২৪৫০ কোটি টকাৰ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধন
আধাৰশিলা স্থাপন কৰা হয় আৰু প্ৰায় ১৯৫০ কোটি টকাৰ পিএমএৱাই (গ্ৰাম্য আৰু নগৰ) প্ৰকল্পউদ্বোধন কৰা হয়
প্ৰায় ১৯,০০০ পৰিয়ালে গৃহ প্ৰৱেশত অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ ঘৰৰ চাবি হিতাধিকাৰীসকলক হস্তান্তৰ কৰিছিল।
"প্ৰধানমন্ত্ৰী আৱাস যোজনাই গৃহ নিৰ্মাণ খণ্ডক পৰিৱৰ্তন কৰিছে। ইয়াৰ ফলত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীবিশেষভাৱে লাভান্বিত হৈছে।"
"গুজৰাটৰ দ্বৈত ইঞ্জিন চৰকাৰে দুগুণ গতিত কাম কৰি আছে"
"আমাৰ বাবে, দেশৰ বিকাশ হৈছে এক দৃঢ় বিশ্বাস আৰু প্ৰতিশ্ৰুতি"
"ধৰ্মনিৰপেক্ষতাৰ প্ৰকৃত অৰ্থ কোনো ধৰণৰ বৈষম্য নহয়"
"আমি আৱাসক দৰিদ্ৰতাৰ বিৰুদ্ধে সংগ্ৰামৰ এক শক্তিশালী ভেটি, দৰিদ্ৰলোকৰ প্ৰতি সশক্তিকৰণ আৰু সন্মানৰ এক সঁজুলি কৰি তুলিছো"।
"পিএমএৱাই হাউচিং হৈছে কেইবাটাও আঁচনিৰ পেকেজ"
"আজি আমি নগৰ পৰিকল্পনাত জীৱনধাৰণৰ সহজতা আৰু জীৱনৰ মানদণ্ডৰ ওপৰত সমান গুৰুত্ব আৰোপ কৰিছো"

গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, চি আৰ পাটিল, গুজৰাট চৰকাৰৰ মন্ত্ৰীসকল, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সকলো হিতাধিকাৰী পৰিয়াল, আন সকলো গণ্যমান্য ব্যক্তি আৰু গুজৰাটৰ মোৰ মৰমৰ ভাই-ভনীসকল,

আজি গুজৰাটৰ মোৰ যিসকল হাজাৰ হাজাৰ ভাই-ভনীয়ে গৃহপ্ৰৱেশ কৰিছে, তেওঁলোকৰ লগতে মই ভূপেন্দ্ৰ ভাই আৰু তেওঁৰ দলকো বহুত অভিনন্দন জনাইছোঁ। আজি, মই গাওঁ আৰু চহৰৰ সৈতে সম্পৰ্কিত হাজাৰ হাজাৰ কোটি টকাৰ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ সুযোগ পাইছোঁ। ইয়াত দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ, পানীৰ প্ৰকল্প, নগৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় প্ৰকল্প, ঔদ্যোগিক বিকাশ সম্পৰ্কীয় কিছুমান প্ৰকল্প আছে। মই পুনৰ এবাৰ সকলো হিতাধিকাৰীক অভিনন্দন জনাইছোঁ, বিশেষকৈ সেই ভগ্নীসকলক যিসকলে আজি তেওঁলোকৰ পকী ঘৰ লাভ কৰিছে।

বিজেপিৰ বাবে, দেশৰ উন্নয়ন হৈছে এক দৃঢ় বিশ্বাস আৰু প্ৰতিশ্ৰুতি। আমাৰ বাবে, ৰাষ্ট্ৰ নিৰ্মাণ হৈছে এক নিৰন্ত চলিবলগীয়া মহাযজ্ঞ। গুজৰাটত পুনৰ বিজেপি চৰকাৰ গঠন হোৱাৰ মাত্ৰ কেইমাহমানহে হৈছে যদিও যি গতিত উন্নয়ন হৈছে, তাক লৈ মই অত্যন্ত সুখী।

