“Mahatma Gandhi’s ideals have become even more relevant today”
“Surge in Khadi is not a revolution of mass production but a revolution of production by the masses”
“Difference between urban and rural areas is acceptable as long as there is no disparity”
“Tamil Nadu was a key centre of the Swadeshi movement. It will once again play an important role in Aatmanirbhar Bharat”
“Tamil Nadu has always been the home of national consciousness”
“Kashi Tamil Sangamam is Ek Bharat Shreshtha Bharat in action”
“My message to the youth graduating today is - You are the builders of New India. You have the responsibility of leading India for the next 25 years in its Amrit Kaal.”

তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবিজী, তামিলনাডুৰ মুখ্যমন্ত্ৰী শ্ৰী এম কে ষ্টেলিনজী, উপাচাৰ্য ডঃ কে এম আন্নামালাইজী, উপাচাৰ্য অধ্যাপক গুৰমিত সিংজী, গান্ধীগ্ৰাম গ্ৰাম্য প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকল আৰু সহায়ক কৰ্মচাৰীসকল, সম্ভাৱনাময় উজ্জ্বল শিক্ষাৰ্থীসকল আৰু তেওঁলোকৰ গৌৰৱান্বিত অভিভাৱকসকল,

ৱানাক্কাম!

আজি ইয়াত যিসকল শিক্ষাৰ্থীয়ে স্নাতক ডিগ্ৰী লাভ কৰিছে সেই সকল তৰুণ শিক্ষাৰ্থীক মোৰ অভিনন্দন। মই শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলকো অভিনন্দন জনাইছোঁ।  আপোনাসৱৰ ত্যাগৰ বাবেই আজি এই বিশেষ দিনটো আমি সকলোৱে দেখা পাইছোঁ। শিক্ষক আৰু অ-শিক্ষক কৰ্মচাৰী সকলোৱে ইয়াৰ বাবে প্ৰশংসাৰ যোগ্য।

 

বন্ধুসকল,

ইয়াত এই সমাৱৰ্তনত উপস্থিত থাকিব পৰাটো মোৰ বাবে এটা অতি অনুপ্ৰেৰণাদায়ক অভিজ্ঞতা। গান্ধীগ্ৰামৰ উদ্বোধন মহাত্মা গান্ধীয়ে নিজেই কৰিছিল। ইয়াৰ সৰল অথচ মননশীল পৰিৱেশ, প্ৰাকৃতিক সৌন্দৰ্য, স্থিৰ গ্ৰাম্য জীৱন, মহাত্মা গান্ধীৰ গ্ৰাম্য বিকাশৰ ধাৰণাবোৰৰ ভাবনা ইয়াত পৰিলক্ষিত হয়। মোৰ যুৱ বন্ধুসকল, আপোনাসৱ সকলোৱে এক অতি গুৰুত্বপূৰ্ণ সময়ত স্নাতক হৈছে। গান্ধীবাদী মূল্যবোধ অতি প্ৰাসংগিক হৈ পৰিছে। সংঘৰ্ষৰ সমাপ্তিৰ বিষয়েই হওঁক বা জলবায়ু সংকটৰ বিষয়েই হওঁক, মহাত্মা গান্ধীৰ ধাৰণাবোৰত আজিৰ বহুতো জ্বলন্ত সমস্যাৰ উত্তৰ আছে। গান্ধীবাদত বিশ্বাসী শিক্ষাৰ্থী হিচাপে, আপোনাসৱৰ ওচৰত আজি এক উত্তম সুযোগ আছে এই মূল্যবোধক আৰু আগুৱাই লৈ যোৱাৰ।

 

