"দ্ৰুত উন্নয়নৰ ধাৰা অটুত ৰখাৰ বাবে চৰকাৰে এই বাজেটত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে"
"এমএছএমইক শক্তিশালী কৰাৰ বাবে আমি বহুতো মৌলিক সংস্কাৰ সাধন কৰিছোঁ আৰু নতুন নতুন আঁচনি প্ৰস্তুত কৰিছোঁ। এই সংস্কাৰসমূহৰ সফলতা এইসমূহৰ শক্তিশালী বিত্তীয় যোগানৰ ওপৰত নিৰ্ভৰশীল"
"আমাৰ বিত্তীয় খণ্ডত উদ্ভাৱনীমূলক বিত্তীয় যোগান আৰু ভৱিষ্যত চাহিদাৰ সৈতে সংগতি ৰাখি বিভিন্ন উদ্ভাৱন সংক্ৰান্তীয় বহনক্ষম বিপদাশংকা ব্যৱস্থাপনাৰ বিষয়েও বিবেচনা কৰিব লাগিব"
"প্ৰাকৃতিক আৰু জৈৱিক কৃষিৰ সৈতেও ভাৰতৰ আকাংক্ষা জড়িত হৈ আছে"
"পৰিৱেশ অনুকূল প্ৰকল্পসমূহৰ কামত গতি অনাটো প্ৰয়োজনীয়। পৰিৱেশ অনুকূল বিত্তীয় সংস্থানৰ বিষয়ে পৰীক্ষা-নিৰীক্ষা আৰু বাস্তৱায়নসহ এনে নতুন দিশবোৰৰ বিষয়ে চিন্তা-চৰ্চাৰ সময় আহি পৰিছে"

নমস্কাৰ!

মন্ত্ৰীমণ্ডলৰ মোৰ সতীৰ্থসকল, বিত্ত আৰু অৰ্থনীতিৰে জড়িত সকলো বিশেষজ্ঞ, সংশ্লিষ্ট সকল, উপস্থিত অভ্যাগতসকল!

সৰ্বপ্ৰথমে ‘আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস’ উপলক্ষে আপোনালোক সকলোকে শুভকামনা জনাইছো। আৰু, আজি আমি যেতিয়া বাজেট সন্দৰ্ভত আলোচনা কৰাৰ বাবে সমবেত হৈছোহি সেই মুহূৰ্তত ভাৰতৰ দৰে এখন বিশাল দেশৰ বিত্তমন্ত্ৰীগৰাকীও এগৰাকী মহিলা হোৱাটো আমাৰ বাবে নিতান্তই গৌৰৱৰ কথা। এইগৰাকী বিত্তমন্ত্ৰীয়ে দেশক এখন খুৱেই প্ৰগতিশীল বাজেট প্ৰদান কৰিছে।

বন্ধুসকল,

১০০টা বছৰত অহা সবাটোকৈ ডাঙৰ মহামাৰীৰ মাজতে ভাৰতৰ অৰ্থব্যৱস্থাই পুনৰবাৰ গতি লাভ কৰিবলৈ সক্ষম হৈছে। এয়াই আমাৰ অৰ্থনৈতিক সিদ্ধান্ত আৰু আমাৰ অৰ্থনীতিৰ শক্তিশালী বুনিয়াদৰ কথাকে প্ৰতীয়মান কৰিছে। এইবেলিৰ বাজেটত চৰকাৰে দ্ৰুত প্ৰগতিৰ এই দ্যুতি অব্যাহত ৰখাৰ বাবে বহুবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। বিদেশী মূলধনৰ প্ৰবাহক উত্সাহিত কৰি, আন্তঃগাঁথনিমূলক বিনিয়োগৰ ক্ষেত্ৰত কৰৰ হাৰ হ্ৰাস কৰি, ‘এনআইআইএফ’, ‘গিফ্ট চিটী’ আৰু নতুন ‘ডিএফআই’-ৰ দৰে সংস্থান গঢ়ি তুলি, আমি বিত্তীয় আৰু অৰ্থনৈতিক বিকাশৰ গতি দ্ৰুত কৰাৰ প্ৰয়াস কৰিছো। বিত্তীয় ক্ষেত্ৰত ডিজিটেল প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰকে ধৰি দেশৰ প্ৰতিশ্ৰুতিবদ্ধতা এতিয়া পৰৱৰ্তি পৰ্যায়ত উপনীত হৈছেহি। ৭৫খন জিলাত ৭৫টা ‘ডিজিটেল বেংকিং ইউনিট’ স্থাপন অথবা ‘চেণ্ট্ৰেল বেংক ডিজিটেল কাৰেন্সী’(চিবিডিচি)আদিয়ে আমাৰ দৃষ্টিভংগীকে প্ৰতিবিম্বিত কৰিছে।

