PM Modi inaugurates and lays foundation stone of various development projects in Varanasi
Today Kashi is becoming a hub of health facilities for the entire Purvanchal: PM Modi
PM Modi requests people to promote 'Local for Diwali' in addition to 'vocal for local', says buying local products will strengthen local economy

অলপতে আপোনালোকৰ সৈতে মই কথা পতাৰ সুযোগ লাভ কৰিলো, মোৰ ভাল লাগিল আৰু চহৰৰ বিকাশৰ বাবে যি কাম হৈ আছে, যি সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে, তাৰে সুবিধা বাৰাণসীৰ লোকসকলেও লাভ কৰিছে৷ আৰু এতিয়া যিবোৰ হৈ আছে তাৰ অন্তৰালতো বাবা বিশ্বনাথৰেই আশীৰ্বাদ আছে আৰু সেইবাবে আজি মই ভাৰ্চুৱেলী উপস্থিত থাকিলেও আমাৰ কাশী নগৰীৰ যি পৰম্পৰা আছে, সেয়া পালন নকৰাকৈ আমি আগুৱাব নোৱাৰো৷ সেয়ে এতিয়া মোৰ সৈতে যিসকল লোক এই কাৰ্যসূচীৰ সৈতে জড়িত হৈ আছে, মোৰ সৈতে সমস্বৰে কওক, হৰ হৰ মহাদেৱ! 

কাৰ্যসূচীত মোৰ সৈতে জড়িত উত্তৰ প্ৰদেশৰ যশস্বী মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথজী, উপ-মুখ্যমন্ত্ৰী শ্ৰী কেশৱ প্ৰসাদ মৌৰ্যজী, উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰীগণ, বিধায়কগণ, বাৰাণসীৰ সকলো নিৰ্বাচিত জন প্ৰতিনিধিগণ, বাৰাণসীৰ মোৰ প্ৰিয় ভাতৃ আৰু ভগ্নীসকল!

মহাদেৱৰ আশীৰ্বাদত কাশী কেতিয়াও থমকি ৰোৱা নাই৷ মা গংগাৰ দৰে নিৰন্তৰে বৈ গৈছে৷ ক’ৰোনাৰ কঠিন সময়ছোৱাতো কাশীয়ে নিজৰ স্বৰূপত আগবাঢ়ি গৈছে৷ ক’ৰোনাৰ বিৰুদ্ধে বাৰাণসীত যি মোকাবিলা কৰা হৈছে, এই কঠিন সময়ত যি সামাজিক ঐক্যৱদ্ধতাৰ পৰিচয় প্ৰদান কৰা হৈছে, এয়া সঁচাকৈয়ে প্ৰশংসনীয়৷ এই পৰিপ্ৰেক্ষিতত বাৰাণসীত বিকাশৰ সৈতে জড়িত সহস্ৰাধিক কোটি টকাৰ প্ৰকল্পসমূহৰ লোকাৰ্পণ আৰু আধাৰশিলা স্থাপন কৰা হৈছে৷ অৱশ্যে মহাদেশৰ আশীৰ্বাদৰ ফলতে যেতিয়াই কাশীৰ বাবে নতুন কাৰ্যৰ শুভাৰম্ভ কৰা হয় তেতিয়া বহু পুৰণি সংকল্প সিদ্ধ হৈ উঠে৷ অৰ্থাৎ এফালে আধাৰশিলা আৰু আনফালে লোকাৰ্পণ৷ আজিও প্ৰায় ২২০ কোটি টকাৰ ১৬টা যোজনাৰ লোকাৰ্পণৰ সৈতে প্ৰায় ৪০০ কোটি টকাৰ ১৪টা যোজনাৰ কাম আৰম্ভ হৈছে৷ মই সকলো উন্নয়নমূলক কাৰ্যৰ বাবে বাৰাণসীৰ লোকসকলক অভিনন্দন জনাইছো৷ কাশীত, উত্তৰ প্ৰদেশত বিনা বাধাই চলি থকা এই উন্নয়নমূলক কাৰ্যৰ কৃতিত্ব মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথজী আৰু তেওঁৰ সমগ্ৰ দল- মন্ত্ৰী পৰিষদৰ সদস্য, নিৰ্বাচিত জন-প্ৰতিনিধি, চৰকাৰী প্ৰশাসনৰ সৈতে জড়িত সকলো বিষয়াই পাব লাগে৷ যোগীজী আৰু তেওঁৰ দলটো জনসেৱাৰ এই একনিষ্ঠ প্ৰয়াসৰ বাবে অভিনন্দনৰ পাত্ৰ৷

