দক্ষ কৰ্মশক্তি আৰু সম্প্ৰসাৰিত বজাৰৰ দ্বাৰা চালিত ৰাজস্থান বিনিয়োগৰ বাবে এক মুখ্য গন্তব্য স্থান হিচাপে উদীয়মান হৈছে: প্ৰধানমন্ত্ৰী
সমগ্ৰ বিশ্বৰ বিশেষজ্ঞ আৰু বিনিয়োগকাৰীসকল ভাৰতক লৈ উৎসাহিত: প্ৰধানমন্ত্ৰী
ভাৰতৰ সফলতাই গণতন্ত্ৰ, জনগাঁথনি, ডিজিটেল তথ্য আৰু বিতৰণৰ প্ৰকৃত শক্তি প্ৰদৰ্শন কৰে: প্ৰধানমন্ত্ৰী
এই শতিকাটো প্ৰযুক্তি-চালিত আৰু তথ্য-চালিত: প্ৰধানমন্ত্ৰী
ডিজিটেল প্ৰযুক্তিৰ গণতান্ত্ৰিকীকৰণে কেনেদৰে প্ৰতিটো খণ্ড আৰু সম্প্ৰদায়ক লাভান্বিত কৰিছে ভাৰতে সেয়া প্ৰদৰ্শন কৰিছে: প্ৰধানমন্ত্ৰী
ৰাজস্থান কেৱল উদীয়মানেই নহয়, ই নিৰ্ভৰযোগ্য, ৰাজস্থান গ্ৰহণযোগ্য আৰু সময়ৰ সৈতে নিজকে কেনেদৰে সংস্কাৰ কৰিব লাগে সেয়া জানে: প্ৰধানমন্ত্ৰী
ভাৰতত এক শক্তিশালী উৎপাদন আধাৰ থকাটো গুৰুত্বপূৰ্ণ: প্ৰধানমন্ত্ৰী
ভাৰতৰ এমএছএমইবোৰে কেৱল ভাৰতীয় অৰ্থনীতিক শক্তিশালী কৰাই নহয়, গোলকীয় যোগান আৰু মূল্য শৃংখলাসমূহক শক্তিশালী কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে: প্ৰধানমন্ত্ৰী

ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী হৰিভৌ বাগদে ডাঙৰীয়া, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মা ডাঙৰীয়া, ৰাজস্থান চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, উদ্যোগৰ বন্ধু, ভিন্ন ৰাষ্ট্ৰদূত, দূতাবাসৰ প্ৰতিনিধি, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু মহিলাসকল।

আজি ৰাজস্থানৰ উন্নয়ন যাত্ৰাৰ আন এক গুৰুত্বপূৰ্ণ দিন। দেশৰ লগতে বিশ্বৰ ভিন্ন প্ৰান্তৰ বৃহৎ সংখ্যক প্ৰতিনিধি আৰু বিনিয়োগকাৰী উপস্থিত হৈছেহি পিংক চিটিত। উদ্যোগসমূহৰ একাধিক বন্ধুও ইয়াত উপস্থিত আছে। ৰাইজিং ৰাজস্থান সন্মিলনত উপস্থিত আপোনালোক সকলোকে অভিনন্দন জনালোঁ। এই অসাধাৰণ অনুষ্ঠান আয়োজনৰ বাবে ৰাজস্থানৰ বিজেপি চৰকাৰক অভিনন্দন জনাইছোঁ।

 

বন্ধুসকল,

আজি বিশ্বৰ প্ৰতিগৰাকী বিশেষজ্ঞ আৰু প্ৰতিজন বিনিয়োগকাৰী ভাৰতক লৈ অতিশয় উৎসাহিত হৈ পৰিছে। ৰিফৰ্ম-পাৰ্ফৰ্ম-ট্ৰেন্সফৰ্ম মন্ত্ৰ অনুসৰণেৰে ভাৰতে যি উন্নয়ন সাধন কৰিছে, সেয়া প্ৰতিটো ক্ষেত্ৰতে দৃশ্যমান হৈছে। স্বাধীনতাৰ পাছৰ সাতটা দশকত ভাৰত বিশ্বৰ একাদশ সৰ্ববৃহৎ অৰ্থনীতিৰ দেশত পৰিণত হৈছিল। বিগত ১০ বছৰত ভাৰত দশম সৰ্ববৃহৎ অৰ্থনীতিৰপৰা ৫ম সৰ্ববৃহৎ অৰ্থনীতিত পৰিণত হৈছে। যোৱা ১০ বছৰত ভাৰতে অৰ্থনীতিৰ আকাৰ প্ৰায় দুগুণ বৃদ্ধি কৰিছে। ভাৰতৰ ৰপ্তানিও বিগত ১০ বছৰত প্ৰায় দুগুণ বৃদ্ধি পাইছে। ২০১৪ৰ আগৰ দশকৰ তুলনাত যোৱা দশকত প্ৰত্যক্ষ বৈদেশিক বিনিয়োগো দুগুণৰো অধিক বৃদ্ধি পাইছে। এই সময়ছোৱাত ভাৰতে আন্তঃগাঁথনিৰ ব্যয় প্ৰায় ২ ট্ৰিলিয়ন টকাৰপৰা ১১ ট্ৰিলিয়ন টকালৈ বৃদ্ধি কৰিছে।

