“Like Ease of Doing Business and Ease of Living, Ease of Justice is equally important in Amrit Yatra of the country”
“In the last eight years, work has been done at a fast pace to strengthen the judicial infrastructure of the country”
“Our judicial system is committed to the ancient Indian values of justice and is also ready to match the realities of the 21st century”

অনুষ্ঠানত উপস্থিত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শ্ৰী এন. ভি. ৰমন্না জী, ন্যায়াধীশ ইউ. ইউ. ললিত জী, ন্যায়াধীশ ডি. ৱাই. চন্দ্ৰচুৰ জী, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সহযোগী আইন মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু জী, উচ্চতম ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশসকল, মোৰ সতীৰ্থ ৰাজ্যিক মন্ত্ৰী শ্ৰী এছ. পি. ৱাঘেল জী, উচ্চ ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশসকল, জিলা আইন সেৱা প্ৰাধিকৰণৰ অধ্যক্ষ আৰু সচিবসকল, সকলো সন্মানীয় অতিথিবৃন্দ, ভদ্ৰ পুৰুষ আৰু মহিলাসকল!

ভাৰতৰ ন্যায় ব্যৱস্থাৰ নেতৃত্ব দিয়া আপোনালোক সকলোৰে মাজত উপস্থিত থকাটো সদায় এক সুখজনক অভিজ্ঞতা, যিটো ভাষাৰে প্ৰকাশ কৰাটো অলপ কঠিন। জিলা আইন সেৱা প্ৰাধিকৰণৰ অধ্যক্ষ আৰু সচিবসকলৰ এনে প্ৰথমখন ৰাষ্ট্ৰীয় বৈঠক আৰু মই বিশ্বাস কৰো যে ই এক ভাল আৰম্ভণি, অৰ্থাৎ ই ভৱিষ্যতেও চলি থাকিব। এনে এটা অনুষ্ঠানৰ বাবে আপোনালোকে যি সময় বাছনি কৰিছে সেয়াও সঠিক আৰু ঐতিহাসিক দৃষ্টিৰেও গুৰুত্বপূৰ্ণ।

আজিৰ পৰা কেইদিনমান পাছতে দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হ’ব৷ এয়া আমাৰ স্বাধীনতাৰ অমৃতকাল৷ এয়া সেই সংকল্পসমূহৰ বাবে সময়, যি অহা ২৫ বছৰত দেশখনক নতুন উচ্চতালৈ লৈ যাব। সহজে ব্যৱসায় কৰাৰ পৰিৱশ গঢ় দিয়া আৰু সহজ জীৱন ধাৰণৰ দৰেই দেশৰ এই অমৃত যাত্ৰাত সুলভ ন্যায়ো সমানেই গুৰুত্বপূৰ্ণ। ইয়াত ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণ আৰু সকলো জিলা আইন সেৱা প্ৰাধিকৰণে যথেষ্ট ভূমিকা পালন কৰিব পাৰে। বিশেষকৈ ললিত জীৰ লগতে আপোনালোক সকলোকে এই অনুষ্ঠানৰ বাবে অভিনন্দন জ্ঞাপন কৰিছো আৰু শুভকামনা জনাইছো৷

বন্ধুসকল,

আমাৰ ইয়াত ন্যায়ৰ সংকল্পনা কোৱা হৈছে-

अंगेन गात्रं नयनेन वक्त्रंन्यायेन राज्यं लवणेन भोज्यम्॥

অৰ্থাৎ যেনেকৈ বিভিন্ন অংগই শৰীৰ, মুখৰ সৈতে চকু আৰু নিমখ খালে অৰ্থপূৰ্ণ হয়, সেইদৰে ন্যায় দেশৰ বাবেও সমানেই গুৰুত্বপূৰ্ণ। আপোনালোক সকলো এই সংবিধানৰ বিষয়ে বিশেষজ্ঞ আৰু জ্ঞাত। আমাৰ সংবিধানৰ ৰাজ্যিক নীতিৰ নিৰ্দেশাত্মক নীতিৰ অন্তৰ্গত ৩৯ (ক) অনুচ্ছেদে আইনী সাহায্যক অগ্ৰাধিকাৰ দিছে। দেশৰ জনসাধাৰণৰ আস্থাৰ পৰা আমি ইয়াৰ গুৰুত্ব প্ৰত্যক্ষ কৰিছো৷

