"বাজেটত আত্মনিৰ্ভৰ ভাৰত আৰু মেক ইন ইণ্ডিয়াৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ব্যৱস্থা আছে"
"যুৱক-যুৱতী আৰু প্ৰতিভাশালী জনসংখ্যাৰ জনগাঁথনিগত লাভাংশ, গণতান্ত্ৰিক ব্যৱস্থা, প্ৰাকৃতিক সম্পদৰ দৰে ইতিবাচক কাৰকৰ জোৰত আমি দৃঢ়তাৰে মেক ইন ইণ্ডিয়াৰ দিশত অগ্ৰসৰ হ'বলৈ অনুপ্ৰাণিত হোৱা উচিত"
"যদি আমি ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশলৈ চাওঁ তেন্তে আত্মনিৰ্ভৰতা অধিক গুৰুত্বপূৰ্ণ"
"সমগ্ৰ পৃথিৱীয়ে ভাৰতক মেনুফেকচাৰিং পাৱাৰহাউছৰ ৰূপত চাই আছে"
"নিজৰ কোম্পানীৰ সামগ্ৰীক লৈ গৌৰৱ কৰক আৰু নিজৰ ভাৰতীয় গ্ৰাহকৰ মাজতো গৌৰৱৰ ভাব সৃষ্টি কৰক"
"আপোনালোকে বৈশ্বিক মানদণ্ড অটুট ৰাখিব লাগিব আৰু আপোনালোকে বিশ্ব স্তৰত প্ৰতিযোগিতাত আগবাঢ়িব লাগিব"

নমস্কাৰ!

এইখন বাজেটত ‘আত্মনিৰ্ভৰ ভাৰত’ আৰু ‘মে’ক ইন ইণ্ডিয়া’ সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তসমূহ আমাৰ উদ্যোগ আৰু অৰ্থনীতি দুয়োটা ক্ষেত্ৰৰ বাবেই অতিকে গুৰুত্বপূৰ্ণ। ‘মে’ক ইন ইণ্ডিয়া অভিযান’ দৰাচলতে আজিৰ ২১ শতিকাৰ ভাৰতৰ আৱশ্যকীয়তাও আৰু ই আমাক পৃথিৱীৰ সন্মুখত আমাৰ সামৰ্থ্য প্ৰদৰ্শনৰো সুযোগ প্ৰদান কৰিব। যদি কোনোবা এখন দেশৰ পৰা কেঁচামাল বাহিৰলৈ যায় আৰু সেইখন দেশে সেইবোৰ কেঁচামালৰে উত্পাদিত সামগ্ৰীসমূহ আমদানী কৰে, তেনে পৰিস্থিতি যিকোনো দেশৰ বাবেই লোকচানদায়ক সিদ্ধ হোৱাৰ বাহিৰে আন একো নহয়। আনহাতে, ভাৰতৰ দৰে বিশাল দেশ কেৱল এখন বজাৰ হৈয়ে থাকি যাবলগীয়া হ’লে ভাৰতে কেতিয়াও প্ৰগতিৰ পথেৰে অগ্ৰসৰ হ’বতো নোৱাৰিবই আনকি আমাৰ যুৱ-প্ৰজন্মৰ বাবে কোনো সুযোগ দিবলৈও সমৰ্থ নহব। বিশ্ব মহামাৰীয়ে কোবাই যোৱা এই সময়ত বিশ্ব জুৰি যোগান-শৃংখল কেনেকৈ বিপৰ্যস্ত হৈ পৰিছে সেয়া আমি বাৰুকৈয়ে প্ৰত্যক্ষ কৰিব পাৰিছো। এইখিনি দিনততো যোগান-শৃংখলৰ প্ৰসংগই সমগ্ৰ পৃথিৱীৰে অৰ্থনীতি কেনেকৈ কঁপাই পেলাইছে সেয়া আমি বিশেষভাবে দেখিবলৈ পাইছো। এই সকলোবোৰ নেতিবাচক কথা আমি যেতিয়া সন্মুখত ঘটি থকা দেখিবলৈ পাও তেতিয়া ইয়াৰ আনটো দিশৰ প্ৰতিও আমি অকনমান মনোযোগ দিয়াৰ প্ৰয়োজন আহি পৰে, ইয়াৰ জৰিয়তে আমি দেখিম যে ইমান এটা বৃহত্ সংকট যেতিয়া সন্মুখত বিদ্যমান হয়হি, তেতিয়া পৰিস্থিতি সলনি কৰাৰ বাবে ‘মে’ক ইন ইণ্ডিয়া’ৰ দৰে অভিযানৰ প্ৰয়োজনীয়তা আগতকৈয়ো অধিক প্ৰাসংগিক হৈ উঠে। এনে সময়ত আমি ‘মে’ক ইন ইণ্ডিয়া’ৰ দৰে কাৰ্যক্ৰমক অনুপ্ৰাণিত কৰিব পৰা কথাবোৰৰ সন্ধান কৰাত গুৰুত্ব আৰোপ কৰিব লাগিব। আমি বাৰু এনে সুযোগ বিচাৰি উলিয়াব পাৰিম নে? যিখন দেশৰ ইমান বিশাল পৰিমাণৰ যুৱ-প্ৰজন্ম আছে, ন-জোৱান আছে, যিখন দেশৰ লোকৰ প্ৰতিভাক লৈ পৃথিৱী কেতিয়াও সন্দিহান হোৱা নাই, প্ৰয়োজন অনুসৰি দক্ষ মানৱশক্তিৰ বিকাশ সাধন কৰা, জনসাংখ্যিক লভ্যাংশ আৰু পৃথিৱীয়ে আজি গণতান্ত্ৰিক প্ৰমূল্যৰ প্ৰতি বহুত আগ্ৰহ তথা আশাৰে চাবলৈ ধৰিছে। অৰ্থাত্, আমাৰ হাতত যিবোৰ সমল আছে সেইবোৰ লৈ আমি এক বৃহত্ স্বপ্ন দেখিব দৰাচলতেই পাৰো। ইয়াৰ লগতে আমি বিশাল প্ৰাকৃতিক সম্পদৰেও চহকী। আমি এই সকলোবোৰৰ ব্যাপক হাৰত সদ্ব্যহাৰ ‘মে’ক ইন ইণ্ডিয়া’ৰ বাবে কৰা উচিত।

