"নালন্দা হৈছে ভাৰতৰ বৌদ্ধিক ঐতিহ্য আৰু উচ্চল সাংস্কৃতিক বিনিময়ৰ প্ৰতীক"
"নালন্দা কেৱল এটা নামেই নহয়। নালন্দা হৈছে এক পৰিচিতি, এক সন্মান, এক প্ৰমূল্য, এক মন্ত্ৰ, গৌৰৱ আৰু এক ইতিবৃত্ত"
"এই পুনৰুজ্জীৱিতকৰণে ভাৰতৰ বাবে এক সোণালী যুগৰ সূচনা কৰিব"
"নালন্দা কেৱল ভাৰতৰ অতীতৰ নৱজাগৰণেই নহয়। পৃথিৱী আৰু এছিয়াৰ বহুতো দেশৰ ঐতিহ্যও ইয়াৰ সৈতে সম্পৰ্কিত হৈ আছে"
"ভাৰতে শতিকাজুৰি এক আৰ্হি হিচাপে স্থিৰতা প্ৰদৰ্শন কৰি আহিছে। আমি একেলগে প্ৰগতি আৰু পৰিবেশৰ সৈতে আগবাঢ়িছো"
"মোৰ লক্ষ্য হৈছে ভাৰতক বিশ্বৰ বাবে শিক্ষা আৰু জ্ঞানৰ কেন্দ্ৰ কৰি গঢ়ি তোলা। মোৰ কামনা হৈছে ভাৰতে পুনৰ বিশ্বৰ আটাইতকৈ বিশিষ্ট জ্ঞান কেন্দ্ৰ হিচাপে স্বীকৃতি পোৱা উচিত"
উদ্বোধনী অনুষ্ঠানত ১৭ খন দেশৰ মিছনসমূহৰ মুৰব্বীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল। প্ৰধানমন্ত্ৰীয়ে এটা গছপুলিও ৰোপণ কৰে।
তেওঁ বিহাৰৰ জনসাধাৰণক ইয়াৰ গৌৰৱ ঘূৰাই অনাৰ সংকল্পৰ বাবে প্ৰশংসা কৰি এয়া নালন্দাৰ ক্ষেত্ৰত প্ৰতিফলিত হোৱা বুলি উল্লেখ কৰে।

বিহাৰৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ আৰ্লেকাৰ ডাঙৰীয়া, এই ৰাজ্যৰ পৰিশ্ৰমী মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ ডাঙৰীয়া,আমাৰ বৈদেশিক মন্ত্ৰী শ্ৰী এছ. জয়শংকৰ ডাঙৰীয়া, বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পৱিত্ৰ ডাঙৰীয়া, ভিন্ন দেশৰ মহামহিম আৰু ৰাষ্ট্ৰদূতসকল,নালন্দা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য, অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকলতথাএই অনুষ্ঠানত উপস্থিত থকা বন্ধু-বান্ধৱীসকল!

মই তৃতীয় কাৰ্য্যকালৰ শপত গ্ৰহণৰ পিছৰ প্ৰথম ১০ দিনৰ ভিতৰতে নালন্দা ভ্ৰমণৰ সুযোগ লাভ কৰিছোঁ। এয়া সঁচাকৈয়ে মোৰ সৌভাগ্যআৰু মই ইয়াক ভাৰতৰ উন্নয়ন যাত্ৰাৰ বাবে এক শুভ লক্ষণ হিচাপেগণ্য কৰিছোঁ। নালন্দা কেৱল এটা নাম নহয়। নালন্দা এক পৰিচয়, এক সন্মান। নালন্দা একপ্ৰমূল্য, এক মন্ত্ৰ, এক গৌৰৱ, এক কাহিনী। নালন্দা এই সত্যৰ ঘোষণা যে জুইৰ শিখাই কিতাপ পুৰিব পাৰিলেও শিখাই জ্ঞানক নিৰ্বাপিত কৰিব নোৱাৰে। নালন্দাৰ বিনাশে ভাৰতক আন্ধাৰেৰে ভৰাই পেলাইছিল। এতিয়া ইয়াৰ পুনৰুদ্ধাৰৰ ফলত ভাৰতৰ সোণালী যুগৰ আৰম্ভণি হ’বলৈ ওলাইছে।