আমাৰ সাধাৰণ জনতাৰ বিশ্বাস আছে যে যদি কোনেও নুশুনে তেন্তে আদালতৰ দুৱাৰ খোলা থাকে। ন্যায়ৰ এই বিশ্বাসে প্ৰতিজন দেশবাসীক উপলব্ধি কৰায় যে দেশৰ ব্যৱস্থাই তেওঁৰ অধিকাৰ সুৰক্ষিত কৰি আছে। এই চিন্তাৰে দেশত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণ স্থাপন কৰা হৈছিল, যাতে অতি পিছপৰা দুৰ্বল লোকসকলেও ন্যায়ৰ অধিকাৰ লাভ কৰিব পাৰে। বিশেষকৈ আমাৰ জিলা আইনী সেৱা কৰ্তৃপক্ষসমূহ আমাৰ আইনী সাহায্য ব্যৱস্থাৰ নিৰ্মিত ভৱনৰ দৰে।

বন্ধুসকল,

আপোনালোক সকলোৱে জানে যে যিকোনো সমাজৰ বাবে ন্যায়িক ব্যৱস্থাত প্ৰৱেশ যিমানেই গুৰুত্বপূৰ্ণ, ন্যায় প্ৰদান কৰাটোও সমানেই গুৰুত্বপূৰ্ণ। ইয়াত ন্যায়িক আন্তঃগাঁথনিৰো গুৰুত্বপূৰ্ণ অৱদান আছে। যোৱা আঠ বছৰত দেশৰ ন্যায়িক আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে দ্ৰুত গতিত কাম কৰা হৈছে। ন্যায়িক আন্তঃগাঁথনি আধুনিকীকৰণৰ বাবে ৯ হাজাৰ কোটি টকা ব্যয় কৰা হৈছে। দেশত আদালতৰ সংখ্যাও বৃদ্ধি পাইছে। ন্যায়িক আন্তঃগাঁথনি নিৰ্মাণে ক্ষিপ্ৰতাৰে ন্যায় প্ৰদানৰ ক্ষেত্ৰতো ত্বৰান্বিত কৰিব।

বন্ধুসকল,

বৰ্তমান বিশ্ব এক অভূতপূৰ্ব ডিজিটেল বিপ্লৱৰ সাক্ষী হৈছে৷ আৰু ভাৰতে এই বিপ্লৱৰ মুখ্য কেন্দ্ৰ হিচাপে ধৰা দিছে৷ কেই বছৰমান পূৰ্বে দেশত যেতিয়া ভীম-ইউপিআই(BHIM-UPI) আৰু ডিজেটেল পেমেণ্টৰ আৰম্ভ কৰা হৈছিল, তেতিয়া একাংশ লোকে ভাৱিছিল এয়া কেইটামান স্থানতে সীমিত থাকিব৷ কিন্তু আজি আমি প্ৰতিখন গাঁৱতে ডিজিটেল পেমেণ্ট হোৱা দেখিবলৈ পাইছো। আজি সমগ্ৰ বিশ্বতে হৈ থকা সকলো ৰিয়েল টাইম ডিজিটেল পেমেণ্টৰ ভিতৰত বিশ্বৰ ৪০ শতাংশই কেৱল ভাৰততে হৈ আছে। পদপথৰ দোকানী আৰু ঠেলাৱলাৰ পৰা আৰম্ভ কৰি গাঁৱৰ দুখীয়া লোকসকললৈকে ডিজিটেল পেমেণ্ট এতিয়া প্ৰতিজন ব্যক্তিৰ বাবে সহজ নিয়মৰ অংশ হৈ পৰিছে। যেতিয়া দেশত উদ্ভাৱন আৰু অভিযোজনৰ ইমান স্বাভাৱিক সম্ভাৱনা থাকে, তেতিয়া ন্যায় প্ৰদানত প্ৰযুক্তি ব্যৱহাৰ কৰাৰ ইয়াতকৈ উত্তম সময় আৰু থাকিব নোৱাৰে।

