ক’ভিড সত্বেও, কাশীত উন্নয়নৰ গতি অটুট আছেঃ প্ৰধানমন্ত্ৰী
এই কনভেনশ্যন চেন্টাৰে ভাৰত আৰু জাপানৰ মাজৰ শক্তিশালী যোগাযোগক প্ৰদৰ্শন কৰিছেঃ প্ৰধানমন্ত্ৰী
এই কনভেনশ্যন চেন্টাৰ এটা সাংস্কৃতিক কেন্দ্ৰ আৰু ভিন্ন লোকক একত্ৰিত কৰাৰ মাধ্যম হৈ উঠিবঃ প্ৰধানমন্ত্ৰী
যোৱা ৭ বছৰত বহু উন্নয়ন প্ৰকল্পৰে কাশী সজ্জিত হৈ আহিছে আৰু ৰুদ্ৰাক্ষ অবিহনে ই অসম্পূৰ্ণঃ প্ৰধানমন্ত্ৰী

হৰ মহাদেৱ! হৰ মহাদেৱ! কাৰ্যক্ৰমত মোৰ সৈতে উপস্থিত থকা উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল জী, উৰ্জাৱান আৰু জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ জী, জাপানৰ ভাৰতস্থ ৰাষ্ট্ৰদূত শ্ৰীমান চুজুকী সাতোশী জী, সংসদত মোৰ সহযোগী ৰাধা মোহন সিং জী, কাশীৰ বিশিষ্ট ব্যক্তিসকল আৰু সন্মানিত অতিথিবৃন্দ!

অলপ আগতে অনুষ্ঠিত অনুষ্ঠানটোত মই কাশীৰ নাগৰিকসকলক কৈছিলো যে এইবেলি এক দীঘলীয়া সময়ৰ পিচত আপোনালোকৰ মাজলৈ অহাৰ সুযোগ পাইছো। পিচে, বিৰতিৰ সময় যিমানেই দীঘলীয়া নহওক কিয় বেনাৰসৰ পৰিৱেশেই এনে যে এবাৰ এইখন চহৰত প্ৰৱেশ কৰাৰ পিচতে সকলো ৰসৰেই সংপৃক্ত হৈ যাবলগীয়া হয়! এতিয়াই চাওকচোন, দীঘলীয়া বিৰতিৰ পিচতে যেনিবা ইয়ালৈ আহিবলৈ পালো, কিন্তু কাশীয়ে আমন্ত্ৰণ দিলে আৰু বেনাৰসবাসীয়ে একেলগে ইমানবোৰ উন্নয়ণী কামৰ লানি লগাই দিলে! এফালৰ পৰা চাবলৈ গ’লে আজি মহাদেৱৰ আশীৰ্বাদত কাশীবাসীয়ে উন্নয়ণৰ যেন গংগাকে প্ৰবাহিত কৰিলে! আজিৰ দিনটোতে বহুশ কোটি টকাৰ পুঁজি বিনিয়োজিত অনেক যোজনাৰ লোকাৰ্পণ আৰু শিলান্যাস কৰা হৈছে, আৰু এতিয়া এই ৰুদ্ৰাক্ষত সন্মিলন কেন্দ্ৰ শুভ উদ্বোধন! কাশীৰ প্ৰচীন বৈভৱ নিজৰ আধুনিক ৰূপত, অৰ্থাত, এক প্ৰকাৰে আধুনিক স্বৰূপত উদ্ভাসিত হৈছে। কাশী সন্দৰ্ভত মইতো কওঁ, বাবাৰ এইখন নগৰ কেতিয়াও থমকি নৰয়, কেতিয়াও পৰিশ্ৰান্ত নহয়, কেতিয়াও ৰৈ নাযায়! উন্নয়ণৰ এই উচ্চতাই কাশীৰ এই স্বভাৱকে আকৌ এবাৰলৈ প্ৰতীয়মান কৰিলে। ক’ৰোনাৰ এই সময়ছোৱাত যেতিয়া সমগ্ৰ পৃথিৱীখনেই স্তব্ধপ্ৰায় হৈ পৰিছে, তেতিয়াও কাশী সংযমিততো হয়েই, অনুশাসিতো হয়; তাতোকৈয়ো ডাঙৰ কথা হৈছে সৃজন আৰু বিকাশৰ ধাৰা অবিৰত প্ৰবাহিত হৈ কৰি ৰাখিছে। কাশীৰ উন্নয়ণৰ এই ধাৰা, ৰুদ্ৰাক্ষৰ এই ‘আন্তঃৰাষ্ট্ৰীয় সহযোগ আৰু সন্মিলন কেন্দ্ৰ’ আজি এই সৃষ্টিশীলতাৰ, এই গতিশীলতাৰে পৰিণতি। মই আপোনালোক সকলোকে; কাশীৰ প্ৰতিগৰাকী ব্যক্তিক এই সফলতাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। বিশেষকৈ, মই ভাৰতৰ পৰম মিত্ৰ জাপানক, জাপানৰ নাগৰিকসকলক, প্ৰধানমন্ত্ৰী শ্ৰী চুগা যোচিহিদে আৰু ৰাষ্ট্ৰদূত শ্ৰী চুজুকী সাতোশী জীক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। অলপ আগতে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভিডিঅ’ বাৰ্তা প্ৰত্যক্ষ কৰিছো। তেখেতৰ আন্তৰিক প্ৰয়াসতে কাশীয়ে এই উপহাৰ লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী চুগা যোচিহিদে ডাঙৰীয়া সেই সময়ত কেবিনেটৰ মুখ্য সচিব আছিল। তেতিয়াৰ পৰা প্ৰধানমন্ত্ৰীৰ ভূমিকাত অৱতী্ৰ্ণ হোৱালৈকে, নিৰন্তৰ ভাবে তেখেতে এই প্ৰকল্পৰ সৈতে ব্যক্তিগত ৰূপত জড়িত হৈ আহিছে। ভাৰতৰ প্ৰতি তেখেতৰ এই আত্মীয়তাৰ বাবে আমাৰ দেশৰ প্ৰতিগৰাকী নাগৰিকেই তেখেতৰ প্ৰতি কৃতজ্ঞ।