বন্ধুসকল,

মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদনৰ সৰ্বশ্ৰেষ্ঠ উপায় হ'ল তেওঁৰ অতি প্ৰিয় চিন্তা-ভাবনাক অনুসৰণ কৰা। খাদী বহুদিন ধৰি অৱহেলিত আৰু বিস্মৃতিপ্ৰায় হৈছিল। কিন্তু 'খাদী ফৰ নেশ্যন, খাদী ফৰ ফেশ্বন'ৰ আহ্বানৰ জৰিয়তে ই অতি জনপ্ৰিয় হৈ পৰিছে। যোৱা ৮ বছৰত, খাদী খণ্ডৰ বিক্ৰী ৩০০% তকৈও অধিক বৃদ্ধি পাইছে। খাদী আৰু গ্ৰামদ্যোগ আয়োগে যোৱা বছৰ ১ লাখ কোটি টকাৰ অভিলেখ টাৰ্ণঅ'ভাৰ কৰিছে। এতিয়া, আনকি বিশ্বৰ ডাঙৰ ডাঙৰ ফেশ্বন ব্ৰেণ্ডবোৰৰ মাজতো পোছাক প্ৰস্তুতৰ ক্ষেত্ৰত খাদী ব্যৱহাৰৰ প্ৰৱণতা বৃদ্ধি পোৱা দেখা গৈছে। কিয়নো ই এক পৰিৱেশ-অনুকূল বস্ত্ৰ, যি এই পৃথিৱীৰ বাবে উপযোগী। এইটো ব্যাপক উৎপাদনৰ বিপ্লৱ নহয়। এইটো সাধাৰণ লোকৰ দ্বাৰা উৎপাদনৰ এক বিপ্লৱ। মহাত্মা গান্ধীয়ে খাদীক গাওঁসমূহত আত্মনিৰ্ভৰশীলতাৰ সঁজুলি হিচাপে দেখিছিল। গাওঁসমূহৰ আত্মনিৰ্ভৰশীলতাত তেওঁ আত্মনিৰ্ভৰশীল ভাৰতৰ বীজ দেখিছিল। তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমি আত্মনিৰ্ভৰ ভাৰতৰ দিশত কাম কৰি আছোঁ। তামিলনাডু স্বদেশী আন্দোলনৰ এটা মুখ্য কেন্দ্ৰ আছিল। এই ৰাজ্যখনে আকৌ এবাৰ আত্মনিৰ্ভৰ ভাৰতত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

বন্ধুসকল,

মহাত্মা গান্ধীৰ গ্ৰাম্য উন্নয়নৰ দৃষ্টিভংগী উপলব্ধি কৰাটো গুৰুত্বপূৰ্ণ। তেওঁ বিচাৰিছিল যে গাওঁবোৰৰ উন্নতি হওক। একে সময়তে, তেওঁ গ্ৰাম্য জীৱনৰ মূল্যবোধ সংৰক্ষণ কৰাটো বিচাৰিছিল। গ্ৰামীণ বিকাশ সম্পৰ্কে আমাৰ চিন্তা-ভাবনা তেওঁৰ আদৰ্শৰেই অনুপ্ৰাণিত। আমাৰ লক্ষ্য হৈছে-আত্মা গাঁৱৰ, সুবিধা চহৰৰ।

বা

"ग्रामत्तिन् आण्माw, नगरत्तिन् वसदि"

