এই মুহূৰ্তত পশ্চিম এছিয়াৰ পৰিস্থিতি উদ্বেগজনক: প্ৰধানমন্ত্ৰী
বিগত দুই-তিনি সপ্তাহত শ্ৰী জয়শংকৰ আৰু শ্ৰী হৰদীপ পুৰীয়ে এই বিষয়ত সদনত প্ৰয়োজনীয় তথ্য প্ৰদান কৰিছে: প্ৰধানমন্ত্ৰী
এই সংকট যোৱা তিনি সপ্তাহতকৈও অধিক সময় ধৰি অব্যাহত আছে, ই বিশ্ব অৰ্থনীতি আৰু জনসাধাৰণৰ জীৱনত অতি বিৰূপ প্ৰভাৱ পেলাইছে, সমগ্ৰ বিশ্বই এই সংকটৰ শীঘ্ৰে সমাধানৰ বাবে সকলো পক্ষকে আহ্বান জনাইছে: প্ৰধানমন্ত্ৰী
এই অঞ্চলটো আন এক কাৰণতো আমাৰ বাবে গুৰুত্বপূৰ্ণ, কিয়নো উপসাগৰীয় দেশসমূহত প্ৰায় এক কোটি ভাৰতীয়ই বাস কৰে আৰু কাম কৰে: প্ৰধানমন্ত্ৰী
এই সাগৰসমূহত চলাচল কৰা বাণিজ্যিক জাহাজসমূহৰ ভিতৰত ভাৰতীয় কৰ্মচাৰীৰ সংখ্যাও অধিকঃ প্ৰধানমন্ত্ৰী
এই বিভিন্ন কাৰণৰ বাবে ভাৰতৰ উদ্বেগ স্বাভাৱিকতে অধিক আৰু এই সংকটৰ সন্দৰ্ভত ভাৰতৰ সংসদৰ পৰা এটা সৰ্বসন্মত আৰু ঐক্যবদ্ধ মত বিশ্বত প্ৰচাৰিত হোৱাটো অতি আৱশ্যকীয়: প্ৰধানমন্ত্ৰী
যুদ্ধৰ সৈতে জড়িত আৰু যুদ্ধৰ দ্বাৰা প্ৰভাৱিত দেশসমূহৰ সৈতে ভাৰতৰ সুদূৰপ্ৰসাৰী বাণিজ্যিক সম্পৰ্ক আছে, যুদ্ধ চলা অঞ্চলটো বিশ্বৰ আন দেশসমূহৰ সৈতে আমাৰ বাণিজ্যৰ বাবেও এক গুৰুত্বপূৰ্ণ পথঃ প্ৰধানমন্ত্ৰী
খাৰুৱা তেল, গেছ আৰু সাৰ আদিৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ বৃহৎ পৰিমান হৰমুজ প্ৰণালীৰ মাজেৰে ভাৰতলৈ আহে। যুদ্ধ আৰম্ভ হোৱাৰ পিছত হৰমুজ প্ৰণালীৰ মাজেৰে জাহাজৰ চলাচল অত্যন্ত প্ৰত্যাহ্বানজনক হৈ পৰিছে: প্ৰধানমন্ত্ৰী
ইয়াৰ পাছতো আমাৰ চৰকাৰে পেট্ৰ'ল, ডিজেল আৰু গেছৰ যোগান যাতে প্ৰভাৱিত নহয় আৰু দেশৰ সাধাৰণ পৰিয়ালসমূহে যাতে ন্যূনতম অসুবিধাৰ সন্মুখীন নহয়, সেয়া সুনিশ্চিত কৰিবলৈ চেষ্টা কৰি আছে
ভাৰতে সদায়েই মানৱতাৰ স্বাৰ্থত শান্তিৰ পক্ষত থিয় দিছে, এই সমস্যাৰ একমাত্ৰ সমাধান হৈছে আলোচনা আৰু কূটনীতি: প্ৰধানমন্ত্ৰী
আমাৰ প্ৰচেষ্টাৰ লক্ষ্য হৈছে উত্তেজনা হ্ৰাস কৰা আৰু এই সংঘাতৰ অন্ত পেলোৱা: প্ৰধানমন্ত্ৰী
এই যুদ্ধত কাৰো জীৱন বিপদাপন্ন কৰাটো মানৱতাৰ স্বাৰ্থত নহয়, ভাৰতৰ প্ৰচেষ্টা হৈছে সকলো পক্ষকে শীঘ্ৰে শান্তিপূৰ্ণ সমাধানত উপনীত হ'বলৈ উৎসাহিত কৰা: প্ৰধানমন্ত্ৰী