বন্ধুসকল,

আজিৰ তাৰিখত পৃথিৱীয়ে ভাৰতক উত্পাদনী ক্ষেত্ৰত এক শক্তি-কেন্দ্ৰৰ ৰূপত চাবলৈ ধৰা দেখা গৈছে। আমাৰ উত্পাদনী খণ্ডই আমাৰ ‘জিডিপি’-ৰ ১৫শতাংশৰ অৰিহণা আগবঢ়ায়। পিচে, ‘মে’ক ইন ইণ্ডিয়া’ৰ সন্মুখত সীমাহীন সম্ভাৱনাৰ দুৱাৰ মুকলি হৈ আছে। আমি ভাৰতত এক বিশাল পৰিসৰৰ উত্পাদনী পৰিকাঠামো নিৰ্মাণ কৰাৰ বাবে যত্পৰোনাস্তি প্ৰয়াস কৰা উচিত। সেয়া লাগিলে কেন্দ্ৰীয় চৰকাৰেই হওক কিম্বা ৰাজ্য চৰকাৰসমূহেই হওক, স্থানীয় প্ৰশাসনৰ নিকায়েই হওক, ব্যক্তিগত খণ্ডৰ অংশীদাৰিত্বই হওক, কৰ্পোৰেট গোষ্ঠীসমূহৰ সহযোগিতাই হওক, আমি সকলোৱে মিলি দেশৰ বাবে কেনেকৈ কাম কৰিব পাৰো সেই কথাত গুৰুত্ব আৰোপ কৰিব লাগিব। দেশত আজি ‘মে’ক ইন ইণ্ডিয়া’ৰ দৰে কাৰ্যক্ৰমক আগবঢ়াই নিয়াত গুৰুত্ব প্ৰদানৰ অধিক প্ৰয়োজন হৈছে। এতিয়া দুটা কথাত জোৰ দিব লাগিব। সেয়া হৈছে- ৰপ্টানীৰ কথা মনত ৰাখি চিন্তা-ভাৱনা কৰা আৰু দ্বিতীয়তে ভাৰতৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে চিন্তা কৰা। ধৰক, আমি পৃথিৱীৰ অন্য দেশৰে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পৰাকৈ সষ্টম হ’বগৈ পৰা নাই, কিন্তু ভাৰতৰ প্ৰয়োজনীয়তাসমূহ পূৰণৰ বাবে আমি এনে মানৰ সামগ্ৰী উপলব্ধ কৰাৰ ব্যৱস্থা কৰিব পাৰিছো যাতে ভাৰতৰ মানুহে সেইবোৰ সামগ্ৰীৰ বাবে আৰু বাহিৰা দেশলৈ চাবলগীয়াত নপৰে। ইমানখিনিতো আমি নিশ্চয় কৰিব পাৰিম নহয় জানো! দ্বিতীয়তে, এবাৰ মই লালকিল্লাৰ পৰা কৈছিলো, ‘জিৰ’ ডিফেক্ট, জিৰ’ এফেক্ট’, আমাৰ সামগ্ৰীসমূহ সামান্য ভাবেও যাতে ত্ৰুটিযুক্ত  নহয়, প্ৰতিযোগিতামূলক জগতখনত সামগ্ৰীৰ মানে দৰাচলতেই গুৰুত্ব বহণ কৰে। আৰু দ্বিতীয়তে আজিৰ তাৰিখত সমগ্ৰ পৃথিৱীয়েই পৰ্যাৱৰণক লৈ অতিকে সচেতন, সেয়ে ‘জিৰ’ এফেক্ট এনভাৰ্ণমেণ্ট’ত জিৰ’ এফেক্ট’, এই দুটা এনেকুৱা মন্ত্ৰ যে যাক আমি পৃথিৱীত মানৰ বাবে আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰত্যাহ্বানক নিৰসন কৰাৰ বাবে পথ হিচাপে স্বীকাৰ কৰি ল’ব পাৰো। সেই দৰেই সম্প্ৰতি যেনেদৰে প্ৰযুক্তি সলনি হ’বলৈ ধৰিছে, যেনেকৈ যোগাযোগৰ পৃথিৱীখনলৈ ভাবিব নোৱাৰা ধৰণৰ বিপ্লৱৰ সূচনা হৈছে। এতিয়া ধৰক ‘ছেমি কণ্ডাক্টৰ’ৰ ক্ষেত্ৰখনত এতিয়া আমি আত্মনিৰ্ভৰ হোৱাৰ বাহিৰে আমাৰ কোনো উপায়ো নাই। ‘মে’ড ইন ইণ্ডিয়া’ সন্দৰ্ভত মই ভাবো, ই এটা নতুন ক্ষেত্ৰ আৰু ক্ষেত্ৰটোৱে এক নতুন সম্ভাৱনা লৈ  আহিছে। আমি দূৰলৈকে চোৱা উচিত। লগতে আমাৰ প্ৰয়োজনো আছে। দেশৰ সুৰক্ষাৰ দৃষ্টিৰে চালেতো এই ক্ষেত্ৰত আমাৰ ধ্যান আৰু গভীৰ হোৱাটো খুবেই প্ৰয়োজনীয়। কেনেকৈ ‘ইভি’, ‘ইলেক্ট্ৰিক ভেহিকলছ’ৰ ক্ষেত্ৰখনৰ প্ৰতি মানুহৰ আকৰ্ষণো বাঢ়িবলৈ ধৰিছে। পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যেৰেও ইয়াৰ প্ৰাসংগিকতা বাঢ়িছে। আৰু ইয়াৰ চাহিদাও বাঢ়িছে। ভাৰতে এই ক্ষেত্ৰত বাৰু ন-উদ্ভাৱন কৰিব নোৱাৰেনে? ‘মে’ক ইন ইণ্ডিয়া’ৰ সৌজন্যত ন-উদ্ভাৱনেৰে নিৰ্মাণ কৰিব নোৱাৰেনে? ভাৰতে বাৰু উত্পাদনৰ ক্ষেত্ৰত নেতৃত্বৰ ভূমিকা পালন কৰিব নোৱাৰেনে? মই ভাবো ‘মে’ক ইন ইণ্ডিয়া’ৰ ভাৱনাক লগত লৈ আমি আগবাঢ়ি যোৱা উচিত। কোনো বিশেষ প্ৰকাৰৰ তীখাৰ বাবে ভাৰতে আমদানীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। আমাৰ লো বিদেশলৈ যাব আৰু আমি সেইবোৰ দেশৰ পৰা এক মান সম্পন্ন তীখা আমদানী কৰিম। চাওকচোন এয়া বাৰু কেনে পৰিস্থিতি হ’ব। আমি বাৰু আমাৰ লো-আকৰৰ পৰা আমাৰ প্ৰয়োজনীয় সেই বিশেষ প্ৰকাৰৰ তীখাৰ উত্পাদন কৰিব নোৱাৰোনে? মই ভাবো এয়া আমাৰ কৰ্তব্যও হয়, আৰু মই উদ্যোগ জগতৰ লোকসকলক আহ্বান জনাব খুজিম। আমাৰ লো-খনিৰ পৰা আকৰ বিক্ৰী কৰি কৰি আমি বাৰু দেশক দিব বিচাৰিছো কি?

