প্ৰধানমন্ত্ৰীয়ে স্মৃতি বন স্মাৰকো উদ্বোধন কৰে
"স্মৃতি বন মেম'ৰিয়েল আৰু বীৰ বাল স্মাৰক হৈছে কচ্ছ, গুজৰাট আৰু সমগ্ৰ দেশৰ বেদনাৰ প্ৰতীক"
"বহুতে কৈছিল যে কচ্ছই কেতিয়াও নিজৰ ভৰিত থিয় হ'ব নোৱাৰিব। কিন্তু আজি কচ্ছৰ লোকসকলে পৰিস্থিতি সম্পূৰ্ণৰূপে সলনি কৰি দিছে"
"আপুনি দেখিব পাৰে যে মৃত্যু আৰু দুৰ্যোগৰ মাজত, আমি ২০০১ চনত কিছুমান সংকল্প লৈছিলো আৰু আমি আজি সেইবোৰ লাভ কৰিছো| একেদৰে, আজি আমি যি সমাধান কৰিছোঁ, আমি নিশ্চিতভাৱে ২০৪৭ চনত লাভ কৰিম"
"কচ্ছই কেৱল নিজকে উত্তৰণ কৰাই নহয়, সমগ্ৰ গুজৰাটক নতুন উচ্চতালৈ লৈ গৈছে"
"গুজৰাটে প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰি থকাৰ সময়ত ষড়যন্ত্ৰৰ সময় আৰম্ভ হৈছিল। দেশ আৰু বিশ্বত গুজৰাটক বদনাম কৰাৰ বাবে, ইয়াত বিনিয়োগ বন্ধ কৰিবলৈ এটাৰ পিছত এটা ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল"
"ঢোলাভিৰাৰ প্ৰতিটো ইটায়ে আমাৰ পূৰ্বপুৰুষসকলৰ দক্ষতা, জ্ঞান আৰু বিজ্ঞান প্ৰদৰ্শন কৰে"
"কচ্ছৰ বিকাশ হৈছে সবকা প্ৰয়াসৰ সৈতে এক অৰ্থপূৰ্ণ পৰিৱৰ্তনৰ এক সঠিক উদাহৰণ"

গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল জী, সংসদত মোৰ সতীৰ্থ আৰু গুজৰাট ‘ভাজাপা’ৰ অধ্যক্ষ শ্ৰীমান চিআৰ পাটিল জী, গুজৰাট চৰকাৰৰ মন্ত্ৰীসকল, সাংসদসকল আৰু বিধায়কসকল, বিশাল সংখ্যাত সভাত উপস্থিত হোৱা কচ্ছৰ মোৰ প্ৰিয় ভাই-ভনীসকল!

মোৰ প্ৰিয় ভাই-ভনীসকল কেনে খবৰ? সকলো ঠিকে-ঠাকে আছেনে বাৰু? কচ্ছত এইবাৰ খুউব ভাল বৰষুণ হৈছে, এই কথাই দিয়া আনন্দৰ আভা আপোনালোকৰ মুখত দেখিবলৈ পাইছো।

বন্ধুসকল,

বহু কথাৰে আজি মোৰ মনটো ভৰি উঠিছে। ‘ভূজিও ডুংগৰ’ত ‘স্মৃতিবন মেম’ৰিয়েল’ আৰু অঞ্জৰত ‘বীৰ বাল স্মাৰক’ৰ লোকাৰ্পন, কচ্ছৰ, গুজৰাটৰ, সমগ্ৰ দেশৰ বাবেই উমৈহতীয়া বেদনাৰ প্ৰতীক। ইয়াৰ নিৰ্মাণত কেৱল দেহৰ ঘামেই নাছিল, বৰঞ্চ কিমান যে পৰিয়ালৰ চকুপানীও ইয়াৰ ইটা-শিলবোৰত সিঁচৰতি হৈ আছে।

মোৰ মনত আছে অঞ্জৰত শিশুসকলৰ আত্মীয়সকলে ‘বাল-স্মাৰক’ নিৰ্মাণ কৰাৰ কথা উথ্থাপন কৰিছিল। তেতিয়াই আমি সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰিছিলো যে কৰসেৱাৰ জৰিয়তে এই কামটো সম্পূৰ্ণ কৰা হ’ব। যিটো পণ আমি কৰিছিলো সেয়া আজি সম্পূৰ্ণ হৈ উঠিল। যিসকলে আপোনজনক হেৰুৱাইছিল, শিশুসকলক হেৰুৱাইছিল, মই আজি বেদনাসিক্ত মনেৰে এই স্মাৰকটো তেওঁলোকৰ নামত উচৰ্গা কৰিছো।

আজি কচ্ছৰ বিকাশৰে জড়িত ৪ হাজাৰ কোটিৰো অধিক টকা বিনিয়োগযোগ্য বহুকেইটা প্ৰকল্পৰ শিলান্যাসৰ উপৰি লোকাৰ্পণো কৰা হৈছে। ইয়াৰ ভিতৰত পানী, বিজুলী, পথ আৰু দুগ্ধউদ্যোগৰে সম্পৰ্কিত প্ৰকল্পও আছে। এইবোৰে গুজৰাটৰ, কচ্ছৰ বিকাশৰ বাবে ‘ডাবল ইঞ্জিন’ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতীয়মান কৰে। ‘মা আশাপুৰা’ৰ দৰ্শন যাতে সহজসাধ্য হৈ উঠে তাৰ বাবে আজি আজি নতুন সা-সুবিধাৰ শিলান্যাসো কৰা হৈছে। এই কাম সম্পূৰ্ণ হৈ উঠিলে মাতাৰ মঠলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শনাৰ্থীসকলে নতুন অভিজ্ঞতা লাভ কৰিব পাৰিব। আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ ভাইৰ নেতৃত্বত কেনেদৰে কচ্ছ আগবঢ়িলৈ ধৰিছে এয়া তাৰেই প্ৰমাণ।