সন্মানীয় অধ্যক্ষ মহোদয়,

মই পশ্চিম এছিয়াত চলি থকা সংঘৰ্ষ আৰু ইয়াৰ ফলত ভাৰতে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰিবলৈ সন্মানীয় সদনত উপস্থিত হৈছো। এই মুহূৰ্তত পশ্চিম এছিয়াৰ অৱস্থা উদ্বেগজনক। যোৱা দুসপ্তাহৰ ভিতৰত জয়শংকৰজী আৰু হৰদ্বীপ পুৰীয়ে সদনক এই বিষয়ত প্ৰয়োজনীয় তথ্য প্ৰদান কৰিছে। এই সংকট ৩ সপ্তাহৰো অধিক সময় ধৰি চলি আছে। সমগ্ৰ বিশ্বৰ অৰ্থনীতি, জনসাধাৰণৰ জীৱনৰ ওপৰত ইয়াৰ যথেষ্ট প্ৰতিকূল প্ৰভাৱ পৰিছে আৰু সেয়েহে সমগ্ৰ বিশ্বই সকলো পক্ষকে যিমান শীঘ্ৰে সম্ভৱ এই সংঘৰ্ষ অৱসানৰ বাবে আহ্বান জনাইছে।

অধ্যক্ষ মহোদয়,

এই যুদ্ধই ভাৰতৰ বাবেও অপ্ৰত্যাশিত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। এই প্ৰত্যাহ্বানসমূহ অৰ্থনৈতিক, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত আৰু মানৱীয়। ভাৰতৰ যুঁজাৰু আৰু যুদ্ধ-প্ৰভাৱিত দেশসমূহৰ সৈতে ব্যাপক বাণিজ্যিক সম্পৰ্ক আছে। যুদ্ধ চলি থকা অঞ্চলটো বিশ্বৰ আন দেশৰ সৈতে আমাৰ বাণিজ্যৰ এক গুৰুত্বপূৰ্ণ পথ। বিশেষকৈ এই খণ্ডটোৱে আমাৰ প্ৰয়োজনীয় খাৰুৱা তেল আৰু গেছৰ এক বৃহৎ অংশ পূৰণ কৰে। আমাৰ বাবে এই অঞ্চলটো আন এটা কাৰণেও গুৰুত্বপূৰ্ণ। প্ৰায় এক কোটি ভাৰতীয় উপসাগৰীয়  দেশত বাস কৰে আৰু তাত কাম কৰে। সাগৰত চলাচল কৰা বাণিজ্যিক জাহাজসমূহৰ ভিতৰত ভাৰতীয় কৰ্মচাৰীসকলৰ সংখ্যাও যথেষ্ট বেছি। এনে বিভিন্ন কাৰণত ভাৰতৰ উদ্বেগ স্বাভাৱিকভাৱেই অধিক, সেয়েহে ভাৰতৰ সংসদৰ পৰা এই সংঘৰ্ষৰ বিষয়ত ঐক্যমত আৰু ঐক্যবদ্ধ কণ্ঠস্বৰ বিশ্বৰ প্ৰতিটো প্ৰান্তলৈ যোৱাটো অত্যন্ত জৰুৰী।

 

অধ্যক্ষ মহোদয়,

এই যুদ্ধ আৰম্ভ হোৱাৰ পাছৰে পৰা প্ৰভাৱিত দেশসমূহত বাস কৰা প্ৰতিজন ভাৰতীয়ক প্ৰয়োজনীয় সহায় আগবঢ়োৱা হৈছে। মই নিজেই পশ্চিম এছিয়াৰ বেছিভাগ দেশৰ ৰাষ্ট্ৰপতিৰ সৈতে দুবাৰকৈ ফোনত কথা পাতিছো। সকলোৱে ভাৰতীয়সকলৰ সুৰক্ষাৰ সম্পূৰ্ণ আশ্বাস দিছে। দুৰ্ভাগ্যজনকভাৱে এই সময়ছোৱাত কেইবাজনো লোকৰ দুখজনক মৃত্যু হৈছে আৰু আন কিছু লোক আহত হৈছে। এনে কঠিন পৰিস্থিতিত পৰিয়ালৰ সদস্যসকলক প্ৰয়োজনীয় সহায় প্ৰদান কৰা হৈছে। আহতসকলৰ উন্নত চিকিৎসা নিশ্চিত কৰা হৈছে।

