ৰাজসামন্দ আৰু উদয়পুৰত দ্বৈত পথলৈ উন্নীতকৰণৰ বাবে পথ নিৰ্মাণ প্ৰকল্পৰ আধাৰশিলা স্থাপন
উদয়পুৰ ৰে’লৱে ষ্টেচন আৰু গজ পৰিৱৰ্তন প্ৰকল্পৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন
তিনিটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন
“ৰাজ্যৰ উন্নয়নেহে দেশৰ উন্নয়ন সম্ভৱ মন্ত্ৰত বিশ্বাস কৰে ভাৰত চৰকাৰে”
“আমি ‘জীৱনৰ সহজতা’ বৃদ্ধিৰ বাবে আধুনিক আন্তঃগাঁথনি গঢ় দিছো”
“অতীতৰ হ্ৰস্বম্যাদী চিন্তাধাৰাৰ ফলত দেশৰ বাবে বহু খৰচ কৰি আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত অৱহেলা কৰিলে”
“আগন্তুক ২৫ বছৰত বিকশিত ভাৰতৰ সংকল্পৰ আঁৰৰ শক্তি হিচাপে আধুনিক আন্তঃগাঁথনিয়ে আত্মপ্ৰকাশ কৰিছে”
“আজিৰ ভাৰত এখন আকাংক্ষিত সমাজ”
“সেই দিনটোলৈ বেছি সময় নাই, যেতিয়া ৰাজস্থান এশ শতাংশ ৰে’লপথৰ বিদ্যুতীকৰণৰ হোৱা ৰাজ্যসমূহৰ অন্যতম হ’ব”
“চৰকাৰে সেৱাৰ ভাৱনাৰে কাম কৰি আছে আৰু ইয়াক ভক্তি ভাৱ হিচাপে গণ্য কৰি আছে”

প্ৰভু শ্ৰী নাথজী কী জয়!

ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী কলৰাজ মিশ্ৰ জী, মোৰ বন্ধু আৰু মুখ্যমন্ত্ৰী শ্ৰী অশোক গেহলট জী, বিধানসভাৰ অধ্যক্ষ শ্ৰী চি পি যোশী জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী শ্ৰী ভজন লাল জাটভ জী, সংসদত মোৰ সতীৰ্থ তথা ৰাজস্থান বিজেপিৰ সভাপতি শ্ৰী চন্দ্ৰ প্ৰকাশ যোশী জী, সংসদত মোৰ সতীৰ্থ ভগ্নী দীয়াকুমাৰী জী, সংসদত মোৰ সতীৰ্থ শ্ৰী কনকমল কটাৰা জী, সাংসদ শ্ৰী অৰ্জুনলাল মীনা জী, এই অনুষ্ঠানত উপস্থিত আন সকলো গণ্যমান্য ব্যক্তি আৰু ৰাজস্থানৰ মোৰ মৰমৰ ভাই-ভনীসকল।

ভগৱান শ্ৰী নাথজী আৰু মেৱাৰৰ এই বীৰ ভূমিত মই আকৌ এবাৰ আপোনালোকৰ মাজলৈ অহাৰ সুযোগ লাভ কৰিছোঁ। ইয়ালৈ অহাৰ পূৰ্বে ভগৱান শ্ৰীনাথজীক দৰ্শন সৌভাগ্য হৈছিল। স্বাধীনতাৰ এই অমৃত কালছোৱাত এখনি উন্নত ভাৰতৰ সংকল্প পৰিপূৰণৰ বাবে শ্ৰীনাথ জীৰপৰা আশীৰ্বাদ বিচাৰিছোঁ।