বন্ধুসকল,

বাৰাণসীৰ চহৰৰ এই বিকাশ যোজনাত পৰ্যটনো থাকক, সংস্কৃতি আৰু পথ, বিদ্যুৎ আৰু পানীৰ যোজনাও থাকক৷ সেইবাবে এই বিকাশ আজি নিজেই এক উদাহৰণত হিচাপে বিবেচিত হৈছে যে বাৰাণসীয়ে কিদৰে একে লগতে প্ৰতিটো ক্ষেত্ৰতে দ্ৰুত গতিত আগবাঢ়িব ধৰিছে৷ মা গংগাৰ স্বচ্ছতাৰ পৰা আৰম্ভ কৰি স্বাস্থ্য সেৱালৈ, পথ আৰু আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি পৰ্যটনলৈ, বিদ্যুতৰ পৰা আৰম্ভ কৰি যুৱচামৰ বাবে ক্ৰীড়া-ধেমালিলৈ আৰু কৃষকৰ পৰা আৰম্ভ কৰি গাঁও-দৰিদ্ৰলৈ, প্ৰতিটো খণ্ডতে বাৰাণসীয়ে বিকাশৰ নতুন গতি লাভ কৰিছে৷ আজি গংগা একচন প্লান প্ৰকল্পৰ অধীনত নৰ্দমাৰ পুনৰ্নিমাণৰ কাম সম্পূৰ্ণ হৈছে৷ লগতে চহৰৰ নলাসমূহৰ পৰা গংগাত পোনে পোনে আৱৰ্জনা পৰা ৰোধ কৰিবলৈ ডাইভাৰ্ছন লাইনৰ আধাৰশিলাও স্থাপন কৰা হৈছে৷ ৩৫ কোটিতকৈও অধিক টকাৰ ব্যয়েৰে খিৰিকিয়া ঘাটক সজাই তোলা হৈছে৷ ইয়াত চিএনজিৰ দ্বাৰা নাও চলিব আৰু গংগাৰ প্ৰদুষণো কম হ’ব৷ ঠিক সেইদৰে দশাক্ষমেধ ঘাটত পৰ্যটন প্লাজাও আগন্তুক দিনকেইটাত পৰ্যটকৰ বাবে সুবিধা আৰু আকৰ্ষণৰ কেন্দ্ৰ হৈ উঠিব৷ ইয়াৰ দ্বাৰা ঘাটৰ সৌন্দৰ্যও বৃদ্ধি হ’ব, ব্যৱস্থাপনাও বৃদ্ধি হ’ব৷ স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ীসকলৰো বেহা-বেপাৰ বৃদ্ধি হ’ব৷