অধ্যক্ষ মহোদয়,

প্ৰভাৱিত দেশসমূহত আমাৰ যিবোৰ অভিযান আছে, সেইবোৰে ভাৰতীয়সকলক সহায় কৰাত অবিৰতভাৱে নিয়োজিত হৈ আছে। তাত কাম কৰা ভাৰতীয়ই হওক বা তালৈ যোৱা পৰ্যটকেই হওক, সকলোকে সকলো ধৰণৰ সহায় আগবঢ়োৱা হৈছে।আমাৰ অভিযানসমূহে নিয়মিতভাৱে দিহা-পৰামৰ্শ জাৰি কৰি আছে। ইয়াত ভাৰত আৰু অন্যান্য প্ৰভাৱিত দেশৰ ২৪/৭ নিয়ন্ত্ৰণ কক্ষ আৰু জৰুৰীকালীন হেল্প লাইন স্থাপন কৰা হৈছে। ইয়াৰ জৰিয়তে সকলো ক্ষতিগ্ৰস্ত লোকক দ্ৰুতভাৱে অৱগত কৰা হৈছে

অধ্যক্ষ মহোদয়,

সংকটৰ পৰিস্থিতিত দেশ-বিদেশত ভাৰতীয়সকলৰ সুৰক্ষা আমাৰ এক বৃহৎ অগ্ৰাধিকাৰৰ বিষয় হৈ আহিছে। যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা এতিয়ালৈকে ৩লাখ ৭৫ হাজাৰৰো অধিক ভাৰতীয় সুৰক্ষিতভাবে স্বদেশলৈ উভতি আহিছে। ইৰাণৰ পৰা এতিয়ালৈকে প্ৰায় ১০০০ ভাৰতীয় সুৰক্ষিতভাৱে উভতি আহিছে। ইয়াৰ ভিতৰত চিকিৎসা বিজ্ঞান বিষয়ত অধ্যয়নৰত কৰা ৭০০ৰো অধিক যুৱক-যুৱতী আছে। উপসাগৰীয় দেশসমূহৰ, ভাৰতীয় বিদ্যালয়সমূহত হাজাৰ ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰি থকাৰ বাবে চি বি এছ ই-য়ে এনে সকলো ভাৰতীয় বিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া দশম আৰু দ্বাদশ শ্ৰেণীৰ নিৰ্ধাৰিত পৰীক্ষা বাতিল কৰিছে। এই শিশুসকলৰ শিক্ষা নিৰবিচ্ছিন্নভাৱে অব্যাহত ৰাখিবলৈ চি বি এছ ই-য়ে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিছে। অৰ্থাৎ চৰকাৰ সংবেদনশীল, সতৰ্ক আৰু সকলো ধৰণৰ সহায়ৰ বাবে আগ্ৰহী।

সন্মানীয় অধ্যক্ষ মহোদয়,

ভাৰতলৈ বৃহৎ পৰিমাণৰ খাৰুৱা তেল, গেছ আৰু ফাৰ্টিলাইজাৰৰ দৰে বহুতো অত্যাৱশ্যকীয় সামগ্ৰী হৰ্মুজ প্ৰণালীৰ জৰিয়তে আহে। যুদ্ধৰ পিছৰে পৰা হৰ্মুজ প্ৰণালীলৈ জাহাজ অহা-যোৱা কৰাটো অতি প্ৰত্যাহ্বানজনক হৈ পৰিছে। তথাপিও, আমাৰ চৰকাৰে পেট্ৰ’ল, ডিজেল আৰু গেছৰ যোগান অতিৰিক্তভাৱে প্ৰভাৱিত নকৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। আমাৰ গুৰুত্ব হৈছে দেশৰ সাধাৰণ পৰিয়ালসমূহৰ বাবে সমস্যা হ্ৰাস কৰা। আমি সকলোৱে জানো যে দেশখনে ইয়াৰ প্ৰয়োজনৰ ৬০% এলপিজি আমদানি কৰে, ইয়াৰ যোগানৰ অনিশ্চয়তাৰ বাবে চৰকাৰে এলপিজিৰ ঘৰুৱা ব্যৱহাৰক অগ্ৰাধিকাৰ দিছে, লগতে দেশত এলপিজিৰ উৎপাদন বৃদ্ধি কৰা হৈছে। সমগ্ৰ দেশতে পেট্ৰ’ল ডিজেলৰ যোগান মসৃণভাৱে অব্যাহত ৰখাৰ বাবেও নিৰন্তৰ কাম কৰি থকা হৈছে।