বন্ধুসকল,

ভাৰতৰ সফলতাই গণতন্ত্ৰ, জনগাঁথনি, ডিজিটেল ডাটা আৰু ডেলিভাৰীৰ শক্তিক দেখুৱাইছে। ভাৰতৰ দৰে বৈচিত্ৰ্যপূৰ্ণ দেশত গণতন্ত্ৰ ইমানেই প্ৰস্ফূতিত হৈ উঠিছে, ইমান শক্তিশালী হৈ উঠিছে যে এয়া এক বৃহৎ সাফল্য হিচাপে পৰিগণিত হৈছে। গণতান্ত্ৰিক হোৱাৰ সমান্তৰালকৈ মানৱতাৰ কল্যাণ ভাৰতৰ দৰ্শনৰ মূলতে আছে, এয়া ভাৰতৰ মৌলিক চৰিত্ৰ। আজি ভাৰতৰ জনসাধাৰণে নিজৰ গণতান্ত্ৰিক অধিকাৰৰ জৰিয়তে ভাৰতত এখন সুস্থিৰ চৰকাৰৰ বাবে ভোট দিছে।

বন্ধুসকল,

আমাৰ জনগাঁথনি অৰ্থাৎ যুৱ-শক্তিয়ে ভাৰতৰ এই প্ৰাচীন পৰম্পৰাক আগুৱাই নিছে। আগন্তুক বহু বছৰলৈ ভাৰত বিশ্বৰ আটাইতকৈ যুৱ প্ৰধান দেশসমূহৰ মাজত থাকিব। ভাৰতত সৰ্বাধিক যুৱক-যুৱতী থকাৰ লগতে সৰ্বাধিক দক্ষ যুৱ গোটো থাকিব। ইয়াৰ বাবে চৰকাৰে ইটোৰ পিছত সিটোকৈ একাধিক সিদ্ধান্ত গ্ৰহণ কৰিছে।

 

বন্ধুসকল,

যোৱা এটা দশকত ভাৰতৰ যুৱ শক্তিয়ে ইয়াৰ সম্ভাৱনাত আন এক মাত্ৰা সংযোজন কৰিছে। এয়া এক নতুন মাত্ৰা, ভাৰতৰ টেক শক্তি, ভাৰতৰ ডাটা শক্তি। আজি প্ৰতিটো খণ্ডতে প্ৰযুক্তি আৰু ডাটা কিমান গুৰুত্বপূৰ্ণ, সেয়া আপোনালোক সকলোৰে অৱগত। এই শতিকাটো এটা টেক-চালিত, ডাটা-চালিত শতিকা। ভাৰতত যোৱা দশকত ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা প্ৰায় ৪ গুণ বৃদ্ধি পাইছে। ডিজিটেল লেনদেনত নতুন অভিলেখ ৰচনা হৈছে আৰু এয়া মাত্ৰ আৰম্ভণিহে। গণতন্ত্ৰ, জনগাঁথনি আৰু ডাটাৰ প্ৰকৃত শক্তি বিশ্বক দেখুৱাইছে ভাৰতে। ডিজিটেল প্ৰযুক্তিৰ গণতান্ত্ৰিকীকৰণে প্ৰতিটো খণ্ড আৰু প্ৰতিটো শ্ৰেণীক কিদৰে লাভান্বিত কৰিছে, সেয়া ভাৰতে দেখুৱাইছে। ভাৰতৰ ইউপিআই, ভাৰতৰ লাভ হস্তান্তৰ আঁচনি ব্যৱস্থা, জিইএম-চৰকাৰী ই-মাৰ্কেট প্লেচ, অ’এনডিচি-ডিজিটেল কমাৰ্চৰ বাবে মুকলি নেটৱৰ্ক, এনে একাধিক প্লেটফৰ্ম আছে, যিয়ে ডিজিটেল বাতাবৰণৰ শক্তিকে প্ৰদৰ্শন কৰিছে। ইয়াৰ বিশাল লাভ আৰু বিশাল প্ৰভাৱ আমি ৰাজস্থানতো প্ৰত্যক্ষ কৰিবলৈ ওলাইছোঁ। মই সদায় বিশ্বাস কৰি আহিছোঁ যে দেশৰ উন্নয়ন ৰাজ্যসমূহৰ উন্নয়নৰ ওপৰত নিৰ্ভৰশীল। ৰাজস্থান উন্নয়নৰ নতুন শিখৰত উপনীত হোৱা মাত্ৰেকে দেশখনো নতুন শিখৰত উপনীত হ’ব।

