Quoteবডোদৰা মুম্বাই এক্সপ্ৰেছৱে’ৰ গুৰুত্বপূৰ্ণ শাখাসমূহ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰা হয়
Quote‘কাক্ৰাপাৰ পাৰমাণৱিক শক্তি কেন্দ্ৰ’ত স্থাপন কৰা পানীৰ গভীৰ চাপযুক্ত দুটা নতুন চুল্লি: কেএপিএছ-৩ আৰু কেএপিএছ-৪ উচৰ্গা কৰে
Quoteনৱসাৰীত ‘প্ৰধানমন্ত্ৰী মিত্ৰ উদ্যান’ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে
Quoteচুৰাট পৌৰ নিগম, চুৰাট নগৰ উন্নয়ন প্ৰাধিকৰণ আৰু ‘ড্ৰীম চিটী’ৰ কেবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
Quoteপথ, ৰে’ল, শিক্ষা আৰু পানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
Quote"নৱসাৰীত উপস্থিত হোৱাটো সদায়েই এক ভাল লগা কথা। বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু শুভাৰম্ভই গুজৰাটৰ উন্নয়নী যাত্ৰাক শক্তিসমৃদ্ধ কৰিব"
Quoteপ্ৰকল্পসমূহে বিদ্যুৎ উৎপাদন, ৰে’ল, পথ, বস্ত্ৰ, শিক্ষা, পানী যোগান, সংযোগ আৰু নগৰ উন্নয়নৰ দৰে বিভিন্ন খণ্ডক সামৰি লৈছে।
Quoteপ্ৰধানমন্ত্ৰীয়ে কয় যে উদ্যানখনত শ্ৰমিকসকলৰ বাবে ঘৰ, ‘লজিষ্টিক পাৰ্ক’, পণ্যাগাৰ, স্বাস্থ্য সুবিধা আৰু প্ৰশিক্ষণ তথা দক্ষতা বিকাশৰ সুবিধা থাকিব।
Quoteতেওঁ কয় যে ‘গেৰাণ্টী’ কেৱল আঁচনি ৰূপায়ণতে সীমাবদ্ধ নাথাকে বৰঞ্চ সম্পূৰ্ণ ৰূপে সামৰি লোৱাটো নিশ্চিত কৰালৈকে প্ৰসাৰিত হয়।
Quoteৰাষ্ট্ৰীয় পৰ্যায়তো উন্নয়নৰ মাপকাঠিত পিছ পৰি থকা ১০০ খনতকৈয়ো অধিক উচ্চাকাংক্ষী জিলা দেশৰ বাকী অংশৰ সৈতে আগবাঢ়ি আছে।

ভাৰত মাতা কী- জয়!

ভাৰত মাতা কী- জয়!

গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰভাই পেটেল, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, সংসদত মোৰ সহকৰ্মী, এই অঞ্চলৰে প্ৰতিনিধি তথা গুজৰাট প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি চিআৰ পাটিল, সাংসদ আৰু বিধায়কগণ, আৰু মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল, কি খবৰ আপোনালোক সকলোৰে?

গুজৰাটত আজি মোৰ এয়া তৃতীয়টো কাৰ্যক্ৰম। আজি পুৱাই মই আহমেদাবাদত গোটেই গুজৰাটৰ লাখ লাখ পশুপালক বন্ধু-বান্ধৱী আৰু দুগ্ধ উদ্যোগৰ লগত জড়িত লোকক দৰ্শন কৰাৰ আৰু কথা পতাৰ সুযোগ পালোঁ৷ ইয়াৰ পিছত মেহছানাত ৱাড়ীনাথ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ লগত জড়িত হোৱাৰ সৌভাগ্য লাভ কৰিলোঁ। আৰু এতিয়া ইয়াত নৱছাৰীত আপোনালোক সকলোৰে মাজত এই বিকাশৰ উৎসৱত ভাগ লৈছোঁ। আপোনালোকে এটা কাম কৰক, যেনেকৈ ভূপেন্দ্ৰ ভাইয়ে কৈছে যে, হয়তো স্বাধীনতাৰ পিছত এইটোৱেই প্ৰথমবাৰৰ বাবে ইমান টকাৰ  উন্নয়নমূলক কাম হৈছে, এনেকুৱা প্ৰথমবাৰ হৈছে। সেয়ে, বিকাশৰ ইমান ডাঙৰ উৎসৱত আপোনালোক সকলোৱে এটা কাম কৰক, কৰিবনে? আপোনালোকৰ মোবাইল উলিয়াই তাৰ ফ্লেচ লাইট অন কৰক, আৰু বিকাশ উৎসৱত অংশগ্ৰহণকাৰী হওক। ভাৰত মাতা কী জয়... এনেকৈ নহ'ব ঠাণ্ডা ঠাণ্ডাকৈ। ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়। বঢ়িয়া। আজি যেন নৱছাৰীত হীৰা জিলিকি আছে এনে লাগিছে। কিছু সময়ৰ আগতে বদোদৰা, নৱছাৰী, ভৰুচ, চুৰাট আদি অঞ্চলে হাজাৰ হাজাৰ কোটি টকাৰ নতুন প্ৰকল্প লাভ কৰিছে। বস্ত্ৰ, বিদ্যুৎ আৰু নগৰ উন্নয়নৰ সৈতে জড়িত ৪০ হাজাৰ কোটিতকৈ অধিক মূল্যৰ এই প্ৰকল্পসমূহৰ বাবে আপোনালোক সকলোকে বহুত বহুত অভিনন্দন।