অধ্যক্ষ মহোদয়,

বৰ্তমানৰ এই পৰিস্থিতিত শক্তি সুৰক্ষাৰ ক্ষেত্ৰত যোৱা দশকত গ্ৰহণ কৰা পদক্ষেপসমূহ আৰু অধিক প্ৰাসংগিক হৈ পৰিছে। ভাৰতে যোৱা ১১ বছৰত ইয়াৰ শক্তি আমদানিৰ পৰিৱৰ্তন সাধন কৰিছে। পূৰ্বতে এই ধৰণৰ শক্তিৰ প্ৰয়োজনীয়তাৰ বাবে ২৭ খন দেশৰ পৰা খাৰুৱা তেল, এলএনজি, এলপিজি আমদানি কৰা হৈছিল, আনহাতে আজি ভাৰতে ৪১ খন দেশৰ পৰা শক্তি আমদানি কৰে।

অধ্যক্ষ মহোদয়,

যোৱা দশকত ভাৰতে সংকটৰ একে সময়ৰ বাবে খাৰুৱা তেল সংৰক্ষণকো অগ্ৰাধিকাৰ দিছিল। আজি ভাৰতৰ ৫৩ লাখ মেট্ৰিক টনৰো অধিক কৌশলগত পেট্ৰ’লিয়াম সংৰক্ষণ হৈ আছে আৰু দেশখনে ৬৫লাখ মেট্ৰিক টনৰো অধিক সংৰক্ষণৰ বাবে কাম কৰি আছে। আমাৰ তেল কোম্পানীসমূহৰ হাতত যি পৰিমাণৰ সংৰক্ষণ আছে, সেয়া সম্পূৰ্ণ পৃথক। যোৱা ১১ বছৰত আমাৰ শোধন ক্ষমতাও উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে।

অধ্যক্ষ মহোদয়,

চৰকাৰে বিভিন্ন দেশৰ যোগান ধৰোঁতাসকলৰ সৈতেও নিৰন্তৰ যোগাযো ৰক্ষা কৰি আছে। আমাৰ প্ৰয়াস হৈছে – য’ৰ পৰাই সম্ভৱ হয়, তাৰ পৰাই তেল আৰু গেছৰ যোগান ধৰা। ভাৰত চৰকাৰে উপসাগৰ আৰু ইয়াৰ আশে-পাশে থকা শ্বিপিং পথসমূহৰ ওপৰত নিৰন্তৰ দৃষ্টি ৰাখিছে। আমাৰ প্ৰচেষ্টা হৈছে তেল, গেছ, ফাৰ্টিলাইজাৰ, এনে সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ সৈতে সংযুক্ত জাহাজ সুৰক্ষিতভাৱে ভাৰতত প্ৰৱেশ কৰা। আমি আমাৰ সকলো গোলকীয় সহযোগিতাৰ সৈতে নিৰন্তৰ যোগাযোগ ৰক্ষা কৰি আছো, যাতে আমাৰ সামুদ্ৰিক পথসমূহ সুৰক্ষিত হৈ থাকে। এনে প্ৰচেষ্টাৰ বাবেই বিগত কিছুদিন ধৰি হৰমুজ প্ৰণালীত আবদ্ধ হৈ থকা আমাৰ কেইবাখনো জাহাজ শেহতীয়াকৈ ভাৰতলৈ ঘূৰিও আহিছে।