বন্ধুসকল,

২১শতিকাৰ ভাৰতৰ প্ৰগতিক দ্ৰুত গতি প্ৰদান কৰাৰ বাবে আমি আমাৰ সকলো অগ্ৰণী-খণ্ডত বিত্তীয় ব্যৱহাৰিক আৰ্হিসমূহক প্ৰাথমিকতা প্ৰদান কৰিব লাগিব। আজিৰ তাৰিখত দেশে কৰা আকাংক্ষাসমূহ, যিবোৰ আশা-আকাংক্ষাক সাৰোগত কৰি দেশে আগবাঢ়ি যোৱাৰ বাবে উত্সাহ লাভ কৰিছে, যি দিশেৰে আগবাঢ়িব বিচাৰিছে, দেশৰ প্ৰথমিকতাসমূহৰ ক্ষেত্ৰত আমাৰ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ অংশীদাৰিত্ব অতিকে গুৰুত্বপূৰ্ণ। সম্প্ৰতি দেশত ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ চলি আছে। আমাৰ দেশৰ নিৰ্ভৰতা আন দেশৰ ওপৰত যাতে নহওক, ইয়াৰে জড়িত প্ৰকল্পসমূহৰ বিত্তীয়কৰণৰ বাবে অন্যধৰণৰ কিবা আৰ্হি যুগুতাব পাৰিনেকি, এইবোৰ প্ৰসংগত চৰ্চা কৰটো নিতান্তই আৱশ্যক। ইয়াৰ এটি উদাহৰণ হৈছে ‘প্ৰধানমন্ত্ৰী-গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লান’। ইয়াৰে জড়িত প্ৰকল্পসমূহৰ সাফল্যৰ ক্ষেত্ৰত আপোনালোকৰ কেন্দ্ৰীয় ভূমিকা আছে। দেশৰ সন্তুলিত বিকাশৰ দিশত ভাৰতৰ চৰকাৰৰ যোজনাসমূহ, যেনে ‘আকাংক্ষী জিলা কাৰ্যক্ৰম’ৰ বাবে ৰাজ্যৰ গড় হাৰতকৈ পিচ পৰি ৰোৱা দেশৰ ১০০ৰো অধিক জিলাক নিৰ্বাচিত কৰা হৈছে। আমি এইসমূহ বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে সেইবোৰ জিলাৰ যিকোনো প্ৰকল্পক প্ৰাথমিকতা প্ৰদান কৰি আমাৰ ‘আকাংক্ষী জিলা’সমূহক আগবঢ়াই অনাৰ প্ৰয়াস কৰি আহিছো। সেইদৰেই আমাৰ দেশৰ পশ্চিম প্ৰান্ত, পশ্চিম হিন্দুস্তানত বহু ধৰণৰ অৰ্থনৈতিক কৰ্ম-কাণ্ড চলি থকাটো দেখিবলৈ পোৱা যায়। পূৰ্ব হিন্দুস্তানত আকৌ সকলো ধৰণৰ প্ৰাকৃতিক সম্পদৰ সমাহাৰ আছে, পিচে অৰ্থনৈতিক বিকাশৰ দৃষ্টিৰে সেই প্ৰান্তৰ স্থিতি বহুখিনি উন্নত কৰাৰ প্ৰয়োজনীয়তা আছে। আন্তঃগাঁথনি উন্নত কৰিবলগীয়া আছে। আমি পূৰ্ব ভাৰতৰ বিকাশৰ বাবে, সেই দৰেই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশক ভৌগলিক দৃষ্টিকোণৰে চালে এই অঞ্চলৰ বিকাশৰ প্ৰসংগ আমাৰ বাবে প্ৰাথমিকতা প্ৰদান কৰিবলগীয়া বিষয় হিচাপেই পৰিগণিত হ’ব। এইসমূহ ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা বঢ়োৱাৰ বাবে আলোচনা কৰাৰ প্ৰয়োজন আছে। আজি ভাৰতৰ আকাংক্ষাসমূহ, আমাৰ ‘এমএছএমই’সমূহৰ সবলীকৰণৰে জড়িত হৈ আছে। ‘এমএছএমই’সমূহক শক্তিশালী কৰি তোলাৰ বাবে আমি বহুখিনি বুনিয়াদী সংস্কাৰ সাধন কৰিছো আৰু নতুন আঁচনি ৰূপায়ণৰো পদক্ষেপ গ্ৰহণ কৰিছো। এইসমূহ সংস্কাৰৰ সাফল্য, এইসমূহৰ বিত্তীয়কৰণক শক্তিশালী কৰাৰ ওপৰত নিৰ্ভৰশীল।

