Pays tribute to Bharat Ratna Jayaprakash Narayan and Bharat Ratna Nanaji Deshmukh
“There has never been such a decisive government in India, major reforms in the Space Sector and Space Tech are an example of this”
“Government's approach to space reforms is based on 4 pillars”
“The space sector is a major medium for the progress of 130 crore countrymen. For India, the space sector means better mapping, imaging and connectivity facilities for the common people”
“Aatmnirbhar Bharat campaign is not just a vision but also a well-thought, well-planned, integrated economic strategy”
“The government is moving ahead with a clear policy regarding public sector enterprises and is opening most of these sectors to private enterprises where the government is not required. The decision regarding Air India shows our commitment and seriousness”
“During the last 7 years, space technology has been converted into a tool of last-mile delivery and leakage-free, transparent governance”
“To develop a strong startup ecosystem, a platform approach is very important. A platform system is an approach where the government creates open-access public controlled platforms and makes them available to the industry and enterprises. Entrepreneurs prepare new solutions on this basic platform”

আপোনালোকৰ পৰিকল্পনা, আপোনালোকৰ ভাবনা আৰু দূৰদৃষ্টিৰ কথা শুনি, আপোনালোকৰ সকলোৰে উৎসাহ আৰু উদ্দীপনা দেখি মোৰ উৎসাহ বাঢ়ি গৈছে।

বন্ধুসকল,

আজি আমাৰ মহান দেশৰ দুই মহান সুপুত্র, ভাৰতৰত্ন শ্রী জয়প্রকাশ নাৰায়ণজী আৰু ভাৰতৰত্ন শ্রী নানাজি দেশমুখজীৰ জন্মজয়ন্তীও। স্বাধীনতা পৰবর্তী ভাৰতক সঠিক লক্ষ্যত পথ প্রদর্শনৰ ক্ষেত্রত এই দুই মহান ব্যক্তিৰ বহু ডাঙৰ ভূমিকা আছে। সকলোকে লগত লৈ, সকলোৰে প্রচেষ্টাক সম্মিলিত কৰি দেশলৈ কেনেকৈ বৃহৎ বৃহৎ পৰিবর্তন আহে, তেওঁলোকৰ এই জীৱনদর্শনেই আমাক আজিও সম্মিলিতভাবে কাম কৰাৰ প্রেৰণা যোগায়। মই জয়প্রকাশজী আৰু নানাজি দেশমুখজীক প্রণাম জনাইছো, মোৰ শ্রদ্ধাঞ্জলি জনাইছো।

বন্ধুসকল,

একবিংশ শতাব্দীৰ ভাৰত আজি যি ভাবনা লৈ আগবাঢ়ি গৈছে, যি ধৰণৰ সংস্কাৰসাধন কৰিছে তাৰ ভিত্তি হ'ল ভাৰতৰ নিজস্ব সামর্থ্যৰ ওপৰত অটুট বিশ্বাস। ভাৰতৰ সামর্থ্য বিশ্বৰ সকলো অগ্রগামী দেশতকৈ কোনো গুণে কম নহয়। এই সামর্থ্যৰ সন্মুখত প্রতিবন্ধক হৈ উঠা সকলো ধৰণৰ প্রতিকূলতাক দূৰ কৰাটো আমাৰ চৰকাৰৰ দায়িত্ব আৰু এই দায়িত্ব পালন কৰিবলৈ চৰকাৰ কোনো প্ৰকাৰে পিছুৱাই থাকিবলৈ ৰাজি নহয়। আজি ভাৰতত যেনেকৈ দৃঢ় সঙ্কল্প গ্রহণকাৰী চৰকাৰ আছে, তেনেকুৱা আগতে কেতিয়াও নাছিল। মহাকাশ ক্ষেত্রত আৰু মহাকাশ প্রযুক্তি লৈ আজি ভাৰতত যি বৃহৎ বৃহৎ সংস্কাৰ হৈছে, সেইবিলাক এই দৃঢ় সিদ্ধান্ত গ্রহণ কৰাৰ ফলতেই সম্ভব হৈছে। মই আজি ইণ্ডিয়ান স্পেচ এছ'চিয়েশ্যন – ইছপা গঠনৰ বাবে আপোনালোক সকলোকে আকৌ এবাৰ শুভেচ্ছা জনাইছো, সকলোকে মোৰ শুভকামনা জনাইছো।

