“মুম্বাই সমাচাৰ ভাৰতৰ দৰ্শন আৰু অভিব্যক্তি”
“স্বাধীনতা আন্দোলনৰপৰা ভাৰতৰ নৱনিৰ্মাণলৈকে পাৰ্চী ভগ্নী আৰু ভ্ৰাতৃসকলৰ অৱদান অপৰিসীম”
“সংবাদ মাধ্যমৰ সমালোচনাৰ অধিকাৰৰ সমান্তৰালকৈ ইতিবাচক বাতৰি প্ৰকাশৰো সমানেই গুৰু দায়িত্ব আছে”
“ভাৰতৰ সংবাদ মাধ্যমৰ ইতিবাচক বৰঙণিয়ে ইয়াক মহামাৰীটোৰে মোকাবিলাত বহু সহায় কৰিছিল”

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগত সিংহ কোশিয়াৰী জী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী উদ্ধৱ ঠাকৰে জী, মহাৰাষ্ট্ৰৰ বিৰোধী নেতা শ্ৰী দেৱেন্দ্ৰ ফাড়ণৱীস জী, মুম্বাই সমাচাৰৰ এমডি শ্ৰী এইচ এন কামা জী, শ্ৰী মেহৰৱান কামা জী, এডিটৰ ভাই নিলেশ দৱে জী, কাকতৰ সৈতে জড়িত সকলো বন্ধু, দেৱীসকল আৰু সজ্জনসকল!

প্ৰথমতে নিলেশভায়ে যি ক'লে তাৰ সন্মুখত মোৰ বিৰোধ প্ৰকট কৰিছো, তেওঁ কৈছে যে ভাৰত ভাগ্য বিধাতা, কিন্তু ভাৰতৰ ভাগ্য বিধাতা জনতা জনাৰ্দন, ১৩০ কোটি দেশবাসী আছে, মই তো সেৱক। মোৰ ধাৰণা হয় যে আজি মই নহা হ'লে, মই বহুত কিবা হেৰুৱালো হেঁতেন, কিয়নো ইয়াৰ পৰা যদি চাবলৈ আৰম্ভ কৰো, তেন্তে প্ৰায় সকলো জনাজাত চেহেৰা দেখা যায়। ইমান বেছি মানুহৰ দৰ্শন কৰাৰ সুযোগ পোৱাটো বিশেষ আনন্দৰ অৱসৰ আৰু কি হ'ব পাৰে। তাৰ পৰা হাত ওপৰলৈ তুলি বন্দন কৰি আছে।

মুম্বাই সমাচাৰৰ সকলো পাঠক, সাংবাদিক আৰু কৰ্মচাৰীক এই ঐতিহাসিক বাতৰি কাকতৰ দুই শতাব্দী বৰ্ষপূৰ্তিত আন্তৰিক শুভকামনা!! এই দুটা শতিকাত বহু প্ৰজন্মৰ জীৱনক, তেওঁলোকৰ পাৰস্পৰিক সম্বন্ধই মুম্বাই সমাচাৰে কণ্ঠ দিছে। মুম্বাই সমাচাৰে স্বাধীনতা সংগ্ৰামকো কণ্ঠ দিলে আৰু আকৌ স্বাধীন ভাৰতৰ ৭৫ বছৰকো সকলো বয়সৰ পাঠকলৈ লৈ গৈছে। ভাষাৰ মাধ্যম জৰুৰ গুজৰাটী, কিন্তু পাৰস্পৰিক সম্বন্ধ ৰাষ্ট্ৰীয় আছিল। বিদেশীৰ প্ৰভাৱত যেতিয়া এই চহৰ বম্বে হ'ল, বম্বই হ'ল, তেতিয়াও এই কাকতে নিজৰ লোকেল কানেক্ট নেৰিলে, নিজৰ শিপাৰ সৈতে সংযুক্তি নেৰিলে। ই তেতিয়াও সাধাৰণ মুম্বাইকাৰৰ কাকত আছিল আৰু আজিও সেয়াই হয়- মুম্বাই সমাচাৰ! মুম্বাই সমাচাৰৰ প্ৰথম সম্পাদক, মহেৰজী ভাইৰ লেখা তো সেই সময়তো বহুত উদ্বিগ্নতাৰে পঢ়া হৈছিল। এই কাকতত ছপা হোৱা খবৰৰ প্ৰামাণিকতা সন্দেহৰ ওপৰত। মহাত্মা গান্ধী আৰু চৰদাৰ পেটেলেও প্ৰায়ে মুম্বাই সমাচাৰৰ উদ্ধৃতি দিছিল। আজি ইয়াত যি পোষ্টেল ষ্টাম্প ৰিলিজ হ'ল, বুক কভাৰ ৰিলিজ হ'ল, যি ডক্যুমেণ্টৰী দেখুওৱা হ'ল, তাৰ মাধ্যমত আপোনালোকৰ এই অদ্ভুত যাত্ৰা দেশ আৰু দুনিয়ালৈ গৈ পাব।

