‘পুনে পৌৰ নিগম’ চৌহদত ছট্টপতি শিৱাজীৰ প্ৰতিমূৰ্তি উন্মোচন
ভিন্ন উন্নয়নী প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে ‘আৰ কে লক্ষ্মণ কলা বিথিকা তথা সংগ্ৰহালয়’ৰ দ্বাৰ উন্মোচন
“আমাৰ সকলোৰে হৃদয়ত বাস কৰি অহা শিৱাজী মহাৰাজৰ এই প্ৰতিমূৰ্তিয়ে যুৱ-প্ৰজন্মৰ মনত দেশপ্ৰেমৰ মানসিকতা উজ্জীৱিত কৰিব”
“পুনেই শিক্ষা, গৱেষণা তথা উন্নয়ণ, তথ্য প্ৰযুক্তি আৰু অটোমোবাইল ক্ষেত্ৰত নিজৰ স্থিতি নিৰন্তৰ সবল কৰি আহিছে। এনে প্ৰেক্ষাপটতে পুনেৰ জন সাধাৰণৰ বাবে আধুনিক সা-সুবিধাৰ প্ৰয়োনীয়তা আছে আৰু আমাৰ চৰকাৰে এই কথাৰ প্ৰতি দৃষ্টি ৰাখিয়েই কৰ্মত অগ্ৰসৰ হৈছে”।
“এই মেট্ৰোয়ে পুনেৰ যাতায়াত ব্যৱস্থা অধিক মসৃণ কৰাৰ লগতে প্ৰদূষণ আৰু ভিৰৰ পৰা সকাহ দান কৰি পুনেৰ জনসাধাৰণৰ জীৱন স্বাচ্ছন্দ্যপূৰ্ণ কৰি তুলিব”।
“দ্ৰুত গতিত প্ৰগতি লাভ কৰা আজিৰ ভাৰতত আমি গতিবেগ আৰু পৰিমাত্ৰাত গুৰুত্ব দিবই লাগিব। সেয়ে আমাৰ চৰকাৰে যুগুতাই উলিয়াইছে ‘পিএম-গতিশক্তি নেশ্যনেল মাষ্টাৰ প্লান”।
“চহৰ-পৰিকল্পনাৰ ক্ষেত্ৰত আধুনিকতাৰ লগতে পুনেৰ প্ৰচীন পৰম্পৰা আৰু মহাৰাষ্ট্ৰৰ গৌৰৱগাঁথাকো সম গুৰুত্ব প্ৰদান কৰা হৈছে”।

(মাৰাঠী ভাষাত শুভেচ্ছা জ্ঞাপন)

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগৎ সিং কোশিয়াৰী জী, মোৰ কেবিনেট সতীৰ্থ ৰামদাস আঠৱালে জী, উপ মুখ্যমন্ত্ৰী শ্ৰী অজিত পাৱাৰ জী, মহাৰাষ্ট্ৰ চৰকাৰৰ অন্যান্য মন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাডনভিছ জী, মোৰ সংসদ সতীৰ্থ প্ৰকাশ জাভড়েকাৰ জী, আন-আন সাংসদ, বিধায়ক, পুনেৰ মেয়ৰ মুৰুলীধৰ মোহল জী, পিম্প্ৰি চিঞ্চৱাডৰ মেয়ৰ শ্ৰীমতী মাই ধৰে জী, ইয়াত উপস্থিত থকা আন সকলো গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল!