সতীৰ্থসকল,

আজি ইয়াত ৰাজস্থানৰ উন্নয়নৰে সম্পৰ্কীয় ৫,০০০ কোটিৰো অধিক টকা মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে। এই প্ৰকল্পসমূহে ৰাজস্থানৰ যোগাযোগ ব্যৱস্থাক এক নতুন শিখৰত উপনীত কৰাব। উদয়পুৰ আৰু শামলাজীৰ মাজত ৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ছয় লেনিঙে উদয়পুৰ, ডুংগৰপুৰ আৰু বনশ্বৰা অঞ্চলক যথেষ্ট উপকৃত কৰিব। ইয়াৰ ফলত শামলাজী আৰু কয়াৰ মাজৰ দূৰত্ব হ্ৰাস পাব। বিলৰা আৰু যোধপুৰ অংশ নিৰ্মাণৰ লগে-লগে যোধপুৰ আৰু সীমান্ত অঞ্চললৈ যাত্ৰা অতিশয় সহজ হৈ পৰিব। ইয়াৰ জৰিয়তে জয়পুৰৰপৰা যোধপুৰলৈ দূৰত্ব ৩ ঘন্টা হ্ৰাস পাব। চৰভুজা আৰু ল’ৱাৰ অডিয়ন প্ৰকল্পৰ জৰিয়তে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কুম্ভলগড়, হালদীঘাটী আৰু শ্ৰীনাথজী ভ্ৰমণ অতি সহজ হৈ পৰিব। শ্ৰী নাথদ্বাৰাৰপৰা দেওগড় মাদাৰিয়ালৈ ৰেল লাইনে মেৱাৰৰপৰা মাৰৱাৰলৈ সংযোগ স্থাপন কৰিব। ইয়াৰদ্বাৰা মাৰ্বল, গ্ৰেনাইট আৰু খনন উদ্যোগ আৰু ব্যৱসায়ীসকলৰ বাবে যথেষ্ট সহায় হ’ব। এই উন্নয়নমূলক কামৰ বাবে ৰাজস্থানৰ সকলো বাসিন্দাক অভিনন্দন জনাইছোঁ।

 

ভাই-ভনীসকল,

ভাৰত চৰকাৰে ৰাজ্যসমূহৰ উন্নয়নৰ জৰিয়তে দেশৰ উন্নয়নৰ মন্ত্ৰত বিশ্বাস কৰে। ৰাজস্থান দেশৰ অন্যতম বৃহৎ ৰাজ্য। ভাৰতৰ বীৰত্ব, ভাৰতৰ ঐতিহ্য, ভাৰতৰ সংস্কৃতিৰ বাহক ৰাজস্থান। ৰাজস্থানৰ যিমানেই উন্নতি হ’ব সিমানেই ভাৰতৰ উন্নয়নে গতি লাভ কৰিব। আৰু সেইবাবেই আমাৰ চৰকাৰে ৰাজস্থানত আধুনিক আন্তঃগাঁথনিত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে। আৰু আধুনিক আন্তঃগাঁথনিৰ কথা ক’লে ইয়াৰ অৰ্থ কেৱল ৰেল আৰু পথেই নহয়। আধুনিক আন্তঃগাঁথনিয়ে চহৰ আৰু গাঁৱত যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাইছে, দূৰত্ব হ্ৰাস কৰিছে। আধুনিক আন্তঃগাঁথনিয়ে সমাজত সা-সুবিধা বৃদ্ধি কৰে, সমাজখনক সংযোগ কৰে। আধুনিক আন্তঃগাঁথনি, বৰ্ধিত ডিজিটেল সুবিধাই জনতাৰ জীৱন-যাত্ৰাক সহজ কৰি তোলে। আধুনিক আন্তঃগাঁথনিয়ে ঐতিহ্যক প্ৰসাৰিতকৰণৰ লগতে উন্নয়নকো ত্বৰান্বিত কৰে। আমি আগন্তুক ২৫ বছৰত এখনি উন্নত ভাৰতৰ সংকল্পৰ কথা কোৱা মাত্ৰেকে এই আন্তঃগাঁথনিয়ে এক নতুন শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে। আজি দেশৰ সকলো ধৰণৰ আন্তঃগাঁথনিত অভূতপূৰ্ব বিনিয়োগ কৰা হৈছে, অভূতপূৰ্ব গতিত কাম চলি আছে। ৰেলৱেই হওঁক, ঘাইপথেই হওঁক, বিমানবন্দৰেই হওঁক, ভাৰত চৰকাৰে প্ৰতিটো খণ্ডতে হাজাৰ-হাজাৰ কোটি টকা বিনিয়োগ কৰিছে। এইবাৰৰ বাজেটতো ভাৰত চৰকাৰে আন্তঃগাঁথনিৰ বাবে ১০ লাখ কোটি টকা ব্যয়ৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সতীৰ্থসকল,