বন্ধুসকল,

মা গংগাক লৈ কৰা এই প্ৰয়াস, এই দায়ৱদ্ধতা কাশীৰ বাবে সংকল্পও আৰু কাশীৰ বাবে নতুন সম্ভাৱনাৰ পথো৷ ধীৰে-ধীৰে ইয়াৰ ঘাটৰ ছবি পৰিৱৰ্তন হ’বলৈ ধৰিছে৷ ক’ৰোনাৰ প্ৰভাৱ কম হোৱাৰ পিছত যেতিয়া ইয়াত পৰ্যটকৰ সংখ্যা বৃদ্ধি হ’ব তেতিয়া তেওঁলোকে বাৰাণসীৰ সুন্দৰ আলোকচিত্ৰ গ্ৰহণ কৰিব পাৰিব৷ গংগা ঘাটৰ স্বচ্ছতা আৰু সৌন্দৰ্য বৃদ্ধিৰ সৈতে সাৰনাথো নতুন ৰঙেৰে উদ্ভাসিত হৈ উঠিছে৷ আজি যি লাইট আৰু ছাউণ্ড কাৰ্যসূচীৰ লোকাৰ্পণ কৰা হৈছে, তাৰ দ্বাৰা সাৰনাথৰ ভব্যতা আৰু অধিক বৃদ্ধি হ’ব৷

ভাতৃ আৰু ভগ্নীসকল,

কাশীৰ আন এক ডাঙৰ সমস্যা হ’ল ইয়াত থকা বিদ্যুতৰ তাঁৰসমূহ৷ আজি কাশীৰ এক বৃহৎ অংশ বিদ্যুতৰ তাঁৰৰ পৰা মুক্ত হৈছে৷ তাঁৰসমূহ আণ্ডাৰগ্ৰাউণ্ড কৰাৰ আন এটা পৰ্যায় আজি সম্পূৰ্ণ হৈছে৷ কেণ্ট ষ্টেচনৰ পৰা লহুৰাবীৰ, ভোজুবীৰৰ পৰা মহাবীৰ মন্দিৰ, কছহৰী চৌহাৰাৰ পৰা তিৰাহা, এনে ৭টা পথো এতিয়া বিজুলীৰ তাঁৰৰ পৰা মুক্ত হৈছে৷ এয়াই নহয়, স্মাৰ্ট এলইডি লাইটৰ দ্বাৰা গলিসমূহ আলোকিত হোৱাৰ লগতে এই সমূহৰ সৌন্দৰ্যও বৃদ্ধি হ’ব৷

বন্ধুসকল,

বাৰাণসীৰ যোগাযোগ ব্যৱস্থা সদায়েই আমাৰ প্ৰাথমিকতা হিচাপে বিবেচিত হৈছে৷ কাশীবাসী আৰু কাশীলৈ অহা সকলো পৰ্যটক, প্ৰতিজন শ্ৰদ্ধালুৰ সময় পথৰ ভিৰৰ দ্বাৰা অপব্যয় নহয়, তাৰ বাবে নতুন আন্তঃগাঁথনি প্ৰস্তুত কৰা হৈছে৷ বাৰাণসীত আজি বিমানবন্দৰৰ সুবিধাও প্ৰদান কৰা হৈছে৷ বাবতপুৰৰ পৰা চহৰলৈ সংযোজিত কৰা পথো এতিয়া বাৰণসীৰ নতুন পৰিচয় হিচাপে বিবেচিত হৈছে৷ আজি বিমানবন্দৰত দুটা Passenger Boarding Bridgeৰ লোকাৰ্পণ হোৱাৰ পিছত এই সুবিধাসমূহ অধিক প্ৰসাৰিত হ’ব৷ ছবছৰ পূৰ্বে আপোনালোকে মোক আপোনালোকৰ সেৱা কৰাৰ সুবিধা প্ৰদান কৰিছিল, ইয়াৰ পূৰ্বে বাৰাণসী প্ৰতিদিনে ১২খন বিমান উৰিছিল, আজি ইয়াৰ চাৰিগুণ অধিক অৰ্থাৎ ৪৮খন বিমান উৰে৷ অৰ্থাৎ বাৰাণসীত বৰ্ধিত সুবিধা প্ৰত্যক্ষ কৰি ইয়ালৈ অহা লোকৰ সংখ্যাও বৃদ্ধি পাইছে৷

