“We consider that even a single attack is one too many. Even a single life lost is one too many. So, we will not rest till terrorism is uprooted”
“There is no good terrorism and bad terrorism. It is an attack on humanity, freedom and civilisation. It knows no boundaries”
“Only a uniform, unified and zero-tolerance approach can defeat terrorism”
“There must be a cost imposed upon countries that support terrorism”
“There is a need for a uniform understanding of new finance technologies”
“Anyone who supports radicalisation should have no place in any country”

কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলত মোৰ সতীৰ্থ সহযোগী শ্ৰী অমিত শ্বাহ জী, উপস্থিত মহানুভৱসকল, বিভিন্ন দেশৰ পৰা অহা প্ৰতিনিধিসকল, বিশ্বৰ বিভিন্ন প্ৰান্তৰ তদন্তকাৰী সংস্থা তথা সুৰক্ষা বাহিনীসমূহৰ সদস্য আৰু মোৰ প্ৰিয় মিত্ৰগণ!

মই সন্ত্ৰাসবাদৰ বিত্তীয় পৃষ্ঠপোষকতা প্ৰতিৰোধ সম্পৰ্কীয় তৃতীয় মন্ত্ৰী পৰ্যায়ৰ সন্মিলনলৈ আপোনালোক আটাইকে স্বাগত জনাইছো।

বন্ধুসকল,

এইখন সন্মিলন যে ভাৰতত অনুষ্ঠিত হৈছে সেইটো নিতান্তই গুৰুত্বপূৰ্ণ কথা। বিশ্বই যেতিয়া আতংকবাদৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰাদান কৰা নাছিল আমাৰ দেশে তাৰো আগৰে পৰাই সন্ত্ৰাসৰ ভয়াবহতাৰ সন্মুখীন হ’বলৈ বাধ্য হৈছিল। বহু দশক ধৰি আতংকবাদে ভাৰতত বিভিন্ন নাম আৰু প্ৰকাৰৰে আঘাত হানি আহিছিল। আমি বহু হাজাৰ অমূল্য জীৱন হেৰুৱাবলগীয়া হৈছে যদিও আমি  নিৰ্ভীক ভাবে সন্ত্ৰাসবাদৰে যুঁজি আহিছো।

প্ৰতিনিধিসকলে এনে এখন দেশৰ মানুহৰ সৈতে কথা-বতৰা হোৱাৰ সুযোগ লাভ কৰিব, যিয়ে সম্পূৰ্ণ দৃঢ়তাৰে সন্ত্ৰাসবাদৰ সৈতে মোকাবিলা কৰি আহিছে। আমি একোটা আক্ৰমণকো বহুবোৰ আক্ৰমণৰ দৰে গণ্য কৰো। এজন লোকৰ মৃত্যুকো বহুজনৰ মৃত্যু বুলি গণ্য কৰো। সেয়ে যি পৰ্যন্ত সন্ত্ৰাসবাদী ঘটনাৰ অন্ত নপৰিব, আমি শান্তিৰে বহি নাথাকিম।

বন্ধুসকল,

এই এখন খুবেই গুৰুত্বপূৰ্ণ সন্মিলন। এইখন সন্মিলনক কেৱল মন্ত্ৰীসকলৰ সন্মিলন বুলি চোৱা উচিত নহ’ব, কিয়নো এই সন্মিলনত এনেবোৰ বিষয় সন্দৰ্ভত আলোচনা কৰা হ’ব, যি সমগ্ৰ মানৱ জাতিকে প্ৰভাৱিত কৰে। সন্ত্ৰাসবাদৰ দীৰ্ঘদিনীয়া দুষ্প্ৰভাৱ, বিশেষকৈ দুখীয়া আৰু স্থানীয় অৰ্থব্যৱস্থাৰ বাবে খুবেই কুফলদায়ক হৈ উঠে। সেয়া লাগিলে পৰ্যটনেই হওক কিম্বা বেপাৰ-বাণিজ্যই হওক, য’ত নিৰন্তৰ বিপদৰ আশংকাই বিৰাজ কৰে, তেনে ঠাইলৈ কোনো ব্যক্তিয়েই যাব নিবিচাৰে, কাৰণ মানুহৰ জীৱন-জীৱিকাৰ সমল নোহোৱা হৈ পৰে। সেয়ে আতংকবাদক পৃষ্ঠপোষকতা কৰাসকলৰ মূলোচ্ছোদ কৰাতো নিতান্তই প্ৰয়োজন।