 

|

বন্ধুসকল,

আজিকালি সমগ্ৰ দেশতে এটা আলোচনা পূৰ্ণগতিত চলি আছে, সংসদতো চলে আৰু অলিয়ে-গলিয়েও চলি আছে। আৰু সেই আলোচনা হৈছে মোদীৰ গেৰাণ্টী। দেশৰ প্ৰতিটো শিশুৱে কৈ আছে যে মোদীয়ে যি কয়, সেয়া কৰি দেখুৱায়। হয়তো দেশৰ বাকী অংশৰ বাবে এয়া নতুন কথা, কিন্তু গুজৰাটৰ জনসাধাৰণে বছৰ বছৰ ধৰি জানি আহিছে যে মোদীৰ গেৰাণ্টী...অৰ্থাৎ...গেৰাণ্টী সম্পূৰ্ণ হোৱাৰ গেৰাণ্টী। আপোনালোকৰ হয়তো মনত আছে, যেতিয়া মই গুজৰাটত আছিলোঁ - তেতিয়া মই এটা ফাইভ এফৰ কথা কৈছিলোঁ। পাঁচটা F কি আছিল...ইয়াৰ অৰ্থ আছিল - ফাৰ্ম টু ফাইবাৰ, ফাইবাৰ টু ফেক্টৰী, ফেক্টৰী টু ফেশ্বন, ফেশ্বন টু ফৰেইন পৰা। মই তেতিয়া পাঁচটা এফৰ কথা কৈছিলোঁ, অৰ্থাৎ খেতিয়কে কপাহ খেতি কৰিব, কপাহ কাৰখানালৈ যাব, কাৰখানাত বনোৱা সূতাৰ পৰা পৰিধান বনোৱা হ’ব, এই পিন্ধা কাপোৰবোৰ বিদেশলৈ ৰপ্তানি কৰা হ’ব।

মোৰ লক্ষ্য আছিল যে আমাৰ হাতত বস্ত্ৰ খণ্ডৰ সম্পূৰ্ণ যোগান আৰু মূল্য শৃংখল থাকিব লাগে। হ’ব লাগেনে...হ’ব লাগে নহয়নে? আজি আত্মনিৰ্ভৰ ভাৰত গঢ়িবলে আমি একেধৰণৰে ব্যৱস্থা সৃষ্টি কৰি আছোঁ। পিএম মিত্ৰ পাৰ্ক, এই পিএম মিত্ৰ পাৰ্কো এই অভিযানৰে অংশ। আজি নৱছাৰীত যি পিএম মিত্ৰ পাৰ্কৰ কাম আৰম্ভ হৈছে সেয়া বস্ত্ৰ খণ্ডৰ বাবে দেশৰ প্ৰথমখন এনে পাৰ্ক। ইয়াৰ ফলত বস্ত্ৰ উদ্যোগ শক্তিশালী হ’ব আৰু বস্ত্ৰ ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতৰ অংশ বৃদ্ধি পাব। আপোনালোকে কল্পনা কৰিব পাৰে... চুৰাটৰ হীৰা আৰু নৱছাৰীৰ সাজ-পোছাক, বিশ্বৰ ফেশ্বন বজাৰত গুজৰাটৰ কিমান ডাঙৰ, চৌদিশে গুজৰাটৰ প্ৰশংসা হ’ব নে নহয়? গুজৰাটৰ প্ৰতিধ্বনি শুনা যাব নে নাই?

