India is not only a fast-growing economy, but also a credible one: PM
Along with being a rising power, India is also a reliable power: PM
For India, Nation First is the highest guiding principle: PM
Maoist terror is breathing its last in India: PM
The shift in mindset from "this can never be done" to "this will be done" is India's greatest achievement: PM
The government is empowering the poor and middle-class: PM
The collective efforts of 140 crore Indians will realise the dream of a Viksit Bharat: PM

স্বৰ সাধনা, মনোকামনা, আৰাধনা - ইমান মাংগলিক আৰম্ভণিৰ পিছত আপোনালোকৰ অনুষ্ঠান অব্যাহত থাকিলে বৰ ভাল লাগিলহেঁতেন। আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।

বৰ্তমান বিভিন্ন ভাষাত সম্প্ৰচাৰিত ৰিপাব্লিক টিভি নেটৱৰ্কৰ অনুষ্ঠানৰ সকলো দৰ্শকলৈ মোৰ শ্ৰদ্ধাঞ্জলি জনাইছো। লগতে এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ অহা সকলোকে আদৰণি জনাইছো। ২৪ ঘণ্টীয়া নিউজ চেনেলত ব্ৰেকিং নিউজৰ গুৰুত্ব অতি বেছি। আৰু আজিকালি পৃথিৱীৰ যিকোনো ঠাইলৈ চালে সমগ্ৰ পৃথিৱীখন যেন ব্ৰেকিং নিউজ মোডত আছে। এনে হুলস্থূলৰ মাজতে আপোনালোকে এই সন্মিলনৰ আয়োজন আৰু অংশগ্ৰহণ কৰিছে আৰু সেয়েহে আপোনালোক বিশেষ অভিনন্দনৰ যোগ্য। এইবাৰ আপোনালোকৰ আলোচনাৰ বিষয়ো সমানেই তাৎপৰ্যপূৰ্ণ- মহাশক্তি ভাৰত: দেশ প্ৰথম।

বন্ধুসকল,

আমাৰ শাস্ত্ৰত কোৱা হৈছে: যতো ধৰ্মস্ততো জয়ঃ! – অৰ্থ হৈছে জয় আৰু শক্তিৰ মূল হ’ল ধৰ্ম। আৰু ধৰ্ম মানে কৰ্তব্য, ধৰ্ম মানে ন্যায়, ধৰ্ম মানে সমতা, ধৰ্ম মানে সংলাপ, ধৰ্ম মানে মমতা। এই সত্বাটোৱেই দেশ প্ৰথম দৃষ্টিভংগীত নিহিত হৈ আছে। ভাৰতে নিজৰ শক্তিক এই বিত চকুৰ দ্বাৰা চায়, এই তুলাচনীত ইয়াক ওজন কৰে।

 

বন্ধুসকল,

ভাৰতৰ আন এক অনন্য গুণ আছে, যিটো বিশ্বই এতিয়া স্বীকাৰ কৰিছে। ক্ষণিকৰ পৰিঘটনাত খৰখেদাকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেশ আমি নহয়। আমি এনে এখন দেশ যিয়ে উন্নয়ন আৰু ধ্বংস দুয়োটাৰে সাক্ষী হৈছো, সেইবোৰ সহ্যও কৰিছো। আমি আমাৰ চেতনাত সময়ৰ মেমৰি চিপ নিহিত হৈ থকা এখন দেশ- সহস্ৰাব্দৰ স্মৃতিৰ চিপ থকা দেশ। সেইবাবেই আজি ভাৰতে যি কৰি আছে - আৰু মই এই কথা সম্পূৰ্ণ দায়িত্ব সহকাৰে কৈছোঁ - আজি ভাৰতে যি কৰি আছে সিয়েই অনাগত হাজাৰ বছৰৰ ভৱিষ্যৎ লিখিব। এইটোৱেই হৈছে বিশ্বৰ বাবে ভাৰতৰ সৰ্ববৃহৎ নিশ্চয়তা। ভাৰত কেৱল দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি নহয়, ই এক বিশ্বাসযোগ্য অৰ্থনীতিও। উদয় হোৱা শক্তিৰ সমান্তৰালকৈ - আনকি আপুনি ইয়াক মহাশক্তি বুলি অভিধানখনো টানিলে - মই নিশ্চিতভাৱে ক’ম যে ভাৰত এখন নিৰ্ভৰযোগ্য শক্তি। মাত্ৰ কেইদিনমানৰ আগতে মই জি-৭ শীৰ্ষ সন্মিলনৰ পৰা উভতি আহিলোঁ আৰু প্ৰতিজন নেতাই, প্ৰতিখন দেশেই ভালদৰে বুজি পাইছে যে আজিৰ ভাৰতৰ বাবে দেশ প্ৰথম হৈছে আটাইতকৈ ডাঙৰ মন্ত্ৰ, সৰ্বোচ্চ নীতি।

 

