মেৰিটাইম খণ্ডটোৰ বিকাশ সন্দৰ্ভত ভাৰত অতিশয় চিন্তাশীল আৰু ই বিশ্বখনৰ শীৰ্ষস্থানীয় সুনীল অৰ্থনীতি হিচাপে পৰিগণিত হৈছেঃ প্ৰধানমন্ত্ৰী
ভাৰতে ২০৩০ ৰ ভিতৰত ২৩ জলমাৰ্গ কাৰ্যক্ষম কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছেঃ প্ৰধানমন্ত্ৰী
বন্দৰ, জাহাজ আৰু জলমাৰ্গ মন্ত্ৰালয়ে ২.২৫ লাখ কোটি টকা বিনিয়োগৰ সম্ভাৱনাৰে ৪০০ বিনিয়োগযোগ্য প্ৰকল্পৰ এখন তালিকা যুগুত কৰি উলিয়াইছেঃ প্ৰধানমন্ত্ৰী
চৰকাৰে পূৰ্বে কেতিয়াও নেদেখা এটা পদ্ধতিৰে জলমাৰ্গত বিনিয়োগ কৰি আছেঃ প্ৰধানমন্ত্ৰী

মোৰ মন্ত্ৰীসভাৰ সতীৰ্থ শ্রী মনসুখ ভাই মান্দভিয়া, শ্রী ধর্মেন্দ্র প্রধান, বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্রীসকল, বিশিষ্ট অতিথিবৃন্দ,

মৰমৰ বন্ধুসকল,

মেৰিটাইম ইণ্ডিয়া সন্মিলনলৈ আপোনালোক সকলোকে মই আদৰণি জনাইছো। এই খণ্ডৰ লগতে সংশ্লিষ্ট অংশীদাৰসকলো সন্মিলনত একেলগ হৈছে। মই নিশ্চিত যে আপোনালোক সকলোৱে মিলি সামুদ্রিক অর্থনীতিক বৃহৎ সফলতা অৰ্জনত সহায় কৰিব৷

বন্ধুসকল,

এই ক্ষেত্রত ভাৰত স্বাভাৱিকতে শীৰ্ষ স্থানত আছে। আমাৰ দেশৰ সামুদ্রিক বাণিজ্যৰ সমৃদ্ধশালী ইতিহাস আছে। আমাৰ সমুদ্র তীৰত সভ্যতাৰ বিকাশ হৈছে। হাজাৰ হাজাৰ বছৰ ধৰি আমাৰ বন্দৰসমূহে গুৰুত্বপূর্ণ বাণিজ্যিক কেন্দ্র হিচাপে কাম কৰিছে। বিশ্বৰ সৈতে আমাৰ বন্দৰসমূহে দেশক সংযোগ ঘটাইছে।

বন্ধুসকল,

এই মেৰিটাইম ইণ্ডিয়া সন্মিলনৰ জৰিয়তে মই সমগ্ৰ বিশ্বক ভাৰতলৈ আমন্ত্রণ জনাইছো, আমাৰ উন্নয়নৰ যাত্ৰাত আপোনালোকো অংশীদাৰ হওক৷ সামুদ্রিক বাণিজ্যিক ক্ষেত্রত বিকাশৰ বিষয়টো ভাৰতে অতি গুৰুত্ব আৰোপ কৰাৰ লগতে বিশ্বত নীল অর্থনীতিত নেতৃত্ব প্ৰদান কৰিছে। আমি মূলত যি বোৰ বিষয়ত দৃষ্টি দিছো সেইবোৰ হ’ল-বর্তমানৰ আন্তঃগাঁথনিৰ মান উন্নয়ন, উন্নত আন্তঃগাঁথনি গঢ় দিয়া, সংস্কাৰৰ পথত উৎসাহ যোগোনা ইত্যাদি৷ এই পদক্ষেপসমূহৰ জৰিয়তে আমি আমাৰ আত্মনির্ভৰ ভাৰত অভিযানক আৰু অধিক শক্তিশালী কৰাৰ প্ৰচেষ্টা লৈছো৷