বন্ধুসকল,

দেশে বাহিৰৰ ওপৰত যাতে নিৰ্ভৰতা কম কৰিব পাৰে তেনে এক পৰিৱেশ সৃষ্টিৰ বাবে ভাৰতীয় উত্পাদকসকলে উদ্যোগ গ্ৰহণ কৰা উচিত। তাকে কৰাৰ বাবেও এই ক্ষেত্ৰত ‘মে’ক ইন ইণ্ডিয়া’ক সময়ৰ আহ্বান বুলিয়ে অভিহিত কৰিব লাগিব। আৰু এটা খণ্ড হৈছে চিকিত্সা-সঁজুলীৰ খণ্ডটো। চিকিত্সা ক্ষেত্ৰৰ বহুবোৰ সামগ্ৰী আমি বিদেশৰ পৰা ক্ৰয় কৰিবলগীয়া হয়। এতিয়া কওকচোন আমি বাৰু চিকিত্সা ক্ষেত্ৰত প্ৰয়োজন হোৱা সা-সৰঞ্জামসমূহ নিৰ্মাণ কৰিব নোৱাৰোনে? এই কামটো কঠিন বুলি মই কিন্তু নাভাবো। আমাৰ মানুহৰ ইমান সামৰ্থ্য আছে যে এয়া অনায়সে কৰিব পাৰিব। আমি এইক্ষেত্ৰত জোৰ দিব পাৰিনে বাৰু? আমি এই কথা বুজি উঠিবই লাগিব যে কোনো এবিধ সামগ্ৰী বজাৰত উপলব্ধ হোৱাৰ অৰ্থ এয়া নহয় যে সেই বিধ সামগ্ৰী বিদেশৰ পৰা আনি বজাৰত উপলব্ধ কৰোৱা হৈছে। আমি সেইবিধ সামগ্ৰী দেশত নিৰ্মাণ কৰি বজাৰত উপলব্ধ কৰোৱাত জোৰ দিব লাগিব। আৰু বজাৰত উপলব্ধ হোৱা ‘মে’ড ইন ইণ্ডিয়া প্ৰডাক্ট’সমূহৰ মানো উন্নত হ’ব লাগিব। মানুহে যাতে সেই সামগ্ৰী কিনোতে ভাবিব পাৰে যে বিদেশৰ সামগ্ৰীতকৈ আমাৰ দেশত নিৰ্মাণ কৰা সামগ্ৰীবিধ অধিক উন্নত, সেয়ে আমি দেশৰ বিধ সামগ্ৰীহে কিনা উচিত। এনে এক পৰিৱেশ আমি ৰচনা কৰিব লাগিব। আৰু এই পৰিৱৰ্তন পৰিলক্ষিত হ’ব লাগিব। এতিয়া চাওক, আমাৰ দেশত ইমানবোৰ উত্সৱ উদযাপিত হয়। হোলি, গণেশাত্সৱ, দীপাৱলী আদিৰ দৰে উত্সৱত কিমানবোৰ যে সামগ্ৰীৰ প্ৰয়োজন হয়। তাকো বিশাল পৰিমাণে। সেয়ে আমাৰ দেশত এনে সামগ্ৰীৰ বজাৰখনো বিশাল পৰিসৰৰ। সেয়ে সৰু সৰু লোকসকলৰ বাবে এইখন বজাৰে জীৱিকা-নিৰ্বাহৰ সুন্দৰ সুযোগ প্ৰদান কৰে। কিন্তু আজি এইখন বজাৰতো বিদেশী সামগ্ৰীয়ে নিজৰ ঠাই উলিয়াই লৈছে। আগৰ দিনত এইখন বজাৰৰ সম্পূৰ্ণ চাহিদা পূৰণ কৰিছিল আমাৰ স্থানীয় উত্পাদকে, আৰু এয়া বহুত ভালকৈয়ে সম্পন্ন হৈছিল। এতিয়া সময়ক সলনি কৰি আনৰ সামগ্ৰীক স্থানান্তৰিত কৰা উচিত, আমি আগৰ দৰে থাকিব নোৱাৰো। আৰু মই এই ক্ষেত্ৰত আপোনালোকে নেতৃত্ব গ্ৰহণ কৰাটো বিচাৰো আৰু মই ‘ভোকেল ফৰ লোকেল’ৰ প্ৰসংগত বৰকৈ কৈ থকা দেখি কিছুসংখ্য লোকে ভাবে যে দীৱালীৰ চাকি কিনিলেই কি ‘ভোকেল ফৰ লোকেল’ হৈ যাব নেকি? আৰে ভাই নহয়, মই কেৱল দীৱালীৰ চাকি কিনাৰ বাবেই ‘ভোকেল ফৰ লোকেল’ৰ কথা কোৱা নাই। এনে বহুবোৰ বস্তু আছে, অলপ ভালকৈ চাওকচোন। মই যেনিবা এটা সৰু বস্তুৰ কথা এদিন কৈছিলো, আপোনালোকেও, যিসকলে মোৰ সভাত উপস্থিত আছে, এটা কাম কৰিব, আপোনালোকে আপোনালোকৰ ল’ৰা-ছোৱালীৰ সৈতে বহিবচোন, আপোনালোকৰ ঘৰবোৰত ৰাতিপুৱাৰ পৰা ৰাতি পৰ্যন্ত ব্যৱহাৰ কৰা সামগ্ৰী, সেইবোৰৰ কিমানখিনি ভাৰতীয় নহয় আৰু কিমানখিনি অনিবাৰ্য ৰূপতে বিদেশৰ পৰা আনিব লগা হয় বেলেগ বেলগকৈ তালিকা বনাবচোন। আপোনালোকো নিশ্চয় আচৰিত হৈ পৰিব, ভাবিব, আৰে আমি এয়া কি কৰি আছো। আৰু সেয়ে মই উত্পাদসকলক ‘অনবৰ্ড’ আনিব বিচাৰিছো।