ভাই-ভনীসকল,

আজি ভূজৰ ভূমিলৈ আহিছো আৰু স্মৃতিবনলৈ গৈ থাকোতে গোটেই পথছোৱাতে কচ্ছই যি মৰম উজাৰি দিলে, যি আশীৰ্বাদ প্ৰদান কৰিলে, মই ইয়াৰ মাটিকো প্ৰণিপাত কৰিছো আৰু ইয়াৰ ৰাইজকো প্ৰণিপাত কৰিছো। ইয়ালৈ আহোতে মোৰ অকণমান পলম হ’ল, মই পিচে ভূজ ঠিক সময়তে পাইছিলোহি, কিন্তু সেই ‘ৰোড-শ্বো’ত যেনেদৰে আদৰণি জনাবলৈ ধৰিলে আৰু তাৰ পৰা ‘স্মৃতিবন মেম’ৰিয়েল’লৈ গ’লো, তাৰ পৰা ওলাবলৈকে মন নোযোৱা হৈছিল।

দুটা দশকৰ আগতে কচ্ছই যি পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল আৰু ইয়াৰ পিচত কচ্ছই যি উতসাহ প্ৰদৰ্শন কৰিছিল, তাৰ প্ৰতিটো মুহূৰ্ত এই ‘স্মৃতিবন’ত সমাহিত হৈছে। যিধৰণে জীৱনৰ বিষয়ে কোৱা হয় ‘বয়ম অমৃতাসঃ কে পুত্ৰঃ’ দৰে আমাৰ যেনে কল্পনা, ‘চৰৈৱতি চৰৈৱতি’ৰ মন্ত্ৰ যেনেকৈ আমাৰ প্ৰেৰণা, সেইদৰেই স্মাৰকটোও আগবাঢ়ি যোৱাৰ বাবে শাশ্বত ভাৱনাৰে প্ৰেৰিত হ’ব।

বন্ধুসকল,

যেতিয়া ‘স্মৃতিবন’ৰ বেলেগ বেলেগ অংশবোৰ চাই গৈছিলো তেতিয়া বহুবোৰ পুৰণি কথা মন-মস্তিষ্কলৈ আহিবলৈ ধৰিছিল। বন্ধুসকল, আমেৰিকাত ‘৯/১১’ত যি বৃহত্ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল, তাৰ পিচত তাত এক স্মাৰক নৰ্মাণ কৰা হৈছিল, ‘গ্ৰাউণ্ড জিৰ’, মই সেইটো স্মাৰকো দেখিছো। মই জাপানৰ হিৰোছিমাৰ বেদনাদায়ক ঘটনাৰ পিচত সেই স্মৃতিত নিৰ্মাণ কৰা মিউজিয়ামটোও দেখিছো। আজি ‘স্মৃতিবন’ দেখাৰ পিচত মই দেশবাসীক বিনম্ৰ ভাবে ক’ব খোজো, সমগ্ৰ দেশৰ ৰাইজক ক’ব খুজিছো যে আমাৰ ‘স্মৃতিবন’ পৃথিৱীৰ ধুনীয়াৰো ধুনীয়া স্মাৰকসমূহৰ তুলনাত এখোজো পিচ পৰি ৰোৱা নাই।

ইয়াত প্ৰকৃতি, পৃথিৱী, জীৱন, ইয়াৰ শিক্ষা-দীক্ষাৰ সম্পূৰ্ণ ব্যৱস্থা আছে। মই কচ্ছবাসীক ক’ব বিচাৰিম এতিয়া আপোনালোকৰ ঘৰলৈ অহা অতিথিসকলক ‘স্মৃতিবন’ নোচোৱাকৈ উভতি যাবলৈ দিয়া উচিত নহ’ব। কচ্ছৰ শিক্ষাবিভাগকো ক’ব বিচাৰিম যে স্কুলসমূহৰ শিশুসকলে কৰিব লগা ভ্ৰমণবোৰত এটা দিন ‘স্মৃতিবন’ৰ বাবেই ৰখাৰ দিহা কৰিব, যাতে তেওঁলোকেও পৃথিৱী আৰু প্ৰকৃতিৰ ব্যৱহাৰনো কেনেকুৱা হয়, সেই কথা জানিব পাৰে।

বন্ধুসকল,

মোৰ মনত আছে, ভূমিকম্প যেতিয়া আহিছিল, ২৬ জানুৱাৰীৰ সেইটো দিন, সেইদিনা মই দিল্লীত আছিলো। ভূমিকম্পৰ উমান দিল্লীতো পাইছিলো। আৰু কেইঘণ্টামানৰ ভিতৰতে আহমেদাবাদ পাইছিলোহি। আৰু দ্বিতীয় দিনা কচ্ছত উপস্থিত হৈছিলোহি। তেতিয়া মই মুখ্যমন্ত্ৰী নাছিলো। এজন সাধাৰণ ৰাজনীতিক, ভাৰতীয় জনতা পাৰ্টীৰ এজন ক্ষুদ্ৰ কাৰ্যকৰ্তা আছিলো। মই জনা নাছিলো মই কেনেকৈ, অথবা কিমানজন মানুহক সহায় কৰিব পাৰিম। কিন্তু মই সিদ্ধান্ত লৈছিলো, দুখৰ এই মুহূৰ্তত মই আপোনালোকৰ মাজত থাকিম আৰু যি সম্ভৱ হ’ব মই আপোনালোকৰ দুখৰ সমভাগী হ’বলৈ চেষ্টা কৰিম।