বন্ধুসকল,

মই যিসময়ত আপোনালোক সৈতে বর্তমান আন্তঃগাঁথনিৰ মান উন্নয়নৰ প্রসংগক লৈ আলোচনা কৰিছো সেই সময়ত দক্ষতা বৃদ্ধিৰ ওপৰতো মই অতি গুৰুত্ব দিছো৷ সেয়েহে, পৃথকে প্ৰচেষ্টা লোৱা সলনি আমি সামগ্রিকভাবে উন্নয়নৰ পথত অগ্রসৰ হৈছো৷

ইয়াৰ প্রভাৱ ইতিমধ্যে পৰিলক্ষিত হৈছে৷ ডাঙৰ ডাঙৰ বন্দৰসমূহৰ বহনক্ষমতা প্রতি বছৰৰ হিচাপত ২০১৪ চনত ৮,৭০০ লাখ টনৰ বিপৰীতে এতিয়া এই বন্দৰসমূহৰ সামগ্ৰী উঠোৱা-নমোৱাৰ ক্ষমতা বৃদ্ধি পাই প্ৰায় ১৫,৫০০ লাখ মেট্রিক টন হৈছে। এই উৎপাদনশীলতাৰ জৰিয়তে কেৱল আমাৰ বন্দৰসমূহেই যে লাভবান হৈছে, তেনে নহয় সামগ্ৰিকভাৱে আমাৰ অর্থনীতি উন্নীত হৈছে৷ কাৰণ আমাৰ উৎপাদিত সামগ্ৰী আৰু অধিক প্রতিযোগিতাত অংশ লোৱাৰ ক্ষমতা অর্জন কৰিছে। ভাৰতীয় বন্দৰসমূহে এতিয়া বিভিন্ন উদ্যোগ লৈছে। যেনে-পোনপটীয়ালৈ বন্দৰত সামগ্ৰী যোগান, বন্দৰত পোনপটীয়া প্রৱশ, তথ্যৰ আদান-প্রদানৰ বাবে বন্দৰৰ জনসংযোগ ব্যৱস্থাৰ মান উন্নয়ন আদি। যিবোৰ জাহাজ বন্দৰত প্ৰৱেশ কৰে আৰু যিবোৰ বন্দৰৰ পৰা ওলাই গৈছে, তাৰ অপেক্ষা কৰাৰ সময় এতিয়া হ্ৰাস পাইছে৷ বন্দৰৰ ভিতৰত সামগ্ৰী মজুত ৰখাৰ ব্যৱস্থাৰ মান উন্নয়নৰ বাবে আমি যথেষ্ট বিনিয়োগ কৰিছো। বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানক বন্দৰ সংলগ্ন ভূমিত বিনিয়োগৰ বাবে আকৃষ্ট কৰিছো আৰু সেই কাৰণে প্রয়োজনীয় আন্তঃগাঁথনিৰ মান উন্নয়ন কৰা হৈছে। সুস্থিৰভাবে পলি তোলা আৰু দেশীয় জাহাজসমূহক পুনর্ব্যৱহাৰযোগ্য কৰি তোলাৰ জৰিয়তে বন্দৰত পেলাই দিয়া সামগ্ৰীক পুনৰ সম্পদত পৰিণত কৰাৰ প্ৰচেষ্টা লোৱা হৈছে। বন্দৰসমূহত আমি বেচৰকাৰী বিনিয়োগত উৎসাহ যোগাইছো৷

বন্ধুসকল,

দক্ষতা উপৰি বন্দৰৰ সৈতে যোগাযোগ ব্যৱস্থাৰ মান উন্নয়নৰ বাবে বহু প্ৰচেষ্টা লোৱা হৈছে। উপকূলীয় অঞ্চলৰ অর্থনৈতিক এলেকাসমূহৰ সৈতে আমাৰ বন্দৰসমূহক যুক্ত কৰা হৈছে। বন্দৰভিত্তিক স্মার্ট চিটী আৰু ঔদ্যোগিক উদ্যানো নিৰ্মাণ কৰা হৈছে। ইয়াৰ ফলত উদ্যোগ সংস্থাৰ বিনিয়োগ আহিব আৰু বন্দৰসংলগ্ন এলেকাত আন্তর্জাতিক মানৰ উৎপাদন কেন্দ্র গঢ়ি তোলা সম্ভৱ হ’ব৷