আন্তঃগাঁথনিত বিশাল বিনিয়োগে সেই অঞ্চলৰ উন্নয়নত, সেই অঞ্চলৰ কৰ্মসংস্থাপনৰ সুযোগ লাভত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। নতুন পথ নিৰ্মাণ, নতুন ৰেলপথ নিৰ্মাণ, পিএম আৱাস যোজনাৰ অধীনত কোটি-কোটি ঘৰ গাঁৱে-ভূঞে নিৰ্মাণ, কোটি-কোটি শৌচাগাৰ নিৰ্মাণ, গাঁৱে-ভূঞে লাখ-লাখ কিলোমিটাৰ অপটিকেল ফাইবাৰ সংস্থাপন, পানীৰ পাইপ সংস্থাপিত কৰাত এনে বস্তু যোগান ধৰা স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ীসকল, সেই ক্ষুদ্ৰ-ক্ষুদ্ৰ দোকানীসকল আৰু সেই অঞ্চলৰ শ্ৰমিকসকলো অধিক লাভৱান হৈছে। ভাৰত চৰকাৰৰ এই আঁচনিসমূহে অৰ্থনীতিক এক নতুন গতি প্ৰদান কৰিছে।

কিন্তু বন্ধুসকল, আমাৰ দেশৰ একাংশ লোক ইমান নেতিবাচকতাৰে ভৰা বিকৃত মতাদৰ্শৰ বলি হৈছে। দেশত ভাল কাম হোৱাটো তেওঁলোকে নিবিচাৰে। আৰু তেওঁলোকে কেৱল বিতৰ্ক সৃষ্টি কৰিবলৈহে ভাল পায়। কিন্তু ইতিহাস সাক্ষী যে বহনক্ষম উন্নয়নৰ বাবে, দ্ৰুত উন্নয়নৰ অৰ্থে মৌলিক ব্যৱস্থাৰ লগতে আধুনিক আন্তঃগাঁথনি সৃষ্টি কৰাটোও প্ৰয়োজনীয়। যিসকলে প্ৰতিটো খোজতে ভোটৰ সহায়ত সকলো ওজন কৰে, তেওঁলোকে কেতিয়াও দেশৰ ভৱিষ্যতৰ কথা মনত ৰাখি পৰিকল্পনা কৰিবলৈ সক্ষম নহয়।

আমি বহুবাৰ দেখিছোঁ, গাঁৱত পানীৰ টেংকি এটা নিৰ্মাণ কৰা হয়, কিন্তু ৪-৫ বছৰ কম হৈ পৰে। কিমান ৰাস্তা বা ফ্লাই অ’ভাৰ আছে যিসমূহৰ ক্ষেত্ৰত ৪-৫ বছৰ অপৰ্য্যাপ্ত যেন লাগে। আমাৰ দেশত এই চিন্তাধাৰাৰ বাবেই আন্তঃগাঁথনি নিৰ্মাণক অগ্ৰাধিকাৰ প্ৰদান কৰা নহ’ল। ইয়াৰ বাবে দেশখন বহু ক্ষতিগ্ৰস্ত হৈছে। ধৰি লওঁক, পূৰ্বেই যদি পৰ্য্যাপ্ত সংখ্যক চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হ’লহেঁতেন, তেন্তে দেশত চিকিৎসকৰ ইমান অভাৱ নহ’লহেঁতেন। ৰেলপথত যদি আগতে বিদ্যুৎ সংযোগ কৰা হ’লহেঁতেন, তেন্তে এই কামটো সম্পন্ন কৰিবলৈ হাজাৰ-হাজাৰ কোটি টকা ব্যয়ৰ প্ৰয়োজন নাথাকিলহেঁতেন। যদি আগতেই টেপৰ জৰিয়তে ঘৰে-ঘৰে পানী যোগান ধৰা হ’লহেঁতেন, তেন্তে আজি চাৰে-তিনি লাখ কোটি টকা ব্যয়েৰে জল জীৱন মিছন আৰম্ভ কৰিব নালাগিলহেঁতেন। নেতিবাচকতাৰে ভৰা লোকসকলৰ দূৰদৰ্শিতাৰো অভাৱ আৰু ৰাজনৈতিক স্বাৰ্থৰ বাহিৰত চিন্তা কৰিবলৈয়ো সক্ষম নহয়।