বন্ধুসকল,

আমি যেতিয়া মহাকাশ ক্ষেত্রত সংস্কাৰৰ কথা কওঁ, তেতিয়া আমাৰ ভাবনা চাৰিটা স্তম্ভৰ ভিত্তিত বিকশিত হয়। প্রথমটো হ'ল, বেচৰকাৰী ক্ষেত্রত উদ্ভাবনক স্বাধীনতা; দ্বিতীয়টো হ'ল, চৰকাৰৰ ভূমিকা হ'ব অনুঘটকৰ; তৃতীয়টো হ'ল, ভৱিষ্যতৰ বাবে নবীন প্রজন্মক প্ৰস্তুত কৰা আৰু চতুর্থটো হ'ল, মহাকাশ ক্ষেত্রক সাধাৰণ মানুহৰ উন্নয়নৰ ক্ষেত্রত সম্পদ ৰূপে বিবেচনা কৰা। আমাৰ দেশে এই চাৰিটা স্তম্ভৰ সুদৃঢ় ভিত্তি নিজৰ পৰাই অসাধাৰণ সকলো সম্ভাবনাৰ দুৱাৰ খুলি দিছে।

বন্ধুসকল,

আপোনালোকে হয়তো এই কথা স্বীকাৰ কৰিব যে আগেয়ে আমাৰ দেশত মহাকাশ ক্ষেত্রৰ মানে আছিল এটা চৰকাৰী পৰিচালনাধীন ব্যৱস্থা। কিন্তু আমি চৰকাৰৰ দায়িত্ব লৈ আৰম্ভণিতেই এই মানসিকতাটোক ওলোটাই দিছো। তাৰ পিছত মহাকাশ ক্ষেত্রত উদ্ভাবনৰ বাবে চৰকাৰ আৰু ষ্টাৰ্ট-আপবিলাকে পৰস্পৰৰ সহযোগিতাত মহাকাশ ক্ষেত্রত আগবাঢ়ি যোৱাৰ উদ্যোগ লৈছে। এই নতুন ভাবনা, নতুন মন্ত্র ইয়াৰ বাবে প্রয়োজনীয় কাৰণ, ভাৰতৰ বাবে এটা লিনিয়াৰ ইনোভেশন অর্থাৎ পৰীক্ষানিৰীক্ষামূলক উদ্ভাবনৰ সময় নহয়। এই সময়টো হ'ল এক্সপোনেনশিয়েল ইনোভেশন অর্থাৎ যি উদ্ভাবনৰ পৰা উপার্জন কৰা সম্ভব, তেনেকুৱা উদ্ভাবনৰ পথত অগ্ৰসৰ হোৱা। আৰু এইটো তেতিয়াহে সম্ভব হ'ব যেতিয়া ইয়াত চৰকাৰে হেণ্ডলাৰ কিংবা পৰিচালকৰ ভূমিকাত নাইৰ পৰা এনাব্লাৰ কিংবা অনুঘটকৰ ভূমিকা পালন কৰিব। সেই বাবে আজি প্রতিৰক্ষাৰ পৰা আৰম্ভ কৰি মহাকাশ ক্ষেত্র পর্যন্ত চৰকাৰে নিজৰ বিশেষজ্ঞসকলৰ মাধ্যমত বেচৰকাৰী ক্ষেত্রৰ লঞ্চপেড প্ৰস্তুত কৰাৰ বাবেও সাহায্যৰ হাত আগবঢ়াই দিছে। আজি ইণ্ডিয়ান ছেটেলাইট ৰিছার্চ অর্গেনাইজেশনৰ সকলো সুযোগ-সুবিধাক বেচৰকাৰী ক্ষেত্রৰ বাবে উন্মুক্ত কৰি দিয়া হৈছে। এতিয়া এই ক্ষেত্রত যিমান প্রযুক্তি গঢ়ি উঠিছে, সেইবিলাকক বেচৰকাৰী ক্ষেত্রৰ হাতলৈ হস্তান্তৰ প্রক্রিয়াক সুচাৰুৰূপে পালন কৰা হ'ব। আমাৰ যিমান নবীন উদ্ভাবক আছে, তেওঁলোকৰ প্রয়োজনীয় যন্ত্রপাতি আৰু বিভিন্ন গবেষণা সৰঞ্জাম কিনাৰ বাবে যাতে সময় আৰু প্রাণশক্তি খৰচ কৰিবলগীয়া নহয়, সেয়া সুনিশ্চিত কৰিবলৈ চৰকাৰে ‘স্পেচ এছেট’ আৰু পৰিসেৱাৰ বাবে এগ্রিগেটৰ বা উৎসাহবর্ধকৰ ভূমিকাও পালন কৰিব।