মই গমেই পোৱা নাছিলো, মই তাত্ক্ষণিকভাবে মুখ্যমন্ত্ৰী হ’ব লগা হ’ল। আৰু যেতিয়া মুখ্যমন্ত্ৰী হ’লো, তেতিয়া সেই সেৱা কাৰ্যৰ অভিজ্ঞতা মোৰ বহুত কামত আহিছিল। সেই সময়ৰে এটা কথাও মোৰ মনলৈ আহিছে। ভূমিকম্প পীড়িতসকলক সহায় কৰাৰ বাবে বিদেশৰ পৰাও বহুত লোক ইয়ালৈ আহিছিল। তেওঁলোকে এই কথা দেখি আচৰিত হৈছিল যে ইমান নিঃস্বাৰ্থভাবে স্বয়ংসেৱকসকল কামত নিমগ্ন হৈছে, তেওঁলোকৰ ধাৰ্মিক, সামাজিক সংস্থাসমূহ সাহায্য আৰু উদ্ধাৰ কাৰ্যত জড়িত হৈ পৰিছিল। মোক বহুতে কৈছিল পৃথিৱীৰ বহুত ঠাইলৈ তেওঁলোক যাবলগীয়া হয়, কিন্তু এনে সেৱা ভাব তেওঁলোকে সম্ভৱতঃ এই প্ৰথম দেখিবলৈ পাইছে। সামূহিকতাৰ এই শক্তি যিয়ে সংকটৰ সেই সময়ত কচ্ছক, গুজৰাটক চম্ভালি লৈছিল।

আজি মই যেতিয়া কচ্ছলৈ আহিছো, আচলতে মোৰ আপোনালোকৰ সৈতে গভীৰ আত্মীয়তা আছে, বহুত দীঘলীয়া সম্পৰ্ক আছে। অগণন নামৰ স্মৃতি মোৰ সন্মখত উদ্ভাষিত হৈ উঠিছে। কিমান যে নাম মোৰ মনত পৰিছে। আমাৰ ধীৰুভাই শ্বাহ, তাৰাচন্দ ছেড়া, অনন্ত ভাই দৱে, প্ৰতাপ সিংহ জাডেজা, নৰেন্দ্ৰ ভাই জাডেজা, হীৰালাল পাৰীখ, ভাই ধনসুখ ঠক্কৰ, ৰমিক ঠক্কৰ, গোপাল ভাই, আমাৰ অঞ্জৰৰ চম্পক লাল শ্বাহৰ দৰে অনেক লোকৰ সৈতে কান্ধত কান্ধ মিলাই কাম কৰাৰ সৌভাগ্য লাভ কৰিছিলো। আজি তেওঁলোক এইখন পৃথিৱীত নাই। কিন্তু তেওঁলোকৰ আত্মা য’তেই নাথাকক কিয়, কচ্ছৰ বিকাশৰ বাবে তেওঁলোক নিশ্চয় সন্তুষ্ট হ’বই, তেওঁলোকে আমাক আশীস প্ৰদান কৰিবই।

আৰু আজি, আজিও যেতিয়া মোৰ বন্ধুসকলৰে সাক্ষাত্ হয়, সেয়া লাগিলে পুষ্পদান ভায়েই হওক, আমাৰ ধনজী ভায়েই হওক, আমাৰ জীৱা সেঠৰ দৰে ব্যক্তিত্বই হওক, আজিও কচ্ছৰ বিকাশৰ প্ৰেৰণা দি আহিছে। কচ্ছৰ এক বিশেষত্বতো সদায়ে থাকেই, আৰু যাৰ চৰ্চা মই সাদয়ে কৰো। ইয়াত পথেৰে গৈ থাকোতেও কোনবা এজনে কিবা এটা সপোন দেখিলেও সমগ্ৰ কচ্ছই সেই সপোনক বটবৃক্ষ কৰি তোলাৰ বাবে সকলো উঠি-পৰি লাগে। কচ্ছৰ এইটো সংস্কাৰেই প্ৰতিটো আশংকা, প্ৰতিটো সমীক্ষাকে ভুল প্ৰতিপন্ন কৰি আহিছে। এনেদৰে কোৱা বহুতেই আছিল যে কচ্ছই এতিয়া আৰু নিজৰ ভৰিত থিয় দিব নোৱাৰিব। কিন্তু আজি কচ্ছৰ ৰাইজে ইয়াৰ প্ৰতিচ্ছৱি সম্পূৰ্ণ সলাই পেলাইছে।

বন্ধুসকল,

মুখ্যমন্ত্ৰী হিচাপে মোৰ প্ৰথমটো দীপাৱলী আৰু ভূমিকম্পৰ পিচত কচ্ছবাসীৰ বাবেও প্ৰথমটো দীপাৱলী, মই সেইটো দীপাৱলী উদযাপন কৰা নাছিলো। মোৰ চৰকাৰৰ এজনো মন্ত্ৰীয়েই উদযাপন কৰা নাছিল। আৰু আমি সকলোৱে ভূমিকম্পৰ পিচৰ প্ৰথমটো দীপাৱলীত আপোনজনৰ কথা মনত পৰাটো স্বাভাৱিক আছিল মই আপোনালোকৰ মাজলৈ আহি থাকিছিলো। আৰু আপোনালোকে জানেই যে মই বহু বছৰ ধৰি দীপাৱলী সীমান্তলৈ গৈ, সীমালৈ গৈ দেশৰ জোৱানসকলৰ সৈতে কটাই আহো। কিন্তু সেইবছৰ মই মোৰ সেই পৰম্পৰা ত্যাগ কৰি ভূমিকম্প পীড়িতসকলৰ সৈতে দীপাৱলী উদযাপন কৰিবলৈ তেওঁলোকৰ মাজত থাকিবলৈ আহিছিলো। মোৰ মনত আছে মই সম্পূৰ্ণ দিন চৌবাৰীত কটাইছিলো। আৰু সন্ধিয়ালৈ বাম্বো গাঁৱলৈ গৈছিলো। মোৰ সৈতে মোৰ কেবিনেট সদস্যসকলো আছিল, গুজৰাটৰ যিবোৰ স্থানত ভূমিকম্পৰ সংকট আহিছিল, সেই সকলোবোৰ স্থানলৈ গৈ তেওঁলোকৰ দুখৰ সমভাগী হৈছিলোগৈ।