সম্প্ৰতি দেশখনে স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে 'আজাদী কা অমৃত মহোৎসৱ' উদযাপন কৰি আছে। ভাৰতৰ স্বাধীনতাত পুনেৰ এক ঐতিহাসিক অৱদান আছে। লোকমান্য তিলক, চাপেকাৰ ভ্ৰাতৃ, গোপাল গণেশ আগৰকাৰ, সেনাপতি বাপত, গোপাল কৃষ্ণ দেশমুখ, আৰজি ভাণ্ডাৰকাৰ, মহাদেৱ গোবিন্দ ৰাণাদে জী- মই এই মাটিৰ সকলো স্বাধীনতা সংগ্ৰামীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।

আজি মহাৰাষ্ট্ৰৰ উন্নয়নৰ বাবে সমৰ্পিত ৰামভাউ মালগীৰ মৃত্যু বাৰ্ষিকীও। আজি মই বাবাচাহেব পুৰন্দৰে জীকো সন্মান সহকাৰে স্মৰণ কৰিছো। কিছু সময় পূৰ্বে মোৰ ছত্ৰপতি শিৱাজী মহাৰাজৰ বিশাল মূৰ্তি উদ্বোধনৰ সৌভাগ্য হৈছিল। ছত্ৰপতি শিৱাজী মহাৰাজ জীৰ এই মূৰ্তি, যি আমাৰ হৃদয়ত চিৰন্তন, যিয়ে যুৱ প্ৰজন্ম, ভৱিষ্যৎ প্ৰজন্মৰ মাজত দেশপ্ৰেমৰ উদ্দীপনা প্ৰোথিত কৰিব।

আজি পুনেৰ উন্নয়ন সম্পৰ্কীয় আন কেইবাটাও প্ৰকল্প উদ্বোধন কৰা হৈছে বা এইসমূহৰ আধাৰশিলা স্থাপন কৰা হৈছে। আপোনাসৱে পূৰ্বে পুনে মেট্ৰ'ৰ আধাৰশিলা স্থাপন কৰিবলৈ আমন্ত্ৰণ জনোৱা কাৰ্য্যত মই নিজকে সৌভাগ্যৱান অনুভৱ কৰো। আৰু এতিয়া আপোনাসৱে মোক এয়া উদ্বোধন কৰাৰ সুযোগ প্ৰদান কৰিছে। পূৰ্বে, আধাৰশিলা স্থাপন কৰোতে এয়া কেতিয়া উদ্বোধন কৰা হ'ব, সেয়া কোনেও নাজানিছিল।

বন্ধুসকল,

এই কাৰ্য্যসূচী গুৰুত্বপূৰ্ণ কিয়নো পৰিকল্পনাৰাজি যে সময়মতে সম্পূৰ্ণ কৰিব পাৰি, ই উক্ত বাৰ্তাও বহন কৰিছে। আজি মুলা-মুথা নদীক প্ৰদূষণ মুক্ত কৰিবলৈ ১১০০ কোটি টকাৰ প্ৰকল্পৰ কামো আৰম্ভ কৰা হৈছে। আজি পুনেতো ই-বাছ আছে। বেনাৰত ই-বাছৰ ডিপো উদ্বোধন কৰা হৈছে। মই ঊষা জীক এই সকলোৰে বাবে অভিনন্দন জনাইছো। আজি, পুনেয়ে আৰ কে লক্ষ্মণ জীলৈ উৎসৰ্গিত এক কলা বীথিকা সংগ্ৰহালয়ৰ ৰূপত আন এটা আশ্চৰ্য্যকৰ উপহাৰ লাভ কৰিছে। মই ঊষা জী আৰু তেওঁৰ গোটেই পৰিয়ালক অভিনন্দন জনাইছো কিয়নো মই তেওঁৰ সৈতে নিৰন্তৰভাৱে যোগাযোগ কৰি আছো। মই তেওঁৰ উৎসাহ, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমক অভিনন্দন জনাইছো। তেওঁ কামটো সম্পূৰ্ণ কৰিবলৈ দিনে-ৰাতিয়ে কাম কৰিছিল। ঊষা জী আৰু গোটেই পৰিয়ালটোলৈ মোৰ শুভেচ্ছা জনাইছো। আজি মই পুনেৰ জনসাধাৰণক এই সকলো সুবিধাৰ বাবে অভিনন্দন জনাইছো আৰু লগতে আমাৰ মেয়ৰ আৰু সমগ্ৰ টীম উভয়কে ক্ষীপ্ৰতাৰে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰে আগবাঢ়ি যোৱাৰ বাবে অভিনন্দন জনাইছো।