বন্ধুসকল,

মাত্ৰ কেইদিনমান আগতে আমাৰ চৰকাৰে ১২ বছৰ সম্পূৰ্ণ কৰিলে। আনকি তাৰ বাবে অৰ্ণবে আপোনালোকক হাত চাপৰি বজাবলৈও বাধ্য কৰালে। যদি আপোনালোকে যোৱা বাৰ বছৰৰ কৃতিত্বৰ ওজন কৰে তেন্তে দেখিব যে প্ৰতিটো সিদ্ধান্তৰ, প্ৰতিটো খোজৰ, প্ৰতিটো প্ৰচেষ্টাৰ মূলতে আছে দেশ প্ৰথমৰ আত্মা। স্বচ্ছ ভাৰত অভিযানৰ পৰা আৰম্ভ কৰি মেক ইন ইণ্ডিয়ালৈকে, খাদীৰ ওপৰত গুৰুত্ব দিয়াৰ পৰা আৰম্ভ কৰি স্থানীয় সামগ্ৰীক উৎসাহিত কৰালৈকে - এই সকলোবোৰ পদক্ষেপ সফল হ’ল কাৰণ দেশৰ জনসাধাৰণে দেশখনক সকলোতকৈ ওপৰত স্থান দিছে আৰু নিজৰ কৰ্তব্য পালন কৰিছে। এই দেশৰ নাগৰিকক প্ৰণাম জনাইছো।

বন্ধুসকল,

ইয়াত আমাৰ লগত আছে শ্ৰী শ্ৰীধৰ ভেম্বু। আমাৰ উদ্যোগীসকলে যেতিয়া দেশ প্ৰথমৰ মনোভাৱেৰে খোজ লয়, যেতিয়া তেওঁলোকে দেশৰ প্ৰয়োজনীয়তা বুজি নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰে, তেতিয়া প্ৰতিষ্ঠান গঢ় লৈ উঠে আৰু দেশখন সমৃদ্ধিশালী হয়। শ্ৰী ভেম্বুৰ কামৰ বিষয়ে ইয়াত কিমান আলোচনা কৰা হৈছে নাজানো, কিন্তু শেহতীয়াকৈ মই ফ্ৰান্সৰ ভিভাটেকলৈ গৈছিলো। তাত প্ৰায় ডেৰ লাখৰ পৰা ২ লাখ যুৱক-যুৱতী আছিল। মই আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে যুৱক-যুৱতীসকলৰ উদ্ভাৱন চাবলৈ বিভিন্ন ষ্টলৰ মাজেৰে খোজ কাঢ়ি গৈ থাকোঁতে আমি জোহোৰ ষ্টললৈ আহিলোঁ। নতুন সৃষ্টি কি হৈছে সেই কথা বুজিবলৈ আগ্ৰহী হৈ তাত গোট খোৱা ইউৰোপীয় যুৱকৰ ভিৰ দেখি মই আঁচৰিত আৰু গৌৰৱান্বিত হ’লো। হয়তো ভাৰতত ইয়াৰ বিষয়ে ইমান আলোচনা নহয়, কিন্তু ফ্ৰান্সত মই যি দেখিলোঁ সেয়া উল্লেখযোগ্য আছিল। আপোনাক অভিনন্দন জ্ঞাপন কৰিলোঁ।

 

বন্ধুসকল,

চৰকাৰী নীতি আৰু সিদ্ধান্তত দেশ প্ৰথমৰ প্ৰভাৱ আমাৰ জনজাতীয় অঞ্চলত দেখা যায়। মই ইয়াত দৰ্শন আগবঢ়াবলৈ অহা নাই, কিন্তু কেইটামান সৰু উদাহৰণ শ্বেয়াৰ কৰিম যাতে আপোনালোকে বুজিব পাৰে যে কাম কেনেকৈ হয়। মই জনজাতীয় অঞ্চলৰ কথা কওঁ - ১০ কোটিতকৈও অধিক জনসংখ্যা, জনজাতীয় সমাজৰ কথা। আমি সকলোৱে জানো যে দশক দশক ধৰি তাত মাওবাদী সন্ত্ৰাসে শিপাই আছিল। একবিংশ শতিকাতো এই সন্ত্ৰাসবাদীসকলে সেই অঞ্চলসমূহত এটাও সুবিধা আহিবলৈ দিয়া নাছিল। কোনো চৰকাৰী বাহন পাৰ হ’ব নোৱাৰে; গুলীৰে থকা সৰকা হ’ব। বহু চৰকাৰ আহিল আৰু গ’ল, প্ৰজন্ম পাৰ হৈ গ’ল, আৰু এনে লাগিল যেন এই হিংসাৰ দুৰ্ভাগ্য চিৰদিনৰ বাবে থাকিব। আপুনালোকে কল্পনা কৰিব পাৰিব নে - ২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত সেই দহ বছৰত মাওবাদী সন্ত্ৰাসৰ বাবে ১৭ হাজাৰতকৈ অধিক হিংসাত্মক ঘটনা সংঘটিত হৈছিল আৰু প্ৰায় ৭ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছিল।

বন্ধুসকল,

আপোনালোকৰ বাবে আজিৰ শিৰোনাম বা আধা ঘণ্টীয়া টিভি বিতৰ্ক হ’ব পাৰে যে মাওবাদী সন্ত্ৰাসবাদৰ অন্ত পৰিছে। কিন্তু কথাবোৰ তেনেকুৱা নহয়৷ ইয়াৰ বাবে অপৰিসীম পৰিশ্ৰমৰ প্ৰয়োজন আৰু সেইবাবেই মই ব্যাখ্যা কৰিব বিচাৰিছো। আজিকালি কিছুমান মানুহে সংবিধান জোকাৰি থাকে, কিন্তু চৰকাৰত থাকোঁতে, নক্সাল প্ৰভাৱিত অঞ্চলত “সংবিধান” শব্দটো উচ্চাৰণ কৰিলেও গুলী লাগিব পাৰে। সেই সময়ত তেওঁলোক নিৰবে বহি আছিল, সংবিধানখন ওপৰলৈ তুলি ধৰিব নোৱাৰি হাত দুখন কঁপি আছিল। সেই বেদনাদায়ক পৰিস্থিতিৰ দ্বাৰা কংগ্ৰেছ কোনো ধৰণে প্ৰভাৱিত হোৱা নাছিল।

