে৷ এই প্ৰচেষ্টাৱলীৰ জৰিয়তে ব্যৱসায় কৰাৰ সহজ পৰিৱেশ বৃদ্ধি পোৱাৰ লগতে বিভিন্ন সংস্থাৰ বিবাদিত গোচৰৰ বোজাও কম হৈছে৷

বন্ধুসকল,

কম কৰৰ লগতে সৰল প্ৰক্ৰিয়াৰ সমান্তৰালভাৱে যি আটাইতকৈ ডাঙৰ সংস্কাৰ হৈছে, সেয়া সৎ কৰদাতা গৰিমাৰ সৈতে জড়িত, তেওঁলোকক সমস্যাৰ পৰা ৰক্ষা কৰা বিষয়ৰ সৈতে জড়িত৷ আজি ভাৰত বিশ্বৰ সেইসমূহ দেশৰ শাৰীত উপনীত হৈছে, য’ত কৰদাতাৰ বিষয় আৰু কৰ্তব্য দুয়োটা বিধিবদ্ধ কৰা হৈছে, তেওঁলোকক আইনী মান্যতা প্ৰদান কৰা হৈছে৷  কৰদাতা আৰু কৰ সংগ্ৰহ কৰাসকলৰ মাজত বিশ্বাস পুনৰ প্ৰতিষ্ঠাৰ বাবে, পাৰদৰ্শিতাৰ বাবে এয়া ডাঙৰ পদক্ষেপ৷ যিগৰাকী ব্যক্তিয়ে নিজৰ শ্ৰম, নিজৰ ঘাম দেশৰ বিকাশৰ বাবে লগাইছে, বহু দেশবাসীক সংস্থাপন দিছে, তেওঁ সদায় সন্মানৰ অধিকাৰী আৰু মই ১৫আগষ্টত লালকিল্লাৰ পৰাও অতি আগ্ৰহ আৰু সন্মানেৰে এই কথা উল্লেখ কৰিছিলো যে দেশৰ সম্পদ সৃষ্টিকাৰীসকলৰ সমস্যা যেতিয়া কম হ’ব, তেওঁলোকে সুৰক্ষা পাব, তেতিয়া তেওঁলোকৰ বিশ্বাস দেশৰ ব্যৱস্থাত অধিক বৃদ্ধি পায়৷  এই বৰ্ধিত বিশ্বাসৰ ফল হৈছে যে এতিয়া অধিক সংখ্যক লোক দেশৰ বিকাশৰ সৈতে জড়িত হ’বলৈ আগবাঢ়ি আহিছে৷ চৰকাৰে কিদৰে কৰদাতাৰ ওপৰত ভৰসা কৰি আহিছে, ইয়াৰ এটা উদাহৰণ আজি মই আপোনালোকৰ দিব বিচাৰিছো৷

বন্ধুসকল,

আগতে এনে ব্যৱস্থা আছিল যে দেশত যিমান সংখ্যক লোক বা ব্যৱসায়ীয়ে আয়কৰ প্ৰত্যাৰ্পণ ফাইল দাখিল কৰে, তাৰে অধিকাংশই আয়কৰ বিভাগৰ পৰীক্ষণৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ কিন্তু এতিয়া এনে নহয়৷ এতিয়া চৰকাৰৰ ভাৱনা এই যে যিসকলে আয়কৰ প্ৰত্যাৰ্পণ ফাইল দাখিল কৰে, প্ৰথমতে তেওঁলোকৰ ওপৰত সম্পূৰ্ণৰূপে বিশ্বাস কৰক৷ ইয়াৰ ফল এনে হৈছে যে আজি দেশত যি  আয়কৰ প্ৰত্যাৰ্পণ ফাইল দাখিল হয়, তাৰে ৯৯.৭৫শতাংশ কোনো ধৰণৰ আপত্তি অবিহনে স্বীকাৰ কৰা হয়৷ কেৱল ০.২৫শতাংশ গোচৰৰ পৰীক্ষণ কৰা হয়৷ এয়া এক বৃহৎ পৰিৱৰ্তন, যি দেশৰ কৰ ব্যৱস্থাত আহিছে৷

বন্ধুসকল,

দেশত হোৱা কৰ সংস্কাৰৰ লক্ষ্যত উপনীত হোৱাত আপোনালোকৰ দৰে ন্যায়াধীকৰণৰ বহুত ডাঙৰ ভূমিকা আছে৷ আপোনালোকে যিদৰে নিজৰ ভাৰ্চুৱেল সময়ৰ ব্যৱহাৰ কৰি এই কামবোৰ আগবঢ়ালে, মোৰ বিশ্বাস যিদৰে অজ্ঞাত ব্যৱস্থাৰ দিশে গতি কৰিছে, আপোনালোকেও সেই দিশত ভাৱিব যে অজ্ঞাত মূল্যায়ন আৰু আপীলৰ দৰে আয়কৰ আপীল ন্যায়াধীকৰণকো আমি অজ্ঞাত দিশত পদক্ষেপ ল’ব নোৱাৰোনে? শাৰীৰিক শুনানিৰ পৰিৱৰ্তে, ই-শুনানিক অগ্ৰাধিকাৰ দিব নোৱাৰো নে? ক’ৰোনা কালৰ এই ব্যৱস্থাক আগুৱাই নিব লাগিব৷

