ভাৰত ৬জি ভিজন ডকুমেণ্ট উন্মোচন আৰু ৬জি গৱেষণা আৰু উন্নয়ন টেষ্ট বেডৰ শুভাৰম্ভ
আৰম্ভ কৰিলে ‘Call before u Dig’ এপ
অৰ্থনীতি বৃদ্ধিৰ বাবে ডিজিটেল ৰূপান্তৰ কৰিব বিচৰা দেশসমূহৰ বাবে ভাৰত এক আদৰ্শ: আইটিইউৰ মহাসচিব
“ভাৰতৰ দুটা মূল শক্তি আছে - বিশ্বাস আৰু পৰিসৰ। বিশ্বাস আৰু পৰিসৰ অবিহনে আমি প্ৰযুক্তিক সকলো কেতিয়াও সকলোতে প্ৰসাৰিত কৰিব নোৱাৰো”
“ভাৰতৰ বাবে দূৰসংযোগ প্ৰযুক্তি শক্তিৰ ধৰণ নহয়, সবলীকৰণৰ এক অভিযান”
“ভাৰতে দ্ৰুতগতিত ডিজিটেল বিপ্লৱৰ পৰৱৰ্তী পদক্ষেপৰ দিশে অগ্ৰসৰ হৈছে”
“আজি উপস্থাপন কৰা ভিজন ডকুমেণ্টখন হৈছে অহা কেইবছৰমানৰ ভিতৰত ৬জি প্ৰৱৰ্তনৰ এক মুল আধাৰ হৈ পৰিব”
“৫জিৰ শক্তিৰে সমগ্ৰ বিশ্বৰ কৰ্ম সংস্কৃতি সলনি কৰিবলৈ ভাৰতে বহু দেশৰ সৈতে কাম কৰি আছে”
“অহা বছৰৰ অক্টোবৰ মাহত দিল্লীত অনুষ্ঠিত হ’ব আইটিইউৰ বিশ্ব দূৰসংযোগ মানক সমাৱেশ”
“এই দশকটো ভাৰতৰ টেক-এড”

মোৰ কেন্দ্ৰীয় কেবিনেটৰ সহযোগী এছ জয়শংকৰ, অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া, আই টি ইউৰ মহাসচিব দেবুসিং চৌহান ডাঙৰীয়া, অন্যান্য বিশিষ্ট ব্যক্তি, ভদ্ৰমহিলাসকল!

আজি এটা অতি বিশেষ দিন, অতি পবিত্ৰ দিন। আজিৰে পৰা আৰম্ভ হৈছে ‘হিন্দু কেলেণ্ডাৰ’ৰ নতুন বছৰ। আপোনালোক সকলোৰে লগতে সকলো দেশবাসীলৈ বিক্ৰম সংৱাট ২০৮০ৰ শুভেচ্ছা জ্ঞাপন কৰিলো। আমাৰ বিশাল, বৈচিত্ৰময় দেশখনত যুগ যুগ ধৰি বিভিন্ন কেলেণ্ডাৰৰ প্ৰচলন হৈ আহিছে। কোল্লাম যুগৰ মালয়ালম কেলেণ্ডাৰ আছে, তামিল কেলেণ্ডাৰ আছে, যিয়ে ভাৰতক শ শ বছৰ ধৰি তাৰিখৰ জ্ঞান দি আহিছে। ২০৮০ বছৰ আগৰ পৰাও চলি আছে বিক্ৰম সংৱাট। বৰ্তমান গ্ৰেগৰিয়ান কেলেণ্ডাৰত ২০২৩ বৰ্ষ চলি আছে যদিও বিক্ৰম সংৱাট তাতকৈ ৫৭ বছৰ আগৰ। মই সুখী যে নতুন বছৰৰ প্ৰথম দিনটোত ভাৰতত টেলিকম, আইচিটি আৰু আনুষংগিক উদ্ভাৱনৰ সন্দৰ্ভত এক বৃহৎ আৰম্ভণি কৰা হৈছে। আজি ইয়াত কেৱল ইণ্টাৰনেশ্যনেল টেলিকমিউনিকেচন ইউনিয়ন (আই টি ইউ)ৰ এৰিয়া অফিচে নহয়, ইনোভেচন চেণ্টাৰো স্থাপন কৰা হৈছে। ইয়াৰ লগতে আজি মুকলি কৰা হৈছে 6G Test-Bed। এই প্ৰযুক্তিৰ সৈতে জড়িত আমাৰ দৃষ্টিভংগীৰ নথিখন উন্মোচন কৰা হৈছে। ডিজিটেল ইণ্ডিয়াক নতুন শক্তি দিয়াৰ সমান্তৰালকৈ ই নতুন সমাধান, দক্ষিণ এছিয়াৰ বাবে নতুন উদ্ভাৱন, গ্ল’বেল চাউথৰ নতুন উদ্ভাৱন আৰু নতুন চিন্তা কঢ়িয়াই আনিব। বাবেও আনিব। ইয়াৰ দ্বাৰা বিশেষকৈ আমাৰ একাডেমী, আমাৰ উদ্ভাৱক-ষ্টাৰ্ট আপ, আমাৰ উদ্যোগৰ বাবে বহু নতুন সুযোগৰ সৃষ্টি হ’ব।