 

আপোনাসৱে এবাৰ ভাবকচোন, নাথদ্বাৰাৰ জীৱনৰেখা বুলি কোৱা নন্দসামন্দ বান্ধ বা তন্তোল বান্ধটো নিৰ্মাণ নকৰা হ’লে কি হ’লহেঁতেন? আৰু আমি, ৰাজস্থান আৰু গুজৰাটৰ ৰাইজে লখা বঞ্জৰাৰ নাম লয়, আমি লখা বঞ্জৰাৰ কথা কওঁ। লখা বঞ্জৰাই পানীৰ বাবেই জীৱনটো পাৰ কৰিছিল। অৰ্থাৎ সকলোৱে অনুভৱ কৰে যে পূৰ্বে কোনোৱে যদি পানীৰ সমস্যা সমাধান কৰিছিল, তেন্তে লখা বঞ্জৰাই কৰিছিল। কিন্তু আজি পৰিস্থিতি এনেকুৱা যে যদি এই লখা বঞ্জৰাই নিৰ্বাচনত থিয় দিয়ে, তেন্তে এই নেতিবাচক মনৰ লোকসকলেও তেওঁক পৰাস্ত কৰিবলৈ নামি পৰিব। ইয়াৰ বাবেও আমি ৰাজনৈতিক দলৰ সমাৱেশৰ আয়োজন কৰোঁ।

সতীৰ্থসকল,

দূৰদৰ্শিতাৰে আন্তঃগাঁথনিৰ নিৰ্মাণ নকৰাৰ বাবেও ৰাজস্থান বহু ক্ষতিগ্ৰস্ত হৈছে। যোগাযোগৰ অভাৱত এই মৰুভূমিত যাত্ৰা কৰাটো কিমান কঠিন আছিল আপোনাসৱে ভালদৰেই জানে। আৰু এই অসুবিধা কেৱল অহা-যোৱাতে সীমাবদ্ধ নাছিল, বৰঞ্চ কৃষিকৰ্ম, ব্যৱসায় আদি সকলো কামেই কঠিন কৰি তুলিছিল। প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনা ২০০০ত অটল জীৰ চৰকাৰে আৰম্ভ কৰিছিল। ইয়াৰ পিছত, ২০১৪লৈকে প্ৰায় ৩ লাখ ৮০ হাজাৰ কিলোমিটাৰ গ্ৰামাঞ্চলৰ পথ নিৰ্মাণ কৰা হৈছিল। ইয়াৰ পিছতো দেশৰ লাখ-লাখ গাঁৱৰ পথ সংযোগ বিচ্ছিন্ন হৈ আছিল। ২০১৪ত আমি এই সংকল্প গ্ৰহণ কৰিছিলোঁ যে প্ৰতিখন গাঁৱতে পকী পথৰ ব্যৱস্থা কৰা হ’ব। কেৱল যোৱা ৯ বছৰতে আমি গাঁওসমূহত প্ৰায় ৩.৫ লাখ কিলোমিটাৰ নতুন পথ নিৰ্মাণ কৰিছো। ইয়াৰে ৰাজস্থানৰ গাঁওসমূহত ৭০ হাজাৰ কিলোমিটাৰৰো অধিক পথ নিৰ্মাণ কৰা হৈছে। এতিয়া দেশৰ প্ৰায়বোৰ গাঁওক পকী পথেৰে সংযোগ কৰা হৈছে। কল্পনা কৰকচোন, যদি এই কামটো পূৰ্বেই কৰা হ’লহেঁতেন, তেন্তে গাঁও-চহৰত বসবাস কৰা আমাৰ ভাই-ভনীসকলৰ বাবে কিমান সহজ হৈ উঠিলহেঁতেন৷