বন্ধুসকল,

ইয়াৰ প্ৰাচীন ধ্বংসাৱশেষৰ ওচৰতে নালন্দাৰ এই নৱজাগৰণ, এই নতুন চৌহদে বিশ্ববাসীক ভাৰতৰ সামৰ্থ্যক পৰিচয় কৰাই দিব। নালন্দাই প্ৰদৰ্শন কৰিব যে শক্তিশালী মানৱীয় প্ৰমূল্যবোধআধাৰিত ৰাষ্ট্ৰসমূহে ইতিহাসক কেনেকৈ পুনৰুজ্জীৱিত কৰিব পাৰে আৰু উন্নত ভৱিষ্যতৰ ভেটি স্থাপন কৰিব জানে। আৰু বন্ধুসকল, নালন্দা কেৱল ভাৰতৰ অতীতৰ পুনৰুজ্জীৱন নহয়। এয়া বিশ্বৰ বহু দেশৰ ঐতিহ্যৰে সংযুক্ত, বিশেষকৈ এছিয়াত। আজি বিশ্ববিদ্যালয়খনৰ চৌহদ উদ্বোধন অনুষ্ঠানত ইমান-সংখ্যক দেশৰ উপস্থিতি অভূতপূৰ্ব। আমাৰ অংশীদাৰ দেশসমূহেও নালন্দা বিশ্ববিদ্যালয়ৰ পুনৰ্গঠনত অংশ লৈছে। এই উপলক্ষে ভাৰতৰ সকলো বন্ধু দেশৰ লগতে আপোনালোক সকলোকে মোৰ তৰফৰপৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে বিহাৰবাসীক অভিনন্দন জনাইছোঁ। বিহাৰে যিদৰে নিজৰ গৌৰৱ পুনৰ উদ্ধাৰেৰে উন্নয়নৰ পথত আগবাঢ়িছে, এই নালন্দা চৌহদে সেই যাত্ৰাত প্ৰেৰণা যোগাব।

 

বন্ধুসকল,

আমি সকলোৱে জানো যে নালন্দা এসময়ত ভাৰতৰ পৰম্পৰা আৰু পৰিচয়ৰ এক স্পন্দনশীল কেন্দ্ৰ আছিল। নালন্দাৰ অৰ্থ হ’ল ‘न अलम् ददाति इति 'नालंदा'অৰ্থাৎ শিক্ষা আৰু জ্ঞানৰ নিৰৱচ্ছিন্নপ্ৰবাহৰ ঠাই। শিক্ষাৰ ক্ষেত্ৰত ভাৰত এই দৃষ্টিভংগীৰে আগবাঢ়িছে। শিক্ষাই সীমা অতিক্ৰম কৰে আৰু লাভ-লোকচানৰ দৃষ্টিকোণৰ উৰ্ধ্বত। শিক্ষাই আমাক গঢ় দিয়ে, ধাৰণা প্ৰদান কৰে। প্ৰাচীন নালন্দাত সকলো ছাত্ৰ-ছাত্ৰীয়ে পৰিচয় বা দেশ নিৰ্বিশেষেনামভৰ্তি কৰিছিল। প্ৰতিখন দেশৰপৰা আৰু প্ৰতিটো শ্ৰেণীৰ যুৱক-যুৱতী ইয়ালৈ আহিছিল। আমি নালন্দা বিশ্ববিদ্যালয়ৰ এই নতুন চৌহদত সেই প্ৰাচীন ব্যৱস্থাটোক আধুনিক ৰূপত সুদৃঢ় কৰিব লাগিব। বিশ্বৰ বহু দেশৰ ছাত্ৰ-ছাত্ৰী ইয়ালৈ অহা দেখি মই আনন্দিত হৈছোঁ। ২০খনৰো অধিক দেশৰ ছাত্ৰ-ছাত্ৰীয়ে নালন্দাত অধ্যয়ন কৰি আছে। এয়া ‘বসুধৈৱ কুটুম্বকম’ (জগত এক পৰিয়াল) দৃষ্টিৰ এক সুন্দৰ প্ৰতিফলন।