ভ্ৰাতৃ আৰু ভগ্নীসকল,

পুনে ইয়াৰ সাংস্কৃতিক, আধ্যাত্মিক আৰু দেশপ্ৰেমিক চেতনাৰ বাবে খ্যাত। আৰু একে সময়তে, পুনেয়ে শিক্ষা, গৱেষণা আৰু বিকাশ, তথ্য-প্ৰযুক্তি আৰু অট’ম’বাইলৰ ক্ষেত্ৰত নিৰন্তৰভাৱে নিজৰ পৰিচয় শক্তিশালী কৰি আহিছে। এনে পৰিস্থিতিত, আধুনিক সুবিধাৰাজি হৈছে পুনেৰ জনসাধাৰণৰ প্ৰয়োজনীয়তা। আৰু আমাৰ চৰকাৰে পুনেৰ জনসাধাৰণৰ এই প্ৰয়োজনীয়তাৰ কথা মনত ৰাখি অসংখ্য ক্ষেত্ৰত কাম কৰি আছে। মই ক্ষন্তেক পূৰ্বে গাৰৱেৰৰপৰা আনন্দ নগৰলৈ পুনে মেট্ৰ'ৰ জৰিয়তে ভ্ৰমণ কৰিছিলো। এই মেট্ৰ'ই পুনেত গতিশীলতা (mobility) সহজ কৰিব, প্ৰদূষণ আৰু যান-যঁটৰপৰা সকাহ দিব আৰু একে সময়তে পুনেৰ লোকসকলৰ ইজ অৱ লিভিঙৰ বৰ্ধন ঘটাব। ৫-৬ বছৰ পূৰ্বে, দেৱেন্দ্ৰ জী ইয়াৰ মুখ্যমন্ত্ৰী থাকোতে, তেওঁ এই প্ৰকল্পটোৰ বাবে মাজে-মাজে দিল্লীলৈ গৈছিল। অতি আগ্ৰহ আৰু উৎসাহেৰে তেওঁ এই প্ৰকল্পটো অনুসৰণ কৰিব। মই তেওঁৰ প্ৰচেষ্টাক প্ৰশংসা কৰিব খুজিছো।

বন্ধুসকল,

ক’ৰোনা মহামাৰীটোৰ মাজতো এই শাখাটো আজি সেৱাৰ বাবে সাজু। পুনে মেট্ৰ'ৰ পৰিচালনাৰ বাবে সৌৰ শক্তিও ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছে। ই প্ৰতি বছৰে প্ৰায় ২৫ হাজাৰ টন কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমন ৰোধ কৰিব। মই এই প্ৰকল্পটোৰ সৈতে জড়িত সকলো লোক, বিশেষকৈ সকলো শ্ৰমিকলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আপোনাসৱৰ অৱদান পুনেৰ পেছাদাৰী, ইয়াৰ শিক্ষাৰ্থীসকলৰ লগতে ইয়াৰ সাধাৰণ নাগৰিকসকলৰ বাবে যথেষ্ট সহায়ক হ'ব।

