Congratulates BRO and Indian Engineers for achieving the marvel feat of building the tunnel in the most difficult terrain of Pir Panjal ranges in Himachal
Tunnel would empower Himachal Pradesh, J&K Leh and Ladakh :PM
Farmers, Horticulturists, Youth, Tourists, Security Forces to benefit from the project: PM
Political Will needed to develop border area connectivity and implement infrastructure projects: PM
Speedier Economic Progress is directly dependent on fast track execution of various infrastructure works: PM

দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীমান ৰাজনাথ সিং জী, হিমাচলপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী জয়ৰাম ঠাকুৰ জী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ অনুৰাগ ঠাকুৰ, হিমাচল চৰকাৰৰ মন্ত্ৰীবৰ্গ, অন্যান্য জনপ্ৰতিনিধিসকল, চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট জী, স্থল সেনাৰ মুৰব্বী প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সীমান্ত পথ সংস্থাৰ সৈতে জড়িত সকলো বন্ধুবৰ্গ আৰু হিমাচলপ্ৰদেশৰ মোৰ ভাই–ভনীসকল৷

আজিৰ দিনটো বহুত ঐতিহাসিক দিন৷ আজি কেৱল অটলজীৰ সপোনেই পুৰণ হোৱা নাই, হিমাচল প্ৰদেশৰ কোটি কোটি লোকৰ দশকজোৰা অপেক্ষাৰো অন্ত পৰিল৷

মোৰ ডাঙৰ সৌভাগ্য যে আজি মই অটল সুৰংগৰ উদ্বোধন কৰাৰ সূযোগ পালো৷ ৰাজনাথ জীয়ে কোৱাৰ দৰে মই ইয়াৰ সাংগঠিক কাম–কাজ চোৱা–চিতা কৰিছিলো, ইয়াৰ পাহাৰ, ইয়াৰ জনসাধাৰণ সৈতে জীৱনৰ উত্তম সময়খিনি অতিবাহিত কৰিছিলো আৰু যেতিয়া অটলজী মানালী আহি থাকে, তেতিয়া কেতিয়াবা তেওঁৰ কাষত বহি কথা–বতৰা পাতিছিলো৷ মই আৰু ধুমলজীয়ে এদিন চাহ খাই থাকোতে এই বিষয়টো অতি আগ্ৰহেৰে তেওঁক উত্থাপন কৰিছো৷ অটলজীৰ এক বিশেষত্ব আছিল, তেওঁ চকু দুটা ডাঙৰকৈ মেলি আমি কি কৰিছো তাক তন্নতন্নকৈ চাই থাকে৷ তেওঁ মুৰ জোকাৰি কৈছিল যে হ’ব৷ কিন্ত শেষত যিটো কথা লৈ মই আৰু ধুমল জীয়ে তেওঁক লাগি আছিলো, সেই পৰামৰ্শ অটলজীৰ সপোন আৰু সংকল্পত পৰিণত হৈছিল আৰু আজি এক সিদ্ধিৰ ৰূপত আমি নিজৰ চকুৰ আগত সেয়া প্ৰত্যক্ষ কৰিছো৷ ইায়াৰ জৰিয়তে জীৱনত কিমান সন্তুষ্টি পোৱা যায় আপোনালোকে কল্পনা কৰক৷

কিছু সময়ৰ পূৰ্বে আমি সকলোৱে এখন চিনেমা চালো আৰু মই তাত এক ছবি গেলাৰীও দেখিলো–দ্য মেকিং অৱ অটল টানেল৷ অৱশ্যে উদ্বোধনী অনুষ্ঠানৰ জাকজমকতাত সেইসকল লোক পিছ পৰি ৰয়, যিসকলৰ পৰিশ্ৰমত এই কাম সম্ভৱ হৈ পৰে৷ অভেদ্য আৰু পাঞ্জালক ভেদ কৰি এক বহু কঠিন সংকল্প আজি সম্পূৰ্ণ কৰা হৈছে৷ এই মহাযজ্ঞত নিজৰ ঘাম মাটিত পেলোৱাসকল, নিজৰ জীৱন সংকটত পেলোৱাসকল, পৰিশ্ৰমী জোৱান, অভিযন্ত্ৰা, সকলো শ্ৰমিক ভাই–ভনীক আজি মই সাদৰেৰে প্ৰণাম জনাইছো৷