বন্ধুসকল,

আকাৰৰ ফালৰপৰাও ৰাজস্থান ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য। আৰু, ৰাজস্থানৰ জনসাধাৰণৰ হৃদয়ো সমানেই বিশাল। ইয়াৰ জনসাধাৰণৰ কঠোৰ পৰিশ্ৰম, তেওঁলোকৰ সততা, দৃঢ় লক্ষ্যতো উপনীত হোৱাৰ ইচ্ছা, ৰাষ্ট্ৰখনক প্ৰথম স্থানত ৰখাৰ অনুভূতি, দেশৰ বাবে যিকোনো কাম কৰাৰ প্ৰেৰণা ইয়াত বিদ্যমান। স্বাধীনতাৰ পিছত চৰকাৰসমূহে দেশৰ উন্নয়ন কিম্বা ঐতিহ্যক অগ্ৰাধিকাৰ প্ৰদান কৰা নাছিল। ইয়াৰ বাবেই ৰাজস্থানৰ ব্যাপক লোকচান হৈছিল। কিন্তু, আজি আমাৰ চৰকাৰে উন্নয়নো আৰু ঐতিহ্যও- এই মন্ত্ৰেৰে কাম কৰি আছে। আৰু, ইয়াৰপৰা ৰাজস্থানে বিপুল লাভ অৰ্জন কৰিছে।

বন্ধুসকল,

ৰাজস্থান কেৱল উত্থানশীল হোৱাই নহয়, বৰঞ্চ নিৰ্ভৰযোগ্যও হৈ উঠিছে। ৰাজস্থান গ্ৰহণশীল আৰু সময়ৰ লগে-লগে নিজকে পৰিশোধন কৰিব জানে। প্ৰত্যাহ্বানেৰে মোকাবিলাকৰণ ৰাজস্থানৰ অন্য এক পৰিচয়, নতুন সুযোগ সৃষ্টিৰো যেন অন্য নাম ৰাজস্থান। এতিয়া ৰাজস্থানৰ এই আৰ-ফেক্টৰত আন এটা দিশৰ সংযোজন হৈছে। ৰাজস্থানৰ জনসাধাৰণে প্ৰচুৰ সংখ্যাগৰিষ্ঠতাৰে সঁহাৰিমূলক আৰু সংস্কাৰবাদী বিজেপি চৰকাৰ গঠন কৰিছে। অতি কম সময়ৰ ভিতৰতে ভজন লাল জী আৰু তেওঁৰ সমগ্ৰ টীমটোৱে ইয়াত উৎকৃষ্ট কাম কৰিছে। কেইদিনমানৰ পিছতে ৰাজ্য চৰকাৰে ইয়াৰ এবছৰ সম্পূৰ্ণ কৰিবলৈ ওলাইছে। ভজন লাল জীয়ে যি দক্ষতা আৰু দায়বদ্ধতাৰে ৰাজস্থানৰ দ্ৰুত উন্নয়ন সাধনৰ ক্ষেত্ৰত নিয়োজিত হৈ আছে, সেয়া প্ৰশংসনীয়। দৰিদ্ৰ লোকৰ কল্যাণ সাধনেই হওঁক, কৃষকৰ কল্যাণেই হওঁক, যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগ সৃষ্টিয়েই হওঁক, পথ, বিদ্যুৎ আদি প্ৰতিটো প্ৰকাৰৰ উন্নয়ন আৰু আনুষংগিক সকলো কাম ৰাজস্থানত দ্ৰুত গতিত অব্যাহত আছে। অপৰাধ আৰু দুৰ্নীতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে যি তৎপৰতা দেখুৱাইছে, সেই কাৰ্য্যই নাগৰিক আৰু বিনিয়োগকাৰীৰ মাজত নতুন উৎসাহৰ সঞ্চাৰ কৰিছে।

 