বন্ধুসকল,

‘উদ্যোগ ৪.০’ পৰ্যন্ত আমি যিখিনি হোৱাটো বিচাৰো তাৰ ফলাফল অহালৈ সময় উকলি যাব পাৰে, সেয়ে এইখিনি সময় বচোৱাৰ বাবে আমি কি কৰিব লাগিব! পৃথিৱীয়ে যি সময়ত ‘উদ্যোগ ৪.০’ৰ কথা কয় আমি যদি ইয়াৰ মুখ্য স্তম্ভ- ‘ফিনটেক’-য়েই হওক, ‘এগ্ৰিটেক’-য়েই হওক, ‘মেডিটেক’ কিম্বা ‘স্কিল ডেভেলপমেণ্ট’-য়েই হওক, অৰ্থাত্ ‘৪.০ স্কিল ডেভেলপমেণ্ট’-ৰ প্ৰয়োজন আছে। যেনেকৈয়ে নহওক কিয়, এইসমূহ মুখ্য স্তম্ভকো ৪.০ৰ দৃষ্টিকোণৰে আমি বিকশিত কৰাৰ বাবে বিত্তীয় প্ৰতিষ্ঠানসমূহক কেনেকৈ প্ৰাথমিকতা প্ৰদান কৰিব পাৰিম? এনে বহুবোৰ ক্ষেত্ৰত বিত্তীয় সংস্থাসমূহৰ সহযোগিতাই ‘উদ্যোগ ৪.০’ত ভাৰতক অন্য এক নতুন উচ্চতালৈ লৈ যাব।

বন্ধুসকল,

আপোনালোকে নিশ্চয় মন কৰিছে যে যেতিয়া কোনো এগৰাকী খেলুৱৈয়ে অলিম্পিকৰ পৰা পদক জিনি আহে, দেশৰ নাম কেনেদৰে পৃথিৱীত উজলি উঠে। দেশতো যে কিমান ডাঙৰ আত্মবিশ্বাসৰ জন্ম হয়। পদকতো এগৰাকী ব্যক্তিয়ে জিকে, কিন্তু সেইটো পদকেই সমগ্ৰ পৰিৱেশটোকে সলনি কৰি পেলায়। আমি বাৰু দেশত তেনে এটা বাতাবৰণ সৃষ্টি কৰাৰ কথা ভাবিব নোৱাৰোনে! আমি বাৰু এনে ৮ বা ১০টা খণ্ড চিনাক্ত কৰিব নোৱাৰোনে, যিকেইটা খণ্ডত আমি আহোপুৰুষাৰ্থ কৰি ভাৰতক সেইকেইটা খণ্ডত পৃথিৱীৰ শীৰ্ষৰ তিনিটা স্থানলৈ লৈ যোৱাৰ প্ৰয়াস কৰিব নোৱাৰোনে? এয়া ব্যক্তিগত খণ্ডৰ অংশীদাৰিত্বৰে সম্ভৱ হ’ব। আমাৰ ভাৰতত বাৰু এনে কোনো নিৰ্মাণ সংস্থা গঢ়ি তুলিব নোৱৰোনে যিটো সংস্থা পৃথিৱীৰ শীৰ্ষৰ তিনিটা স্থানত থাকিবলৈ সক্ষম হব? সেইদৰে আমাৰ ষ্টাৰ্টআপ, ষ্টাৰ্টআপৰ সংখ্যাৰ হিচাপত আমিতো বহুখিনি আগবাঢ়ি যাবলৈ সক্ষম হৈছো, কিন্তু এইবোৰৰ উত্পাদিত সামগ্ৰী, ইয়াৰ মান, এইবোৰৰ অনন্যতা, এইবোৰৰ প্ৰযুক্তিগত স্থিতিৰ দিশেৰেও আমি ষ্টাৰ্টআপৰ জগতখনত শীৰ্ষৰ তিনিটা স্থানত থাকিবই নোৱাৰোনে বাৰু? এতিয়া অলপতে মাত্ৰ আমি ‘ড্ৰোন-খণ্ড’ মুকলি কৰিছো, ‘জিঅ’-স্পাটিয়েল খণ্ড’ মুকলি কৰিছো। এইটো বহুত ডাঙৰ নীতিগত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, ক’বলৈ গ’লে এই সিদ্ধান্ত একপ্ৰকাৰে পট-পৰিৱৰ্তনকাৰী হিচাপেই পৰিগণিত হ’ব। ভাৰতৰ নতুন প্ৰজন্মৰ কোনোবা বাৰু মহাকাশ খণ্ডলৈ আহিছেনে, ড্ৰোন খণ্ডলৈ আহিছেনে, নে ইয়াতো আমি পৃথিৱীৰ ভিতৰতে শীৰ্ষৰ তিনিটা স্থানত থকাৰ সপোন দেখিব নোৱাৰিম? এই ক্ষেত্ৰত কি আমাৰ সকলোবোৰ প্ৰতিষ্ঠানে সহযোগিতা আগবঢ়াব নোৱাৰিবনেকি? কিন্তু, এই সকলোবোৰ হোৱাটো কিন্তু খুবেই জৰুৰী। যিসমূহ কোম্পানী, যিবোৰ উদ্যোগ এইক্ষেত্ৰত আগুৱাই আহিছে, সেইবোৰৰ প্ৰতি আমাৰ বিত্তীয় খণ্ডই ইতিবাচক সঁহাৰি জনোৱা, সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱা উচিত। এনেধৰণৰ প্ৰয়োজনীয়তাসমূহ সম্পূৰ্ণ কৰাৰ বাবে বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সামৰ্থ্য কেনেকৈ বঢ়াব পাৰি সেয়া নিশ্চিত কৰিব পৰাকৈ আমাৰ হাতত পাৰদৰ্শিতাও থকা উচিত। অন্যথা, আগলৈ গমেই পোৱা নাযাব, তেওঁহে লৈ আনিছিল, সেয়া গম নাপাওঁ, আমি যি আগতে কৰিছিলো তাৰেতো ৰাহি-যোৰাই অহা নাছিল। আমাৰ কোম্পানী, আমাৰ ষ্টাৰ্টআপৰ সম্প্ৰসাৰণ তেতিয়াহে হ’ব যেতিয়া সেই ‘এণ্ট্ৰপ্ৰনিয়’ৰশ্বিপ’ আমি গঢ়ি তুলিম, উদ্ভাৱনশীলতাত জোৰ দিম, নতুন প্ৰযুক্তি-নতুন বজাৰৰ অনুসন্ধান কৰিম, নতুন বাণিজ্যিক ‘আইডিয়া’ৰে কাম কৰাত গুৰুত্ব দিম। আৰু এইবোৰ কৰিবলৈ যিসকলে বিত্তীয় সহযোগিতা আগবঢ়াই, তেওঁলোকৰো এই ভৱিষ্যদৰ্শী চিন্তাধাৰাৰ প্ৰতি বিত্তীয়কৰণ আৰু ‘বহণক্ষম বিপদ-সংকূলতা প্ৰবন্ধন’ৰ ক্ষেত্ৰত আমি চৰ্চা কৰিব লাগিব।