বন্ধুসকল,

অনাগত সময়ত নালন্দা বিশ্ববিদ্যালয় পুনৰবাৰ আমাৰ সাংস্কৃতিক আদান-প্ৰদানৰ এক প্ৰধান কেন্দ্ৰ হৈ পৰিব বুলি মোৰ বিশ্বাস। ইয়াত ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ শিল্পকৰ্ম সন্দৰ্ভতবিশাল কাম অব্যাহত আছে। ইয়াত এটা কমন আৰ্কাইভ ৰিচ’ৰ্চ চেন্টাৰো স্থাপন কৰা হৈছে। নালন্দা বিশ্ববিদ্যালয়ে আছিয়ান-ভাৰত বিশ্ববিদ্যালয় নেটৱৰ্ক সৃষ্টিৰ দিশতো কাম কৰি আছে। ইমান কম সময়ৰ ভিতৰতে একাধিক আগশাৰীৰ বৈশ্বিক প্ৰতিষ্ঠান একত্ৰিত হৈছে। যি সময়ত একবিংশ শতিকাক এছিয়াৰ শতিকা বুলি কোৱা হৈছে, সেই সময়তে এই সামূহিক প্ৰচেষ্টাৰাজিয়ে আমাৰ সহভাজিত প্ৰগতিৰ বাবে নতুন শক্তি প্ৰদান কৰিব।

বন্ধুসকল,

ভাৰতত শিক্ষাক মানৱতালৈ অৰিহণা যোগোৱা এক মাধ্যম বুলি গণ্য কৰা হয়। আমি যাতে আমাৰ জ্ঞানক মানৱতাৰ অগ্ৰগতিৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ, সেই কথাক বিশ্বাস কৰোঁ। মাত্ৰ দুদিন পিছত অৰ্থাৎ ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হ’ব। আজি ভাৰতত শ-শ যোগৰ ৰূপৰ প্ৰচলন আছে। আমাৰ ঋষিসকলে নিশ্চয় ইয়াৰ ওপৰত বিস্তৃত গৱেষণা কৰিছিল! অৱশ্যে যোগক লৈ কোনেও একচেটিয়া অধিকাৰ দাবী কৰা নাছিল। আজি সমগ্ৰ বিশ্বই যোগাসনক আকোৱালি লৈছে, যোগ দিৱস এক বৈশ্বিক উদযাপনলৈ ৰূপান্তৰিত হৈছে। আমিও আমাৰ আয়ুৰ্বেদ সমগ্ৰ বিশ্বৰ সৈতেআদান-প্ৰদান কৰিছোঁ। আজি আয়ুৰ্বেদক সুস্থ জীৱন যাপনৰ উৎস মাধ্যম হিচাপে গণ্য কৰা হয়। ইয়াৰ জৰিয়তে বহনক্ষম জীৱনশৈলী আৰু বহনক্ষম উন্নয়নৰ আন এক উদাহৰণ আমাৰ সন্মুখত প্ৰতিভাত হৈছে। যুগ-যুগ ধৰি ভাৰতে বহনক্ষমতাক আৰ্হি হিচাপে গণ্য কৰি আহিছে। পৰিবেশকো লগত লৈ আমি আগবাঢ়িছোঁ। সেই অভিজ্ঞতাৰ আধাৰত ভাৰতে বিশ্ববাসীক মিছন লাইফৰ দৰে এক মানৱীয় দৃষ্টিভংগী প্ৰদান কৰিছে। আজি আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতাৰ দৰে মঞ্চসমূহ এটি সুৰক্ষিত ভৱিষ্যতৰ আশাত পৰিণত হৈছে। এই নালন্দা বিশ্ববিদ্যালয়ৰ চৌহদটোৱেও এই মনোভাৱক আগুৱাই নিব। নেট জিৰ’ এনাৰ্জি, নেট জিৰ’ ইমিছন, নেট জিৰ’ ৱাটাৰ, নেট জিৰ’ ৱেষ্টৰ আৰ্হিত কাম কৰা এইখনেই হৈছে দেশৰ প্ৰথমটো কেম্পাছ। "আত্ম দীপো ভৱঃ" মন্ত্ৰ অনুসৰণেৰে এই চৌহদে সমগ্ৰ মানৱ জাতিৰ প্ৰতি এক নতুন পথ দেখুৱাব।