বন্ধুসকল,

ৰাজস্থানৰ উত্থানক অধিক অনুভৱ কৰিবলৈ ৰাজস্থানৰ প্ৰকৃত সম্ভাৱনাক উপলব্ধি কৰাটো অতিশয় প্ৰয়োজনীয়। ৰাজস্থানত প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ আছে। ৰাজস্থানত আধুনিক যোগাযোগ ব্যৱস্থাৰ নেটৱৰ্ক, চহকী ঐতিহ্য, বিশাল ভূখণ্ড আৰু অতি সক্ষম যুৱ শক্তি আছে। অৰ্থাৎ পথৰপৰা ৰেলপথলৈকে, আতিথ্যৰপৰা আৰম্ভ কৰি হস্তশিল্প, খেতিপথাৰৰপৰা দুৰ্গলৈকে ৰাজস্থানত একাধিক সমল আছে। ৰাজস্থানৰ এই সম্ভাৱনাই ৰাজ্যখনক বিনিয়োগৰ বাবে অতি আকৰ্ষণীয় গন্তব্যস্থান কৰি তুলিছে। ৰাজস্থানৰ আন এক বিশেষত্ব আছে। ৰাজস্থানত শিক্ষণৰ গুণ আছে, ইয়াৰ সামৰ্থ্য বৃদ্ধিৰ গুণ আছে। আৰু, সেইবাবেই এতিয়া বালিয়া মাটিতো গছ, ফল-মূল ভৰপূৰ হৈ আছে। জয়পুৰৰ মৃৎশিল্প, প্ৰতাপগড়ৰ থেভা গহনা আৰু ভিলৱাৰাৰ বস্ত্ৰ উদ্ভাৱন, এইসমূহৰ নিজস্ব গৌৰৱ আছে। মাকৰানাৰ মাৰ্বল আৰু কোটা ডোৰিয়াই সমগ্ৰ বিশ্বতে স্বীকৃতি লাভ কৰিছে। নগৌৰ পান মেথিৰ সুগন্ধিও অনন্য। আৰু আজিৰ বিজেপি চৰকাৰে প্ৰতিখন জিলাৰ সম্ভাৱনাক স্বীকৃতি প্ৰদানেৰে কাম কৰি আছে।

বন্ধুসকল,

আপোনাসৱৰ এয়াওঁ জ্ঞাত যে ভাৰতৰ খনিজ মজুতৰ এক বৃহৎ অংশ ৰাজস্থানত আছে। জিংক, সীহ, তাম, মাৰ্বল, চূণশিল, গ্ৰেনাইট, পটাছ আদি একাধিক খনিজ পদাৰ্থৰ মজুত ইয়াত আছে। এইসমূহেই হৈছে এখনি আত্ম-নিৰ্ভৰ ভাৰতৰ মজবুত ভেটি। ভাৰতৰ শক্তি সুৰক্ষাৰ ক্ষেত্ৰত ৰাজস্থানৰ বিশাল অৰিহণা আছে। ভাৰতে এই দশকৰ শেষৰ ফালে ৫০০ গিগাৱাট নবীকৰণযোগ্য শক্তি ক্ষমতা আহৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই ক্ষেত্ৰতো ৰাজস্থানে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইয়াত একাধিক বৃহৎ সৌৰ উদ্যান স্থাপন কৰা হৈছে।

বন্ধুসকল,

ৰাজস্থানে দিল্লী আৰু মুম্বাইৰ দৰে অৰ্থনীতিৰ দুই বৃহৎ কেন্দ্ৰক সংযোগ কৰিছে। ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ বন্দৰক উত্তৰ ভাৰতৰ সৈতে সংযোগ কৰে। দিল্লী-মুম্বাই ঔদ্যোগিক কৰিডৰৰ ২৫০ কিলোমিটাৰ ৰাজস্থানত আছে। ইয়াৰ জৰিয়তে ৰাজস্থানৰ আলৱাৰ, ভাৰতপুৰ, দৌছা, ছাৱাই মাধোপুৰ, টংক, বুণ্ডী আৰু কোটা আদি জিলাক যথেষ্ট উপকৃত হ’ব। ৰাজস্থানত সমৰ্পিত মালবাহী কৰিডৰৰ দৰে ৩০০ কিলোমিটাৰৰ আধুনিক ৰেল নেটৱৰ্ক আছে। এই কৰিডৰ জয়পুৰ, আজমেৰ, ছিকাৰ, নগৌৰ আৰু আলৱাৰ জিলাৰ মাজেৰে পাৰ হৈ গৈছে। এনে বৃহৎ সংযোগ প্ৰকল্পৰ কেন্দ্ৰবিন্দু হোৱাৰ বাবে ৰাজস্থান বিনিয়োগৰ এক উৎকৃষ্ট গন্তব্যস্থান। বিশেষকৈ ড্ৰাই বন্দৰ আৰু লজিষ্টিক খণ্ডৰ বাবে ইয়াত অপৰিসীম সম্ভাৱনা আছে। আমি ইয়াত এখনি মাল্টি-মডাল লজিষ্টিক পাৰ্ক স্থাপন কৰিছোঁ। ইয়াত প্ৰায় দুই-ডজন খণ্ড নিৰ্দিষ্ট ঔদ্যোগিক উদ্যান স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও দুটা এয়াৰ কাৰ্গো কমপ্লেক্স স্থাপন কৰা হৈছে। ইয়াৰ লগে-লগে ৰাজস্থানত উদ্যোগ স্থাপন কৰিবলৈ সহজ হ’ব আৰু ঔদ্যোগিক সংযোগ উন্নত হৈ পৰিব।