বন্ধুসকল,

আজি এক প্ৰকাৰে চুৰাট ৰেচম চহৰৰ বিস্তাৰ নৱছাৰীলৈকে হৈ আছে। আজি ভাৰতে এই খণ্ডত বিশ্বৰ বৃহত্তম উৎপাদক আৰু ৰপ্তানিকাৰকক প্ৰতিযোগিতা দিবলৈ আৰম্ভ কৰিছে। আৰু ইয়াত গুজৰাটৰ বস্ত্ৰ উদ্যোগৰ বিপুল অৱদান আছে। বছৰ বছৰ ধৰি চুৰাটৰ বস্ত্ৰশিল্পই নিজস্ব এটা ভাল পৰিচয় লাভ কৰিছে। ইয়াত যেতিয়া এই পিএম মিত্ৰ পাৰ্ক সাজু হ’ব, তেতিয়া এই সমগ্ৰ অঞ্চলৰ ছবিখন সলনি হ’ব। এই পাৰ্কৰ নিৰ্মাণৰ বাবে ৩ হাজাৰ কোটি টকাৰ বিনিয়োগ হ’ব। ইয়াত সূতা কটা, বোৱা, জিনিং, কাপোৰ, কাৰিকৰী বস্ত্ৰ আৰু বস্ত্ৰ যন্ত্ৰৰ দৰে সকলো কামৰ বাবে মূল্য শৃংখল পৰিৱেশ তন্ত্ৰৰ সৃষ্টি কৰা হ’ব। অৰ্থাৎ এনে হাজাৰ হাজাৰ শিপিনী আৰু শ্ৰমিকে ইয়াত কাম কৰিবলৈ সক্ষম হ’ব। এই পাৰ্কত মজদুৰৰ বাবে আৱাস, লজিষ্টিক পাৰ্ক, গুদাম, স্বাস্থ্য সুবিধা, শ্ৰমিকৰ প্ৰশিক্ষণ আৰু দক্ষতা বিকাশৰ সুবিধাও থাকিব। অৰ্থাৎ এই পাৰ্কে চাৰিওফালৰ গাঁওবোৰতো কৰ্মসংস্থাপন আৰু আত্মনিয়োগৰ সুযোগ আনিব।

বন্ধুসকল,

আজি চুৰাটবাসীৰ বাবে আন এক গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম আৰম্ভ হৈছে। আজি ৮০০ কোটিৰো অধিক টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া টাপি নদীৰ বেৰাজৰ আধাৰশিলা স্থাপন কৰা হৈছে। টাপি নদীৰ বেৰাজ নিৰ্মাণৰ লগে লগে চুৰাটত আগন্তুক বহু বছৰলৈ পানী যোগানৰ প্ৰত্যাহ্বান.. তাৰ সমাধান হ’ব। ইয়াৰ দ্বাৰা বানপানীৰ দৰে ভাবুকিৰ সৈতেও মোকাবিলা কৰাত সহায়ক হ’ব।

 

|

বন্ধুসকল,

গুজৰাটে সামাজিক জীৱনত ঔদ্যোগিক বিকাশত বিদ্যুতৰ গুৰুত্ব ভালদৰে জানে। ২০-২৫ বছৰ আগতে গুজৰাটত এনে এটা সময় আছিল যেতিয়া গুজৰাটত ঘণ্টাৰ পিছত ঘণ্টা বিদ্যুৎ কৰ্তন হৈছিল। আজি যি ২৫-৩০ বছৰ বয়সৰ মানুহ আছে তেওঁলোকে চাগে গমেই নাপাব যে সেই সময়ত আমি আন্ধাৰত বাস কৰিছিলোঁ। মই যেতিয়া মুখ্যমন্ত্ৰী হৈছিলোঁ তেতিয়া মানুহে মোৰ ওচৰলৈ আহি অনুৰোধ কৰিছিল যে যিকোনো উপায়েৰে সন্ধিয়াৰ আহাৰ গ্ৰহণৰ সময়ত বিদ্যুতৰ ব্যৱস্থা কৰা হওক। এবাৰ ভাবি চাওকচোন, আগতে মানুহে কৈছিল, ছাৰ, খোৱাৰ সময়ত হ’লেও বিদ্যুতৰ ব্যৱস্থা কৰক, আগতে পৰিস্থিতি এনেকুৱাই আছিল। এনেকুৱাই আছিল অৱস্থা। সেই সময়ত বিদ্যুৎ উৎপাদনত বহু অসুবিধাৰ সৃষ্টি হৈছিল। কয়লাৰ প্ৰয়োজন আছিল, সেয়া আমি দূৰৰ পৰা আনিব লাগিছিল বা বহিঃৰাজ্যৰ পৰা আনিব লাগিছিল। যদি গেছৰ পৰা বিদ্যুৎ উৎপাদন কৰে, তেন্তে সেয়াও আমদানি কৰিব লাগিছিল। পানীৰ পৰা বিদ্যুৎ উৎপাদনৰ সম্ভাৱনা বহুত কম আছিল। এই সংকটবোৰৰ সৈতে গুজৰাটৰ উন্নয়ন অসম্ভৱ হৈ পৰিছিল। কিন্তু অসম্ভৱক সম্ভৱ কৰি তুলিবলৈয়ে তো মোদী আছে। সেয়েহে আমি গুজৰাটক বিদ্যুতৰ সংকটৰ পৰা উলিয়াই আনিবলৈ আধুনিক প্ৰযুক্তিৰ প্ৰসাৰ কৰিবলৈ আৰম্ভ কৰিলোঁ। আমি সৌৰশক্তিৰ ওপৰত গুৰুত্ব দিলোঁ, আমি বায়ু শক্তিৰ ওপৰত গুৰুত্ব দিলোঁ। আজি গুজৰাটত সৌৰ আৰু বায়ু শক্তিৰ পৰা বৃহৎ পৰিসৰত বিদ্যুৎ উৎপাদন কৰা হৈছে।