 

বন্ধুসকল,

শিক্ষাৰ বিকাশ হ’লে অৰ্থনীতি আৰু সংস্কৃতিৰ শিপাও অধিক সুদৃঢ় হৈ উঠে। উন্নত দেশবোৰলৈ চালে আমি দেখিম যে শিক্ষাৰ গুৰু হোৱাৰ সময়তে তেওঁলোক অৰ্থনৈতিক আৰু সাংস্কৃতিক গুৰু হৈয়ো পৰিছে। আজি সমগ্ৰ বিশ্বৰ ছাত্ৰ-ছাত্ৰী আৰু উজ্জ্বল মনবোৰে সেই দেশবোৰলৈ গৈ পঢ়া-শুনা কৰিব বিচাৰিছে। এসময়ত আমাৰ নিজৰ নালন্দা আৰু বিক্ৰমশিলাত এনে অৱস্থা আছিল। গতিকে, শিক্ষাৰ ক্ষেত্ৰত ভাৰত যেতিয়া আগবাঢ়িছে, তেতিয়া ইয়াৰ অৰ্থনৈতিক শক্তিও নতুন শিখৰত উপনীত হোৱাটো কোনো কাকতলীয়া কথা নহয়। যিকোনো ৰাষ্ট্ৰৰ উন্নয়নৰ বাবে এয়া এক মৌলিক ৰোডমেপ। এই কাৰণেই ২০৪৭ৰ ভিতৰত উন্নত হোৱাৰ লক্ষ্যৰ দিশত কাম কৰি ভাৰতে নিজৰ শিক্ষা খণ্ডৰ ৰূপান্তৰ ঘটাইছে। মোৰ মিছন হৈছে ভাৰত বিশ্বৰ শিক্ষা আৰু জ্ঞানৰ কেন্দ্ৰবিন্দু হোৱা। মোৰ মিছন হৈছে ভাৰতক পুনৰবাৰ বিশ্বজুৰি আটাইতকৈ বিশিষ্ট জ্ঞান কেন্দ্ৰ হিচাপে পৰিগণিত কৰোৱা। ইয়াৰ বাবে ভাৰতে অতি কম বয়সৰ পৰাই শিক্ষাৰ্থীসকলক উদ্ভাৱনৰ মনোভাৱৰে সংযুক্ত কৰিছে। আজি অটল টিংকাৰিং লেবত শেহতীয়া প্ৰযুক্তিৰ সৈতে পৰিচিত হৈ এক কোটিৰো অধিক ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে। আনহাতে, চন্দ্ৰযান, গগণযানৰ দৰে মিছনে ছাত্ৰ-ছাত্ৰীসকলৰ বিজ্ঞানৰ প্ৰতি আগ্ৰহ বঢ়াইছে। ভাৰতে এক দশকৰ পূৰ্বে ষ্টাৰ্ট আপ ইণ্ডিয়া মিছন আৰম্ভ কৰিছিল। ইয়াৰ উদ্দেশ্য আছিল উদ্ভাৱনক প্ৰোৎসাহিত কৰা। সেই সময়ত দেশত মাত্ৰ কেইশমানহে ষ্টাৰ্ট আপ আছিল। কিন্তু, আজি ভাৰতত ১ লাখ ৩০ হাজাৰৰো অধিক ষ্টাৰ্ট আপ আছে। পূৰ্বৰ তুলনাত ভাৰতে এতিয়া অভিলেখ সংখ্যক পেটেন্ট দাখিল কৰিছেআৰু গৱেষণা-পত্ৰ প্ৰকাশ কৰিছে। আমাৰ গুৰুত্ব হৈছে যুৱ উদ্ভাৱকসকলক গৱেষণা আৰু উদ্ভাৱনৰ বাবে যিমান পাৰি সিমান সুযোগ প্ৰদান কৰা। ইয়াৰ বাবে চৰকাৰে এক লাখ কোটি টকাৰ গৱেষণা পুঁজি স্থাপনৰ কথা ঘোষণা কৰিছে।