 

বন্ধুসকল,

ভাৰতৰ এটি সমৃদ্ধিশালী ভৱিষ্যতত আমি পৰ্যটনৰ বিপুল সম্ভাৱনা দেখিবলৈ পাইছোঁ। প্ৰকৃতি, সংস্কৃতি, দুঃসাহসিক কৰ্ম, সন্মিলন, ডেষ্টিনেচন ৱেডিং আৰু ঐতিহ্য পৰ্যটনৰ ক্ষেত্ৰত সীমাহীন সম্ভাৱনা আছে। ভাৰতৰ পৰ্যটন মানচিত্ৰৰ এক প্ৰধান কেন্দ্ৰ ৰাজস্থান। ইয়াত ইতিহাস, ঐতিহ্য, বিশাল মৰুভূমি আৰু সুন্দৰ হ্ৰদ আছে। ইয়াৰ সংগীত আৰু খাদ্য সম্ভাৰ আকৰ্ষণীয়। ট্যুৰ, ট্ৰেভেল আৰু হস্পিটেলিটি আদি সকলো খণ্ডতে ৰাজস্থানৰ সম্ভাৱনা আছে। বিবাহৰ দৰে জীৱনৰ মুহূৰ্তবোৰক স্মৰণীয় কৰি তুলিবলৈ ৰাইজ আহিব খোজা কেইখনমান ঠাইৰ ভিতৰত ৰাজস্থান অন্যতম। আনহাতে ৰাজস্থানত বন্যপ্ৰাণী পৰ্যটনৰ বাবেও যথেষ্ট সম্ভাৱনা আছে। ৰন্থাম্বোৰেই হওঁক, ছাৰিস্কাই হওঁক, মুকুন্দৰা পাহাৰেই হওঁক, কেওলাদেওয়েই হওঁক, এনে বহু ঠাই আছে যিসমূহ বন্যপ্ৰাণী প্ৰেমীসকলৰ বাবে প্ৰিয় ঠাই। মই সন্তোষ পাইছোঁ যে ৰাজস্থান চৰকাৰে ইয়াৰ পৰ্যটন স্থলী আৰু ঐতিহ্য কেন্দ্ৰসমূহক উন্নত যোগাযোগ ব্যৱস্থাৰে সংযোগ কৰিছে। ভাৰত চৰকাৰে প্ৰায় ভিন্ন থিম চাৰ্কিটেৰে জড়িত আঁচনিৰো শুভাৰম্ভ কৰিছে। ২০০৪ৰ পৰা ২০১৪ৰ ভিতৰত অৰ্থাৎ ১০ বছৰত প্ৰায় ৫ কোটি বিদেশী পৰ্যটক ভাৰতলৈ আহিছিল। আনহাতে, ২০১৪ৰ পৰা ২০২৪ৰ ভিতৰত ভাৰতলৈ ৭ কোটিৰো অধিক বিদেশী পৰ্যটক আহিছে। এই ১০ বছৰত সমগ্ৰ বিশ্বই তিনি-চাৰি বছৰ ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দিছে। ক’ৰোনাৰ সময়ছোৱাত পৰ্যটন স্থবিৰ হৈ পৰিছিল। ইয়াৰ পিছতো ভাৰতলৈ অহা পৰ্যটকৰ সংখ্যা ইমানেই বৃদ্ধি পাইছে। ভাৰতে বহু দেশৰ পৰ্যটকক যি ই-ভিছাৰ সুবিধা প্ৰদান কৰিছে, সেই সুবিধাই বিদেশী অতিথিসকলক যথেষ্ট সহায় কৰিছে। আজি ঘৰুৱা পৰ্যটনেও ভাৰতত নতুন অভিলেখ গঢ়ি তুলিছে, সেয়া উড়ান আঁচনিয়েই হওঁক, বন্দে ভাৰত ৰেল, প্ৰসাদ আঁচনিয়েই হওঁক, ৰাজস্থানে এই সকলোবোৰৰ সুফল লাভ কৰিছে। ভাইব্ৰেন্ট ভিলেজ অৱ ইণ্ডিয়াৰ দৰে কাৰ্য্যসূচীৰপৰাও ৰাজস্থান যথেষ্ট লাভান্বিত হৈছে। মই দেশবাসীক ৰাজস্থানতে বিয়া পাতিবলৈ আহ্বান জনাইছোঁ। ইয়াৰ জৰিয়তে ৰাজস্থানো লাভৱান হোৱাটো নিশ্চিত। ৰাজস্থানত ঐতিহ্য পৰ্যটন, চলচ্চিত্ৰ পৰ্যটন, ইক’ টুৰিজিম, গ্ৰাম্য পৰ্যটন, সীমান্ত অঞ্চলৰ পৰ্যটনৰ বৃদ্ধিৰ অপৰিসীম সম্ভাৱনা আছে। এই ক্ষেত্ৰসমূহত আপোনাসৱৰ বিনিয়োগে ৰাজস্থানৰ পৰ্যটন খণ্ডক সুদৃঢ় কৰিব আৰু লগতে আপোনাসৱৰ ব্যৱসায়ৰ বৰ্ধন ঘটাব।