বন্ধুসকল,

২০১৪ চনৰ পিছত পৰিস্থিতি সলনি কৰিবলৈ আমি দেশ প্ৰথমৰ মনোভাৱেৰে আগবাঢ়িলোঁ। আমি কেৱল কথা পতা নাছিলোঁ, কেৱল ঘোষণা কৰা নাছিলোঁ, কাম কৰিছিলোঁ। আমি নক্সালবাদ-মাওবাদক সম্পূৰ্ণৰূপে উভালি পেলোৱাৰ সংকল্প লৈছিলো আৰু আজি সমগ্ৰ দেশেই ইয়াৰ ফল দেখিবলৈ পাইছে। ভাৰতত মাওবাদী সন্ত্ৰাসবাদে এতিয়া অন্তিম উশাহ গণনা কৰিছে।

 

আৰু বন্ধুসকল,

প্ৰায়ে চূড়ান্ত ফলাফল ইমানেই বিশাল আৰু তাৎপৰ্যপূৰ্ণ যে ইয়াৰ আঁৰৰ কঠোৰ পৰিশ্ৰম চকুত নপৰে। বিশেষকৈ ৰিপাব্লিক টিভিৰ দৰ্শকক এই বিষয়ে ক’ব বিচাৰিছো।

বন্ধুসকল,

যিবোৰ নক্সাল প্ৰভাৱিত অঞ্চলত দিনৰ পোহৰত ওলাই গ’লেও অপহৰণ, ধন দাবী, বা লুটপাতৰ আশংকাত সাধাৰণ মানুহক আতংকিত কৰি তুলিব - য’ত উন্নয়নৰ কথা কোৱাও অসম্ভৱ আছিল, সেইবোৰ অঞ্চলত আমি প্ৰগতিৰ প্ৰতিশ্ৰুতিৰে আগবাঢ়িলোঁ। বিগত ১২ বছৰত আমাৰ চৰকাৰে এনে অঞ্চলত ১২ হাজাৰ কিলোমিটাৰতকৈও অধিক পথ নিৰ্মাণ কৰিছে। বহু সময়ত আমাৰ নিৰ্মাণ সঁজুলি জ্বলি গৈছিল, ঠিকাদাৰক খেদি পঠিওৱা হৈছিল। যদি কোনো এটা পথত ২৫ জন লোকে কাম কৰে তেন্তে ২০০ আৰক্ষী জোৱানে তেওঁলোকক পহৰা দিব লাগিছিল যাতে কাম চলি থাকিব পাৰে। আমি এই সকলোবোৰ কৰিব পাৰিছিলো কৰিম বুলি সংকল্প লোৱাৰ বাবেই।

 

 

বন্ধুসকল,

আমি ৯,৫০০ৰো অধিক মোবাইল টাৱাৰ নিৰ্মাণ কৰিলোঁ। আগতে এটা টাৱাৰো স্থাপন কৰিব পৰা নাছিল আৰু স্থাপন কৰিলেও ধ্বংস কৰা হৈছিল। কাৰণ তেওঁলোকে সদায় ক্ষোভক ইন্ধন যোগাবলৈ বিচাৰিছিল। আমি প্ৰায় ৪৫ হাজাৰ গাঁৱলৈ মোবাইল সংযোগ আনিলোঁ। নক্সাল প্ৰভাৱিত জিলাসমূহত ১,৮০০ৰো অধিক বেংকৰ শাখা মুকলি কৰা হৈছে। প্ৰায় ৭৫ হাজাৰ বেংকিং প্ৰতিনিধি আৰু ৬ হাজাৰৰো অধিক নতুন ডাকঘৰ স্থাপন কৰা হ’ল। আমি কেৱল বোমা, বন্দুক, গুলীৰ ওপৰত নিৰ্ভৰ কৰা নাছিলো বন্ধু-বান্ধৱীসকল- আমি হৃদয় জয় কৰিবলৈ ঈশ্বৰে দিয়া প্ৰতিটো বিন্দু শক্তি বিনিয়োগ কৰিছিলো।

বন্ধুসকল,

দৃঢ় সংকল্পৰে আমি সাধাৰণ মানুহৰ আশা-আকাংক্ষা পূৰণৰ বাবে নক্সাল প্ৰভাৱিত অঞ্চলত সোমালোঁ। আপোনালোক আঁচৰিত হ’ব – শিৰৰ কোটি টকা মূল্য ঘোষণ কৰা এজন কুখ্যাত নক্সালবাদীৰ মাতৃয়ে প্ৰথমবাৰৰ বাবে আমাৰ পৰা ৰেচন কাৰ্ড লাভ কৰিলে। তেওঁৰ পুত্ৰই তেওঁক কেতিয়াও এখন পাবলৈ নিদিলে, কাৰণ তেওঁ নিজৰ সন্ত্ৰাসবাদী শাসন চলাবলৈ বিচাৰিছিল। এনেধৰণৰ অসংখ্য ঘটনা সংঘটিত হৈছে। মই থতমত খালোঁ। আৰু সেই সময়ৰ চৰকাৰখন সংবিধানৰ প্ৰতি অন্ধ হৈ মনে মনে বহি আছিল। কিন্তু এই সকলো প্ৰচেষ্টাৰ ফল ৰাইজৰ মাজত এক নতুন আস্থাৰ জোৱাৰ। আজি বাষ্টাৰলৈ চাওক - বোমা আৰু বন্দুকৰ সলনি বাষ্টাৰ অলিম্পিক অতি উৎসাহেৰে উদযাপন কৰা হয়। ইতিমধ্যে দুটা সংস্কৰণ অনুষ্ঠিত হৈছে। প্ৰথমটোত ডেৰ লাখতকৈ অধিক যুৱকে অংশগ্ৰহণ কৰিছিল আৰু দ্বিতীয়টোত প্ৰায় ৪ লাখ যুৱকে যোগদান কৰিছিল। য'ত এসময়ত আতংক আছিল, এতিয়া প্ৰতিভাই সুযোগ বিচাৰি পাইছে আৰু ক্ৰীড়াই প্ৰগতিৰ জখলাৰে আগবাঢ়িছে।