মোৰ মনত আছে সমস্যা জৰ্জৰ সেইবোৰ দিনতো মই কৈছিলো, আৰু বহুত আত্মবিশ্বাসৰেই কৈছিলো যে ‘আমি সংকটক সুযোগলৈ পৰিৱৰ্তিত কৰিম। মই এই কথাও কৈছিলো আপোনালোকে যাক ৰণ বুলি ভাবিছে নহয়, সেই ৰণত মই ভাৰতৰ তোৰণ দেখিবলৈ পাইছো। আৰু আজি যেতিয়া মই কওঁ, লালকিল্লাত কওঁ, ১৫ আগষ্টত কওঁ যে ২০৪৭ চনত ভাৰত উন্নত দেশ হিচাপে পৰিণিত হব। যিসকলে মোৰ কথা ক্চ্ছত শুনিছিল, দেখিছিল, ২০০১-০২ৰ ভূমিকম্পৰ সেইছোৱা সময়ত বিপৰীত পৰিস্থিতিত মই যি কথা কৈছিলো সেয়া আজি আপোনালোকৰ চকুৰ আগত সত্য হৈ দেখা দিছে। সেইকাৰণেই কওঁ আজিৰ যিখন হিন্দুস্থানত আপোনালোকে বহুবোৰ অভাৱ দেখিবলৈ পাইছে চাগৈ, ২০৪৭ চনত, মই আজি সপোন দেখিছো বন্ধুসকল, যেনেকৈ ২০০১-০২ত মৃত্যুৰ বগা কাপোৰৰ তলত সেইখন যি কচ্ছ আছিল, তেতিয়া যি সপোন দেখি, আজি যি কৰি দেখুৱালে, ২০৪৭ চনত হিন্দুস্থানেও তাকে কৰি দেখুৱাব।

আৰু কচ্ছৰ ৰাইজে, ভূজৰ ৰাইজৰ বাহুৱে এই সম্পূৰ্ণ অঞ্চলটোৰে ৰূপ সলনি কৰি দেখুৱালে। কচ্ছৰ নতুন ৰূপ ভাৰতৰে নহয় বৰঞ্চ সমগ্ৰ বিশ্বৰে বৃহত্ শিক্ষা সংস্থানসমূহৰ বাবে, গৱেষণা প্ৰতিষ্ঠানসমূহৰ বাবে এক গৱেষণাৰ বিষয় হৈ পৰিছে। ২০০১ চনত সম্পূৰ্ণ ভাবে ধ্বংসস্তুপত পৰিণত হোৱাৰ পিচৰে পৰা কচ্ছত যিধৰণে কামবোৰ হ’ব ধৰিলে, সেয়া নিতান্তই অকল্পনীয় অছিল।

কচ্ছত ২০০৩ চনত ‘ক্ৰান্তিগুৰু শ্যামজী কৃষ্ণ বৰ্মা বিশ্ববিদ্যালয়’ স্থাপন হোৱাৰ পিচত তাত ৩৫খনৰো অধিক মহাবিদ্যালয়ো স্থাপন কৰা হৈছিল। ইমানেই নহয়, ইমান কম সময়তে ১০০০ৰো অধিক ভাল স্কুলো নিৰ্মাণ কৰা হৈছিল।

ভূমিকম্পত কচ্ছ জিলাৰ হাস্পটালখন সম্পূৰ্ণ ধূলিস্যাত্ হৈ পৰিছিল। আজি কচ্ছত ভূমিকম্প-প্ৰতিৰোধী আধুনিক হাস্পটালতো আছেই ২০০ৰো অধিক চিকিত্সা কেন্দ্ৰই কাম কৰি আছে। যিখন কচ্ছ সদায়েই খৰাঙৰে যুঁজি থাকিবলগীয়া হৈছিল, য’ত পানী জীৱনৰ সকলোতকৈ প্ৰত্যাহ্বান আছিল, তাতেই আজি কচ্ছ জিলাৰ প্ৰতিটো ঘৰতে নৰ্মদাৰ পানী উপলব্ধ হ’বলৈ ধৰিছে।

আমি আস্থা আৰু শ্ৰদ্ধা প্ৰকট কৰি গংগাজীত স্নান কৰো, যমুনা জীত, সৰযুত আৰু নৰ্মদা জীতো আৰু এই পৰ্যন্ত কোৱা হয় যে নৰ্মদা জীতো ইমানেই পবিত্ৰ যে নাম স্মৰণ কৰিলেই পূৰ্ণ অৰ্জনন কৰিব পাৰি।  যিখন নৰ্মদাৰ দৰ্শন কৰাৰ বাবে মানুহে যাত্ৰা কৰে, আজি সেইখন মা নৰ্মদাই কচ্ছৰ ধৰালৈ প্ৰবাহিত হৈ আহিছে।

বহুতে কল্পনাও কৰিব পৰা নাছিল যে কেতিয়াবা টপ্পৰ, ফটেহপুৰ আৰু সুৱাই বান্ধসমূহতো নৰ্মদাৰ পানী গৈ পাবগৈ। কিন্তু এই সপোনো কচ্ছৰ মানুহখিনিয়ে কৰি দেখুৱালে। যিখন কচ্ছত জলসিঞ্চন পৰিযোজনাৰ কথা কোনেও ভাবিব পৰা নাছিল, সেই তাতেই হাজাৰটা ‘চেক-ডেম’ নিৰ্মাণ কৰি, ‘সুজলম-সুফলম জল অভিযান’ চলাই বহু হাজাৰ হেক্টৰ ভূমি জলসিঞ্চনৰ আওতালৈ আনা হৈছে।

ভাই-ভনীসকল,

যোৱাটো মাহত যেতিয়া ৰায়ণ গাৱঁত গৈ মাঁ নৰ্মদাৰ পানী পৰিছিলগৈ, সেই অঞ্চলৰ ৰাইজে যেনেকৈ উত্সৱ উদযাপন কৰিছিল সেয়া দেখি পৃথিৱীৰ অনেক মানুহে আশ্চৰ্য প্ৰকাশ কৰিছিল। এই আশ্চৰ্য এই কাৰণেই হৈছিল কিয়নো তেওঁলোকে এই কথা ভাবিবই নোৱাৰে যে কচ্ছৰ বাবে পানীৰ অৰ্থ কি হ’ব পাৰে। এটা সময় আছিল সন্তানৰ জন্মৰ পিচত চাৰি-পাঁচবছৰীয়া ল’ৰা-ছোৱালীয়ে বৰষুণনো কি গমেই পোৱা নাছিল, কাৰণ তেওঁলোকৰ অঞ্চলত চাৰি পাঁচবছৰ ধৰি বৰষুণ নহৈছিলেই। এনেকৈয়ে মোৰ কচ্ছই জীৱন অতিবাহিত কৰিছিল, জীৱন জটিলতাৰে অতিবাহিত হৈছিল। কচ্ছত কেতিয়াবা যে পুখুৰী হ’ব, জলসিঞ্চনৰ সুবিধা হ’ব, এই বিষয়ে দুটা দশকৰ আগতে যদি কোনোবাই কিবা কৈছিলো সেই কথা বিশ্বাস কৰা মানুহ খুউব কমেইহে ওলাইছিল।