নগৰ আৰু গ্ৰামাঞ্চলৰৰ মাজত যি পাৰ্থক্য আচে সেয়া মই স্বীকাৰ কৰোঁ। কিন্তু এই দুই জীৱনযাত্ৰাৰ মাজত কোনো বৈষম্য আমি মানি লব নোৱাৰোঁ। দীৰ্ঘদিন ধৰি নগৰ আৰু গ্ৰাম্য অঞ্চলৰ মাজত বৈষম্য আছিল। কিন্তু আজি, ৰাষ্ট্ৰই ইয়াক সংশোধন কৰি আছে। সম্পূৰ্ণ গ্ৰাম্য অনাময় ব্যৱস্থা সম্পূৰ্ণ, ৬ কোটিতকৈও অধিক ঘৰলৈ নলৰ পানী, ২.৫কোটি বিদ্যুৎ সংযোগ, অধিক গ্ৰাম্য পথ- এই সকলোবোৰে উন্নয়নক জনসাধাৰণৰ দুৱাৰমুখলৈ লৈ গৈছে। মহাত্মা গান্ধীৰ বাবে অনাময় এটা অতি প্ৰিয় ধাৰণা আছিল। স্বচ্ছ ভাৰতৰ জৰিয়তে এইটো বিপ্লৱ ঘটিছে। কিন্তু আমি কেৱল মৌলিক বিষয়বোৰ প্ৰদান কৰাতেই আমাৰ কামৰ সীমাবদ্ধ ৰখা নাই। আজি আনকি আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সুবিধাও গাওঁসমূহত উপনীত হৈছে। প্ৰায় ২ লাখ গাঁও পঞ্চায়তক সংযোগ কৰিবলৈ ৬ লাখ কিলোমিটাৰ অপ্টিক ফাইবাৰ কেবল স্থাপন কৰা হৈছে। গ্ৰাম্য অঞ্চলবোৰে কম ব্যয়ত ইণ্টাৰনেট ব্যৱহাৰৰ সুযোগৰ জৰিয়তে লাভান্বিত হৈছে। সমীক্ষাত প্ৰকাশ যে নগৰ অঞ্চলতকৈ গ্ৰাম্য অঞ্চলত ইণ্টাৰনেটৰ ব্যৱহাৰ যথেষ্ট দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়ে সুযোগৰ পৃথিৱীখন মুকলি কৰে। স্বামিত্ব আঁচনিৰ অধীনত, আমি ভূমিৰ মানচিত্ৰ তৈয়াৰ কৰিবলৈ ড্ৰোন ব্যৱহাৰ কৰি আছোঁ। আমি মানুহক সম্পত্তি কাৰ্ডো প্ৰদান কৰিছোঁ। কৃষকসকল বহুতো এপৰ সৈতে সংযুক্ত হৈ আছে। তেওঁলোকে কোটি কোটি মাটিৰ স্বাস্থ্য কাৰ্ডৰ সহায় লাভ কৰিছে। বহুতো কাম কৰা হৈছে কিন্তু আৰু বহুত কৰিব লাগিব। আপোনাসৱ যুৱ, উজ্জ্বল প্ৰজন্ম। আপোনাসৱ এই ভেটিটো তৈয়াৰ কৰিবলৈ যথেষ্ট সক্ষম।

 

বন্ধুসকল,

গ্ৰামোন্নয়নৰ কথা যেতিয়া আহে আমি নিৰন্তৰতাক গুৰুত্ব দিব লাগিব। যুৱপ্ৰজন্মই ইয়াৰ নেতৃত্ব প্ৰদান কৰিব লাগিব। গ্ৰাম্য অঞ্চলৰ ভৱিষ্যতৰ বাবে বহনক্ষম কৃষি গুৰুত্বপূৰ্ণ। প্ৰাকৃতিক কৃষি, ৰাসায়নিক-মুক্ত কৃষিৰ বাবে যথেষ্ট আগ্ৰহ বৃদ্ধি পাইছে। ইয়াৰ ফলত সাৰ আমদানিৰ ক্ষেত্ৰত বিদেশৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিছে। ই মাটিৰ স্বাস্থ্য আৰু মানৱ স্বাস্থ্যৰ বাবেও ভাল। আমি ইতিমধ্যে এই দিশত কাম আৰম্ভ কৰিছোঁ। আমাৰ জৈৱিক কৃষি আঁচনিয়ে বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলত আশ্চৰ্যকৰ কাম কৰি আছে। যোৱা বছৰৰ বাজেটত, আমি প্ৰাকৃতিক কৃষিৰ সৈতে সম্পৰ্কিত এক নীতি প্ৰস্তুত কৰি উলিয়াইছিলোঁ। আপোনাসৱে গাওঁবোৰত প্ৰাকৃতিক কৃষিৰ বিষয়ে সজাগতা সৃষ্টি কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