বন্ধুসকল,

সাম্প্ৰতিক পৃথিৱীলৈ চকু দিলে দেখা যায় যে পৃথৱীক এতিয়া আৰু সন্ত্ৰাসবাদৰ আতংক সন্দৰ্ভত সকীয়াই দিয়াৰ আৱশ্যকতা নাই। অৱশ্যে, বহুবোৰ স্থানত এতিয়াও আতংকবাদক লৈ ভুল ধাৰণা বৰ্তী আহিছে। বেলেগ বেলেগ ঠাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে প্ৰতিক্ৰীয়াও যে বেলেগ বেলেগ সেই কথা কোৱাৰো চাগৈ আৱশ্যকতা নাই। সন্ত্ৰাবাদীসকলৰ বিৰুদ্ধে প্ৰকাশিত হোৱা প্ৰতিক্ৰিয়াৰ তীব্ৰতাও বেলেগ বেলগ হোৱাৰো আৱশ্যক নহয়। সকলো ধৰণৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধেই একেধৰণৰ ব্যৱস্থা গ্ৰহণৰ খুবেই প্ৰয়োজনীয়তা আছে। ইয়াৰ বাহিৰেও, কেতিয়াবা কেতিয়াবা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থাৱলী বন্ধ কৰাৰ বাবে সন্ত্ৰাসবাদৰ সমৰ্থনত পৰোক্ষ ভাবে যক্তিও প্ৰদৰ্শন কৰা হয়। এই বিশ্ব-সংকটৰ মোকাবিলা কৰাৰ বাবে জোৰা-টাপলি মৰা বিধৰ ব্যৱস্থা গ্ৰহণৰ প্ৰৱণতাৰ ঠাইত ঐকবদ্ধ আৰু সন্ত্ৰাসবাদক কেতিয়াও সহ্য নকৰাৰ ভাৱনাৰ জোৰতহে সন্ত্ৰাসবাদক পৰাস্ত কৰিব পৰা যাব।

বন্ধুসকল,

সন্ত্ৰাসবাদীৰে যুদ্ধ কৰা আৰু সন্ত্ৰাসবাদৰে যুদ্ধ কৰা, এই দুয়োটাই বেলেগ বেলেগ ধৰণৰ কথা। সন্ত্ৰাসবাদকতো অস্ত্ৰৰ সহায়ত নিৰস্ত্ৰ কৰিব পাৰি। সুনিয়োজিত পদক্ষেপ গ্ৰহণৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ততকালীনভাবে পদক্ষেপ গ্ৰহণ কৰাটো হৈছে এক অভিযান-প্ৰক্ৰিয়া। সন্ত্ৰাসবাদী হৈছে একোজন ব্যক্তি। কিন্তু সংগঠন হৈছে ব্যক্তি আৰু সংগঠনৰ প্ৰণালী। সন্ত্ৰাসবাদক  সমূলে বিনাশ কৰাৰ বাবে বৃহত্ আৰু সক্ৰিয় পদক্ষেপ গ্ৰহণৰ প্ৰয়োজন হয়। আমি যদি বিচাৰো যে আমাৰ নাগৰিকসকল সুৰক্ষিত থাকক, তেতিয়া আমি সন্ত্ৰাসক আমাৰ চৌহদৰ ভিতৰত প্ৰৱেশ কৰালৈকে অপেক্ষা কৰিব নোৱাৰো। আমি সন্ত্ৰাসবাদীসকলক পিচে পিচে খেদি যাব লাগিব, সিহঁতক সমৰ্থন আগবঢ়াওতাসকলৰ নেটৱৰ্কবোৰকো ধ্বংস কৰি পোলাব লাগিব, আৰু সিহঁতৰ ধন-উত্সৰ ওপৰতো প্ৰহাৰ কৰিব লাগিব।