বন্ধুসকল,

বেচৰকাৰী ক্ষেত্রৰ অংশগ্রহণক সুচাৰুৰূপে সম্পূর্ণ কৰাৰ বাবে দেশে ‘ইন-স্পেচ’ৰ প্রতিষ্ঠা কৰিছে। এই ‘ইন-স্পেচ’য়ে মহাকাশ ক্ষেত্রৰ সৈতে যুক্ত সকলো বিষয়ক এটা ছিঙ্গল উইণ্ড', ইণ্ডিপেণ্ডেণ্ট এজেন্সি অর্থাৎ, স্বতন্ত্র সংস্থা হিচাপে ‘এখন খিৰিকি’ ব্যৱস্থা হিচাপে কাম কৰিব। ইয়াৰ ফলত, বেচৰকাৰী ক্ষেত্রৰ যিমান অংশগ্রহণকাৰী থাকিব, তেওঁলোকৰ প্রকল্পসমূহ বাস্তবায়নত অধিক গতি আহিব।

বন্ধুসকল,

আমাৰ মহাকাশ ক্ষেত্র ১৩০ কোটি ভাৰতবাসীৰ উন্নয়নৰ এটা ডাঙৰ মাধ্যম। আমাৰ বাবে মহাকাশ ক্ষেত্রৰ তাৎপর্য হ'ল সাধাৰণ নাগৰিকসকলৰ বাবে উন্নত মানচিত্রায়ন, ইমেজিং আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিসাধনৰ মাধ্যমত ভাল পৰিসেৱা। আমাৰ বাবে মহাকাশ ক্ষেত্রৰ তাৎপর্য হ'ল, এন্ত্রাপ্রেনাৰ বা নবীন শিল্পোদ্যোগীসকলৰ বাবে শ্বিপমেণ্টৰ পৰা আৰম্ভ কৰি ডেলিভাৰী পর্যন্ত প্রতিটো পর্যায়ত গতি বৃদ্ধি। আমাৰ বাবে মহাকাশ ক্ষেত্রৰ তাৎপর্য হ'ল কৃষক আৰু মৎস্যজীবীসকলৰ বাবে উন্নত আৰু অত্যাধুনিক ফোৰকাষ্ট বা আৱহাৱাৰ পূর্বাভাস। আমাৰ বাবে মহাকাশ ক্ষেত্রৰ তাৎপর্য হ'ল উন্নত সুৰক্ষা ব্যৱস্থা আৰু আমদানি! আমাৰ বাবে মহাকাশ ক্ষেত্রৰ তাৎপর্য হ'ল ইকোলজি বা পৰিবেশৰ ভাৰসাম্য ৰক্ষা আৰু পৰিবেশ দূষণৰ দিশত উন্নত তদাৰকি। আমাৰ বাবে প্রাকৃতিক বিপর্যয়ৰ সঠিক আৰু বিস্তাৰিত পূর্বাভাস। হাজাৰ হাজাৰ, লাখ লাখ মানুহৰ জীৱন আৰু সম্পত্তি ৰক্ষা! দেশৰ এই লক্ষ্যসমূহ এতিয়া ইণ্ডিয়ান স্পেচ এছ'চিয়েশ্যনৰো মূল লক্ষ্য হৈ উঠিব লাগিব।