বন্ধুসকল, অটল সুৰংগ হিমাচল প্ৰদেশৰ এক ডাঙৰ অংশৰ লগে লগতে কেন্দ্ৰীয় শাসিত অঞ্চল লেহ–লাডাখৰো আয়ুষৰেখাত পৰিণত হ’ব পাৰে৷ এতিয়া সঠিক মাত্ৰাত হিমাচলপ্ৰদেশৰ এই বৃহৎ অঞ্চল আৰু লেহ–লাডাখৰ লগতে দেশৰ বাকী অংশৰ সৈতে সদায় সংযোগ হ’ব আৰু ক্ষিপ্ৰতাৰে প্ৰগতিৰ পথত অগ্ৰসৰ হ’ব৷

এই সুৰংগৰ পৰা মানালী আৰু কেলাংগৰ মাজৰ দুৰত্ব ৩–৪ ঘণ্টা কম হৈ পৰিব৷ পাহাৰত বসবাস কৰা মো ভাই–ভনীসকলে বুজিব পাৰে পাহাৰৰ পৰা ৩–৪ ঘণ্টা দুৰত্ব কম হোৱাৰ অৰ্থ কি হ’ব পাৰে৷

বন্ধুসকল, কৃষক ৰ্গাডেনাৰ, যুৱক–যুৱতীসকলৰ বাবেও এতিয়া দেশৰ ৰাজধানী দিল্লী আৰু অন্য বজাৰলৈ তেওঁলোকৰ উৎপাদিত সামগ্ৰী প্ৰেৰণ কৰাটো সহজ হৈ পৰিব৷ তেওঁলোকৰ আশংকাও কম হৈ পৰিব৷ ইমানেই নহয়, এই সুৰংগই দেৱভূমি হিমাচল আৰু বুদ্ধ পৰম্পৰাৰ সেই ব্যস্ততাকো শক্তিশালী কৰিব, যি ভাৰতৰ লগতে সমগ্ৰ বিশ্বক নতুন মাৰ্গ, নতুন পোহৰ দেখুৱাই আছে৷ ইয়াৰ বাবে হিমাচল প্ৰদেশ আৰু লেহ–লাডাখৰ সকলো বন্ধুবৰ্গক বহুত বহুত অভিনন্দন জনাইছো৷

বন্ধুসকল,

অটল সুৰংগই ভাৰতৰ সীমান্তৰ আন্তঃগাঁথনিকো নতুন শক্তি প্ৰদান কৰিব৷ এই বিশ্বমানদণ্ডৰ সীমান্ত যোগাযোগৰ জীৱন্ত প্ৰমাণ৷ হিমালয়ৰ এই অংশ, পশ্চিম ভাৰতত মৰুভূমিৰ বিস্তাৰেই হওক বাবে দক্ষিণ আৰু পূব ভাৰত উপকূলীয় এলেকা, এইবোৰে দেশৰ সুৰক্ষা আৰু সমৃদ্ধি, দুয়োটাই ডাঙৰ সম্পদ৷ সদায় এই অঞ্চলসমূহৰ বহনক্ষম আৰু সম্পূৰ্ণ বিকাশক লৈ ইয়াৰ আন্তঃগাঁথনি উন্নত কৰাৰ দাবী উত্থাপন হৈ আহিছিল৷ কিন্তু দীৰ্ঘসময় ধৰি আমাৰ ইয়াৰ সীমান্তৰ সৈতে জড়িত প্ৰকল্প পৰিকল্পনাৰ পৰ্যায়তে সীমাৱদ্ধ আছিল৷ অটল সুৰংগৰ সৈতেও কেতিয়াবা এনে অনুভৱ হৈছিল৷

২০০২ চনত অটল জীয়ে এই সুৰংগৰ বাবে এপ্ৰ’চ ৰোডৰ আধাৰশিলা স্থাপন কৰিছিল৷ অটল জী চৰকাৰৰ পাছত এই কাম পাহৰি থকা হৈছিল৷ পৰ্যায় এনে পাইছিল যে ২০১৩–১৪ বৰ্ষলৈকে সুৰংগৰ মাত্ৰ ১,৩০০ মিটাৰৰ কামহে হৈছিল৷