মোৰ মনত আছে ২০০২ চনত ‘গুজৰাট গৌৰৱ যাত্ৰা’ৰ সময়ত মাণ্ডৱীলৈ যেতিয়া আহিছিলো, তেতিয়া মই কচ্ছবাসীৰ আশীৰ্বাদ বিচাৰিছিলো। আশীৰ্বাদ এই কথাৰ বাবেই বিচাৰিছিলো যাতে মই কচ্ছৰ অধিকতৰ অংশক মা নৰ্মদাৰ পানীৰে সংযোজিত কৰিব পাৰো। আপোনালোকৰ আশীৰ্বাদে যি শক্তি দিলে তাৰেই পৰিণামত আজি আমি সকলো ভাল সুযোগৰ অংশীদাৰ হ’ব পাৰিছো। আজি ‘কচ্ছ-ভূজ খাল’ৰ লোকাৰ্পন কৰা হৈছে। ইযাৰ জৰিয়তে বহু শ গাঁৱৰ বহু হাজাৰ কৃষক পৰিয়াল উপকৃত হ’ব।

ভাই-ভনীসকল,

কচ্ছবাসী লোকসকলৰ মাত-বোল-ভাষা ইমানেই মিঠা যে যিয়ে এবাৰ ইয়ালৈ আহে, তেওঁ কচ্ছক কেতিয়াও পাহৰিব নোৱাৰে। আৰু মইতো শ শ বাৰ কচ্ছলৈ অহাৰ সৌভাগ্য লাভ কৰিছো। ইয়াৰ দাবেলী, ভেলপুৰী, আমাৰ কচ্ছৰ পটলী ছাছ, কচ্ছৰ খাৰে, কেসৰৰ সোৱাদ, কিযে নাই। পুৰণি আপ্তবাক্যত কোৱা হৈছিল যে ‘পৰিশ্ৰমৰ ফল মীঠাই হয়’। কচ্ছই এইষাৰ কথা বাস্তৱ কৰি দেখুৱাইছে।

মোৰ ভাল লাগিছে যে ফল উত্পাদনৰ ক্ষেত্ৰত আজি কচ্ছ সমগ্ৰ গুজৰাটৰ এক নম্বৰ জিলা হিচাপে পৰিগণিত হৈছে। ইয়াৰ গ্ৰীণ ডেট্ছ, কেসৰ আম, ডালিম আৰু কমলম, এনে কিমান যে ফল দেশৰ অন্য প্ৰান্তলৈকে কেৱল নহয় আনকি বিদেশলৈকো আমাৰ সোৱাদ লৈ যাবলৈ ধৰিছে।

বন্ধুসকল,

মই সেইবোৰ দিনৰ কথা পাহৰিব নোৱাৰো যেতিয়া কচ্ছত বাস কৰা লোকসকলে নিবিচৰাকৈয়ে প্ৰায়েই পশুবোৰক লৈ মাইলৰ পিচত মাইলৰ যাত্ৰা কৰিবলগীয়া হয়, কেতিয়াবা আনকি পশুবোৰক এৰি থৈ নিজেই যাবলৈ বাধ্য হৈ পৰিবলগীয়া হয়। সাধনৰ অভাৱত, সংসাধনৰ অভাৱত, পশুধন ত্যাগ কৰিবলগীয়া হোৱাটো এইটো অঞ্চলৰ ভৱিতব্য হৈ উঠিছিল। যিটো অঞ্তলত পশুধনৰ প্ৰতিপালন শ শ বছৰ ধৰি জীৱন জীৱিকাৰ সাধন হৈ আহিছিল, তাতেই যদি এই পৰিস্থিতিৰ উদ্ভৱ হয় স্বাভাৱিকতেই সেয়া চিন্তাৰ বিষয় হৈ উঠিছিল। কিন্তু আজি এইখন কচ্ছতে কৃষকসকলে পশুধনৰে ধনৰ প্ৰবাহ সম্ভৱ কৰিবলৈ আৰম্ভ কৰি দিছে। বিশটা বছৰত কচ্ছই গাখীৰ উত্পাদন তিনিগুণলৈ বৃদ্ধি কৰিছে।

যেতিয়া মই ইয়াৰ মুখ্যমন্ত্ৰী হিচাপে কাম কৰি আছিলো, তেতিয়া ২০০৯ চনত ইয়াত ‘সৰহদ ডেইৰী’ৰ শুভাৰম্ভ কৰা হৈছিল। সেই সময়ত এইখন ‘ডেইৰী পামে’ দিনটোত ১৪০০ লিটাৰৰো কম গাখীৰহে জমা কৰিব পাৰিছিল। যেতিয়া ইয়াৰ শুভাৰম্ভ কৰা হৈছিল ইয়াৰ সামৰ্থ্য ১৪০০ লিটাৰৰো কম আথিল। কিন্তু আজি ‘সৰহদ ডেইৰী’য়ে প্ৰতিদিনে ৫ লাখ লিটাৰ পৰ্যন্ত গাখীৰ কৃষকসকলৰ পৰা সংগ্ৰহ কৰি জমা কৰে। আজি আমি ডেইৰীৰ সুবাদতে প্ৰতি বছৰে কৃষকসকলৰ হাতলৈ প্ৰায় ৮০০ কোটি টকাৰ আয় সম্ভৱ কৰিব পাৰিছো। বন্ধুসকল, মোৰ কচ্ছৰ খেতিয়কসকলৰ জেপলৈ। আজি অঞ্জৰ তালুকাৰ চন্দ্ৰানী গাঁৱত ‘সৰহদ ডেইৰী’ৰ যিটো নতুন আধুনিক প্ৰকল্পৰ লোকাৰ্পণ কৰা হৈছে, তাৰ পৰাও কৃষক-পশুপালকসকলৰ বহুত লাভ হ’ব। ইয়াত যিবোৰ আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে, তাৰ পৰাও খেতিয়ক ৰাইজৰ, দুগ্ধ উত্পাদকলৰ আয় বৃদ্ধিৰো বহু সুযোগ ওলাব।