বন্ধুসকল,

আপোনালোক সকলো বৈশ্বিক যোগান আৰু মূল্য শৃংখলৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহৰ বিষয়ে সচেতন। আজি বিশ্বক এনে এক অৰ্থনীতিৰ প্ৰয়োজন যি বৃহৎ সংকটৰ সময়তো সুচাৰুৰূপে চলিব পাৰে আৰু কোনো ধৰণৰ ব্যাঘাতৰ সন্মুখীন নহয়। ইয়াৰ বাবে ভাৰতত বহল উৎপাদন ভিত্তি থকাটো অতি প্ৰয়োজনীয়। এয়া কেৱল ভাৰতৰ বাবেই নহয়, বিশ্ব অৰ্থনীতিৰ বাবেও প্ৰয়োজনীয়। এই দায়িত্ব বুজি ভাৰতে উৎপাদনৰ ক্ষেত্ৰত আত্ম-নিৰ্ভৰশীলতাৰ বিশাল অংগীকাৰ গ্ৰহণ কৰিছে। ভাৰতে মেক ইন ইণ্ডিয়া কাৰ্য্যসূচীৰ অধীনত কম খৰচী উৎপাদনত গুৰুত্ব আৰোপ কৰিছে। ভাৰতৰ পেট্ৰলিয়াম সামগ্ৰী, ভাৰতৰ ঔষধ আৰু ভেকচিন, ভাৰতৰ ইলেক্ট্ৰনিক সামগ্ৰীত অভিলেখ সৃষ্টিৰ ফলত বিশ্বখন যথেষ্ট লাভৱান হৈছে। যোৱা বছৰতো ৰাজস্থানৰপৰা প্ৰায় চৌৰাশী হাজাৰ কোটি টকাৰ ৰপ্তানি হৈছিল। ইয়াত অভিযান্ত্ৰিক সামগ্ৰী, ৰত্ন আৰু গহনা, বস্ত্ৰশিল্প, হস্তশিল্প, কৃষি খাদ্য সামগ্ৰী আদি অন্তৰ্ভুক্ত হৈছে।

 

বন্ধুসকল,

ভাৰতত উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত পিএলআই আঁচনিৰ ভূমিকাও ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। আজি ইলেক্ট্ৰনিকছ, স্পেচিয়েলিটি ষ্টীল, অট’ম’বাইল আৰু অট’ কম্প’নেন্ট, ছ’লাৰ পিভি, ফাৰ্মাচিউটিকেল ড্ৰাগছ আদি খণ্ডসমূহত যথেষ্ট উৎসাহ দেখা গৈছে। পিএলআই আঁচনিৰ বাবে প্ৰায় ১.২৫ লাখ কোটি টকাৰ বিনিয়োগ সাধন হৈছে, প্ৰায় ১১ লাখ কোটি টকাৰ সামগ্ৰী নিৰ্মাণ হৈছে আৰু ৰপ্তানি ৪ লাখ কোটি টকা বৃদ্ধি পাইছে। লা-লাখ যুৱক-যুৱতীয়ে নিয়োগো লাভ কৰিছে। ৰাজস্থানতো অট’ম’টিভ আৰু অট’ কম্প’নেন্ট উদ্যোগৰ বাবে এটা উন্নত ভিত্তি স্থাপন কৰা হৈছে। ইয়াত বৈদ্যুতিক বাহন নিৰ্মাণৰ যথেষ্ট সম্ভাৱনা আছে। ইলেক্ট্ৰনিকছ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি ৰাজস্থানতো উপলব্ধ। মই সকলো বিনিয়োগকাৰীক আহ্বান জনাব খুজিছোঁ যে ৰাজস্থানৰ উৎপাদন সম্ভাৱনা নিশ্চিতভাৱে অন্বেষণ কৰক।