বন্ধুসকল,

আজি দেশে একেলগে ইমান ব্যাপক সংস্কাৰৰ পিছত সংস্কাৰ দেখিবলৈ পাইছে কাৰণ আজি দেশৰ চিন্তাভাবনা স্পষ্ট। এই দূৰদৃষ্টিসম্পন্ন ভাবনা আত্মনির্ভৰ ভাৰতৰ ভাবনা। আত্মনির্ভৰ ভাৰত অভিযান কেৱল এটা দূৰদৃষ্টিসম্পন্ন অভিযান নহয়, সেইটো এটা সুচিন্তিত, সুপৰিকল্পিত, সংহত অর্থনৈতিক ৰণকৌশলো। এটা এনেকুৱা ৰণকৌশল যি ভাৰতৰ শিল্পপতিসকলৰ, ভাৰতৰ যুব সম্প্রদায়ৰ দক্ষতাৰ ক্ষমতা বৃদ্ধিৰ মাধ্যমত ভাৰতক গ্লোবেল ম্যানুফ্যাকচাৰিং পাৱাৰ হাউছ অর্থাৎ, আন্তর্জাতিক শিল্পোৎপাদনৰ শক্তি কেন্দ্র হিচাপে গঢ়ি তোলা। এইটো এনে এটা ৰণকৌশল যি ভাৰতৰ প্রযুক্তিগত বিশেষজ্ঞতাক ভিত্তি কৰি ভাৰতক উদ্ভাবনৰ এটা আন্তর্জাতিক কেন্দ্র হিচাপে গঢ়ি তুলিব। এইটো এনে এটা ৰণকৌশল যি আন্তর্জাতিক উন্নয়নৰ ক্ষেত্রতো ডাঙৰ ভূমিকা পালন কৰিব, ভাৰতৰ মানবসম্পদ আৰু প্রতিভাৰ মর্যাদাক বিশ্বস্তৰত অধিক গৰিমাময় কৰি তুলিব, আৰু সেইবাবেই ভাৰতে আজি নিজৰ দেশত যেনেকৈ ৰেগুলেটৰি এনভায়ৰনমেন্ট বা নিয়ন্ত্রক পৰিস্থিতি গঢ়ি তুলছে, সেয়া গঢ়ি তোলাৰ ক্ষেত্রতো এই বিষয়সমূহৰ দিশত বেছি লক্ষ্য ৰখা হৈছে য'ত ৰাষ্ট্রহিত আৰু সংশ্লিষ্ট সকলোৰে মঙ্গল – উভয়কেই অগ্রাধিকাৰ দিয়া হ'ব। আত্মনির্ভৰ ভাৰত অভিযানৰ মাধ্যমত ভাৰতে প্রতিৰক্ষা, কয়লা উত্তোলন আৰু খনিৰ দৰে বিভিন্ন ক্ষেত্র আগৰ পৰাই উন্মুক্ত কৰি দিছে। পাবলিক ছেক্টৰ এন্টাৰপ্রাইজ বা ৰাষ্ট্রায়ত্ত সংস্থাসমূহক লৈ চৰকাৰে এক স্পষ্ট নীতি লৈ আগবাঢ়ি গৈছে আৰু য'ত চৰকাৰৰ কোনো প্রয়োজন নাই, তেনেকুৱা অধিকাংশ ক্ষেত্রক প্রাইভেট এন্টাৰপ্রাইজেছ বা বেচৰকাৰী কোম্পানিবিলাকৰ বাবে উন্মুক্ত কৰি দিছে। সম্প্রতি এয়াৰ ইণ্ডিয়াক লৈ যি সিদ্ধান্ত লোৱা হৈছে সেয়া আমাৰ দায়বদ্ধতা আৰু এই নীতিৰ প্রতি নিষ্ঠাৰেই পৰিচায়ক।