 

বন্ধুসকল,

এই ১২ বছৰীয়া সেৱাৰ অন্যতম বৃহৎ সাফল্য হৈছে হতাশাক পৰিত্যাগ কৰি আশা আৰু আকাংক্ষাৰে ভৰা এখন ভাৰত গঢ়ি তোলা।

বন্ধুসকল,

নক্সালবাদ হয়তো কিছুমান বিশেষ ক্ষেত্ৰত কেন্দ্ৰীভূত আছিল, কিন্তু ইয়াৰ যন্ত্ৰণা ভাৰতৰ চুকে-কোণে অনুভৱ কৰা হৈছিল। আৰু যেতিয়া নক্সালবাদৰ অন্ত পৰিছে বুলি খবৰ বিয়পিবলৈ ধৰিলে, তেতিয়া আস্থাৰ ভাৱ কেৱল সেই ক্ষতিগ্ৰস্ত অঞ্চলবোৰতে সীমাবদ্ধ নাথাকিল - সমগ্ৰ দেশতে বিয়পি পৰিল। ২০১৪ চনৰ আগৰ দহ বছৰত কংগ্ৰেছ চৰকাৰৰ দিনত অসন্তুষ্টি কেৱল শাসন ব্যৱস্থাতে নাছিল। হতাশা বহুত গভীৰ আছিল। দেশখনে আশা হেৰুৱাই পেলাইছিল। মানুহে অনুভৱ কৰিছিল যে একোৱেই সলনি নহ’ব, একোৱেই উন্নতি নহ’ব।

বন্ধুসকল,

বিগত ১২ বছৰত ভাৰতে হতাশাক আশালৈ ৰূপান্তৰিত কৰিছে, আৰু ইয়ে মোক সৰ্বাধিক সন্তুষ্টি দিয়ে। আজি সকলোৱে অনুভৱ কৰিছে যে অলপ বেছি কষ্ট কৰিলে কামবোৰ সম্পন্ন হ’ব পাৰে। সেই দিনবোৰ গ’ল যেতিয়া একমাত্ৰ প্ৰতিবন্ধক আছিল “হ’ব নোৱাৰে, হ’ব নোৱাৰে।” সেই যুগ পাৰ হৈ গ’ল। আজি উদ্দীপনা হৈছে “হ’ব।” এই নতুন আত্মবিশ্বাস ভাৰতৰ প্ৰকৃত কৃতিত্ব আৰু এয়াই হৈছে প্ৰকৃত শক্তি। প্ৰত্যাহ্বানবোৰ থাকি যায় আৰু সদায় থাকিব। প্ৰত্যাহ্বানবোৰৰ প্ৰকৃতি সলনি হয়, নতুন ৰূপত আবিৰ্ভাৱ হয়। কিন্তু সেইবোৰে যি ৰূপ নলওক কিয়, আমি যুঁজিম আৰু আমি জয়ী হ’ম। যেতিয়া দেশখনে এই বিশ্বাসেৰে আগবাঢ়ি যায় যে “এয়া কৰিব পাৰি আৰু আমিও কৰিম” তেতিয়া সপোনবোৰ পূৰণ হয়।

বন্ধুসকল,

মই ইয়াত ভাৰতৰ ১০০খনতকৈও অধিক জিলা আৰু ৫০০ৰো অধিক ব্লকৰ বিষয়ে ক’ব বিচাৰিছো। উন্নয়নৰ প্ৰতিটো পৰিমাপতে এইবোৰ পিছ পৰি ৰৈছিল আৰু পূৰ্বৰ চৰকাৰসমূহে ইয়াক “পিছপৰা জিলা” আৰু “পিছপৰা অঞ্চল” বুলি মোহৰ মাৰিছিল। আমি এই বিশাল অঞ্চলসমূহক পিছপৰাৰ গ্লানিৰ পৰা উলিয়াই আনি উন্নয়নৰ আকাংক্ষাৰ স্ফুৰণ ঘটালো। প্ৰথমে আমি সেইবোৰৰ পৰিচয় সলনি কৰিলোঁ। আমি কৈছিলো এইবোৰ “আকাংক্ষিত জিলা”, এইবোৰ “আকাংক্ষিত ব্লক।” আমি আকাংক্ষিত জিলা আৰু আকাংক্ষিত ব্লকৰ বাবে কাৰ্যসূচী প্ৰস্তুত কৰিলোঁ আৰু চৰকাৰে উন্নয়নৰ প্ৰতিটো পৰিমাপত নিখুঁতভাৱে কাম কৰিবলৈ আৰম্ভ কৰিলে। প্ৰতিখন জিলাতে আমি অতিক্ৰম কৰিবলগীয়া তিনিটা দিশ চিনাক্ত কৰিলোঁ, আন কিছুমানত ছটা দিশ চিনাক্ত কৰিলোঁ আৰু কেন্দ্ৰীভূত প্ৰচেষ্টা আৰম্ভ হ’ল। আজি এই আকাংক্ষিত জিলা আৰু ব্লকসমূহে ৰাজ্যসমূহৰ সামগ্ৰিক বৃদ্ধিৰ সূচনা কৰিছে। ইয়াৰ আগতে তেওঁলোকে বৃদ্ধি পিছলৈ টানি লৈ গৈছিল। এই জিলাসমূহত বৃহৎ জনসংখ্যাই দৰিদ্ৰতা আৰু বঞ্চনাত জীৱন কটাবলগীয়া হৈছিল। শেহতীয়া বছৰবোৰত ২৫ কোটি দৰিদ্ৰ লোকে দৰিদ্ৰতাক পৰাস্ত কৰিছে আৰু ইয়াত আকাংক্ষিত জিলাসমূহে মুখ্য ভূমিকা পালন কৰিছে।