ভাই-ভনীসকল,

কচ্ছই কেৱল নিজকে ওপৰলৈ উঠোৱা নাই, বৰঞ্চ সমগ্ৰ গুৰাটৰ বিকাশৰ এক গতিও প্ৰদান কৰিছে। এটা সময় আছিল যেতিয়া গুজৰাটৰ ওপৰত এটাৰ পিচত এটা সংকটে মাধমাৰ সোধাইছিল। প্ৰাকৃতিক দুৰ্যোগ বাৰু গুজৰাটে চম্ভালি লৈছিলেই, পিচে, এই সময়তে ষড়যন্ত্ৰৰ যাত্ৰাও আৰম্ভ হ’বলৈ ধৰিলে। দেশ আৰু পৃথিৱীত গুজৰাটক বদনামী কৰাৰ বাবে, ইয়াত হোৱা বিনিয়োগ বাধাগ্ৰস্থ কৰাৰ বাবে এটাৰ পিচত এটাকৈ ষড়যন্ত্ৰ চলিবলৈ ধৰিলে। এনে পৰিস্থিতিতো এফালে গুজৰাট ‘দুৰ্যোগ প্ৰবন্ধন আইন’ যুগুত কৰা প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হ’ল। এই আইনৰ প্ৰেৰণাৰেই সমগ্ৰ দেশৰ বাবেও এনে আইন প্ৰস্তুত কৰা হয়। ক’ৰোনাৰ সংকটকালত এই আইনে দেশৰ প্ৰতিখন চৰকাৰ আৰু প্ৰশাসনক বহুত সহায় কৰিছিল।

বন্ধুসকল,

প্ৰতিটো চক্ৰান্তক পিচ পেলাই থৈ, গুজৰাটে নতুন ঔদ্যোগিক নীতি যুগুতাই গুজৰাটত ঔদ্যোগিক বিকাশৰ নতুন পথ প্ৰশস্ত কৰি তুলিছিল। ইয়াৰ পৰা আটাইতকৈ অধিক লাভ কচ্ছবাসীৰ হৈছে, কচ্ছত বিনিয়োগ বাঢ়িছে। কচ্ছৰ ঔদ্যোগিক বিকাশৰ বাবে লাখ লাখ কোটি কোটি টকাৰ বিনিয়োগ সম্ভৱ হৈছে। আজি কচ্ছত পৃথিৱীৰ সৰ্ব বৃহত্ চিমেণ্ট কাৰখানাটো আছে। ‘ৱেল্ডিং পাইপ’ নিৰ্মাণৰ ক্ষেত্ৰত কচ্ছ সমগ্ৰ পৃথিৱীৰ ভিতৰতে দ্বিতীয় স্থানত আছে। সমগ্ৰ পৃথিৱীৰ ভিতৰতে দ্বিতীয় সৰ্ব বৃহত্ ‘টেক্সটাইল প্লাণ্ট’টোও কচ্ছতে আছে। এছীয়াৰ প্ৰথমটো ‘বিশেষ অৰ্থনৈতিক মণ্ডল’ৰ নিৰ্মাণো হৈছিল কচ্ছত। কণ্ডলা আৰু মুন্দ্ৰা বন্দৰত দেশৰ ৩০শতাংশ ‘কাৰ্গো’ৰ আদান-প্ৰদান হয়। কচ্ছৰ পৰাই ভাৰতৰ ৩০শতাংশৰো অধিক নিমখৰ উত্পাদন হয়, হিন্দুস্থানৰ এনে কোনে ল’ৰা-ছোৱালী নাই যিয়ে হয়তো কচ্ছৰ নিমখ নোখোৱাকৈ আছে। য’ত ৩০শতাংশৰো অধিক নিমখৰ শোধনাগাৰো আছে।

ভাই-ভনীসকল,

এটা সময় আছিল যেতিয়া কচ্ছত কোনেও সৌৰ শক্তি, বায়ু শক্তিৰ কথা মনলৈকে অহা নাছিল। আজিৰ তাৰিখত কচ্ছত প্ৰায় আঢ়ৈ হাজাৰ ‘মেগাৱাট’ বিজুলী সৌৰ আৰু বায়ু শক্তি প্ৰকল্পৰ পৰা উত্পাদিত হয়. আজি কচ্ছৰ খাৱৰাত সকলোতকৈ ডাঙৰ ‘সৌৰ-বায়ু হাইব্ৰিড পাৰ্ক’ নিৰ্মিত হৈছে। দেশত আজি চলা ‘হাইড্ৰজেন অভিযান’ত গুজৰাটৰ বহুত ডাঙৰ ভূমিকা আছে। এইদৰেই যেতিয়া গুজৰাট পৃথিৱীৰ ‘গ্ৰীণ হাইড্ৰজেন’ৰ ৰাজধানী হিচাপে পৰিচিতি লাভ কৰিবলৈ ধৰিছে, সেই ক্ষেত্ৰত কচ্ছৰ বহুত ডাঙৰ অৱদান আছে।

বন্ধুসকল,

কচ্ছৰ এইটো অঞ্চল, ভৰতৰেই নহয় সমগ্ৰ পৃথিৱীৰ বাবে এক উদাহৰণ হৈ উঠিছে। পৃথিৱীত এনে ঠাই খুউব কমেইহে আছে, যিখন ঠাই পশুপালনত আগত থাকে, ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত আগত থাকে, পৰ্যটনৰ ক্ষেত্ৰত আগত থাকে, কলা-সংস্কৃতিৰ ক্ষেত্ৰত আগত থাকে। কচ্ছৰ হাতত কি নাই? কচ্ছই, গুজৰাটে নিজৰ ঐতিহ্যক সম্পূৰ্ণ গৌৰৱৰে আপোন কৰি লোৱাৰ উদাহৰণো দেশৰ সন্মুখত দাঙি ধৰিছে।