বিশেষজ্ঞই জনোৱা মতে যি হাৰত অটল সুৰংগৰ কাম সেই সময়ত হৈছিল, যদি সেই হাৰত চলি থাকিলহেতেন তেতিয়া এই সুৰংগ ২০৪০ চনতহে সম্পূৰ্ণ হ’লহেতেন৷ আপোনালোকে কল্পনা কৰক, আপোনাৰ আজি যিমান বয়স তাৰ সৈতে আৰু ২০ বছৰ যোগ কৰক, তেতিয়াহে তেওঁৰ জীৱনত এই দিনটো আহিব, সপোন পুৰণ হ’ব৷

যেতিয়া বিকাশৰ দিশত ক্ষিপ্ৰতাৰে আগুৱাই যাব লাগে, যেতিয়া দেশৰ লোকসকলৰ বিকাশৰ প্ৰৱল ইচ্ছা হয়, তেতিয়া গতি বৃদ্ধি কৰিবলগীয়া হয়৷ অটল সুৰংগৰ কামতো ২০১৪ৰ পাছত অভূতপূৰ্ব গতি প্ৰদান কৰা হয়৷ বিআৰঅ’ই সন্মুখত দেখা সকলো বাধা নেওচি আগুৱাই গ’ল৷

ফলস্বৰূপে আগতে বছৰত ৩০০ মিটাৰ সুৰংগ নিৰ্মাণৰ বিপৰীতে এই গতি ১,৪০০ মিটাৰলৈ বৃদ্ধি পালে৷ কেৱল ৬ বছৰত আমি ২৬ বছৰৰ কাম সম্পূৰ্ণ কৰিলো৷

বন্ধুসকল,

আন্তঃগাঁথনিৰ এনে গুৰুত্বপূৰ্ণ তথা বৃহৎ প্ৰকল্পৰ নিৰ্মাণত বিলম্ব কৰিলে দেশৰ সকলোপ্ৰকাৰৰ ক্ষতি হয়৷ ইয়াৰ পৰা জনসাধাৰণে সুবিধা ভোগ কৰাটো দেৰি হয়, ইয়াৰ কুপ্ৰভাৱ দেশৰ আৰ্থিক স্তৰত ভৰিবলগীয়া হয়৷

২০০৫ চনত এই সুৰংগৰ আনুমানিক ব্যয় ৯০০ কোটি ধাৰ্য কৰা হৈছিল, কিন্তু ধাৰাবাহিক বিলম্বতাই এতিয়া তিনি গুণতকৈ অধিক প্ৰায় ৩,২০০ কোটি টকা ব্যয়ৰ পাছত সম্পূৰ্ণ হৈছে৷ কল্পনা কৰক আৰু ২০ বছৰ লগা হ’লে ইয়াৰ স্থিতি কি হ’লহেতেন৷

বন্ধুসকল,

যোগাযোগ ব্যৱস্থাৰ সৈতে দেশৰ বিকাশৰ পোনপটীয়া সম্পৰ্ক আছে৷ যিমানে যোগাযোগ ব্যৱস্থা উন্নত হ’ব, সিমানে বিকাশো ক্ষিপ্ৰ হ’ব৷ বিশেষকৈ সীমান্ত এলেকাৰ যোগাযোগ ব্যৱস্থাই পোনপটীয়াকৈ দেশৰ প্ৰতিৰক্ষা প্ৰয়োজনীয়তাৰ সৈতে জড়িত৷ কিন্তু ইয়াকে লৈ যিমান গম্ভীৰতা আছিল আৰু ইয়াৰ গম্ভীৰতাৰ আৱশ্যকতা আছিল, যিদৰে ৰাজনৈতিক ইচ্ছাশক্তিৰ প্ৰয়োজনীয়তা আছিল, দুৰ্ভাগ্যবশতঃ সেয়া পৰিলক্ষিত হোৱা নাই৷