সতীৰ্থসকল,

গাঁওসমূহলৈ ৰাস্তা-ঘাটৰ ব্যৱস্থাৰ উপৰিও ভাৰত চৰকাৰ চহৰসমূহক আধুনিক ঘাইপথৰে সংযোগৰ কামতো নিয়োজিত হৈ আছে। ২০১৪ৰ পূৰ্বে দেশত যি গতিৰে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছিল, এতিয়া এই কাম দুগুণ গতিৰে কৰা হৈছে। ৰাজস্থানৰো একাধিক জিলা ইয়াৰ জৰিয়তে উপকৃত হৈছে। কিছুদিন পূৰ্বে মই দৌছাত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ এটা বৃহৎ অংশ উদ্বোধন কৰিছোঁ।

 

ভাই-ভনীসকল,

আজি ভাৰতৰ সমাজ এখন আকাংক্ষিত সমাজ। আজি একবিংশ শতিকাৰ এই দশকত জনসাধাৰণে কম সময়ত সৰ্বাধিক দূৰত্বত উপনীত হ’ব বিচাৰে, সৰ্বাধিক সুবিধা বিচাৰে। চৰকাৰত থকাৰ বাবে ভাৰতবাসীৰ এই আকাংক্ষা, ৰাজস্থানৰ জনসাধাৰণৰ এই আকাংক্ষা পূৰণ কৰাটো আমাৰ সকলোৰে দায়িত্ব। আমি সকলোৱে জানো যে পথৰ সমান্তৰালকৈ ৰেলৱে যোগাযোগৰ আন এটি গুৰুত্বপূৰ্ণ মাধ্যম। আজি দৰিদ্ৰ বা মধ্যবিত্ত শ্ৰেণীৰ লোকসকল ক’ৰবালৈ যাবলগীয়া হোৱা মাত্ৰেকে তেওঁলোকৰ প্ৰথম পছন্দ হৈছে ৰেল। সেইবাবেই আজি ভাৰত চৰকাৰে দশক-দশক পুৰণি ৰেল নেটৱৰ্কৰ অগ্ৰগতি সাধন আৰু আধুনিকীকৰণ কৰিছে। আধুনিক ৰেলেই হওঁক, আধুনিক ৰেল ষ্টেচনেই হওঁক, আধুনিক ৰেলপথেই হওঁক, আমি প্ৰতিটো স্তৰতে একেলগে চাৰিও দিশতে কাম কৰি আছোঁ। আজি ৰাজস্থানেও লাভ কৰিছে প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ। বহুদিনৰপৰাই মাভলী-মাৰৱাৰ গজ সলনিৰ দাবী জনাই অহা হৈছিল। এতিয়া পূৰণ কৰা হৈছে। একেদৰে আহমেদাবাদ-উদয়পুৰৰ মাজৰ সমগ্ৰ পথটো ব্ৰড গজলৈ ৰূপান্তৰিতকৰণৰ কামো কেইমাহমান পূৰ্বে সম্পূৰ্ণ হৈছে। উদয়পুৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ ৰাইজ এই নতুন পথত চলি থকা ৰেলৰ দ্বাৰা যথেষ্ট উপকৃত হৈছে।