বন্ধুসকল,

ৰাইজিং ৰাজস্থানৰ এক পৰম শক্তি হৈছে – এমএছএমই। ইয়াৰ ক্ষেত্ৰত ভাৰতৰ শীৰ্ষ ৫ খন ৰাজ্যৰ ৰাজস্থান অন্যতম। এই সন্মিলনত এমএছএমই সন্দৰ্ভতো সুকীয়া কনক্লেভ অনুষ্ঠিত হ’ব। ৰাজস্থানৰ ২৭ লাখৰো অধিক ক্ষুদ্ৰ আৰু লঘু উদ্যোগ আৰু ইয়াত কৰ্মৰত ৫০ লাখৰো অধিক লোকে ৰাজস্থানৰ ভাগ্য সলনি কৰাৰ সম্ভাৱনা আছে। মই সন্তোষ পাইছোঁ যে ৰাজস্থানত নতুন চৰকাৰ গঠন হোৱাৰ লগে-লগে নতুন এমএছএমই নীতি প্ৰণয়ন কৰা হৈছে। ভাৰত চৰকাৰেও নিজৰ নীতি আৰু সিদ্ধান্তৰ জৰিয়তে এমএছএমইসমূহক নিৰন্তৰভাৱে সুদৃঢ় কৰি আহিছে। ভাৰতৰ এমএছএমইসমূহে কেৱল ভাৰতেই নহয়, বৈশ্বিক যোগান আৰু মূল্য শৃংখলকো সুদৃঢ়কৰণৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰিছে। আমি দেখিছিলোঁ ক’ৰোনাৰ সময়ত, যেতিয়া বিশ্বৰ ফাৰ্মাৰ সৈতে জড়িত যোগান শৃংখল সংকটত পৰিছিল, তেতিয়া ভাৰতৰ ফাৰ্মা খণ্ডই বিশ্বক সহায় কৰিছিল। এয়া সম্ভৱ হোৱাৰ কাৰণ ভাৰতৰ ফাৰ্মা খণ্ড অতিশয় শক্তিশালী। একেদৰে ভাৰতক আমি আন সামগ্ৰী নিৰ্মাণৰ বাবেও অতি শক্তিশালী ভিত্তি হিচাপে গঢ়ি তুলিব লাগিব। আৰু ইয়াত আমাৰ এমএছএমইসমূহে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

বন্ধুসকল,

আমাৰ চৰকাৰে এমএছএমইৰ সংজ্ঞা সলনি কৰিছে, যাতে এইসমূহে বৃদ্ধিৰ অৰ্থে অধিক সুযোগ লাভ কৰিব পাৰে। কেন্দ্ৰীয় চৰকাৰে প্ৰায় ৫ কোটি এমএছএমইক আনুষ্ঠানিক অৰ্থনীতিৰ সৈতে সংযোগ কৰিছে। ইয়াৰ ফলত এই উদ্যোগসমূহৰ বাবে ঋণৰ সুবিধা সহজ হৈ পৰিছে। আমি ক্ৰেডিট নিশ্চয়তা লিংক আঁচনিও প্ৰৱৰ্তন কৰিছোঁ। ইয়াৰ অধীনত ক্ষুদ্ৰ উদ্যোগসমূহক প্ৰায় ৭ লাখ কোটি টকাৰ সাহায্য প্ৰদান কৰা হৈছে। যোৱা দশকত এমএছএমইসমূহলৈ ঋণৰ প্ৰবাহ দুগুণৰো অধিক বৃদ্ধি পাইছে। ২০১৪ত প্ৰায় ১০ লাখ কোটি টকাৰ বিপৰীতে আজি ২২ লাখ কোটি টকাৰ অধিক হৈ পৰিছে। ইয়াৰদ্বাৰা ৰাজস্থানো লাভান্বিত হৈছে। এমএছএমইৰ এই ক্ৰমবৰ্ধমান শক্তিয়ে ৰাজস্থানৰ উন্নয়নক এক নতুন শিখৰলৈ নিব।

 