বন্ধুসকল,

আজি যেতিয়া ভাৰতে জি-২০ৰ সভাপতিত্ব কৰি আছে, তেতিয়া আঞ্চলিক বিভাজন হ্ৰাস কৰাটো ইয়াৰ অন্যতম অগ্ৰাধিকাৰ। কেইসপ্তাহমান আগতে ভাৰতে গ্ল’বেল ছাউথ ছামিটৰ আয়োজন কৰিছিল। গ্ল’বেল ছাউথৰ অনন্য প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰযুক্তি, ডিজাইন আৰু ষ্টেণ্ডাৰ্ডৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। গ্ল’বেল ছাউথ এতিয়া প্ৰযুক্তিগত বিভাজনকো সেতুবন্ধন কৰাত ব্যস্ত হৈ পৰিছে। আই টি ইউৰ এই এৰিয়া অফিচ আৰু ইনোভেচন চেণ্টাৰ এই দিশত এক ডাঙৰ পদক্ষেপ। মই ভাবো যে ই গ্ল’বেল ছাউথত সাৰ্বজনীন সংযোগ গঢ়ি তোলাৰ বাবে ভাৰতৰ প্ৰচেষ্টাকো অত্যন্ত ত্বৰান্বিত কৰিব। ইয়াৰ দ্বাৰা দক্ষিণ এছিয়াৰ দেশসমূহৰ আইচিটি খণ্ডত সহযোগিতা আৰু অধিক শক্তিশালী হ’ব আৰু এই উপলক্ষে বহিঃৰাজ্যৰ বহু অতিথিও ইয়াত উপস্থিত থাকে। আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভকামনা জনাইছো।

সতীৰ্থসকল,

যেতিয়া আমি প্ৰযুক্তিগত বিভাজন দূৰ কৰাৰ কথা কওঁ, তেতিয়া ভাৰতৰ পৰা আশা কৰাটো স্বাভাৱিক। ভাৰতৰ সম্ভাৱনা, ভাৰতৰ উদ্ভাৱন সংস্কৃতি, ভাৰতৰ আন্তঃগাঁথনি, ভাৰতৰ দক্ষ আৰু উদ্ভাৱনী জনশক্তি, ভাৰতৰ অনুকূল নীতিগত পৰিৱেশ, এই সকলোবোৰ এক আশাৰ বতৰা। এইবোৰৰ লগতে ভাৰতৰ যি দুটা প্ৰধান শক্তি আছে সেয়া হ’ল ট্ৰাষ্ট আৰু আনটো হৈছে স্কেল। ট্ৰাষ্ট এণ্ড স্কেল অবিহনে আমি প্ৰযুক্তিটোক প্ৰতিটো কোণলৈ লৈ যাব নোৱাৰো আৰু মই ক’ম যে ট্ৰাষ্টৰ এই বৰ্তমানৰ প্ৰযুক্তিৰ পূৰ্বচৰ্ত। আজি সমগ্ৰ বিশ্বই এই দিশত ভাৰতৰ প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰিছে। আজি ভাৰত বিশ্বৰ আটাইতকৈ সংযুক্ত গণতন্ত্ৰত ১০০ কোটি মোবাইল ফোন আছে। সস্তীয়া স্মাৰ্টফোন আৰু সস্তীয়া ইণ্টাৰনেটৰ তথ্যই ভাৰতৰ ডিজিটেল জগতখনক সজীৱ কৰি তুলিছে। আজি ভাৰতত প্ৰতিমাহে ৮০০ কোটিৰো অধিক ইউপিআই ভিত্তিক ডিজিটেল পেমেণ্ট আছে। আজি ভাৰতত প্ৰতিদিনে ৭ কোটি ই-প্ৰমাণীকৰণ হয়। ভাৰতৰ ক’ভিন প্লেটফৰ্মৰ জৰিয়তে দেশত ২২০ কোটিৰো অধিক ভেকচিনৰ মাত্ৰা প্ৰদান কৰা হৈছে। বিগত বছৰবোৰত ভাৰতে প্ৰত্যক্ষ বেনিফিট ট্ৰেন্সফাৰৰ জৰিয়তে ২৮ লাখ কোটিতকৈ অধিক টকা পোনপটীয়াকৈ নাগৰিকৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰিছে। জন ধন যোজনাৰ জৰিয়তে আমি আমেৰিকাৰ মুঠ জনসংখ্যাতকৈ অধিক লোকৰ বেংক একাউণ্ট খুলিছো। আৰু তাৰ পিছত Unique Digital Identity অৰ্থাৎ আধাৰৰ জৰিয়তে সেইবোৰ প্ৰমাণীকৰণ কৰিছিল, আৰু তাৰ পিছত মোবাইলৰ জৰিয়তে ১০০ কোটিৰো অধিক লোকক সংযোগ কৰিছিল।