বন্ধুসকল,

একবিংশ শতিকাৰ ভাৰতত বিদ্যুৎ উৎপাদনত আমাৰ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ভূমিকা আৰু অধিক বৃদ্ধি পাবলৈ গৈ আছে। আজিয়েই টাপিৰ কাকৰাপাৰ পাৰমাণৱিক শক্তি কেন্দ্ৰত দুটা নতুন ৰিয়েক্টৰ ৰাষ্ট্ৰক উৎসৰ্গা কৰা হৈছে। এই দুয়োটা ৰিয়েক্টৰ মেড ইন ইণ্ডিয়া প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে। এবাৰ ভাৰত মাতা কী জয় বুলি কৈ এই আত্মনিৰ্ভৰতাৰ স্থিতিৰ বাবে গৌৰৱেৰে হাত ওপৰলৈ তোলক, ভাৰত মাতা কী জয়। ইয়াৰ পৰাই বুজা যায় যে আজি ভাৰত কেনেকৈ প্ৰতিটো ক্ষেত্ৰতে আত্মনিৰ্ভৰ হৈ পৰিছে। এতিয়া গুজৰাটে এই উদ্যোগটোৰ পৰা অধিক বিদ্যুৎ লাভ কৰিবলৈ সক্ষম হ’ব, যিয়ে ইয়াৰ ঔদ্যোগিক বিকাশত অধিক সহায় কৰিব।

বন্ধুসকল,

নৱছাৰী হওক, ভালছাদ হওক, দক্ষিণ গুজৰাটৰ এই অঞ্চলটো আজি এক অভূতপূৰ্ব উন্নয়নৰ মাজেৰে পাৰ হৈছে। ইয়াৰ আন্তঃগাঁথনি অহৰহ আধুনিক হৈ আহিছে। আৰু যেতিয়া মই সৌৰশক্তিৰ কথা কওঁ – আমি যেতিয়া আমাৰ গুজৰাটৰ কথা কওঁ, তেতিয়া আমাৰ গুজৰাটীসকলেই হৈছে প্ৰতিটো পইচাৰ হিচাপ ৰখা মানুহ, সঁচা হয় নে নহয়। হিচাপ-নিকাচত শক্তিশালী। এতিয়া মোদীয়ে আন এটা গেৰাণ্টী দিছে, যিটো আপোনালোকৰ বাবে একেবাৰে উপকাৰী, ৩০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যুতৰ কাৰ্যসূচী আৰু সেই কাৰ্যসূচী হৈছে পিএম সূৰ্য্যঘৰ। পিএম সূৰ্য্যঘৰত ৩০০ ইউনিট বিদ্যুৎ বিনামূলীয়া। প্ৰায় মধ্যবিত্তীয় পৰিয়াল হওক, এচি হওক, ফেন হওক, ফ্ৰীজ হওক, ৱাশ্বিং মেচিন হওক, এই সকলোবোৰ ইয়াত অন্তৰ্ভুক্ত হ’ব। আৰু ঠিক যেনেকৈ চৰকাৰে ঘৰৰ ওপৰত ছ’লাৰ পেনেল লগোৱাৰ বাবে টকা দিব, বেংকৰ পৰা ঋণ দিব। আৰু তৃতীয়তে, যদি ৩০০ ইউনিটতকৈ অধিক বিদ্যুৎ উৎপাদন কৰিব লাগে, আৰু প্ৰয়োজনতকৈ অধিক বিদ্যুৎ বিক্ৰী কৰিব লাগে, তেন্তে সেই বিদ্যুৎ চৰকাৰে কিনিব। তাৰ পৰাও আপুনি টকা পাব, লাভ আছে নে নাই কওক। গুজৰাটত ঘৰে ঘৰে, ঘৰৰ ওপৰত সৌৰ বিদ্যুৎ, সূৰ্য্যৰ বিদ্যুৎ আৰু বিনামূলীয়া বিদ্যুৎ যোগান ধৰাৰ কামত জড়িত হওক। এয়া মোদীৰ গেৰাণ্টী। দেশৰ প্ৰথমখন বুলেট ট্ৰেইনো এই অঞ্চলৰ মাজেৰে পাৰ হ’বলৈ গৈ আছে। এই অঞ্চলটোৱে দেশৰ প্ৰধান অৰ্থনৈতিক কেন্দ্ৰ মুম্বাই আৰু চুৰাটক সংযোগ কৰিবলৈ গৈ আছে।