বন্ধুসকল,

আজিৰ সময়ত যেতিয়া আমি এইবুলি শুনো যে কোনো নিউজপেপাৰ ২০০ বছৰৰ পৰা চলি আছে তেন্তে আচৰিত হোৱাটো বহুত স্বাভাৱিক। আপোনালোকে চাওক, যেতিয়া এই কাকতখন আৰম্ভ হৈছিল, তেতিয়া ৰেডিঅ'ৰ আৱিষ্কাৰ হোৱা নাছিল, টিভিৰতো প্ৰশ্নই নুঠে। যোৱা ২ বছৰত আমি সকলোৱে বহুবাৰ ১০০ বছৰৰ আগতে বিয়পা স্পেনিছ ফ্লুৰ চৰ্চা কৰিছো। কিন্তু এইখন কাকতে সেই বিশ্বজোৰা মহামাৰীতকৈও ১০০ বছৰৰ আগৰ পৰা আৰম্ভ হৈছিল। দ্ৰুতগতিত সলনি হোৱা সময়ত যেতিয়া এনেকুৱা তথ্য সন্মুখলৈ আহে তেতিয়া আমি আজি মুম্বাই সমাচাৰৰ ২০০ বছৰ হোৱাৰ মহত্ব আৰু অধিক উপলব্ধি হয়। আৰু এইটোও বহুত আনন্দৰ কথা যে মুম্বাই সমাচাৰৰ ২০০ বছৰ আৰু ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰৰ সংযোগ এই বছৰতে হৈছে। সেয়ে আজিৰ এই সুযোগতে আমি কেৱল ভাৰতৰ সাংবাদিকতাৰে উৎসৱ পালন কৰি থকা নাই, বৰং এই আয়োজনে স্বাধীনতাৰ অমৃত মহোৎসৱৰো শোভা বঢ়াই আছে। যিবিলাক সংস্কাৰ, যিবোৰ সংকল্পক লৈ আপোনালোক চলিছে, মোৰ বিশ্বাস আছে যে ৰাষ্ট্ৰক সজাগ কৰাৰ আপোনালোকৰ এই মহাযজ্ঞ, অবাধে এনেকৈয়ে অব্যাহত থাকিব।

বন্ধুসকল,

মুম্বাই সমাচাৰ কেৱল এক বাতৰিৰ মাধ্যমেই নহয়, বৰং এক আমানত। মুম্বাই সমাচাৰ ভাৰতৰ দৰ্শন, ভাৰতৰ অভিব্যক্তি। ভাৰতে কেনেকৈ সকলো ধুমুহা সত্বেও, অটল হৈ আছে, তাৰ ৰেঙনি আমি মুম্বাই সমাচাৰতো পাওঁ। সময়-কাল পৰিস্থিতিৰ প্ৰত্যেক পৰিৱৰ্তনৰ সৈতে ভাৰতে নিজক সলনি কৰিছে, কিন্তু নিজৰ মূল সিদ্ধান্তসমূহ আৰু শক্তিশালী কৰিছে। মুম্বাই সমাচাৰেও প্ৰতিটো পৰিৱৰ্তনক ধাৰণ কৰিছে। সপ্তাহত এবাৰৰ পৰা সপ্তাহত দুবাৰ, পাছত দৈনিক আৰু এতিয়া ডিজিটেল, প্ৰতিটো সময়ৰ নতুন প্ৰত্যাহ্বান এই কাকতখনে ভালদৰে মোকাবিলা কৰিছে। নিজৰ শিপাৰ সৈতে সংযুক্ত হৈ থাকি, নিজৰ মূলৰ ওপৰত গৌৰৱ কৰি, কেনেকৈ পৰিৱৰ্তনক অংগীকাৰ কৰিব পাৰি, মুম্বাই সমাচাৰ ইয়াৰো প্ৰমাণ।