বন্ধুসকল,

আজিৰ এই আয়োজনত আৰু এগৰাকী ব্যক্তি আছে, যিগৰাকী ব্যক্তিৰ নাম মই কেতিয়াও পাহৰিব নোৱাৰো। তেখেত জাপানৰে মোৰ মিত্ৰ- চিঞ্জো আবে ডাঙৰীয়া। মোৰ মনত আছে, চিঞ্জো আবে ডাঙৰীয়াই যেতিয়া জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে কাশী ভ্ৰমণ কৰিছিল, ৰুদ্ৰাক্ষক লৈ কৰা পৰিকল্পনা সন্দৰ্ভত মই তেখেতৰ সৈতে দীঘলীয়া আলোচনা কৰিছিলো। তেখেতে তাত্কালীন ভাবেই এই ভাৱনাক লৈ কাম কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল। তাৰ পিচত জাপানৰ যি সংস্কৃতি সেয়াতো চিৰপৰিচিত! তেওঁলোকৰ বিশেষ গুণতো হৈছে ‘পাৰ্ফেকশ্যন’ আৰু ‘প্লানিং’। ইয়াকে সাৰোগত কৰি ইয়াত কাম আৰম্ভ হৈছিল, আৰু আজি এই বিশাল ভৱনে কাশীৰ শোভাবৰ্দ্ধন কৰিবলৈ লৈছে। এই অট্টালিকাত আধুনিকতাৰ চমক থকাৰ লগতে সংস্কৃতিৰ আভাও বিকিৰিত হৈছে। ইয়াত ভাৰত-জাপানৰ সম্পৰ্কৰ সংযোগো আছে আৰু ভৱিষ্যতৰ বাবে অনেক সম্ভাৱনাও  আছে। মই জাপানলৈ যাওতে আমি দুয়োখন দেশৰ সম্পৰ্ক, নাগৰিকৰ পাৰস্পৰিক সম্পৰ্ক সন্দৰ্ভত এই আত্মীয়তাৰ কথা কৈছিলো, আমি জাপানৰ পৰা এনে সাংস্কৃতিক সম্বন্ধৰ ৰূপৰেখা টানি আনিছিলো। আজি দুয়োখন দেশৰ প্ৰয়াসত উন্নয়ণৰ লগতে মিঠা সম্পৰ্কৰ এক নতুন অধ্যায় ৰচনা হোৱাত মোৰ খুবেই ভাল লাগিছে। কাশীৰ ৰুদ্ৰাক্ষৰ দৰেই কেই সপ্তাহমান আগতে গুজৰাটতো জাপানী ‘জেন গাৰ্ডেন’ আৰু ‘কাইজেন অকাডেমী’ৰো লোকাৰ্পণ কৰা হৈছিল। যেনেকৈ এই ৰুদ্ৰাক্ষ জাপানৰ তৰফৰ পৰা ভাৰতক প্ৰদান কৰা এক প্ৰেমৰ মালা, সেইদৰেই ‘জেন গাৰ্ডেনে’ও দুয়োখন দেশৰ পাৰস্পৰিক প্ৰেমৰ সৌগন্ধ বিয়পাবলৈ ধৰিছে। সেইদৰে, ৰণ-কৌশলগত ক্ষেত্ৰই হওক অথবা অৰ্থনৈতিক ক্ষেত্ৰই হওক, জাপান আজি ভাৰতৰ সৰ্বাধিক গুৰুত্বৰ মিত্ৰদেশসমূহৰ অন্যতম হৈ উঠিছে। আমাৰ বন্ধুত্বক এইবোৰ ক্ষেত্ৰৰ সকলোতকৈ ‘নেচাৰেল পাৰ্টনাৰশ্বিপছ’-ৰ অন্যতম হিচাপেও গণ্য কৰা হয়। আধুনিক আন্তঃগাঁথনি আৰু বিকাশক লৈয়ো আন বহু গুৰুত্বপূৰ্ণ আৰু সৰ্ববৃহত্ প্ৰকল্পত জাপানে আমাৰ সৈতে অংশীদাৰিত্ব বহণ কৰি আহিছে। ‘মুম্বাই-আহমেদাবাদ হাইস্পীড ৰে’ল প্ৰকল্প’ই হওক, ‘দিল্লী-মুম্বাই ঔদ্যোগিক ক’ৰিডৰে’ই হওক, অথবা ‘ডেডিকেটেড ফ্ৰেইট ক’ৰিডৰে’ই হওক, জাপানৰ সহযোগিতাৰে নিৰ্মাণ চলি থকা এই প্ৰকল্পসমূহে নতুন ভাৰতক শক্তিৱন্ত কৰি তোলাত সহায়ক হিচাপে পৰিগণিত হ’ব।