বন্ধুসকল,

এতিয়া নৱছাৰীৰ পৰিচয় ঔদ্যোগিক বিকাশৰ বাবে হ'বলৈ লৈছে, কিন্তু নৱছাৰীকে ধৰি এই সমগ্ৰ দক্ষিণ গুজৰাট কৃষি ক্ষেত্ৰতো বহু আগবাঢ়ি আছে। বিজেপি চৰকাৰে যেতিয়া ইয়াৰ কৃষকসকলক সা-সুবিধা দিবলৈ আৰম্ভ কৰিলে, তেতিয়া ফলমূলৰ খেতিৰ প্ৰথা বাঢ়ি গ’ল। ইয়াৰ পৰা হাফুছ আম, ভালছাড়ি আম, নৱছাৰীৰ চিকু, এইবোৰ গোটেই পৃথিৱীতে ইমানেই বিখ্যাত, মই য’লৈকে যাওঁ মানুহে মোক এইবোৰ কথা কয়। ডাবল ইঞ্জিন চৰকাৰে আজি প্ৰতিটো খোজতে কৃষকক সহায় কৰি আছে। নৱছাৰীৰ কৃষকসকলেও প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ পৰা ৩৫০ কোটিৰো অধিক ধনৰ সহায় লাভ কৰিছে।

 

|

বন্ধুসকল,

মোদীয়ে দেশৰ দৰিদ্ৰ, কৃষক, যুৱক-যুৱতী আৰু মহিলাক সবলীকৰণৰ গেৰাণ্টী দিছে। আৰু এই গেৰাণ্টী কেৱল আঁচনি নিৰ্মাণৰ কথাই নহয়, আঁচনিসমূহৰ সম্পূৰ্ণ সুবিধা যিসকলৰ প্ৰাপ্য আছে তেওঁলোকৰ মাজলৈ আগবঢ়োৱাৰ কথাও। মোদীৰ গেৰাণ্টী এই কথাৰ বাবে যে দেশৰ কোনো পৰিয়াল অভাৱত নাথাকক বা দৰিদ্ৰতাত জীয়াই থাকিবলগা নহওক। সেয়ে চৰকাৰে নিজৰ ফালৰ পৰা হিতাধিকাৰীৰ ওচৰলৈ আহি হিতাধিকাৰীক বিচাৰি আঁচনিৰ সৈতে সংযোগ কৰিছে।

বন্ধুসকল,

কংগ্ৰেছে দীৰ্ঘদিন ধৰি দেশৰ লগতে গুজৰাটত চৰকাৰ চলাই আহিছে। কিন্তু জনজাতীয় অঞ্চল আৰু সাগৰৰ পাৰত অৱস্থিত গাঁওবোৰৰ কেতিয়াও যত্ন লোৱা নাছিল। ইয়াত গুজৰাটত বিজেপি চৰকাৰে উমৰগামৰ পৰা আম্বাজীলৈকে সমগ্ৰ জনজাতি বেল্টৰ প্ৰতিটো মৌলিক সা-সুবিধা প্ৰদানৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে। কিন্তু দেশৰ পর্যায়ত এনে নহ’ল৷ ২০১৪ চনলৈকে দেশৰ ১০০খনতকৈও অধিক জিলা বিকাশত অন্তিম প্ৰান্তত আছিল, সুধিবলৈ কোনো নাছিল। ইয়াৰে অধিকাংশই আছিল জনজাতীয় প্ৰধান জিলা। যোৱা ১০ বছৰত আমি এই জিলাসমূহক দ্ৰুত উন্নয়নৰ আকাংক্ষিত কৰি তুলিলোঁ। আজি আকাংক্ষিত জিলা অভিযানৰ বাবেই দেশৰ এই ১০০খন জিলাই উন্নয়নৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে।