শেহতীয়াকৈ, দৰিদ্ৰ লোকসকলৰ কল্যাণৰ বাবে সমৰ্পিত গুজৰাটৰ ৩লাখ কোটি টকাৰ বাজেট উপস্থাপন কৰা হৈছিল। দুখীয়াসকলক অগ্ৰাধিকাৰ প্ৰদানেৰে গুজৰাটে বহুতো সিদ্ধান্তত এক প্ৰকাৰে নেতৃত্ব দিছে। যোৱা কেইমাহমানত, গুজৰাটৰ প্ৰায় ২৫ লাখ হিতাধিকাৰীক আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হৈছে। গুজৰাটৰ প্ৰায় ২ লাখ গৰ্ভৱতী মহিলাক প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ দ্বাৰা সহায় কৰা হৈছে।

এই সময়ছোৱাত, গুজৰাটত ৪খন নতুন চিকিৎসা মহাবিদ্যালয় খোলা হৈছে। নতুন চৰকাৰ গঠনৰ পিছত, গুজৰাটৰ আধুনিক আন্তঃগাঁথনিৰ বাবে হাজাৰ হাজাৰ কোটি টকাৰ কাম আৰম্ভ হৈছে। এইবোৰে গুজৰাটৰ হাজাৰ হাজাৰ যুৱক-যুৱতীৰ বাবে নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰিবলৈ গৈ আছে। এইবোৰে দেখুৱায় যে গুজৰাটৰ দ্বৈত ইঞ্জিন চৰকাৰে দুগুণ গতিত কাম কৰি আছে।

 

বন্ধুসকল,

বিগত ৯ বছৰত সমগ্ৰ দেশতে যি অভূতপূৰ্ব পৰিৱৰ্তন ঘটিছে, সেই পৰিৱৰ্তন আজি প্ৰতিজন দেশবাসীয়ে অনুভৱ কৰিছে। এটা সময় আছিল যেতিয়া দেশৰ জনসাধাৰণে জীৱনৰ মৌলিক সুবিধাবোৰৰ পৰাও বঞ্চিত আছিল। বহু বছৰ অপেক্ষাৰ পিছত, মানুহে এই অভাৱকে তেওঁলোকৰ ভাগ্য হিচাপে স্বীকাৰ কৰিছিল। সকলোৱে বিশ্বাস কৰিছিল যে ভাগ্যত যি আছে সেইদৰেই জীৱন অতিবাহিত কৰিব লাগিব, তেওঁলোকে হতাশাত ভুগিছিল, বেছিভাগ লোকে ভাবি লৈছিল যে বস্তিত জন্মগ্ৰহণ কৰাসকলৰ ভৱিষ্যত প্ৰজন্ময়ো বস্তিতেই জীৱন যাপন কৰিব লাগিব। এই নিৰাশাৰ পৰা এতিয়া দেশ ওলাই আহিছে। 

আজি, প্ৰতিটো অভাৱ দূৰ কৰি আমাৰ চৰকাৰে প্ৰতিজন দৰিদ্ৰ ব্যক্তিৰ ওচৰলৈ যাবলৈ কাম কৰি আছে। আমি আঁচনিসমূহৰ ১০০ শতাংশ সংপৃক্ততা কৰিবলৈ চেষ্টা কৰি আছোঁ। অৰ্থাৎ, চৰকাৰে নিজেই আঁচনিসমূহৰ হিতাধিকাৰীৰ ওচৰলৈ গৈ আছে। চৰকাৰৰ এই দৃষ্টিভংগীয়ে বৃহৎ পৰিমাণৰ দুৰ্নীতি দূৰ কৰিছে, বৈষম্যৰ অৱসান ঘটাইছে। আমাৰ চৰকাৰে হিতাধিকাৰীসকলৰ কাষ চপাৰ ক্ষেত্ৰত ধৰ্ম বা জাতিৰ ফালে চোৱা নাই। আৰু যেতিয়া আপুনি এখন গাঁৱত ৫০জন লোকক লগ পোৱাটো নিশ্চিত আৰু ৫০জন লোকক লগ পায়, তেওঁলোক যিয়েই নহওঁক, জাতি যিয়েই নহওঁক, তেওঁলোকৰ পৰিচয় যিয়েই নহওঁক, কিন্তু এবাৰ সকলোকে লগ কৰে।