সতীৰ্থসকল,

সমগ্ৰ ৰেল নেটৱৰ্কক মানৱবিহীন লেভেল ক্ৰছিঙৰপৰা মুক্তকৰণৰ পিছত আমি এতিয়া সমগ্ৰ নেটৱৰ্কটোত দ্ৰুতগতিত বিদ্যুৎ সংযোগ কৰিছোঁ। উদয়পুৰ ৰেল ষ্টেচনৰ দৰে আমি দেশৰ শ-শ ৰেল ষ্টেচন আধুনিকীকৰণেৰে ক্ষমতা বৃদ্ধি কৰিছোঁ। আৰু এই সকলোবোৰৰ লগতে আমি মালবাহী ৰেলৰ বাবে বিশেষ ট্ৰেক, নিৰ্দিষ্ট মালবাহী কৰিডৰ নিৰ্মাণ কৰিছোঁ।

সতীৰ্থসকল,

যোৱা ৯ বছৰত ৰাজস্থানৰ ৰেল বাজেটো ২০১৪ৰ তুলনাত ১৪ গুণ বৃদ্ধি পাইছে। বিগত ৯ বছৰত ৰাজস্থানৰ প্ৰায় ৭৫ শতাংশ ৰেল নেটৱৰ্কত বিদ্যুৎ সংযোগ কৰা হৈছে। ইয়াৰ ডুংগৰপুৰ, উদয়পুৰ, চিত্তোৰ, পালি, ছিৰোহী আৰু ৰাজসামন্দৰ দৰে জিলাই গজ ৰূপান্তৰ আৰু দ্বৈতকৰণৰ বিপুল সুবিধা লাভ কৰিছে। ৰেলপথৰ ১০০ শতাংশ বিদ্যুৎ সংযোগৰ ৰাজ্যসমূহৰ তালিকাত ৰাজস্থানেও অনতিপলমে স্থান লাভ কৰিব।

 

ভাই-ভনীসকল,

ৰাজস্থানৰ উন্নত যোগাযোগ ব্যৱস্থাৰ ফলশ্ৰুতিত ইয়াৰ পৰ্যটন আৰু আমাৰ তীৰ্থস্থানসমূহ যথেষ্ট উপকৃত হৈছে। মেৱাৰৰ এই অঞ্চল হালদীঘাটীৰ ভূমি। ৰাণা প্ৰতাপৰ বীৰত্ব, ভামাশাহৰ সমৰ্পণ আৰু বীৰ পান্নাধয়ৰ জাতি ৰক্ষাৰ বাবে কৰা বলিদানৰ কাহিনী এই ভূমিৰ প্ৰতিটো কণিকাতে নিহিত হৈ আছে। কালি দেশে মহাৰাণা প্ৰতাপ জীক তেওঁৰ জন্ম বাৰ্ষিকীত অতি ভক্তিৰে স্মৰণ কৰিলে। আমাৰ ঐতিহ্যৰ এই ৰাজধানীখনক সৰ্বাধিক সংখ্যক দেশ আৰু বিশ্বৰ ওচৰলৈ লৈ যোৱাটো আমাৰ দায়িত্ব। সেইবাবেই আজি ভাৰত চৰকাৰে নিজৰ ঐতিহ্যৰ বিকাশৰ বাবে ভিন্ন চাৰ্কিটত কাম কৰি আছে। ভগৱান শ্ৰীকৃষ্ণৰ সৈতে জড়িত তীৰ্থযাত্ৰা, তেওঁৰ সৈতে জড়িত বিশ্বাসৰ স্থানসমূহ কৃষ্ণ চাৰ্কিটৰ জৰিয়তে সংযোগ কৰা হৈছে। ৰাজস্থানতো গোবিন্দ দেৱজী, খাতু শ্যাম জী আৰু শ্ৰীনাথ জীৰ দৰ্শনৰ সুবিধাৰ বাবে কৃষ্ণ চাৰ্কিট গঢ়ি তোলা হৈছে।