এইবাৰ ১৫ আগষ্টত লালকিল্লাত মই দেশৰ পৰা আমাৰ ঐতিহ্যৰ প্ৰতি গৌৰৱবোধ কৰাৰ আহ্বান জনাইছিলো। বিগত ৭-৮ বছৰত আমাৰ ঐতিহ্যসমূহৰ প্ৰতি যি প্ৰবল আগ্ৰহ বঢ়া দেখিবলৈ পোৱা গৈছে, আজি সেয়া ভাৰতৰ শক্তি হিচাপে চিহ্নিত হ’বলৈ ধৰিছে। নিজৰ ঐতিহ্যৰ কথা আলোচনা কৰিবলৈ লওতে হীনমন্যতাবোধৰে ভৰাই তুলিব খোজা মানসিকতাৰ পৰা আজি ভাৰত ওলাই আহিবলৈ ধৰিছে।

এতিয়া চাওকচোন, আমাৰ কচ্ছৰ বাৰু কি নাই। নগৰ নিৰ্মাণৰ পৰা আদি কৰি আমাৰ বিশেষ পাৰ্গতালি ধোলাৱীৰাত দেখিবলৈ পোৱা যায়। যোৱাটো বছৰত মাত্ৰ ধোলাৱীৰাই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিছে। ধোলাৱীৰাৰ প্ৰতিডোখৰ ইটাই আমাৰ পূৰ্বজসকলৰ কৌশল, তেওঁলকোৰ জ্ঞান-বিজ্ঞানৰ কথা সোঁৱৰায়। যেতিয়া পৃথিৱীৰ অনেক সভ্যতাই আৰম্ভণিৰ পৰ্যায়তে আছিল, তেতিয়াই আমাৰ পূৰ্বজসকলে ধোলাৱীৰাৰ দৰে বিকশিত চহৰ নিৰ্মাণ কৰিছিল।

সেইদৰেই মাণ্ডৱী জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত অগ্ৰণী আছিল। আমাৰ ইতিহাস, আমাৰ ঐতিহ্য আৰু আমাৰ স্বতন্ত্ৰতা সেনানীসকলৰ প্ৰতি ইমানেই নিৰ্দয় আছিল তাৰ এক উদাহৰণ আমাৰ শ্যামজী কৃষ্ণ বৰ্মাজীৰেও জড়িত। স্বাধীনতাৰ পিচত কেবা দশক ধৰি তেওঁৰ অস্থি পৰ্যন্ত বিদেশী থাকি গৈছিল। মুখ্যমন্ত্ৰী হিচাপে এয়া মোৰ সৌভাগ্য আছিল যে তেওঁৰ অস্থি আনি মই মাতৃভূমিক অৰ্পিত কৰিছিলো। আজি যেতিয়া দেশৰ স্বাধীনতাৰ অমৃত মহোত্সৱ উদযাপন কৰি থকা হৈছে, তেতিয়া গুজৰাট বাসী, দেশবাসীয়ে মাণ্ডৱীত নিৰ্মিত ‘ক্ৰান্তিতীৰ্থ’ত তেওঁলোকে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব পাৰিছে।

‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ বাবে কৃষক-পশুপালকৰ জীৱনলৈ পৰিৱৰ্তন অনাৰ বাবে, যিগৰাকী চৰ্দাৰ চাহাবে নিজকে উচৰ্গা কৰিছিল, তেওঁ প্ৰতিমূৰ্তি ‘ষ্টেচ্যু অব ইউনিটী’ও আজি দেশৰ সন্মান হৈ উঠিছে। প্ৰতিদিনে হাজাৰ হাজাৰ পৰ্যটকে ইয়াৰ পৰা অনুপ্ৰাণিত হৈ, ৰাষ্ট্ৰীয় একতাৰ সংকল্প গ্ৰহণ কৰি আগবঢ়াৰ প্ৰেৰণা লয়।

বন্ধুসকল,

বিগত দুটা দশকত কচ্ছৰ, গুজৰাটৰ এই ঐতিহ্যক সংৰক্ষিত কৰাৰ বাবে, পৃথিৱীৰ সন্মুখলৈ লৈ অনাৰ বাবে নিয়ন্তৰ প্ৰয়াস কৰি থকা হৈছে। কচ্ছৰ ৰণ, ‘ধোৰড়ো টেণ্ট চিটী’, ‘মাণ্ডৱী বিচ্ছ’ আজিৰ তাৰিখত দেশৰ বৃহত্ পৰ্যটন স্থল হিচাপে পৰিগণিত হৈছে। ইয়াৰ কাৰিকৰী, হ্স্তশিল্পীসকলে সাজি উলিওৱা সা-সামগ্ৰী আজি প্ৰান্তে প্ৰান্তে যাবলৈ ধৰিছে। নিৰোনা, ভূজড়ী আৰু অজৰখপুৰৰ দৰে গাঁওসমূহৰ হস্তশিল্পই আজি দেশে-বিদেশে প্ৰসিদ্ধি লভিবলৈ লৈছে। কচ্ছৰ ‘ৰোগন কলা’, ‘মাড আৰ্ট’ ‘বান্ধনী’, ‘অজৰখ প্ৰিণ্টিং’ৰ চৰ্চা সকলো ফালেই বাঢ়িবলৈ ধৰিছে। কচ্ছৰ ‘শ্বল’ আৰু কচ্ছৰ ‘কেৰাহি’য়ে ‘জিআই টেগ্’ লাভ কৰাৰ  পিচত ইয়াৰ চাহিদা অধিক বাঢ়িবলৈ ধৰিছে।