বন্ধুসকল,

আমি ভাৰতত বিশ্বৰ আটাইতকৈ ব্যাপক আৰু সম্পূৰ্ণ দক্ষতা ব্যৱস্থা তথা বিশ্বৰ আটাইতকৈ উন্নত গৱেষণামুখী উচ্চ শিক্ষা ব্যৱস্থাৰ প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ। এই প্ৰচেষ্টাৰ ফলো দেখা গৈছে। বিগত কেইবছৰমানৰপৰা ভাৰতীয় বিশ্ববিদ্যালয়সমূহে বিশ্ব ৰেংকিঙত বহু উন্নত প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিছে। দহ বছৰৰ আগতে কিউএছৰেংকিঙত ভাৰতৰ মাত্ৰ ৯ খন শিক্ষানুষ্ঠানে স্থান লাভ কৰিছিল। আজি এই সংখ্যা ৪৬ লৈ বৃদ্ধি পাইছে।কিছুদিন পূৰ্বে টাইমছ হায়াৰ এডুকেচন ইমপেক্ট ৰেংকিঙো প্ৰকাশ পাইছে। কেইবছৰমান আগলৈকে এই ৰেংকিঙত ভাৰতৰ মাত্ৰ ১৩ খন প্ৰতিষ্ঠানহে আছিল। এতিয়া ভাৰতৰ প্ৰায় ১০০খন শিক্ষানুষ্ঠানক এই বৈশ্বিকইমপেক্ট ৰেংকিঙত অন্তৰ্ভুক্ত কৰা হৈছে। বিগত ১০ বছৰত ভাৰতত গড়ে প্ৰতি সপ্তাহত এখন বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে। ভাৰতত প্ৰতিদিনে এখন নতুন আইটিআই (ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান) স্থাপন কৰা হৈছে। প্ৰতি তৃতীয় দিনত এটা অটল টিংকাৰিং লেব খোলা হৈছে। ভাৰতত প্ৰতিদিনে দুখন নতুন মহাবিদ্যালয় স্থাপন কৰা হৈছে। আজি দেশত ২৩ খন আইআইটি আছে। দহ বছৰৰ আগতে ১৩ খন আইআইএম আছিল; আজি এই সংখ্যা ২১। ১০ বছৰৰ আগৰ তুলনাত এতিয়া প্ৰায় তিনিগুণ বেছি এইমছ অৰ্থাৎ ২২ খন। ১০ বছৰত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা প্ৰায় দুগুণ হৈছে। আজি শিক্ষা খণ্ডত উল্লেখযোগ্য সংস্কাৰ সাধন হৈছে। ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে দেশৰ যুৱক-যুৱতীসকলৰ সপোনক সম্প্ৰসাৰিত কৰিছে। ভাৰতীয় বিশ্ববিদ্যালয়সমূহেও বিদেশী বিশ্ববিদ্যালয়ৰ সৈতে সহযোগিতা আৰম্ভ কৰিছে। ইয়াৰ উপৰিও ডিকিন আৰু ৱলংগংৰ দৰে আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ে ভাৰতত কেম্পাছ মুকলি কৰিছে। এই সকলোবোৰ প্ৰচেষ্টাই দেশৰ ভিতৰতে উচ্চ শিক্ষাৰ বাবে ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে উন্নত শিক্ষানুষ্ঠান উপলব্ধ কৰি তুলিছে। ইয়াৰ ফলত আমাৰ মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ ধন সঞ্চয় হৈছে।

 