বন্ধুসকল,

ভাৰত আৰু জাপানে পৰস্পৰৰ উন্নয়ণ পৰস্পৰৰ উল্লাসৰ সৈতে জড়িত হৈ হোৱাতো বিচাৰে। এই বিকাশ সৰ্বমুখী হোৱাতো কামনা কৰে, সকলোৰে বাবে হোৱাতো আৰু সকলোকে জড়িত কৰা বিধৰ হোৱাতো বিচাৰে। আমাৰ পুৰাণত কোৱা হৈছে-

তত্ৰ আশ্ৰু বিন্দুতো জাতা, মহা ৰুদ্ৰাক্ষ বৃক্ষাকাঃ। মম অজ্ঞায়া মহাসেন, সৰ্বষাম্ হিত কাম্যায়া।।

অৰ্থাত, ‘সকলোৰে হিতৰ বাবে, সকলোৰে কল্যাণৰ বাবে ভগবান শিৱৰ চকুৰ পৰা সৰি পৰা অশ্ৰুকণাৰ ৰূপত ৰুদ্ৰাক্ষ প্ৰকট হৈছিল। শিৱতো সকলোৰে, তেওঁৰ অশ্ৰুকণা সকলো মানৱৰ বাবেই স্নেহৰ প্ৰেমৰ প্ৰতীকস্বৰূপ’। সেইদৰেই ৰুদ্ৰাক্ষৰ এই ‘আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰ’ও সমগ্ৰ পৃথিৱীৰ পাৰস্পৰিক প্ৰেম, কলা আৰু সংস্কৃতিক একত্ৰিত কৰাৰ মাধ্যম হিচাপে পৰিগণিত হ’ব। আৰু কাশীৰ কথা ক’বলৈ গ’লে, কাশীতো পৃথিৱীৰ সকলোতকৈ প্ৰাচীন জীৱন্ত চহৰ। শিৱৰ পৰা সাৰনাথত ভগাৱান বুদ্ধ পৰ্যন্ত, কাশীয়ে আধ্যাত্মৰ লগতে কলা আৰু সংস্কৃতিকো কত শতাব্দী ধৰি সংযোজিত কৰি আহিছে। আজিৰ তাৰিখতো, তবলাত বেনাৰসবাজ-ৰ শৈলী প্ৰচলিত হৈ আহিছে, থুম্ৰী, দদ্ৰা, খেয়াল, টপ্পা আৰু ধ্ৰুপদেই হওক, ধমাৰ, কজৰী, ছীতী, হোৰীৰ দৰে বেনাৰসৰ চৰ্চিত আৰু বিখ্যাত গায়নশৈলীসমূহেই হওক, সাৰংগী আৰু পোখৰাজেই হওক অথবা চেন্নায়েই হওক, মোৰ বেনাৰসৰ শিৰাই শিৰাই গীত-সংগীত আৰু কলা প্ৰবাহিত হৈ আহিছে। ইয়াৰ গংগা-ঘাটসমূহত কিমানযে কলা বিকশিত হৈছিল, জ্ঞান শিখৰ পৰ্যন্ত গৈ পাইছিল, আৰু মানৱতাৰে জড়িত কিমানযে গম্ভীৰ চিন্তন এই ভূখণ্ডত উজ্জীৱিত হৈছিল। আৰু সেয়ে, বেনাৰস গীত-সংগীতৰ, ধৰ্ম-আধ্যাত্মৰ আৰু জ্ঞান-বিজ্ঞানৰ এক বহুত ডাঙৰ ‘গ্লোবেল চেণ্টাৰ’ হৈ উজলি উঠিব পাৰিব।