বহনক্ষম কৃষিৰ ক্ষেত্ৰত, যুৱপ্ৰজন্মই আৰু এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগিব। কৃষিক মনো-সংস্কৃতিৰ পৰা ৰক্ষা কৰাৰ সময় আহি পৰিছে। বহুতো দেশীয় প্ৰকাৰৰ শস্য, বাজৰা আৰু অন্যান্য শস্য পুনৰুজ্জীৱিত কৰা প্ৰয়োজন।এই সংগম অৰ্থাত্, মিশ্ৰণ বা সংকৰৰ যুগতো বহু প্ৰকাৰৰ বাজৰাৰ কথা উল্লেখ কৰা হৈছে। প্ৰাচীন তামিলনাডুৰ জনসাধাৰণৰ মাজত ই এসময়ত অতি প্ৰিয় আছিল। এইবোৰ পুষ্টিকৰ আৰু জলবায়ু-অনুকূল। তদুপৰি, শস্যৰ বিবিধতাই মাটি আৰু পানী ৰক্ষা কৰাত সহায় কৰে। আপোনাসৱৰ নিজৰ বিশ্ববিদ্যালয়ত নৱীকৰণযোগ্য শক্তি ব্যৱহাৰ কৰা হয়। যোৱা ৮ বছৰত সৌৰ শক্তি স্থাপন ক্ষমতা প্ৰায় ২০ গুণ বৃদ্ধি পাইছে। যদি গাওঁবোৰত সৌৰ শক্তি বিস্তৃত হৈ পৰে, ভাৰত শক্তিৰ ক্ষেত্ৰতো স্বাৱলম্বী হৈ উঠিব পাৰিব।

বন্ধুসকল,

গান্ধীবাদী চিন্তাবিদ বিনোবা ভাবে এটা কথা কৈছিল। তেওঁ কৈছিল যে গাওঁ পৰ্যায়ৰ বিভিন্ন সংস্থাসমূহৰ নিৰ্বাচনে বিভাজন আনে। সম্প্ৰদায় আৰু আনকি পৰিয়ালবোৰো ইয়াৰ ফলত ভাঙি পৰে। গুজৰাটত, ইয়াৰ প্ৰতিৰোধ কৰিবলৈ আমি সমৰস গ্ৰাম যোজনা আৰম্ভ কৰিছিলোঁ। সহমতৰ জৰিয়তে নেতা বাছনি কৰা গাওঁবোৰক কিছুমান উদগনি দিয়া হৈছিল। এইটোৱে সামাজিক সংঘাত বহুত হ্ৰাস কৰিছিল। যুৱ প্ৰজন্মই সমগ্ৰ ভাৰতত একে ধৰণৰ প্ৰণালী বিকশিত কৰিবলৈ গাওঁবাসীৰ সৈতে কাম কৰিব পাৰে। যদি গাওঁবোৰ একত্ৰিত হয়, তেতিয়াহলে অপৰাধ, ড্ৰাগছ আৰু অসামাজিক উপাদানৰ দৰে সমস্যাৰ বিৰুদ্ধে যুঁজ দিয়াটো সম্ভৱ।

 