বন্ধুসকল,

আজি আমাৰ প্ৰিমিয়াৰ ইনষ্টিটিউটসমূহে বিদেশত কেম্পাছ মুকলি কৰিছে। এইবাৰ আইআইটি, দিল্লীয়ে আবুধাবিত এটা কেম্পাছ মুকলি কৰিছে। আইআইটি, মাদ্ৰাজে তাঞ্জানিয়াতো এটা কেম্পাছ আৰম্ভ কৰিছে। ভাৰতীয় শিক্ষানুষ্ঠানসমূহ বৈশ্বিক হোৱাৰ এয়া মাত্ৰ আৰম্ভণিহে। নালন্দা বিশ্ববিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠানোবিশ্বৰ চুক-কোণত উপনীত হোৱাটো প্ৰয়োজন।

বন্ধুসকল,

আজি সমগ্ৰ বিশ্বৰ দৃষ্টি ভাৰত আৰু ইয়াৰ যুৱ-সমাজৰ ওপৰত নিবদ্ধ হৈছে। বুদ্ধৰ দেশৰ লগত, গণতন্ত্ৰৰ মাতৃৰ লগত হাত ধৰিআগবাঢ়িব বিচাৰে বিশ্বই। চাওঁক, ভাৰতে "এক পৃথিৱী, এক পৰিয়ালআৰু এক ভৱিষ্যৎ" বুলি কোৱাতবিশ্বখনে ইয়াক অনুসৰণ কৰিছে। ভাৰতে "এক সূৰ্য্য, এক পৃথিৱী, এক গ্ৰীড" বুলি কোৱাত বিশ্বখনে ইয়াক ভৱিষ্যতৰ পথ হিচাপে গণ্য কৰিছে। ভাৰতে "এখন পৃথিৱী, এক স্বাস্থ্য" বুলি কোৱা কথাষাৰক বিশ্বই সন্মান কৰিছে আৰু গ্ৰহণ কৰিছে। বিশ্ব-ভ্ৰাতৃত্ববোধৰ এই মনোভাৱক নালন্দাৰ ভূমিয়ে এক নতুন মাত্ৰা প্ৰদান কৰিব পাৰে। গতিকে নালন্দাৰ ছাত্ৰ-ছাত্ৰীৰ দায়িত্ব অধিক। আপোনাসৱ ভাৰত আৰু সমগ্ৰ বিশ্বৰ ভৱিষ্যৎ। অমৃত কালৰ এই ২৫ বছৰ ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। এই ২৫ বছৰ নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বাবেও সমানেই গুৰুত্বপূৰ্ণ। ইয়াৰপৰা য’লৈকে যাওঁক, আপোনালোকৰ বিশ্ববিদ্যালয়খনৰ মানৱীয় প্ৰমূল্যবোধ স্পষ্ট হ’ব লাগে। আপোনালোকৰ প্ৰতীকৰ বাৰ্তাটো সদায় মনত ৰাখিব। আপোনালোকে ইয়াক নালাণ্ডা ৱে’ বুলি কয় নহয়নে? ব্যক্তিৰ মাজৰ সমন্বয় আৰু ব্যক্তি আৰু প্ৰকৃতিৰ মাজৰ সমন্বয় হৈছে আপোনালোকৰ প্ৰতীকৰ ভিত্তি। শিক্ষাগুৰুসকলৰপৰা শিকাৰ সমান্তৰালকৈ আপোনালোকেপাৰস্পৰিকভাৱেও শিকিবলৈ চেষ্টা কৰক। কৌতুহলী হওঁক, সাহসী হওঁক আৰু সৰ্বোপৰি দয়ালু হওঁক। আপোনাসৱৰ জ্ঞানৰপ্ৰয়োগেৰে সমাজখনৰ ইতিবাচক পৰিৱৰ্তন সাধন কৰিব পাৰে। নিজৰ জ্ঞানেৰে এটা উন্নত ভৱিষ্যৎ গঢ়ক। আমাৰ ভাৰতৰ গৌৰৱ নালন্দাৰ গৌৰৱ আপোনালোকৰ সফলতাৰদ্বাৰা নিৰ্ধাৰিত হ’ব। মোৰ বিশ্বাস, আপোনালোকৰ জ্ঞানে সমগ্ৰ মানৱ-জাতিক পথ-প্ৰদৰ্শন কৰিব। মোৰ বিশ্বাস যে ভৱিষ্যতে আমাৰ যুৱক-যুৱতীসকলে বিশ্বক নেতৃত্ব প্ৰদান কৰিবআৰু মোৰ বিশ্বাস যে নালন্দা বৈশ্বিক কাৰ্য্যৰ বাবে এক গুৰুত্বপূৰ্ণ কেন্দ্ৰত পৰিণত হ’ব।

 

এই আশাৰেই আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চৰকাৰৰপৰা সম্পূৰ্ণ সমৰ্থন বিচৰা নীতিশ জীৰ আহ্বানক মই আদৰণি জনাইছোঁ। ভাৰত চৰকাৰেও এই চিন্তা যাত্ৰাক যিমান পাৰি সিমান শক্তি প্ৰদানত কেতিয়াও পিছ পৰি নাথাকিব। এই মনোভাৱেৰে আপোনালোক সকলোলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM’s remarks during inauguration of Swaminarayan Hindu Temple in Paris
September 06, 2026

पूज्य महंत स्वामी, फ्रांस सरकार के सम्मानित प्रतिनिधिगण, उपस्थित अतिथिगण, इंडियन कम्युनिटी के मेरे साथी, देश दुनिया से जुड़े सभी हरि भक्त, देवियों और सज्जनों, जय स्वामीनारायण!

आज फ्रांस की राजधानी पेरिस में भव्य स्वामीनारायण मंदिर का लोकार्पण हो रहा है। यह लोकार्पण भारत और फ्रांस के सांस्कृतिक संबंधों का नया युग स्तंभ है। पूज्य संत जनों और सनातन परंपरा के श्रेष्ठ जनों के आशीर्वाद के साथ आज इस लोकार्पण का मंच ‘वसुधैव कुटुम्बकम’ के भाव का मंच बन गया है। भगवान स्वामीनारायण की कृपा और हमारे संतों का स्नेह, संतों का आशीर्वाद, मेरा सौभाग्य है कि मुझे ऐसे पुण्य अवसरों से जुड़ने का अवसर हमेशा मिलता रहता है। आज भी मैं भले ही पेरिस में आप सबके बीच उपस्थित नहीं हूं, लेकिन मन से और हृदय से, मैं स्वयं को आपके बीच ही अनुभव कर रहा हूं।

साथियों,

आज इस अवसर पर मैं परम पूज्य प्रमुख स्वामी जी महाराज का भी श्रद्धापूर्वक स्मरण करता हूं। प्राचीन काल में भारत का जो सांस्कृतिक आध्यात्मिक वैभव था, उन्होंने उसके पुनर्जागरण का एक अभियान शुरू किया था। आज उसका प्रकाश यूरोप समेत पूरी दुनिया में फैल रहा है। 2024 में अबू धाबी में भव्य मंदिर का लोकार्पण हुआ था। आज वहां हजारों लोग दर्शन करने जाते हैं और अब यहां पेरिस में स्वामीनारायण मंदिर का निर्माण सृजन की यह निरंतरता, यह संतों की संकल्प शक्ति का ही प्रमाण है। मैं पुनीत कार्य के लिए पूज्य महंत स्वामी का आभार प्रकट करता हूं, मैं उनके चरणों में प्रणाम करता हूं। मैं BAPS स्वामीनारायण संस्था को और करोड़ों हरि भक्तों को इस अवसर पर हृदय की गहराई से बधाई देता हूं।

साथियों,

BAPS के माध्यम से जब अलग-अलग देश में मंदिरों की प्राण प्रतिष्ठा होती है, तो वहां भारत के प्राचीन विचार और मानवीय मूल्य भी साथ-साथ ही जाते हैं और भारत का विचार कहता है ‘समानं मनः सह चित्तमेषाम्’ अर्थात हमारे मन समान हो, हमारे हृदय साथ जुड़े। इसलिए आज जब फ्रांस में इतना भव्य मंदिर बनकर तैयार हुआ है, यह फ्रांस की विविधता को तो समृद्ध करेगा ही, इससे भारत और फ्रांस के सांस्कृतिक संबंधों को भी ऊर्जा मिलेगी।