মই আনন্দিত যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত দেশৰ ন্যায়িক ব্যৱস্থাই এই দিশত দ্ৰুতগতিত আগবাঢ়িছে। ই-আদালত অভিযানৰ অধীনত দেশত ভাৰ্চুৱেল আদালত আৰম্ভ কৰা হৈছে। যান-জঁট নিয়ম উলংঘাৰ দৰে অপৰাধৰ বাবে ২৪ ঘণ্টাই কাম কৰিবলৈ আৰম্ভ কৰিছে আদালতে। জনসাধাৰণৰ সুবিধাৰ্থে আদালতত ভিডিঅ’ কনফাৰেন্সিঙৰ আন্তঃগাঁথনিও সম্প্ৰসাৰণ কৰা হৈছে।

মোক কোৱা হৈছে যে এতিয়ালৈকে দেশৰ জিলা আদালতত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ১ কোটিৰো অধিক গোচৰৰ শুনানি হৈছে। উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়তো প্ৰায় ৬০ লাখ গোচৰৰ শুনানি হৈছে। ক’ৰোনাৰ সময়ত আমি যিটো বিকল্প হিচাপে গ্ৰহণ কৰিছিলো সেয়া এতিয়া ব্যৱস্থাটোৰ অংশ হৈ পৰিছে।

এইটোৱে প্ৰমাণ কৰিছে যে আমাৰ ন্যায়িক ব্যৱস্থাটোও প্ৰাচীন ভাৰতীয় ন্যায়ৰ মূল্যবোধৰ প্ৰতি দায়বদ্ধ আৰু একবিংশ শতিকাৰ বাস্তৱতাৰ সৈতেও খোজ মিলাবলৈ সাজু। ইয়াৰ কৃতিত্ব আপোনালোক সকলোৰে। মই আপোনালোকৰ এই সকলো প্ৰচেষ্টাৰ শলাগ লৈছো।

বন্ধুসকল,

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণ আৰু সকলো জিলা আইন সেৱা প্ৰাধিকৰণেও সাধাৰণ মানুহক ন্যায় প্ৰদানৰ বাবে প্ৰযুক্তিৰ এই শক্তিৰ সৰ্বাধিক ব্যৱহাৰ কৰিব লাগিব। প্ৰযুক্তিয়ে এজন সাধাৰণ নাগৰিকে সংবিধানত নিজৰ অধিকাৰৰ বিষয়ে সজাগ হোৱা, নিজৰ কৰ্তব্যৰ প্ৰতি সজাগ হোৱা, নিজৰ সংবিধানৰ প্ৰতি সজাগ হোৱা আৰু সাংবিধানিক পৰিকাঠামো, নিয়ম আৰু প্ৰতিকাৰৰ বিষয়ে সজাগ হোৱাৰ দিশত ডাঙৰ ভূমিকা পালন কৰিব পাৰে৷

যোৱা বছৰ মাননীয় ৰাষ্ট্ৰপতিয়ে আইনী সাক্ষৰতা আৰু সজাগতাৰ বাবে পান ইণ্ডিয়া আউটৰীচ্চ অভিযান আৰম্ভ কৰিছিল। ইয়াত জিলা আইন সেৱা প্ৰাধিকৰণে ডাঙৰ ভূমিকা পালন কৰিছিল। ইয়াৰ পূৰ্বে ২০১৭ চনত প্ৰ’ ব’নো আইনী সেৱা কাৰ্যসূচীও আৰম্ভ কৰা হৈছিল। ইয়াত মোবাইল আৰু ৱেব এপৰ জৰিয়তে সাধাৰণ ৰাইজলৈ আইনী সেৱা সম্প্ৰসাৰণ কৰা হৈছিল। এনে প্ৰচেষ্টাত এতিয়া যদি এই প্ৰাধিকৰণসমূহ আৰু এখোজ আগুৱাই যায় আৰু নেক্সট জেন প্ৰযুক্তি ব্যৱহাৰ কৰে, তেন্তে জনসাধাৰণ ইয়াৰ প্ৰতি অধিক আগ্ৰহী হ’ব৷