বন্ধুসকল,

আমি আত্ম-নিৰ্ভৰ ভাৰতৰ এক নতুন যাত্ৰা আৰম্ভ কৰিছোঁ। আত্ম-নিৰ্ভৰ ভাৰত অভিযান, এই দৃষ্টিভংগী বৈশ্বিক আৰু ইয়াৰ প্ৰভাৱো বিশ্বব্যাপী। চৰকাৰী পৰ্য্যয়ত আমি সমগ্ৰ চৰকাৰ দৃষ্টিভংগীৰে আগবাঢ়িছোঁ। ঔদ্যোগিক বিকাশৰ বাবেও আমি প্ৰতিটো খণ্ড আৰু প্ৰতিটো কাৰকক সমানে প্ৰোৎসাহিত কৰিছোঁ। সকলোৰে প্ৰচেষ্টাৰ এই মনোভাৱে উন্নত ৰাজস্থান আৰু উন্নত ভাৰত গঢ়ি তুলিব বুলি মোৰ পূৰ্ণ বিশ্বাস আছে।

বন্ধুসকল,

দেশৰ ভিন্ন প্ৰান্তৰপৰা আৰু বিশ্বৰ বহু প্ৰতিনিধি ইয়ালৈ আহিছে, বহু সতীৰ্থৰ বাবে এয়া তেওঁলোকৰ প্ৰথম ভাৰত ভ্ৰমণ হ’ব, এয়া হয়তো তেওঁলোকৰ প্ৰথম ৰাজস্থান ভ্ৰমণো হ’ব। শেষত মই এটা কথা ক’ব খুজিছোঁ, আপোনাসৱে যেন ঘৰলৈ উভতি যোৱাৰ পূৰ্বে ৰাজস্থানখন এবাৰ ভ্ৰমণ কৰে। ৰাজস্থানৰ বজাৰ অভিজ্ঞতা, ইয়াৰ জনতাৰ স্পন্দনশীলতাৰ কথা আপোনাসৱে কেতিয়াও পাহৰিব নোৱাৰে। আকৌ এবাৰ সকলো বিনিয়োগকাৰীলৈ আৰু আপোনালোক সকলোলৈকে অলেখ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet approves Rs 33,000 crore BHAVYA scheme to develop ‘100 plug-and-play industrial parks’

Media Coverage

Cabinet approves Rs 33,000 crore BHAVYA scheme to develop ‘100 plug-and-play industrial parks’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets everyone on occasion of Navratri
March 19, 2026
PM shares a Sanskrit Subhashitam and a Hymn on this occasion

Prime Minister Shri Narendra Modi has extended his warmest greetings to everyone on the auspicious occasion of Navratri, praying for prosperity, health, and the fulfillment of the resolve for a Viksit Bharat.

The Prime Minister shared a Sanskrit Subhashitam on this occasion, highlighting the divine and benevolent grace of Goddess Shailaputri as the holy festival of Navratri commences. PM Modi also shared a devotional hymn dedicated to the Goddess on this occasion, noting that through the boundless mercy of the Goddess, the welfare of all citizens would be ensured, providing a powerful impetus to the collective goal of a developed India.

In a series of posts, the Prime Minister wrote on X:

"देशभर के मेरे परिवारजनों को नवरात्रि की हार्दिक मंगलकामनाएं। शक्ति की आराधना का यह दिव्य अवसर आप सभी के लिए सुख, सौभाग्य, समृद्धि और उत्तम स्वास्थ्य लेकर आए। शक्तिस्वरूपा मां दुर्गा की असीम कृपा से सबका कल्याण हो, जिससे विकसित भारत के हमारे संकल्प को भी नई ऊर्जा मिले। जय अंबे जगदंबे मां!"

"नवरात्रि के पहले दिन मां दुर्गा के प्रथम स्वरूप देवी शैलपुत्री की पूजा का विधान है। उनके आशीर्वाद से हर किसी के जीवन में संयम, शांति और सकारात्मक ऊर्जा का संचार हो, यही कामना है।

वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम्।
वृषारूढां शूलधरां शैलपुत्रीं यशस्विनीम्॥"

I bow to Goddess Shailaputri, who fulfills all the wishes of her devotees, who is adorned with a crescent moon on her forehead, who rides a bull and who holds a trident in her hand. She is a glorious and revered goddess.

"जगतजननी मां दुर्गा के चरणों में कोटि-कोटि देशवासियों की ओर से मेरा नमन और वंदन! नवरात्रि के पावन पर्व पर देवी मां से विनती है कि वे हर किसी को अपने स्नेह और अनुकंपा का आशीर्वाद प्रदान करें। जय माता दी!"