অটল সুৰংগৰ দৰেই বহু গুৰুত্বপূৰ্ণ প্ৰকল্পৰ ক্ষেত্ৰত এনে ব্যৱহাৰ কৰিছিল৷ লাডাখৰ দৌলতবেগ অল্ডি সামৰিক দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ এয়াৰ ষ্ট্ৰীপ বিগত ৪–৫০ বছৰে বন্ধ হৈ আছিল৷ কি অসহায় অৱস্থা আছিল, কি প্ৰভাৱ আছিল, মই এই সন্দৰ্ভত বিস্তৃতভাৱে জানিব বিচাৰিলো৷ এই সন্দৰ্ভত বহু কথাই কোৱা হৈছিল, বহুত লিখালিখিও হৈছিল৷ কিন্ত বাস্তৱ কথাটো হৈছে যে দৌলতবেগ অল্ডিৰ এয়াৰ ষ্ট্ৰীপ বায়ুসেনাৰ নিজৰ আগ্ৰহতে আৰম্ভ হ’ল, তাত ৰাজনেতিক ইচ্ছাশক্তি ক’তো দেখা নাই৷

বন্ধুসকল, মই এনে কেইবা ডৰ্জন প্ৰকল্প হিচাপ কৰিছো, যি সামৰিক দৃষ্টি আৰু সুবিধাৰ দৃষ্টিৰে যিমানেই গুৰুত্বপূৰ্ণ নহওক কিয়, কিন্তু বছৰ বছৰ ধৰি তাৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নাছিল৷

মোৰ মনত আছে, প্ৰায় দুবছৰৰ পূৰ্বে অটলজীৰ জন্মদিন উপলক্ষে মই অসমত আছিলো৷ তাত ভাৰতত আটাইতকৈ দীঘল ৰে’ল ৰোড ব্ৰিজ ‘বগীবিল দলং’ দেশৰ নামত উচৰ্গা কৰাৰ সৌভাগ্য মোৰ হৈছিল৷ এই দলং এতিয়া উত্তৰ–পূব আৰু অৰুণাচলপ্ৰদেশৰ যোগাযোগ ব্যৱস্থাত ডাঙৰ মাধ্যম হৈ পৰিল৷ বগীবিল দলঙৰ কামো অটলজীৰ দিনতে আৰম্ভ হৈছিল, কিন্তু তেওঁ চৰকাৰ যোৱাৰ পাছত এই দলং নিৰ্মাণৰ কাম স্তব্ধ হৈ পৰিছিল৷ ২০১৪ চনৰ পাছত এই কামৰো গতি প্ৰদান কৰি চাৰি বছৰৰ ভিতৰতে সম্পূৰ্ণ কৰা হ’ল৷

অটল জীৰ সৈতে আন এখন দলঙৰ নাম জড়িত আছিল–কুশী মহাসেতু৷ বিহাৰৰ মিথিলাঞ্চলৰ দুয়োপাৰক সংযোগ কৰা  কুশী মহাসেতু আধাৰশিলা অটলজীয়ে স্থাপন কৰিছিল৷ কিন্তু সেই কামো পৰি আছিল৷

২০১৪ চনত আমাৰ চৰকাৰ গঠন হোৱাৰ পাছত কুশী মহাসেতুৰ কামো ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰি কেইদিনমান পূৰ্বে ইয়াৰ উদ্বোধন কৰা হৈছে৷

বন্ধুসকল,

দেশৰ প্ৰায় প্ৰতিটো প্ৰান্ততে যোগাযোগৰ ডাঙৰ–ডাঙৰ প্ৰকল্পৰ এই অৱস্থা আছিল৷ কিন্তু এতিয়া সেই পৰিৱেশ সলনি হৈছে আৰু অতি ক্ষিপ্ৰতাৰে ইয়াৰ পৰিৱৰ্তন হৈছে৷ বিগত ৬ বছৰত এই দিশত অভূতপূৰ্ব প্ৰয়াস কৰা হৈছে৷ বিশেষকৈ সীমান্ত আন্তঃগাঁথনিৰ বিকাশৰ বাবে সম্পূৰ্ণ শক্তি লগোৱা হৈছে৷