মই ভাবো য'ত কোনো ভেদভাব নাথাকে সেয়াই প্ৰকৃত ধৰ্মনিৰপেক্ষতা। যিসকলে সামাজিক ন্যায়ৰ কথা কয়, যেতিয়া আপুনি সকলোৰে সুখৰ বাবে কাম কৰে, যেতিয়া আপুনি সকলোৰে সুবিধাৰ বাবে কাম কৰে, যেতিয়া আপুনি সকলোৰে অধিকাৰ প্ৰাপ্তিৰ বাবে ১০০শতাংশ কাম কৰে, তেতিয়া মই ভাবো আমি যি পথত চলি আছোঁ তাত ইয়াতকৈ ডাঙৰ সামাজিক ন্যায় নাই, ইয়াতকৈ অধিক কোনো সামাজিক ন্যায় নাই। আমি অনুসৰণ কৰি থকা পথটো। আৰু আমি সকলোৱে জানো যে যেতিয়া দৰিদ্ৰসকলে তেওঁলোকৰ জীৱনৰ মৌলিক প্ৰয়োজনীয়তাৰ বিষয়ে কম চিন্তিত হয়, তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি হয়।

অলপ আগতে, প্ৰায় ৪০,৩৮,০০০দৰিদ্ৰ পৰিয়ালে তেওঁলোকৰ পকী ঘৰ লাভ কৰিছে। ইয়াৰ ভিতৰত, যোৱা ১২৫দিনৰ ভিতৰত প্ৰায় ৩২ হাজাৰ ঘৰ সম্পূৰ্ণ হৈছে। মই এইমাত্ৰ এই হিতাধিকাৰীসকলৰ বহুতৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ পাইছোঁ। আৰু তেওঁলোকৰ কথা শুনি, আপোনাসৱে নিশ্চয় অনুভৱ কৰিছে যে সেই ঘৰবোৰৰ বাবে তেওঁলোকৰ কিমান আত্মবিশ্বাস আছিল আৰু যেতিয়া প্ৰতিটো পৰিয়ালে ইমান আত্মবিশ্বাস জগাই তোলে, তেতিয়া ই সমাজৰ বাবে এক ডাঙৰ শক্তি হৈ পৰে। দৰিদ্ৰলোকৰ মনত যি আত্মবিশ্বাস গঢ় লয় আৰু তেওঁলোকে অনুভৱ কৰে যে হয়, এইটো মোৰ প্ৰাপ্য আৰু এই সমাজখন মোৰ সৈতে আছে, ই এক ডাঙৰ শক্তি হৈ পৰে।

 

বন্ধুসকল,

পুৰণি নীতি অনুসৰণ কৰি, বিফল নীতি অনুসৰণ কৰি, দেশৰ ভাগ্য সলনি হ'ব নোৱাৰে বা দেশ সফল হ'ব নোৱাৰে। পূৰ্বৱৰ্তী চৰকাৰবোৰে কি দৃষ্টিভংগীৰে কাম কৰি আছিল, আজি আমি কি চিন্তা কৰি আছোঁ সেয়া বুজি পোৱাটো অতি গুৰুত্বপূৰ্ণ। আমাৰ দেশত দৰিদ্ৰ লোকসকলৰ বাবে আৱাস প্ৰদানৰ আঁচনিবোৰ দীৰ্ঘদিন ধৰি চলি আছিল। কিন্তু ১০-১২বছৰ আগৰ পৰিসংখ্যাই কৈছিল যে আমাৰ গাওঁবোৰৰ প্ৰায় ৭৫ শতাংশ পৰিয়ালৰ ঘৰত পকী শৌচালয় নাছিল।