বন্ধুসকল,

মহাত্মা গান্ধীয়ে ঐক্যবদ্ধ আৰু স্বাধীন ভাৰতৰ বাবে যুঁজ দিছিল। গান্ধীগ্ৰাম নিজেই ভাৰতৰ একতাৰ সেই কাহিনীৰ সাক্ষী। ইয়াতেই হাজাৰ হাজাৰ গাওঁবাসীয়ে গান্ধীজীক এবাৰ চাবলৈ এখন ৰেললৈ আহিছিল। তেওঁ কোন ৰাজ্যৰ লোক আছিল সেয়া গুৰুত্বপূৰ্ণ নাছিল। গুৰুত্বপূৰ্ণ কথাটো হ'ল গান্ধীজী আৰু গাওঁবাসী সকলো ভাৰতীয় আছিল। তামিলনাডু সদােয় ৰাষ্ট্ৰীয় চেতনাৰ এক জাগ্ৰত ভূমি ৰূপে পৰিচিত হৈ আহিছে। ইয়াতেই স্বামী বিবেকানন্দই বিদেশৰ পৰা উভতি অহাৰ পিছত বীৰোচিত আদৰণি লাভ কৰিছিল। আনকি যোৱা বছৰো, আমি 'বীৰ বনক্কম'ৰ মন্ত্ৰধ্ধনি প্ৰত্যক্ষ কৰিছিলো। তামিল জনসাধাৰণে জেনেৰেল বিপিন ৰাৱটৰ প্ৰতি যিধৰণে সন্মান প্ৰদৰ্শন কৰিছিল সেয়া আছিল গভীৰভাৱে হৃদয়স্পৰ্শী। ইফালে, কাশী তামিল সংগম শীঘ্ৰেই কাশীত বাস্তৱায়িত হব। ইয়াৰ মাজেদিয়ে উদযাপিত হব কাশী আৰু তামিলনাডুৰ মাজৰ পাৰস্পৰিক বন্ধনৰ বিষয়টো। কাশীৰ লোকসকলে তামিলনাডুৰ ভাষা, সংস্কৃতি আৰু ইতিহাস উদযাপন কৰিবলৈ আগ্ৰহী। এয়া হৈছে এক ভাৰত শ্ৰেষ্ঠ ভাৰত। ইজনে সিজনৰ প্ৰতি থকা এই মৰম আৰু সন্মান আমাৰ একতাৰ আধাৰ। মই ইয়াত স্নাতক হোৱা শিক্ষাৰ্থীসকলক বিশেষকৈ একতাক উৎসাহিত কৰাৰ ওপৰত গুৰুত্ব দিবলৈ অনুৰোধ জনাইছোঁ।

 

বন্ধুসকল,

আজি, মই এনে এক অঞ্চলত আহি উপস্থিত হৈছোঁ যি আছিল নাৰী শক্তিৰ এক বিশেষ উৎস্থল। ব্ৰিটিছৰ সৈতে সংগ্ৰামকালত ৰাণী ভেলু নাচিয়াৰ ইয়াতেই আছিল। আজি স্নাতক ডিগ্ৰী লাভ কৰা ইয়াৰ যুৱতীসকলৰ মাজত মই পৰিৱৰ্তনকাৰী হৈ উঠাৰ উজ্বল সম্ভাৱনা দেখিছোঁ। আপোনাসৱে গ্ৰাম্য মহিলাসকলক সফল হোৱাত সহায় কৰিব। তেওঁলোকৰ সফলতাই হৈছে দেশৰ সফলতা।

 

বন্ধুসকল,

সমগ্ৰ বিশ্বই যি সময়ত এক আটাইতকৈ কঠিন সংকটৰ সন্মুখীন হৈছিল, তেনে সময়তো ভাৰত এক মজবুত হৈ আছিল। বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযানেই হওঁক, আটাইতকৈ দৰিদ্ৰ লোকৰ বাবে খাদ্য সুৰক্ষাই হওঁক, বা বিশ্বৰ চালিকা শক্তি হৈ উঠক-এই সকলোৰ জৰিয়তে ভাৰতে প্ৰমাণ কৰিছে যে ইয়াৰ প্ৰকৃত শক্তি কি।  বিশ্বই আশা কৰে যে ভাৰতে আৰু ডাঙৰ কাম কিছু কৰি দেখুৱাব। কাৰণ ভাৰতৰ ভৱিষ্যত যুৱ প্ৰজন্মৰ 'সকলো কাম কৰি দেখুৱাব পৰা' প্ৰজন্মৰ হাতত আছে।