 

বন্ধুসকল,

আমি দেখিবলৈ পাওঁ যে যেতিয়া এজন ব্যক্তি ৰোগৰ পৰা আৰোগ্য হয়, তেতিয়া কেৱল সেই ব্যক্তিজনেই সুস্থ নহয় - গোটেই পৰিয়ালটোৱে সকাহ অনুভৱ কৰে। ঠিক তেনেদৰে পুত্ৰ বা কন্যাই যেতিয়া কিবা এটা সফলতা লাভ কৰে তেতিয়া সেয়া কেৱল তেওঁলোকৰ সাফল্যই নহয়, সমগ্ৰ পৰিয়ালটো গৌৰৱ আৰু আত্মবিশ্বাসেৰে ভৰি পৰে। একেদৰে কোনোবাই দৰিদ্ৰতাৰ পৰা ওলাই আহিলে সমগ্ৰ সমাজেই লাভৱান হয়, দেশখনেই লাভৱান হয়। যেতিয়া ২৫ কোটি মানুহে দৰিদ্ৰতাৰ পৰা ওলাই আহি নব্য মধ্যবিত্ত শ্ৰেণীত প্ৰৱেশ কৰিছে, তেতিয়া সেই পৰিয়ালবোৰতে এই সুবিধা সীমিত নহয়। মধ্যবিত্ত শ্ৰেণীয়েও লাভান্বিত হয়, কাৰণ এইসকল নতুন উপভোক্তা যিয়ে অৰ্থনীতিক পৰিচালনা কৰে, শেষত মধ্যবিত্ত শ্ৰেণীৰ বাবে সুযোগৰ সৃষ্টি কৰে। এইদৰে দৰিদ্ৰতা হ্ৰাস কেৱল কল্যাণৰ বিষয় নহয় - ই সুযোগ সম্প্ৰসাৰণৰ কাহিনী, নতুন আকাংক্ষাৰ উৎস।

বন্ধুসকল,

বিগত ১২ বছৰে দেশত যি বিশাল মধ্যবিত্ত শ্ৰেণীৰ উত্থান ঘটিছে সেয়া চৰকাৰৰ বাবে এক ডাঙৰ অগ্ৰাধিকাৰৰ বিষয় হৈ পৰিছে। মধ্যবিত্ত শ্ৰেণীৰ জীৱন-যাপনৰ সূচলতাৰ বাবে চৰকাৰে প্ৰতিটো স্তৰতে কাম কৰিছে। ঘৰৰ মালিক হোৱাৰ সপোনৰ কথা বিবেচনা কৰক। প্ৰতিটো মধ্যবিত্ত পৰিয়ালে নিজাকৈ ঘৰ এখন পাবলৈ ইচ্ছা কৰে। ২০১৪ চনত যদি কোনো পৰিয়ালে ঘৰ কিনিবলৈ বিচাৰে তেন্তে গৃহ ঋণত দুটা সংখ্যাৰ সুতৰ হাৰ আহিছিল। আজি বেংকৰ পৰা ৭–৮ শতাংশ সুতত ঋণ পোৱা যায়। আগতে ঋণ পোৱাটো যুদ্ধত জয়ী হোৱাৰ দৰেই আছিল, ইয়াৰ বাবে অপৰিসীম কষ্টৰ প্ৰয়োজন হৈছিল। আজি ঘৰৰ আৰামৰ পৰাই ই সম্ভৱ হৈ উঠিছে৷ ইয়াত দিল্লী-এনচিআৰত মানুহে জানে যে কেনেকৈ হাজাৰ হাজাৰ নগৰীয়া মধ্যবিত্তৰ ঘৰ অসম্পূৰ্ণ হৈ আছিল। পৰিয়ালবোৰে জীৱনৰ সঞ্চয়ৰ ধন বিল্ডাৰক দিছিল, যিসকলে ৰংবিৰঙী পুস্তিকা আৰু সপোন দেখুৱাইছিল, কিন্তু ঘৰবোৰ কেতিয়াও চমজাই দিয়া হোৱা নাছিল। ঘৰৰ বাবে অন্তহীন অপেক্ষাত পৰিয়ালে ভাৰা ভৰি থাকিবলগীয়া হৈছিল। ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই স্থবিৰ প্ৰকল্পসমূহ সম্পূৰ্ণ কৰিবলৈ আমি ২৫ হাজাৰ কোটি টকাৰ বিশেষ পুঁজি সৃষ্টি কৰিলোঁ। আপোনালোকে জানি আনন্দিত হ’ব যে সমগ্ৰ দেশতে এতিয়া দীৰ্ঘদিনে বিলম্ব হোৱা প্ৰায় ৬০ হাজাৰ ঘৰ চমজাই দিয়া হৈছে।