বন্ধুসকল,

আৰু এটা প্ৰসংগ হৈছে ভাৰতত উত্পাদিত সামগ্ৰীৰ ‘বেণ্ডিং’-ৰ। মইতো দেখি আছো যে আমাৰ কোম্পানীবোৰে নিজৰ সামগ্ৰীসমূহৰ বাবে বহুতবোৰ বিজ্ঞাপন দিয়ে, কিন্তু কোনো এটা বিজ্ঞাপনতে হেঁচাত পৰি ‘ভোকেল ফৰ লোকেল’ৰ কথা নকয়। ‘মে’ক ইন ইণ্ডিয়া’ৰ কথা উল্লেখ নকৰে। আপোনালোকে নিজৰ বিজ্ঞাপন দিয়েই, তাৰ লগতে ইয়াৰ বিষয়েও অলপ কওকচোন, আপোনালোকৰনো কি ক্ষতি হ’ব। আপোনালোকতো বস্তু বিক্ৰেতাহে আৰু ইয়াতো দেশৰ প্ৰতি আবেগ থকা এক বিশাল সমুদায় আছে, যিসকলে এই বিষয়ত নিতান্ত সচেতনতাৰেই প্ৰয়াস কৰে। আপোনালোকে সেইসকলক উত্সাহিত কৰাৰ বাবে বাণিজ্যিক ৰণনীতি হিচাপেওতো চিন্তা কৰিব পাৰে। আপোনালোকৰ কোম্পানীয়ে যিবোৰ সামগ্ৰী প্ৰস্তুত কৰে, সেইবোৰ সামগ্ৰীক লৈ আপোনালোকে নিজেও গৰ্ব কৰক আৰু ৰাইজকো গৰ্ব কৰাৰ বাবে অনুপ্ৰাণিত কৰক। আপোনালোকৰ পৰিশ্ৰম নিৰৰ্থক নহয়, আপোনালোকৰো বহুত ভাল ভাল সামগ্ৰী আছে। পিচে সাহসেৰে আগবাঢ়ি আহকচোন, ৰাইজক কওক যে আমাৰ দেশ, আমাৰ মাটিৰ বস্তু। এই সামগ্ৰীৰ সৈতে আমাৰ মানুহৰ ঘামৰ গোন্ধ সংপৃক্ত হৈ আছে, তেওঁলোকক আৱেগিক ভাবে জড়িত কৰকচোন। আৰু মই বিচাৰো ইয়াৰ বাবে ‘কমন বেণ্ডিং’-ৰ কথাও ভাবিব পৰা যায়। চৰকাৰ আৰু ব্যক্তিগতখণ্ডই মিলি আমি এটা সুন্দৰ ব্যৱস্থা বিকশিত কৰিব পাৰো।

বন্ধুসকল,

আমাৰ ব্যক্তিগত খণ্ডই নিজৰ সামগ্ৰীৰ বাবে লক্ষ্যস্থানৰো অনুসন্ধান কৰিব লাগিব। আমি গৱেষণা তথা উন্নয়ণতো বিনিয়োগ বৃদ্ধি কৰিব লাগিব আৰু ‘প্ৰডাক্ট পোৰ্টফলিঅ’-ৰ বৈচিত্ৰকৰণৰ বাবে ‘আপগ্ৰেডেশ্যন’তো গুৰুত্ব আৰোপ কৰিব লাগিব। আপোনালোকেতো এই কথা জানেই যে ২০২৩ চনটো বিশ্ব জুৰি ‘আন্তঃৰাষ্ট্ৰীয় মিলেট বৰ্ষ’ হিচাপে উদযাপন কৰা হ’ব। স্বাভাৱিকতেই আগন্তুক সময়ছোৱাত ৰাইজৰ মাজত ‘মিলেট’ৰ প্ৰতি আকৰ্ষণ বাঢ়িব বুলি অনুমান কৰা হৈছে। এতিয়া পৃথিৱীৰ মানুহৰ ভাতৰ টেবুলবোৰলৈ ভাৰতৰ ‘মিলেট’ৰ সামান্য অংশ এটাও যাব লাগিব নে নাই? হিন্দুস্তানীসকলে এই সপোন দেখা উচিত নহয়নে? আমাৰ ক্ষুদ্ৰ কৃষকসকলে আমাক কিমান আশীৰ্বাদ দিব। আৰু তাৰ বাবে সেইবোৰ দেশৰ সোৱাদৰ আধাৰত আমাৰ ‘মিলেট’ক কেনেকৈ তৈয়াৰ কৰিব পাৰি, কেনেকৈ আমাৰ ‘মিলেট’ক সেইবোৰ দেশলৈ প্ৰেৰণ কৰিব পাৰি, এইবোৰ কাম আমি নিশ্চয় কৰিব পাৰো, আৰু মই ভাবো এয়া আমি কৰা উচিত। আপোনালোক নিশ্চিত ভাবে এই কামত সফল হ’বই। পৃথিৱীৰ বজাৰসমূহ অধ্যয়ণ কৰি, যিমান পাৰি অধিক উত্পাদন আৰু ‘পেকেজিং’ কৰাৰ বাবে আমি আমাৰ কলসমূহক এতিয়াৰে পৰাই সাজু কৰি তোলা উচিত। খনি, কয়লা, প্ৰতিৰক্ষাৰ দৰে খণ্ডবোৰ মুকলি কৰি দিয়াৰ বাবেও বহুবোৰ সম্ভাৱনাৰ পৰিসৰ সম্প্ৰসাৰিত হৈছে। আমি বাৰু এতিয়াৰে পৰাই এইবোৰ খণ্ডৰ দ্বাৰা হ’ব পৰা ৰপ্টানীৰ বাবে কোনো ৰণনীতি তৈয়াৰ কৰি উলিয়াব পাৰিমনে? আপোনালোকে গোলকীয় মানো অক্ষুন্ন ৰাখিব লাগিব, আৰু পৃথিৱীৰ দেশসমূহৰে প্ৰতিযোগিতাটো অৱতীৰ্ণ হ’ব লাগিব।