অধ্যক্ষ মহোদয়,

সংকটৰ এই সময়ত দেশৰ আন এটা প্ৰস্তুতিও যথেষ্ট কামত আহিছে। যোৱা ১০-১১বছৰত ইথানল উৎপাদন আৰু ইয়াৰ মিশ্ৰণৰ ওপৰত অভূতপূৰ্ব কাম হৈছে। এক দশক পূৰ্বে দেশত ইথানল মিশ্ৰণৰ ক্ষমতা মাত্ৰ ডেৰ শতাংশ আছিল। আজি আমি পেট্ৰ’লত ২০% ইথানল মিশ্ৰণৰ ওচৰ চাপিছো। ইয়াৰ ফলত প্ৰতি বছৰে প্ৰায় চাৰে চাৰি কোটি বেৰেল কম তেল আমদানি কৰিব লগা হৈছে, একেদৰে, ৰে'লৰ বৈদ্যুতিকীকৰণৰ পৰাও যথেষ্ট লাভ হৈছে। যদি ৰে’লৱেৰ ইমান বৈদ্যুতিকীকৰণৰ নহ’লহেঁতেন, তেন্তে প্ৰতি বছৰে অতিৰিক্ত প্ৰায় ১৮০কোটি লিটাৰ ডিজেল হ’লহেঁতেন। সেইদৰে, আমি মেট্ৰ'নেটৱৰ্ক সম্প্ৰসাৰণ কৰিছো, ২০১৪ চনত দেশত মেট্ৰ' নেটৱৰ্ক ২৫০কিলোমিটাৰতকৈও কম আছিল, ইয়াৰ বিপৰীতে আজি ই প্ৰায় ১১০০ কিলোমিটাৰলৈ বৃদ্ধি পাইছে। আমি বৈদ্যুতিক গতিশীলতাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছো। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক ১৫,০০০বৈদ্যুতিক বাছ পৰিচালনা কৰিবলৈ দিছে। আজি যিটো হাৰত বিকল্প ইন্ধনৰ কাম চলি আছে, সিয়ে ভাৰতৰ ভৱিষ্যতক আৰু অধিক সুৰক্ষিত কৰি তুলিব। 

 

সন্মানীয় অধ্যক্ষ মহোদয়,

আমি জানো যে শক্তি হৈছে আজি অৰ্থনীতিৰ মেৰুদণ্ড আৰু বিশ্ব শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ এক বৃহৎ উৎস হৈছে পশ্চিম এছিয়া। স্বাভাৱিকভাৱেই, সমগ্ৰ বিশ্বৰ অৰ্থনীতি বৰ্তমানৰ সংকটৰ দ্বাৰা প্ৰভাৱিত হৈছে আৰু ভাৰতৰ ওপৰত যাতে ইয়াৰ প্ৰভাৱ ন্যূনতম হয়, তাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই থকা হৈছে। চৰকাৰে ইয়াৰ হ্ৰস্বম্যাদী, মধ্যমীয়া আৰু দীৰ্ঘম্যাদী প্ৰভাৱৰ বাবে এক কৌশলগতভাবে কাম কৰি আছে। আজি ভাৰতৰ অৰ্থনীতিৰ ভেঁটি শক্তিশালী হোৱাৰ বাবে ই দেশক যথেষ্ট সহায় কৰিছে। আমি প্ৰতিটো খণ্ডৰ অংশীদাৰসকলৰ সৈতে আলোচনা কৰি আছো। য'তেই প্ৰয়োজন সেই খণ্ডটোক প্ৰয়োজনীয় সমৰ্থন প্ৰদান কৰা হৈছে। ভাৰত চৰকাৰৰ এটা আন্তঃ-মন্ত্ৰ্যালয় গোটো গঠন কৰা হৈছে আৰু এই গোটটোৱে প্ৰতিদিনে আলোচনা কৰি আমাৰ আমদানি ৰপ্তানিৰ প্ৰতিটো সমস্যাৰ মূল্যায়ন কৰে আৰু এই গোটটোৱে প্ৰয়োজনীয় সমাধানৰ ওপৰতো নিৰন্তৰভাৱে কাম কৰি আছে। মই নিশ্চিত যে চৰকাৰ আৰু উদ্যোগসমূহৰ অংশীদাৰী প্ৰচেষ্টাৰ জৰিয়তে আমি পৰিস্থিতিৰ সৈতে ভালদৰে মোকাবিলা কৰিব পাৰিম।

 