বন্ধুসকল,

নতুন আন্তঃগাঁথনি গঢ়ি তোলাৰ প্রসংগত কোৱা হয় যে ডাঙৰ ডাঙৰ বন্দৰসমূহত বিশ্বমানৰ আন্তঃগাঁথনি গঢ় দিয়া হৈছে-বাধাবন, পাৰাদ্বীপ আৰু কাণ্ডলাৰ দীনদয়াল বন্দৰত এই কাম চলি আছে। আমাৰ চৰকাৰৰ জলপথত যি পৰিমাণে বিনিয়োগ কৰিছে সেয়া আগতে কেতিয়াও হোৱা নাছিল৷ আভ্যন্তৰীণ জলপথসমূহেৰে সামগ্ৰী পৰিবহণৰ বাবে কম ব্যয়সাপেক্ষ আৰু পৰিৱেশ অনুকূল কৰি তোলা হৈছে। আমি ২০৩০ চনৰ ভিতৰত ২৩টা জলপথক ব্যৱহাৰৰ উপযোগী কৰি তুলিব। এই কামত আমি:আন্তঃগাঁথনিৰ মান উন্নয়ন, নৌ-চলাচলৰ সহায়ৰ বাবে বিভিন্ন প্ৰচেষ্টা আৰু নদী সংক্রান্ত তথ্যাৱলী প্রদানৰ ক্ষেত্রত বিভিন্ন ব্যৱস্থা হাতত লৈছে৷ বাংলাদেশ, নেপাল, ভুটান আৰু ম্যানমাৰৰ সৈতে আঞ্চলিক ব্যৱসায়-বাণিজ্য আৰু সহযোগিতাক আৰু অধিক দৃঢ় কৰাৰ বাবে ইষ্টার্ন ৱাটাৰৱেজ কানেক্টিভিটী ট্রান্সপ’র্ট গ্রিড ফৰ ৰিজিঅ’নেল কানেক্টিভিটী গঢ় দিয়া হৈছে।

বন্ধুসকল,

সহজ জীৱনযাত্রাৰ মান উন্নয়নৰ বাবে নতুন সমুদ্র বাণিজ্যৰ আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। আমাৰ নদীসমূহকো আৰু ভালদৰে ব্যৱহাৰ কৰাৰ বাবে ৰ’-ৰ’ আৰু ৰ’-পেক্স প্রকল্প উল্লেখযোগ্য৷ ছী-প্লেন চলাচলৰ ব্যৱস্থাৰ বাবে ১৬টা স্থানত ৱাটাৰ ড্রোম নিৰ্মাণ কৰা হৈছে। পাঁচটা ৰাষ্ট্ৰীয় জলপথত ৰিভাৰ ক্রুজ টার্মিনেলৰ আন্তঃগাঁথনি আৰু জেটি নিৰ্মাণ কৰা হৈছে।

বন্ধুসকল,

২০২৩ চনৰ ভিতৰত আন্তঃগাঁথনিৰ মান উন্নয়নৰ জৰিয়তে কেইবাটাও বন্দৰত আমি দেশীয় আৰু আন্তর্জাতিক ক্রুজ টার্মিনেল নিৰ্মাণ কৰিছো। ভাৰতৰ বিস্তৃত সমুদ্র উপকূলত ১৮৯টা লাইট হাউচ বা টঙীঘৰ আছে। এই ধৰণৰ ৭৮টা লাইট হাউচৰ জৰিয়তে পর্যটনৰ উন্নয়নৰ বাবে প্রকল্প বাস্তবায়িত হৈছে। ইয়াৰ মূল উদ্দেশ্য হ’ল এইবোৰ লাইট হাউচৰ মান উন্নয়ন আৰু লাইট হাউচ সংলগ্ন অঞ্চলত সামুদ্রিক পর্যটনক উৎসাহ দিয়া। কোচি, মুম্বাই, গুজৰাট আৰু গোৱাৰ দৰে গুৰুত্বপূর্ণ চহৰ আৰু ৰাজ্যত চহৰাঞ্চলত জলপথ পৰিবহণ ব্যৱস্থা আৰম্ভ কৰা হৈছে।