ভাতৃ আৰু ভগ্নীসকল,

মোদীৰ গেৰাণ্টী তাৰ পৰাই আৰম্ভ হয় য'ত আনৰ পৰা আশা শেষ হয়। প্ৰথমবাৰৰ বাবে দেশৰ দৰিদ্ৰ লোকসকলে এই ভৰষা লাভ কৰিছে যে তেওঁলোকে পকা ঘৰ পাব - কিয়নো মোদীৰ গেৰাণ্টী আছে। প্ৰথমবাৰৰ বাবে দুখীয়াতকৈও দুখীয়াৰ এই ভৰষা হৈছে যে তেওঁলোকে ভোকত শুব নালাগিব, যন্ত্ৰণা ভোগ কৰিব নালাগিব - কিয়নো মোদীৰ গেৰাণ্টী আছে। সুদূৰ গাঁৱত বসবাস কৰা ভগ্নীগৰাকীৰো ভৰষা আছে যে তেওঁৰ ঘৰত বিদ্যুৎ থাকিব, নলৰ পানী আহিব - কিয়নো মোদীৰ গেৰাণ্টী আছে। দুখীয়া, কৃষক, দোকানী, শ্ৰমিক, তেওঁলোকে কেতিয়াও ভবা নাছিল যে তেওঁলোকৰ বাবেও বীমা আৰু পেঞ্চন আঁচনি তৈয়াৰ কৰা হ’ব। কিন্তু আজি এনেকুৱা হৈছে – কাৰণ মোদীৰ হাতত গেৰাণ্টী আছে। দুয়ো হাত দাঙক – কাৰণ মোদীৰ গেৰাণ্টী আছে।

 

|

বন্ধুসকল,

জনজাতীয় অঞ্চলত ছিকেল চেল এনিমিয়া এক বৃহৎ প্ৰত্যাহ্বান হিচাপে পৰিগণিত হৈছে। গুজৰাটৰ মুখ্যমন্ত্রী হৈ থকাৰ সময়ত আমি ইয়াৰ বাবে বহু পদক্ষেপ লৈছিলোঁ৷ কিন্তু এই ৰোগ নিৰ্মূলৰ বাবে দেশ পৰ্যায়ত প্ৰচেষ্টাৰ প্ৰয়োজন আছিল। এতিয়া আমি ছিকেল চেল এনিমিয়াৰ পৰা মুক্তিৰ বাবে ৰাষ্ট্ৰীয় অভিযান আৰম্ভ কৰিছোঁ। ইয়াৰ অধীনত সমগ্ৰ দেশৰ জনজাতীয় অঞ্চলত ছিকেল চেল এনিমিয়াৰ পৰীক্ষা চলি আছে। বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সময়তো লাখ লাখ লোকৰ পৰীক্ষা কৰা হৈছে। এতিয়া ইয়াত মেডিকেল কলেজ এখনো নিৰ্মাণ কৰা হৈছে। আগতে জনজাতীয় প্ৰধান জিলাত এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰাটো এটা ডাঙৰ কথা আছিল। আজি বহু জনজাতীয় জিলাত চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হৈছে।

বন্ধুসকল,

দুখীয়া হওক বা মধ্যবিত্ত শ্ৰেণী হওক, গাঁও হওক বা চহৰ হওক, আমাৰ চৰকাৰৰ প্ৰচেষ্টা প্ৰতিজন দেশবাসীৰ জীৱন ধাৰণৰ মান উন্নত কৰা। দশক দশক শাসনৰ সময়ছোৱাত কংগ্ৰেছে ভাৰতক ১১ নং স্থানৰ অৰ্থনীতিহে কৰিব পাৰিছিল। অৰ্থনীতিৰ ক্ষেত্ৰত পিছপৰি থকাৰ অৰ্থ আছিল দেশৰ ধন কম। সেয়েহে সেই সময়ত গাঁওবোৰো ভালকৈ উন্নত হ’ব পৰা নাছিল, সৰু চহৰবোৰৰো উন্নয়ন হ’ব পৰা নাছিল। বিজেপি চৰকাৰে ১০ বছৰৰ শাসনকালত ভাৰতক ১০ নম্বৰৰ পৰা ৫ নম্বৰ অৰ্থনীতিলৈ ৰূপান্তৰিত কৰিছে। অৰ্থাৎ আজি ভাৰতৰ নাগৰিকৰ হাতত খৰচ কৰিবলৈ অধিক ধন আছে আৰু সেয়ে ভাৰতে খৰচ কৰি আছে। সেয়ে আজি দেশৰ সৰু চহৰতো উৎকৃষ্ট সংযোগৰ আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে। সৰু চহৰৰ পৰাও যে বিমান যাত্ৰা ইমান সহজ হ’ব সেয়া কোনেও কল্পনা কৰিব নোৱাৰিলেহেঁতেন। আজি দেশৰ বহু সৰু চহৰৰ মানুহে বিমান যাত্ৰাৰ সুবিধা ল’বলৈ সক্ষম হৈছে। দশক দশক ধৰি কংগ্ৰেছৰ শাসনে চহৰবোৰক বস্তি দিছিল। আমি বস্তিৰ সলনি দুখীয়াক পকা ঘৰ দিছোঁ। যোৱা ১০ বছৰত আমি দৰিদ্ৰৰ বাবে ৪ কোটিতকৈও অধিক পকা ঘৰ সাজিছোঁ...৪ কোটি, কল্পনা কৰকচোন।