আগতে দৰিদ্ৰ লোকসকলৰ বাবে চলি থকা ঘৰৰ আঁচনিবোৰতো এইবোৰৰ গুৰুত্ব দিয়া হোৱা নাছিল। ঘৰ এটা কেৱল মূৰ ঢাকি থকা চাল নহয়, ই ভৰ্তি কৰাৰ ঠাই নহয়। ঘৰ হৈছে এক বিশ্বাসৰ স্থলী, য'ত সপোনবোৰে আকাৰ লয়, য'ত এটা পৰিয়ালৰ বৰ্তমান আৰু ভৱিষ্যত নিৰ্ধাৰণ কৰা হয়। সেয়েহে, ২০১৪ চনৰ পিছত আমি দৰিদ্ৰ লোকসকলৰ ঘৰবোৰ কেৱল এক পকী চালতেই সীমাবদ্ধ কৰা নাছিলোঁ। ইয়াৰ পৰিৱৰ্তে, ঘৰক আমি দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজৰ এক দৃঢ় ভেটি কৰিলোঁ, দৰিদ্ৰলোকৰ সবলীকৰণৰ মাধ্যম, তেওঁলোকৰ মৰ্যাদাৰ মাধ্যম কৰিলোঁ।

 

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এজন লোকৰ ঘৰ কেনেদৰে নিৰ্মাণ কৰা হ'ব সেই সন্দৰ্ভত আজি চৰকাৰৰ পৰিৱৰ্তে হিতাধিকাৰীয়ে নিজেই সিদ্ধান্ত লয়। ই দিল্লীৰ দ্বাৰা নিৰ্ণয় কৰা নহয়, গান্ধীনগৰৰ দ্বাৰা সিদ্ধান্ত লোৱা নহয়, নিজেই লোৱা হয়। চৰকাৰে লোকজনৰ বেংক একাউণ্টত পোনপটীয়াকৈ ধন জমা কৰে। ঘৰটো নিৰ্মাণ কৰা হৈছে বুলি প্ৰমাণ কৰিবলৈ, আমি বিভিন্ন পৰ্যায়ত ঘৰটোৰ জিঅ'-টেগিং কৰোঁ। আপোনাসৱে এইটোও জানে যে আগতে তেনে নাছিল। হিতাধিকাৰীৰ ওচৰ পোৱাৰ আগতে, ঘৰটোৰ ধন দুৰ্নীতিগ্ৰস্তৰ হাতত পৰিছিল। নিৰ্মাণ কৰা ঘৰবোৰ থকাৰ উপযোগী নাছিল।

 

ভাই-ভনীসকল,

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মাণ কৰা ঘৰবোৰ আজি কেৱল এটা আঁচনিতে সীমাবদ্ধ নহয়, ই বহু আঁচনিৰ এক পেকেজ। ইয়াত স্বচ্ছ ভাৰত অভিযানৰ অধীনত নিৰ্মাণ কৰা এটা শৌচালয় আছে। ইয়াত, সৌভাগ্য আঁচনিৰ অধীনত বিদ্যুৎ সংযোগ উপলব্ধ। ইয়াত, উজ্জ্বলা আঁচনিৰ অধীনত বিনামূলীয়া এলপিজি সংযোগী গেছ উপলব্ধ। ইয়াত, জল জীৱন অভিযানৰ নলৰ পৰা পানী উপলব্ধ।

ইয়াৰ আগতে, দৰিদ্ৰ পৰিয়ালবোৰে এই সকলো সুবিধা লাভ কৰিবলৈ বছৰ বছৰ ধৰি চৰকাৰী কাৰ্যালয়লৈ যাব লগা হৈছিল। আৰু আজি তেওঁলকে এই সকলো সুবিধাৰ লগতে বিনামূলীয়া ৰেচন আৰু বিনামূলীয়া চিকিৎসা লাভ কৰিছে। আপোনাসৱে কল্পনা কৰিব পাৰে যে দৰিদ্ৰসকলে কিমান বৃহৎ সুৰক্ষা কৱচ লাভ কৰিছে।

 