বন্ধুসকল,

মুম্বাই সমাচাৰ যেতিয়া আৰম্ভ হৈছিল তেতিয়া দাসত্বৰ অন্ধকাৰ গভীৰ হৈ আহিছিল। এনে কালখণ্ডত গুজৰাটীৰ দৰে ভাৰতীয় ভাষাত কাকত উলিওৱা ইমান সহজ নাছিল। মুম্বাই সমাচাৰে সেই সময়ত ভাষাগত সাংবাদিকতাক বিস্তাৰ দিলে। ইয়াৰ সফলতাই ইয়াক মাধ্যম বনালে। লোকমান্য তিলক জীয়ে কেসৰী আৰু মৰাঠা সাপ্তাহিক কাকতেৰে স্বাধীনতা আন্দোলনক শান দিয়ে। সুব্ৰমণিয়ম ভাৰতীৰ কবিতা, তেওঁৰ লেখাবোৰে বিদেশী সত্বাৰ ওপৰত প্ৰহাৰ কৰে।

বন্ধুসকল,

গুজৰাটী সাংবাদিকতাও স্বাধীনতা যুঁজৰ বহুত প্ৰভাৱশালী মাধ্যম হৈ পৰিছিল। ফৰ্দুনজীয়ে গুজৰাটী সাংবাদিকতাৰ এটা শক্তিশালী ভেটি গঢ়ে। গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা নিজৰ প্ৰথম কাকত ইণ্ডিয়ান অপিনিয়ন আৰম্ভ কৰিছিল, যাৰ সম্পাদক জুনাগড়ৰ বিখ্যাত মনসুখ লাল নাজৰ আছিল। ইয়াৰ পাছত পূজ্য বাপুৱে প্ৰথমবাৰ এডিটৰ হিচাপে গুজৰাটী কাকত নৱজীৱনৰ দায়িত্ব পালন কৰে, যিখন ইন্দুলাল য়াগ্নিক জীয়ে তেওঁক সঁপিছিল। এটা সময়ত, এ ডি গোৰৱালাৰ অপিনিয়ন দিল্লীত শাসনত থকা লোকৰ মাজত যথেষ্ট জনপ্ৰিয় আছিল। ইমাৰজেঞ্চীৰ সময়ত ছেন্সৰশ্বিপৰ বাবে প্ৰতিবন্ধকতা লগাত ইয়াৰ ছাইক্লোষ্টাইল প্ৰকাশিত হ'বলৈ ধৰিছিল। স্বাধীনতাৰ যুঁজ হওক বা গণতন্ত্ৰৰ পুনৰ স্থাপন, সাংবাদিকতাৰ এক বিশেষ ভূমিকা আছে। ইয়াতো গুজৰাটী সাংবাদিকতাৰ ভূমিকা উচ্চ শিখৰত আছে।

বন্ধুসকল,

স্বাধীনতাৰ অমৃতকালতো ভাৰতীয় ভাষাৰ এক বিশেষ ভূমিকা থাকিব। যি ভাষাক আমি জীওঁ, য'ত আমি ভাবোঁ, তাৰ মাধ্যমত আমি ৰাষ্ট্ৰৰ সৃষ্টিশীলতাক বিকশাব বিচাৰো। এই ভাবনাৰেই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত মেডিকেলৰ পঢ়া হওক, বিজ্ঞান আৰু প্ৰযুক্তিৰ পঢ়া হওক, সেয়া স্থানীয় ভাষাত কৰোৱাৰ বিকল্প দিয়া গৈছে। এই ভাবনাৰেই ভাৰতীয় ভাষাত পৃথিৱীৰ বেষ্ট কণ্টেণ্টৰ নিৰ্মাণত জোৰ দিয়া হৈছে।