বন্ধুসকল,

বিগত বছৰবিলাকত আমাৰ অগ্রাধিকাৰ নতুন প্রযুক্তি-নির্ভৰ গৱেষণা আৰু উন্নয়নৰ সমান্তৰালকৈ সেইবিলাকক সাধাৰণ মানুহৰ কাষলৈ লৈ যোৱাৰ দায়বদ্ধতাও আছিল। বিগত ৭ বছৰ ধৰি মহাকাশ প্রযুক্তিক আমি সমাজৰ প্রান্তীয় মানুহৰ উপকাৰত ‘লাষ্ট মাইল ডেলিভাৰী’, ‘লিকেজ ফ্রি’ আৰু ‘ট্রান্সপাৰেন্ট গভর্নেন্স’ কিংবা দুর্নীতিমুক্ত প্রশাসনৰ গুৰুত্বপূর্ণ ‘টুল’ বা উপায় কৰি তুলিছো। গৰীব গৃহহীনসকলৰ বাবে গৃহ নির্মাণ, পথ নির্মাণ আৰু অন্যান্য পৰিকাঠামো প্রকল্পত জিঅ'-ট্যাগিঙৰ ব্যৱহাৰৰ পৰা আৰম্ভ কৰি ছেটেলাইট ইমেজাৰী বা কৃত্রিম উপগ্রহ চিত্রায়নৰ মাধ্যমত উন্নয়ন পর্বত তদাৰকি কিংবা ফচল বীমা যোজনাৰ মাধ্যমত দ্রুতগতিত ক্ষতিগ্রস্ত কৃষকসকলৰ ‘ক্লেইম ছেটল’ বা তেওঁলোকৰ প্রাপ্য অর্থ আদায় কৰাটো সুনিশ্চিত কৰিছো। তদুপৰি, ‘নেভিক ছিষ্টেম’ৰ মাধ্যমত কোটি কোটি মৎস্যজীৱীক সাহায্য কৰা, বিপর্যয় মোকাবিলাৰ সংশ্লিষ্ট সকলো পৰিকল্পনা কৰা – প্রতিটো ক্ষেত্রতে মহাকাশ প্রযুক্তি প্রশাসনক প্রোএক্টিভ বা সক্রিয় আৰু ট্রান্সপাৰেন্ট বা দুর্নীতিমুক্ত কৰিবলৈ সাহায্য কৰিছো।

বন্ধুসকল,

প্রযুক্তি যেতিয়া সকলোৰে আওতাৰ ভিতৰলৈ আহে তেতিয়া কেনেকুৱা পৰিবর্তন হ'ব পাৰে তাৰ আৰু এটা উদাহৰণ হ'ল ডিজিটেল প্রযুক্তি। আজি যদি ভাৰত বিশ্বৰ শ্রেষ্ঠ ডিজিটেল অর্থনীতিৰ দেশসমূহৰ অন্যতম হয়, ইয়াৰ অন্তৰালত ডাঙৰ কাৰণ হ'ল আমি তথ্যৰ শক্তিক দৰিদ্রৰ পৰা দৰিদ্রতৰ মানুহৰ কাষত সহজে পৌঁছাই দিব পাৰিছো। সেই বাবেই আজি যেতিয়া আমি ‘কাটিং এজ টেকনলজি’ বা অত্যাধুনিক প্রযুক্তিৰ বাবে মহাকাশ গবেষণাক ব্যবহাৰ কৰিছো, তেতিয়া আমাৰ সেই নাগৰিকসকলৰ কথা মনত ৰাখিব লাগিব যিসকল সমাজৰ সবাতোকৈ তলৰ চিৰিত থিয় হৈ আছে। আমি মনত ৰাখিব লাগিব যে ভবিষ্যতৰ প্রযুক্তিৰ পৰা আমাৰ দূৰদুৰান্তৰ গাঁওসমূহত দৰিদ্রৰ পৰা দৰিদ্রতৰ ব্যক্তিৰ বাবে উন্নত ৰিমোট হেলথ কেয়াৰ বা স্বাস্থ্য পৰিসেৱা, উন্নত প্রযুক্তিগত শিক্ষা, প্রাকৃতিক বিপর্যয়বিলাকৰ পৰা উন্নত তথা কার্যকৰী নিৰাপত্তা – এই ধৰণৰ অনেক সমাধান দেশৰ প্রত্যেক অর্থনৈতিক শ্রেণীৰ কাষত আৰু প্রত্যেক প্রান্তত পৌঁছাই দিব লাগিব আৰু আমি সকলোৱে জানো যে ইয়াত মহাকাশ প্রযুক্তিয়ে ডাঙৰ ভূমিকা পালন কৰিব পাৰে।