 

|

বন্ধুসকল,

আজি বিশ্বই স্বীকৃতি দিছে ডিজিটেল ইণ্ডিয়াক। এয়া সেই একেটা ডিজিটেল ইণ্ডিয়া প্ৰচাৰ, যাক এসময়ত কংগ্ৰেছৰ মানুহে ঠাট্টা কৰিছিল। আজি ডিজিটেল ইণ্ডিয়াই সৰু চহৰবোৰক ৰূপান্তৰিত কৰিছে। এই সৰু চহৰবোৰত নতুন নতুন ষ্টাৰ্ট-আপ গঠন হৈছে, ক্ৰীড়াৰ ক্ষেত্ৰত নতুন যুৱক-যুৱতীৰ উন্মেষ ঘটিছে। গুজৰাটৰ সৰু সৰু চহৰৰ সম্প্ৰসাৰণো আমি দেখিবলৈ পাইছোঁ। আমি এই সৰু সৰু চহৰবোৰত নব্য মধ্যবিত্ত শ্ৰেণীৰ উত্থান দেখিবলৈ পাইছোঁ। এই নব্য মধ্যবিত্ত শ্ৰেণীয়ে ভাৰতক তৃতীয় বৃহত্তম অৰ্থনৈতিক শক্তি হিচাপে গঢ়ি তুলিব।

ভাতৃ আৰু ভগ্নীসকল,

বিজেপি চৰকাৰে যিমানেই উন্নয়নৰ ওপৰত গুৰুত্ব দিছে, সিমানেই নিজৰ ঐতিহ্যৰ প্ৰতিও সমানে গুৰুত্ব দিছে। এই অঞ্চলটো আমাৰ বিশ্বাস আৰু ইতিহাসৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হৈ আহিছে। স্বাধীনতা আন্দোলন হওক বা ৰাষ্ট্ৰ গঠনৰ মিছন হওক, এই অঞ্চলৰ অৱদান অপৰিসীম। কিন্তু যেতিয়া নেপোটিজম, তুষ্টিকৰণ আৰু দুৰ্নীতি ৰাজনীতিৰ একমাত্ৰ লক্ষ্য হৈ পৰে, তেতিয়া লিগেচিক আওকাণ কৰা হয়। দুৰ্ভাগ্যজনকভাৱে কংগ্ৰেছে দশক দশক ধৰি দেশৰ প্ৰতি এই অন্যায় অবিৰতভাৱে কৰি আহিছে। আজি সমগ্ৰ বিশ্বতে শুনা গৈছে ভাৰতৰ চহকী ঐতিহ্যৰ প্ৰতিধ্বনি। পৃথিৱীৰ য’তেই নাযাওক কিয়, আপুনি দেখিব যে মানুহে ভাৰতলৈ আহিব বিচাৰে, ভাৰতৰ বিষয়ে জানিব বিচাৰে। কিন্তু কংগ্ৰেছে দশক দশক ধৰি বিশ্বক ভাৰতৰ প্ৰকৃত ঐতিহ্যৰ পৰা আঁতৰাই ৰাখিছিল। স্বাধীনতা সংগ্ৰামত পূজ্য বাপুৱে নিমখ আৰু খাদীক স্বাধীনতাৰ প্ৰতীক কৰি তুলিছিল। কংগ্ৰেছে খাদীকো নষ্ট কৰি দিলে আৰু এই নিমখ সত্যাগ্ৰহৰ এই ভূমিকো পাহৰি গ’ল। আমাৰ চৰকাৰে দাণ্ডী নিমখ সত্যাগ্ৰহৰ স্থানত দাণ্ডী স্মাৰক নিৰ্মাণ কৰাৰ সৌভাগ্য লাভ কৰিছে। চৰ্দাৰ পেটেল জীৰ অৱদানত উৎসৰ্গিত আমি ষ্টেচ্যু অফ ইউনিটি নিৰ্মাণ কৰিলোঁ। কিন্তু আজিলৈকে কোনো শীৰ্ষ কংগ্ৰেছ নেতাই তেওঁক শ্ৰদ্ধাঞ্জলি জনাবলৈ তালৈ যোৱা নাই। গুজৰাটৰ প্ৰতি থকা এই ঘৃণা কোনো গুজৰাটীয়ে কেতিয়াও পাহৰিব নোৱাৰে।