যুৱপ্ৰজন্ম, যিয়ে কেৱল প্ৰত্যাহ্বান গ্ৰহণেই নকৰে, বৰং কামৰ মাজেৰে তেওঁলোকে আনন্দও বিচাৰি পায়। যুৱপ্ৰজন্ম, যিয়ে কেৱল প্ৰশ্নই নকৰে, উত্তৰ বিচাৰাৰো চেষ্টা কৰে, যুৱপ্ৰজন্ম, যি কেৱল নিৰ্ভীকেই নহয়, নিৰলস পৰিশ্ৰমীও। যুৱপ্ৰজন্ম, যি কেৱল সপোনেই নেদেখে, তাক কিদৰে সফল কৰি তুলিব লাগে সেয়াও জানে। গতিকে আজি স্নাতক হোৱা শিক্ষাৰ্থীসকললৈ মোৰ বাৰ্তা হৈছে, আপোনাসৱ নতুন ভাৰতৰ ৰূপকাৰ। স্বাধীনতাৰ অমৃত কাল অৰ্থাৎ পৰৱৰ্তী ২৫ বছৰত ভাৰতক নেতৃত্ব দিয়াৰ দায়িত্ব আপোনালোকৰ হাততেই আছে। পুনৰ এবাৰ, আপোনালোক সকলোকে অভিনন্দন আৰু আন্তৰিক শুভকামনা জনাইছোঁ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Inc remains bullish on FY27; Telecom, defence, banking seen driving growth: Report

Media Coverage

India Inc remains bullish on FY27; Telecom, defence, banking seen driving growth: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM shares a Sanskrit Subhashitam highlighting that Nari Shakti is the cornerstone of nation-building and the true embodiment of power
June 12, 2026

Prime Minister Shri Narendra Modi today stated that over the last 12 years, the Government has worked to further women-led development, which is visible across sectors. He noted that from financial inclusion and entrepreneurship to education, healthcare, sanitation, housing, sports, science, and governance, women are playing a prominent role across diverse fields.

Shri Modi emphasized that the efforts of the Government are rooted in dignity, opportunity, and empowerment, pointing out that they have helped create an environment where women can realise their full potential and contribute even more strongly to nation-building.

The Prime Minister expressed particular happiness in seeing India’s Nari Shakti make a mark in sectors like science, space, and innovation. He highlighted that their growing participation in emerging fields such as drone technology is opening new avenues of opportunity and transforming the development landscape across the nation.

Shri Modi shared that the Government is actively supporting Self Help Groups, which are going a long way in making women financially independent.

Sharing a Sanskrit Subhashitam, the Prime Minister stated that India's Nari Shakti is the cornerstone of nation-building. He observed that today, our mothers, sisters, and daughters are increasing the pride of Maa Bharati with their amazing talent and skills in every field.

In a series of posts on X, the Prime Minister shared:

"Over the last 12 years, the NDA Government has worked to further women-led development. And, this is visible across sectors.
From financial inclusion and entrepreneurship to education, healthcare, sanitation, housing, sports, science and governance, women are playing a prominent role across diverse sectors.

The efforts of the NDA Government are rooted in dignity, opportunity and empowerment. They have helped create an environment where women can realise their full potential and contribute even more strongly to nation-building.

#12YearsOfNariShakti “

“ I am particularly happy to see India’s Nari Shakti make a mark in sectors like science, space and innovation. Their growing participation in emerging fields such as drone technology is opening new avenues of opportunity and transforming development landscape across the nation. Our Government is actively supporting Self Help Groups, which are going a long way in making women financially independent.

#12YearsOfNariShakti “ 

“ भारत की नारीशक्ति राष्ट्र निर्माण की आधारशिला है। हमारी माताएं, बहनें और बेटियां आज हर क्षेत्र में अपनी अद्भुत प्रतिभा और कौशल से मां भारती का गौरव बढ़ा रही हैं।

नारी त्रैलोक्यजननी
नारी त्रैलोक्यरूपिणी।
नारी त्रिभुवनाधारा
नारी शक्तिस्वरूपिणी॥

#12YearsOfNariShakti"

Woman is the mother of the three worlds. She is the very expression of all the three realms. She is the foundation of the entire universe, and she is the true embodiment of power.