বন্ধুসকল,

ভাৰত বিশ্বৰ সেই কমসংক্ষক দেশসমূহৰ অন্যতম যাৰ ওচৰত মহাকাশ ক্ষেত্রত ‘এণ্ড-টু-এণ্ড কেপাবিলিটি’ বা সার্বিক সামর্থ্য আছে। আমি মহাকাশ প্রযুক্তিৰ সকলো ক্ষেত্রত যেনে, কৃত্রিম উপগ্রহ নিৰ্মাণ, কৃত্রিম উপগ্রহ উৎক্ষেপণ যান আৰু বিভিন্ন এপ্লিকেশনৰ পৰা আৰম্ভ কৰি ইন্টাৰ-প্ল্যানেটাৰী মিশনতো সাফল্য অর্জন কৰিছো। আমি আমাৰ বিজ্ঞানীসকলৰ দক্ষতাক আমাৰ ব্রেণ্ডৰ গুৰুত্বপূর্ণ অংশ কৰি তুলিছো। আজি যেতিয়া আমি ‘ইনফৰমেশন এজ’ বা তথ্য যুগৰ পৰা ‘স্পেচ এজ’ বা মহাকাশ যুগৰ ফালে আগবাঢ়ি গৈছো, তেতিয়া এই দক্ষতাৰ ব্রেণ্ড ভেলুক আমি অধিক শক্তিশালী কৰি তুলিব লাগিব। ‘স্পেচ এক্সপ্লোৰেশন’ বা মহাকাশ গবেষণাৰ প্রক্রিয়াত কিংবা মহাকাশ প্রযুক্তিৰ প্রয়োগত দক্ষতা আৰু অর্থনৈতিক সক্ষমতাক আমি ক্রমাগত উন্নত কৰিব লাগিব। আমাৰ নিজৰ শক্তিৰে যেতিয়া আমি আগুৱাই যাম, তেতিয়া আন্তর্জাতিক মহাকাশ ক্ষেত্রত আমাৰ অংশীদাৰিত্ব আৰু যে বাঢ়িব তাত কোনো সন্দেহ নাই। এতিয়া আমাৰ মহাকাশ গবেষণাৰ বিভিন্ন সৰঞ্জামৰ সৰবৰাহকাৰীৰ ভূমিকাৰ পৰা আগবাঢ়ি ‘এণ্ড-টু-এণ্ড স্পেচ ছিষ্টেম’ বা সার্বিক মহাকাশ গবেষণা আৰু অভিযান ব্যৱস্থাৰ সৰবৰাহ শৃঙ্খলৰ অংশ হৈ উঠিব লাগিব। এইটো আপোনালোক সকলোৰে, সংশ্লিষ্ট সকলোৰে অংশীদাৰিত্বৰ মাধ্যমতে বাস্তবায়িত হ'ব পাৰে। এই ক্ষেত্রত অংশীদাৰ হিচাপে চৰকাৰে প্রতিটো স্তৰত শিল্পোদ্যোগবিলাকক, নবীন উদ্ভাবকসকলক আৰু ষ্টাৰ্ট-আপবিলাকক সহায় কৰিছে আৰু ভৱিষ্যতেও কৰি যাব।