বন্ধুসকল,

দেশৰ আজি প্ৰাথমিকতা হৈছে ‘ভাৰতৰ আত্মনিৰ্ভৰতা’ আৰু, লগতে ৰপ্টানীৰ ক্ষেত্ৰতো আমি অধিক গুৰুত্ব দিব লাগিব। ৰপ্টানী কৰোতাসকলৰ বিত্তীয় প্ৰয়োজনীয়তাসমূহৰ প্ৰকৃতি পৃথক হয়। এই প্ৰয়োজনীয়তা অনুসৰি আপোনালোকে বাৰু আপোনালোকৰ উত্পাদিত সামগ্ৰী আৰু সেৱাসমূহ বিকশিত কৰিব পাৰিবনে, যাৰ জৰিয়তে ৰপ্টানীকৰোতাসকলৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবগৈ পৰা যাব। আপোনালোকে এই কথাক যদি প্ৰথমিকতা প্ৰদান কৰে তেন্তে ইয়াৰ শক্তি বাঢ়িব আৰু যেতিয়া ইয়াৰ শক্তি বাঢ়িব, তেতিয়া দেশৰ ৰপ্টনীও বাঢ়িব। আজিকালি, পৃথিৱী জুৰি ভাৰতীয় ঘেহুৰ প্ৰতি আকৰ্ষণ বঢ়াৰ বাতৰি পোৱা গৈছে, সেয়ে ঘেহুৰ যি ৰপ্টানী হ’ব, কি আমাৰ বিত্তীয় প্ৰতিষ্ঠানসমূহে এই দিশত ধ্যান দিব পাৰিবনৈ বাৰু? আমাৰ আমদানী-ৰপ্টানী কৰোতা বিভাগসমূহে সেই ক্ষেত্ৰত বাৰু ধ্যান দিছেনে? আমাৰ জল পৰিবহণ উদ্যোগসমূহৰ মাজত এই কথাটোক প্ৰথমিকতা দিয়া চিন্তা-চৰ্চা চলিছেনে বাৰু? অৰ্থাত্ একপ্ৰকাৰে বিস্তৃত পৰিসৰত সামগ্ৰিক প্ৰয়াস হ’ব লাগিব। পৃথিৱী জুৰি আমাৰ ঘেহুৰ প্ৰতি যদি আদৰ বাঢ়িছে তেন্তে সেই সুযোগ গ্ৰহণ কৰি আমি কেনেকৈ সময়ৰ আগতেই উত্তম মান, উত্তম সেৱা সহকাৰে এই ঘেহু সংশ্লিষ্টসকললৈ যোগান ধৰিব পাৰো সেই কথাত গুৰুত্ব দিব লাগিব। আৰু এনে প্ৰয়াসৰ সুবাদতে লাহে লাহে ই এক পৰম্পৰাত পৰিণত হ’বগৈ।