বন্ধুসকল,

ভাষাগত সাংবাদিকতাই, ভাৰতীয় ভাষাৰ সাহিত্যই স্বাধীনতাৰ আন্দোলনত মহত্বপূৰ্ণ ভূমিকা পালন কৰে। জনসাধাৰণৰ মাজলৈ নিজৰ কথা লৈ যাবৰ বাবে পূজ্য বাপুৱেও সাংবাদিকতাক প্ৰধান স্তম্ভ বনায়। নেতাজী সুভাষ চন্দ্ৰ বসুৱে ৰেডিঅ'ক ইয়াৰ মাধ্যম বনায়।

বন্ধুসকল,

আজি আৰু এটা পক্ষৰ বিষয়ে আপোনালোকৰ সৈতে কথা পাতিব বিচাৰিছো। আপোনালোকেও জানে যে এই কাকতখন আৰম্ভ কৰে ফৰ্দুনজী মুৰ্জবানে আৰু যেতিয়া ইয়াৰ ওপৰত সংকট আহে তেতিয়া ইয়াক চম্ভালে কামা পৰিয়ালে। এই পৰিয়ালটোৱে এই বাতৰি কাকতখনক নতুন উচ্চতা দিয়ে। যি লক্ষ্যৰে ইয়াক আৰম্ভ কৰা হৈছিল, তাক শক্তি দিয়ে।

বন্ধুসকল,

ভাৰতৰ হাজাৰ হাজাৰ বছৰৰ ইতিহাসে আমাক বহু কথা শিকায়। ইয়ালৈ যিয়েই আহিছে, সৰু হওক বা ডাঙৰ, দুৰ্বল হওক বা বলৱান, সকলোকে মা ভাৰতীয়ে নিজৰ কোলাত ফলা-ফুলাৰ ভৰপূৰ সুযোগ দিছে আৰু পাৰসী সমুদায়তকৈ ভাল ইয়াৰ উদাহৰণ কোনো হ'ব নোৱাৰে। যি কেতিয়াবা ভাৰতলৈ আহিছিল, তেওঁলোকে আজি নিজৰ দেশক প্ৰতিটো ক্ষেত্ৰত শক্তিশালী কৰি আছে। স্বাধীনতাৰ আন্দোলনৰ পৰা আৰম্ভ কৰি ভাৰতৰ নৱনিৰ্মাণলৈকে পাৰসী ভগ্নী-ভাতৃসকলৰ যোগদান বহুত ডাঙৰ। সংখ্যাৰ হিচাপত সমুদায়টো দেশৰ সবাতোকৈ সৰু সমুদায়ৰ এটা, একপ্ৰকাৰৰ মাইক্ৰো-মাইনৰিটী, কিন্তু সামৰ্থ্য আৰু সেৱাৰ হিচাপত বহুত ডাঙৰ। ভাৰতীয় উদ্যোগ, ৰাজনীতি, সমাজ সেৱা, ন্যায়তন্ত্ৰ, খেল আৰু সাংবাদিকতা আনকি সেনা, ফৌজত প্ৰতিটো ক্ষেত্ৰত পাৰসী সমুদায়ৰ এটা ছাপ দেখা যায়। বন্ধুসকল, ভাৰতৰ এয়াই পৰম্পৰা, এয়াই মূল্য, যি আমাক শ্ৰেষ্ঠ কৰি তোলে।