বন্ধুসকল,

৭৫ বছৰীয়া স্বাধীনতাৰ এই সময়খিনি আমাৰ বাবে কাম কৰাৰ সময়। এতিয়ালৈকে অৱহেলিত হৈ থকা এনে সকলো ক্ষেত্ৰতে আমি কাম কৰিব লাগিব। দেশৰ বিচাৰধীন কাৰাবন্দীসকলৰ সৈতে জড়িত মানৱীয় বিষয়টোক লৈ বিগত সময়ছোৱাত বহুবাৰ উচ্চতম ন্যায়ালয়ে সংবেদনশীলতা প্ৰদৰ্শন কৰিছে। বছৰ বছৰ ধৰি কাৰাগাৰত আইনী সাহায্যৰ বাবে অপেক্ষা কৰি থকা বহু বন্দী আছে। আমাৰ জিলা আইন সেৱা প্ৰাধিকৰণসমূহে এই বন্দীসকলক আইনী সাহায্য প্ৰদানৰ দায়িত্ব ল’ব পাৰে। আজি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা জিলা দণ্ডাধীশসকল ইয়ালৈ আহিছে। জিলা পৰ্যায়ৰ বিচাৰাধীন পৰ্যালোচনা সমিতিৰ অধ্যক্ষ হৈ বিচাৰাধীন কাৰাবন্দীসকলক মুকলি কৰি দিয়াৰ কাম ক্ষিপ্ৰতাৰে কৰিবলৈ তেওঁলোকক আহ্বান জনাইছো।

মোক কোৱা হৈছে যে এই দিশত নালছাইও অভিযান আৰম্ভ কৰিছে। ইয়াৰ বাবে মই আপোনালোকক অভিনন্দন জনাইছো, আপোনালোক সকলোকে অভিনন্দন জনাইছো আৰু আশা কৰিছো যে আপোনালোকে আইনী সাহায্যৰ জৰিয়তে এই অভিযান সফল কৰি তুলিব। মই বাৰ কাউন্সিলসমূহকো আহ্বান জনাও যে অধিক সংখ্যক অধিবক্তাক এই অভিযানত যোগদান কৰিবলৈ প্ৰেৰণা যোগাওক।

বন্ধুসকল,

আশাকৰো, আমাৰ সকলোৰে প্ৰচেষ্টাই এই অমৃতকালত দেশৰ সংকল্পক এক নতুন দিশ প্ৰদান কৰিব। এই বিশ্বাসেৰে আপোনালোক সকলোকে আপোনালোকৰ মাজলৈ অহাৰ সুযোগ পোৱাৰ বাবেও ধন্যবাদ জনাইছো। আৰু মই নিশ্চিত যে ইমান ডাঙৰ অনুষ্ঠান এটা যি আশা-আকাংক্ষাৰে অনুষ্ঠিত হৈছে, সেই আশাৰে দুদিন ধৰি আপোনালোকৰ চিন্তাৰ মন্থনে বৃহৎ ফলাফল আনিব।

এই আশাৰে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালো৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister meets His Highness Prince Rahim Aga Khan V, discusses Strengthening Partnership with Aga Khan Development Network
September 10, 2026

The Prime Minister, Shri Narendra Modi, met His Highness Prince Rahim Aga Khan V, the 50th Imam of the Ismaili Community in New Delhi. During the meeting, Shri Modi fondly recalled the late Aga Khan IV, father of His Highness Prince Rahim Aga Khan V, and his enduring contributions to development efforts.

The Prime Minister discussed ways to further strengthen the partnership with the Aga Khan Development Network in key areas, including healthcare, agriculture, rural development, youth empowerment and women empowerment.

In a post on X, Shri Modi said;

“Happy to meet His Highness Prince Rahim Aga Khan V. Fondly recalled his father, the late Aga Khan IV and his enduring contributions to development efforts.

Discussed ways to further strengthen our partnership with the Aga Khan Development Network in healthcare, agriculture, rural development, youth and women empowerment.

@akdn”