মাননীয় অধ্যক্ষ মহোদয়,

এটা ডাঙৰ প্ৰশ্ন হ’ল কৃষিৰ ওপৰত যুদ্ধৰ কি প্ৰভাৱ পৰিব? দেশৰ কৃষকসকলে আমাৰ খাদ্যশস্যৰ ভাণ্ডাৰ পূৰণ কৰিছে, সেয়েহে ভাৰতত পৰ্যাপ্ত খাদ্য শস্য আছে। আমাৰ এইটোও প্ৰয়াস আছে যে খাৰিফ ঋতুত সঠিকভাৱে ৰোপন কৰিব পৰা যায়। চৰকাৰে বিগত বছৰবোৰত জৰুৰীকালীন অৱস্থাৰ সৈতে মোকাবিলা কৰিবলৈ পৰ্যাপ্ত সাৰৰ ব্যৱস্থা কৰিছে। অতীততো আমাৰ চৰকাৰে বিশ্বৰ সংকটৰ বোজা কৃষকসকলৰ ওপৰত পৰিবলৈ দিয়া নাছিল। ক’ৰোনা আৰু সেই সময়ত যুদ্ধৰ সময়ত, তেতিয়াও বিশ্বৰ যোগান শৃংখলাত ব্যাঘাত ঘটিছিল। বিশ্বৰ বজাৰত ইউৰিয়াৰ মূল্য প্ৰতি বস্তা ৩০০০  টকা পৰ্যন্ত হৈছিল, কিন্তু ভাৰতৰ কৃষকসকলক সেই বস্তাটো ৩০০ টকাতকৈও কম মূল্যত প্ৰদান কৰা হৈছিল।

অধ্যক্ষ মহোদয়,

বিগত বছৰবোৰত দেশৰ কৃষকসকলক এই ধৰণৰ সংকটৰ পৰা ৰক্ষা কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছিল। যোৱা দশকত দেশত ৬টা ইউৰিয়া প্ৰকল্প আৰম্ভ কৰা হৈছে, যাৰ ফলত ইউৰিয়া উৎপাদন ক্ষমতা বছৰি ৭৬লাখ মেট্ৰিক টনৰো অধিক বৃদ্ধি পাইছে। এই সময়ছোৱাত ডিএপি আৰু এনপিকেএছৰ দৰে সাৰৰ ঘৰুৱা উৎপাদনো প্ৰায় ৫০লাখ মেট্ৰিক টন বৃদ্ধি কৰা হৈছে। কেৱল তেল আৰু গেছৰ দৰে সাৰৰ আমদানিৰ পৰিৱৰ্তন  হোৱা নাই। একেধৰণৰ ডি এ পি আৰু এন পি কে এ-ৰ আমদানিৰ বাবেও আমি আমাৰ বিকল্পসমূহ সম্প্ৰসাৰিত কৰিছো।

অধ্যক্ষ মহোদয়,

চৰকাৰে দেশৰ কৃষকসকলক মেড ইন ইণ্ডিয়া নেনো ইউৰিয়াৰ বিকল্পও প্ৰদান কৰিছে। চৰকাৰে কৃষকসকলক প্ৰাকৃতিক কৃষিৰ বাবেও উৎসাহিত কৰি আছে। পিএম কুসুম আঁচনিৰ অধীনত কৃষকসকলক ২২ লাখৰো অধিক সৌৰ পাম্প প্ৰদান কৰা হৈছে, যাৰ ফলত তেওঁলোকৰ ডিজেলৰ ওপৰত নিৰ্ভৰশীলতাও হ্ৰাস পাইছে। মই এই সদনৰ জৰিয়তে দেশৰ কৃষকসকলক আশ্বাস প্ৰদান কৰিছো যে চৰকাৰে কৃষকসকলৰ বাবে সকলো ধৰণৰ সহায় অব্যাহত ৰাখিব।