বন্ধুসকল,

দৈনন্দিন জীৱনত প্ৰভাৱ পেলোৱা আন এটা দিশ হ’ল সংযোগ আৰু পৰিবহণ। আজি যদি আপোনালোকে ছ’চিয়েল মিডিয়ালৈ চায় তেন্তে আমাৰ মেট্ৰ’ ব্যৱস্থা প্ৰত্যক্ষ কৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটকসকল আঁচৰিত হৈ পৰিছে।

বন্ধুসকল,

২০১৪ চনত প্ৰায় ২৮ লাখ লোকে দৈনিক মেট্ৰ’ৰে যাত্ৰা কৰিছিল। আজি দৈনিক প্ৰায় ১ কোটি ২৮ লাখ লোকে মেট্ৰ’ৰে যাত্ৰা কৰে। এতিয়া বন্দে ভাৰত, নমো ভাৰত, অমৃত ভাৰতৰ দৰে তীব্ৰবেগী ৰে’লে দেশখনক সংযোগ কৰিছে। উন্নত ৰাস্তা আৰু ঘাইপথৰ ফলত সময় ৰাহি হোৱাই নহয়, বাহনৰ ৰক্ষণাবেক্ষণৰ খৰচো হ্ৰাস পাইছে। শেহতীয়া বছৰবোৰত বিমানবন্দৰৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে। ইয়াৰ ফলত বহু সৰু চহৰৰ মধ্যবিত্ত শ্ৰেণীয়ে প্ৰথমবাৰৰ বাবে উৰাজাহাজেৰে ভ্ৰমণৰ সুযোগ লাভ কৰিছে।

 

বন্ধুসকল,

বিগত ১২ বছৰত ভাৰতে কেৱল মধ্যবিত্ত শ্ৰেণীৰ উপাৰ্জন বৃদ্ধি কৰাই নহয়, তেওঁলোকৰ সঞ্চয়ো বৃদ্ধি কৰিছে। ২০১৩-১৪ চনত প্ৰায় ২লাখ টকালৈকে উপাৰ্জন কৰযোগ্য আছিল আৰু মধ্যবিত্ত শ্ৰেণীয়ে সেই বোজা বহন কৰিছিল। বৰ্তমান ১২ লাখ টকালৈকে উপাৰ্জন কৰ-মুক্ত। অন্য অৰ্থত কৰ-মুক্ত আয় বহুগুণে বৃদ্ধি পাইছে।

বন্ধুসকল, জিএছটি সংস্কাৰে মধ্যবিত্ত শ্ৰেণীৰ বাবেও যথেষ্ট সুবিধা কঢ়িয়াই আনিছে। কৰ দাখিল কৰাটো সহজ হৈ পৰিছে, যাৰ ফলত সময় আৰু ধন দুয়োটাই ৰাহি হৈছে। আয়কৰ ৰিটাৰ্ণ এতিয়া ঘৰৰ পৰা দাখিল কৰিব পাৰি, আৰু আনকি নিষ্পত্তিৰ বিষয়বোৰো মুখবিহীনভাৱে পৰিচালনা কৰা হয়।

বন্ধুসকল,

মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ ব্যয় হৈছে ডায়েবেটিছ আৰু অন্যান্য জীৱনশৈলী সম্পৰ্কীয় সমস্যাৰ চিকিৎসা। জনঔষধি কেন্দ্ৰসমূহত এনে ঔষধসমূহ ৮০ শতাংশ ৰেহাই মূল্যত উপলব্ধ। যদি আগতে আপুনি ১,০০০ টকা খৰচ কৰিছিল, আজি আপুনি মাত্ৰ ২০০টকা খৰচ কৰিছে, ৮০০  টকা ৰাহি হৈছে। পাৰ হৈ যোৱা বছৰবোৰত ইয়াৰ ফলত অসংখ্য পৰিয়ালৰ প্ৰায় ৪০,০০০ কোটি টকা সঞ্চয় হৈছে। মধ্যবিত্ত শ্ৰেণীৰ বাজেটৰ আন এটা গুৰুত্বপূৰ্ণ অংশ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যসেৱাৰ বাবে ব্যয় হয়। আজি ৭০ বছৰৰ ওপৰৰ প্ৰতিজন নাগৰিকে ৫লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিছে।

বন্ধুসকল,

সুবিধাসমূহ নিত্যনৈমিত্তিক হৈ পৰিলে অতীতৰ অসুবিধাসমূহ পাহৰি যোৱাটো মানৱীয় স্বভাৱ। আগতে, আপুনি ২ লাখ টকাৰ আয়ৰ ওপৰত কৰ পৰিশোধ কৰিছিল; এতিয়া, ১২  লাখ টকালৈকে কৰ-মুক্ত। তথাপি প্ৰশংসা তেতিয়াহে আহে যেতিয়া মনত পেলাই দিয়া হয়। আনহাতে, যদি এখন বাছ বা ৰে’লৰ যাত্ৰা বিলম্বিত হয়, তেন্তে অজস্ৰ অভিযোগ উত্থাপন হয়। এইটোৱেই আটাইতকৈ সৰৱ শ্ৰেণী।

বন্ধুসকল,

মই কোৱাৰ দৰে মানুহে পুৰণি সমস্যাবোৰ পাহৰি যায়। আপুনি হয়তো এসময়ত যানবাহন চালনাৰ অনুজ্ঞা বা পাৰপত্ৰ লাভ কৰাৰ সময়ত সন্মুখীন হোৱা অসুবিধাবোৰো মনত নেপেলাব পাৰে। পূৰ্বতে এয়া এক সংগ্ৰাম আছিল। আজি, যানবাহন চালনাৰ অনুজ্ঞা লাভ কৰাটো সহজ আৰু পাৰপত্ৰ সাধাৰণতে তিনিদিনৰ ভিতৰত জাৰি কৰা হয়।