বন্ধুসকল,

গণতন্ত্ৰত লাগে জনপ্ৰতিনিধি হওক, ৰাজনীতিক দল হওক, সংসদ হওক বা ন্যায়পালিকা হওক, প্ৰত্যেক ঘটকৰে নিজৰ নিজৰ ভূমিকা আছে, নিজৰ নিজৰ নিশ্চিত ভূমিকা আছে। এই ভূমিকাৰ তাৎক্ষণিক নিৰ্বাহ বহুত আৱশ্যক। গুজৰাটীত এটা প্ৰবাদ আছে- জেনু কাম তেনু থায়; বিজা কৰে তো গোতা খায়। অৰ্থাৎ যাৰ যি কাম, তেৱেঁই কৰা উচিত। ৰাজনীতি হওক, মিডিয়া হওক বা কোনো বেলেগ ক্ষেত্ৰ, সকলোৰে বাবে এই প্ৰবাদ প্ৰাসংগিক। বাতৰি কাকতৰ, মিডিয়াৰ কাম হৈছে বাতৰি বিলোৱা, লোক শিক্ষাৰ, সমাজ আৰু চৰকাৰৰ কিবা নাটনি আছে যদি তাক সন্মুখলৈ অনা। মিডিয়াৰ যিমান অধিকাৰ সমালোচনাৰ, সিমানেই ডাঙৰ দায়িত্ব সকাৰাত্মক খবৰবোৰ সন্মুখলৈ অনাৰো। যোৱা বছৰবিলাকত মিডিয়াৰ এটা বৃহৎ অংশই ৰাষ্ট্ৰহিতৰ সৈতে জড়িত, সমাজহিতৰ সৈতে জড়িত অভিযানবিলাকক ব্যাপক ৰূপত আকোৱালি লয়, তাৰ সকাৰাত্মক প্ৰভাৱ আজি দেশে অনুভৱ কৰি আছে। স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে যদি দেশৰ গাঁও আৰু গৰীবৰ জীৱন, তেওঁলোকৰ স্বাস্থ্য ভাল হৈ আছে, তেন্তে ইয়াত কিছু মিডিয়াৰ মানুহেও ডাঙৰ ভূমিকা পালন কৰিছিল, প্ৰশংসনীয় ভূমিকা পালন কৰিছিল। আজি ভাৰত যদি ডিজিটেল পেমেণ্টৰ বিষয়ত পৃথিৱীত অগ্ৰণী, তেন্তে লোক শিক্ষাৰ যি অভিযান মিডিয়াই চলালে, তাৰ ফলত দেশৰ সহায় হ'ল। আপোনালোকে আনন্দ পাব, ডিজিটেল লেনদেন পৃথিৱীৰ ৪০% কাৰবাৰ অকল হিন্দুস্তানে কৰিছে। যোৱা ২ বছৰত কৰোণা কালত যেনেদৰে আমাৰ সাংবাদিক বন্ধুসকলে ৰাষ্ট্ৰহিতত এক কৰ্মযোগীৰ দৰে কাম কৰিলে, তাকো সদায়েই স্মৰণ কৰা হ'ব। ভাৰতৰ মিডিয়াৰ সকাৰাত্মক যোগদানৰ ফলত ভাৰতে ১০০ বছৰৰ এই সবাতোকৈ ডাঙৰ সংকটৰ সৈতে মোকাবিলা কৰাত বহুত সহায় হ'ল। মোৰ বিশ্বাস আছে যে স্বাধীনতাৰ অমৃত কালত দেশৰ মিডিয়াই নিজৰ সকাৰাত্মক ভূমিকা অধিক বিস্তাৰিত কৰিব। এই দেশ ডিবেট আৰু ডিস্কাছনেৰে আগবঢ়া সমৃদ্ধ পৰিপাটীৰ দেশ।