বন্ধুসকল,

প্ৰধানমন্ত্ৰী আৱাস যোজনাই দৰিদ্ৰসকলৰ লগতে মহিলা সবলীকৰণক যথেষ্ট শক্তি প্ৰদান কৰিছে। যোৱা ৯ বছৰত, দৰিদ্ৰ পৰিয়ালবোৰক প্ৰায় ৪ কোটি পকী ঘৰ প্ৰদান কৰা হৈছে। ইয়াৰে প্ৰায় ৭০ শতাংশ ঘৰ মহিলা হিতাধিকাৰীৰ নামতো আছে। এই কোটি কোটি ভগ্নী সেইসকল যাৰ নামত প্ৰথমবাৰৰ বাবে এক সম্পত্তি পঞ্জীয়ন কৰা হৈছে। আমাৰ নিজৰ দেশত, গুজৰাটত, আপোনাসৱে জানে যে ঘৰটো পুৰুষৰ নামত হয়, গাড়ীখন পুৰুষৰ নামত হয়, খেতিপথাৰখন পুৰুষৰ নামত হয়, আনকি স্কুটাৰখনো পুৰুষজনৰ নামত হয়, নাইবা স্বামীৰ নামত হয় আৰু স্বামী নাথাকিলে পুত্ৰৰ নামত হয়।  এগৰাকী মহিলাৰ নামত মাতৃৰ নামত একো নাই। মোদীয়ে এই পৰিস্থিতি সলনি কৰিছে, আৰু এতিয়া মাতৃ আৰু ভগ্নীৰ নামত চৰকাৰী আঁচনিৰ লাভ পোৱা যায়, চৰকাৰী আঁচনিত মাতৃৰ নামত যোগ কৰিব লাগে, নাইবা মাতৃকেই অধিকাৰ দিয়া হয়।

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সহায়ত নিৰ্মাণ কৰা প্ৰতিটো ঘৰৰ ব্যয় এতিয়া পাঁচ-পঞ্চাশ হাজাৰত নিৰ্মাণ কৰা হোৱা নাই, ইয়াৰ ব্যয় ডেৰ লাখ আৰু দুই লাখলৈকে। ইয়াৰ অৰ্থ হৈছে যে প্ৰধানমন্ত্ৰী গৃহ নিৰ্মাণ আঁচনিৰ অধীনত লাভ কৰা ঘৰত বাস কৰিবলৈ লোৱা সকলোৰে ঘৰৰ মূল্য লাখ লাখ টকা আৰু তেওঁলোক লাখ লাখ টকাৰ ঘৰৰ গৰাকী হৈছে, ইয়াৰ অৰ্থ হৈছে কোটি কোটি মহিলা লাখপতি হৈছে, আৰু সেয়েহে এই মোৰ লাখপতি দিদীসকলে মোক ভাৰতৰ প্ৰতিটো কোণৰ পৰা আশীৰ্বাদ দিয়ে,  যাতে মই তেওঁলোকৰ বাবে অধিক কাম কৰিব পাৰো। 

বন্ধুসকল,

দেশত বৰ্ধিত নগৰীকৰণৰ পৰিপ্ৰেক্ষিতত, বিজেপি চৰকাৰেও ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ কথা মনত ৰাখি কাম কৰি আছে। আমি আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি ৰাজকোটত ১,০০০তকৈও অধিক ঘৰ নিৰ্মাণ কৰিছোঁ। এই ঘৰবোৰ অতি কম সময়ৰ ভিতৰত কম মূল্যত নিৰ্মাণ কৰা হৈছে আৰু ই সুৰক্ষিতও। লাইট হাউছ প্ৰকল্পৰ অধীনত, আমি দেশৰ ৬খন চহৰত এই প্ৰযুক্তিৰে ঘৰ নিৰ্মাণ কৰিছোঁ। এনে প্ৰযুক্তিৰ দ্বাৰা, অনাগত সময়ত দৰিদ্ৰ লোকসকলৰ বাবে অধিক সস্তা আৰু আধুনিক ঘৰ উপলব্ধ হ'ব।

 

বন্ধুসকল,

আমাৰ চৰকাৰে ঘৰৰ সৈতে সম্পৰ্কিত আন এক প্ৰত্যাহ্বান অতিক্ৰম কৰিছে। আগতে, ৰিয়েল ইষ্টেট খণ্ডত স্বেচ্ছাচাৰিতা আছিল, প্ৰৱঞ্চনাৰ অভিযোগ আছিল। মধ্যবিত্ত পৰিয়ালবোৰক সুৰক্ষা দিয়াৰ বাবে কোনো আইন নাছিল। আৰু এই যিসকল ডাঙৰ ডাঙৰ বিল্ডাৰসকলে আঁচনিবোৰ লৈ আহিছিল, সেইসমূহৰ ফটো ইমান ভাল আছিল যে ঘৰটো ল'ব বুলিও ঘৰত সিদ্ধান্ত লৈ পেলোৱা হৈছিল। আৰু যেতিয়া দিছিল, তেওঁলোকে আন এটাহে দিছিল। লিখা আছিল এটা, দিয়া হৈছিল আনটো।