বন্ধুসকল,

আমাৰ দেশত কিমান ক্ষীপ্ৰতাৰে নগৰীকৰণ অব্যাহত আছে, সেয়া আপোনালোক সকলোৱে ভালদৰে জানে। ২০৩০ ৰ ভিতৰত আমাৰ নগৰীয়া জনসংখ্যাই ৬০ কোটি অতিক্ৰম কৰিব বুলি বিশ্বাস কৰা হয়। চহৰসমূহৰ বৰ্ধিত জনসংখ্যাই ইয়াৰ লগত কেৱল কেইবাটাও সুযোগেই নহয় প্ৰত্যাহ্বানো কঢ়িয়াই আনিছে। চহৰসমূহত কেৱল কিছু পৰিমাণেহে ফ্লাইঅ’ভাৰ নিৰ্মাণ কৰিব পাৰি। জনসংখ্যা বৃদ্ধি হোৱাৰ লগে-লগে, কিমানখন ফ্লাইঅ’ভাৰ নিৰ্মাণ কৰিব পাৰি? আপুনি ইয়াক ক'ত নিৰ্মাণ কৰিব? আপুনি কিমানটা পথ বহল কৰিব পাৰে? আপুনি এনে ক'ত কৰিব? এনে পৰিস্থিতিত, আমাৰ ওচৰত কেৱল এটাই বিকল্প আছে- সেয়া হৈছে গণ পৰিবহণ। আমি গণ পৰিবহণৰ প্ৰণালী অধিক গঢ়ি তোলাটো আৱশ্যকীয়। সেয়েহে আজি আমাৰ চৰকাৰে গণ পৰিবহণ, বিশেষকৈ মেট্ৰ' সংযোগৰ মাধ্যমৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিছে।

২০১৪ লৈকে, দেশখনৰ কেৱল দিল্লী-এনচিআৰ অঞ্চলত মেট্ৰ'ৰ ব্যাপক সম্প্ৰসাৰণ কৰা হৈছিল। ই সেই সময়ত মাত্ৰ ১ বা ২ খন চহৰত উপলব্ধ হ'বলৈ আৰম্ভ কৰিছিল। কিন্তু আজি দেশখনৰ ২ ডজনৰো অধিক চহৰত মেট্ৰ' কাৰ্য্যক্ষম হৈ পৰিছে নতুবা শীঘ্ৰেই আৰম্ভ হ'ব। মহাৰাষ্ট্ৰৰো ইয়াত অংশ আছে। মুম্বাইয়ে হওঁক, পুনে-পিম্প্ৰি চিঞ্চৱাডেই হওঁক, থানে বা নাগপুৰেই হওঁক, আজি মহাৰাষ্ট্ৰৰ মেট্ৰ' নেটৱৰ্ক অতিশয় ক্ষীপ্ৰতাৰে সম্প্ৰসাৰিত হৈছে।

আজি এই উপলক্ষে মই পুনে আৰু সম্প্ৰতি মেট্ৰ' চলি থকা প্ৰতিখন চহৰৰ লোকসকলক অনুৰোধ জনাব খুজিছো। মই সমাজৰ উচ্চ স্তৰলৈ এটা বিশেষ অনুৰোধ কৰিব খুজিছো যে আমি যিমানেই ডাঙৰ, ধনী বা প্ৰভাৱশালী নহওঁ কিয়, সমাজৰ প্ৰতিটো শ্ৰেণীয়ে মেট্ৰ' ৰে'লৰ জৰিয়তে ভ্ৰমণৰ অভ্যাস গঢ়ি তুলিব লাগে। আপুনি মেট্ৰ'ৰ জৰিয়তে যিমানেই ভ্ৰমণ কৰিব, আপুনি আপোনাৰ চহৰখনক সিমানেই সহায় কৰিব।