বন্ধুসকল,

এইখন বাজেটত ‘ক্ৰেডিট ফেচিলিটেশ্যন এণ্ড টেকন’লজী আপগ্ৰেডেশ্যন’ৰ জৰিয়তে ‘এমএছএমই’ সমূহৰ বাবে ৬ হাজাৰ কোটি টকাৰ ‘আৰএএমপি প্ৰগ্ৰেম’-ও ঘোষণা কৰা হৈছে। বাজেটত বৃহত্ উদ্যোগ আৰু ‘এমএছএমই’-ৰ বাবে, খেতিয়কসকলৰ বাবে, নতুন ‘ৰে’লৱে ল’জিষ্টিক্স প্ৰডাক্টছ’ বিকশিত কৰাটো বিশেষ গুৰুত্ব দিয়া হৈছে। ডাক আৰু ৰে’ল ‘নেটৱৰ্ক’ৰ সংহতকৰণৰে ক্ষুদ্ৰ প্ৰতিষ্ঠান আৰু দুৰ্গম অঞ্চলসমূহৰে থকা যোগাযোগ সমস্যাবোৰৰো সমাধান সম্ভৱ হ’ব। আমি এই ক্ষেত্ৰসমূহতো উদ্ভাৱনী সামগ্ৰী বিকশিত কৰিব লাগিব আৰু ইয়াতো আপোনালোকৰ সক্ৰিয় অৱদানৰ প্ৰয়োজন হ’ব। ‘ৰিজিঅ’নেল মেনুফেকশ্যাৰিং ইক’ ছিষ্টেম’-ক ‘প্ৰমোট’ কৰিবলৈ ‘পিএম ডিভাইন স্কিম’ক বাজেটৰ অংশ কৰা হৈছে। এই আঁচনি বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলক লক্ষ্যত লৈ ৰূপায়িত কৰা হ’ব। অৱশ্যে, এই কল্পনাক লৈ দেশৰ বেলেগ বেলেগ প্ৰান্তৰ বাবে বেলেগ বেলেগ পদ্ধতিৰে ৰূপায়ণ কৰিব পৰা আৰ্হিও প্ৰস্তুত কৰিব পৰা যাব। ‘বিশেষ অৰ্থনৈতিক মণ্ডল আইন’ৰ সংশোধনৰ ফলত আমাৰ ৰপ্টানীয়ে বিশেষ উত্সাহ লাভ কৰিব, আৰু ‘মে’ক ইন ইণ্ডিয়া’ৰো শক্তি বাঢ়িব। ৰপ্টানীৰ পৰিসৰ বৃদ্ধিৰ বাবে আমি আমাৰ বৰ্তমানে থকা ‘বিশেষ অৰ্থনৈতিক মণ্ডল’সমূহৰ কাৰ্য প্ৰণালীক কেনেকৈ পৰিৱৰ্তিত কৰিব পৰা যায়, সেই বিষয়েও আপোনালোকৰ পৰামৰ্শ গুৰুত্বপূৰ্ণ হ’ব।

বন্ধুসকল,

উদ্যোগ জগতক লগত লৈ এটাৰ পিচত এটাকৈ নিৰন্তৰ যিবোৰ সংস্কাৰ কৰা হৈছে, তাৰ প্ৰভাৱো এতিয়ালৈ পৰিলক্ষিত হ’বলৈ ধৰিছে। উদাহৰণ স্বৰূপে, ‘লাৰ্জ স্কেল ইলেক্ট্ৰনিক্স মেনুফেকশ্যাৰিং’-ৰ বাবে ‘পিএলআই আঁচনি’কে ধৰকচোন, ২০২১ চনৰ ডিচেম্বৰ পৰ্যন্ত এই ‘টাৰ্গেট ছেগমেণ্ট’ত আমি ১ লাখ কোটি টকাৰ উত্পাদনৰ সীমাও পাৰ কৰিছো। আমাৰ বহুকেইখন ‘পিএলআই আঁচনি’ এই মুহূৰ্তত ৰূপায়ণৰ অতিকে গুৰুত্বপূৰ্ণ পৰ্যায়ত আছে। আপোনালোকৰ পৰামৰ্শ ইয়াৰ ৰূপায়ণক অধিক গতি প্ৰদান কৰাত সহায়ক হ’ব।