ভাই-ভনীসকল,

ভাৰত চৰকাৰে সেৱাক ভক্তি হিচাপে বিবেচনাৰে দিনে-নিশাই কাম কৰি আছে। জনসাধাৰণৰ জীৱন যাত্ৰাক সহজ কৰি তোলা আমাৰ চৰকাৰৰ সুশাসনৰ অগ্ৰাধিকাৰ। প্ৰতিজন নাগৰিকৰ জীৱনলৈ সুখ, সুবিধা আৰু নিৰাপত্তাৰ সঞ্চাৰৰ বাবে নিৰন্তৰভাৱে কাম অব্যাহত আছে। শ্ৰীনাথ জীৰ আশীৰ্বাদ আমি যেন সকলোৱে লাভ কৰোঁ, এই কামনাৰে, উন্নয়নৰ কামৰ বাবে আপোনালোক সকলোকে পুনৰবাৰ অভিনন্দন জনাইছোঁ। আপোনাসৱক অশেষ ধন্যবাদ।

ভাৰত মাতা কী জয়।

ভাৰত মাতা কী জয়।

ভাৰত মাতা কী জয়।

ধন্যবাদ !

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's electronics exports surge 11-fold to Rs 4.24 lakh crore, women's workforce nears 30%

Media Coverage

India's electronics exports surge 11-fold to Rs 4.24 lakh crore, women's workforce nears 30%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister recalls the courage of those impacted by Partition on Partition Horrors Remembrance Day
August 14, 2026
PM shares Sanskrit Subhashitam highlighting the power of hard work and human endeavor

Prime Minister Shri Narendra Modi today stated that as we mark Partition Horrors Remembrance Day, we recall the courage of all those who were impacted by Partition. He noted that it was a moment in history that tore apart several lives, where families were uprooted, loved ones were lost, and immense suffering was endured.

The Prime Minister highlighted that at the same time, overcoming this, people rebuilt their lives from nothing, turned adversity into achievement, and contributed immensely to our nation’s progress. He observed that their life journeys remind us of the strength of the human spirit. Shri Modi expressed hope that this day may deepen our resolve to preserve harmony and brotherhood in our nation and collectively work towards building a Viksit Bharat.

The Prime Minister offered his heartfelt tributes to all those countrymen who, emerging from that horrific period, made invaluable contributions to the progress of the country. He stated that through their courage and capability, they showed how resolutions are accomplished even in adverse circumstances. Shri Modi called upon everyone to further strengthen the national spirit of goodwill and solidarity.

Sharing a Subhashitam, the Prime Minister emphasized that it is through hard work, enterprise, and dedicated effort that diverse arts, science, technological skills, craftsmanship, and innovations flourish, paving the way for success. He added that therefore, one should not remain dependent on fate; rather, one should move steadily towards one's goals with courage, diligence, and persistent effort, for it is human endeavor that shapes destiny.

In a series of posts on X, the Prime Minister wrote:

"Today we mark #PartitionHorrorsRemembranceDay. We recall the courage of all those who were impacted by Partition. It was a moment in history that tore apart several lives…families were uprooted, loved ones were lost and immense suffering was endured.

At the same time, overcoming this, people rebuilt their lives from nothing, turned adversity into achievement and contributed immensely to our nation’s progress. Their life journeys remind us of the strength of the human spirit.

May this day deepen our resolve to preserve harmony and brotherhood in our nation and collectively work towards building a Viksit Bharat."

"विभाजन विभीषिका स्मृति दिवस पर उन सभी देशवासियों का हृदय से नमन, जिन्होंने उस वीभत्स दौर से निकलकर देश की प्रगति में अमूल्य योगदान दिया। उन्होंने अपने साहस और सामर्थ्य से दिखाया कि कैसे विपरीत परिस्थितियों में भी संकल्पों को सिद्ध किया जाता है। आइए, सद्भावना और एकजुटता की राष्ट्रीय भावना को और सशक्त करें।

उद्यमस्य प्रसादेन दृश्यन्ते विविधाः कलाः।
कातरा एव जल्पन्ति यद् भाव्यं तद् भविष्यति॥”

It is through hard work, enterprise and dedicated effort that diverse arts, science, technological skills, craftsmanship and innovations flourish, paving the way for success. Therefore, one should not remain dependent on fate; rather, one should move steadily towards one's goals with courage, diligence and persistent effort, for it is human endeavor that shapes destiny.