ভ্ৰাতৃ আৰু ভগ্নীসকল,

একবিংশ শতিকাৰ ভাৰতত আমি আমাৰ চহৰসমূহৰ আধুনিকীকৰণ কৰিব লাগিব আৰু সেইসমূহত নতুন সুবিধা যোগ দিব লাগিব। ভৱিষ্যতৰ ভাৰতৰ চহৰৰ কথা মনত ৰাখি, আমাৰ চৰকাৰে একেলগে কেইবাটাও প্ৰকল্পৰ কাম অব্যাহত ৰাখিছে। আমাৰ চৰকাৰে প্ৰতিখন চহৰত অধিক সংখ্যক সেউজ পৰিবহণ, বৈদ্যুতিক বাছ, বৈদ্যুতিক গাড়ী, বৈদ্যুতিক দুচকীয়া বাহন আৰু স্মাৰ্ট গতিশীলতা নিশ্চিতকৰণৰ অৰ্থে চেষ্টা কৰি আছে; জনসাধাৰণে পৰিবহণ সুবিধাৰ বাবে কেৱল এখন কাৰ্ড ব্যৱহাৰ কৰি আছে; সুবিধাটো স্মাৰ্ট কৰিবলৈ প্ৰতিখন চহৰতে সংহত কমাণ্ড এণ্ড কনট্ৰল চেন্টাৰ আছে; চাৰ্কুলাৰ অৰ্থনীতিক সুদৃঢ় কৰিবলৈ প্ৰতিখন চহৰতে আধুনিক আৱৰ্জনা ব্যৱস্থাপনা প্ৰণালী আছে; পানীৰ উৎসৰ উন্নত সংৰক্ষণৰ লগতে প্ৰতিখন চহৰতে পৰ্য্যাপ্ত পানীৰ উপলব্ধতাৰ বাবে যথোচিত আধুনিক নৰ্দমা শোধন প্ৰকল্প আছে। চৰকাৰখনে লগতে 'আৱৰ্জনাক সম্পদলৈ' (Waste to Wealth) প্ৰণালী সৃষ্টি কৰিবলৈ প্ৰতিখন চহৰতে গোবৰ্ধন প্ৰকল্প ৰূপায়ণ হোৱাটো নিশ্চিত কৰিছে; জৈৱ গেছ প্ৰকল্প থকা; প্ৰতিখন চহৰে শক্তি দক্ষতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা আৰু প্ৰতিখন চহৰৰ পথসমূহ স্মাৰ্ট এলইডি বাল্বেৰে আলোকিত হোৱাটো নিশ্চিত কৰিছে। আমি এই দৃষ্টিৰে আগবাঢ়িছো।

চহৰসমূহত খোৱা পানী আৰু নিষ্কাশনৰ পৰিস্থিতিৰ অগ্ৰগতি সাধনৰ বাবে, আমি অম্ৰুত মিছন (AMRUT Mission) ৰ অধীনত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছো। এই আইনৰ অনুপস্থিতিৰ বাবে এসময়ত অসুবিধাত পৰা মধ্যবিত্ত পৰিয়ালসমূহক সহায় কৰিবলৈ আমি আৰইআৰএ ৰ দৰে আইনো যুগুত কৰিছিলো; যিয়ে পৰিশোধ কৰা সত্বেও ঘৰ পাবলৈ বহু বছৰ অপেক্ষা কৰিবলগীয়া হৈছিল। কাগজত দিয়া প্ৰতিশ্ৰুতিসমূহ কেতিয়াও পূৰণ কৰা হোৱা নাছিল। তেওঁলোকে ঘৰৰ বাহিৰে কেৱল প্ৰতিশ্ৰুতিহে লাভ কৰিছিল। সেয়েহে, কেইবাটাও প্ৰত্যাহ্বান আছিল। এক প্ৰকাৰে, আমাৰ মধ্য-বিত্ত পৰিয়ালসমূহে, যিসকলে সমগ্ৰ জীৱনৰ সঞ্চয়ৰে এটা ঘৰ নিৰ্মাণ কৰিব বিচাৰিছিল, ঘৰটো নিৰ্মাণ হোৱাৰ পূৰ্বেই প্ৰতাৰিত হোৱা বুলি অনুভৱ কৰিছিল। এই আৰইআৰএ আইনে মধ্যবিত্ত শ্ৰেণীৰ লোকসকলক সুৰক্ষা প্ৰদানৰ বাবে এক মহান কাম কৰি আছে, যিসকলে এটা ঘৰ নিৰ্মাণ কৰিব বিচাৰে। আমি চহৰসমূহত উন্নয়নৰ বাবে এক সুস্থ প্ৰতিযোগিতাৰো বিকাশ সাধন কৰি আছো যাতে পৰিষ্কাৰ-পৰিচ্ছন্নতা স্থানীয় সংস্থাসমূহৰ মুখ্য কেন্দ্ৰবিন্দু হৈ পৰে। নগৰ পৰিকল্পনাৰ সৈতে সম্পৰ্কীয় এই বিষয়সমূহকো এই বৰ্ষৰ বাজেটত যথেষ্ট মনোযোগ দিয়া হৈছে।