 

বন্ধুসকল,

সকলোৱে ভালকৈয়ে জানে যে সন্ত্ৰাসবাদী সংগঠনবোৰলৈ অনেক উত্সৰ পৰা ধনৰ প্ৰবাহ বয়। এটা প্ৰবাহতো হৈছে কিছুমান দেশৰ পৰা পোৱা সমৰ্থন। কিছুমান দেশে বিদেশ নীতিৰে অংশৰ ৰূপতে সন্ত্ৰাসবাদৰ সমৰ্থন কৰি আহিছে। সেইবোৰ দেশে সন্ত্ৰাসবাদীক ৰাজনৈতিক, বিচাৰধাৰাত্মক আৰু বিত্তীয় সহযোগিতাও আগবঢ়ায়। আন্তঃৰাষ্ট্ৰীয় সংগঠনে এই কথা ভবা উচিত নহয় যে নিয়মিত যুদ্ধ নোহোৱা মানেই কিন্তু শান্তি নহয়। ছদ্ম-যুদ্ধও বিপজ্জনক আৰু হিংসাত্মক হয়। সন্ত্ৰাসবাদৰ সমৰ্থন কৰা দেশবোৰ দণ্ডিত কৰা উচিত। এনেবোৰ সংগঠন আৰু ব্যক্তি, যিসকলে সন্ত্ৰাসবাদীৰ প্ৰতি সহানুভূতিৰ সৃষ্টি কৰাৰ চেষ্টা চলায়, সেইবোৰকো বিধ্বস্ত কৰিব লাগিব। এনেবোৰ কথা-কাণ্ডৰ ক্ষেত্ৰত কোনো ‘কিন্তু-পৰন্তু’ৰ অৱকাশ থকা উচিত নহয়। সন্ত্ৰাসবাদৰ সকলোবোৰ গুপ্ত আৰু সন্মুখত ওলাই কাম কৰা সংগঠনসমূহৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই একজোঁট হোৱাৰ আৱশ্যকতা আছে।

 

বন্ধুসকল,

সন্ত্ৰাসবাদক বিত্তীয় সহযোগিতা আগবঢ়োৱাটোও এক ধৰণৰ সংগঠিত অপৰাধেই হয়। সংগঠিত অপৰাধক ভিন্ন ৰূপত প্ৰত্যক্ষ কৰা উচিত নহয়। এইধৰণৰ কথা-কাণ্ডৰ সম্বন্ধ প্ৰায়েই সন্ত্ৰাসবাদী সংগঠনৰে হোৱা দেখা যায়। অস্ত্ৰ-শস্ত্ৰ, নিচাযুক্ত দ্ৰব্য আৰু অবৈধ বেহাৰে সংগৃহিত ধন সন্ত্ৰাসবাদী কাৰ্যকলাপত ব্যৱহাৰ কৰা হয়। এইটো পক্ষই ল’জিষ্টিক্স আৰু প্ৰচাৰ-মাধ্যমৰ প্ৰসংগতো পৃষ্ঠপোষকতা আগবঢ়ায়। সন্ত্ৰাসৰ বিৰুদ্ধে যুঁজ কৰাৰ সংগঠিত অপৰাধৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত জৰুৰী হৈ উঠে। দেখা যায় যে কেতিয়াবা কেতিয়াবা ধনৰ লেন-দেন আৰু বিত্তীয় অপৰাধৰ দৰে গতিবিধিসমূহেও সন্ত্ৰাসবাদক ধনৰ যোগান ধৰে। এই যুঁজৰ বাবে সমগ্ৰ বিশ্বৰে সহযোগিতাৰ প্ৰয়োজন।