বন্ধুসকল,

গ্ৰাম্য অৰ্থনীতিক ভাৰতৰ অৰ্থব্যৱস্থাৰ আধাৰ বুলি মই এই কাৰণেই কও, কাৰণ ইয়াক আমি অস্বীকাৰ কৰিব নোৱাৰো, নহয় বুলিব নোৱাৰো, আৰু গ্ৰাম্য অৰ্থনীতি ইমানেই বিশাল বুনিয়াদযে অলপ অলপকৈ যেতিয়া ইয়াৰ সংগ্ৰহ কৰা যায় তেতিয়া ই বিশাল ৰূপ ধাৰণ কৰেগৈ। গ্ৰাম্য অৰ্থনীতিক শক্তিশালী কৰাৰ বাবে প্ৰয়াস ক্ষুদ্ৰ হয় যদিও ইয়াৰ পৰিণাম কিন্তু বহুত বিশাল হয়। আত্মসহায়ক গোটসমূহক উত্সাহিত কৰাৰ দৰে কথাকে যদি ধৰা হয়, আমি বাৰু ইতিবাচক সক্ৰিয়তাৰে আত্মসহায়ক গোটেই হওক, বিত্তীয়কৰণেই হওক, প্ৰযুক্তি, বিপণনেই হওক, এক বৃহত্ ‘কম্প্ৰিহেন্সিভ’ সহায় কৰিব পৰা যায়। এতিয়া ‘কিষাণ ক্ৰেডিট কাৰ্ড’ৰ কামেকে যদি ধৰা যায় আমি বাৰু ‘মিছন মোড’ত প্ৰতিগৰাকী খেতিয়কে কেনেকৈ ‘কিষাণ ক্ৰেডিট কাৰ্ড’ লাভ কৰে, পশুপালকসকলে কেনেকৈ লাভ কৰিব পাৰে সেই কথা বাৰু আমি ভাবিব পাৰোনে? দেশত সহস্ৰ ‘কৃষক-উত্পাদক সংস্থা’ গঠিত হৈছে, আৰু এইসমূহে বৃহত্ পদক্ষেপো গ্ৰহণ কৰি আহিছে। কিছু সংখ্যক ৰাজ্যততো ভাল পৰিণামো পৰিলক্ষিত হৈছে। আমি বাৰু এই দিশতো কাম কৰিব নোৱাৰোনে? ধৰক কৃষিক্ষেত্ৰত, আগতে আমাৰ তৰফৰ পৰা মৌ উত্পাদনৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হোৱা নাছিল। কিন্তু এতিয়া মৌ উত্পাদনৰ বাবে বহুত ভাল কাম কৰি থকা হৈছে। অৱশ্যে এতিয়া ইয়াৰ গোলকীয় বিপণন, ইয়াৰ ‘ব্ৰেণ্ডিং’, বাণিজ্যিকীকৰণ, ইয়াৰ বাবে বিত্তীয় সহযোগিতা প্ৰদানৰ দৰে দিশত আমি দ্ৰুত গতিৰে পদক্ষেপ গ্ৰহণ কৰিব লাগিব। সেই দৰেই আজি দেশৰ লাখ লাখ গাঁৱত ‘সমূহীয়া সেৱা কেন্দ্ৰ’ স্থাপন কৰা হৈছে। এইসমূহকো যদি আপোনালোকে গ্ৰহণ কৰা নীতিত প্ৰথমিকতা দিয়ে তেন্তে দেশৰ গ্ৰাম্য অৰ্থনীতিয়ে বহুত শক্তি আহৰণ কৰিব পাৰিব। সেৱা কেন্দ্ৰসমূহৰ দ্বাৰা একপ্ৰকাৰে সকলোতকৈ অধিক উপকৃত হয় গাঁওসমূহ। সেয়া লাগিলে ‘ৰে’লৱে ৰিজাৰ্ভেশ্যন’ৰ দৰে কামেই হওক, তাৰ বাবে কোনো চহৰলৈ যোৱাৰ প্ৰয়োজন নাই। সেৱা কেন্দ্ৰলৈ গ’লেই এতিয়া আৰক্ষণ কৰিব পৰা যায়। আপোনালোকেতো জানেই যে আজিকালি ‘অপ্টিকেল ফাইবাৰ নেটৱৰ্ক’ বহুৱাই গাঁৱে-গাঁৱে ‘ব্ৰডব্ৰেণ্ড সংযোগ’ৰ দিহা কৰা হৈছে। চৰকাৰে এক ধৰণৰ ‘ডিজিটেল হাইৱে’, চিধা ভাষাৰে ক’বলৈ গলে ‘ডিজিটেল পথ’, ‘ডিজিটেল পথ’ বুলি মই এই কাৰণেই ক’ব খুজিছো যে গাঁওসমূহলৈ মই ডিজিটেল প্ৰযুক্তি লৈ যাব বিচাৰিছো। আৰু তাকে কৰিবলৈ ‘ডিজিটেল পথ’ নিৰ্মাণ কৰি আছো। আমি ডাঙৰ ডাঙৰ ‘ডিজিটেল হাইৱে’ৰতো কথা কৈ থাকো, আমি তলৰ পিনে যাব লাগিব, গাঁও পৰ্যন্ত যাব লাগিব, সৰ্ব সাধাৰণ লোক পৰ্যন্ত উপলব্ধ কৰাবগৈ লাগিব আৰু সেয়ে ‘ডিজিটেল পথ’ৰ এই অভিযানত আমি অধিক গুৰুত্ব প্ৰদান কৰিব পাৰো। বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ বিভিন্ন উত্পাদকক আমি গাঁৱে গাঁৱে উপলব্ধ কৰাব পাৰিমনে বাৰু? এইদৰে কৃষি খণ্ডৰে খাদ্য সংসাধন জড়িত হৈ আছে, পণ্যাগাৰ, কৃষি সামগ্ৰীৰ আদান-প্ৰদানৰ দৰো কথাবোৰো নিতান্তই গুৰুত্বপূৰ্ণ। ভাৰতৰ আকাংক্ষা প্ৰাকৃতিক কৃষি-কৰ্ম, জৈৱিক কৃষি-কৰ্মৰে জড়িত হৈ আছে। যদি কোনোবাই এইক্ষেত্ৰত কিবা নতুন কাম কৰাৰ বাবে আগবাঢ়ি আহে, তেন্তে আমাৰ বিত্তীয় প্ৰতিষ্ঠানসমূহে তেওঁলোকক সহযোগিতা আগবঢ়াওক, এনেবোৰ কথা চিন্তা কৰাটো খুবেই আৱশ্যক।