ভ্ৰাতৃ আৰু ভগ্নীসকল,

পুনেৰ পৰিচয় সেউজ ইন্ধনৰ কেন্দ্ৰ হিচাপেও বিকশিত কৰা হৈছে। আমি জৈৱ ইন্ধন, ইথানল, প্ৰদূষণৰপৰা পৰিত্ৰাণ পাবলৈ, খাৰুৱা তেলৰ ওপৰত বৈদেশিক নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ আৰু কৃষকৰ আয় বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। পুনেত বৃহৎ পৰিমাণে ইথানল ব্লেণ্ডিঙৰ ব্যৱস্থা স্থাপন কৰা হৈছে। ইয়াৰ জৰিয়তে, এই অঞ্চলৰ আশে-পাশে থকা কুঁহিয়াৰ খেতিয়কসকলো যথেষ্ট লাভান্বিত হ'ব। আজি, পৌৰ নিগমে পুনেক পৰিষ্কাৰ আৰু সুন্দৰ কৰি তুলিবলৈ কেইবাটাও প্ৰকল্প আৰম্ভ কৰিছে। পুনেক সঘন বান পানী আৰু প্ৰদূষণৰপৰা মুক্ত কৰিবলৈ শ-শ কোটি টকাৰ এই প্ৰকল্পসমূহ অতি উপযোগী হ'ব। কেন্দ্ৰীয় চৰকাৰখনে মুলা-মুথা নদীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সৌন্দৰ্য্যবৰ্ধনৰ বাবে পুনে পৌৰ নিগমক সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে। নদীসমূহ পুনৰুজ্জীৱিত হোৱা মাত্ৰেকে চহৰখনৰ লোকসকলেও এক বৃহৎ সকাহ, এক নতুন শক্তি লাভ কৰিব।

আৰু মই চহৰসমূহত বাস কৰা লোকসকলক তাৰিখ নিৰ্ধাৰণৰ পিছত বছৰত এবাৰ নদী উৎসৱ উদযাপন কৰিবলৈ অনুৰোধ কৰিম। আমি নদীখনৰ প্ৰতি শ্ৰদ্ধাৰ অনুভূতি জাগ্ৰত কৰা উচিত, নদীখনৰ গুৰুত্ব উপলব্ধি কৰা উচিত আৰু পৰিবেশৰ দৃষ্টিকোণৰপৰা প্ৰশিক্ষণ গ্ৰহণ কৰা উচিত। তেতিয়াহে আমি আমাৰ নদীসমূহৰ গুৰুত্ব বুজি পাম। তেতিয়াহে আমি প্ৰতিটো টোপাল পানীৰ গুৰুত্ব বুজি পাম।

বন্ধুসকল,

যিকোনো দেশতে আধুনিক আন্তঃগাঁথনিৰ বিকাশৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল গতি আৰু স্কেল। কিন্তু কেইবা দশক ধৰি, আমাৰ এনে ধৰণৰ ব্যৱস্থা আছিল যাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহ সম্পূৰ্ণ হ'বলৈ দীঘলীয়া সময়ৰ প্ৰয়োজন হৈছিল। এই মন্থৰ মনোভাৱে দেশখনৰ উন্নয়নকো প্ৰভাৱিত কৰি আহিছে। আজি ক্ষীপ্ৰতাৰে বিকশিত হোৱা ভাৰতত আমি গতিৰ লগতে স্কেলৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। সেয়েহে আমাৰ চৰকাৰে প্ৰধানমন্ত্ৰী-গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন প্ৰস্তুত কৰিছে। আমি দেখিছো যে প্ৰায়েই প্ৰকল্প ৰূপায়ণ পলম হোৱাৰ কাৰণ হৈছে বিভিন্ন বিভাগ, বিভিন্ন মন্ত্ৰালয় আৰু চৰকাৰসমূহৰ মাজত সমন্বয়ৰ অভাৱ। ফলস্বৰূপে, আনকি যেতিয়া এটা প্ৰকল্প বহু বছৰৰ পিছত সম্পূৰ্ণ হৈছিল, ই পুৰণি হৈ পৰিছিল আৰু ইয়াৰ প্ৰাসংগিকতা হেৰাই গৈছিল।