আমি আৰইআৰএ আইন প্ৰস্তুত কৰিছোঁ। ই মধ্যবিত্ত পৰিয়ালবোৰক আইনী সুৰক্ষা প্ৰদান কৰিছে। আৰু টকা দিয়াৰ সময়ত দেখুওৱা ডিজাইন মতেই এতিয়া একে ঘৰ নিৰ্মাণ কৰি দিয়াটো বাধ্যতামূলক, অন্যথা কাৰাগাৰলৈ যাবলগীয়া হব পাৰে। কেৱল এয়াই নহয়, স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে মধ্যবিত্ত শ্ৰেণীৰ বাবে ঘৰ নিৰ্মাণৰ বাবে বেংক ঋণৰ সৈতে সূতৰ সৈতে সহায় কৰাৰ ব্যৱস্থা কৰা হৈছে।

গুজৰাটে এই ক্ষেত্ৰতো যথেষ্ট ভাল প্ৰদৰ্শন কৰিছে। গুজৰাটৰ এনে ৫ লাখ মধ্যবিত্ত পৰিয়ালক ১১,০০০ কোটি টকাৰ সাহায্য প্ৰদান কৰি চৰকাৰে তেওঁলোকৰ জীৱনৰ সপোন পূৰণ কৰিছে।

 

বন্ধুসকল,

আজি আমি সকলোৱে একেলগে স্বাধীনতাৰ অমৃত কালত উন্নত ভাৰত গঢ়ি তোলাৰ প্ৰচেষ্টা চলাই আছোঁ। এই ২৫বছৰত, আমাৰ চহৰসমূহে, বিশেষকৈ টায়াৰ-২, টায়াৰ-৩ চহৰবোৰে অৰ্থনীতিক গতি প্ৰদান কৰিব। গুজৰাটতো এনে বহুতো চহৰ আছে। ভৱিষ্যতৰ প্ৰত্যাহ্বান অনুসৰি এই চহৰসমূহৰ প্ৰণালীবোৰো প্ৰস্তুত কৰা হৈছে। অমৃত মিছনৰ অধীনত দেশৰ ৫০০ খন চহৰত প্ৰাথমিক সুবিধা উন্নত কৰা হৈছে। দেশৰ ১০০খন চহৰত বিকশিত হৈ থকা স্মাৰ্ট সুবিধাবোৰেও সেই চহৰসমূহক আধুনিকীকৰণ কৰি আছে।

 

বন্ধুসকল,

আজি আমি নগৰ পৰিকল্পনাত জীৱনধাৰণৰ সহজতা আৰু জীৱনৰ মানদণ্ড দুয়োটাৰ ওপৰত সমান গুৰুত্ব আৰোপ কৰিছোঁ। আমাৰ প্ৰয়াস এয়াই হৈছে যে মানুহে এঠাইৰ পৰা আন ঠাইলৈ যোৱাত বেছি সময় ব্যয় কৰিব নালাগে। আজি এই চিন্তাধাৰাৰে দেশত মেট্ৰ' নেটৱৰ্ক সম্প্ৰসাৰিত কৰা হৈছে। ২০১৪ চনলৈকে, দেশত ২৫০ কিলোমিটাৰতকৈ কম মেট্ৰ' নেটৱৰ্ক আছিল। অৰ্থাৎ, ৪০ বছৰত ২৫০ কিলোমিটাৰ মেট্ৰ' পথো নিৰ্মাণ কৰিব পৰা নগ'ল। আনহাতে  যোৱা ৯ বছৰত ৬০০কিলোমিটাৰ নতুন মেট্ৰ' পথ নিৰ্মাণ কৰা হৈছে, সেইবোৰত মেট্ৰ' চলিবলৈ আৰম্ভ কৰিছে।