বন্ধুসকল,

মই জানো যে আমাৰ চৰকাৰে কাম কৰা ধৰণটোৱে জনসাধাৰণৰ আকাংক্ষা বৃদ্ধি কৰিছে। এবাৰ এটা চাহিদা পূৰণ হোৱাৰ লগে লগে মানুহে তৎক্ষণাত তাতকৈ উন্নত কিবা এটা বিচাৰে। যদি পূৰ্বতে নতুন পথৰ দাবী কৰা হৈছিল, এবাৰ নিৰ্মাণ কৰাৰ পিছত পৰৱৰ্তী প্ৰশ্নটো হ’লঃ মেট্ৰ’ কেতিয়া আহিব? পূৰ্বতে আশা কৰা হৈছিল যে ৰে’লবোৰ সময়মতে আহিব লাগে আৰু পৰিষ্কাৰ আসনৰ ব্যৱস্থা কৰিব লাগে। আজি দাবীটো হ’লঃ আমাৰ পথত বন্দে ভাৰত কিয় চলা নাই?

 

বন্ধুসকল,

কিছুমানে ইয়াক অসন্তুষ্টি হিচাপে বিবেচনা কৰে, কিন্তু ই হৈছে আকাংক্ষা। আনকি কংগ্ৰেছ দলেও নিৰন্তৰ কৈ আহিছে, "মোদী জী, এইটো হ'ব লাগে, সেইটো হ'ব লাগে।" তেওঁলোকে বিশ্বাস কৰে যে যদি কোনোবাই কৰিব পাৰে, তেন্তে সেয়া এই চৰকাৰ।

বন্ধুসকল,

আকাংক্ষা তেতিয়াহে উদ্ভৱ হয় যেতিয়া মানুহে বিশ্বাস কৰে যে সপোন পূৰণ হ’ব পাৰে। এয়া হৈছে ভাৰতৰ যুৱক-যুৱতী, দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ আকাংক্ষা। আজি, এয়া হৈছে বিজেপি-এনডিএ চৰকাৰৰ চালিকা শক্তি।

বন্ধুসকল,

এফালে দেশৰ জনসাধাৰণৰ এক বৃহৎ অংশ উচ্চাকাংক্ষী। আনহাতে, এটা ৰাজনৈতিক গোট আছে যাৰ জীৱনৰ মন্ত্ৰ হৈছে "সদায় বিৰোধী"। এই গোটটো দীৰ্ঘদিনীয়া অসন্তুষ্টিৰে ভৰি আছে। মই কিছুমান লক্ষণ ভাগ বাটোৱাৰা কৰোঁ যাতে ৰিপাব্লিক টিভি দৰ্শকে সেইবোৰ চিনাক্ত কৰিব পাৰে। তেওঁলোকে ক'ব, "এই ঠাইত ২৪ ঘণ্টা বিদ্যুৎ কিয় নাই?" কিন্তু পিছদিনা তেওঁলোকে বান্ধ, সৌৰ উদ্যান, তাপবিদ্যুৎ প্ৰকল্প বা পাৰমাণৱিক প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। এদিন তেওঁলোকে সোধে যে বিদ্যুৎ কিয় নাই, পিছদিনা তেওঁলোকে বিদ্যুৎ উৎপাদনৰ বিৰোধিতা কৰে। এই লোকসকলেই এসময়ত খনিজাত সম্পদৰ খননৰ বিৰোধিতা কৰিছিল, কিন্তু আজি প্ৰশ্ন কৰিছে যে ভাৰতৰ বিৰল ভূ-খনিজ ভাণ্ডাৰ আৰু যোগান শৃংখলা ক'ত আছে আৰু ভাৰতত আন দেশৰ দৰে ই ভি পৰিৱেশ তন্ত্ৰ কিয় নাই। তেওঁলোকে এসময়ত "ডাটা বনাম আটা" বিতৰ্ক কৰিছিল, কিন্তু এতিয়া ভাৰতে এআইৰ ক্ষেত্ৰত কি কৰিছে জানিবলৈ দাবী কৰিছে। এবাৰত  তেওঁলোকে কয় যে এআই আৰু আগবাঢ়ি যোৱা উচিত আছিল আৰু পৰৱৰ্তী মুহূৰ্তত তেওঁলোকে ছ’চিয়েল মিডিয়া, টিভি বিতৰ্ক আৰু বাতৰি কাকতত অন্তহীন ত্ৰুটিবোৰ তালিকাভুক্ত কৰি ডাটা চেণ্টাৰ আৰু ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বিৰোধিতা কৰে।

 

বন্ধুসকল,

এই লোকসকলে ভাৰতক সমস্যাৰ সন্মুখীন কৰাবলৈ সমগ্ৰ বিশ্বৰ পৰা দুৰ্নীতিৰ সূচকাংকত স্থান দিছে। তেওঁলোকৰ পৰিৱেশ তন্ত্ৰৰ মাধ্যমে ইয়াক ২৪/৭ প্ৰসাৰিত কৰে। কিন্তু যেতিয়া দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হয়, তেতিয়া তেওঁলোকে প্ৰথমে অপপ্ৰচাৰ কৰে, অভিযান আৰু তদন্তক হাৰাশাস্তি বুলি দাবী কৰে। তেওঁলোকে প্ৰশ্ন কৰে যে এতিয়া কিয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে, আগতে কিয় গ্ৰহণ কৰা হোৱা নাছিল। এ-ৰ বিৰুদ্ধে কিয় ব্যৱস্থা লোৱা হৈছে, বি-ৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। এয়া তেওঁলোকৰ খেল।