বন্ধুসকল,

অন্যান্য ক্ষেত্রৰ দৰে সামুদ্রিক বাণিজ্যিক ক্ষেত্রতো পৃথকে কোনো কাম কৰা হোৱা নাই৷ সম্প্রতি আমি জাহাজ চলাচল মন্ত্ৰালয়ৰ নাম সলনি কৰি বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰালয়ৰ হিচাপে নামকৰণ কৰিছো৷ এই মন্ত্ৰালয়ে যিবোৰ বিষয়ৰ উৎকর্ষতা নিশ্চিত কৰিব সেইবোৰ হৈছে-সামুদ্রিক জাহাজ চলাচল আৰু ব্যৱসায়-বাণিজ্য, বাণিজ্যিক জাহাজৰ বিষয়ত শিক্ষা দিয়া আৰু প্রশিক্ষণ, জাহাজ নির্মাণ আৰু জাহাজ মেৰামতি উদ্যোগ, পুৰণি জাহাজ ভঙা, মাছ ধৰাৰ নাও নিৰ্মাণ কৰা উদ্যোগ আৰু ভাসমান হস্তশিল্প।

বন্ধুসকল,

বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰালয়ে বিনিয়োগৰ বাবে ৪০০টা প্রকল্পৰ এখন তালিকা প্ৰস্তুত কৰিছে। এই প্রকল্পসমূহত ৩,১০০ কোটি মার্কিন ডলাৰ অথবা ২.২৫ লাখ কোটি টকা বিনিয়োগ কৰা সম্ভৱ। ইয়াৰ জৰিয়তে সামুদ্রিক ব্যৱসায়-বাণিজ্যৰ উন্নয়নৰ বিষয়ে আমাৰ প্ৰতিশ্ৰুতি আৰু অধিক দৃঢ় হ’ব৷

বন্ধুসকল,

২০৩০ৰ মেৰিটাইম ইণ্ডিয়া ভিজনৰ শুভাৰম্ভ কৰা হৈছে। এই ভিজনত চৰকাৰে কেতবোৰ ক্ষেত্রত অগ্রাধিকাৰ দিছে। সাগৰমন্থনঃ আজি সামুদ্রিক বাণিজ্যিক সজাগতা কেন্দ্রৰ শুভাৰম্ভ কৰা হৈছে। সমুদ্রপথত নিৰাপত্তা বৃদ্ধি, সন্ধানহীন জাহাজৰ অনুসন্ধান আৰু উদ্ধাৰৰ ক্ষমতা বৃদ্ধি, সামুদ্রিক পৰিৱেশ সংৰক্ষণৰ বিষয়ত বিভিন্ন তথ্য এই কেন্দ্রৰ পৰা পোৱা যাব৷ চৰকাৰে ২০১৬ চনত বন্দৰভিত্তিক উন্নয়নক উৎসাহ যোগোৱাৰ বাবে ‘সাগৰমালা’ আঁচনিৰ শুভাৰম্ভ কৰিছিল। এই আঁচনিৰ অধীনত ২০১৫-৩৫ চনৰ ভিতৰত ৮,২০০ কোটি মার্কিন ডলাৰৰ ৫৭৪টা আঁচনি চিহ্নিত কৰিছে৷

বন্ধুসকল,

কেন্দ্র আভ্যন্তৰীণ জাহাজ নির্মাণ আৰু জাহাজ মেৰামতি উদ্যোগৰ বিষয়ত বিশেষ প্ৰচেষ্টা লোৱা হৈছে। ভাৰতীয় জাহাজ নিৰ্মাণৰ বাবে বিশেষ আর্থিক সাহায্য নীতি অনুমোদনৰ জৰিয়তে দেশত জাহাজ নির্মাণ উদ্যোগত উৎসাহ যোগোৱা হৈছে। ২০২২ চনৰ ভিতৰত সাগৰৰ উপকূলত জাহাজ মেৰামতিৰ ক্লাষ্টাৰ নিৰ্মাম কৰা হ’ব। পেলনীয়া সামগ্ৰীৰ পৰা সম্পদ সৃষ্টিৰ প্ৰচেষ্টাৰ অধীনত দেশীয় জাহাজসমূহ পুনৰ ব্যৱহাৰৰ উদ্যোগৰ জৰিয়তে পুনৰ ব্যৱহাৰ কৰাৰ প্ৰচেষ্টা লোৱা হৈছে। ২০১৯ৰ জাহাজ পুনৰ ব্যৱহাৰ আইন ভাৰতে কার্যকৰী কৰিছে আৰু এই ক্ষেত্রত হংকং আন্তর্জাতিক কনভেশ্যন মানি চলাৰ সিদ্ধান্ত লোৱা হৈছে।