ভাতৃ আৰু ভগ্নীসকল,

বাৰাণসীত প্ৰস্তুত হোৱা আধুনিক আন্তঃগাঁথনিয়ে ইয়াত থকা আৰু ইয়ালৈ অহা দুয়োফালৰ লোকৰ জীৱন সহজ কৰি তুলিছে৷ বিমানবন্দৰৰ সৈতে জড়িত যোগাযোগৰ সৈতে ৰিং ৰোড, মহমুৰংগজ-মণ্ডৱাডীহ উৰণীয়া সেঁতু, এনএইচ-৫৬ৰ ফ’ৰলেন আদিয়ে বাৰাণসীৰ পথৰ আন্তঃগাঁথনি পৰিৱৰ্তন কৰিছে৷ চহৰৰ ভিতৰে-বাহিৰে  নিকটৱৰ্তী এলেকাসমূহতো পথসমূহৰ ৰং-ৰূপ সলনি হৈছে৷ ৰাষ্ট্ৰীয় ঘাইপথ, ফুলবাৰিয়া-লহৰতাৰা মাৰ্গ, বৰুণানদী আৰু ৩খন দলং তথা অন্যান্য বহু পথৰ কাম, এনে বহু কাম যি আগন্তুক সময়ত অতি সোনকালেই সমাপ্ত হ’ব৷ ৰোডৱে’জৰ এই নেটৱৰ্কৰ সৈতে বাৰাণসী এতিয়া জলপথৰ সংযোগৰ ক্ষেত্ৰতো এক মডেল হিচাপে বিবেচিত হৈছে৷ আমাৰ বাৰাণসীত আজি দেশৰ প্ৰথমটো আন্তঃৰাজ্যিক জল বন্দৰ নিৰ্মাণ হৈছে৷

ভাতৃ আৰু ভগ্নীসকল,

বিগত ৬ বছৰত বাৰাণসীত স্বাস্থ্য আন্তঃগাঁথনি খণ্ডতো বহু কাম হৈছে৷ আজি কাশী ইউপিতেই নহয় বৰঞ্চ সম্পূৰ্ণ পূৰ্বাঞ্চলৰ স্বাস্থ্য সুবিধাৰ এক কেন্দ্ৰ হৈ উঠিছে৷ আজি ৰামনগৰত লাল বাহাদুৰ শাস্ত্ৰী চিকিৎসালয়ৰ আধুনিকীকৰণৰ সৈতে জড়িত কামত লোকাৰ্পণৰ দ্বাৰা কাশীত এই ভূমিকা প্ৰসাৰিত হৈছে৷ ৰামনগৰৰ চিকিৎসালয়ত এতিয়া Mechanised Laundry, ব্যৱস্থিত পঞ্জীয়ন কাউণ্টাৰ আৰু কৰ্মচাৰীৰ বাবে আৱাসী পৰিসৰৰ দৰে সুবিধা উপলব্ধ হ’ব৷ হোমী ভাবা কৰ্কট চিকিৎসালয় আৰু পণ্ডিত মহামনা মালব্য কৰ্কট চিকিৎসালয়ৰ দৰে বৃহৎ কৰ্কট প্ৰতিষ্ঠানে ইয়াত পূৰ্বৰ পৰাই সেৱা প্ৰদান কৰি আছে৷ ঠিক সেইদৰে ইএছআইচি চিকিৎসালয় আৰু বিএইচইউ ছুপাৰ স্পেচিয়েলিটী চিকিৎসালয়েও ইয়াত দৰিদ্ৰতম ব্যক্তি, গৰ্ভৱতী মহিলাসকলক উন্নত স্বাস্থ্য সুবিধা প্ৰদান কৰি আছে৷