বন্ধুসকল,

বৌদ্ধিক আলোচনা আৰু সন্মিলন আৰু সাংস্কৃতিক কাৰ্যক্ৰমৰ বাবে বেনাৰস দৰাচলতেই এক আদৰ্শ স্থান। দেশ-বিদেশৰ মানুহে ইয়ালৈ অহাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে, ইয়াত থাকিবলৈ বিচাৰে। এনে পৰিস্থিতিত যদি ইয়াত এনেধৰণৰ কাৰ্যক্ৰম কৰিব পৰা সা-সুবিধা উপলব্ধ হয়, আন্তঃগাঁথনি থাকে তেন্তেতো স্বাভাৱিকতেই সাংস্কৃতিক জগতৰ লোকসকলে বেনাৰসক প্ৰাথমিকতা প্ৰদান কৰিব। ৰুদ্ৰাক্ষই আগন্তুক সময়ত এই সম্ভাৱনাকে বাস্তৱায়িত কৰিব, দেশ-বিদেশৰ সাংস্কৃতিক বিনিময়ৰ এক কেন্দ্ৰ হিচাপে পৰিগমিত হ’ব। উদাহৰণ স্বৰূপে বেনাৰসত অনুষ্ঠিত হোৱা কবি সন্মিলনসমূহক পচন্দ কৰা লোক গোটেই দেশ আৰু পৃথিৱীতে আছে। আগত সময়ত এই কবি সন্মিলনসমূহক বিশ্ব-প্ৰেক্ষাপটত এই কেন্দ্ৰত আয়োজিত কৰিব পৰা যাব। ইয়াত বাৰশ লোক বহাৰ ব্যৱস্থাৰ সৈতে সভাগৃহ আৰু সন্মিলন কেন্দ্ৰও আছে, পাৰ্কিং-ৰ সুবিধা আছে, আৰু দিবাংগজনৰ বাবেও বিশেষ ব্যৱস্থা কৰা হৈছে। এইদৰে, যোৱা ৬-৭বছৰত বেনাৰসৰ হস্ত-কলা আৰু শিল্পৰো প্ৰচাৰ প্ৰসাৰ কৰা, শক্তিশালী কৰাৰ বাবে বহু কাম কৰা হৈছে। ইয়াৰ ফলত বেনাৰসী পাট আৰু বেনাৰসী শিল্পই পুনৰ এক নতুন পৰিচিতি লাভ কৰিবলৈ সক্ষম হৈছে, ইয়াত বাণিজ্যিক গতিবিধিও বাঢ়িবলৈ ধৰিছে। ৰুদ্ৰাক্ষই এই গতিবিধিক বৃদ্ধি কৰাত সহায় কৰিব। এই আন্তঃগাঁথনিৰ বিভিন্ন ধৰণৰ কাম কাজত ব্যৱহাৰ কৰিব পৰা যাব।