বন্ধুসকল,

এনে জটিল পৰিৱেশত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ, বিত্তীয় কাৰ্যব্যৱস্থাৰ কৰ্মবাহিনী, বিত্তীয় অনুসন্ধানকাৰী গোট, আৰু ‘এগমণ্টছ গ্ৰুপ’ অবৈধ ধনৰ প্ৰসাৰণ প্ৰতিৰোধ কৰা, অবৈধ পুঁজিৰ প্ৰবহণৰ প্ৰতিৰোধ কৰা, চিনাক্তকৰণ, আৰু আইনী ব্যৱস্থা গ্ৰহণৰ ক্ৰমত সহযোগিতা বঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে।

 

বন্ধুসকল,

সম্প্ৰতি সন্ত্ৰাসবাদৰ চাল-চৰিত্ৰ সলনি হ’বলৈ ধৰিছে। দ্ৰুতগতিত বিকশিত হোৱা প্ৰযুক্তিৰ প্ৰত্যাহ্বানো আছে, আৰু সমাধানো আছে। সন্ত্ৰাসবাদৰ বাবে ধন সংগ্ৰহ কৰা আৰু সন্ত্ৰাসবাদী ভৰ্তি কৰোৱাৰ বাবে নতুন নতুন প্ৰযুক্তিসমূহৰ ব্যৱহাৰ হ’বলৈ ধৰিছে। ‘ডাৰ্ক নোট’, নিজাববীয়াকৈ বলবত্ কৰা মুদ্ৰা আৰু হঠাতে থন্ ধৰি উঠা প্ৰযুক্তিৰ প্ৰত্যাহ্বানো আছে। নতুন বিত্তীয় প্ৰযুক্তিসমূহৰ উমৈহতীয়া বুজাবুজিৰো আৱশ্যকতা আছে। এনেবোৰ প্ৰয়াসত ব্যক্তিগত খণ্ডসমহকো চামিল কৰাৰ জৰুৰী প্ৰয়োজন আছে। উমৈহতীয়া বুজাবুজিৰ পৰা প্ৰতিৰোধৰ ক্ষেত্ৰত এক উমৈহতীয়া প্ৰণালী, সন্তুলন আৰু নিয়ামকো যুগুতাই উলিয়াব পাৰি। কিন্তু আমি সদায়ে এটা কথাৰ পৰা সাৱধানে থাকিব লাগিব। ইয়াৰ উত্তৰ প্ৰযুক্তিক দোষাৰোপ কৰাই নহয়। ইয়াৰ পৰিৱৰ্তে সন্ত্ৰাসবাদক অনুসৰণ, অনুসন্ধান কৰা আৰু চম্ভালি লোৱাৰ বাবে প্ৰযুক্তিৰ সদ্ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰা উচিত।

 

বন্ধুসকল,

আজি সহযোগিতা কেৱল ভৌতিক বিশ্বৰ বাবেই জৰুৰী নহয়, বৰং ‘ভাৰ্চুৱেল’ বিশ্বৰ বাবেও সমানেই জৰুৰী হৈ উঠিছে। ‘চাইবাৰ সন্ত্ৰাসবাদ’ আৰু অনলাইন মৌলবাদৰ বিস্তাৰৰ বাবে আন্তঃগাঁথনিৰ ব্যৱহাৰ হৈ আহিছে। কিছুসংখ্যক দূৰ-দূৰণিৰ এলেকা আৰু ‘অনলাইন সংসাধন’ৰে অস্ত্ৰ সঞ্চালনৰ প্ৰশিক্ষণৰো ব্যৱস্থা কৰা হৈছে। যোগাযোগ, এঠাইৰ পৰা আন এঠাইলৈ অহা যোৱা কৰা, ‘ল’জিষ্টিক্স’সহ বিভিন্ন দেশত এই শৃংখলাৰ বিভিন্ন ভাগবোৰে স্থান গ্ৰহণ কৰি আহিছে। প্ৰতিখন দেশে নিজে ঢুকি পোৱা ভাগবোৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব পাৰে আৰু তেওঁলোকে এনে কৰা উচিত।