বন্ধুসকল,

বাৰাণসীত আজি যি এই চৌদিশে বিকাশ হৈছে, প্ৰতিটো খণ্ডত বিকাশ হৈছে, তাৰ দ্বাৰা পূৰ্বাঞ্চলসহিতে সমগ্ৰ পূব ভাৰত লাভান্বিত হৈছে৷  এতিয়া পূৰ্বাঞ্চলৰ জনসাধাৰণে সৰু-সৰু কামৰ বাবে দিল্লী আৰু মুম্বাইলৈ অহা-যোৱা কৰিব নালাগে৷ বাৰাণসী আৰু পূৰ্বাঞ্চলৰ কৃষকৰ বাবে ষ্টোৰেজৰ পৰা আৰম্ভ কৰি পৰিবহণলৈ অনেক সুবিধা বিগত বৰ্ষসমূহত প্ৰস্তুত কৰা হৈছে৷ আন্তৰ্জাতিক চাউল প্ৰতিষ্ঠানেই হওক, দুগ্ধ সংসাধন প্লাণ্টেই হওক অথবা Perishable Cargo Centerৰ নিৰ্মাণেই হওক, এনে অনেক সুবিধাৰ দ্বাৰা কৃষকসকল উপকৃত হৈছে৷ এয়া আমাৰ বাবেও গৰ্বৰ কথা যে এই বাৰ প্ৰথমবাৰলৈ বাৰাণসীৰ পৰা ফল আৰু শাক-পাচলি তথা ধান বিদেশলৈ ৰপ্তানি কৰা হৈছে৷ কৃষকৰ বাবে নিৰ্মাণ কৰা ষ্টোৰেজ সুবিধাসমূহ সম্প্ৰসাৰিত কৰি আজি কাপসেঠীত ১০০ মেট্ৰিকটন ষ্টোৰেজ ক্ষমতাযুক্ত গুদামৰ লোকাৰ্পণো কৰা হৈছে৷ ইয়াৰোপৰি জন্সাতো বহু-উদ্দেশ্যভিত্তিক বীজ গুডাম আৰু ডিছমিনেছন কেন্দ্ৰও নিৰ্মাণ কৰা হৈছে৷

ভাতৃ আৰু ভগ্নীসকল,

গাঁও-দৰিদ্ৰ আৰু কৃষক আত্মনিৰ্ভৰ ভাৰত অভিযানৰ সবাতোকৈ ডাঙৰ স্তম্ভও আৰু সকলোতকৈ ডাঙৰ হিতাধিকাৰীও৷ শেহতীয়াকৈ যি কৃষি সংস্কাৰ হৈছে তাৰ দ্বাৰা কৃষকসকল প্ৰত্যক্ষভাৱে লাভান্বিত হ’ব, বজাৰৰ সৈতে তেওঁলোকৰ প্ৰত্যক্ষ যোগাযোগ সুনিশ্চিত হ’ব৷ কৃষকৰ নামত কৃষকৰ পৰিশ্ৰমৰ লাভ লোৱা মধ্যভোগী আৰু দালালসকলক এতিয়া প্ৰণালীৰ পৰা বাহিৰ কৰা হৈছে৷ ইয়াৰ প্ৰত্যক্ষ লাভ উত্তৰ প্ৰদেশৰ, পূৰ্বাঞ্চলৰ, বাৰাণসীৰ প্ৰতিজন কৃষকে পাব৷

বন্ধুসকল,

কৃষকসকলৰ দৰে পদপথত ব্যৱসায় কৰা সকলৰ বাবেও এক মহত্বকাংক্ষী যোজনা প্ৰস্তুত কৰা হৈছে৷ আজি প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ জৰিয়তে পদপথৰ ব্যৱসায়ীসকল উপকৃত হৈছে৷ ক’ৰোনাৰ ফলত যি সমস্যাৰ সৃষ্টি হৈছিল, সেয়া দূৰ কৰাৰ বাবে ১০ হাজাৰ টকাৰ ঋণ সাহায্য প্ৰদান কৰা হৈছে৷ ঠিক সেইদৰে গাঁৱত বাস কৰা লোকসকলৰ বাবে ‘স্বামীত্ব যোজনা’ আৰম্ভ কৰা হৈছে৷