বন্ধুসকল,

ভাৰতৰ উত্পাদনী যাত্ৰাত ‘কম্প্লায়েন্স বাৰ্ডেন’ বৃহত্ বাধা হিচাপে পৰিগণিত হৈ আহিছে। যোৱাটো বছৰত মাত্ৰ আমি ২৫ হাজাৰৰো অধিক ‘কম্প্লায়েন্স’ৰ অন্ত পেলাইছো। ‘লাইচেন্স’ৰ ‘অটো ৰিনুৱেল’ ব্যৱস্থা আৰম্ভ কৰা হৈছে। এইদৰেই ‘ডিজিটাইজেশ্যন’ৰ দ্বাৰাও আজি ‘ৰেগুলেটৰী নেটৱৰ্ক’ত কামৰ গতিবেগ আৰু স্বচ্ছতা বৃদ্ধি কৰিব পৰা গৈছে। কোম্পানী স্থাপন কৰাৰ বাবে সাধাৰণ মছলাৰ ফাৰ্মৰ পৰা ‘নেশ্যনেল ছিংগল উইণ্ড ছীষ্টেম’ পৰ্যন্ত এতিয়া প্ৰতিটো পদক্ষেপতে আপোনালোকে আমাৰ বিকাশ-অনুকূল অভিপ্ৰয়াক অনুভৱ কৰিব পাৰিছে।