বন্ধুসকল,

মই সমগ্ৰ বিশ্বৰ সৈতে আটাইতকৈ ভাল নিয়মসমূহ শ্বেয়াৰ কৰিব বিচাৰো৷ আমি সমগ্ৰ বিশ্বৰ পৰা ভাল দিশবোৰ জানিব বিচাৰো৷ ব্যৱসায়-বাণিজ্য আৰু অর্থনীতিৰ যোগাযোগ বজাই ৰখাৰ বাবে বিমষ্টেক আৰু আইঅ’আৰ গোষ্ঠীভুক্ত দেশসমূহৰ সৈতে ২০২৬ চনৰ ভিতৰত আন্তঃগাঁথনিমূলক ক্ষেত্রত বিনিয়োগ বৃদ্ধি আৰু পাৰস্পৰিক বুজাবুজি চুক্তি স্বাক্ষৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে। দ্বীপভূমিৰ আন্তঃগাঁথনি আৰু বাস্তুতন্ত্রৰ সৰ্বাংগীণ উন্নতিৰ বাবে কেন্দ্র চৰকাৰে প্ৰচেষ্টা হাতত লৈছে। সামুদ্রিক ব্যৱসায়-বাণিজ্যৰ ক্ষেত্রত নবীকৰণযোগ্য ইন্ধনৰ ব্যৱহাৰ বৃদ্ধিৰ প্ৰতি আমি উৎসাহ যোগাইছো৷ সৌৰশক্তি বা বায়ুশক্তিৰ জৰিয়তে ডাঙৰ ডাঙৰ বন্দৰসমূহৰ সমীপৰ এলেকাত বিদ্যুৎ উৎপাদনৰ প্ৰচেষ্টা লোৱা হৈছে। ভাৰতীয় বন্দৰসমূহত ২০৩০ চনৰ ভিতৰত মুঠ ব্যৱহৃত ইন্ধনৰ ৬০ শতাংশ যাতে নবীকৰণযোগ্য বিদ্যুতৰ পৰা পাব পাৰি, সেই ক্ষেত্ৰত প্ৰচেষ্টা লোৱা হৈছে৷

বন্ধুসকল,

ভাৰতৰ বিস্তীর্ণ সমুদ্র উপকূলে আপোনালোকৰ বাবে অপেক্ষা কৰি আছে। ভাৰতৰ কঠোৰ পৰিশ্রমী জনসাধাৰণ আপোনালোক অপেক্ষাত আছে। আমাৰ বন্দৰসমূহত বিনিয়োগ কৰক৷ আমাৰ জনসাধাৰণৰ মাজত বিনিয়োগ কৰক। বাণিজ্যিক ক্ষেত্ৰত ভাৰত আপোনালোকৰ অন্যতম গন্তব্য কেন্দ্র হৈ উঠক৷ ব্যৱসায়-বাণিজ্যৰ বাবে ভাৰতীয় বন্দৰসমূহ আপোনালোকৰ বন্দৰ হৈ উঠক। এই সন্মিলনৰ মই সফলতা কামনা কৰিলো৷ ইয়াত হ’বলগীয়া আলোচনা ফলপ্রসূ হওক।

ধন্যবাদ।

বহুত বহুত ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘First in my bloodline’ to ‘life’s not a leaderboard’: PM Modi’s key moments from IIT Delhi convocation 2026

Media Coverage

‘First in my bloodline’ to ‘life’s not a leaderboard’: PM Modi’s key moments from IIT Delhi convocation 2026
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi receives a telephone call from the US Vice President
August 08, 2026
PM and Vice President Vance review progress in the India-U.S. Strategic Partnership.
PM and Vice President Vance exchange views on regional and global developments.
PM warmly congratulates Vice President Vance and Ms. Usha Vance on the birth of their son.

Prime Minister Shri Narendra Modi received a telephone call today from the Vice President of the United States, Mr. J.D. Vance.

Prime Minister and Vice President Vance reviewed progress in the India-U.S. Comprehensive Global Strategic Partnership. They noted the sustained momentum in the high-level engagements and reaffirmed their commitment to further strengthening cooperation in trade, defence, critical and emerging technologies, energy security and critical minerals.

They also exchanged views on regional and global developments of mutual interest.

Prime Minister warmly congratulated Vice President Vance and Ms. Usha Vance on the birth of their son and conveyed best wishes to the family.