বন্ধুসকল,

আমাৰ শাস্ত্ৰত কোৱা হৈছে- ‘কাশ্যম হি কাশতে কাশী, কাশী সৰ্ব প্ৰকাশিকা’৷ অৰ্থাৎ কাশীক কাশীয়েহে প্ৰকাশিত কৰিব পাৰে আৰু কাশীয়ে সকলোকে প্ৰকাশিত কৰে৷ সেইবাবে আজি বিকাশৰ যি প্ৰকাশ উদ্ভাসিত হৈছে, যি পৰিৱৰ্তন হৈছে, এই সকলো কাশী আৰু কাশীবাসীৰ আশীৰ্বাদৰেই পৰিণাম হিচাপে বিবেচিত হৈছে৷ কাশীৰ আশীৰ্বাদেই হ’ল সাক্ষাৎ মহাদেৱৰ আশীৰ্বাদ আৰু যেতিয়া মহাদেৱৰ আশীৰ্বাদ থাকে তেতিয়া কঠিন কামো সহজ হৈ পৰে৷ মোৰ বিশ্বাস যে কাশীৰ আশীৰ্বাদৰ দ্বাৰা বিকাশৰ এই গংগা এইদৰে কলকলাই থাকিব, অবিৰল বৈ থাকিব৷ এই শুভকামনাৰ সৈতে আপোনালোক সকলোলৈ পুনৰবাৰ দীপাৱলী, গোৱৰ্ধন পূজা আৰু ভাইয়া দোজৰ অশেষ শুভেচ্ছা যাচিলো৷ আজিকালি আপোনালোকে দেখিবলৈ পাইছে যে ‘লোকেলৰ বাবে ভ’কেল’, ‘ভ’কেল ফ’ৰ লোকেল’, ইয়াৰ সৈতে ‘লোকেল ফ’ৰ দীপাৱলী’ এই মন্ত্ৰ চৌদিশে গুঞ্জৰিত হ’ব ধৰিছে৷ মই বাৰাণসীৰ জনতাৰ সৈতে আৰু দেশবাসীক আহ্বান জনাইছো যে লোকেল ফ’ৰ দীপাৱলীৰ খুব প্ৰচাৰ কৰক৷ ইয়াৰ দ্বাৰা স্থানীয় পৰিচয় শক্তিশালী হোৱাৰ লগতে যিসকলে এই সামগ্ৰীসমূহ প্ৰস্তুত কৰে, তেওঁলোকৰো দীপাৱলী অধিক উজ্বলিত হ’ব৷

পুনৰবাৰ কাশীবাসীক সেৱা জনাই, কাশী বিশ্বনাথৰ চৰণত শিৰ দোৱাই, কাল ভৈৰৱক সেৱা জনাই, মা অন্নপূৰ্ণাক প্ৰণাম জনাই আগন্তুক পৰ্বসমূহৰ বাবে আপোনালোক সকলোলৈ অশেষ শুভকামনা জনাইছো৷

অশেষ ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Can we have a picture? BRICS delegates gather around PM Modi for candid photo op

Media Coverage

Can we have a picture? BRICS delegates gather around PM Modi for candid photo op
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on Rosh Hashanah to PM Netanyahu, people of Israel and Jewish communities worldwide
September 12, 2026

The Prime Minister, Shri Narendra Modi has extended greetings on the occasion of Rosh Hashanah to Prime Minister of Israel, Benjamin Netanyahu, the people of Israel and Jewish communities across the globe.

The Prime Minister wished that the new year be filled with peace, hope, good health and continued progress for all.

In a post on X, Shri Modi wrote;

“‎Shana Tova!

‎Wishing a very happy Rosh Hashanah to Prime Minister Netanyahu, the people of Israel and Jewish communities across the globe.

‎May the new year be filled with peace, hope, good health and continued progress for all.

‎שנה טובה!

 

‎ מאחל שנה טובה ושמחה לראש הממשלה נתניהו, לעם ישראל ולקהילות היהודיות ברחבי העולם.

 

‎ מי ייתן והשנה החדשה תביא עמה שלום, תקווה, בריאות טובה וקדמה לכולם.


‎ ⁦‪@netanyahu‬⁩”