বন্ধুসকল,

আজি মই মুম্বাই সমাচাৰৰ প্ৰবন্ধকসকল, সাংবাদিকসকলক বিশেষভাৱে আৱেদন জনাব বিচাৰো। আপোনালোকৰ ওচৰত ২০০ বছৰৰ যি আৰ্কাইভ আছে, য'ত ভাৰতৰ ইতিহাসৰ বহু টাৰ্ণিং পইণ্ট আছে, সেয়া দেশ-দুনিয়াৰ সন্মুখত ৰখাটো বহুত জৰুৰী। মোৰ পৰামৰ্শ হৈছে যে মুম্বাই সমাচাৰে নিজৰ এই সাংবাদিকতাৰ সম্পদক বেলেগ বেলেগ ভাষাত কিতাপৰ ৰূপত দেশৰ সন্মুখলৈ অনাৰ প্ৰয়াস কৰক। আপোনালোকে মহাত্মা গান্ধীৰ বিষয়ে যি ৰিপৰ্ট কৰিলে, স্বামী বিবেকানন্দ জীৰ ৰিপ'ৰ্ট কৰিলে, ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাৰ উত্থান পতনক তন্ন তন্নকৈ বুজিলে বুজালে। এই সকলো এতিয়া মাত্ৰ ৰিপ'ৰ্টেই নহয়। এয়া সেই পল যি ভাৰতৰ ভাগ্য সলনি কৰাত ভূমিকা পালন কৰিলে। সেয়ে অনাগত প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ বহুত ডাঙৰ মাধ্যম, বহুত ডাঙৰ সম্পদ কামা চাহেব আপোনাৰ ওচৰত আছে আৰু দেশে অপেক্ষা কৰি আছে। ভৱিষ্যতে সাংবাদিকতাৰ বাবেও এটা ডাঙৰ শিক্ষা আপোনাৰ ইতিহাসত লুকাই আছে। এই দিশত আপোনালোক সকলোৱে নিশ্চয় প্ৰয়াস কৰিব আৰু আজি ২০০ বছৰ মই আগতেও কৈছো যে এই যাত্ৰাই কিমান উত্থান-পতন দেখিছে চাগৈ আৰু ২০০ বছৰলৈকে নিয়মীয়াকৈ চলা, এয়াও এক বহুত ডাঙৰ শক্তি। এই মহত্বপূৰ্ণ উপলক্ষত আপোনালোক সকলোৱে মোক নিমন্ত্ৰণ কৰিলে, আপোনালোক সকলোৰে মাজলৈ অহাৰ সুযোগ পালো, ইমান ডাঙৰ বিশাল সমুদায়ৰ সৈতে লগ হোৱাৰ সুযোগ পালো আৰু মই কেতিয়াবা এবাৰ ইয়াত মুম্বাইত সাহিত্যৰ কাৰ্যক্ৰমলৈ আহিছিলো, হয়তো আমাৰ সূৰজ ভাই দলালে মোক মাতিছিল। সেইদিনা মই কৈছিলো যে মুম্বাই আৰু মহাৰাষ্ট্ৰ এয়া গুজৰাটৰ ভাষাৰ মোমাইৰ ঘৰ। এবাৰ আকৌ আপোনালোক সকলোকে মুম্বাই সমাচাৰৰ ২০০ বছৰ হোৱাৰ বহুত বহুত শুভকামনা দিছো। কামা পৰিয়ালক আপুনি ৰাষ্ট্ৰৰ বহুত ডাঙৰ সেৱা কৰিছে, সমগ্ৰ পৰিয়াল আপোনাৰ কৃতজ্ঞতাৰ পাত্ৰ আৰু মই মুম্বাই সমাচাৰৰ সকলো পাঠককো, বাচককো হৃদয়ৰ পৰা বহুত বহুত অভিনন্দন জনাইছো। কামা চাহেবে যি ক'লে সেয়া কেৱল শব্দ নাছিল, ২০০ বছৰলৈকে, প্ৰজন্মৰ পাছত প্ৰজন্ম এখন ঘৰত এখন কাকত নিয়মীয়াকৈ পঢ়া, চোৱা, শুনা, এয়া নিজে নিজেই সেই কাকতৰ বহুত ডাঙৰ শক্তি। আৰু সেই শক্তি দিওঁতা আপোনালোক সকলো আৰু সেয়ে মই গুজৰাটীসকলৰ এই সামৰ্থ্যক অভিনন্দন দিব খোজো। মই নাম ল'ব বিচৰা নাই, আজিও এখন দেশ এনেকুৱা আছে য'ত এখন চহৰত, মই বিদেশৰ কথা কৈ আছো, সবাতোকৈ বেছি প্ৰচলন থকা কাকত গুজৰাটী। ইয়াৰ অৰ্থ হৈছে এইটোৱেই যে গুজৰাটী মানুহে হয়তো সোনকালে বুজি পায় কি বস্তুত ক'ত শক্তি আছে। ব'লক হাঁহি-তামাচাৰ সন্ধিয়াৰ সৈতে বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
First multilingual Indian speech recognition model trained on 65 languages and dialects released

Media Coverage

First multilingual Indian speech recognition model trained on 65 languages and dialects released
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
President’s address on the eve of 80th Independence Day reflects the nation’s strength and inspires renewed determination for a Viksit Bharat: PM
August 14, 2026

Prime Minister Shri Narendra Modi today lauded the address delivered by President of India, Smt. Droupadi Murmu, on the eve of 80th Independence Day noting that it was motivating and thoughtful.

The Prime Minister observed that her thoughts reflect the strength of our nation and the aspirations of every Indian. He stated that her message inspires us all to work with renewed determination for a Viksit Bharat.

In a post on X, the Prime Minister shared:

"A motivating and thoughtful address by Rashtrapati Ji on the eve of Independence Day.

Her thoughts reflect the strength of our nation and the aspirations of every Indian.

Her message inspires us all to work with renewed determination for a Viksit Bharat.

@rashtrapatibhvn"