বন্ধুসকল,

বিভিন্ন দেশত তেওঁলোকৰ নিজা আইনী সিদ্ধান্ত, প্ৰক্ৰিয়া আৰু কৰ্ম-পদ্ধতি আছে। সাৰ্বভৌম ৰাষ্ট্ৰসমূহৰ হাতত নিজা প্ৰণালীৰে কাম কৰাৰ অধিকাৰ থাকে। অৱশ্যে, আমি এই কথাৰ বাবে সাৱধান হব লাগিব যে বিভিন্ন প্ৰণালীৰ দূৰ্প্ৰয়োগ কৰাৰ সুযোগ সন্ত্ৰাসবাদীয়ে যাতে নাপায়। ইয়াক চৰকাৰসমূহৰ মাজত স্থাপিত গভীৰ সহযোগ আৰু বুজাবুজিৰ জৰিয়তে ৰুধিব পৰা যায়। সংযুক্ত অভিযান, তদন্তকাৰী সংস্থাৰ মাজৰ সমন্বয় আৰু প্ৰত্যাৰ্পণৰে সন্ত্ৰাসৰ বিৰুদ্ধে যুঁজাত সহযোগিতা লাভ কৰিব পৰা যাব। যিয়েই মৌলবাদক সমৰ্থন কৰে, সেইসকলক কোনো এখন দেশেই আশ্ৰয় দিয়া উচিত নহয়।

বন্ধুসকল,

বিগত কেইটামান বছৰত সুৰক্ষাৰ বিভিন্ন দিশৰে জড়িত প্ৰসংগত বহুকেইখন সন্মিলন ভাৰতত অনুষ্ঠিত হৈ গৈছে। ভাৰতে নতুন দিল্লীত ইণ্টাৰপোলৰ সাধাৰণ সভাৰ আয়োজন কৰিছিল। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সন্ত্ৰাসবাদ প্ৰতিৰোধী সমিতিৰ এক বিশেষ অধিৱেশন মুম্বাইত অনুষ্ঠিত হৈছিল। এই ‘ন মানী ফৰ টেৰ’ৰ’ সন্মিলনত ভাৰতে সন্ত্ৰাসৰ বিত্তীয় পৃষ্ঠপোষকতাৰ বিৰুদ্ধে বিশ্বক গতিশীল কৰাৰ ক্ষেত্ৰত সহায় কৰি আহিছে। আমাৰ ইচ্ছা আছে যে আমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰম্ভ কৰা যুদ্ধখনক আন এক পৰ্যায়লৈ লৈ যোৱাৰ বাবে সমগ্ৰ বিশ্বকে লগত লৈ আহিছো।

বন্ধুসকল,

মই আগন্তুক দিনবোৰত হ’বলগীয়া আলোচনাৰ সফলতাৰ বাবে সকলো অংশগ্ৰহণকাৰীলৈকে শুভকামনা জ্ঞাপন কৰিছো। মই সম্পূৰ্ণ ভাবেই আশ্বস্ত হৈছো যে আপোনালোকে সন্ত্ৰাসৰ বিত্তীয় পোষণৰ সকলো দিশকে বিধ্বস্ত কৰাত বিশেষ সহায় কৰিব।

ধন্যবাদ!

বহুত বহুত ধন্যবাদ!  

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Tier-2 cities drive growth in India's tech hiring as GCC expansion spreads beyond metros