হিমালয়ৰ ক্ষেত্ৰত সেয়া লাগিলে হিমাচলেই হওক, জম্মু–কাশ্মীৰেই হওক, কাৰ্গিল–লেহ–লাডাখেই হওক, উত্তৰাখণ্ডই হওক, ছিকিমেই হওক, অৰুণাচলেই হওক তাত কেইবা ডৰ্জন কাম কৰা হৈছে আৰু বহু প্ৰকল্পৰ কাম ক্ষিপ্ৰতাৰে চলি আছে৷ পথ নিৰ্মাণৰ কামেই হওক বাবে দলং নিৰ্মাণ, সুৰংগ নিৰ্মাণ, ইমান বিশাল হাত এই অঞ্চলসমূহ আগতে এনেকৈ কেতিয়াও কাম হোৱা নাছিল৷

ইয়াৰ ডাঙৰ লাভ সাধাৰণ জনতাৰ লগতে জোৱান ভাই–ভনীসকলৰো হৈছে৷ ঠাণ্ডাৰ বতৰত তেওঁলোকক ৰেচন যোগান ধৰা, তেওঁলোকৰ সুৰক্ষাৰ সৈতে জড়িত সামগ্ৰী যোগান ধৰা, তেওঁলোকে যাতে সহজে তহল দিব পাৰে, তাৰ বাবে পথৰ নেটৱৰ্ক গঢ় দিয়া হৈছে৷

বন্ধুসকল,

দেশৰ সুৰক্ষাৰ প্ৰয়োজনীয়তা, দেশক সুৰক্ষা দিয়াসকলৰ প্ৰয়োজনীয়তাক গুৰুত্ব দি, তেওঁলোকৰ হিতৰ প্ৰতি গুৰুত্ব দি আমাৰ চৰকাৰে সৰ্বাধিক অগ্ৰাধিকাৰ দিছে৷

হিমাচলপ্ৰদেশৰ আমাৰ ভাই–ভনীসকলৰ আজিও মনত আছে যে এক ৰেংক এক পেন্সনক লৈ পূৰ্বৰ চৰকাৰৰ কি আচৰণ আছিল৷ চাৰি দশক ধৰি আমাৰ প্ৰাক্তন সৈনিক ভাইসকলক কেৱল প্ৰতিশ্ৰুতিয়েই দি থাকিল৷  কাগজে পত্ৰই মাত্ৰ ৫০০ কোটি টকা দেখুৱাই তেওঁলোকে কৈছিল যে এক ৰেংক এক পেন্সন কাৰ্যকৰী কৰিম৷ তথাপিতো নকৰিলে৷ আজি এক ৰেংক এক পেন্সনৰ লাভ দেশৰ লাখ লাখ জোৱানে পাই আছে৷ কেৱল এৰিয়াৰ হিচাপে কেন্দ্ৰীয় চৰকাৰে প্ৰায় ১১হাজাৰ কোটি টকা প্ৰাক্তন সেনা জোৱানসকলৰ দিছে৷

হিমাচল প্ৰদেশৰো প্ৰায় ১ লাখ জোৱানে ইয়াৰ লাভ পাইছে৷ আমাৰ চৰকাৰৰ সিদ্ধান্তৰ সাক্ষী হৈছে, আমি যি সিদ্ধান্ত লও, সেয়া কাৰ্যকৰী কৰি দেখুৱাও৷ দেশৰ হিতককৈ, দেশৰ সুৰক্ষাতকৈ ডাঙৰ আমাৰ বাবে একো নহয়৷ কিন্তু দেশে দীৰ্ঘ সময় ধৰি সেই অৱস্থা দেখিলে, যেতিয়া দেশৰ প্ৰতিৰক্ষা হিতক লৈ আপোচ কৰা হৈছিল৷ দেশৰ বায়ুসেনাই আধুনিক যুঁজাৰু বিমান দাবী কৰিছিল৷  পূৰ্বৰ চৰকাৰে ফাইলৰ ওপৰত ফাইল খুলি খেলা কৰিছিল৷