সতীৰ্থসকল,

টেলিকম প্ৰযুক্তি ভাৰতৰ বাবে শক্তিৰ ধৰণ নহয়। ভাৰতত প্ৰযুক্তি কেৱল শক্তিৰ ধৰণ নহয় বৰঞ্চ সৱলীকৰণৰ এক অভিযান। আজি ভাৰতত ডিজিটেল প্ৰযুক্তি সাৰ্বজনীন, সকলোৰে বাবে সুলভ। যোৱা কেইবছৰমানৰ পৰা ভাৰতত ডিজিটেল অন্তৰ্ভুক্তি বৃহৎ পৰিসৰত ঘটিছে। যদি আমি ব্ৰডবেণ্ড সংযোগৰ কথা কওঁ, তেন্তে ২০১৪ চনৰ আগতে ভাৰতত ৬ কোটি ব্যৱহাৰকাৰী আছিল। আজি ব্ৰডবেণ্ড ব্যৱহাৰকাৰীৰ সংখ্যা ৮০ কোটিতকৈও অধিক। ২০১৪ চনৰ আগতে ভাৰতত ইণ্টাৰনেট সংযোগৰ সংখ্যা আছিল ২৫ কোটি। আজি ই ৮৫ কোটিৰো অধিক।

সতীৰ্থসকল,

এতিয়া ভাৰতৰ গাঁৱত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা চহৰত বসবাস কৰা ইণ্টাৰনেট ব্যৱহাৰকাৰীতকৈ বেছি। ডিজিটেল শক্তি কেনেকৈ দেশৰ প্ৰতিটো কোণত উপনীত হৈছে তাৰ প্ৰমাণ এইটোৱেই। যোৱা ৯ বছৰত চৰকাৰ আৰু ব্যক্তিগত খণ্ডই মিলি ভাৰতত ২৫ লাখ কিলোমিটাৰ অপটিকেল ফাইবাৰ বিছাৰিছে। ২৫ লাখ কিলোমিটাৰ অপটিকেল ফাইবাৰ, এই বছৰবোৰত মাত্ৰ প্ৰায় ২ লাখ গ্ৰাম পঞ্চায়তহে অপটিকেল ফাইবাৰৰ সৈতে সংযোগ কৰা হৈছে। আজি সমগ্ৰ দেশৰ গাঁৱে-ভূঞে ৫ লাখৰো অধিক সাধাৰণ সেৱা কেন্দ্ৰই ডিজিটেল সেৱা আগবঢ়াইছে। ইয়াৰ প্ৰভাৱ আৰু এই সকলোবোৰৰ প্ৰভাৱ আজি আমাৰ ডিজিটেল অৰ্থনীতি দেশৰ সামগ্ৰিক অৰ্থনীতিতকৈ প্ৰায় ডেৰ-দুগুণ বেছি দ্ৰুতগতিত আগবাঢ়িছে।