আজি দেশৰ ২০খন চহৰত মেট্ৰ' চলি আছে। আজি, আপোনাসৱে দেখিছে যে আহমেদাবাদৰ দৰে চহৰত মেট্ৰ'ৰ আগমনৰ ফলত ৰাজহুৱা পৰিবহন কেনেদৰে সুলভ হৈ পৰিছে। যেতিয়া চহৰবোৰৰ চাৰিওফালৰ এলেকাবোৰ আধুনিক আৰু দ্ৰুত যোগাযোগ ব্যৱস্থাৰে সংযুক্ত হয় তেতিয়া ই প্ৰধান চহৰখনৰ ওপৰত চাপ হ্ৰাস কৰিব। আহমেদাবাদ-গান্ধীনগৰৰ দৰে দ্বৈত চহৰসমূহো আজি বন্দে ভাৰত এক্সপ্ৰেছৰ দৰে ৰে'লৰ সৈতে সংযোগ কৰা হৈছে। একেদৰে, গুজৰাটৰ বহুতো চহৰত বৈদ্যুতিক বাছ দ্ৰুতগতিত বৃদ্ধি কৰা হৈছে।

 

বন্ধুসকল,

দৰিদ্ৰই হওঁক বা মধ্যবিত্তই হওঁক, আমাৰ চহৰবোৰত জীৱনৰ মানদণ্ড তেতিয়াহে সম্ভৱ হব যেতিয়া আমি পৰিষ্কাৰ পৰিৱেশ আৰু পৰিষ্কাৰ বায়ু পাওঁ। ইয়াৰ বাবে, দেশত মিছন মোডত কাম চলি আছে। আমাৰ দেশত প্ৰতিদিনে হাজাৰ হাজাৰ টন পৌৰ নিগমৰ আৱৰ্জনা উৎপন্ন হয়। ইয়াৰ আগতে, এই বিষয়ত দেশত কোনো গুৰুত্ব দিয়া হোৱা নাছিল। বিগত বছৰবোৰত, আমি আৱৰ্জনা ব্যৱস্থাপনাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছোঁ। ২০১৪ চনত, য'ত দেশত মাত্ৰ ১৪-১৫ শতাংশ আৱৰ্জনা সংসাধিত কৰা হৈছিল, আজি ৭৫ শতাংশ আৱৰ্জনা সংসাধিত কৰা হৈছে। যদিহে এনে কাম  আগতে কৰা হলহেঁতেন, তেন্তে আজি আমাৰ চহৰবোৰত আৱৰ্জনাৰ পাহাৰ নাথাকিলহেঁতেন। এতিয়া কেন্দ্ৰীয় চৰকাৰে এনে আৱৰ্জনাৰ পৰ্বতবোৰ আঁতৰ কৰিবলৈ মিছন মোডত কাম কৰি আছে।

 

বন্ধুসকল,

গুজৰাটে দেশখনক পানী ব্যৱস্থাপনা আৰু পানী যোগান গ্ৰিডৰ এটা ভাল আৰ্হি প্ৰদান কৰিছে। যেতিয়া কোনো লোকে প্ৰায় ৩,০০০ কিলোমিটাৰ মুখ্য পাইপলাইন আৰু ১.২৫ লাখ কিলোমিটাৰতকৈ অধিক বিতৰণ লাইনৰ কথা শুনে তেতিয়া তেওঁ এই কথা বিশ্বাস নকৰিব যে ইমান ডাঙৰ কাম সম্পূৰ্ণ হৈছে। কিন্তু গুজৰাটৰ মানুহে এই কৃতিত্বৰ কাম কৰিছে। ইয়াৰ লগতে বিশুদ্ধ খোৱা পানী প্ৰায় ১৫ হাজাৰ গাওঁ আৰু ২৫০ নগৰ অঞ্চলত উপনীত হৈছে। এনে সুবিধাৰ ফলত গুজৰাটৰ দৰিদ্ৰই হওঁক বা মধ্যবিত্তই হওঁক, সকলোৰে জীৱন সহজ হৈ পৰিছে। গুজৰাটৰ জনসাধাৰণে যিদৰে অমৃত সৰোবৰ নিৰ্মাণত অংশগ্ৰহণ নিশ্চিত কৰিছে সেয়াও অতি প্ৰশংসনীয়।