প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনে এই সকলো অসংগতি আঁতৰাবলৈ কাম কৰিব। যেতিয়া এক একত্ৰিত মনোযোগেৰে কাম কৰা হয় আৰু প্ৰতিজন অংশীদাৰৰ ওচৰত পৰ্য্যাপ্ত তথ্য থাকে, তেতিয়া আমাৰ প্ৰকল্পসমূহো সময়মতে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা অধিক হ'ব। ফলস্বৰূপে, জনসাধাৰণৰ সমস্যা হ্ৰাস হ'ব, দেশখনৰ ধন ৰাহি হ'ব আৰু জনসাধাৰণেও সোনকালে ব্যৱস্থাসমূহ লাভ কৰিব।

ভ্ৰাতৃ আৰু ভগ্নীসকল,

মই আনন্দিত যে আধুনিকতাৰ লগতে পুনেৰ ইতিহাস আৰু পৰম্পৰাৰ সৈতে মহাৰাষ্ট্ৰৰ গৌৰৱক নগৰ পৰিকল্পনাত সমানেই স্থান দিয়া হৈছে। এই ভূমি সন্ত দ্ন্যানেশ্বৰ আৰু সন্ত তুকাৰামৰ দৰে অনুপ্ৰেৰণাদায়ক সাধুসকলৰ। মোৰ মাত্ৰ কেইমাহমান পূৰ্বে শ্ৰীশান্ত দ্ন্যানেশ্বৰ মহাৰাজ পালখি মাৰ্গ আৰু সন্ত তুকাৰাম মহাৰাজ পালখি মাৰ্গৰ আধাৰশিলা স্থাপনৰ সৌভাগ্য হৈছিল। ইয়াৰ ইতিহাসক গৌৰৱান্বিত কৰি আধুনিকতাৰ এই বিকাশ যাত্ৰা এনেদৰেই অব্যাহত থাকক। এই ইচ্ছাৰে পুনেৰ সকলো লোককে আকৌ এবাৰ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো!

বহু-বহু ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways clears ₹755-crore project to build third line between Champa and Korba

Media Coverage

Indian Railways clears ₹755-crore project to build third line between Champa and Korba
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister hails India-UK Comprehensive Economic and Trade Agreement as a historic milestone for bilateral relations
June 17, 2026

The Prime Minister, Shri Narendra Modi, has expressed delight that the India-UK Comprehensive Economic and Trade Agreement will enter into force on 15 July 2026.

The Prime Minister said that the agreement will significantly boost bilateral trade and investment.

Shri Modi stated that the agreement will unlock numerous opportunities for Indian farmers, workers, MSMEs, startups and innovators and contribute meaningfully to the realisation of Viksit Bharat 2047.

The Prime Minister noted that both he and UK Prime Minister Keir Starmer, who are in Evian for the G7 Summit, are very happy with the significant momentum being added to India-UK economic ties.

The Prime Minister wrote on X;

“A historic milestone for India-UK relations.

Delighted to note that the India-UK Comprehensive Economic and Trade Agreement will enter into force on 15th July 2026.

This agreement will significantly boost our bilateral trade and investment.

It will also unlock numerous opportunities for Indian farmers, workers, MSMEs, startups and innovators and contribute meaningfully to the realisation of Viksit Bharat 2047.

Both PM Starmer and I, who are in Evian for the G7 Summit, are naturally very happy with the significant momentum being added to our economic ties.

@Keir_Starmer”