साथियों,

बीते वर्षों में भारत और फ्रांस के संबंध नई ऊंचाइयों तक पहुंचे हैं। मेरे मित्र, प्रेसिडेंट मैक्रों के साथ मिलकर दोनों देश एक Special Global Strategic Partnership बना रहे हैं। Technology, AI और Defence से लेकर Space और Climate Action तक हम एक नई गति और नई ऊर्जा के साथ मिलकर के आगे बढ़ रहे हैं। हम 2026 को India-France Year of Innovation के रूप में भी सेलिब्रेट कर रहे हैं। भारत-फ्रांस की ये Strategic Partnership इसलिए भी खास है, क्योंकि ये हमारे पुराने सांस्कृतिक-राजनैतिक सम्बन्धों की मजबूत बुनियाद पर टिकी है। इतिहास गवाह है, फ्रांस में भारतीय सैनिकों के बलिदान का इतिहास आज भी मन-मंदिर में जीवित है। भाषा से जुड़े विषयों में रुचि रखने वाले लोग यह भी जानते हैं कि फ्रेंच स्कॉलर्स ने संस्कृत को लोकप्रिय बनाने में कितनी अहम भूमिका निभाई है। रामकृष्ण परमहंस और स्वामी विवेकानंद पर रोमाँ रोलाँ की की लेखनी हमारी सोसाइटीज़ को और करीब लाई है। पेरिस से पुडुचेरी के अरबिंदो आश्रम तक 'The mother' की spiritual journey, उसने कितने ही भारतीय और फ्रेंच साधकों को inspire किया है।

साथियों,

दशकों पहले श्रील प्रभुपाद स्वामी भी फ्रांस आए थे। इस्कॉन के जरिए भारत फ्रांस के बीच आध्यात्मिक सम्बन्धों का नया अध्याय उन्होंने शुरू किया था। आज योग भी भारत-फ्रांस के people to people कनेक्ट का एक माध्यम बन चुका है। 'इंटरनेशनल योगा डे' पर एफिल टॉवर के सामने से आने वाली तस्वीरें फ्रांस में योग की लोकप्रियता का उदाहरण बनती हैं और अब BAPS के इस भव्य मंदिर के जरिए, हमारे उन सांस्कृतिक सम्बन्धों में एक नया अध्याय जुड़ रहा है।

साथियों,

इन दिनों, भारत फ्रांस Joint Ventures की संभावनाओं पर बातें होती हैं। स्वामीनारायण मंदिर ने इस संभावना में भी एक नया आयाम जोड़ा है। यह मंदिर 'मेड इन इंडिया' है और 'बिल्ट इन फ्रांस' है। इसके काफी पत्थरों को भारत में तराशा गया है। भारत की प्राचीन प्रतिभा यहाँ फ्रांस में आधुनिक इंजीनियरिंग से आकर जुड़ चुकी है। पेरिस में इस भव्य मंदिर ने आकार लिया है। इसलिए, मैं आशा करता हूँ, यह मंदिर सदियों तक भारत और फ्रांस के बीच सहयोग और संभावनाओं का भी प्रतीक बनकर उभरेगा।

साथियों,

स्वामीनारायण मंदिर हमेशा से भक्ति के साथ-साथ सेवा का माध्यम भी रहे हैं। मुझे बताया गया है, यह मंदिर भी सेवा प्रकल्पों का वैसा ही केंद्र बनेगा। मुझे विश्वास है कि यहाँ से भारतीय संस्कृति के जो स्वर निकलेंगे, उनका लाभ पूरे यूरोप में लोगों को मिलेगा। भविष्य में मुझे जब भी समय मिलेगा, मैं इस मंदिर में दर्शन करने का प्रयास अवश्य करूंगा। इन्हीं शब्दों के साथ, एक बार फिर आज के इस लोकार्पण समारोह में सम्मिलित सभी अतिथिगणों को, सभी परिवारों को, सभी हरि भक्तों को और पूरी Indian Diaspora को मेरी ओर से इस शुभारंभ पर्व की ढेरों शुभकामनाएं!

बहुत-बहुत धन्यवाद!

मर्सी बोकू!

जय स्वामीनारायण!