সতীৰ্থসকল,

ডিজিটেল ইণ্ডিয়াৰ পৰা অ-ডিজিটেল খণ্ডসমূহেও শক্তি লাভ কৰিছে আৰু ইয়াৰ উদাহৰণ হৈছে আমাৰ পি এম গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন। দেশত নিৰ্মাণ হৈ থকা সকলো ধৰণৰ আন্তঃগাঁথনিৰ সৈতে জড়িত তথ্য স্তৰসমূহ একক মঞ্চত অনা হৈছে। লক্ষ্য হৈছে আন্তঃগাঁথনি উন্নয়নৰ সৈতে জড়িত প্ৰতিটো সম্পদৰ বিষয়ে তথ্য একে ঠাইতে থকা, প্ৰতিজন অংশীদাৰৰ বাবে বাস্তৱ সময়ৰ তথ্য উপলব্ধ কৰা। আজি ইয়াত মুকলি কৰা ‘কল বিফোৰ ইউ ডিগ’ এপটোও এই অনুভৱৰ সম্প্ৰসাৰণ আৰু ‘কল বিফোৰ ইউ ডিগ’ৰ অৰ্থ এইটো নহয় যে ইয়াক ৰাজনৈতিক ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগিব। আপুনি এইটোও জানে যে বিভিন্ন প্ৰজেক্টৰ বাবে ডিগিঙৰ কামে প্ৰায়ে টেলিকম নেটৱৰ্কৰো ক্ষতি কৰে। এই নতুন এপটোৰ জৰিয়তে খন্দা এজেন্সী আৰু ভূগৰ্ভস্থ সম্পত্তি থকা বিভাগসমূহৰ মাজত সমন্বয় বৃদ্ধি পাব। ইয়াৰ বাবে লোকচানও কমি যাব আৰু ৰাইজে সন্মুখীন হোৱা সমস্যাও কমি যাব।

সতীৰ্থসকল,

আজিৰ ভাৰত দ্ৰুতগতিত ডিজিটেল বিপ্লৱৰ পৰৱৰ্তী পদক্ষেপৰ দিশে আগবাঢ়িছে। আজি ভাৰত বিশ্বৰ ভিতৰতে 5G ৰোলআউটৰ দ্ৰুততম দেশ। মাত্ৰ ১২০ দিনতে ১২০ দিনত ১২৫খনতকৈও অধিক চহৰত ৫জিৰ ব্যৱস্থা কৰা হৈছে। আজি ৫জি সেৱা দেশৰ প্ৰায় ৩০০ খন জিলাত উপনীত হৈছে। কেৱল এয়াই নহয় আজি আমি 6G ৰ কথা কৈছো মাত্ৰ 5G ৰোলআউটৰ ৬ মাহৰ পিছতহে আৰু ইয়াৰ দ্বাৰা ভাৰতৰ আত্মবিশ্বাস প্ৰকাশ পাইছে। আজি আমি আমাৰ দৃষ্টিভংগীৰ নথিও দাঙি ধৰিছো। অহা কেইবছৰমানৰ ভিতৰত ৬জি ৰোলআউটৰ বাবে ই এক ডাঙৰ ভিত্তি হৈ পৰিব।