বন্ধুসকল,

ষ্টার্ট-আপবিলাকৰ এটা শক্তিশালী ইকো-ছিষ্টেম গঢ়ি তোলাৰ বাবে ‘প্লেটফর্ম এপ্রোচ’ অত্যন্ত প্রয়োজনীয়। এই এপ্রোচ বা দৃষ্টিভঙ্গীয়ে যেনেকৈ এটা ‘অ'পেন এক্সেছ পাবলিক কন্ট্রোলড প্লেটফর্ম’ বা চৰকাৰ নিয়ন্ত্রিত সকলোৰে বাবে উন্মুক্ত মঞ্চ গঢ়ি তোলে, তেনেকৈয়ে সেইবিলাকক শিল্পোদ্যোগ আৰু বাণিজ্যৰ বাবেও উন্মুক্ত কৰি দিয়ে। সেই বেছিক প্লেটফর্মত এন্ত্রেপ্রেনাৰ বা নতুন শিল্পোদ্যোগীসকলে নতুন নতুন সমাধান উদ্ভাবন কৰে। ডিজিটেল লেনদেনৰ বাবে চৰকাৰে সকলোৰে আগত ‘ইউনিফায়েড পেমেন্টছ ইন্টাৰফেচ’ বা ইউপিআই গঢ়ি তুলিছে। আজি সেই প্লেটফর্মৰ ওপৰত থিয় হৈয়েই ফিনটেক ষ্টার্ট-আপবিলাকৰ নেটৱর্ক শক্তিশালী হৈ উঠিছে। মহাকাশ ক্ষেত্রতো এই ধৰণৰ ‘প্লেটফর্ম এপ্রোচ’ক উৎসাহ যোগোৱা হৈছে। ভাৰতীয় মহাকাশ গবেষণা কেন্দ্র বা ইছৰোৰ সকলো সুযোগ-সুবিধা ব্যৱহাৰ কৰিব পাৰিলে, ‘ইন-স্পেচ’ হ'লে, ‘নিউজ স্পেচ ইন্ডিয়া লিমিটেড’ হ'লে এই ধৰণৰ প্রতিটো প্লেটফর্মৰ পৰা অনেক ষ্টার্ট-আপ আৰু বেচৰকাৰী ক্ষেত্রই ডাঙৰ সহযোগিতা পাইছে।‘ জিঅ'-স্পেছিয়েল মেপিং ফেক্টৰ’ৰ সৈতে যুক্ত বিভিন্ন নিয়মকানুনক সৰল কৰি তোলা হৈছে যাতে ষ্টার্ট-আপবিলাক আৰু প্রাইভেট এন্টাৰপ্রাইজবিলাকে সহজভাবেই নতুন নতুন সম্ভাবনা অন্বেষণ কৰিব পাৰে। ড্রোন প্রযুক্তিক লৈও এই ধৰণৰ প্লেটফর্ম বিকশিত কৰা হৈছে যাতে ভিন্ন ভিন্ন ক্ষেত্রত ড্রোন প্রযুক্তিক ব্যৱহাৰ কৰা যায়।

বন্ধুসকল,

আজি ১১ অক্টোবৰ। ইন্টাৰনেশ্যনেল ডে অফ গার্ল চাইল্ড বা আন্তর্জাতিক কন্যা দিৱস। আমি সেই দিনটোক পাহৰিব নোৱাৰো, ভাৰতৰ মাৰ্ছ মিছন বা মঙ্গল অভিযানৰ সেই ছবিসমূহ পাহৰিব নোৱাৰো, সেইদিনা ভাৰতৰ মহিলা বৈজ্ঞানিকসকলে কেনেকৈ অভিযানৰ সাফল্যক উদযাপন কৰিছিল। মোৰ দৃঢ় বিশ্বাস, মহাকাশ ক্ষেত্রক লৈ চৰকাৰৰ সকলো সংস্কাৰে এই ক্ষেত্রত মহিলাসকলৰ অংশীদাৰিত্বক আৰু বেছিকৈ বঢ়াই তুলিব।

বন্ধুসকল,

আজি ইয়াত আপোনালোকৰ মাজত প্রায় সকলোৱেই অন্য বেছ কিছুমান বিষয়ক লৈও নিজৰ পৰামর্শ দিছে। আপোনালোকৰ এই ‘ইনপুটছ’ আৰু ‘ছাজেশনছ’ এই সকলো পৰামর্শ এনেকুৱা সময়ত আহিছে যি সময়ত দেশত ‘স্পেচকম পলিচি’ আৰু ‘ৰিমোট ছেন্সিং পলিচি’ক চূড়ান্ত ৰূপ দিয়াৰ কাম অন্তিম পর্যায়ত আছে। মোৰ দৃঢ় বিশ্বাস যে সংশ্লিষ্ট সকলোৰে সক্রিয় অংশগ্রহণৰ মাধ্যমত দেশে অতি সোনকালে এক উন্নত নীতি প্রণয়ন কৰিবলৈ আগবাঢ়িছে।