সেয়ে আজি গুৰাটতেই নহয়, বৰঞ্চ দেশৰ ভিতৰে-বাহিৰে চৰ্চা চলিবলৈ ধৰিছে যে ‘যিয়ে কচ্ছ দেখা নাই, তেওঁ একোৱেই দেখা নাই’। ইয়াৰ অধিক লাভ কচ্ছৰৰ, গুজৰাটৰ পৰ্যটনে আদায় কৰিব পাৰিছে। মোৰ নজোৱান প্ৰজন্মই আদায় কৰিব পাৰিছে। আজি ৰাষ্ট্ৰীয় ঘাইপথ নং ৪১ৰ বহলীকৰণৰ বাবে যি কাম আৰম্ভ হৈছে, তাৰ পৰা পৰ্যটকসকলৰতো সুবিধা হ’বই, সীমান্ত অঞ্চলৰ দিশৰ পৰাও এয়া অতিকে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

বন্ধুসকল,

ভাৰত-পাকিস্তানৰ যুদ্ধৰ সময়ত ইয়াৰ আই-ভনী-ছোৱালীসকলৰ পৰাক্ৰম, আজিও শ্ৰেষ্ঠ বীৰগাঁথাসমূহত লিখা হয়। কচ্ছৰ বিকাশ, সকলোৰে প্ৰয়াসৰে সৰ্থক পৰিৱৰ্তনৰ এক উত্তম উদাহৰণ। কচ্ছ কেৱল এডোখৰ স্থানেই নহয়, ভূ-ভাগৰ এটা অংশ নহয়, কচ্ছতো এক আৱেগ, জীৱন্ত ভাৱনা, উজ্জীৱিত এক মনোভাৱ। এয়া সেই ভাৱনা, যিয়ে আমাক ‘স্বাধীনতাৰ অমৃত কাল’ৰ বৃহত্ সংকল্পৰ সিদ্ধি পথ প্ৰদৰ্শিত কৰে।

কচ্ছৰ ভাই-ভনীসকলক আকৌ এবাৰ কওঁ যে আোপনালোকৰ ইয়াৰ মৰম, আপোনালোকৰ আশীৰ্বাদে কচ্ছৰতো ভাল কৰেই, ততোধিক তাৰ পৰা প্ৰেৰণা লৈ হিন্দুস্থানৰ প্ৰান্তে প্ৰান্তে কিবা কৰি দেখুওৱাৰ প্ৰেৰণা গ্ৰহণ কৰে। এয়া আপোনালোকৰ সক্তি বন্ধুসকল, সেয়ে মই কৈছিলো, কচ্ছৰ ‘ক’ আৰু খ খমীৰৰ ‘খ’। তাৰ নাম মোৰ ‘কচ্ছী বাৰ মাহ’।

আপোনালোকৰ স্বাগত সন্মানৰ বাবে, আপোনালোকৰ মৰমৰ বাবে মই হৃদয়ৰে আপোনালোকক কৃতজ্ঞতা প্ৰকাশ কৰিছো। ইয়াৰ ‘স্মৃতিবন’, এইখন পৃথিৱীৰ বাবে মহত্বৰ আকৰ্ষণ হ’ব। তাক চম্ভালি ৰখাৰ দায়িত্ব কচ্ছবাসীৰ, মোৰ ভাই-ভনীসকলৰ। এনে এটা কোণো থাকিব নালাগিব য’ত ঘন বনাঞ্চল গঢ়ি তোলা নহ’ব। আমি এই ‘ভূজিয়া দুংগৰ’ক সেউজীয়া কৰি তুলিবই লাগিব।

বন্ধুসকল, আপোনালোকে কল্পনা কৰিব নোৱাৰিব, যি শক্তি কচ্ছৰ ৰণোত্সৱ থাকে, তাতোকৈয়ো অধিক শক্তি আমাৰ এই ‘স্মৃতিবন’ত আছে। এই সুযোগ এৰি নিদিব ভাইসকল, বহুত সপোন বুকুত বান্ধি মই এই কাম কৰিছো। এটা বহুত ডাঙৰ সংকল্প লৈ এই কাম কৰিছো, আৰু সেই ক্ষেত্ৰত মই আপোনালোকৰ সক্ৰিয় অংশগ্ৰহণ কামনা কৰিম। অবিৰত সহযোগিতা বিচাৰিম। পৃথিৱীত মোৰ ‘ভূজিয়া ডুংগ’ৰ গুঞ্জৰিত হওক তাৰ বাবে মোক আপোনালোকৰ সহযোগিতা লাগে।

আকৌ এবাৰ আপোনালোক সকলোকে বিকাশৰ ইমানবোৰ পৰিযোজনাৰ বাবে বহুত বহুত অভিনন্দন আৰু বহুত বহুত শুভকামনা যাঁচিলো। আজি বহুত দিনৰ পিচত আহক মোৰ সৈতে উচ্চাৰণ কৰক-

মই ক’ম ‘নৰ্মদে’, আপোনালোকে ক’ব ‘সৰ্বদে’-

নৰ্মদে- সৰ্বদে!

নৰ্মদে- সৰ্বদে!

নৰ্মদে- সৰ্বদে!

বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s economy resilient despite West Asia headwinds

Media Coverage

India’s economy resilient despite West Asia headwinds
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi receives a phone call today from President of Sri Lanka
March 24, 2026
The two leaders discuss disruptions affecting global energy security.
Both leaders reiterate the importance of keeping shipping lines open and secure.
The two leaders review progress on various initiatives aimed at strengthening bilateral energy cooperation and enhancing regional security.
PM reiterates India’s firm commitment to work closely together in addressing shared challenges.

Prime Minister Shri Narendra Modi received a phone call today from the President of Sri Lanka, H.E. Anura Kumara Disanayaka.

The two leaders discussed the evolving situation in West Asia with an emphasis on disruptions affecting global energy security.

Both leaders reiterated the importance of keeping shipping lines open and secure in the interest of the whole world.

The two leaders reviewed progress on various initiatives aimed at strengthening India-Sri Lanka energy cooperation and enhancing regional security.

Prime Minister reiterated India’s firm commitment to work closely together in addressing shared challenges in line with India’s Neighbourhood First policy and MAHASAGAR Vision.

The two leaders agreed to stay in touch.