সন্মানীয় অধ্যক্ষ মহোদয়,

ভাৰতত গ্ৰীষ্মকাল আৰম্ভ হোৱাটোও যুদ্ধৰ এক বৃহৎ প্ৰত্যাহ্বান। আগন্তুক সময়ছোৱাত বৰ্ধিত তাপমাত্ৰাৰ সৈতে বিদ্যুৎৰ চাহিদা বৃদ্ধি পাব। বৰ্তমান দেশৰ সকলো বিদ্যুৎ প্ৰকল্পত পৰ্যাপ্ত কয়লা মজুত আছে। ভাৰতে একেৰাহে দ্বিতীয় বছৰৰ বাবে ১০০ নিযুত টন কয়লা উৎপাদন কৰাৰ অভিলেখ গঢ়িছে। বিদ্যুৎ উৎপাদনৰ পৰা বিদ্যুৎ যোগানলৈকে আমাৰ সকলো ব্যৱস্থা নিৰন্তৰ নিৰীক্ষণ কৰি থকা হৈছে আৰু চৰকাৰৰ প্ৰস্তুতিৰ বাবে নৱীকৰণযোগ্য শক্তিৰ পৰা সহায় লাভ কৰা হৈছে। দেশখনে যোৱা দশকত নৱীকৰণযোগ্য শক্তিৰ দিশত বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। আজি আমাৰ মুঠ ইনস্টল কৰা শক্তি উৎপাদন ক্ষমতাৰ আধা নৱীকৰণযোগ্য উৎসৰ পৰা আহে। আমাৰ মুঠ নৱীকৰণযোগ্য ক্ষমতাই আজি ২৫০ গিগাৱাটৰ ঐতিহাসিক সংখ্যা অতিক্ৰম কৰিছে। যোৱা ১১বছৰত দেশে ইয়াৰ সৌৰ শক্তিৰ ক্ষমতা প্ৰায় তিনি গিগাৱাটৰ পৰা ১৪০ গিগাৱাটলৈ বৃদ্ধি কৰিছে। বিগত বছৰবোৰত দেশত প্ৰায় ৪০ লাখ গৃহৰ ছাদত সৌৰ পেনেল স্থাপন কৰা হৈছে, ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰী সূৰ্য্যঘৰ বিনামূলীয়া বিদ্যুৎ যোজনাই জনসাধাৰণক যথেষ্ট সহায় কৰিছে। গোৱৰ্ধন যোজনাৰ অধীনত আজি দেশত ২০০টা কম্প্ৰেছ জৈৱ গেছ প্ৰকল্পৰ কামো আৰম্ভ হৈছে। এই সকলো উদ্যমে আজি দেশৰ বাবে বহুত কাম কৰি আছে। চৰকাৰে ভৱিষ্যতৰ প্ৰস্তুতি আৰু বৰ্ধিত শান্তি আইনৰ জৰিয়তে দেশত পাৰমাণৱিক শক্তি উৎপাদনকো উৎসাহিত কৰিছে। কেইদিনমান পূৰ্বে ক্ষুদ্ৰ জলবিদ্যুৎ উন্নয়ন আঁচনিখনো আৰম্ভ কৰা হৈছে, যাৰ ফলত অহা ৫বছৰৰ ভিতৰত ১,৫০০ মেগাৱাট নতুন জলবিদ্যুৎ ক্ষমতা যোগ হ'ব।

অধ্যক্ষ মহোদয়,

কূটনীতিৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা স্পষ্ট, আৰম্ভণিৰে পৰাই আমি এই সংঘৰ্ষৰ বিষয়ে আমাৰ গভীৰ উদ্বেগ প্ৰকাশ কৰি আহিছো। মই নিজেই পশ্চিম এছিয়াৰ সকলো সংশ্লিষ্ট নেতাৰ সৈতে কথা পাতিছো। মই সকলোকে উত্তেজনা হ্ৰাস কৰিবলৈ আৰু এই সংঘৰ্ষৰ অৱসানৰ বাবে আহ্বান জনাইছো। ভাৰতে নাগৰিক, শক্তি আৰু পৰিবহণ সম্পৰ্কীয় আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণৰ বিৰোধিতা কৰিছে। বাণিজ্যিক জাহাজৰ ওপৰত আক্ৰমণ আৰু হৰমুজ প্ৰণালীৰ দৰে আন্তঃৰাষ্ট্ৰীয় জলপথত বাধা দিয়াটো গ্ৰহণযোগ্য নহয়। ভাৰতে কূটনীতিৰ জৰিয়তে যুদ্ধৰ পৰিৱেশত ভাৰতীয় জাহাজসমূহৰ সুৰক্ষিত চলাচলৰ বাবে নিৰন্তৰ প্ৰয়াস চলাই আছে।

 

 

অধ্যক্ষ মহোদয়,

ভাৰতে সদায় মানৱতাৰ স্বাৰ্থত আৰু শান্তিৰ পক্ষত মাত মাতি আহিছে। মই পুনৰ কম, আলোচনা আৰু কূটনীতি হৈছে এই সমস্যাৰ সমাধান। আমাৰ প্ৰতিটো প্ৰচেষ্টা হৈছে উত্তেজনা হ্ৰাস কৰা, এই সংঘৰ্ষৰ অৱসান ঘটোৱা। এই যুদ্ধত কাৰো জীৱনৰ ওপৰত সংকট মানৱতাৰ স্বাৰ্থত নহয়, সেয়েহে ভাৰতৰ প্ৰচেষ্টা হৈছে সকলো পক্ষক যিমান শীঘ্ৰেই সম্ভৱ শান্তিপূৰ্ণ সমাধানৰ বাবে উৎসাহিত কৰা।