গুলী বাৰুদেই হওক, আধুৱিক ৰাইফলেই হওক, বুলেটপ্ৰুফ জেকেটেই হওক, ভীষণ ঠাণ্ডাত কামত অহা সঁজুলিয়েই হওক বা অন্যান্য সামগ্ৰীয়েই হওক, সকলো এটা বন্ধ খামত থৈ দিছিল৷ এটা সময় আছিল, যেতিয়া আমাৰ অস্ত্ৰ–শস্ত্ৰ কাৰখানাৰ শক্তি, বহুতকে আচৰিত কৰি তুলিছিল৷ কিন্তু দেশৰ অস্ত্ৰ–শস্ত্ৰ কাৰখানাৰ অৱস্থা বিপন্ন কৰি তোলা হৈছিল৷

দেশত স্বদেশী যুঁজাৰু বিমান, হেলিকপ্টাৰৰ বাবে হলৰ দৰে বিশ্বমানদণ্ডৰ সংস্থা গঢ়ি তোলা হ’ল, কিন্তু সেইবোৰক শক্তিশালী কৰাৰ দিশত কোনো গুৰুত্ব হোৱা নাছিল৷ বছৰ বছৰ ধৰি শাসনত অধিষ্ঠিত লোকৰ স্বাৰ্থত আমাৰ সৈন্যৰ ক্ষমতা শক্তিশালী হোৱাত বাধা দিয়া হ’ল, তেওঁলোকক ক্ষতি কৰা হ’ল৷

যিদৰে তেজছ যুঁজাৰু বিমানক লৈ আজি সমগ্ৰ দেশে গৌৰৱ কৰে, সেয়াও সেই লোকসকলে বন্ধ কৰাৰ প্ৰস্তুতি কৰিছিল৷ এয়াই আছিল এই লোকসকলৰ সত্য কাহিনী৷

বন্ধুসকল, এতিয়া দেশৰ স্থিতি সলনি হৈছে৷ দেশতে আধুনিক অস্ত্ৰ–শস্ত্ৰ নিৰ্মাণ কৰা, মেক ইন ইণ্ডিয়াৰ হাথিয়াৰ নিৰ্মাণৰ ক্ষেত্ৰত বৃহৎ সংস্কাৰ কৰা হৈছে৷ দীৰ্ঘদিনৰ অপেক্ষাৰ পাছত চীফ অৱ ডিফেন্স ষ্টাফৰ ব্যৱস্থা আমাৰ পদ্ধতিৰ অংশ হ’ল৷

ইয়াৰ দ্বাৰা দেশৰ সেনাৰ আৱশ্যকতা অনুসৰি ক্ৰয় আৰু উৎপাদন দুয়োটাতে ব্যাপক সমন্বয় স্থাপন হৈছে৷ এতিয়া বহু এনে সামগ্ৰী আছে, যি বিদেশৰ পৰা অনাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ সেই সামগ্ৰী কেৱল ভাৰতৰ উদ্যোহৰ পৰা ক্ৰয় কৰাটো বাধ্যকামূলক কৰি দিয়া হৈছে৷

বন্ধুসকল,

ভাৰতৰ প্ৰতিৰক্ষা উদ্যোগত বিদেশী বিনিয়োগ আৰু বিদেশী প্ৰযুক্তি আহিব পৰাকৈ এতিয়া ভাৰতীয় প্ৰতিষ্ঠানক বিভিন্ন উদ্গনি যোগোৱা হৈছে৷ যিদৰে ভাৰতে বৈশ্বিক ভূমিকা সলনি হৈছে, আমি তাক ক্ষিপ্ৰতাৰে আন্তঃগাঁথনি, নিজৰ আৰ্থিক আৰু সামৰিক সামৰ্থ্যও বৃদ্ধি কৰিব লাগিব৷

আত্মনিৰ্ভৰ ভাৰতৰ আত্মবিশ্বাস আজি জনমানসৰ চিন্তাধাৰাৰ অংশত পৰিণত হৈছে৷ অটল সুৰংগ এই আত্মবিশ্বাসৰে প্ৰতীক৷

পুনৰবাৰ আপোনালোক সকলোকে হিমাচলপ্ৰদেশ আৰু লেহ–লাডাখৰ লাখ লখা বন্ধুক বহুত বহুত শুভেচ্ছা আৰু শুভকামনা জনাইছো৷