বন্ধুসকল,

আজকালি স্বাস্থ্য খণ্ডতো বহুত কাম চলি আছে। চিকিত্সা আন্তঃগাঁথনি নিৰ্মাণত চৰকাৰে ইমানেই বিনিয়োগ কৰি আহিছে। আমাৰ দেশত চিকিত্সা বিজ্ঞানৰ শিক্ষাৰে জড়িত প্ৰত্যাহ্বানসমূহ আঁতৰোৱাৰ বাবে অধিক সংখ্যক চিকিত্সা শিক্ষা প্ৰতিষ্ঠান স্থাপন কৰাটো বহুত জৰুৰী হৈ উঠিছে। আমাৰ বিত্তীয় প্ৰতিষ্ঠানসমূহে, বেংকসমূহে বাৰু তেওঁলোকৰ বাণিজ্যিক পৰিকল্পনাত এই ক্ষেত্ৰসমূহক প্ৰাথমিকতা প্ৰদান কৰিব পাৰিবনে?

বন্ধুসকল,

আজিৰ তাৰিখত গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰসংগ অতিকে গুৰুত্বপূৰ্ণ বিষয় হিচাপে চৰ্চিত হৈ আহিছে, আৰু, ২০৭০ চন পৰ্যন্ত ভাৰতে ‘নেট জিৰো’ৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে। এই কাৰ্যক্ৰমক গতি প্ৰদান কৰাৰ বাবে ‘পৰিৱেশ-অনুকূল প্ৰকল্প’ স্থাপনত গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়োজন আছে। ‘গ্ৰীণ ফাইনেন্সিং’-ৰ দৰে নতুন দিশৰ অধ্যয়ণ আৰু ৰূপায়ণ সাম্প্ৰতিক সময়ৰ আহ্বান বুলিয়েই চিহ্ণিত হৈছে। ভাৰতে সৌৰ শক্তিৰ ক্ষেত্ৰত বহুখিনি কাম কৰি আছে, সেইদৰে দেশত ভাৰতে ‘প্ৰদূষণ সহণক্ষম আন্তঃগাঁথনি’ নিৰ্মাণ কৰি আছে। আমি দেশৰ গৃহনিৰ্মাণ খণ্ডত যি ৬টা ‘লাইট হাউছ প্ৰকল্প’ ৰূপায়ণ কৰি আছো, তাতো ‘প্ৰদূষণ সহণক্ষম আন্তঃগাঁথনি’ গঢ়ি তোলাত প্ৰথমিকতা প্ৰদান কৰি আহিছো। এইসমূহ ক্ষেত্ৰত হ’বলগীয়া কাৰ্যাৱলীত আপোনালোকৰ সহযোগিতাৰ প্ৰয়োজন। এতিয়াতো এটা ‘লাইট হাউছ প্ৰকল্প’ৰ কাম চলিছে, পিচে এই ক্ষেত্ৰত যদি সংশ্লিষ্টসকলে আপোনালোকৰ বিত্তীয় সহযোগিতা পাই তেন্তে এনে প্ৰকল্পৰ আৰ্হিৰে সৰু-সুৰা চহৰ নগৰসমূহতো এনে প্ৰকল্পৰ ৰূপায়ণ সম্ভৱ হৈ উঠিব পাৰে। এনেবোৰ কথা সম্ভৱ হ’লেই আমাৰ প্ৰযুক্তিয়ে দ্ৰুতগতিত বিস্তাৰ লাভ কৰিব, আৰু কামবোৰৰ গতিবেগ বাঢ়ি যাব। আৰু মই ভাবো এনে ধৰণৰ সহযোগিতাই বহুত গুৰুত্ব বহণ কৰে।