বন্ধুসকল,

আমাক আপোনালোকৰ যিমান সম্ভৱ অধিক পৰিমাণে সহযোগিতা লাগে, নতুন উদ্ভাৱন লাগে আৰু গৱেষণা প্ৰসূত ভৱিষ্যদৰ্শী অভিপ্ৰায়ৰ প্ৰয়োজন। মোৰ সম্পূৰ্ণ ভৰসা আছে, এইখন ৱে’বিনাৰত যিবোৰ চিন্তন-মন্থন কৰা হ’ব তাৰ দ্বাৰা ‘মে’ক ইন ইণ্ডিয়া’ অভিযানে আৰু অধিক শক্তি লাভ কৰিব। মই আপোনালোকক আহ্বান জনাব খুজিছো। চাওক, এই ৱে’বিনাৰ এক লোকতন্ত্ৰৰ সেইটো ৰূপ, যাৰ প্ৰতি হয়তো বহুত কম লোকৰহে দৃষ্টি পৰিছে। জনপ্ৰতিনিধিসকলে বাজেটৰ চৰ্চা কৰক আৰু বাজেটক আগবঢ়াই নিয়ক। চৰকাৰী বিষয়া আৰু ৰাজনৈতিক নেতৃত্বই বাজেটৰ আধাৰত কাৰ্যক্ৰম তৈয়াৰ কৰক। এই প্ৰথম বাৰৰ বাবে মই বাজেট উথ্থাপন কৰাৰ পিচত এক এপ্ৰিলৰ আগতে পোৱা দুটা মাহৰ সময়ছোৱাত বাজেটৰ প্ৰতিটো দফাৰ চৰ্চা সংশ্লিষ্ট সকলো পক্ষৰ সৈতে কৰি আছো। আপোনালোকৰ পৰা মই পৰামৰ্শ গ্ৰহণ কৰি আছো, আপোনালোকৰ অংশীদাৰিত্ব বিচাৰিছো আৰু মই বিচাৰো যে বাজেটৰ ৰূপায়ণৰ সময়ত ‘ফুল ষ্টপ’, ‘কমা’ ইফাল-সিফাল হৈ যায়, যাৰ বাবে ফাইলসমূহ ছমাহ-সাতমাহ ধৰি ঘূৰি ফুৰিবলগীয়া হয়। মই সেইখিনি সময় বচাব খুজিছো। আপোনালোকে নিশ্চয় জানেই, কাৰণ আপোনালোকে সেইবোৰ ক্ষেত্ৰত কাম কৰি আহিছে। আপোনালোকে বাজেটৰ কথা জানেই। বাজেটৰ আধাৰত কামবোৰ এনেকৈ কৰিলে ইমানখিনি লাভ হ’ব, তেনেকৈ কৰিলে ইমানখিনি লাভ হ’ব। আপোনালোকে ভাল ব্যৱহাৰিক বিকল্পৰ পৰামৰ্শও দিব পাৰে। আজি আমি বাজেট কেনেকুৱা হৈছে, এই ধৰণৰ আলোচনা কৰা নাই। আজি আমি বাজেটক কেনেকৈ ৰূপায়ণ কৰিম, সেই বিষয়েহে আলোচনা কৰিম। এই ব্যৱস্থা যিমান পাৰি সিমান সৰল হওক, যিমান পাৰি অধিক পৰিণাম সিদ্ধ হওক, অধিক প্ৰভাৱশালী ধৰণৰে হওক, এনেবোৰ লক্ষ্য আগত লৈ আমাৰ এই চৰ্চা আগবাঢ়িব। চৰকাৰৰ তৰফৰ পৰা আপোনালোকক জ্ঞান দিয়াৰ বাবে এই ৱে’বিনাৰৰ আয়োজন কৰা হোৱা নাই। এই ৱে’বিনাৰ আপোনালোকৰ পৰা শিকাৰ বাবে আয়োজিত হৈছে। আপোনালোকৰ পৰা বুজাৰ বাবেহে হৈছে আৰু সেয়ে চৰকাৰৰ সমগ্ৰ পক্ষই আপোনালোকৰ পৰা শুনাৰ বাবেহে ইয়াত উপৱিষ্ট হৈছেহি। আৰু তাৰ আধাৰতে আমি এক এপ্ৰিলৰ পৰা আমাৰ বাজেটখনক কেনেকৈ, কিমান ভালকৈ ৰূপায়ণ কৰিব পৰা যাব সেই কথা ভাবিব লাগিব। মই উদ্যোগ জগতৰ কিছু সংখ্যক লোকক আহ্বান জনাম, আপোনালোকে বাৰু এনে প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰিবনে যে অমুকটো বস্তু আমাৰ দেশলৈ আমদানী কৰি অহা হৈছে, এটা বছৰৰ ভিতৰতে মই এনেকুৱা পৰিৱেশ এটাৰ সৃষ্টি কৰিম যে সেই বিশেষ বস্তুটোৰ আমদানী আৰু দেশলৈ কৰিবলগীয়া নহ’ব। মই দেশলৈ হোৱা ১০০ বিধ সামগ্ৰীৰ অন্ততঃ দুবিধ বস্তুৰ আমদানী কম কৰাৰ কাম কৰিম। কোনোবাই ক’ব তিনিবিধ বস্তু মই কৰিম। এইদৰেই ভাৰতৰ ‘মে’ক ইন ইণ্ডিয়া’ক মই সম্পূৰ্ণ কৰি দিম। এনে সপোনেই আমি দেখা উচিত। মই এগৰাকী খেতিয়কৰ কথা জানো, সেইগৰাকী খেতিয়কে সিদ্ধান্ত গ্ৰহণ কৰিছে যে ‘ফাইভ ষ্টাৰ হোটেল’ত প্ৰয়োজন হোৱা কণ-বিলাহী, সৰু সৰু পিয়াজ, বেবী কৰ্ণ আদিৰ দৰে পাচলিসমূহ তেওঁ উত্পাদন কৰিব আৰু সেইবোৰৰ যোগান ধৰিব। তেওঁ বিচাৰিছে এনেবোৰ বস্তু মোৰ দেশতে উত্পাদিত হওক। মই দেখিছো তেওঁ লিখা-পঢ়া কৰা খেতিয়ক নাছিল, তেওঁ পৰিশ্ৰম কৰিলে, তেওঁ মানুহৰ সহায় ল’লে আৰু তেওঁ সেইবোৰ পাচলীৰ যোগান ধৰিলে আৰু তেওঁৰ বস্তুবোৰ হিন্দুস্তানৰ ‘ফাইভ ষ্টাৰ হোটেল’বোৰেও লবলৈ আৰম্ভ কৰিলে। তেওঁৰো লাভ হ’ল, দেশৰো লাভ হ’ল। এনে কাম কি উদ্যোগ জগতৰ মানুহখিনিও কৰিব নোৱাৰিবনে? মই আপোনালোকৰ প্ৰতি আহ্বান জনাম, আৰু আপোনালোকৰ পৰা এয়া বিচৰাৰ অধিকাৰ এইখন দেশৰ নিশ্চয় আছে। আৰু সেয় মই কও যে ভাৰতক শক্তিশালী কৰি তোলাৰ বাবে আপোনালোকৰ উদ্যোগসমূহ শক্তিশালী হওক, এয়া আমিও বিচাৰিছো। আপোনালোকৰ উত্পাদিত সামগ্ৰীসমূহে পৃথিৱী জুৰি সমাদৰ লাভ কৰক, এয়া আমি কামনা কৰিছো। আৰু সেয়ে, আমি আটায়ে মিলি এক সিদ্ধান্ত লও আহক, সকলোৱে মিলি আগুৱাই যাও আহক। এই উদ্দেশ্যৰেই মই আপোনালোকক আমন্ত্ৰিত কৰিছো। আপোনালোকে সময় দিছে, দিনটোৰ এইখিনি সময় অধিক ফলপ্ৰসূ হওক, এই কামনাকে কৰিছো। আপোনালোক আটাইলৈকে বহুত বহুত শুভকামনা জনাইছো।

বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India adds 11 ports to e-visa scheme; total entry points rises to 88

Media Coverage

India adds 11 ports to e-visa scheme; total entry points rises to 88
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi shares a Sanskrit Subhashitam highlighting the eight essential qualities that enhance a person’s life and character
August 11, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the eight essential qualities that brighten a person's life and build character.

The Prime Minister wrote on X;

"अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा सुशीलत्वदमौ श्रुतं च।
पराक्रमश्च बहुभाषिता च दानं यथाशक्ति कृतज्ञता च।।"

These eight qualities brighten a person's life. Wisdom shows him the right path. Good conduct keeps his character pure, and self-control keeps him disciplined. Knowledge gives him understanding, courage helps him stand firm in difficult situations, and skillful speech earns him respect in society. Giving according to one's ability and being grateful for kindness make a person complete.