হিমাচলত মোৰ কিমান অধিকাৰ আছে, সেয়া মই ক’ব নোৱাৰো, কিন্তু হিমাচলৰ মোৰ ওপৰত বহুত অধিকাৰ আছে৷ আজি এই কাৰ্যসূচী অতি কম সময়ৰ হোৱাৰ পাছতো আমাৰ হিমাচলৰ মৰমে মোক ইমান প্ৰভাৱিত কৰিলে যে তিনিটা কাৰ্যসূচী কৰা হ’ল৷ ইয়াৰ পাছত আৰু দুটা কাৰ্যসূচীত মই অলপ সময় ভাষণ আগবঢ়াম৷ সেইবাবে মই ইয়াত বিস্তৃতভাৱে নোকোৱা কেতবোৰ কথা বাকী দুটা কাৰ্যসূচীত কম৷

কিন্তু, কেতবোৰ পৰামৰ্শ ইয়াত দিব বিচাৰিছো৷ মোৰ এই পৰামৰ্শ ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়, শিক্ষা মন্ত্ৰালয় আৰু বিআৰঅ’ বাবেও–এটা হৈছে এই সুৰংগৰ কাম আমি ইঞ্জিনিয়াৰিঙৰ দৃষ্টিৰে, কৰ্ম সংস্কৃতিৰ দৃষ্টিৰে ব্যতিক্ৰমী৷ বিগত বৰ্ষসমূহত যেতিয়াই ইয়াৰ নক্সাৰ কাম আৰম্ভ হৈছিল, কাগজত লিখা আৰম্ভ হৈছিল, তেতিয়াৰ পৰা এতিয়ালৈকে৷ যদি ১,০০০–১,৫০০ স্থানত ইয়াক চপায়, শ্ৰমিকো হ’ব পাৰে আৰু শীৰ্ষ ব্যক্তিও হ’ব পাৰে৷ তেওঁলোকে যি কাম কৰিছে, তেওঁলোকৰ অনুভৱ তেওঁলোকৰ ভাষাতে লিখক৷ ১,৫০০ লোকে যদি সম্পূৰ্ণ পৰিশ্ৰমেৰে লিখে, কেতিয়া কি হ’ল, কেতিয়া হ’ল, এনে নথিভূক্তকৰণ হ’ব, যিটো অন্তস্পৰ্শী হ’ব৷ যেতিয়া কাম চলি আছিল, তেতিয়া কি ভাৱিছিল, কেতিয়াবা অসুবিধা হ’লে কি কৰিছিল৷ এক ভাল নথিভূক্তিকৰণ, মই শৈক্ষিক নথিভূক্তকৰণৰ কথা কোৱা নাই৷ য’ত শ্ৰমিকে কাম কৰি আছে, কিমান দিন খাদ্য পোৱা নাছিল, কিদৰে কি কাম হৈছিল সেই কথাবোৰ বৃহৎ গুৰুত্ব আছে৷

কেতিয়াবা কোনো অভিযান্ত্ৰিক প্ৰত্যাহ্বান আহিলে কিদৰে কৰিছিল৷ মই বিচাৰো যে অতি কমেও ১,৫০০জন ব্যক্তি প্ৰতিটো স্তৰত কাম কৰা লোকে ৫ পৃষ্টা, ৬ পৃষ্ঠা, ১০ পৃষ্ঠাত নিজৰ অনুভৱ লিখিব৷ কোনো ব্যক্তিক দায়িত্ব দি ঠিকঠাক কৰি নথভূক্তিকৰণ কৰক আৰু ছপাৰ প্ৰয়োজনেই নাই, ডিজিটেলকৰণ হ’লেও চলিব৷

দ্বিতীয়তে শিক্ষা মন্ত্ৰালয়ৰ প্ৰতি মোৰ অনুৰোধ এই যে আমাৰ দেশত যিমান কাৰিকৰী আৰু অভিযান্ত্ৰিক বিশ্ববিদ্যালয় আছে, সেই বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক কেচ ষ্টাডীৰ কাম দিয়া হওক৷ প্ৰতি বছৰে এখন এখন বিশ্ববিদ্যালয়ৰ আঠ–দহগৰাকী শিক্ষাৰ্থীৰ বেটছ ইয়ালৈ আহক, কেছ ষ্টাডীৰ কিদৰে কল্পনা কৰা হয়, কেনেকৈ প্ৰস্তুত কৰা হয়, কি প্ৰত্যাহ্বান আহে, কিদৰে পথ বিচাৰি উলিওৱা হয় আৰু বিশ্বৰ আটাইতকৈ ওখ আৰু দীৰ্ঘতম স্থানত বিশ্বৰ খ্যাতি অৰ্জন কৰা এই সুৰংগৰ অভিযান্ত্ৰিক জ্ঞান আমাৰ দেশৰ শিক্ষাৰ্থীসকলৰ থকা উচিত৷