Media Coverage

Tier-2 cities drive growth in India's tech hiring as GCC expansion spreads beyond metros
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
List of Outcomes: Prime Minister of Japan’s visit to India for the 16th India-Japan Annual Summit
July 02, 2026
Sl. No.OutcomeDescription
1. India-Japan Joint Declaration on Economic Security Promotes project-based collaboration for enhancing joint resilience in key sectors including semiconductors, critical minerals, information and communication technology including AI, clean energy and pharmaceuticals. India-Japan Fact Sheet 2.0 captures growing India-Japan G2G and B2B engagement in this crucial area.
2. India-Japan Joint Statement on Cooperation in the Field of Artificial Intelligence Elevates the India-Japan relationship to a strategic research and development partnership in the AI domain. Building on the India-Japan AI Initiative, the Joint Statement provides a roadmap for greater cooperation across the entire AI technology stack in pursuit of the shared vision of safe, secure, trusted, inclusive, and human-centric AI.
3 Joint Statement on Energy Resilience (between MoPNG and METI, Japan) Strengthens cooperation in strategic stockpiling and reserve mechanisms for crude oil and petroleum products. Promotes collaboration in joint investments across the maritime energy transport value chain.
4. Celebrating the 75th Anniversary of India-Japan Diplomatic Relations Outlines a series of commemorative events to celebrate 2027, the 75th anniversary of establishment of diplomatic relations, as the India-Japan Year of Shared Horizons
5. Memorandum of Cooperation for India-Japan Cooperative Biogas for Growth (CBG) Initiative Promotes cooperation towards the goal of establishing 1,000 biogas and organic fertilizer plants all across India, leveraging the extensive network of dairy cooperatives.
6. Memorandum of Cooperation in the Field of Batteries Promotes cooperation in battery-related projects and expands business opportunities with an aim of building a trusted, resilient and sustainable battery supply chain.
7. Memorandum of Cooperation in the Field of Pharmaceuticals and Medical Devices Sector Strengthens pharma supply chains, including in Active Pharmaceutical Ingredients (APIs) and Key Starting Materials (KSMs), through promotion of bilateral investment and business linkages, technical collaboration and industry-academia collaboration.
8. Memorandum of Cooperation in the Field of Geology and Mineral Exploration Strengthens cooperation in upstream critical minerals exploration through exchange of technical expertise.
9. Memorandum of Cooperation between IndiaAI Mission and Ministry of Economy, Trade and Industry (METI), Japan Promotes institutional cooperation between IndiaAI Mission and Japan’s GENIAC initiative – through B2B matchmaking, webinars on AI policies and challenges and support for joint projects through access to computing resources
10. Memorandum of Cooperation on Next Generation Mobility Partnership (NGMP) Establishes a framework for operationalizing the Next Generation Mobility Partnership (NGMP) which was announced at the 15th Annual Summit in August 2025. The NGMP would accelerate private sector-led cooperation and investment in mobility sectors including rail, automotive and road infrastructure, aviation, shipbuilding and ports, logistics, and urban development, positioning India as a hub for “Make in India for the World” exports to third countries.
11. Memorandum of Understanding between India’s Centre for Cellular and Molecular Platforms (C-CAMP) and RIKEN, Japan Establishes a framework for academic, translational research and start-up oriented innovation in deep-tech and life sciences, covering healthcare, agriculture and environment.
12. Memorandum of Understanding between National Center for Biological Sciences-Tata Institute of Fundamental Research and RIKEN, Japan Creates a framework for cooperation in basic biological and neuroscience research between the two leading research institutions
13. Memorandum of Understanding between IIT Bombay, BharatGen Technology Foundation and National Institute of Informatics, Japan Furthers collaboration on large language models (LLMs), with a focus on developing LLMs for enhanced scientific reasoning, through joint research exchanges
14. Memorandum of Understanding between SarvamAI and Preferred Network on LLM Development Creates a framework for cooperation across the full AI technology stack, including foundation models.
15. Memorandum of Understanding Between National Internet Exchange of India (NIXI) and Japan Network Information Center (JPNIC) Promotes cooperation in National Internet Registry operations, IPv6 adoption, internet security improvements, capacity building, student/professional exchanges and exchange of views on internet governance at regional and global forums.
16. Exchange of Letters Between International Financial Services Centres Authority (IFSCA) and Financial Services Agency, Japan (JFSA) Establishes a framework for cooperation in development, regulation and supervision of financial services as well as information exchange on financial-market trends and best practices, particularly in FinTech and RegTech.