বন্ধুসকল,

মই ভাবো আপোনালোকে এইবোৰ প্ৰসংগত বিস্তাৰিত ভাবে মন্থন কৰিব আৰু এই ৱে’বিনাৰৰ জৰিয়তে ‘একশ্যনেবল ছলিউশ্যন্ছ’, চিন্তাৰ উদয় হ’ব। বহুত ডাঙৰ ভিছন আৰু ২০২৩ চনৰ বাজেট আজি আমি তৈয়াৰ কৰিব নালাগে, আজিতো ২০২২-২০২৩ৰ মাৰ্চ মাহ পৰ্যন্ত বাজেটত কৰা ঘোষণাৰে সম্পাদন কৰিবলগীয়া প্ৰকল্পবোৰৰ ৰূপায়ণ কেনেকৈ কৰা হ’ব, সেইবোৰ কামৰ সুফল কেনেকৈ লাভ কৰিব পৰা যাব আৰু আপোনালোকে অৰ্জন কৰা অভিজ্ঞতাৰ পৰা চৰকাৰেও কেনেকৈ সুফল আদায় কৰি তাৰে যাতে কামবোৰ দ্ৰুত গতিত সম্পাদন কৰিব পাৰে তাৰহে চৰ্চা কৰিব লাগিব। ইয়াৰ জৰিয়তে আমি ফাইলত থকা দাঢ়ি-কমাৰ আসোঁৱাহ আঁতৰোৱাৰ নামত প্ৰকল্পৰ কাম ৬-৭ মাহ ধৰি যাতে ওলোমাই ৰাখিবলগীয়া নহয় সেই কথাহে নিশ্চিত কৰিব বিচাৰিছো। আমি এটা নতুন উদ্যোগ গ্ৰহণ কৰিব বিচাৰিছো। আৰু মই যে ‘সকলোৰে প্ৰয়াস’ৰ কথা কৈ আহিছো, এই ‘সকলোৰে প্ৰয়াস’ৰে এটা উদাহৰণ হৈছে ভাৰতত বাজেট যুগুতোৱাৰ আগতে আপোনালোকৰে আলোচনা কৰা, বাজেট উথ্থাপনৰ পাচত কৰা আলোচনা, সেয়া হৈছে ৰূপায়ণৰ বাবে কৰা আলোচনা, এই উদ্যোগ দৰাচলতেই গণতন্ত্ৰৰ এক অদ্ভুত প্ৰয়োগেই হয়। বিত্তীয় জগতখনত এনে ধৰণৰ গণতান্ত্ৰিক প্ৰয়াস, সংশ্লিষ্ট সকলো পক্ষৰে মিলিত হৈ কাম কৰাৰ এই উদ্যোগক বাৰুকৈয়ে প্ৰশংসা কৰা হৈছে। পিচে, এনে প্ৰশংসাতে মই ক্ষান্ত থাকিব বিচৰা নাই। এইবেলিৰ বাজেটখনক সকলোৱে প্ৰশংসা কৰিছে যদিও মই ইয়াতে ক্ষান্ত হ’ব বিচৰা নাই। মইতো আপোনালোকৰ সহযোগিতাহে কামনা কৰিছো। আপোনালোকৰ সক্ৰিয় ভূমিকা থকাটো বিচাৰিছো। মইতো ৰাজ্য চৰকাৰসমূহকো কম যে ইয়াৰ বাবে তেওঁলোকেও নীতিগত ভাবে কৰিবলগীয়া কাম-কাজ, সিদ্ধান্ত আদি গ্ৰহণ কৰা, বিধি প্ৰণয়ণ কৰাৰ দৰে কাম-কাজবোৰ এক এপ্ৰিলৰ আগতে সম্পূৰ্ণ কৰি ল’ব নোৱাৰিবনে? আপোনালোক যিমান সোনকালে বজাৰলৈ আহিব পাৰিব সিমানেই অধিক লোক আপোনালোকৰ ৰাজ্যলৈ যাব, আপোনালোকৰ ৰাজ্যলৈ যোৱা মানুহৰ সংখ্যা যিমানেই বাঢ়িব, সিমানেই আপোনালোকৰ ৰাজ্যৰ লাভ হ’ব। বাজেটখনৰ পৰা কোনে সৰ্বাধিক লাভ আদায় কৰিব পাৰে তাক লৈ ৰাজ্যসমূহৰ মাজতো একধৰণৰ প্ৰতিযোগিতামূলক মানসিকতা বিকশিত হোৱা উচিত। কোনখন ৰাজ্যই এনে প্ৰগতিশীল নীতি গ্ৰহণ কৰিব পাৰে, যাক দেখি সকলোবোৰ বিত্তীয় প্ৰতিষ্ঠানে বিনিয়োগ কৰিবলৈ স্বেচ্ছাই আগবাঢ়ি আহিব পাৰে। সকলোৱে এনে একোটা প্ৰেক্ষাপট ৰচনা কৰাৰ প্ৰয়াস কৰক। কিবা এটা নতুন কৰাৰ মানসিকতাৰে আগবাঢ়ক। আপোনালোক অভিজ্ঞতাসম্পন্ন লোক, দৈনন্দিন জীৱনৰ জটিলতা আপোনালোকে জানে। এনে জটিলতাৰ সমাধান সূত্ৰ কেনেকৈ উলিয়াব লাগে আপোনালোকে ভালকৈয়ে জানে। আমি সেই সমাধানসূত্ৰ বিচাৰিহে আপোনালোকৰ সৈতে বহিব খুজিছো। সেয়ে মই বিচাৰো এই আলোচনাত বাজেটৰ চৰ্চা হোৱাতকৈ বাজেট-উত্তৰ কাম-কাজৰ চৰ্চা অধিক হওক, ৰূপায়ণৰ প্ৰসংগত চৰ্চা অধিক হওক। আমাক আপোনালোকৰ পৰা ৰূপায়ণ সন্দৰ্ভত পৰামৰ্শ লাগে। মোৰ সম্পূৰ্ণ বিশ্বাস আছে আপোনালোকৰ পৰামৰ্শ বহুত সুফলদায়ক হ’ব। বহুত বহুত ধন্যবাদ!