অধ্যক্ষ মহোদয়,

যেতিয়া এনে সংকটৰ সৃষ্টি হয়, তেতিয়া কিছুমান উপাদানে ইয়াক অপব্যৱহাৰ কৰাৰ চেষ্টা কৰে। সেয়েহে আইন-শৃংখলা সুনিশ্চিত কৰা সকলো সংস্থাক সতৰ্ক কৰি দিয়া হৈছে। উপকূলীয় সুৰক্ষা, সীমান্ত সুৰক্ষা, চাইবাৰ সুৰক্ষা, কৌশলগত স্থাপন, সকলোৰে সুৰক্ষা অধিক শক্তিশালী কৰা হৈছে।

অধ্যক্ষ মহোদয়,

এই যুদ্ধৰ বাবে, পৃথিৱীত সৃষ্টি হোৱা কঠিন পৰিস্থিতিৰ প্ৰভাৱ দীৰ্ঘদিন ধৰি অব্যাহত থাকিব বুলি আশংকা কৰা হৈছে, সেয়েহে আমি সাজু হ'ব লাগিব, আমি একত্ৰিত হ'ব লাগিব। আমি ক'ৰোনাৰ সময়তো সংহতিৰে এনে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছো। এতিয়া আমি পুনৰ একে ধৰণে সাজু হোৱাৰ প্ৰয়োজন। ধৈৰ্য্য, শান্ত মনৰে আমি প্ৰতিটো প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব লাগিব, আৰু সেইটোৱেই আমাৰ পৰিচয়, সেইটোৱেই আমাৰ শক্তি আমি অধিক সতৰ্ক হ'ব লাগিব, পৰিস্থিতিৰ সুবিধা লোৱাসকলে ভুৱা প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিব, এনে লোকসকলৰ প্ৰচেষ্টাক সফল হ'বলৈ নিদিও। মই দেশৰ সকলো ৰাজ্য চৰকাৰক এই সদনৰ জৰিয়তে অনুৰোধ জনাইছো যে এনে সময়ত ক'লা বজাৰ কৰোঁতাসকল, মজুতকাৰীসকল সক্ৰিয় হৈ পৰে, ইয়াৰ বাবে কঠোৰ নিৰীক্ষণৰ প্ৰয়োজন আৰু এনে অভিযোগ লাভ কৰিলে তাৰ বিৰুদ্ধে দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰা উচিত। যেতিয়া দেশৰ প্ৰতিখন চৰকাৰ আৰু দেশৰ প্ৰতিজন নাগৰিকে একেলগে কাম কৰে, তেতিয়া আমি প্ৰতিটো প্ৰত্যাহ্বানক প্ৰত্যুত্তৰ দিব পাৰোঁ। এই আশাৰে মই মোৰ ভাষণ সামৰিলো।

বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Zojila Tunnel achieves final breakthrough at 11,578 feet, bringing Kashmir-Ladakh link closer

Media Coverage

Zojila Tunnel achieves final breakthrough at 11,578 feet, bringing Kashmir-Ladakh link closer
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses gratitude to Vice President Thiru CP Radhakrishnan Ji for his warm wishes
June 10, 2026

Prime Minister Shri Narendra Modi today expressed gratitude to Vice President Thiru CP Radhakrishnan Ji for his warm wishes. The Prime Minister stated that the trust and blessings of the people of India inspire him to work harder in service of the nation.

Shri Modi noted that all his efforts will continue to be guided by the aim of building a Viksit Bharat that is prosperous and proud of our civilisational heritage. The Prime Minister affirmed that no stone will be left unturned in fulfilling the dreams and aspirations of our fellow Indians.

The Prime Minister posted on X:

"Thank you for your warm wishes, Vice President Thiru CP Radhakrishnan Ji.

The trust and blessings of the people of India inspire me to work harder in service of the nation. All my efforts will continue to be guided by the aim of building a Viksit Bharat that is prosperous and proud of our civilisational heritage. No stone will be left unturned in fulfilling the dreams and aspirations of our fellow Indians.

@VPIndia

@CPR_VP"