 

 

বন্ধুসকল,

ৰাষ্ট্ৰই তেওঁলোকৰ চৰিত্ৰটো বুজি পোৱাটো অতি গুৰুত্বপূৰ্ণ। বিশেষকৈ আমাৰ যুৱক-যুৱতীসকলে আৰু বিশেষকৈ যুৱপ্ৰজন্মই তেওঁলোকক তাৎক্ষণিকভাৱে চিনাক্ত কৰিব লাগিব। অন্যথা, মই কোৱাৰ দৰে, "সূৰ্যবংশী আহি পাইছে" আৰু তেওঁ দ্ৰুতভাৱে ব্যাখ্যা কৰে।

বন্ধুসকল,

এই লোকসকলে দাবী কৰে যে সশস্ত্ৰ বাহিনীৰ স্বাধীনতা আৰু অস্ত্ৰ-শস্ত্ৰৰ অভাৱ আছে। কিন্তু যেতিয়া চৰকাৰে প্ৰতিৰক্ষা চুক্তি সম্পন্ন কৰে বা আধুনিক অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰে, তেতিয়া তেওঁলোকে প্ৰথমে সেয়া কিয় বুলি প্ৰশ্ন কৰে। তেওঁলোকে বিশ্বজুৰি ভাৰতৰ কূটনীতিৰ প্ৰত্যাহ্বান জনায়, কিন্তু যেতিয়া ভাৰতে কূটনীতি আৰু নিৰাপত্তাৰ বাবে আন্তঃগাঁথনি প্ৰকল্প নিৰ্মাণ কৰে, তেতিয়া তেওঁলোকে ঢাক ঢোল বজাই প্ৰতিবাদ সাব্যস্ত কৰে।

বন্ধুসকল,

এই গুৰুত্বপূৰ্ণ সময়ত ভাৰতে এনে লোকসকলক চিনাক্ত কৰিব লাগিব, তেওঁলোকৰ ত্ৰুটিপূৰ্ণ যুক্তি বুজি পাব লাগিব আৰু সতৰ্ক হৈ থাকিব লাগিব। দুৰ্ভাগ্যজনকভাৱে, আজি মুখ্য বিৰোধী দল কংগ্ৰেছক এনে উপাদানবোৰে গ্ৰাস কৰিছে। কংগ্ৰেছে গান্ধীজীৰ সময়ত কোৱাৰ দৰে দেশ প্ৰথম বুলি কোৱাৰ কল্পনা কৰাটো এতিয়া এটা মিছা সপোন।

বন্ধুসকল,

আজি বিশ্বই পুৰণি দৃষ্টান্তসমূহক প্ৰত্যাহ্বান জনাই আছে আৰু ব্যাঘাতৰ পৰিসৰ অপৰিসীম। কিন্তু এই প্ৰত্যাহ্বানসমূহে নতুন সুযোগো কঢ়িয়াই আনিছে। ভাৰতৰ প্ৰতিজন যুৱক-যুৱতী, উদ্যমী, উদ্ভাৱক আৰু ষ্টাৰ্টআপে এই সুযোগসমূহৰ ওপৰত গুৰুত্ব দিব লাগিব। দেশ প্ৰথমৰ দৃষ্টিভংগীৰে চৰকাৰখন সম্পূৰ্ণৰূপে জনসাধাৰণৰ সৈতে থিয় দিছে। ভাৰতে এতিয়া ৰিফৰ্ম এক্সপ্ৰেছ চলাই আছে। এই গতিবেগ কেৱল ত্বৰান্বিত হ’ব। এই ৰিপাব্লিক টিভি মঞ্চৰ পৰা মই পুনৰ কওঁঃ আমাৰ সপোনবোৰ বিশাল আৰু আমাৰ প্ৰচেষ্টাও সমানেই বিশাল হ'ব। ১ কোটি ভাৰতীয়ৰ সামূহিক প্ৰচেষ্টাই এখন উন্নত ভাৰত গঢ়ি তুলিব। আৰু মই আপোনালোকক আশ্বাস দিছোঁ যে আপোনালোকে এই উন্নত ভাৰতক স্বচক্ষে প্ৰত্যক্ষ কৰিব। ইয়াক ভৱিষ্যত প্ৰজন্মৰ বাবে অপেক্ষা কৰিবলৈ এৰি দিয়া নহ’ব। এই আত্মবিশ্বাসৰে মই পুনৰবাৰ ৰিপাব্লিক টিভি, ইয়াৰ দৰ্শক আৰু আপোনালোক সকলোকে শুভেচ্ছা জনাইছো। বহুত বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony

Media Coverage

Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi calls upon people to celebrate National Handloom Day by showcasing India's rich handloom heritage
August 06, 2026

The Prime Minister, Shri Narendra Modi, has called upon citizens to celebrate National Handloom Day on 7th August by promoting India's rich and diverse handloom traditions.

“Share your videos with your favourite handloom products, including GRWM videos on social media”, Shri Modi said.

Shri Modi posted on X;

Tomorrow, 7th August is National Handloom Day. Let’s make India’s handloom diversity popular.

Share your videos with your favourite handloom products, including GRWM videos on social media.

Don’t forget to use #NationalHandloomDay.