সতীৰ্থসকল,

ভাৰতত বিকশিত আৰু ভাৰতত সফল হোৱা টেলিকম প্ৰযুক্তিয়ে আজি বিশ্বৰ বহু দেশৰ দৃষ্টি আকৰ্ষণ কৰি আছে। ৪জিৰ আগতে আৰু তাৰ আগতে ভাৰত কেৱল টেলিকম প্ৰযুক্তিৰ ব্যৱহাৰকাৰী, গ্ৰাহক আছিল। কিন্তু এতিয়া ভাৰতে বিশ্বৰ ভিতৰতে টেলিকম প্ৰযুক্তিৰ সৰ্ববৃহৎ ৰপ্তানিকাৰক হোৱাৰ দিশত আগবাঢ়িছে। 5G ৰ শক্তিৰ সহায়ত ভাৰতে বহু দেশৰ সৈতে কাম কৰি সমগ্ৰ বিশ্বৰ কৰ্ম-সংস্কৃতি সলনি কৰি আছে। আগন্তুক সময়ত ভাৰতে ১০০টা নতুন ৫জি লেব স্থাপন কৰিবলৈ ওলাইছে। ইয়াৰ দ্বাৰা ৫জিৰ সৈতে জড়িত সুযোগ, ব্যৱসায়িক মডেল আৰু নিয়োগৰ সম্ভাৱনা উপলব্ধি কৰাত বহুখিনি সহায়ক হ’ব। এই ১০০টা নতুন লেবে ভাৰতৰ অনন্য প্ৰয়োজন অনুযায়ী ৫জি এপ্লিকেচন বিকশিত কৰাত সহায় কৰিব। 5G স্মাৰ্ট ক্লাছৰুম হওক, খেতি, বুদ্ধিমত্তাসম্পন্ন পৰিবহণ ব্যৱস্থা হওক বা স্বাস্থ্যসেৱাৰ প্ৰয়োগ হওক, ভাৰতে প্ৰতিটো দিশতে দ্ৰুতগতিত কাম কৰি আছে। ভাৰতৰ ৫জি মানদণ্ড বিশ্বব্যাপী ৫জি ব্যৱস্থাৰ অংশ। ভৱিষ্যতৰ প্ৰযুক্তিসমূহৰ প্ৰামাণিককৰণৰ বাবেও আমি আইটিইউৰ সৈতে একেলগে কাম কৰিম। ইয়াত মুকলি হোৱা ভাৰতীয় আই টি ইউ এৰিয়া কাৰ্যালয়েও আমাক ৬জিৰ বাবে সঠিক পৰিৱেশ সৃষ্টি কৰাত সহায় কৰিব। আজি এই কথাও জনাবলৈ পাই সুখী হৈছোঁ যে অহা বছৰৰ অক্টোবৰ মাহত দিল্লীত অনুষ্ঠিত হ’ব আই টি ইউৰ বিশ্ব দূৰসংযোগ ষ্টেণ্ডাৰ্ডাইজেচন এছেম্বলী। এই ক্ষেত্ৰতো সমগ্ৰ বিশ্বৰ প্ৰতিনিধি ভাৰতলৈ আহিব। এতিয়াৰে পৰা এই অনুষ্ঠানৰ বাবে আন্তৰিক শুভেচ্ছা জনালোঁ। কিন্তু মই এই ক্ষেত্ৰৰ পণ্ডিতসকলকো প্ৰত্যাহ্বান জনাইছো যে অক্টোবৰৰ আগতে আমি এনেকুৱা কাম এটা কৰিব লাগে যিটোৱে বিশ্বৰ আটাইতকৈ দৰিদ্ৰ দেশসমূহৰ বাবে সৰ্বাধিক উপযোগী হ’ব।

সতীৰ্থসকল,

ভাৰতৰ বিকাশৰ এই গতিলৈ চালে কোৱা হয় যে এই দশকটো ভাৰতৰ টেক-এড। ভাৰতৰ টেলিকম আৰু ডিজিটেল মডেল মসৃণ, সুৰক্ষিত, স্বচ্ছ আৰু বিশ্বাসযোগ্য আৰু পৰীক্ষিত। দক্ষিণ এছিয়াৰ সকলো বন্ধু দেশেই ইয়াৰ সুবিধা ল’ব পাৰে। মোৰ বিশ্বাস, আই টি ইউৰ এই কেন্দ্ৰটোৱে ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আকৌ এবাৰ এই গুৰুত্বপূৰ্ণ উপলক্ষে বিশ্বৰ বহু দেশৰ পৰা গণ্যমান্য ব্যক্তি ইয়ালৈ আহিছে, মইও তেওঁলোকক আদৰণি জনাইছো আৰু আপোনালোক সকলোকে বহুত বহুত শুভেচ্ছা জনাইছো।

আপোনাক অশেষ ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘First in my bloodline’ to ‘life’s not a leaderboard’: PM Modi’s key moments from IIT Delhi convocation 2026

Media Coverage

‘First in my bloodline’ to ‘life’s not a leaderboard’: PM Modi’s key moments from IIT Delhi convocation 2026
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi receives a telephone call from the US Vice President
August 08, 2026
PM and Vice President Vance review progress in the India-U.S. Strategic Partnership.
PM and Vice President Vance exchange views on regional and global developments.
PM warmly congratulates Vice President Vance and Ms. Usha Vance on the birth of their son.

Prime Minister Shri Narendra Modi received a telephone call today from the Vice President of the United States, Mr. J.D. Vance.

Prime Minister and Vice President Vance reviewed progress in the India-U.S. Comprehensive Global Strategic Partnership. They noted the sustained momentum in the high-level engagements and reaffirmed their commitment to further strengthening cooperation in trade, defence, critical and emerging technologies, energy security and critical minerals.

They also exchanged views on regional and global developments of mutual interest.

Prime Minister warmly congratulated Vice President Vance and Ms. Usha Vance on the birth of their son and conveyed best wishes to the family.