বন্ধুসকল,

আপোনালোকে দেখিছে যে কেনেকৈ এই কংগ্ৰেছী সকলে মোদীৰ জাতিটোকো গালি-গালাজ কৰে। কিন্তু কংগ্ৰেছৰ মানুহে পাহৰি যায় যে যিমানেই গালি-গালাজ কৰিব সিমানেই ৪০০ অতিক্ৰম কৰাৰ সংকল্প শক্তিশালী হ’ব। যিমানেই বোকা পেলাই দিব সিমানেই ৩৭০টা পদুম ফুলিব।

 

|

ভাতৃ আৰু ভগ্নীসকল,

কংগ্ৰেছৰ আজি মোদীক গালি-গালাজ কৰাৰ বাহিৰে দেশৰ ভৱিষ্যতৰ কোনো এজেণ্ডা নাই। ইয়াৰ পৰা দেখা যায় যে যেতিয়া কোনো দল নেপোটিজিমৰ কবলত আহে, তেতিয়া পৰিয়ালৰ ওপৰৰ কাকো দেখা নাপায়। পৰিয়ালবাদী মানসিকতা নতুন চিন্তাৰ শত্ৰু। পৰিয়ালবাদী মানসিকতা নতুন প্ৰতিভাৰ শত্ৰু। পৰিয়ালবাদী মানসিকতা যৌৱনৰ শত্ৰু। নিজৰ পৰিয়ালটোক ৰক্ষা কৰিবলৈ তেওঁলোকে সেই একেটা পুৰণি স্থিতি বজাই ৰাখিব বিচাৰে। আজি কংগ্ৰেছৰ লগত এনেকুৱাই হৈছে। আনহাতে বিজেপিয়ে আগন্তুক ২৫ বছৰৰ বাবে ৰোডমেপ প্ৰস্তুত কৰি দেশৰ সন্মুখত উন্নয়নৰ লক্ষ্য লৈ ওলাই আহিছে। এই ২৫ বছৰত আমি এখন বিকশিত গুজৰাট আৰু এখন বিকশিত ভাৰত গঢ়িম।

বন্ধুসকল,

ইমান বৃহৎ সংখ্যাত আপোনালোক আহিছে। বৃহৎ সংখ্যক মাতৃ-ভগ্নী আহিছে। আমাক আশীৰ্বাদ দিয়াৰ বাবে আপোনালোক সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আকৌ এবাৰ আপোনালোক সকলোকে উন্নয়নমূলক কামৰ বাবে বহুত বহুত অভিনন্দন। মোৰ লগত কওক -

ভাৰত মাতা কী জয়!

দুয়োখন হাত ওপৰলৈ তুলি সম্পূৰ্ণ জোৰেৰে কওক –

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

বহুত বহুত ধন্যবাদ!

 

  • Jitendra Kumar May 13, 2025

    ❤️🙏🇮🇳🇮🇳
  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    जय श्री राम
  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    जय श्री राम 🚩 वन्दे मातरम् जय भाजपा विजय भाजपा
  • Devendra Kunwar October 08, 2024

    BJP
  • दिग्विजय सिंह राना September 20, 2024

    हर हर महादेव
  • krishangopal sharma Bjp July 11, 2024

    नमो नमो 🙏 जय भाजपा 🙏
  • krishangopal sharma Bjp July 11, 2024

    नमो नमो 🙏 जय भाजपा 🙏
  • krishangopal sharma Bjp July 11, 2024

    नमो नमो 🙏 जय भाजपा 🙏
  • JBL SRIVASTAVA May 27, 2024

    मोदी जी 400 पार
  • Pradhuman Singh Tomar April 24, 2024

    BJP
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
From Digital India to Digital Classrooms-How Bharat’s Internet Revolution is Reaching its Young Learners

Media Coverage

From Digital India to Digital Classrooms-How Bharat’s Internet Revolution is Reaching its Young Learners
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles passing of Shri Sukhdev Singh Dhindsa Ji
May 28, 2025

Prime Minister, Shri Narendra Modi, has condoled passing of Shri Sukhdev Singh Dhindsa Ji, today. "He was a towering statesman with great wisdom and an unwavering commitment to public service. He always had a grassroots level connect with Punjab, its people and culture", Shri Modi stated.

The Prime Minister posted on X :

"The passing of Shri Sukhdev Singh Dhindsa Ji is a major loss to our nation. He was a towering statesman with great wisdom and an unwavering commitment to public service. He always had a grassroots level connect with Punjab, its people and culture. He championed issues like rural development, social justice and all-round growth. He always worked to make our social fabric even stronger. I had the privilege of knowing him for many years, interacting closely on various issues. My thoughts are with his family and supporters in this sad hour."