 

বন্ধুসকল,

গুজৰাটে দেশখনক পানী ব্যৱস্থাপনা আৰু পানী যোগান গ্ৰিডৰ এটা ভাল আৰ্হি প্ৰদান কৰিছে। যেতিয়া এজন লোকে প্ৰায় ৩,০০০ কিলোমিটাৰ মুখ্য পাইপলাইন আৰু ১.২৫ লাখ কিলোমিটাৰতকৈ অধিক বিতৰণ লাইনৰ কথা শুনে, তেওঁ বিশ্বাস নকৰে যে ইমান ডাঙৰ কাম সম্পূৰ্ণ হৈছে। কিন্তু গুজৰাটৰ মানুহে এই কৃতিত্বৰ কাম কৰিছে। ইয়াৰ সৈতে, বিশুদ্ধ খোৱা পানী প্ৰায় ১৫ হাজাৰ গাওঁ আৰু ২৫০নগৰ অঞ্চলত উপনীত হৈছে। এনে সুবিধাৰ ফলত গুজৰাটৰ দৰিদ্ৰ হওঁক বা মধ্যবিত্ত হওঁক, সকলোৰে জীৱন সহজ হৈ পৰিছে। গুজৰাটৰ জনসাধাৰণে যিদৰে অমৃত সৰোবৰ নিৰ্মাণত অংশগ্ৰহণ নিশ্চিত কৰিছে সেয়াও অতি প্ৰশংসনীয়।

 

বন্ধুসকল,

আমি উন্নয়নৰ এই গতি অব্যাহত ৰাখিব লাগিব। সকলোৰে প্ৰচেষ্টাত অমৃত কালৰ আমাৰ সকলো সংকল্প পূৰণ কৰা হ'ব। অৱশেষত, উন্নয়নমূলক কামৰ বাবে মই আপোনালোক সকলোকে আকৌ এবাৰ অভিনন্দন জনাইছোঁ। যিসমূহ পৰিয়ালৰ সপোন পূৰণ হৈছে, এটা ঘৰ লাভ কৰিছে, তেওঁলোকে এতিয়া নতুন সংকল্প লোৱা উচিত আৰু পৰিয়ালটোক আগুৱাই নিয়াৰ শক্তি সংগ্ৰহ কৰা উচিত। উন্নয়নৰ সম্ভাৱনা অপৰিসীম, আপুনিও ইয়াৰ যোগ্য আৰু ই আমাৰ প্ৰচেষ্টা। আহক আমি একেলগে ভাৰতক দ্ৰুত গতিত আগুৱাই লৈ যাওঁ। গুজৰাটক অধিক সমৃদ্ধিৰ দিশে আগুৱাই লৈ যাও আহক। এই অনুভৱৰ সৈতে, আপোনালোক সকলোকে অশেষ ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s economy resilient despite West Asia headwinds

Media Coverage

India’s economy resilient despite West Asia headwinds
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi receives a phone call today from President of Sri Lanka
March 24, 2026
The two leaders discuss disruptions affecting global energy security.
Both leaders reiterate the importance of keeping shipping lines open and secure.
The two leaders review progress on various initiatives aimed at strengthening bilateral energy cooperation and enhancing regional security.
PM reiterates India’s firm commitment to work closely together in addressing shared challenges.

Prime Minister Shri Narendra Modi received a phone call today from the President of Sri Lanka, H.E. Anura Kumara Disanayaka.

The two leaders discussed the evolving situation in West Asia with an emphasis on disruptions affecting global energy security.

Both leaders reiterated the importance of keeping shipping lines open and secure in the interest of the whole world.

The two leaders reviewed progress on various initiatives aimed at strengthening India-Sri Lanka energy cooperation and enhancing regional security.

Prime Minister reiterated India’s firm commitment to work closely together in addressing shared challenges in line with India’s Neighbourhood First policy and MAHASAGAR Vision.

The two leaders agreed to stay in touch.