বন্ধুসকল,

আজি আমি যি সিদ্ধান্তবিলাক গ্ৰহণ কৰিম, যি নীতিগত সংস্কাৰ আনিম, সেইবিলাকৰ প্রভাব আমাৰ ভবিষ্যৎ প্রজন্মৰ ওপৰত পৰিব। অনাগত দিনত এই নীতিবিলাকৰ প্রভাব অহা ২৫ বছৰৰ ওপৰত পৰিব। আমি দেখিছো যে বিংশ শতাব্দীত মহাকাশ আৰু মহাকাশত আধিপত্য কৰাৰ প্রবৃত্তিয়ে বিশ্বৰ দেশসমূহক কেনেকৈ বিভাজিত কৰিছিল। এতিয়া একবিংশ শতাব্দীত মহাকাশ বিশ্বৰ বিভিন্ন দেশসমূহক পৰস্পৰৰ সৈতে যুক্ত কৰা আৰু ঐক্যবদ্ধ কৰাৰ ক্ষেত্রত যাতে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে সেয়া সুনিশ্চিত কৰাই ভাৰতৰ কাম। যেতিয়া ভাৰতে তাৰ স্বাধীনতাৰ শতবর্ষ উদযাপন কৰিব, তেতিয়া ভাৰতে আন্তর্জাতিক ক্ষেত্রত যি উচ্চতাত থাকিব, তাৰ পিছফালে আপোনালোকৰ সকলোৰে, আমাৰ সকলোৰে অবদান গুৰুত্বপূর্ণ হ'ব। এই অনুভব, এই দায়িত্ববোধ, এই ছেন্স অফ ৰেস্পনছিবিলিটিক সম্বল কৰিয়েই আমি আগুৱাই যাব লাগিব। সকলোৰে প্রচেষ্টাতেই জনগণৰ কল্যাণ আৰু দেশৰ কল্যাণত ‘কাটিং এজ টেকনলজি’ বা অত্যাধুনিক প্রযুক্তিৰ বাবে মহাকাশৰ অসীম সম্ভাবনাবিলাকক আমি নতুন আকাশত পৌঁছাই দিম। এই বিশ্বাস লৈয়েই আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনাইছো।

ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India solar capacity to quadruple, wind to triple over decade: Power ministry adviser

Media Coverage

India solar capacity to quadruple, wind to triple over decade: Power ministry adviser
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Speaks with King of Bahrain
March 20, 2026
PM Conveys Eid Greetings and Condemns Attacks on Energy and Civilian Infrastructure

Prime Minister Shri Narendra Modi held a fruitful discussion today with His Majesty King Hamad Bin Isa Al Khalifa, the King of Bahrain, to exchange festive greetings and address regional security concerns.

The Prime Minister spoke with His Majesty King Hamad Bin Isa Al Khalifa and conveyed warm greetings on the occasion of Eid al-Fitr to him and the people of Bahrain. During the conversation, both leaders discussed the current situation in the West Asian region. PM Modi condemned attacks on the energy and civilian infrastructure, underscoring their adverse impact on global food, fuel, and fertilizer security. Shri Modi reiterated the importance of ensuring freedom of navigation and keeping shipping lines open and secure. The Prime Minister further expressed his gratitude to His Majesty for his continued support for the well-being of the Indian community in Bahrain.

The Prime Minister wrote on X:

"Had a fruitful discussion with the King of Bahrain, His Majesty King Hamad Bin Isa Al Khalifa. Conveyed warm greetings on the occasion of Eid al-Fitr to him and the people of Bahrain.

We discussed the current situation in the West Asian region. Condemned attacks on the energy and civilian infrastructure in the region, underscoring their adverse impact on global food, fuel and fertilizer security.

Reiterated the importance of ensuring freedom of navigation and keeping shipping lines open and secure.

Thanked His Majesty for his continued support for the well-being of the Indian community in Bahrain."