বন্ধুসকল,

ভগবান বিশ্বনাথেতো নিজেই কৈছিল-

সৰ্ব ক্ষেত্ৰেষু ভূপৃষ্ঠে কাশী ক্ষেত্ৰম্ চ মে ৱপুঃ।

অৰ্থাত্, ‘কাশীৰতো সম্পূৰ্ণ ক্ষেত্ৰই মোৰ স্বৰূপ। কাশীতো সাক্ষাত্ শিৱই হয়’। এতিয়া যেতিয়া বিগত ৭টা বছৰত ইমানবোৰ উন্নয়ণমূলক পৰিযোজনাৰে কাশীৰ শ্ৰীবৃদ্ধি হৈ আছে, তেতিয়া হ’লে শ্ৰীবৃদ্ধি ৰুদ্ৰাক্ষ অবিহনে কেনেকৈ সম্পূৰ্ণ হ’ব পাৰিব! এতিয়া যেতিয়া ৰুদ্ৰাক্ষ কাশীয়ে ধাৰণ কৰি ল’লে, তেন্তে কাশীৰ উন্নয়ণ আৰু অধিক হাৰত চমকি উঠিব, কাশীৰ আৰু অধিক শোভা বৰ্দ্ধন হ’ব। এতিয়া এয়া কাশীবাসীৰ দায়িত্ব হ’ব; মই আপোনালোক আটাইৰে পৰা বিশেষ ভাবো আগ্ৰহো কৰো যে ৰুদ্ৰাক্ষৰ শক্তিৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ আপোনালোকে কৰিব লাগিব।

 

কাশীৰ সাংস্কৃতিক সৌন্দৰ্যক, কাশীৰ প্ৰতিভাসমূহক এই কেন্দ্ৰৰ সৈতে জড়িত কৰিব লাগিব। আপোনালোকে যেতিয়া এই দিশত কাম কৰিব তেতিয়া আপোনালোকে কাশীৰ সৈতে সম্পূৰ্ণ দেশ আৰু পৃথিৱীখনকো সংযোজিত কৰিব। এই কেন্দ্ৰটো যিমানেই সক্ৰিয় হৈ উঠিব, ইয়াৰ জৰিয়তে ভাৰত আৰু জাপানৰ সম্পৰ্কয়ো পৃথিৱীত এক পৰিচিতি লাভ কৰিব। 

 

মোৰ সম্পূৰ্ণ বিশ্বাস আছে, মহাদেৱৰ আশীৰ্বাদৰে আহিবলগীয়া দিনসমূহত এই কেন্দ্ৰই কাশীৰ এক নতুন পৰিচয় নিৰ্মাণ কৰিব, কাশীৰ বিকাশক নতুন গতি প্ৰদান কৰিব। এই শুভকামনাৰেই মই মোৰ ভাষণ সমাপ্ত কৰিব খুজিছো। মই আকৌ এবাৰ জাপান চৰকাৰৰ জাপানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বিশেষ ভাবে কৃতজ্ঞতা ব্যক্ত কৰিছো, আৰু আপোনালোক সকলোকে সুস্থ শৰীৰে, সুখৰে ৰাখিবলৈ বাবাৰ ওচৰত প্ৰাৰ্থনা জনাইছো। আৰু ক’ৰোনাৰ সকলো বিধি-নিয়ম পালন কৰাৰ অভ্যাস গঢ়ি তোলাৰ আহ্বান জনাই আপোনালোক সকলোলৈ ধন্যবাদ জনাই সামৰিলো।

হৰ হৰ মহাদেৱ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India to become second nation with commercial fast breeder reactor: Singh

Media Coverage

India to become second nation with commercial fast breeder reactor: Singh
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam highlighting fundamental causes of progress
April 28, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today highlighting that effort, self-control, skill, vigilance, patience, memory, and initiating any task with thoughtful consideration are the fundamental causes of progress.

The Prime Minister remarked that hard work performed with patience and dedication can yield remarkable success, further pointing out that it also infuses the nation's prosperity and strength with fresh vigor.

The Prime Minister wrote on X:

"संयम और समर्पण के साथ किया गया परिश्रम अद्भुत सफलता दे सकता है। इससे राष्ट्र की समृद्धि और सामर्थ्य को भी एक नई ऊर्जा मिलती है।

उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः।

समीक्ष्य च समारम्भो विद्धिमूलं भवस्य तु॥"

Effort, self-control, skill, vigilance, patience, memory and initiating any task with thoughtful consideration, these are all the fundamental causes of progress.