বহুত বহুত শুভকামনা জনালো!  

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian public relations industry pegged to reach ₹4,500 cr by 2030: Report

Media Coverage

Indian public relations industry pegged to reach ₹4,500 cr by 2030: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister’s visit to Indonesia, Australia and New Zealand
July 03, 2026

At the invitation of the President of the Republic of Indonesia, H.E. Mr. Prabowo Subianto, Prime Minister Shri Narendra Modi will pay a visit to Indonesia from 6-8 July, 2026. This will be Prime Minister’s fourth visit to Indonesia and his first bilateral visit since the elevation of India-Indonesia ties to the level of Comprehensive Strategic Partnership in May 2018. During the visit, Prime Minister will hold bilateral discussions with President Prabowo and review the progress made in the partnership. In Jakarta, Prime Minister will address a large gathering of the Indian Diaspora. India and Indonesia share historical and warm people-to-people ties. In keeping with these special bonds, Prime Minister will visit the Prambanan Temple complex at Yogyakarta, a prominent UNESCO world heritage site in Indonesia.

From Indonesia, at the invitation of the Prime Minister of Australia, the Honourable Anthony Albanese MP, Prime Minister will travel to Melbourne from 8-10 July, 2026. In Melbourne, Prime Minister will hold bilateral discussions with Prime Minister Albanese. He will also call on the Governor General of Australia, the Honourable Ms Sam Mostyn AC. During his visit, Prime Minister will also participate in the India-Australia CEOs Forum, where he will address a gathering of top business leaders from both countries. Prime Minister will also address a large gathering of the Indian Diaspora, who constitute a strong pillar of the India-Australia relationship.

From Melbourne, at the invitation of the Prime Minister of New Zealand, Rt Honourable Christopher Luxon, Prime Minister will travel to Auckland for a state visit from 10-11 July, 2026. This will be the first state visit of an Indian Prime Minister to New Zealand in four decades. In Auckland, Prime Minister will hold bilateral discussions with Prime Minister Luxon and review the entire gamut of the bilateral relationship, which has seen significant progress in the last two years, especially in the areas of trade and commerce and defence. While in Auckland, Prime Minister will also interact with prominent business and sports personalities. In a reflection of the strong people-to-people ties that exist between India and New Zealand, Prime Minister will address a large gathering of the Indian Diaspora during the visit.