ইমানেই নহয়, বিশ্ব পৰ্যায়তো মই বিছাৰো এইইএৰ লোকসকলক একাংশ বিশ্ববিদ্যালয়লৈ আমন্ত্ৰণ কৰা হওক৷ তাক বিশ্ববিদ্যালয় ইয়ালৈ কেছ ষ্টাডীৰ বাবে আহক৷ প্ৰকল্পৰ সন্দৰ্ভত অধ্যয়ন কৰক৷ বিশ্বত আমাৰ এই শক্তিক পৰিচিত হোৱা উচিত৷ সীমিত সম্পদৰ পাছতো কিদৰে অদ্ভূত কাম বৰ্তমানৰ প্ৰজন্মৰ আমাৰ জোৱানসকলে কৰিব পাৰে ইয়াৰ জ্ঞান বিশ্বৰ হোৱা উচিত৷

সেইবাবে মই বিচাৰো প্ৰতিৰক্ষা মন্ত্ৰালয়, শিক্ষা মন্ত্ৰালয়, এমইএ, বিআৰঅ’, সকলোৱে মিলি ইয়াক শিক্ষাৰ অংগত পৰিণত কৰক৷ আমাৰ এক নতুন প্ৰজন্ম সম্পূৰ্ণৰূপে ইয়াৰ পৰা সাজু হৈ গ’লে সুৰংগৰ আন্তঃগাঁথনি নিৰ্মাণৰ উপৰি মানৱ সম্পদ গঢ় দিয়াটো ডাঙৰ কাম হিচাপে পৰিগণিত হ’ব৷ আমাৰ উত্তম অভিযন্ত্ৰা নিৰ্মাণৰ কামো এই সুৰংগই কৰিব পাৰে আৰু সেই দিশতো আমি কাম কৰিম৷

মই পুনৰবাৰ আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনালো৷ বহুত ধন্যবাদ দিছো৷ মই সেইসকল জোৱানকো অভিনন্দন জনাইছো, যিসকলে এই কাম সুন্দৰভাৱে সম্পূৰ্ণ কৰিলে আৰু দেশৰ মান বৃদ্ধি কৰিলে৷

বহুত বহুত ধন্যবাদ!!!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Internet subscribers in India up 6.24% in March-26 quarter

Media Coverage

Internet subscribers in India up 6.24% in March-26 quarter
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Shri Narendra Modi receives a telephone call from the Amir of Qatar
June 23, 2026
Qatar Amir expresses condolences over the loss of lives of Indian nationals in an accident in Qatar.
PM thanks him and conveys appreciation for prompt medical help to the injured.
The two leaders reaffirm their commitment to ensure the wellbeing and safety of their citizens.
PM conveys appreciation for Qatar’s positive contribution in the peace efforts in West Asia.
The two leaders reaffirm their commitment to expand bilateral cooperation.

Prime Minister Shri Narendra Modi received a telephone call today from the Amir of the State of Qatar, H.H. Sheikh Tamim Bin Hamad Al-Thani.

Qatar Amir expressed condolences over the loss of lives of Indian nationals in an accident at Ras Laffan Industrial City in Qatar on June 21 and conveyed wishes for speedy recovery of those injured.

PM thanked him for his words of sympathy towards affected families and conveyed appreciation for providing prompt medical help to the injured.

The two leaders reaffirmed their commitment to ensure the wellbeing and safety of their citizens and reiterated their support and solidarity with each other.

While discussing the situation in West Asia, PM conveyed appreciation for Qatar’s positive contribution in the peace efforts and expressed hope that they would lead to lasting peace and stability in the region.

The two leaders also reaffirmed their commitment to expand bilateral cooperation in all areas.

They agreed to remain in close touch.