বন্ধুসকল,

ক’ৰোনাৰ এই সময়ছোৱাত আমাৰ সকলোৰে অভিজ্ঞতা হৈছে যে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সকলো কাম সমান পাৰদৰ্শিতা আৰু ফলপ্ৰসূ ৰূপত কৰিবলৈ সক্ষম হৈছো৷ আজি যিসময়ত আপোনালোকে সমগ্ৰ দেশৰ বেঞ্চসমূহত আধুনিক সুবিধাসম্পন্ন চৌহদ নিৰ্মাণ কৰি আছে, তেনে অৱস্থাত এই সংস্কাৰে আপোনালোকক অসুবিধাৰ সন্মুখীন নকৰে৷ ইয়াৰ দ্বাৰা কৰদাতাসকলৰ সময়, ধন আৰু শক্তি ৰাহি হ’ব৷ বিবাদসমূহো তাক্ষণিকভাৱে নিষ্পত্তি হ’ব৷

বন্ধুসকল,

বিজ্ঞজনে কৈছে যে– न्यायमूलं सुराज्यं स्यात्संघमूलं महाबलम् 

ন্যায় সু-শাসনৰ মুল আৰু সংগঠন মহাশক্তিৰ সৈতে জড়িত৷  সেইবাবে ন্যায় আৰু সংগঠনৰ শক্তিক আত্মনিৰ্ভৰ ভাৰতৰ শক্তিত পৰিণত কৰাৰ নিৰন্তৰ প্ৰয়াস কৰি থকা হৈছে৷ ভাৰতত এটাৰ পাছত এটা হৈ থকা সংস্কাৰ অন্তৰালটো এই দিশত লাভ কৰা প্ৰেৰণাই মুল৷ মোৰ দৃঢ় বিশ্বাস এই যে আমাৰ সকলোৰে সংগঠিত প্ৰচেষ্টাৰ জৰিয়তেহে আমি সফল হ’ম৷ আয়কৰ আপীল ন্যায়াধীকৰণৰ সৈতে জড়িত সকলো বন্ধুক, সকলো ওড়িশাবাসীক পুনৰ বাবে এই অত্যাধুনিক চৌহদৰ বাবে বহুত বহুত অভিনন্দন জনালো৷ আপোনালোক সকলোকে দীপাৱলীৰ আৰু অনাগত সকলো উৎসৱৰ মংগল কামনা কৰাৰ লগতে এটা কথা অৱশ্যে কও যে ক’ৰোনাৰ সময়ত আমি ইয়াক সহজভাৱে ল’ব নালাগিব৷ সাৱধানতা অৱলম্বন কৰা যিসমূহ সৰু সৰু কথা, মাস্ক পিন্ধা, দুৰত্ব বজাই ৰখা, চাবোনেৰে হাত ধোঁৱা মানি চলিব লাগিব৷ মই ওড়িশাবাসীক এই কথাৰ প্ৰতিও আহ্বান জনাও যে ওডিশা কলা-সংস্কৃতিৰ তপোভূমি৷ আজি মন্ত্ৰ উচ্চাৰিত হৈছে ভোকেল ফৰ লোকেল, ভাৰত প্ৰতি চুকে-কোনে থকা সামগ্ৰীত মোৰ দেশবাসীৰ ঘাম মিহলি হৈ আছে৷, য’ত মোৰ দেশবাসীৰ নৱপ্ৰজন্মৰ প্ৰতিভা আছে, আমি সেই সামগ্ৰীৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিম, স্থানীয় সামগ্ৰী ক্ৰয় কৰাৰ আগ্ৰহ কৰিম৷ হিন্দুস্থানৰ মাটিৰে, হিন্দুস্থানৰ ঘামেৰে প্ৰস্তুত কৰা সামগ্ৰী ক্ৰয় কৰিবলৈ আগ্ৰহ কৰিম, এই কথা ভগৱান জগন্নাথ জীৰ ভূমিৰ পৰা ওড়িশাকো ক’ব বিচাৰো, দেশবাসীকো ক’ব বিচাৰো ভোকেল ফৰ লোকেল৷  স্থানীয় সামগ্ৰীৰে দীপাৱলী পালন কৰাটোৱে কেৱল দীপাৱলীয়েই নহয়, মই বিচাৰো ৩৬৫দিনেই দীপাৱলী পালন কৰক আৰু ৩৬৫দিন আমি স্থানীয় সামগ্ৰী ক্ৰয় কৰিম৷ চাব দেশৰ অৰ্থনীতি ক্ষিপ্ৰতাৰে বৃদ্ধি পাবলৈ আৰম্ভ কৰিব৷ আমাৰ পৰিশ্ৰমী লোকসকলৰ ঘামত সেই শক্তি আছে যে দেশক উন্নতিৰ নতুন শিখৰত উপনীত কৰাব আৰু এই বিশ্বাসেৰে আজিৰ এই শুভক্ষণত মোৰ ফালৰ পৰা আপোনালোক সকলোকে বহুত বহুত শুভকামনা, মংগল কামনা কৰিলো৷

বহুত বহুত ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From conflict to progress: Remote Irpanar village in Chhattisgarh gets electricity

Media Coverage

From conflict to progress: Remote Irpanar village in Chhattisgarh gets electricity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam highlighting fundamental causes of progress
April 28, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today highlighting that effort, self-control, skill, vigilance, patience, memory, and initiating any task with thoughtful consideration are the fundamental causes of progress.

The Prime Minister remarked that hard work performed with patience and dedication can yield remarkable success, further pointing out that it also infuses the nation's prosperity and strength with fresh vigor.

The Prime Minister wrote on X:

"संयम और समर्पण के साथ किया गया परिश्रम अद्भुत सफलता दे सकता है। इससे राष्ट्र की समृद्धि और सामर्थ्य को भी एक नई ऊर्जा मिलती है।

उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः।

समीक्ष्य च समारम्भो विद्धिमूलं भवस्य तु॥"

Effort, self-control, skill, vigilance, patience, memory and initiating any task with thoughtful consideration, these are all the fundamental causes of progress.